উদয়াদিত্য সিংহ বা চুন্যতফা – দ্বাবিংশতিতম আহোম স্বৰ্গদেউ
(স্বৰ্গদেউ উদয়াদিত্য সিংহ আছিল আহোমৰ দ্বাবিংশতিতম আহোম স্বৰ্গদেউ। উদয়াদিত্য সিংহ সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ চমুকৈ-)
আহোম আৰু মোগলৰ মাজত সংঘৰ্ষ চলি থকা অৱস্থাতেই ১৬৭০ খ্ৰীষ্টাব্দৰ এপ্ৰিল মাহত একবিংশতিতম আহোম স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ স্বৰ্গগামী হয়। তেখেতৰ মৃত্যুৰ পাছতেই তেওঁৰ ভাতৃ চাৰিং ৰজা মাজু গোহাঁয়ে হিন্দুমতে উদয়াদিত্য সিংহ আৰু আহোমমতে চুন্যতফা নাম গ্ৰহণ কৰি আহোম ৰাজ্যৰ সিংহাসনত আৰোহণ কৰে। ৰজা হৈয়ে উদয়াদিত্য সিংহই এটা অচলাৱস্থাত ভৰি দিয়ে কিয়নো সেইসময়ত আহোম আৰু মোগলৰ ব্যাপক সংঘৰ্ষ সংঘটিত হৈ আছিল আৰু দেশে এক ভয়ানক যুদ্ধৰ দিশে গতি কৰিছিল। ইয়াৰোপৰি নিজ আত্মীয়ৰ ষড়যন্ত্ৰ আদি দমন কাৰ্যতে স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালৰ অধিকাংশ সময় পাৰ হ’ল।
স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালৰ ডা-ডাঙৰীয়া –
স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালত আতন বুঢ়াগোহাঁয়ে আহোম ৰাজ্যৰ বুঢ়াগোহাঁইৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। সেইসময়ত আহোম ৰাজ্যৰ বৰগোহাঁই আছিল লাঙিচঙ। হৰি আৰু চপা নামৰ দুজন লোকে এজনৰ পাছত আনজনকৈ বৰপাত্ৰগোহাঁইৰূপে কাৰ্যনিৰ্বাহ কৰিছিল।
ঘোঁৰাকোঁৱৰ, পেলন আৰু ডেবেৰা নামৰ তিনিজন লোকে এজনৰ পাছত আনজনকৈ স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালত বৰবৰুৱাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালত প্ৰথমতে লাচিতেই বৰফুকন আছিল কিন্তু তেওঁৰ মৃত্যু হোৱাত লাচিতৰ ককায়েক লালুকসোলাক বৰফুকন পদত নিযুক্তি প্ৰদান কৰা হৈছিল।
শৰাইঘাটৰ যুদ্ধ –
স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনত আৰম্ভ হোৱা দীৰ্ঘদিনীয়া আহোম-মোগল সংঘৰ্ষৰ চূড়ান্ত ৰূপ পাইছিল স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালত। ১৬৭১ চনত বিখ্যাত শৰাইঘাটৰ ৰণৰ যোগেদি দশকজোৰা এই সংঘৰ্ষৰ কিছুদিনলৈ অন্ত পৰিছিল।
আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকন আৰু মোগল সেনাপতি ৰামসিংহৰ মাজত ৰণক লৈ কথাৰ কটা-কটি চলি আছিল। ৰামসিংহই বিভিন্ন কথাৰে অসমীয়া সৈন্যৰ মাজত ভীতি প্ৰদৰ্শন কৰিছিল কিন্তু লাচিত বৰফুকনে সবল নেতৃত্বৰে ৰামসিংহৰ সকলো প্ৰচেষ্টাত চেঁচাপানী ঢালিছিল। ৰামসিংহই বহুকেইবাৰ সন্ধিৰ প্ৰস্তাৱ প্ৰেৰণ কৰিছিল কিন্তু আহোম পক্ষই মানি লোৱা নাছিল।
ৰামসিংহই বুজি পালে যে আহোম পক্ষক বুদ্ধিৰে বশ কৰিব নোৱাৰি এইবাৰ বল প্ৰয়োগ কৰিব লাগিব। ৰামসিংহ যুদ্ধৰ বাবে সাজু হ’ল। আহোমৰ সেনাপতি লাচিত বৰফুকন নৰিয়াপাটিত পৰি থকা খবৰ শুনি ৰামসিংহই অধিক উৎসাহিত হৈ গুৱাহাটী আক্ৰমণ কৰিবলৈ মন মেলিলে। তেওঁলোকে আন্ধাৰুবালিৰ গড়ৰ ভগ্ন অংশইদি গুৱাহাটীৰ গড়ত প্ৰৱেশ কৰিলে। মোগল সৈন্যই ভয়ানকভাৱে আহোম সৈন্যৰ ওপৰত আক্ৰমণ কৰিলে। মোগলৰ আক্ৰমণত আহোম সৈন্য চেদেলি-ভেদেলি হ’ল। আহোম সৈন্যই প্ৰাণৰক্ষাৰ বাবে পলাবলৈ ধৰিলে। এনে সময়ত আহোম সৈন্যবাহিনীৰ মনোবল ঘূৰাই আনিলে টান নৰিয়াত পৰি থকা আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনে।
আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকনৰ নৰিয়াত একেবাৰে লৰচৰ কৰিব নোৱাৰা অৱস্থা আছিল। কিন্তু তেতিয়াও মহাশক্তিৰে লাচিত বৰফুকনে মোগলক আক্ৰমণ কৰিবলৈ মন মেলিলে। কিন্তু সেইসময়ত শুভক্ষণ নাছিল বাবে অচ্যুতানন্দ দলৈয়ে বাধা প্ৰদান কৰিলে। মোগলক আক্ৰমণ সাধিবলৈ লাচিত বৰফুকন অধৈৰ্য হৈ পৰিল।
কিছুসময়ৰ পাছত অত্যুতানন্দ দলৈয়ে শুভক্ষণৰ ইংগিত দিয়াত লাচিত বৰফুকনে সহায়কাৰীৰ সহায়ত নাঁৱত উঠিলহি। কিন্তু তেতিয়া তেওঁ দেখিলে যে আহোম সৈন্যসকল মোগল সৈন্যৰ ভয়ত পিছুৱাই গৈছে। বৰফুকনে কাৰোলৈকে কেৰেপ নকৰি মোগল সৈন্যৰ মাজলৈ আগুৱাই গ’ল। এনেসময়তে সকলো অসমীয়া সৈন্যৰ নাওঁ উভতি আহিল আৰু লাচিত বৰফুকনৰ নাঁৱৰ কাষত উপস্থিত হ’ল। ইয়াৰপাছতেই শৰাইঘাটত দুয়োপক্ষৰ মাজত তয়া-ময়া ৰণ লাগিল। আহোম সৈন্যই বীৰত্ব প্ৰদৰ্শন কৰি মোগল সৈন্যবাহিনীক পৰাস্ত কৰি পাণ্ডুলৈকে খেদি গ’ল। এই যুদ্ধত ভালেমান মোগল সৈন্যৰ মৃত্যু হয় আৰু আহোম সৈন্যই মোগলৰ পৰা ভালেমান অস্ত্ৰ-শস্ত্ৰ, আ-অলংকাৰ লাভ কৰে।
শৰাইঘাটৰ যুদ্ধত মোগল সৈন্য পৰাস্ত হোৱাৰ পাছত ১৬৭১ চনৰ ৫ এপ্ৰিল তাৰিখে ৰামসিংহ দিল্লীলৈ উভতি যায়। দিল্লীলৈ উভতি যোৱাৰ পূৰ্বে ৰামসিংহই অসমীয়া সৈন্যসকল, অসমীয়া মন্ত্ৰীসকল,অসমীয়া সেনাপতিসকল আৰু অসমৰ ৰজাৰ ভূয়সী প্ৰশংসা কৰি থৈ যায়।
ডফলাৰ বিৰুদ্ধে অভিযান –
স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালত ডফলাসকলে আহোম স্বৰ্গদেউক কৰ সোধাবলৈ অমান্তি হৈছিল আৰু আহোম ৰাজ্যৰ অন্তৰ্গত কেইখনমান গাঁৱত উপদ্ৰৱ চলাই প্ৰজাক হাৰাশাস্তি কৰিছিল। পেলন বৰবৰুৱাৰ নেতৃত্বত আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহই আহোম সৈন্যবাহিনী প্ৰেৰণ কৰে। আহোম সৈন্যবাহিনী গৈ পোৱাৰ আগতে সকলো ডফলা গাঁও এৰি পলাই গ’ল। কেৱল দুটা ডফলাক পাই আহোম সৈন্যই সেই দুটাকে কাটি ঘূৰি আহিল। কিন্তু ঘূৰি আহোঁতে ঠেক বাটত ডফলাসকল একত্ৰিত হৈ আক্ৰমণ কৰি বহুতো আহোম সৈন্যক হত্যা কৰিলে।
পৰমানন্দ বৈৰাগীত শৰণ –
স্বৰ্গদেউ উদয়াদিত্য সিংহই পৰমানন্দ বৈৰাগীৰ ঐশ্বৰিক শক্তিৰ বিষয়ে জ্ঞাত হ’ল আৰু ভালেমান কথাত তেওঁৰ প্ৰমাণ পালে। ইয়াৰ পাছতেই স্বৰ্গদেউ উদয়াদিত্য সিংহই পৰমানন্দ বৈৰাগীৰ ওচৰত শৰণ ল’লে। লগতে ৰজাই পাত্ৰ-মন্ত্ৰীসকলকো পৰমানন্দ বৈৰাগীত শৰণ ল’বলৈ কৈছিল। স্বৰ্গদেউ উদয়াদিত্য সিংহই আন আন সত্ৰৰ শিষ্যসমূহকো পৰমানন্দ বৈৰাগীৰ ওচৰত শৰণ ল’বলৈ বাধ্য কৰিছিল।
স্বৰ্গদেউ উদয়াদিত্য সিংহৰ বিৰুদ্ধে সৰু গোহাঁইৰ ষড়যন্ত্ৰ –
স্বৰ্গদেউ উদয়াদিত্য সিংহই পৰমানন্দ বৈৰাগীক ৰাজগুৰুৰ মৰ্যাদা প্ৰদান কৰি তেওঁৰ শৰণ ল’বলৈ বাধ্য কৰা কাৰ্যত সকলো বিতুষ্ট হৈছিল। সকলোৰে লগত স্বৰ্গদেউৰ নিজ ভাতৃ সৰু গোহাঁয়ো আছিল। সৰু গোহাঁয়ে ডেবেৰা বৰবৰুৱাৰ লগতে আন বহুতো অসন্তুষ্ট বিষয়াৰ লগ হৈ নিজে ৰজা হোৱাৰ পাং পাতে আৰু সেয়ে স্বৰ্গদেউ উদয়াদিত্য সিংহক ৰাজধানীতেই বন্দী কৰে কৰি চৰাইদেউলৈ প্ৰেৰণ কৰে।
স্বৰ্গদেউ উদয়াদিত্য সিংহৰ মৃত্যু –
আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহৰ মৃত্যু হৈছিল ১৬৭২ খ্ৰীষ্টাব্দত। কেৱল দুবছৰ ৰাজত্ব কৰিয়েই উদয়াদিত্য সিংহৰ মৃত্যু হয়। তেওঁৰ মৃত্যু স্বাভাৱিক নাছিল। ডা-ডাঙৰীয়াসকলে লগ লাগি স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ভাতৃ সৰু গোহাঁইক আহোম ৰাজ্যৰ সিংহাসনত অধিষ্ঠিত কৰোৱাৰ পাছত ডেবেৰা বৰবৰুৱাই বিহ খুৱাই চৰাইদেউত বন্দী কৰি থোৱা স্বৰ্গদেউ উদয়াদিত্য সিংহক বিহ খুৱাই হত্যা কৰে।
স্বৰ্গদেউ উদয়াদিত্য সিংহ এজন সোপাধিলা আৰু আৰামপ্রিয় ৰজা আছিল। ককায়েক স্বর্গদেউ চক্ৰধ্বজ সিংহৰ দৰে তেওঁ সাহসী নাছিল। শৰাইঘাটৰ যুদ্ধত আহোমে স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনত জয়লাভ কৰিছিল যদিও ইয়াৰ প্ৰধান পোখা ৰোপণ কৰিছিল স্বৰ্গদেউ চক্ৰধ্বজ সিংহই। তেওঁৰ উপৰিও লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ সুদক্ষ নেতৃত্বত আহোম সৈন্যই শৰাইঘাটৰ ৰণত মোগলক পৰাভূত কৰিবলৈ সক্ষম হ’ল। স্বৰ্গদেউ উদয়াদিত্য সিংহৰ ৰাজত্বকালতে বামগড়,পানীগড় ইত্যাদি মাৰি গুৱাহাটী মোগলৰ পৰা সুৰক্ষিত কৰা হৈছিল। স্বৰ্গদেউ উদয়াদিত্য সিংহৰ দিনৰ পৰাই আহোম ৰাজ্যত আৰম্ভ হৈছিল সংকটৰ যুগ যি পৰৱৰ্তী প্ৰায় এটা দশক ধৰি আহোম ৰাজ্যত বিশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰিছিল।
সহায়ক গ্ৰন্থপঞ্জী –
১)ইতিহাসে সোঁৱৰা ছশটা বছৰ – সৰ্বানন্দ ৰাজকুমাৰ
২)লাচিত বৰফুকন – ডঃ সূৰ্যকুমাৰ ভূঞা
৩)সাতসৰী অসম বুৰঞ্জী – ডঃ সূৰ্যকুমাৰ ভূঞা
৪) আহোমৰ দিন – হিতেশ্বৰ বৰবৰুৱা
[…] বাবে এটি চমু লেখা) দ্বাবিংশতিতম আহোম স্বৰ্গদেউ উদয়াদিত্য সিংহক ডেবেৰা হাজৰিকাৰ কুমন্ত্ৰণা আৰু […]
ধুনীয়া তথ্য পায়…..বহুত লাগতিয়াল তথ্য আছে।ধন্যবাদ এডমিট দাদা/বাইদেউ