আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক

১) ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ নতুন এচ.অ.পি ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। এই ঘোষণা অনুসৰি আঠখন জিলাত বিয়লি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ বলবত্ থাকিব সান্ধ্য আইন। কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও আৰু শোণিতপুৰ জিলাত পৰিস্থিতিসাপেক্ষে দিয়া হ’ব পাৰে লকডাউন। অৱশ্যে গুৱাহাটীত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব।

২) কেন্দ্ৰীয় চৰকাৰৰ ‘সকলোৰে বাবে বিনামূলীয়া প্ৰতিষেধক’ অভিযানৰ প্ৰথম দিনাই অসমত ৩,১৯,৪৩০ গৰাকী ব্যক্তিক বিনামূলীয়া ক’ভিড ভেকচিন প্ৰদান কৰা হয়। ৰাজ্যখনৰ ২১৬২ টা টিকাকৰণ কেন্দ্ৰত সম্পন্ন কৰা হৈছে এই প্ৰক্ৰিয়া‌।

৩) অসম-অৰুণাচল সীমান্তত চোৰাং কাঠৰ বেহা। সান্ধ্য আইনৰ মাজতে কাঠ মাফিয়াই তিনিচুকীয়া জিলাৰ তৰাণি বনাঞ্চলৰ বৃহৎ বৃহৎ হোলোং গছ কাটি অবাধে চালান দিয়ে বহি:ৰাজ্যলৈ। যাৰ ফলশ্ৰুতিত বনাঞ্চলখনৰ ৫০০০ হেক্টৰ বনভূমিৰ প্ৰায় আধা অংশই বৰ্তমান মুকলি পথাৰ।

৪) সমগ্ৰ বিশ্বৰ লগতে অসমতো বিশ্ব যোগ দিৱস পালন কৰা হয়। সুস্থ হৈ থাকিবৰ বাবে যোগক দৈনন্দিন অভ্যাসলৈ পৰিৱৰ্তন কৰিবলৈ অনুৰোধ কৰি মুখ্যমন্ত্ৰীয়ে তেওঁৰ সতীৰ্থ মন্ত্ৰী-বিধায়কৰ সৈতে যোগাসন অনুষ্ঠানত অংশ লয়। সেইদৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যোগ দিৱস পালন কৰা হয়।

৫) ৰাজ্যত যোৱা ২৪ ঘন্টাত ২৮০৫ গৰাকী আক্ৰান্ত কোভিডত। ইয়াৰে গুৱাহাটীত আক্ৰান্ত ১৫৮ জন। ৰাজ্যত মৃত্যুৰ সংখ্যা ৩৫ জন।

উৎস : অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয় –

১) ভাৰতত আৰম্ভ বৃহৎ কোভিড ভেকচিন অভিযান। যোৱাকালিৰ পৰা আৰম্ভ হৈছে কোভিড ১৯ৰ ভেকচিন প্ৰদানৰ নতুন পৰ্যায়। এই নতুন পৰ্যায়ত বৃহৎসংখ্যক লোকক প্ৰদান কৰা হৈছে ভেকচিন। কো-উইন পৰ্টেলৰ তথ্য অনুসৰি, এই পৰ্যায়ৰ প্ৰথম দিনটোতেই ভেকচিন প্ৰদান কৰা হৈছে ৮৪ লাখ লোকক। নতুন ভেকচিন নীতি অনুসৰি, ভেকচিন প্ৰস্তুতকাৰী প্ৰতিষ্ঠানৰ পৰা ৭৫ শতাংশ ভেকচিন ক্ৰয় কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰে। বাকী ২৫ শতাংশ ক্ৰয় কৰিব পাৰিব ব্যক্তিগত চিকিৎসালয়সমূহে। দেশৰ ৰাজ্যসমূহলৈ প্ৰয়োজনীয় ভেকচিন প্ৰদান কৰিব দেশৰ কেন্দ্ৰীয় চৰকাৰে।

২) কোভিড ১৯ মহামাৰীৰ ভয়াৱহতাৰ বাবে এইবাৰ কৰা নহয় অমৰনাথ যাত্ৰা। ভক্তসকলৰ বাবে ব্যৱস্থা কৰা হ’ব অনলাইন আৰতিৰ। শ্ৰী অমৰনাথ পীঠ বৰ্ডৰ সৈতে আলোচনাৰ পাছত এই ঘোষণা জম্মু কাশ্মীৰৰ লেফ্টনেণ্ট গৱৰ্ণৰ মনোজ সিনহাৰ।

৩) এন চি পিৰ নেতা শাৰদ পাৱাৰ আৰু প্ৰাক্তন বিজেপি তথা বৰ্তমান তৃণমূল কংগ্ৰেছৰ নেতা যশৱন্ত সিনহাৰ উদ্যোগত আজি দেশত বিজেপি বিৰোধী দলসমূহৰ বৈঠক। বিজেপি বিৰোধী দলসমূহক একত্ৰিত কৰিবলৈ আয়োজন কৰা হৈছে এই বৈঠক। এই বৈঠকত উপস্থিত নাথাকে কংগ্ৰেছৰ কোনো প্ৰতিনিধি।

৪) আজি অনুষ্ঠিত হ’ব ভাৰতীয় সৈন্যবাহিনীৰ থিয়েটাৰ কামাণ্ডৰ বিষয়ে গুৰুত্বপূৰ্ণ বৈঠক। দেশৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱতে কৰিব এই বৈঠকৰ অধ্যক্ষতা।

৫) বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল – প্ৰথম দিনাৰ দৰেই চতুৰ্থ দিনাও এটাও বল নপৰিল চাউথহেম্পটনৰ পিটছত। চাৰিদিন উকলি যোৱাৰ পাছতো খেল অনুষ্ঠিত হৈছে মাত্ৰ ১৪১.১ অভাৰৰ। আজি অনুষ্ঠিত হ’ব টেষ্টৰ অন্তিম দিন। কাইলৈ অৰ্থাৎ ২৩ জুন তাৰিখে খেল অনুষ্ঠিত কৰিবলৈ ৰখা হৈছে ৰিজাৰ্ভ দে।

উত্স- ইণ্ডিয়ান এক্সপ্ৰেছ

আন্তঃৰাষ্ট্ৰীয়-

১) ইৰাণৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ইব্ৰাহিম ৰাইছিয়ে কালি এখন সংবাদ মেলৰ আয়োজন কৰি কয় যে, আমেৰিকাই ইৰাণ পাৰমাণৱিক চুক্তিলৈ পুনৰ ঘূৰি আহক আৰু তেওঁলোকৰ দেশৰ ওপৰত থকা নিষেধাজ্ঞাসমূহ উঠাই লওক। সাংবাদিক প্ৰশ্নৰ উত্তৰত ৰাইছিয়ে কয় যে, তেওঁৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনক লগ ধৰাৰ কোনো ইচ্ছা নাই। আনহাতে, ইৰাণৰ লগত পাৰমাণৱিক চুক্তিলৈ পুনৰ ঘূৰি অহাটো বৰ সহজ নহব।

২) জাপান চৰকাৰৰ ঘোষণা- কেৱল জাপানী নাগৰকেহে উপভোগ কৰিব পাৰিব টকিঅ’ অলিম্পিক। জাপান চৰকাৰৰ শেহতীয়া সিদ্ধান্ত মৰ্মে কেৱল ১০ হাজাৰ জাপানী অনুৰাগীয়েহে উপভোগ কৰিব পাৰিব খেল। উল্লেখ্য, কৰোণা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ষ্টেডিয়ামত দৰ্শকক খেল চাবলৈ অনুমতি দিয়া হবনে নহব তাৰ বাবে কেইবাদিনো ধৰি বিতৰ্ক চলি আছিল।

৩) অহা শুক্ৰবাৰৰ ভিতৰত বন্ধ হব পাৰে হংকঙৰ গণতন্ত্ৰ-পন্থী বাতৰি কাকত এপ’ল ডেইলী। তেওঁলোকৰৰ বৰ্ডৰ সভাত শুক্ৰবাৰে এই বিষয়ত হব সিদ্ধান্ত। উল্লেখ্য, যে বাতৰি কাকত খনে হংকঙৰ ৰাষ্ট্ৰীয় সুৰক্ষা আইন ভংগ ককিছে বুলি অভিযোগ কৰি কাকতখনৰ ১৮ মিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সম্পত্তি বাজেয়াপ্ত কৰিছিল।

৪) আৰ্মেনিয়াৰ সংসদীয় নিৰ্বাচনত নিকোল পাছিনিয়ানৰ জয়। এই নিৰ্বাচনত নিকোল পাছিনিয়ান নেতৃত্বাধীন ছিভিল কনট্ৰেক্ট পাৰ্টিয়ে মুঠ ভোটৰ ৫৪% ভোট লাভ কৰি জয়লাভ কৰিছে। আনহাতে, দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰবাৰ্ট কোচাৰিয়ান নেতৃত্বাধীন আৰমেনিয়া এলেয়েন্সে মাত্ৰ ২১% ভোট লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য, আজাৰবাইজানৰ সৈতে হোৱা বিধ্বংসী যুদ্ধৰ পাছত আৰ্মেনিয়ান এইটো প্ৰথম নিৰ্বাচন আছিল।

৫) ইউৰো কাপ ২০২০-
ইউৰোকাপত আজিৰ খেল-
ফিনলেণ্ড বনাম বেলজিয়াম ০-২
ৰাছিয়া বনাম ডেমমাৰ্ক ১-৪

কালিৰ খেলৰ ফলাফল-
উত্তৰ মেচিডোমিনা বনাম নেডাৰলেণ্ড ০-৩
ইউক্ৰেইন বনাম অষ্ট্ৰিয়া ০-১

উৎস- বিবিচি

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x