অসমীয়া পৌৰাণিক নাটকৰ ইতিহাস

   ভাৰতীয় জীৱনত মহাভাৰত, ৰামায়ণ আৰু পুৰাণসমূহৰ প্ৰভাৱ অতি গুৰুত্বপূৰ্ণ। ভাৰতীয় জনসাধাৰণে আচৰণ কৰা ৰীতি-নীতি , ধৰ্ম- বিশ্বাস আদি পুৰাণবোৰৰ পৰাই গ্ৰহণ কৰি লোৱা। অতি প্ৰাচীন কালৰ পৰাই নাট্যকাৰসকলে পুৰাণৰ বিভিন্ন আখ্যানসমূহ নাটকীয় ৰূপ আহিছে। আৰু ইয়াৰ লগে লগে জনসাধাৰণৰ মাজত প্ৰচলিত হোৱাৰ উপৰি নিজ আদৰ্শও বিচাৰ কৰি আহিছে। এই পুৰাণসমূহৰ পৰাই মধ্যযুগতো বৈষ্ণৱ ভাবাপন্ন নাট আৰু যাত্ৰাসমূহ ৰচিত হৈছিল। 

   পুৰণি কালৰ পৰাই ভাৰতীয় জনসাধাৰণৰ মাজত ধৰ্মৰ প্ৰভাৱ অতি প্ৰবল। জীৱন আদৰ্শ, জগত সম্পৰ্কে দৃষ্টিভঙ্গী , পৰলোকত বিশ্বাস, নৈতিক আদৰ্শ , ব্যৱহাৰিক আচাৰ, ভগৱত জ্ঞান, পাপ-পূণ্য বিচাৰ এই সকলোবোৰ জনসাধৰণে পুৰাণবোৰৰ পৰাই লাভ কৰিছে। পৌৰাণিক ঘটনাবিলাক নাটকীয় ৰূপত দৰ্শন জনসাধাৰণে পুণ্যপদ ধৰ্মকার্য বুলি গণ্য কৰে। গতিকে পৌৰাণিক নাটক ভাৰতীয় জনসাধাৰণৰ বাবে অতি আদৰৰ বস্তু।

   অসমত পাশ্চাত্য সাহিত্যৰ ভাৱধাৰা উনবিংশ শতিকাৰ প্ৰথম ভাগত আমদানি হয় যদিও প্ৰকৃত সৃষ্টিধৰ্মী সাহিত্যৰ প্ৰভাৱ শেষৰ ফালেহে ভালকৈ প্ৰৱেশ লাভ কৰে। আৰু এই প্ৰভাৱ বহুক্ষেত্ৰত পাশ্চাত্যৰ পৰা পোনে পোনে নাহি বঙ্গ সাহিত্যৰ যোগেদিহে অসমত প্ৰৱেশ কৰিছিল। ৰমাকান্ত চৌধুৰীৰ ‘সীতাহৰণ’ নাটেই হ’ল আধুনিক অসমীয়া সাহিত্যৰ প্ৰথমখন পৌৰাণিক নাটক। এই নাট ৰচিত হৈছিল ১৮৭৫  খ্ৰীষ্টাব্দত আৰু প্ৰকাশ হয় ১৮৭৮ চনত। সীতাহৰণ নাটত অমিতাক্ষৰ ছন্দ প্ৰয়োগ কৰিছিল বুলি শুনা নাই যদিও নাটখনৰ সবিশেষ পোৱা নাযায়। 

   ঊনবিংশ শতিকাৰ শেষৰফালে কেইবাখনো পৌৰাণিক নাটক ৰচিত হয়। ভাৰতচন্দ্ৰ দাসৰ পাঁচ অংকীয়া নাট “অভিমন্যু বধ” (১৮৮৫) , ৰজনীকান্ত বৰদলৈ, কনকলাল বৰুৱা , আৰু গোপাল কৃষ্ণ দেৰ যুটীয়া প্ৰচেষ্টাত ৰচিত “সাৱিত্ৰীসত্যবান”(১৮৯১) , পুনকান্ত শৰ্মাৰ “হৰিচন্দ্ৰ উপাখ্যান”(১৮৯৩), আৰু “হৰধনু ভংগ”; দুৰ্গানাথ চাংকাকতিৰ “চন্দ্ৰহঙস”, ৰত্নেশ্বৰ মহন্তৰ ” হৰিচন্দ্ৰ” আৰু ” দ্ৰৌপদীৰ বেণীবন্ধন” আদি প্ৰায় ১০-১২খন নাট ৰচিত আৰু প্ৰকাশিত হয়। এই সময়ৰ আন এখন নাট হ’ল দেৱনাথ বৰদলৈৰ “বৈদেশী বিচ্ছেদ”(১৯০১)।

   উনবিংশ শতিকাত বৰ বেছি নাট ৰচনা নোহোৱাৰ প্ৰধান কাৰণ হ’ল ৰঙ্গমঞ্চৰ অভাৱ। বিংশ শতিকা আৰম্ভ হোৱাৰ লগে লগে ৰঙ্গমঞ্চৰ সংখ্যা ক্ৰমে বৃদ্ধি পায় আৰু নাটকৰ সংখ্যাও বাঢ়ে। বেণুধৰ ৰাজখোৱাৰ “দুৰ্যোধনৰ উৰুভঙ্গ”(১৯০৩), “দক্ষযজ্ঞ”(১৯০৮), দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱাৰ “গুৰুদক্ষিণা”(১৯০১), আৰু “বিষকেতু” এই শতিকাৰ প্ৰাৰম্ভিক ৰচনা। নাটকখন পৌৰাণিক আখ্যানৰ সহজ সৰল ৰূপ আছিল। বিষয়বস্তু নিৰ্মাণত মৌলিকতা আৰু ৰচনাভঙ্গীৰ বৈশিষ্ট্য একো দেখা পোৱা নাযায়। 

   অসমীয়া পৌৰাণিক নাটকে নিজস্ব মহিমা লাভ কৰে চন্দ্ৰধৰ বৰুৱাৰ হাতত। তেখেতৰ “মেঘনাথ বধ”(১৯০৪) পৌৰাণিক নাটকৰ অগ্ৰগতিৰ প্ৰথম স্তৰ বুলিব পাৰি। মাইকেল মধুসুদন দত্তৰ “মেঘনাথ বধ” কাব্যৰ ওপৰত এই নাট প্ৰতিষ্ঠিত। মাইকেল মধুসূদন দত্তৰ মহাকাব্যখন বৰ্ণনাবহুল কাব্য। চন্দ্ৰধৰ বৰুৱাই প্ৰধান বিষয়বস্তু নাটকখনত অব্যাহত ৰাখিছে। চন্দ্ৰধৰ বৰুৱাৰ পিছতে পৌৰাণিক নাট ৰচোতা হিচাপে খ্যাতি লাভ কৰে দুৰ্গেশ্বৰ শৰ্মাই। শৰ্মাই শ্বেক্সপীয়েৰৰ as you like it আৰু cymbiline নামৰ নাটক দুখন ক্ৰমে “চন্দ্ৰৱালী” আৰু “পদ্মাৱতী ” নাম দি অসমীয়ালৈ সফল অনুবাদ কৰে। তেখেতৰ আন দুখন নাটক হ’ল “পাৰ্থ পৰাজয়” আৰু ” বালিবধ” । এই দুখনেই বিংশ শতিকাৰ দ্বিতীয় তৃতীয় দশকত অসমৰ বিভিন্ন ৰংমঞ্চত খ্যাতি লাভ কৰিছিল। 

   বঙলা যাত্ৰানাটকৰ ৰচিত আন এখন পৌৰাণিক নাট হ’ল অম্বিকাগিৰি ৰায়চৌধুৰীৰ “জয়দ্ৰথ বধ”। নাটখন অমিত্ৰাক্ষৰ ছন্দত ৰচনা কৰা হৈছে। তেখেতৰ আন এখন অন্যতম যাত্ৰাধৰ্মী পৌৰাণিক নাট হ’ল ” ভক্তগৌৰৱ”। বলৰাম পাঠকৰ “লৱ-কুশ” সাৱলীল অমিত্ৰাক্ষৰ ছন্দত ৰচিত পাঁচঅংকীয়া নাট। জ্যোতিপ্ৰসাদ আগৰৱালাৰ “শোণিত কুঁৱৰী” এই সময়ৰ আন এখন উল্লেখযোগ্য নাট। তেখেতে এই নাটকখনৰ জৰিয়তেই নাট ৰচনাৰ এটা পথ বা ৰীতি প্ৰৱৰ্তন কৰি গৈছে। ইন্দ্ৰেশ্বৰ বৰঠাকুৰৰ “শ্ৰীবৎস চিন্তা” এখন সুবৃহত পৌৰাণিক নাটক। মিত্ৰদেৱ মহন্তই “কুকুৰীকণাৰ আঠমঙলা”(১৯১৭), “বিয়া বিপৰ্যয় “(১৯২৮) এই খুহুতিয়া নাট দুখন ৰচনাৰ যোগেদি নাট্য সমাজত বিশেষ  খ্যাতি লাভ কৰে। তেওঁৰ প্ৰথম পৌৰাণিক নাটক ” অম্বা” এতিয়াও প্ৰকাশ হোৱা নাই যদিও তৃতীয় দশকৰ প্ৰাৰম্ভতেই ৰচিত হয় আৰু অসমৰ প্ৰায় নাট্য মঞ্চতে সমাদৰ লাভ কৰে। মহন্তৰ প্ৰথম প্ৰকাশিত পৌৰাণিক নাটক “বৈদেহী বিয়োগ” ১৯৩০ চনতে ৰচিত হয় যদিও ১৯৫০ চনতহে প্ৰকাশ হয়। তেখেতৰ আন এখন প্ৰকাশিত নাটক হ’ল “প্রচণ্ড পাণ্ডৱ”।

   দণ্ডীনাথ কলিতাৰ একমাত্ৰ পৌৰাণিক নাট হ’ল “অগ্নি পৰীক্ষা” । ইয়াৰ বিষয়বস্তু প্ৰধানকৈ বাল্মিকীৰ ৰামায়ণৰ পৰা সংগৃহীত। পদ্মনাথ গোহাঞিবৰুৱাৰ এখন পৌৰাণিক নাটক হ’ল “বানৰজা” ১৮৫৪ চনত এই নাটক ৰচনা কৰি প্ৰকাশ কৰে। অতুল চন্দ্ৰ হাজৰিকাৰ নাট্য সাহিত্যলৈ দান সকলোতকৈ অধিক। তেখেতৰ পৌৰাণিক নাটসমূহ হ’ল “নৰকাসুৰ”, (১৯৩০), “নন্দদুলাল”, “বেউলা”, “কুৰুক্ষেত্ৰ”, “ৰামচন্দ্ৰ”, “নিৰ্যাতিতা”, “ৰুক্মিণীহৰণ”, “চম্পাৱতী” , ” শকুন্তলা আৰু সাৱিত্ৰী” ইয়াৰ ভিতৰত ” শকুন্তলা” মহাকবি কালিদাসৰ অনুবাদ। এই সময়ছোৱাৰ আন নাট্যকাৰসকল হ’ল কমলাকান্ত ভতাচাৰ্য (অৱসান , চিত্ৰাঙগদা , সাৱিত্ৰী) , আনন্দচন্দ্ৰ বৰুৱা( বিসৰ্জন, নল-দময়ন্তী) , গণেশ গগৈ (শকুনিৰ প্ৰতিশোধ ) সুৰেন্দ্ৰনাথ শইকীয়া (কৰ্ণ, লক্ষ্মণ) ইত্যাদি।

   ১৯৫০ চনলৈকে পৌৰাণিক নাটক ৰচিত হৈছিল । তাৰ পিছত কোনো উল্লেখযোগ্য নাটক ৰচিত আৰু প্ৰকাশিত হোৱা নাই। অৱশ্যে ৰমেশ চন্দ্ৰ কলিতাকে প্ৰমুখ্য কৰি দুই চাৰিজন নাট্যকাৰে এই সুঁতিটো অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছিল। পৌৰাণিক কাহিনীৰ পৰা অনুপ্ৰেৰণা লাভ কৰি আধুনিক পৰিস্থিতিৰ লগত খাপ খুৱাই নাট ৰচনা কৰা দেখা যায়। ইয়াৰ ভিতৰত মহেন্দ্ৰ বৰঠাকুৰৰ (পিতামহৰ শৰশয্যা”)  সত্যপ্ৰসাদ বৰুৱাৰ “জবলা” এনে প্ৰচেষ্টাৰ ফল। সি যি হওঁক অসমীয়া নাট্য-সাহিত্যলৈ এই পৌৰাণিক নাটসমূহৰ এক অনবদ্য সংযোজন।

2.7 3 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Bipasha Choudhury
Bipasha Choudhury
2 years ago

😊happy

1
0
Would love your thoughts, please comment.x
()
x