তথ্যকোষসাময়িকী

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ সম্পৰ্কে কিছু কথা

   শিক্ষাই শক্তি। প্ৰতিজন ব্যক্তি তথা প্ৰতিখন দেশ আগুৱাই যোৱাত শিক্ষাই অপৰিসীম গুৰুত্ব বহন কৰে। শিক্ষা হৈছে জীৱনৰ চালিকা শক্তি। শিক্ষাই মানুহৰ জীৱনৰ দিক নিৰ্ণায়কৰ ভূমিকা পালন কৰে। প্ৰতিখন দেশে নিজ নিজ দেশৰ উন্নতিৰ বাবে এক নির্দিষ্ট শিক্ষানীতি গ্ৰহণ কৰে। আমাৰ দেশ ভাৰতেও স্বাধীনতাৰ পাছৰে পৰাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি” অভিধাৰে নিৰ্দিষ্ট কিছুমান শিক্ষানীতি গ্ৰহণ কৰি আহিছে। আৰু প্ৰয়োজনসাপেক্ষে সময়ে সময়ে ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি” সলনি হৈ আছে। ভাৰতৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি”য়ে সদায় এটা নিৰ্দিষ্ট জাতীয় পৰিচয় বৰ্তাই ৰাখিছে। 

   ভাৰতবৰ্ষৰ নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” ত যোৱা ২০২০ চনৰ ২৯ জুলাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনায়। ভাৰতৰ এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে  পূৰ্বৰ “ৰাষ্ট্ৰীয় শিক্ষা নীতি,১৯৮৬”ৰ স্থান ল’ব। এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতৰ গ্ৰাম্য আৰু চহৰাঞ্চল উভয়তে প্ৰাথমিক স্তৰৰ পৰা উচ্চ স্তৰলৈকে শিক্ষাক লগতে বহুমুখী শিক্ষাকো এক নতুন দৃষ্টিভংগীৰে বহল প্ৰেক্ষাপটত সামৰি ল’ব। এই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”ৰ লক্ষ্য হৈছে ২০৪০ চনলৈ ভাৰতৰ বৰ্তমানৰ প্ৰচলিত শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন সাধন কৰি এক নতুন ৰূপ তথা গাঁথনি প্ৰদান কৰা। 

নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ পটভূমিঃ

   বৰ্তমানৰ নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” পূৰ্বৱৰ্তী “ৰাষ্ট্ৰীয় শিক্ষা নীতি,১৯৮৬”ৰ স্থানত স্থলাভিষিক্ত হৈছে। ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰকাশ পোৱা ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী মেনিফেষ্টোত এই কথা উল্লেখ আছিল যে দেশত শিক্ষাৰ মানদণ্ড আৰু ব্যৱস্থা উন্নত কৰিবলৈ নতুন শিক্ষা নীতিৰ প্ৰচলন কৰা হ’ব। সেই উদ্দেশ্যক বাস্তৱায়িত কৰিবলৈ ২০১৫ চনৰ জানুৱাৰীত প্ৰাক্তন কেবিনেট সচিব টি এছ আৰ সুব্রমনিয়ামৰ অধীনত এখন কমিটিয়ে নতুন শিক্ষা নীতিৰ বাবে পৰামৰ্শদানৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।

   তাৰপাছত ২০১৭ চনত এই কমিটিয়ে নিজৰ প্ৰতিবেদন দাখিল কৰে। এই কমিটিৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা(ISRO)ৰ প্ৰাক্তন অধ্যক্ষ কৃষ্ণস্বামী কস্তুৰীৰংগনৰ নেতৃত্বত এখন খচৰা কমিটি গঠন কৰি দিয়া হয়। আৰু এই কমিটিয়ে খচৰা দাখিল কৰে ২০১৯ চনত। এই নতুন শিক্ষা নীতিৰ খচৰাখন দেশৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰে। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ খচৰাখন সৰ্বমুঠ ৪৮৪ পৃষ্ঠাযুক্ত আছিল। অৱশেষত প্ৰায় ২ লাখতকৈ অধিক জনসাধাৰণৰ পৰামৰ্শ গ্ৰহণ কৰি সকলো চালি-জাৰি চাই ২০২০ চনত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি মুকলি কৰা হয়। 

ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ নীতি-নিয়মসমূহঃ

   নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত বহুতো পৰিৱৰ্তন বলবৎ কৰিছে। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ মতে ভাৰতে প্ৰত্যেক বছৰে নিজৰ দেশৰ মুঠ জি ডি পি(GDP)ৰ ৪ ৰ পৰা ৬ শতাংশ শিক্ষাক্ষেত্ৰত খৰছ কৰিব। আৰু ভাৰতৰ ৰাজ্যসমূহেও এই হিচাপতে ব্যয় কৰিব। 

নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”ত ঘটা পৰিৱৰ্তন আৰু ইয়াৰ উদ্দেশ্যঃ

ভাষাৰ ক্ষেত্ৰতঃ

   ভাৰতৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে মাতৃভাষা আৰু ৰাজ্যিক ভাষাসমূহক অধিক গুৰুত্ব প্ৰদান কৰিব। পঞ্চম শ্ৰেণীলৈকে সকলো শিক্ষাৰ্থীক নিজৰ ৰাজ্যৰ মাতৃভাষাতে পাঠদান কৰিব লাগিব। সংস্কৃত আৰু অন্যান্য বিদেশী ভাষাকো গুৰুত্ব প্ৰদান কৰা হ’ব। এই নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০য়ে কোনো শিক্ষাৰ্থীৰ ওপৰত কোনো ভাষা বলপূৰ্বকভাৱে প্ৰয়োগ নকৰে। 

■ বিদ্যালয়ৰ শিক্ষাঃ

◆ ভাৰতৰ বিদ্যালয়সমূহৰ বৰ্তমানৰ গঠন “১০+২” ম’ডেলৰ সলনি “৫+৩+৩+৪” ম’ডেলত গঠন কৰা হ’ব। এই নতুন “৫+৩+৩+৪” ম’ডেল অনুসৰি এনেদৰে গঠন হ’ব-

   ১) নিৰ্মাণৰ স্তৰ- এই স্তৰটো বহুলভাৱে দুভাগত বিভক্ত কৰা হ’ব-প্ৰথমতে,তিনি বছৰৰ প্ৰাক-স্কুল বা অংগনবাদী আৰু দ্বিতীয়তে,প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীক প্ৰাথমিক বিদ্যালয় বিদ্যালয়ত হ’ব। এই স্তৰে ৩ৰ পৰা ৮ বছৰীয়া শিশুক সামৰি ল’ব। ইয়াৰ জৰিয়তে মূলতঃ কাৰ্যকলাপৰ জৰিয়তে অধ্যয়নক গুৰুত্ব আৰোপ কৰা হ’ব। 

   ২) প্ৰাথমিক স্তৰ- এই স্তৰত তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু এই স্তৰে ৮ ৰ পৰা ১১ বছৰৰ শিক্ষাৰ্থীক সামৰি ল’ব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ৰ মতে এই স্তৰতে ক্ৰমান্বয়ে লাহে লাহে কোৱা,পঢ়া,লিখা,শাৰীৰিক শিক্ষা,ভাষা,কলা,বিজ্ঞান আৰু গণিত আদি বিষয় সন্নিৱিষ্ট কৰিব। 

   ৩) মধ্যম স্তৰ- এই স্তৰত ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু লগতে ইয়াত ১১ ৰ পৰা ১৩ বছৰৰ শিক্ষাৰ্থী সকলক সামৰি ল’ব। এইটো স্তৰত সমাজ বিজ্ঞান,কলা,বিজ্ঞান,গণিত আৰু ইংৰাজী বিষয় বহল প্ৰেক্ষাপটত আলোচনা কৰা হ’ব। 

   ৪) মাধ্যমিক স্তৰ- এই স্তৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ সন্নিৱিষ্ট হ’ব আৰু ই ১৪ ৰ পৰা ১৮ বছৰৰ শিক্ষাৰ্থীসকলক সামৰি ল’ব। আৰু এই মাধ্যমিক স্তৰটো দুটা পৰ্য্যায়ৰ হ’ব। প্ৰথম পৰ্য্যায়ত- নৱম আৰু দশম শ্ৰেণীৰ আৰু দ্বিতীয় পৰ্য্যায়ত- একাদশ আৰু দ্বাদশ শ্ৰেণী। শিক্ষাৰ এই চাৰিবছৰতে শিক্ষাৰ্থীক বহুমুখী পাঠ্যক্ৰমৰ জ্ঞান দিয়া হ’ব আৰু লগতে গভীৰ আৰু জটিল চিন্তা-ধাৰাৰ প্ৰতি আকৃষ্ট কৰা হ’ব। শিক্ষাৰ এইটো স্তৰত বহু বিষয় গ্ৰহণৰ বিকল্প দিয়া হ’ব। 

◆ বিদ্যালয় পৰ্য্যায়ত শিক্ষাৰ্থীসকলে অষ্টম শ্ৰেণীলৈকে কেৱল মাত্ৰ তিনিটা পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব আৰু সেইকেইটা হৈছে – তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীত। 

◆ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে বৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব যদিও তাক বেলেগ ধৰণে অনুষ্ঠিত কৰা হ’ব। পৰশ(PARAKH) নামৰ এখন মূল্যায়ন বৰ্ডৰ জৰিয়তে এই পৰীক্ষাৰ মান নিৰ্ণয় কৰা হ’ব।  পৰীক্ষা পদ্ধতি সহজ কৰিবলৈ এবছৰত দুটাকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব অৰ্থাৎ চেমিষ্টাৰ পদ্ধতিত মূল্যায়ন কৰা হ’ব। এই পৰীক্ষাৰ দুটা ভাগ থাকিব – বিকল্পধৰ্মী আৰু বৰ্ণনাধৰ্মী। 

◆ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ মতে ছাত্ৰ-ছাত্ৰীৰ পৰা পাঠ্যক্ৰমৰ অযথা বোজা হ্ৰাস কৰা হ’ব। আৰু এই শিক্ষানীতিত এটা বিভাগৰ শিক্ষাৰ্থীয়ে আন এটা বিভাগৰ বিষয়ো অধ্যয়ন কৰিব পাৰিব আৰু ইচ্ছা অনুযায়ী যিকোনো ভাষা অধ্যয়নৰ সুবিধা লাভ কৰিব। নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ ত দক্ষতাত অধিক গুৰুত্ব প্ৰদান কৰা হ’ব। 

◆ এই শিক্ষা নীতিত ষষ্ঠ শ্ৰেণীৰ পৰাই কম্পিউটাৰৰ কডিং শিক্ষণৰ আৰম্ভণি কৰিব আৰু অভিজ্ঞতাসম্পন্ন শিক্ষণৰ কাৰ্য্যসূচী গ্ৰহণ কৰা হ’ব। 

◆ শিক্ষাৰ্থীৰ বাবে থকা মধ্যাহ্ন ভোজন আঁচনিৰ প্ৰসাৰ ঘটোৱা হ’ব আৰু নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০ৰ মতে প্ৰাতঃভোজনো আগবঢ়োৱা হ’ব। মুখ্যতঃ শিক্ষাৰ্থীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত গুৰুত্ব প্ৰদান কৰা হ’ব। 

   এনেদৰেই নতুন “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০” য়ে ভাৰতৰ শিক্ষাক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰিব আৰু ই হ’ব বিশ্ব নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ এক সবল খোজ। এই “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতৰ শিক্ষা ব্যৱস্থাৰ পৰিসৰ বহল কৰিব আৰু শিক্ষাৰ গুণগত মানদণ্ড উন্নত কৰিব। “ৰাষ্ট্ৰীয় শিক্ষা নীতি,২০২০”য়ে ভাৰতীয় শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব আৰু ই এক অতি সাহসী পদক্ষেপ।

3.7 13 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x