অম্বুবাচী মেলা – ইয়াৰ উত্পত্তি আৰু পৰ্যটন
(অম্বুবাচী মেলা কেৱল অসমৰে নহয় সমগ্ৰ ভাৰতৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে এক উল্লেখনীয় ধৰ্মীয় মেলা। অম্বুবাচী মেলা বা অম্বুবাচী উত্সৱ সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ এটা চমু লেখা)
পুণ্যভূমি ভাৰত শক্তি পূজাৰ বাবে বিখ্যাত। পূৰ্বৰে পৰাই ভাৰতত শাক্ত ধৰ্মৰ প্ৰভাৱ যথেষ্ট। ভাৰতৰ উত্তৰ-পূব প্ৰান্তত অৱস্থিত অসম ৰাজ্যও শক্তি পূজাৰ বাবে বিখ্যাত। অসমক যেতিয়া প্ৰাগজ্যোতিষপুৰ বা কামৰূপ বুলি জনা গৈছিল তেতিয়াৰে পৰাই অসমত শক্তি পূজাৰ প্ৰচলন আছে। ভাৰতৰ একাৱন্ন(৫১)খন জাগ্ৰত শক্তিপীঠ আছে আৰু তাৰে ভিতৰত অসমৰ কামাখ্যাও অন্যতম। এই পীঠস্থান কামাখ্যাতেই উদযাপন কৰা হয় অম্বুবাচী উৎসৱ আৰু এই উৎসৱতেই হয় অম্বুবাচী মেলা। অম্বুবাচী কামাখ্যা মন্দিৰত পালন কৰা এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ। এই অম্বুবাচীৰ সময়তেই অম্বুবাচী মেলা চাবলৈ কামাখ্যালৈ দেশ-বিদেশৰ অগণন ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে। কামাখ্যাৰ অম্বুবাচীৰ মহত্ব কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই। ই সমগ্ৰ বিশ্বতে প্ৰসাৰিত আৰু প্ৰচাৰিত হৈছে।
অম্বুবাচী কি?
অম্বুবাচী হৈছে প্রাচীন কালৰে পৰাই অসমত প্ৰচলিত হৈ অহা এক লোকাচাৰ। ই এক ঋতুকালীন কৃষিভিত্তিক উৎসৱ। প্ৰত্যেক বছৰৰে আহাৰ মাহৰ সাত(৭) তাৰিখৰ পৰা অম্বুবাচী উৎসৱ পালন কৰা হয়। শাক্তধৰ্মীয় কঠোৰ ৰীতি-নীতিৰ মাজেৰে এই পালন কৰা হয়।
হিন্দু লোকবিশ্বাস অনুসৰি, জ্যোতিষ শাস্ত্ৰমতে আহাৰ মাহত মৃগশিৰা নক্ষত্ৰ তিনিপাদ অতীত হ’লে চতুৰ্থপাদ আৰ্দ্ৰা নক্ষত্ৰৰ পাদৰ ভিতৰত পৃথিৱী ৰজঃস্বলা অৰ্থাৎ ঋতুমতী হয়। পৃথিৱী ঋতুমতী হোৱা এই সময়ছোৱাকে অম্বুবাচী বুলি কোৱা হয়। সন্তানসম্ভৱা হ’বলৈ নাৰী ঋতুমতী হোৱাৰ দৰেই শস্যসম্ভৱা হ’বলৈ আই বসুমতী ঋতুমতী হয়। পৃথিৱীৰ উৰ্বৰতাৰ বাবেই এই অম্বুবাচী উৎসৱ পালন কৰা হয়।
অম্বুবাচী শব্দৰ অৰ্থ –
অম্বুবাচী শব্দটো “অম্বু” আৰু “বাচী” দুটা শব্দৰ পৰা উৎপত্তি হৈছে। সংস্কৃত ভাষাত অম্বু মানে হৈছে পানী আৰু বাচী মানে হৈছে প্ৰস্ফুটিত হোৱা। অম্বুবাচীৰ অৰ্থ হৈছে ব্যাপক পানীৰ সঞ্চাৰ হোৱা। ই পৃথিৱীত হ’বলগা বৰষুণৰ সম্ভাৱনীয়তাক প্ৰকাশ কৰে আৰু ইয়াৰ পৰাই পৃথিৱীৰ উৰ্বৰতা বৃদ্ধি হয় আৰু উৎপাদনক্ষম হয়। অম্বুবাচীক নামনি অসমত “আমতি” বা “আমেতি” আৰু উজনি অসমত “ষাঁঠ লগা” বুলিও কয়।
অম্বুবাচীৰ সময়ত কামাখ্যা মন্দিৰ –
অম্বুবাচীৰ প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ সময়লৈ কামাখ্যা মন্দিৰৰ দ্বাৰ বন্ধ হৈ থাকে। আহাৰ মাহৰ সাত(৭) তাৰিখৰ দিনা অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগেই কামাখ্যা মন্দিৰৰ মূল গৰ্ভগৃহৰ দ্বাৰ বন্ধ কৰি দেৱী দৰ্শন কাৰ্য বন্ধ কৰি দিয়া হয়। আহাৰ মাহৰ দহ(১০) তাৰিখৰ দিনা অম্বুবাচীৰ নিবৃত্তিৰ লগে লগে মন্দিৰৰ দ্বাৰ খোলা হয়। আৰু নীতি-নিয়ম অনুসৰি কামাখ্যা দেৱীক স্নান,পূজা আদি কৰি সম্পন্ন কৰাৰ পাছতহে আহাৰ মাহৰ দ্বাদশ দিনা দৰ্শনাৰ্থীৰ বাবে মন্দিৰৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই সময়ছোৱাতে কামাখ্যা মন্দিৰৰ প্ৰাঙ্গনত ধুম-ধামেৰে অম্বুবাচী মেলাৰ আয়োজন কৰা হয় য’ত দেশ-বিদেশৰ পৰ্যটকৰ সমাৱেশ ঘটে।
অম্বুবাচী উপলক্ষে কামাখ্যা মন্দিৰত উপস্থিত হোৱা ভক্তপ্ৰাণ ৰাইজসকল মন্দিৰৰ প্ৰাঙ্গনতে আশ্ৰয় লয় আৰু তাতে সেইকেইদিন নাম-কীৰ্তন কৰি থাকে। মন্দিৰৰ বাহিৰতে ধূপ-ধুনা জ্বলাই দেৱী কামাখ্যাৰ আৰাধনা কৰে। অম্বুবাচীৰ নিবৃত্তিৰ পাছত ভক্তপ্ৰাণ ৰাইজ মন্দিৰৰ ভিতৰলৈ গৈ দেৱী দৰ্শন কৰি পুষ্পমাল্য অৰ্পণ কৰে আৰু দেৱীৰ আশীৰ্বাদ লয়। মন্দিৰৰ পুৰোহিতে ভক্তসকলক দেৱীৰ গাত অম্বুবাচীৰ সময়ত মেৰিয়াই থোৱা ৰঙা বৰণৰ বস্ত্ৰ প্ৰদান কৰে। লোকবিশ্বাস অনুসৰি, এই ৰঙা বস্ত্ৰ পুৰুষে সোঁহাতত বা ডিঙিত আৰু মহিলাই বাওঁহাতত বা ডিঙিত পৰিধান কৰিব লাগে। এই ৰঙা বস্ত্ৰ পৰিধান কৰিলে অভীষ্ট সিদ্ধি হয় আৰু মনোকামোনা পূৰ্ণ হয় বুলি বিশ্বাস কৰা হয়।
অম্বুবাচীৰ সময়ত পালন কৰা নীতি-নিয়ম –
হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ বাবে অম্বুবাচী এটা পবিত্ৰ উৎসৱ। অম্বুবাচীৰ সময়ত পালন কৰা বহুতো নীতি-নিয়ম আছে। এই সময়ছোৱাত পৃথিৱীৰ বুকুত কৃষি-কৰ্মৰ লগত জড়িত সকলো কাৰ্য, যেনে – মাটি চহোৱা, শস্য ৰোৱা, গছৰ পৰা ফল-ফুল চিঙা আদি নিষিদ্ধ থাকে। সন্ন্যাসী, ব্ৰাহ্মণ, বিধৱা তিৰোতাই এইকেইটা দিনত সিজোৱা আহাৰ গ্ৰহণ নকৰে, ফলাহাৰ গ্ৰহণ কৰে। অম্বুবাচীৰ কেইদিনত ঋতুমতী হোৱা নাৰীয়েও সিজোৱা খাদ্য গ্ৰহণ কৰিব নোৱাৰে, ফলাহাৰ গ্ৰহণ কৰিব লাগে। লগতে তেওঁলোকে মাটি স্পৰ্শ কৰিব নোৱাৰে আৰু অম্বুবাচীৰ প্ৰবৃত্তিৰ পূৰ্বেই মাটিৰ কলহত পানী আনি থৈ অম্বুবাচীৰ নিবৃত্তি নোহোৱালৈ সেই পানীকেই খাই থাকিব লাগে। অম্বুবাচীৰ দিনকেইটাত কেঁচা গাখীৰ খালে বছৰটোত আৰু সৰ্প দংশনৰ কোনো ভয় নাথাকে বুলি এক জনবিশ্বাস আছে। এইকেইদিনত হিন্দু ধৰ্মাৱলম্বী লোকে কোনোধৰণৰ মাংগলিক কার্য সমাপন নকৰে আৰু ঘৰত থকা উপাসনা গৃহ বা নামঘৰ বা মন্দিৰ আদিত প্ৰৱেশ নকৰে।
অম্বুবাচীৰ নিবৃত্তিৰ লগে লগেই সকলো লোকেই ঘৰে ঘৰে সকলো বাচন-বৰ্তন, কাপোৰ-কানি, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰে আৰু শান্তি পানী চটিয়াই সকলো শুদ্ধি কৰে। তাৰপাছতহে সকলোৱে নিজৰ নিজৰ উপাসনাস্থল, নামঘৰ, মন্দিৰ আদিত প্ৰৱেশ কৰে।
অম্বুবাচী উৎসৱৰ সময়ত কামাখ্যাৰ অম্বুবাচী মেলা –
অম্বুবাচী উৎসৱৰ সময়তেই কামাখ্যা মন্দিৰৰ প্ৰাঙ্গনত বিখ্যাত অম্বুবাচী মেলা অনুষ্ঠিত হয়। এই অম্বুবাচী মেলা অতি আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হয়। অম্বুবাচী বুলি কলেই কামাখ্যালৈ ভাৰতৰ বিভিন্ন ঠাইৰ লোকৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ধৰ্মপ্ৰাণ ৰাইজৰ সমাৱেশ ঘটে। অম্বুবাচীৰ সময়ছোৱাত কামাখ্যালৈ বিভিন্ন বেশ-ভূষাৰ সাধু-সন্ন্যাসী আদি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা আহে। এই সাধু-সন্ন্যাসীৰ বিভিন্ন আচৰিত চৰিত্ৰই অম্বুবাচী মেলাৰ সময়ত সাধাৰণ লোকৰ মাজত আলোড়নৰ সৃষ্টি কৰে। এইকেইদিনত অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামাখ্যা মন্দিৰৰ প্ৰাঙ্গন লোকে লোকাৰণ্য হৈ পৰে। এই অম্বুবাচী মেলা প্ৰায় চাৰিদিন ধৰি চলে। এই মেলাত নানা সামগ্ৰীৰ অসংখ্য দোকান-পোহাৰ বহে। ইয়াত অসমৰ থলুৱা সামগ্ৰীৰ লগতে ভালেমান বহিৰাগত সামগ্ৰীৰো প্ৰচলন ঘটে।
অম্বুবাচীৰ এক স্বকীয় বৈশিষ্ট্য আছে। এই বৈশিষ্ট্যই অম্বুবাচীক আন উৎসৱবোৰতকৈ পৃথক কৰিছে। ই এটা কৃষিভিত্তিক উৎসৱ। অম্বুবাচী উৎসৱত তান্ত্রিকতাৰ সমাৱেশ ঘটে। অত্যন্ত কঠোৰ কিছু নীতি-নিয়মৰ মাজেৰে অম্বুবাচী উৎসৱ পালন কৰা হয়। অম্বুবাচীয়ে শক্তি পূজাক প্ৰতিনিধিত্ব কৰে। ই তান্ত্রিকতাত বিশ্বাসী। অম্বুবাচীত কৰা পূজাৰ কৰ্মসমূহ তান্ত্ৰিক পন্থাৰ গোপনীয়ভাৱে লোকচক্ষুৰ আঁৰত কৰা হয়।
পৰ্যটন আৰু অম্বুবাচী
অম্বুবাচী মেলাৰ সময়ত কামাখ্যা মন্দিৰ লোকে লোকাৰণ্য হৈ পৰে। এই সময়ছোৱাত ভক্তপ্ৰাণ ৰাইজে কামাখ্যা দেৱীৰ আশীষ লৈ ভক্তিত গদ গদ হৈ পৰে। বৰ্তমান সময়ত কামাখ্যা মন্দিৰৰ অম্বুবাচী মেলাক ব্যাপক ৰূপত পৰিৱৰ্ধিত কৰা হৈছে। কামাখ্যা মন্দিৰৰ লগতে সমগ্ৰ নীলাচল পাহাৰকো অম্বুবাচী মেলাৰ বাবে সজোৱা হয়। পৰ্যটকক আকৰ্ষণৰ বাবে কামাখ্যা মন্দিৰৰ লগতে নীলাচল পাহাৰক আটকধুনীয়া কৰি তুলিবলৈ চৰকাৰে বিভিন্ন আঁচনি হাতত লৈছে। চৰকাৰে সুস্থিৰ পৰিকল্পনাৰে অম্বুবাচী মেলাক এক গুৰুত্বপূৰ্ণ তথা বিখ্যাত পৰ্যটন ক্ষেত্ৰৰূপে গঢ় দিব পৰিব।
অম্বুবাচী মেলাৰ উপলক্ষে বহা দোকানসমূহত ফুলৰ মালা, পূজা কৰা সামগ্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰং-বিৰঙী মানুহৰ নিত্য ব্যৱহার্য বিভিন্ন সামগ্ৰী পোৱা যায়। এই দোকান-পোহাৰে অম্বুবাচী উপলক্ষে কামাখ্যা ধামলৈ অহা ভক্তপ্ৰাণ ৰাইজক আকৰ্ষণ কৰে। সেয়েহে অম্বুবাচী উৎসৱৰ লগত সংগতি ৰাখি পালন কৰা অম্বুবাচী মেলা কেৱল ধৰ্মীয় উদ্দেশ্যৰ হৈ থকা নাই। ইয়াৰ লগত অৰ্থনৈতিক উদ্দেশ্যও যোগ হৈছে। অম্বুবাচী মেলাত অসমৰ লগতে বহিঃৰাজ্যৰো ব্যৱসায়ী দোকান-পোহাৰ দিবলৈ আহে। লগতে লাখ লাখ পৰ্যটক উপস্থিত হোৱা এই মেলাত বহু কোটি কোটি টকাৰ ব্যৱসায় হয়। ই অসমৰ অৰ্থনৈতিক ক্ষেত্ৰত যোগাত্মক প্ৰভাৱ পেলাইছে আৰু ভৱিষ্যতৰ দিনত ই আৰু আশাৰ সঞ্চাৰ কৰিব।
প্ৰতিবছৰে লাখ লাখ পৰ্যটকে ভিৰ কৰা অম্বুবাচী মেলা অসম তথা ভাৰতৰ লগতে বিশ্বৰ বাবে গৌৰৱ হৈ থাকক। অম্বুবাচী কেৱল ধৰ্মীয় পৰিসৰৰ ভিতৰতেই সীমাবদ্ধ নহয়। ই সম্প্ৰীতিৰ এক নিদৰ্শন কিয়নো অম্বুবাচীৰ সময়ত হিন্দু ধর্মৰ বাহিৰেও আন সম্প্ৰদায়ৰ লোকো কামাখ্যাৰ প্ৰাঙ্গনৰ অম্বুবাচী মেলালৈ যায়। অম্বুবাচী মেলাক আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মেলা হিচাপে পৰিচয় কৰাই দিব লাগিব। তেতিয়া অসমৰ পৰ্যটনত অম্বুবাচী মেলাই এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। শেষত, অম্বুবাচী মেলাই যাতে আধুনিকতাৰ পৰশ পাই ইয়াৰ প্ৰকৃত ধৰ্মীয় উদ্দেশ্য হেৰুৱাই নেপেলায় তাৰে কামনা।
আৰু পঢ়ক – প্ৰাক্-ৰোমান্টিক যুগৰ অসমীয়া কবিতা