প্ৰাক-ৰোমাণ্টিক যুগৰ অসমীয়া কবিতা
(প্ৰাক-ৰোমান্টিক যুগটো অসমীয়া কবিতাৰ বাবে এক উল্লেখযোগ্য সময়। এই সময়চোৱাতে অসমীয়া কবিতাই ইয়াৰ গতি-প্ৰকৃতি বহুখিনি সলনি কৰিছিল। প্ৰাক-ৰোমান্টিক যুগ সম্পৰ্কে সাৰথিৰ পাঠকসকললৈ এটি চমু লেখা)
১৮২৬ চনত বৃটিছ আৰু মান ৰজাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়। ইয়াৰ লগে লগেই অসমৰ স্বাধীনতাৰ বেলি মাৰ যায় আৰু অসমৰ ৰাজনীতি, সমাজনীতি আৰু সংস্কৃতি সকলোতে পশ্চিমৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ হয়। এই ৰাজনৈতিক পট পৰিৱৰ্তনে অসমীয়া সাহিত্যৰো চৰিত্ৰগত পৰিৱৰ্তন সাধে। ১৮২৬ৰ পৰা জোনাকী যুগৰ(১৮৮৯ চন) আৰম্ভণিৰ আগলৈকে- এই সময়ছোৱাক অসমীয়া সাহিত্যৰ যুগসন্ধিৰ সময় বুলি কব পাৰি। আৰু এই সময়ছোৱাকেই অসমীয়া সাহিত্যৰ পণ্ডিতসকলে প্ৰাক-ৰোমাণ্টিক যুগ বুলি অভিহিত কৰিছে। এই যুগটোক প্ৰাক-ৰোমাণ্টিক যুগ এইবাবেই আখ্যা দিয়া হয় কিয়নো এই সময়ছোৱাত আধুনিক অসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰভাৱশালী যুগ ৰোমাণ্টিক যুগৰ কিছু পূৰ্বাভাস দেখিবলৈ পোৱা গৈছিল।
প্ৰাক-ৰোমাণ্টিক যুগত অসমীয়া কাব্য-সাহিত্যত আগেয়ে দেখা নোপোৱা বহুতো বৈশিষ্ট্য দেখিবলৈ পোৱা গৈছিল। যেনে- অসমীয়া কবিতাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ, অসমীয়া কবিতাত ক্ৰমান্বয়ে ধৰ্মীয় আৰু পৌৰাণিক কথা-কাহিনীৰ কমি যোৱা প্ৰভাৱ, অসমীয়া কবিতাত বুৰঞ্জীবোধ আৰু স্বদেশপ্ৰেমৰ উন্মেষ আদি। ইয়াৰ উপৰিও প্ৰাক-ৰোমাণ্টিক যুগতেই সাংসাৰিক সুখ-দুখ, আনন্দ-উল্লাসে পোন-প্ৰথমবাৰৰ বাব অসমীয়া কবিতাত স্থান লাভ কৰিবলৈ আৰম্ভ কৰে।
অসমীয়া কবিতাৰ আনবোৰ যুগৰ তুলনাত এই যুগত কবিৰ সংখ্যা বৰ কম। এই যুগৰ কবিসকলৰ ভিতৰত ঘাইকৈ ৰমাকান্ত চৌধুৰী, ভোলানাথ দাস, কমলাকান্ত ভট্টাচাৰ্য আৰু ৰত্নেশ্বৰ মহন্তৰ নামহে ল’ব পাৰি। আহকচোন আমি এই কবিসকল আৰু তেওঁলোকৰ কাব্যকৃতিৰ বিষয়ে আলোচনা কৰো।
ৰমাকান্ত চৌধুৰী
ৰমাকান্ত চৌধুৰীৰ জন্ম হয় ১৮৪৬ চনত কামৰূপত। তেখেতৰ দেউতাকৰ নাম আছিল লক্ষ্মীকান্ত চৌধুৰী। তেওঁ গুৱাহাটীতে শিক্ষা লাভ কৰি প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। তাৰ পাছত গুৱাহাটীৰ কাছাৰীত কেৰাণীৰ কামত সোমায়। ৰমাকান্ত চৌধুৰীয়েই পোন প্ৰথমে অসমীয়া কবিতাত অমিত্ৰাক্ষৰ ছন্দৰ প্ৰয়োগ কৰিছিল। আৰু ১৮৭৫ চনত তেওঁ বাংলা কবি মাইকেল মধুসূদন দত্তৰ ‘মেঘনাদ বধ কাব্য’ৰ আৰ্হিত ‘অভিমন্যু বধ’ কাব্য ৰচনা কৰে। মাইকেলৰ কাব্যৰ ৰীতি অনুসৰণ কৰিছে যদিও ৰমাকান্তৰ ‘অভিমন্যু বধ’ত আচহুৱা শব্দ নাইবা কষ্ট কল্পনাৰ প্ৰয়োগ নাই।
কবি হোৱাৰ উপৰিও ৰমাকান্ত চৌধুৰী এগৰাকী নাট্যকাৰো আছিল। তেওঁ দ্বাৰা ৰচিত দুখন নাটক হ’ল- সীতাহৰণ নাট আৰু ৰাৱণ বধ। সীতাহৰণ নাট আধুনিক যুগৰ প্ৰথমখন পৌৰাণিক নাটক।
ৰমাকান্ত চৌধুৰীৰ কবিতাৰ নমুনা-
অভিমন্যু বধ
প্ৰথম সৰ্গ
দশ দিন যুদ্ধ কৰি ভীষ্ম মহাবলী
যেতিয়া শুইলা বীৰে শৰ আসনত,
মহাৰথী পাণ্ডৱেও, আনন্দ মনেৰে,
বজাইলা ঢাক, ঢোল, কৰতাল,
জগঝাম্প, ভেৰি, ডবা। আপুনি শ্ৰীহৰি,
নিজ বাদ্য শঙ্খ লই, ফুৱায় বিজয়
ঘোৰনাদে বুড়ুৱায় সকল শবদ
হৰষিলা পাণ্ডৱক। সাগৰ সমান
অপাৰ কৌৰৱীসেনা পুৰিলা শৱদে,
হাহাকাৰ, ৰণথলী, স্ৱামী নিধনত।
ভোলানাথ দাস
ভোলানাথ দাসৰ জন্ম হৈছিল নগাঁৱত, ১৮৫৮ চনত। তেওঁ বুৰঞ্জী প্ৰসিদ্ধ বাখৰ বৰা বংশৰ লোক আছিল। তেখেতৰ পিতৃৰ নাম আছিল বাপিৰাম দাস। তেওঁ নগাঁৱতেই স্কুলীয়া শিক্ষা লাভ কৰিছিল। নগাঁৱৰ শিক্ষা লাভ কৰাৰ পাছত তেওঁ কলিকতাৰ মেট্ৰপলিটান কলেজত পঢ়িবলৈ যায়। কিন্তু ঘৰুৱা অসুবিধাৰ বাবে শিক্ষা সমাপ্ত নকৰাকৈয়ে উভতি আহে। তাৰ পাছত তেওঁ ছাৰ্ভেয়ৰ আৰু শিক্ষকতাৰ কাম কৰে আৰু পাছলৈ অসম চৰকাৰৰ চাব ডেপুটি কালেক্টৰ পদত নিযুক্ত হয়। ১৯১২ চনত তেওঁ অৱসৰ লয় আৰু তাৰ পাছত গুৱাহাটীতে স্থায়ী ভাবে থাকিবলৈ লয়। ১৯২৯ চনত তেখেতৰ মত্যু হয়।
ভোলানাথ দাসে তিনিখন কবিতাপুথি ৰচনা কৰিছিল সেইকেইখন হ’ল- সীতাহৰণ কাব্য, কবিতা মালা(দুটা খণ্ড) আৰু চিন্তা তৰঙ্গিনী। ‘সীতাহৰণ কাব্য’ কবিতাপুথি খন ১৮৮৮ চনত প্ৰকাশ পায়। এই কাব্যখনি সাতোটা সৰ্গত বিভক্ত। কাব্যখনত কবিৰ কাব্য প্ৰতিভা আৰু ঐতিহাসিক প্ৰমূল্য বিশেষভাবে ফুটি উঠিছে। যাৰ বাবে অসমীয়া সাহিত্যত এই খন গ্ৰন্থই এক বিশেষ স্থান লাভ কৰিছে।
ভোলানাথ দাসৰ দ্বিতীয়খন কবিতাপুথি ‘কবিতা মালা’ৰ প্ৰথমছোৱা ১৮৮১ চনত আৰু শেষছোৱা ১৮৮৩ চনত প্ৰকাশ পায়। কবিতামালা মূলতঃ শিশু উপযোগী কবিতা পুথি। সেয়ে বিভিন্ন উপদেশ আৰু নীতিকথাৰে পৰিপূৰ্ণ হৈ আছে কবিতাপুথিখন। তদুপৰি কাব্যপুথিখনৰ প্ৰাকৃতিক বৰ্ণনাখিনিও অতি মনোমোহা।
ভোলানাথ দাসৰ কবিতাৰ নমুনা-
মেঘ
কি ভাবি হে মেঘ আজি শ্ৱেত কলেৱৰ,
শ্ৱেত যেন তুলাৰাশি,
কিম্বা বৰফৰ ৰাশি,
অতিক্ষুদ্ৰ আয়তনে সুদুৰ অম্বৰে,
হইলা উদয় কোৱা কিভাবি অন্তৰে।
কোমলতা পূৰ্ণদেহ, ধৱল বৰণ,
কিঞ্চিতো নাহিক দাগ,
কেৱল সুশ্বেত বাগ,
নাহি পাপ লেশ দেহে সুপৱিত্ৰ মন;
আকাশৰ এক কোণে দিছা দৰশন.
কৃষ্ণবক্ষে জ্ৱলে যেন স্ফতিকৰ মণি;
কিম্বা শ্যাম দুৰ্বাদলে,
যথা জল বিন্দুজলে,
ছায়াবৃত্ত জলে যেন শোভে কমলিনী,
বিস্তীৰ্ণ সমুদ্ৰ কিম্ৱা ধৱল তৰণী।
কমলাকান্ত ভট্টাচাৰ্য
কমলাকান্ত ভট্টাচাৰ্যদেৱৰ জন্ম হৈছিল বিশ্বনাথ চাৰিআলিৰ গড়েহাগি গাঁৱত। ১৮৫৫ চনৰ ডিচেম্বৰ মাহত। তেখেতৰ পিতৃ বাণেশ্বৰ ভট্টাচাৰ্য বৃটিছ চৰকাৰৰ পুলিচৰ দাৰোগা আছিল। পিতৃ বাণেশ্বৰ ভট্টাচাৰ্যৰ তৎপৰতাত কমলাকান্ত ভট্টাচাৰ্যৰ প্ৰাথমিক শিক্ষা আৰম্ভ হৈছিল তেওঁলোকৰ ঘৰতে পতা পঢ়াশালিত আন কেইজনমান সমনীয়া ছাত্ৰৰ সৈতে। তাৰ পাছত কিছুদিন তেজপুৰৰ হাইস্কুলত পঢ়ে। তেজপুৰত কিছুদিন পঢ়ি গুৱাহাটীলৈ আহি কটন কলেজিয়েট স্কুলত নামভৰ্তি কৰে। কিন্তু হাইস্কুলত থকা সময়তে দেউতাকৰ মৃত্যু হোৱাত সংসাৰৰ বোজা মূৰ পাতি ল’ব লগা হোৱা বাবে এণ্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈয়ে পঢ়া সামৰণি মাৰে।
দেউতাকৰ অকাল মৃত্যুৰ কাৰণে সংসাৰৰ দায়িত্ব ল’ব লগা হোৱাত কমলাকান্তই তেজপুৰৰ কাছাৰীত চাকৰি এটি যোগাৰ কৰি কাম কৰিবলৈ লয়। পাছলৈ অৱশ্যে তেওঁ স্বাধীনভাৱে ব্যৱসায়ত নামে। জনা যায় তেওঁ মৰাপাট আৰু হাতী ধৰা ব্যৱসায়তো নামিছিল।
কমলাকান্ত ভট্টাচাৰ্য এজন সমাজ সংস্কাৰক আৰু স্বাধীনতা সংগ্ৰামীও আছিল। তেওঁ সেইসময়ৰ অসমীয়া সমাজখনত প্ৰচলিত বিভিন্ন কুসংস্কাৰ আৰু গোড়ামীৰ বিৰুদ্ধে হাতে কামে বিদ্ৰোহ কৰি উঠিছিল। তেওঁ কলিকতাত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনত অসমৰ একমাত্ৰ প্ৰতিনিধি আছিল। তেওঁ স্বদেশী আন্দোলনতো আগভাগ লৈছিল বুলি জনা যায়। তেখেতে ১৯২৯ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনতো সভাপতিৰ আসন অলংকৃত কৰিছিল।
কমলাকান্ত ভট্টাচাৰ্যৰ পাৰিবাৰিক জীৱন বৰ সুখকৰ নাছিল। হাইজা ৰোগত তেওঁ পত্নীসহ তিনিওটি সন্তানকে হেৰুৱাই একেবাৰেই মৰ্মাহত হৈ পৰিছিল।সেয়ে তেখেতে নিজৰ চিন্তাও একেবাৰে বাদ দি দেশ আৰু সমাজৰ চিন্তাতেই জীৱনটো পাত কৰিছিল। জীৱনৰ শেষ বয়সত ভট্টাচাৰ্যদেৱে গুৱাহাটীৰ চেনিকুঠিত নিগাজিকৈ থাকিবলৈ লয়। ১৯৩৬ চনৰ ডিচেম্বৰ মাহৰ ১৪ তাৰিখে তেওঁৰ নিজা বাসভৱনতে জীৱন নাটৰ সামৰণি মাৰে।
কমলাকান্ত ভট্টাচাৰ্য আছিল প্ৰথমজন অসমীয়া কবি যাৰ কবিতাত পোনপ্ৰথমবাৰৰ বাবে দেশপ্ৰেম, বুৰঞ্জীবোধ আদিৰ উপৰিও বিভিন্ন ধৰণৰ সামাজিক বিষয়-বস্তুৱে ঠাই পাইছিল। ভট্টাচাৰ্যৰ সাহিত্যিক জীৱনৰ আৰম্ভণি হৈছিল প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদয়’ৰ পাতত। কমলাকান্তৰ কবিতাপুথি দুখন- ‘চিন্তানল’ আৰু ‘চিন্তা তৰংগ’। ‘চিন্তানল’ৰ আগছোৱা ১৮৯০ চনত আৰু শেষছোৱা ১৯২২ চনত প্ৰকাশ পায়। ‘চিন্তাতৰংগ’ প্ৰকাশিত হয় ১৯৩৩ চনত।
কমলাকান্তৰ প্ৰায়বোৰ কবিতাতেই আক্ষেপৰ সুৰে জৰ্জৰিত হৈ আছে। এই আক্ষেপ তেওঁৰ কবিতাৰ মাজেৰে অগ্নিৰ দৰে বৰষিছে। তেওঁৰ অন্তৰৰ ক্ষোভ প্ৰধানকৈ অতীত অসমৰ শৌৰ্য-বীৰ্য,গুণ-গৰিমাৰ বিলুপ্তি, অসমৰ সামাজিক অৱক্ষয়, অসমীয়া ৰাইজৰ কৰ্মৰ প্ৰতি উদাসীনতা আদিক কেন্দ্ৰ কৰিয়েই প্ৰকাশ পাইছিল। তেওঁ পিছে কেৱল আক্ষেপ বা ক্ষোভ প্ৰকাশ কৰিয়েই ক্ষান্ত হৈ থকা নাছিল, তেওঁ কবিতাসমূহৰ মাজেৰে অসমবাসীক অসমৰ উন্নতিৰ হকে কাম কৰিবলৈ আৰু চিন্তা কৰিবলৈও আহ্বান জনাইছিল।
কমলাকান্তৰ কবিতাৰ ছন্দ সাৱলীল নহয় আৰু বৰ শ্রুতিমধুৰো নহয়; কিন্তু অনুভৱৰ তীব্ৰতা আৰু মৌলিক কল্পনাৰ বাৰুকৈয়ে আছে। তেওঁৰ কবিতাত প্ৰকাশ পোৱা ক্ষোভ আৰু উত্তাপৰ বাবেই অসমীয়া সাহিত্য জগতত তেওঁক ‘অগ্নি কবি’ নামেৰে জনা যায়। লক্ষ্মীনাথ বেজবৰুৱাই কমলাকান্তৰ কবিতাবোৰৰ বিষয়ে ‘স্বদেশৰ দুখত হৃদয়ভগা হুমুনিয়াহ’ বুলি মন্তব্য কৰি গৈছে।
কমলাকান্ত ভট্টাচাৰ্যৰ কবিতাৰ নমুনা-
জাতীয় গৌৰৱ
বুৰঞ্জী লেখক জাতীয় গৌৰৱ
কিবা চিন পাবা অসম দেশৰ।
যত কবিকুল জাতি পদ্মফুল
লভিলে জনম ফলে কি পাপৰ
হায়! হায়!হায়! বুকু ফাটি যায়
যি জুইয়ে পুৰিছে হৃদয় সদায়।
উহ!পাহৰণি যেন ৰাক্ষসিনী
গিলিলি বহুত অসম গৌৰৱ।
কোনে উলিয়াব কোনে বা দেখাব
জন্মিছেনে এনে মহা অনুভৱ?
ঠিক অসমীয়া মানুহ নহয়
অসম শ্মশান নোহে কোনে কয়।
ৰত্নেশ্বৰ মহন্ত
ৰত্নেশ্বৰ মহন্তৰ জন্ম হৈছিল ১৮৬৪ চনত। গুৱাহাটী জন্ম লাভ কৰা এই কবিগৰাকীয়ে গুৱাহাটীতেই স্কুলীয়া শিক্ষা লাভ কৰিছিল যদিও নগাঁৱৰ পৰাহে তেওঁ এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হয়। পিছে তেওঁ পৰিয়ালৰ আৰ্থিক অৱস্থা বিশেষ ভাল নোহোৱাৰ বাবে উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰিলে। সেয়ে শিক্ষা জীৱন সমাপ্ত কৰিয়েই তেওঁ নগাঁৱৰ কাছাৰীত চাকৰি জীৱনৰ পাতনি মেলে। তেওঁ নগাঁৱত চাকৰি কৰি থকা সময়তে কেইবাজনো বিদ্বান ব্যক্তিৰ উদ্যোগত নগাঁও চহৰত এটা সাহিত্য গোষ্ঠী গঢ় লৈ উঠিছিল। এই সাহিত্য গোষ্ঠীৰে অন্তৰ্ভুক্ত হৈ ৰত্নেশ্বৰ মহন্তই সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰিলে। এই সময়ছোৱাতে তেওঁ অসমীয়া ভাষা-সাহিত্যৰ অন্যতম কাণ্ডাৰী হেমচন্দ্ৰ গোস্বামীক লগ পায় আৰু তেওঁৰ সৈতে গভীৰ বন্ধুত্বৰে বান্ধ খাই পৰে।
এগৰাকী সুনিপুন কবি হোৱাৰ উপৰিও ৰত্নেশ্বৰ মহন্ত এগৰাকী প্ৰৱন্ধকাৰো আছিল। ‘আসাম বন্ধু‘, ‘জোনাকী’, ‘বিজুলী’ আদি আলোচনীত তেওঁৰ বহুতো প্ৰবন্ধ সিঁচৰতি হৈ আছে। প্ৰবন্ধবোৰ বৰঞ্জীমূলক আৰু অন্যান্য বিষয়ৰ আছিল। মাত্ৰ ২৯ বছৰ কাল জীয়াই থকা এই কবিগৰাকীয়ে অতি কম সময়তে অসমীয়া সাহিত্যজগতত নিজৰ চানেকি ৰাখি থৈ গৈছে। ১৮৯৩ চনত কবিগৰাকীৰ মৃত্যু হয়।
দুটা খণ্ডত প্ৰকাশ পোৱা মহন্তৰ একমাত্ৰ কবিতাপুথি ‘কবিতাহাৰ’ আছিল তেওঁৰ সম্ভাৱনা পূৰ্ণ কাব্য প্ৰতিভাৰ অন্যতম চানেকি। তেৱেই অসমীয়া কবিতাত পোন-প্ৰথম বাবে সাংসাৰিক সুখ-দুখ, প্ৰেম-প্ৰণয় আদি বিষয়বোৰ বাস্তৱ ধৰ্মী ৰূপত উপস্থাপন কৰিছিল। ‘কবিতাহাৰ’ত সন্নিবিষ্ট থকা কেইটামান উল্লেখযোগ্য কবিতা হৈছে- স্তুতি, দুপ-নিশা, গাঁৱলীয়া বোৱাৰী, পত্নী-বিলাপ, সংসাৰ সুখৰ ঠাই ইত্যাদি। কবিতাবোৰৰ শিৰোনামৰ পৰাই কবিতাবোৰৰ বিষয়বস্তু সম্পৰ্কে অনুমান কৰিব পাৰো।
ৰত্নেশ্বৰ মহন্তৰ কবিতাৰ নমুনা–
সংসাৰ সুখৰ ঠাই
সংসাৰ সুখৰ ঠাই
যি বিচাৰা তাকে পায়,
দুঃখ চালে, দুঃখ পায়,
সুখৰো অভাব নাই
সংসাৰত একো নাই, বোলে নজনাই।
কি বিষম কথা আই
সংসাৰত সুখ নাই!
আকাশত সুখ পায়?
পাতাল সুখৰ ঠাই?
যমৰ যান্ত্ৰণা পুৰী নৰক নে ভাই ?
প্ৰাক-ৰোমাণ্টিক যুগৰ কবিৰ সংখ্যা কম যদিও অসমীয়া সাহিত্যত এই যুগটোৰ বিশেষ তাত্পৰ্য আছে। কিয়নো অসমীয়া সাহিত্যৰ আটাইতকৈ প্ৰভাৱশালী যুগ ৰোমাণ্টিক যুগৰ ভেটি এই যুগতেই নিৰ্মাণ হৈছিল।
[…] আৰু পঢ়ক – প্ৰাক্-ৰোমান্টিক যুগৰ অসমীয়া কবিতা […]