বাঘজান তৈলখাদৰ বিস্ফোৰণ আৰু কিছু কথা
বাঘজান -৫ খাদটোৰ ইতিহাস-
২০০৫ চন, সেইসময়ত অইল ইণ্ডিয়া লিমিটেডে “হেলিবাৰ্টন” নামৰ এটা কোম্পানীৰ সহযোগত বাঘজান – ৫ খাদটো খান্দিছিল প্ৰাকৃতিক গেছ উদ্ঘাটনৰ উদ্দেশ্যে। সেইসময়ত “হেলিবাৰ্টন”ৰ জ্যেষ্ঠ ভূ-বিজ্ঞানী আছিল অসম সন্তান প্ৰদীপ কুমাৰ শইকীয়া। তেওঁৰ নেতৃত্বতেই বাঘজানৰ এই খনন হৈছিল এক আধুনিক প্ৰক্ৰিয়াৰে।
সমগ্ৰ অসমৰ ভিতৰত ইয়াত প্ৰথমবাৰৰ বাবে “নিউক্লিয়াৰ মেগনেটিক ৰিজনেন্স” অৰ্থাৎ “এন এম আৰ” যন্ত্ৰৰ প্ৰয়োগ কৰা হৈছিল। ইয়াৰ নমুনাৰ পৰা বিজ্ঞানী শইকীয়াই কৈছিল যে বাঘজান কেৱল গেছৰ খাদ নহয় ইয়াত কণ্ডেনচেটো আছে। কিন্তু অইল কৰ্তৃপক্ষৰ সেই সময়ৰ বৰমূৰীয়াই এইবোৰ কথা নামানি কেৱল গেছৰ খাদৰূপে ইয়াৰ স্বীকৃতি দিলে আৰু ইয়াত কেৱল গেছ খাদৰ বাবে ল’বলগীয়া সাৱধানতাবোৰহে ল’লে য’ত প্ৰকৃততে গেছ কণ্ডেনচেট খাদৰ সাৱধানতা ল’ব লাগিছিল।
তাৰ পাছত ২০০৬ চনৰ পৰা লাহে লাহে ইয়াত প্ৰাকৃতিক গেছৰ উৎপাদন আৰম্ভ হ’ল যদিও উৎপাদন কম আছিল। ২০১৫ চনৰ পৰা ২০১৯ চনলৈ ইয়াত সৰ্বোচ্চ পৰিমাণত উৎপাদন হৈছিল। কিন্তু ২০১৯ চনত ইয়াৰ কিছু কামত ব্যাঘাত জন্মা দেখি এই খাদটো মেৰামতিৰ বাবে গুজৰাটৰ গেছ কোম্পানী “জ’ন এনাৰ্জী“ক দিলে যাক তেওঁলোকৰ ভাষাত “ৱৰ্ক অভাৰ ৰিগ” বুলি কোৱা হয়।
বাঘজান কাণ্ড কেনেকৈ হ’বলৈ পালে-
জ’ন এনাৰ্জীয়ে নিৰ্দিষ্ট কাম প্ৰায় সম্পাদন কৰি অইলক এই খাদটো গতাবলৈ লোৱাৰ সময়তে ইয়াত হ’ল এক অবাঞ্ছনীয় পৰিস্থিতি, যিটোৰ কোনেও কিজানি কেতিয়াও কল্পনা কৰা নাছিল। ২৭ মে’ৰ পৰা অহৰহভাৱে এই খাদটোৰ পৰা গেছ আৰু কণ্ডেনচেট নিৰ্গত হোৱা আৰম্ভ কৰিলে। আৰু এই ঘটনাটো সংঘটিত হ’ল ৰিগটোৰ “ৱেল হেড”টো সলনি কৰা সময়ত। এই কাণ্ড হ’বলৈ পালে কেৱল কৰ্মচাৰীৰ সোনকালে কৰিব খোজা প্ৰৱণতাৰ বাবে। যি “ৱেল হেড” সলনি কৰি ইয়াৰ খাপ খাবলৈ ৪৮ ঘণ্টা সময় লাগে,সেই “ৱেল হেড” অইলৰ কৰ্মচাৰীয়ে মাত্ৰ ২৪ ঘণ্টা সময় থাকিবলৈ দিলে।
বাঘজানত প্ৰথম দিনাৰ জুই
ইয়াৰ বাবে দোষী কেৱল অইল আৰু জ’ন এনাৰ্জী। যি সময়ত এই গুৰুত্বপূৰ্ণ কাম সম্পাদন হৈ আছিল সেইসময়ত অইলৰ “ড্ৰিলিং ইন-চার্জ” আৰু “ইনষ্টলেচন অফিচাৰ” উপস্থিত নাছিল। কেৱল নিম্নখাপৰ কৰ্মচাৰীসকলক দায়িত্ব দি তেওঁলোক ঘটনাৰ ঠাইত অনুপস্থিত আছিল। এইয়া অইলৰ মোটা অংকৰ দৰমহা লাভ কৰা বিষয়া-কৰ্মচাৰীৰ কেনেধৰণৰ কৰ্ম-সংস্কৃতি সেয়া সহজে অনুমেয়। লগতে যি ‘জ’ন এনাৰ্জী’ নামৰ কোম্পানীটো আছিল তেওঁলোকৰ মেৰামতিৰ সময়ত থাকিবলগা “ৰিগ ইন-চার্জ” আৰু “ড্ৰিলিং চুপাৰিনটেনডেন্ট”জন উপস্থিত নাছিল, কেৱল তেওঁলোকৰ নিম্নপৰ্যায়ৰ “টোল পুচাৰ”সকলে কাম কৰি আছিল।
আৰু এই সমগ্ৰ কৰ্মকাণ্ডৰ বাবে ২৭ মে’ৰ দিনাখন অইলৰ বাঘজান-৫ খাদৰ পৰা অহৰহ গেছ আৰু কণ্ডেনচেট নিৰ্গত হৈছিল যি বিয়পি পৰিছিল ওচৰ-পাজৰৰ গাঁও,অৰণ্যত আৰু কাষৰীয়া মাগুৰি মতাপুং বিলত। এনেদৰে প্ৰায় ১৪ দিন ধৰি নিৰ্গত হৈ থাকিল গেছ আৰু কণ্ডেনচেট। দেশৰ কিছুমান বিশেষজ্ঞ আনিও নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে এই নিৰ্গমন। অৱশেষত চিংগাপুৰৰ পৰা অনা হ’ল ৩ জন বিশেষজ্ঞ যিকেইজনে বাঘজানত নিজৰ কাম আৰম্ভ কৰাৰ দিনাই অৰ্থাৎ ৯ জুনৰ ভৰ দুপৰীয়া বিধ্বংসী বিস্ফোৰণেৰে জ্বলি উঠিল বাঘজান।
কি হ’ল বাঘজানত-
চাৰিওফালে লাগিল হুৱা-দুৱা। যেন ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ। জুইৰ লেলিহান শিখাই আৱৰি ধৰিলে ওচৰৰ প্ৰায় ৫০০ মিটাৰৰ পৰা ১ কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃহৎ এলেকা। জুইত ভস্মীভূত হ’ল কাষৰীয়া চাহ বাগিছা,ঘৰ-দুৱাৰ,ভঁৰাল,গছ-গছনি আদি নানা সম্পদ। অসম গৌৰৱ ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু কাষৰীয়া মাগুৰি মতাপুং বিলৰ জীৱকূলৰ ব্যাপক ক্ষতিসাধন কৰিলে এই বিস্তৰ অগ্নিকাণ্ডই। ওচৰত বাস কৰা লোকসকলে প্ৰাণৰ তাড়নাত নিজ ঘৰ-বাৰী এৰি পলায়ন কৰিলে সুৰক্ষিত স্থানলৈ পলায়ন কৰিলে। আমি হেৰুৱালোঁ অইলৰ দুজনকৈ কৰ্মচাৰীক-দুৰ্লভ গগৈ আৰু তিখেশ্বৰ গোহাঁই আৰু আঘাতপ্ৰাপ্ত হ’ল অইল আৰু অ এন জি চিৰ কেইবাজনো কৰ্মচাৰী।
এতিয়া কি হ’ব বাঘজানত-
বাঘজানৰ কাষৰীয়া প্ৰায় ডেৰ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকা বৰ্তমান সুৰক্ষিত নহয়। প্ৰায় ২৫-২৮ দিনৰ দৰকাৰ হ’ব বাঘজানৰ এতিয়াও জ্বলি থকা জুইক নিয়ন্ত্ৰণ কৰিবলৈ। পুনৰ তিনিজন বিশেষজ্ঞ অনা হৈছে আমেৰিকা আৰু কানাডাৰ পৰা। জুইকুৰা জ্বলি যোৱাৰ ফলত এটাই ভাল হ’ল এতিয়া আগতকৈ প্ৰদূষণ হ্ৰাস পাব। কিন্তু অতি সোনকালে যদি ওচৰৰ মাগুৰি বিল আৰু গছ-গছনিত পৰা কণ্ডেনচেট আঁতৰোৱাৰ ব্যৱস্থা কৰা নহয় তেতিয়া পুনৰ অধিক উত্তাপ পালে এইবোৰ জ্বলি যোৱাৰ সম্ভাৱনা আছে আৰু মাগুৰি বিলৰ জলচৰ জীৱবোৰ অক্সিজেনৰ অভাৱত মৃত্যু ঘটাৰো সম্ভাৱনা আছে। ইতিমধ্যেই প্ৰায় ২০০ টা প্ৰজাতিৰ চৰাইৰ বিচৰণস্থলী মাগুৰিবিলৰ জৈৱবৈচিত্ৰৰ প্ৰতি সৃষ্টি হৈছে তীব্ৰ ভাবুকি।
আমাক এতিয়া দৰকাৰ এজাক দোপালপিটা বৰষুণৰ যি উটুৱাই লৈ যাব সকলো কণ্ডেনচেট আৰু সাৰ পাই উঠিব কাষৰীয়া জনসাধাৰণৰ আশাবোৰ। এতিয়া অতি সোনকালে বাঘজানৰ খাদত জ্বলি থকা জুই নিৰ্বাপন কৰিব লাগিব তেতিয়াহে ওচৰৰ প্ৰকৃতি তথা মানুহে সকাহ পাব। চৰকাৰলৈ আহ্বান- বাঘজানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ বাবে যি পুঁজিৰ আবন্টন হয় তাৰ যেন কোনো হৰণ-ভগন নহয়। প্ৰশ্ন হয়- জুই ৰাছিয়াতো জ্বলে,ত্ৰিপুৰাতো জ্বলে কিন্তু বাঘজানবাসীৰ অন্তৰত যিকুৰা অগ্নিয়ে দহিছে সেই অগ্নি নুমুৱাব কোনে?
ফিচাৰ ফটোঃ শচীন ভৰালী