তথ্যকোষবৰেণ্য আধুনিক অসমীয়াসকলসাময়িকী

বিষ্ণুপ্ৰসাদ ৰাভা আৰু তেওঁৰ সংগ্ৰামী আভা

বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম আৰু শিক্ষাঃ    

   ১৯০৯ চনৰ ৩১ জানুৱাৰী,তেতিয়াৰ ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত ঢাকা চহৰৰ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰাইফলছৰ আৱাসিক এলেকাত আনন্দৰ ৰোল উঠিল। বংগৰ গৱৰ্ণৰৰ এডিকং চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ ৰাভাৰ পত্নী গেঠী ৰাভাই এক সুদৰ্শন পুত্ৰ সন্তান জন্ম দিছে। পুত্ৰ সন্তানটিৰ নাম ৰাখিলে বিষ্ণুপ্ৰসাদ। আৰু সকলোৱে ঘৰত মৰমতে মাতে ‘সুটো’ বুলি। বিষ্ণুপ্ৰসাদ আছিল পিতৃ-মাতৃৰ অষ্টম সন্তান। 

   বিষ্ণুপ্ৰসাদ ৰাভাক ৫ বছৰ বয়সত প্ৰাথমিক বিদ্যালয়ত নামভৰ্তি কৰোৱা হৈছিল। প্ৰথমতে তেওঁক ইংৰাজী স্কুলত নাম লগাই দিছিল কিন্তু বিষ্ণুপ্ৰসাদে চাহাবৰ ল’ৰা-ছোৱালীৰ লগত পঢ়িবলৈ মন নকৰাত তেওঁক উৰ্দু মাধ্যমৰ বিদ্যালয়ত নামভৰ্তি কৰি দিলে। বিষ্ণুপ্ৰসাদ ৰাভাক পাঁচটা ঘোঁৰাই টনা ঘোঁৰাবাগিৰে স্কুললৈ অনা-নিয়া কৰিছিল। পঢ়া-শুনাৰ লগতে বিষ্ণু ৰাভাই সংগীত,বাদ্য আৰু নৃত্যৰ শিক্ষাও লাভ কৰে। 

   বিষ্ণু ৰাভাৰ পিতৃ গোপাল ৰাভাই অৱসৰ গ্ৰহণ কৰি তেজপুৰত স্থায়ীভাৱে বাস কৰাৰ উদ্দেশ্যে তাতে ঘৰ-দুৱাৰ নিৰ্মাণ কৰে। অৱসৰৰ পাছত তেওঁ তেজপুৰত ব্ৰিটিছ চৰকাৰৰ পৰা দুহেজাৰ বিঘা ভূমি লাভ কৰে। তাৰপাছত ৰাভাদেৱৰ পৰিয়াললৈ নামি আহে ঘোৰ অন্ধকাৰ। ১৯১৭ চনৰ নৱেম্বৰ-ডিচেম্বৰত ৰাভাদেৱৰ পিতৃ গোপাল ৰাভাদেৱ স্বৰ্গগামী হয়। তাৰপাছতেই ৰাভাদেৱৰ পৰিয়ালৰ আৰ্থিক অৱস্থা নিম্নগামী হৈ আহিব ধৰে। সকলো আওকাণ কৰি বিষ্ণু ৰাভাই পুনৰ তেজপুৰতে তেওঁৰ স্কুলীয়া শিক্ষা আৰম্ভ কৰে আৰু লগতে সংগীত,নৃত্য,বাদ্য আৰু শিল্পকলাৰ চৰ্চাও অব্যাহত ৰাখে। তেজপুৰ হাইস্কুলত তেওঁ সকলোফালেই পাৰদৰ্শিতা দেখুৱাই সকলোৰে অন্তৰ জয় কৰিবলৈ সক্ষম হৈছিল। স্কুলৰ বাৰ্ষিক ক্ৰীড়াত তেওঁ সকলোতকৈ বেছি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। বিষ্ণু ৰাভাদেৱে এই সকলোবোৰৰ লগতে খেলা-ধূলাটো পাৰ্গত আছিল। ফুটবল তেওঁৰ প্রিয় খেল আছিল। তেওঁ চেণ্টাৰ ফৰৱাৰ্ড খেলি ভাল পাইছিল। স্কুলৰ সভাবিলাকত তেওঁ নিজে গীত ৰচি সুৰ দি গাইছিল। 

   ১৯২৬ চনত ৰাভাদেৱে প্ৰৱেশিকা পৰীক্ষাত জিলাৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰে আৰু তাৰপাছত তেওঁ কলিকতাৰ চেইণ্ট পলচ্ কলেজৰ বিজ্ঞানত প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰে। এই কলেজৰ পৰাই তেওঁ সুখ্যাতিৰে প্ৰথম বিভাগত আই এছ চি পাছ কৰে। বিষ্ণু ৰাভা চেইণ্ট পলচ্ কলেজৰ ফুটবল দলৰ কেপ্টেইনো আছিল। তাতেই তেওঁৰ মনত স্বাধীনতা আন্দোলনৰ বীজ ৰোপণ হয়। স্বাধীনতা সংগ্ৰামীক সহায় কৰা বাবে তেওঁক এই কলেজৰ পৰা বহিষ্কাৰ কৰে। তাৰপাছত তেওঁ ‘ৰিপন কলেজ’ত বিজ্ঞানৰ ডিগ্ৰীত নামভৰ্তি কৰে আৰু কলেজৰ ভিতৰত প্ৰথম স্থান পাই প্ৰমোচন পায়। তেওঁ কলেজৰ হোষ্টেলত থাকি পঢ়িছিল আৰু পঢ়া শুনাৰ লগতে ৰাভাই সকলো ক্ষেত্ৰতে আগভাগ লৈছিল।

   ১৯৩০ চন,তেতিয়াই ভাৰতত গান্ধীৰ নেতৃত্বত আইন অমান্য আন্দোলনৰ সূচনা হ’ল। অনেক ছাত্ৰও এই আন্দোলনত জঁপিয়াই পৰিছিল। তেতিয়া বিষ্ণু ৰাভাৰ হোষ্টেলৰ কোঠাত পুলিচে প্ৰায় খানা-তালাছ কৰে। এইবোৰৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাভাদেৱে কোচবিহাৰৰ ভিক্টোৰিয়া কলেজত নামভৰ্তি কৰে। কিন্তু তাত বিজ্ঞান নথকাৰ বাবে ৰাভাদেৱে কলা শাখাত প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰে। ইয়াতে বিষ্ণুপ্ৰসাদ ৰাভাৰ অন্তৰত ইংৰাজ চৰকাৰ আৰু তেওঁলোকৰ তলতীয়া ভাৰতীয় কৰ্মচাৰীসকলৰ প্ৰতি বিতৃষ্ণা জাগি উঠিল। ৰাভাদেৱৰ অন্তৰত তীব্ৰ স্বাধীনতা স্পৃহা জাগ্ৰত হ’ল। এই সময়তে বিষ্ণু ৰাভাই এদিন ৰাতি বৰ সাহসিকতাপূৰ্ণ কাম কৰিলে। তেওঁ কোচবিহাৰৰ ব্ৰিটিছ শাসক হাসিঞ্চন চাহাব আৰু কোচবিহাৰৰ জমিদাৰৰ দেৱান নলিনীৰঞ্জন খস্তগীৰ বাসগৃহত ইউনিয়ন জেকখন পেলাই ত্ৰিৰংগ ভাৰতীয় পতাকা উত্তোলন কৰিলে আৰু তেওঁলোকৰ চৌহদৰ দেৱালত এটা নিন্দাসূচক ফকৰা লিখি থৈ আহিল-

      ‘ৰাজ্যে আছে দুইটি পাঠা

           একটি কালো একটি সাদা

          ৰাজ্যেৰ যদি মংগল চাওঁ

             দুইটি পাঠা বলি দাও। ‘

   এই ঘটনাক কেন্দ্ৰ কৰি তেতিয়া তাত চাঞ্চল্যৰ সৃষ্টি হ’ল। প্ৰশাসনে বিষ্ণু ৰাভাক সন্দেহ কৰিলে আৰু তেওঁক কোচবিহাৰত প্ৰৱেশত  নিষেধাজ্ঞা জাৰি কৰিলে। ৰাভাদেৱে তাৰপাছত বাধ্যতামূলক ট্ৰেন্সফাৰ চাৰ্টিফিকেট লৈ ৰংপুৰৰ কাৰমাইকেল কলেজৰ স্নাতক দ্বিতীয় বাৰ্ষিকত নাম লগালে। কিন্তু তাতো তেওঁৰ ওপৰত পুলিচে জুলুম চলালে। শেষত ডিগ্ৰী পৰীক্ষালৈ কিছুদিন বাকী থকা অৱস্থাত একমাত্ৰ ভায়েক ৰঞ্জিতৰ টান নৰিয়াৰ খবৰ পাই অসমলৈ আহে কিন্তু আহি ভায়েকক নাপালেহি। আৰু তাৰ পাছতে বিষ্ণুপ্ৰসাদ ৰাভাৰ মাতৃৰো বিয়োগ ঘটিল। আৰু সিমানতে তেওঁৰ পঢ়া জীৱনৰ যতি পৰিল। 

   তেতিয়াই তেওঁৰ দেউতাকৰ বন্ধু কৰ্ণেল ডি. স্মিথ চাহাবে ডি এছ পি পদ যাচে কিন্তু ৰাভাদেৱে ব্ৰিটিছৰ অধীনৰ এই পদ সবিনয়ে প্ৰত্যাখ্যান কৰে আৰু বৰপেটাৰ বায়েক ভিনিহিয়েকৰ ঘৰলৈ যায়। তাৰপাছত তেওঁ সৃষ্টি আৰু সুকুমাৰ কলাৰ তাড়নাতে সমগ্ৰ অসম ভ্ৰমিছিল আৰু পাহাৰ-ভৈয়ামৰ গাঁৱে-ভূঞে মাহৰ পাছত মাহ ধৰি কৃষ্টি-সংস্কৃতি অধ্যয়ন কৰিছিল। তেওঁ আয়ত্ত কৰিছিল নৃত্য-গীতৰ নৱ নৱ শৈলী। 

   এনেতে ৰাভাদেৱ ব্যৱসায়তো নামে। তেওঁ মাছ,গাখীৰ আৰু ঘিউৰ ব্যৱসায় কৰিছিল। কিন্তু ব্যৱসায়ৰ আঁতি-গুৰি ধৰিব নোৱাৰি ৰাভাই লোকচান ভৰে। আৰু ব্যৱসায় বাদ দিব লগা হয়। 

কলাগুৰুৰ সাংস্কৃতিক জীৱনঃ 

   সেইসময়তে জ্যোতিপ্ৰসাদৰ আমন্ত্ৰণত বিষ্ণু ৰাভাই ‘জয়মতী’ চলচ্চিত্ৰৰ বাবে কলা-কুশলীক নৃত্য শিক্ষা দিয়ে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘কাৰেঙৰ লিগিৰী‘ নাট পৰিচালনা কৰোতেও ৰাভাদেৱে তাৰ সংগীত পৰিচালনাৰ দায়িত্ব লৈছিল আৰু ‘সুদৰ্শন’ৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৫ চনত তেজপুৰত অসম সাহিত্য সভাৰ লগতে জ্যোতি-বিষ্ণুৰ প্ৰচেষ্টাত সংগীত সন্মিলনো বহে। 

   তাৰপাছত ৰাভাদেৱে কলিকতালৈ গমন কৰে আৰু তাত তেওঁ গীত লিখি সুৰ দি বহুতকে গীত গোৱালে। বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদৰ গীতৰ স্বৰলিপি নিজে তৈয়াৰ কৰিছিল আৰু জ্যোতি সংগীতৰ বৈশিষ্ট্যসমূহ তেঁৱেই প্ৰথম উলিয়াই দেখুৱাইছিল। 

   ১৯৩৬ চনত ৰাভাদেৱে কলিকতাতে প্ৰথম বিবাহপাশত আবদ্ধ হয় প্ৰিয়বালাৰ সৈতে। কিন্তু বিয়াৰ এমাহৰ ভিতৰতে ৰাভাদেৱৰ পত্নীৰ বিয়োগ ঘটে। আৰু ৰাভাদেৱ শোকত ব্যাকুল হ’ল আৰু তাৰ পৰাই ওলাই আহিল অমিয়া গীত মাধুৰী-

   ‘কিবা যেন নাই আজি নাই

   আছে হুমুনিয়াহ হতাশ হিয়াৰ

   কৰুণ বিননী হায় হায়

   মেলি তাইৰ ক’লা চুলিটাৰ

   লুকুৱাই তৰা জোন কৰে যেন এন্ধাৰ।’ 

   পত্নী বিয়োগৰ পাছত তেওঁ সংগীত-নৃত্যৰ আৰাধনাত পুনৰ মগ্ন হ’ল। বিষ্ণু ৰাভাই আয়ত্ত কৰিলে বিভিন্ন নৃত্যৰ মুদ্ৰা আৰু অসমৰ বিবিধ থলুৱা বাদ্যৰ বিষয়ে তেওঁ বিজ্ঞানভিত্তিক অধ্যয়ন কৰে আৰু সেইবোৰৰ চিত্ৰ অংকন কৰি এটা এলবাম তৈয়াৰ কৰিছিল। বিষ্ণু ৰাভাই আমেৰিকালৈ যোৱাৰো প্ৰস্তাৱ পাইছিল কিন্তু ধনৰ মোহে বিষ্ণু ৰাভাক টলাব নোৱাৰিলে। ১৯৩৯ চনত বিষ্ণুপ্ৰসাদ ৰাভাই কাশীলৈ গৈছিল বাঁহীবাদক আনন্দ দত্তৰ সৈতে। তাত তেওঁৰ নৃত্য দেখি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে প্ৰশংসা কৰিছিল আৰু তেওঁ তেতিয়াৰ পৰাই ‘কলাগুৰু’ হিচাপে চিহ্নিত হয়। 

   ১৯৪১ চনত ৰাভাদেৱ ‘মনোমতী’ বোলছবিত নৃত্য পৰিচালক হিচাপে জড়িত হৈ পৰে। ১৯৪৪/৪৫ চনত ৰাভাদেৱে ‘নায়ক’ আলোচনীত ‘চিফুং বাঁহীৰ সুৰ’ নামৰ ধাৰাবাহিক প্ৰবন্ধ লিখিছিল। তাৰপাছত তেওঁ ‘চিৰাজ’ বোলছবিৰ সৈতে জড়িত হৈ পৰে। ‘চিৰাজ’ত তেওঁ সহ-পৰিচালক আৰু অভিনেতা হিচাপে জড়িত হৈ পৰে। ১৯৫৬ চনত বিষ্ণু ৰাভাই ভূপেন হাজৰিকাৰ ‘এৰা বাটৰ সুৰ’ বোলছবিত ভজলুঙ্কাৰ চৰিত্ৰত সুন্দৰ অভিনয় কৰিছিল। তেওঁ পুনৰ ১৯৬৬ চনৰ ‘প্ৰতিধ্বনি’ছবিত খাচী চিয়েমৰ চৰিত্ৰত ভাও দিছিল। 

বিষ্ণু ৰাভাৰ ৰাজনৈতিক জীৱনঃ 

   ১৯৪৫ চনত ৰাভাদেৱে ভাৰতীয় বিপ্লৱী কমিউনিষ্ট পাৰ্টিত যোগদান কৰে। আৰু ভাৰতৰ ভিতৰত প্ৰথম পলাশবাৰীৰ বৰঙা গাঁৱত ‘আধিয়াৰ আন্দোলন’ৰ সূচনা কৰে। বিষ্ণুৰাভাই ১৯৪৫ ৰ অসম প্ৰাদেশিক ছাত্ৰ সন্মিলনৰ অধিৱেশনত মুখ্য অতিথিৰূপে এটা বহুমূলীয়া ভাষণ প্ৰদান কৰে। ১৯৪৬ চনৰ অসম প্ৰাদেশিক ছাত্ৰ সন্মিলনৰ অধিৱেশনত ৰাভাদেৱে সভাপতিত্ব কৰিছিল। 

   দেশ স্বাধীনৰ পাছতো দেশত কৃষক বনুৱাৰ অৱস্থা দেখি বিষ্ণু ৰাভাই সজোৰে চিঞৰিছিল ‘এই স্বাধীনতা মিছা’ বুলি। তেওঁ ১৯৪৮-৫২ লৈ একেৰাহে চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি আত্মগোপন কৰি আছিল। সেইসময়ত চৰকাৰে তেওঁৰ মূৰৰ দাম ১০,০০০ টকা ঠিক কৰিছিল। ১৯৫০ চনত ৰাভাই আত্মগোপনৰ কালতে কনকলতা মেধিৰ লগত দ্বিতীয় বিবাহপাশত আবদ্ধ হয়। ১৯৫২ চনৰ ১৬ জুনত ৰাভা দতমা অঞ্চলৰ ঘিলাগুৰি গাঁৱৰ পৰমানন্দ ব্ৰহ্মৰ ঘৰত ধৰা পৰে। আৰু ১৯৫৩ চনতহে তেওঁ কাৰাগাৰৰ পৰা মুক্ত হৈছিল। 

   ১৯৫৫ ৰ ১৬ জানুৱাৰীত বিষ্ণুপ্ৰসাদ ৰাভা মোহিনী বসুমতাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। 

   ১৯৫৭ চনত ৰাভাই ৰঙিয়া সমষ্টিৰ পৰা কমিউনিষ্ট পাৰ্টীৰ পৰা টিকটত নিৰ্বাচনত অৱতীৰ্ণ হয় যদিও পৰাস্ত হয়। 

   ১৯৬২ ৰ ৪ জানুৱাৰীত ৰাভাদেৱৰ পত্নী কনকলতাৰ অসম মেডিকেল কলেজত দুৰাৰোগ্য ৰোগৰ মৃত্যু হয়। মাতৃহাৰা দুটা সন্তানক লৈ ৰাভাই তেজপুৰৰ বাসভৱনত কৃষ্টিসাধনা কৰি কটায়। 

   ১৯৬২ত চীনে ভাৰত আক্ৰমণ কৰা সময়ত ৰাভাদেৱক নিশাই পুলিচে গ্ৰেপ্তাৰ কৰে আৰু উৰিষ্যাৰ বৰহমপুৰ জেইললৈ প্ৰেৰণ কৰে। তেওঁ ১৯৬৭ চনত তেজপুৰ বিধানসভাৰ পৰা নিৰ্দলীয় প্ৰাৰ্থীৰূপে বিধানসভালৈ নিৰ্বাচিত হয়। 

 সাহিত্যিক ৰূপে বিষ্ণু ৰাভাঃ

   তেওঁ অসমীয়া সাহিত্যত বহু মূল্যৱান গল্প,উপন্যাস,নাটক আদি ৰচনা কৰি বিশেষ বৰঙণি আগবঢ়াই গৈছে । বিষ্ণু ৰাভাই ডিমাছা বুৰঞ্জী,মৰাণ মটক বুৰঞ্জী আৰু সমগ্ৰ অসমৰ বিস্তৃত বুৰঞ্জী এখন ৰচনাতো হাত দিছিল। 

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সাহিত্য কৰ্মসমূহ এনেধৰণৰ-

গল্পসমূহ- মামীৰ হাৰ, কুৰি বছৰ জেইল, জাল কেছ, হিয়াৰ পুং, ফুংকা (বড়ো ভাষাত ৰচিত)

উপন্যাস- মিচিং কনেং

গল্প সংকলন- সোণপাহি

নাটক- কুমৰ হৰণ, জ্যোতিপ্রভা, শংকৰদেৱ, শান্তিৰ দেউল, শকুন্তলা, কৃষক, নীলাম্বৰ।

   ১৯৬৮ চনত ৰাভাদেৱ  কৰ্কট ৰোগত আক্ৰান্ত হয়। তেওঁ বোম্বেৰ টাটা ইনষ্টিটিউটো ৰোগৰ চিকিৎসা কৰাইছিল আৰু তাৰ পৰা ১৯৬৯ ৰ জানুৱাৰীত উভতি আহে। তেওঁ কিছু আৰোগ্য লাভ কৰিছিল যদিও পুনৰ তেওঁৰ ৰোগে গুৰুতৰ ৰূপ ধাৰণ কৰে। আৰু প্ৰায় ১০ দিন তেজপুৰ চিভিল হাস্পতালৰ শয্যাগত হৈ ২০ জুনৰ নিশা ২.১০ বজাত ৰাভাদেৱে সমূহ অসমবাসীক কন্দুৱাই ইহলীলা সম্বৰণ কৰে। আৰু মৃত্যু শয্যাতেই তেওঁ লিখি যায় এটা অমৰ গীত-

   ‘এই মোৰ শেষ গান

   জীৱন নাটৰ শেষ ৰাগিনী

   কল্যাণ খৰমান….’। 

   সঁচাই বিষ্ণুপ্ৰসাদ ৰাভা আছিল এজন কলাৰ গুৰু। বিষ্ণুৰাভা জ্ঞানৰ আকৰ আছিল। ক’বলৈ গ’লে তেওঁ সৰ্বগুণসম্পন্ন ব্যক্তি আছিল। বৰ্তমান প্ৰচলিত শংকৰদেৱ আৰু মাধৱদেৱৰ চিত্ৰ ৰাভাদেৱেই অংকন কৰিছিল। বিষ্ণু ৰাভাই বহুতো গীত আৰু কবিতা ৰচনা কৰি থৈ গ’ল কিন্তু তাৰে বহুত গীত,কবিতা সংৰক্ষণৰ অভাৱত হেৰাই থাক। বিষ্ণুপ্ৰসাদ ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি থৈ গৈছে। তেওঁৰ গীতবোৰ  ‘ৰাভা সংগীত’ৰূপে সকলোৰে পৰিচিত। ৰাভাদেৱৰ মৃত্যু দিনটো অৰ্থাৎ ২০ জুন তাৰিখটো সকলো অসমীয়াই ‘ৰাভা দিৱস’ হিচাপে পালন কৰে। 

আৰু পঢ়়ক  বীৰ যোদ্ধা লাচিত বৰফুকন

2.9 7 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
2
0
Would love your thoughts, please comment.x
()
x