কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ কিছুমান আমোদজনক কাহিনী

   ‘কলাগুৰু’ বুলি ক’লে আমি সকলোৱে বিষ্ণুপ্ৰসাদ ৰাভাক চিনি পাওঁ যিটো উপাধি তেওঁক ১৯৩৯ চনত ‘কাশী হিন্দু বিশ্ববিদ্যালয়’ত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে প্ৰদান কৰিছিল। বিষ্ণুপ্ৰসাদ ৰাভা সঁচাই কলাগুৰু আছিল।তেওঁৰ কলাগুৰু উপাধিৰে তেওঁৰ সকলো কলাৰ ক্ষেত্ৰত পাৰ্গতালিৰ কথা প্ৰতিপন্ন কৰিছিল। কলাগুৰুৰ জন্ম,মৃত্যু,জীৱনপঞ্জী,তেওঁৰ সাহিত্যিক কাৰ্য্য আদিৰ বিষয়ে প্ৰায় পঢ়ি-শুনি থাকোঁ। সেয়ে,আজি এনে কিছুমান মনোগ্ৰাহী তথ্যৰ যোগান ধৰিছোঁ যি ৰাভাদেৱৰ জীৱনৰ লগত জড়িত আৰু আমি প্ৰায়ে এইবোৰ তথ্য নাজানো।

কলাগুৰুৰ জীৱনৰ বিষয়ে সৰু সৰু কথা:

  • ‌  কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই হাতীখুজীয়া বাটিত চাহ আৰু জা-জলপান খাই বৰ ভাল পাইছিল। তেওঁ সদায় মাটিত লেপেটা কাঢ়ি বহি কলপাতত ভাত খাবলৈ ভাল পাইছিল। 
  •  ১৯৫৯ চনত বামবেচেৰীয়াৰ বহাগ বিহুৰ বিহু মেলালৈ কলাগুৰু ৰাভাদেৱক অতিথিৰূপে নিমন্ত্ৰণ জনাইছিল। ৰাভাদেৱক নিবলৈ খোল-তাল বজাই গায়ন-বায়ন আগবাঢ়ি আহে। কিন্তু সেইসময়তে বায়নে খোলৰ চেও ভুলকৈ বজোৱাত কলাগুৰু বিষ্ণু ৰাভাই নিজে বায়নৰ হাতৰ পৰা খোল লৈ শুদ্ধ চেওত খোল বজাই নিজে নিজে গায়ন-বায়নতকৈ আগুৱাই যায়। 
  • ৰাভাদেৱৰ খঙো বহুত আছিল। ১৯৩৯ চনত তেওঁ কলিকতাৰ ৰাজস্থান হোটেলত প্ৰায় তিনি মাহমানৰ বাবে শোণিত কোঁৱৰ গজেন বৰুৱাৰ সৈতে আছিল। এদিন তাণ্ডৱ নৃত্যৰ বিষয়ে গজেন বৰুৱাই কিবা তৰ্ক কৰাত কলাগুৰু ৰাভাদেৱে আলনাৰ পৰা এটা চোলা আনি ফালি দিলে। ইফালে গজেন বৰুৱাৰ চোলা আছিল দুটাহে। গজেন বৰুৱাই কথাটো কোৱাত কলাগুৰু ৰাভাই পুনৰ আন এটা চোলা আনি ফালিব ল’লে। তেতিয়া গজেন বৰুৱাই ৰাভাক ক্ষমা খোজাতহে ৰাভাই চোলা ফালিব এৰি গজেন বৰুৱাক মৰমতে সাৱটি লৈছিল। 
  •   ‌১৯৬৯ চনৰ জানুৱাৰীৰ পৰা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই ঘৰতে জিৰণি লৈ আছিল। তেওঁ যিহেতু তেতিয়া দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল মাজে মাজে চিকিৎসা কৰোৱাই থাকে। আৰু লাহেকৈ তেওঁৰ শৰীৰ পৰি আহিবলৈ ধৰিলে। আৰু কলাগুৰুয়ে এখন বিয়াৰ নিমন্ত্ৰণী পত্ৰৰ পাছফালে তেওঁৰ জীৱনৰ অন্তিমটো গান লিখিলে-” এয়ে মোৰ শেষ গান,মোৰ জীৱন নাটৰ শেষ ৰাগিনী,কল্যাণ খৰমান। “
  •   ‌১৯৬৭ চনৰ বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় বিধায়কৰূপে নিৰ্বাচিত হওঁতে তেওঁৰ প্ৰতীক চিহ্ন আছিল পাল্লা। 
  •   বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনী ৰাভাই ১৯৬৬ চনৰ ১৬ জুলাইৰ দিনা এজনী ছোৱালীৰ জন্ম দিছিল। ছোৱালীজনী দেখিবলৈও ধুনীয়া আছিল। কিন্তু চাৰিদিনৰ পাছতে ২০ জুলাইৰ দিনা কন্যা সন্তানটিৰ মৃত্যু হয়। কলাগুৰু ৰাভাই চকুপানী টুকি টুকি ছোৱালীজনীক কোলাত তুলি লৈ পুতিলেগৈ। কিন্তু পোতোতে কোৰত লাগি তপিনা আৰু ভৰিৰ ফালে ৰাভাৰ পায়জামাটো ফাটি গৈছিল। এই পায়জামাটো পিন্ধিয়েই কলাগুৰু ৰাভাই ১৯৬৭ চনৰ ১৯ জানুৱাৰীত তেজপুৰৰ উপায়ুক্ত কাৰ্য্যালয়লৈ বিধানসভা নিৰ্বাচনৰ মনোনয়ন দিবলৈ আহিছিল। আৰু সেইটো পায়জামা পিন্ধিয়েই ৰাভাই নিৰ্বাচনৰ ভোটগণনাৰ দিনা আহিছিল।
  • মহেন্দ্ৰনাথ ডেকা ফুকনে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যুত “দৈনিক অসম”ত “বান্ধৈ” নামৰ এটা অন্তৰস্পৰ্শী কবিতা লিখিছিল।
  •  ৰাভাই কনকলতা মেধিৰ লগত তেওঁৰ বিবাহৰ পাছত এটা গীত লিখিছিল। সেইটো আছিল “ন পৃথিৱীৰ নতুন যুগ”।
  •  বিষ্ণু ৰাভাই ধুবুৰী জেইলত থাকোতে তিনিটা অপূৰ্ব গল্প ৰচনা কৰিছিল। সেইকেইটা আছিল-মামীৰ হাৰ,হিয়াৰ পুং আৰু কুৰি বছৰ জেইল।
  •  বিষ্ণু ৰাভাই অজ্ঞাতবাসৰ কালছোৱাত বহু ৰূপ ধাৰণ কৰিছিল।কেতিয়াবা সন্ন্যাসী, কেতিয়াবা ফকীৰ,কেতিয়াবা হালোৱা,কেতিয়াবা ম’হৰ গোৱাল, কেতিয়াবা মুছলমান মৌলবী, কেতিয়াবা নেপালী,কেতিয়াবা ভূটীয়া,কেতিয়াবা আবৰৰ ভেশ লৈ পুলিচৰ চকুত ধুলি মাৰি পলাই ফুৰিছিল।
  •  ৰাভাই অসমীয়াৰ উপৰি আন ১৭ টা ভাষা জানিছিল।তেওঁ শান্তি নিকেতনত ১৬ টা ভাষাৰ ১৬ টা গীত গাইছিল।

আৰু পঢ়কঃ সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ চমু জীৱনী

4.5 4 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x