তথ্যকোষসাময়িকী

আন্তৰ্জাতিক যোগ দিৱস ২০২০

   অহা ২১ জুন, ২০২০ তাৰিখে সমগ্ৰ বিশ্বই ষষ্ঠ আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰিবলৈ সাজু হৈছে। ২০১৪ বৰ্ষৰ ডিচেম্বৰ মাহত সংযুক্ত ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে (UNGA) মানৱ জীৱনত যোগৰ মহত্ব আৰু আৱশ্যকতাৰ কাৰণেই এই আন্তৰ্জাতিক যোগ দিৱসৰ ঘোষণা কৰিছিল। সংযুক্ত ৰাষ্ট্ৰ/ৰাষ্ট্ৰসংঘত অহা ২১ জুন, ২০২০ তাৰিখে ষষ্ঠ বাৰ্ষিক আন্তৰ্জাতিক যোগ দিৱস উদযাপন কৰা হ’ব।

আন্তৰ্জাতিক যোগ দিৱসৰ আঁৰৰ কাহিনী- 

   আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে পোন প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী মাননীয় শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদ (UNGA) ত ভাষণ প্ৰসংগত প্ৰস্তাৱ উত্থাপন কৰিছিল। ২১ জুনৰ দিনা উত্তৰ গোলাৰ্ধত বৰ্ষটোৰ সকলোতকৈ দীঘল দিন হয় আৰু সেয়ে ইয়েই পৃথিৱীৰ বিভিন্ন স্থানত বিশেষ মহত্বপূৰ্ণৰূপে পৰিগণিত হয়, এই হেতুকে মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২১ জুনৰ দিনটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে স্বীকৃতি দি সমগ্ৰ বিশ্বতে ইয়াক উদযাপন কৰিবৰ ঘোষণা কৰাৰ প্ৰস্তাৱ দাঙি ধৰে। এই বিশ্ব যোগ দিৱসৰ প্ৰতীকে সদায়েই মানৱতাৰ কাৰণে সদ্ভাৱ আৰু শান্তি প্ৰতিফলিত কৰে।  

২০২০ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱস-

   ২০২০ বৰ্ষৰ আন্তৰ্জাতিক যোগ দিৱসৰ থীম বা প্ৰতিপাদ্য বিষয় হৈছে- “Yoga at home and Yoga with family” অৰ্থাত্ ‘ঘৰত যোগ আৰু পৰিয়ালৰ সৈতে যোগ’- এয়া ভাৰত চৰকাৰৰ আয়ুস মন্ত্ৰণালয়ৰ দ্বাৰা ঘোষণা কৰা হৈছে।

   এই বৰ্ষৰ উল্লেখিত থীমে এই বাৰ্তা স্পষ্ট প্ৰতিফলিত কৰে যে কোভিড-১৯ ৰ এই সংকটকালত আমি সকলোৱে নিজৰ ঘৰত নিয়মিত যোগাভ্যাস কৰিব লাগে, কিয়নো এনে ধৰণৰ মহামাৰীৰ প্ৰতিৰোধ আৰু ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে এই নিয়মিত যোগাভ্যাসেই বৰ্তমান আটাইতকৈ উত্তম চিকিত্সাজনিত উপাদান/আধাৰ হিচাপে প্ৰতিপন্ন হৈছে। আমাৰ শৰীৰৰ অনাৱশ্যকীয় ওজন হ্ৰাস কৰাৰ উপৰিও মন আৰু আত্মাৰ পৰিতৃপ্তি তথা ইয়াক শান্ত কৰি ৰখাৰ প্ৰধান ও আৱশ্যকীয় আধাৰ হিচাপে যুগ যুগ ধৰি এই যোগ আৰু যোগাভ্যাসে লাভজনিত বা উপকাৰী হিচাপে প্ৰমাণিত হৈ আহিছে। 

যোগৰ উপকাৰিতা-

   যোগে সমগ্ৰ বিশ্বৰ বিপদ কালত মহত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়নো ইয়াতেই চিকিত্সা আৰু অন্য বৈকল্পিক ৰোগ প্ৰতিৰোধ শক্তি নিহিত হৈ আছে। মহামাৰী কৰোণা ভাইৰাছৰ সংহাৰৰ সময়ত আমি দেখা পাইছো যে এই মাৰাত্মক ভাইৰাছবিধৰ প্ৰকোপ দিনে দিনে বাঢ়িবলৈহে ধৰিছে, যাৰ ফলত মানুহে ঘৰৰ ভিতৰতে বন্ধ হৈ থাকি চিন্তা আৰু অৱসাদগ্ৰস্ত হৈ পৰিছে। সেয়েহে নিজকে সুখী আৰু চিন্তামুক্ত কৰি ৰাখিবৰ হেতুকে যোগেই বৰ্তমান উত্তম আৰু সময়োচিত চিকিত্সাজনিত মাধ্যম হ’ব যাৰ নিয়মিত অভ্যাসে নিশ্চিতভাৱে আমাৰ মনক অনাৱশ্যক চিন্তা তথা অৱসাদৰ পৰা মুক্ত কৰি ৰাখিবৰ সহায়ক হ’ব।

   কোভিড-১৯ ৰ এই দুঃসময়ত যোগৰ আৰু এটা লাভজনক কথা হৈছে যে এই যোগাভ্যাসে আমাৰ শ্বাস-প্ৰশ্বাসৰ সমস্যা দূৰ কৰিবলৈ আমাক সহায় কৰে। নিয়মিত প্ৰাণায়াম কৰাৰ অভ্যাসে আপুনি নিজেই নিজৰ অক্সিজেন সেৱন কৰাৰ ক্ষমতা পাঁচগুণ পৰ্যন্ত বৃদ্ধি কৰিব পাৰে। আমাৰ শৰীৰত মস্তিষ্ক, হৃদয়, হাওঁফাওঁ আৰু বিভিন্ন পাচনাংগবোৰক অধিক অক্সিজেনযুক্ত ৰক্তইহে ইয়াৰ কাৰ্যক্ষমতা সক্ৰিয় তথা উন্নত কৰি ৰখাৰ উপৰিও সমগ্ৰ স্বাস্থ্যকে সুস্থ কৰি ৰখাত সহায় কৰে।

   বিগত ২০১৯ বৰ্ষত, সংযুক্ত ৰাষ্ট্ৰসংঘই ‘Yoga For Climate Action’ ৰ ওপৰত যোগাভ্যাসৰ মাধ্যমেৰে ৰাইজৰ মাজত সচেতনতা বঢ়াবলৈ সিদ্ধান্ত কৰে, যিয়ে জলবায়ু পৰিৱৰ্তনৰ বৰ্তমান সমস্যাটো সমাধান কৰিব, কিয়নো ইয়েই নিজক আৰু প্ৰকৃতিৰ মাজত এক সন্তুলন বা সামঞ্জস্য স্থাপন কৰে।

সুস্থ হৃদয়/হৃদযন্ত্ৰৰ কাৰণে যোগাভ্যাসৰ উপকাৰিতা-

   যোগাসনে(মুদ্ৰা), শ্বাস-প্ৰক্ৰিয়াজনিত কৌশল আৰু ধ্যানস্থ শৰীৰৰ শ্বসন প্ৰণালীৰ মাধ্যমেৰে হৃদয়ক প্ৰভাৱিত কৰে, যিয়ে আমাৰ ৰক্তচাপৰ নিয়ন্ত্ৰণ কৰি কমাই ৰাখে, হাওঁফাওঁৰ ক্ষমতা বঢ়ায়, তেজত কলেষ্টৰলৰ স্তৰ হ্ৰাস কৰি শৰীৰত ৰক্ত সঞ্চালনৰ গতি বৃদ্ধি কৰে, যাৰ ফলত হৃদয় গতি বা হৃদযন্ত্ৰৰ গতি ফলপ্ৰসু পৰিৱৰ্তন ঘটে। 

   ভাৰতৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোডীয়ে ব্যক্ত কৰিছে এই যে- ‘যোগ ভাৰতবৰ্ষৰ প্ৰাচীন পৰম্পৰাৰ এক অমূল্য উপহাৰ। ই শৰীৰ আৰু মনৰ মাজত একতাৰ প্ৰতীক, চিন্তা আৰু ইয়াৰ কাৰ্যান্বয়ন, সংযম আৰু পূৰ্ণতা, মনুষ্য আৰু প্ৰকৃতিৰ মাজত সামঞ্জস্য স্থাপন, স্বাস্থ্য আৰু কল্যাণৰ হকে এক সমগ্ৰ দৃষ্টিকোণ। ই কেৱল এক ব্যায়ামেই নহয়, নিজৰ লগতে, পৃথিৱী আৰু প্ৰকৃতিৰ সৈতে একাত্মভাৱ অনুসন্ধানৰো কাৰক। আমাৰ জীৱন শৈলীক পৰিৱৰ্তন কৰি আৰু চেতনা জাগ্ৰত কৰি দেহৰ মংগল কৰিবৰ কাৰণে ই সহায় কৰে। আহক, আমি সকলোৱে মিলি এই আন্তৰ্জাতিক যোগ দিৱসক আকোঁৱালি ল’বৰ দিশত কৰ্মোদ্যোগী হৈ আগবাঢ়ো ’।

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x