তথ্যকোষসাময়িকী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ে কিছু কথা

   নৰেন্দ্ৰ ভাই দামোদৰ দাস মোডী ওৰফে চমুকৈ নৰেন্দ্ৰ মোডী। সামান্য এজন ৰে’ল ষ্টেচনৰ চাহ বিক্রেতাৰ পৰা বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱা এইজন ব্যক্তিয়েই হৈছে নৰেন্দ্ৰ মোডী যি ভাৰত মাতাৰ অক্লান্ত ভক্ত। জীৱনৰ বহুতো ঘাত-প্ৰতিঘাতকো নেওচি নৰেন্দ্ৰ মোডী আজি ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈছে তাৰ অন্তৰালত নিশ্চয়কৈ তেখেতৰ কঠোৰ শ্ৰম আৰু অধ্যৱসায় আছে। নৰেন্দ্ৰ মোডীয়ে কঠোৰ সংগ্ৰামৰ মাজেৰে নিম্নস্তৰৰ পৰা কাম কৰি কৰি প্ৰথম গুজৰাটৰ অন্যতম সফল মুখ্যমন্ত্ৰী হ’ল আৰু তাৰপাছতেই হ’ল ভাৰতৰ পঞ্চদশজন প্ৰধানমন্ত্ৰী। 

   নৰেন্দ্ৰ মোডীৰ জন্ম হৈছিল ১৯৫০ চনৰ ১৭ ছেপ্টেম্বৰৰ দিনটোত সেইসময়ৰ মহাৰাষ্ট্ৰৰ আৰু বৰ্তমান গুজৰাটৰ মেহচানা জিলাৰ ভাদনগৰৰ এখন ভিতৰুৱা গাঁৱত। তেঁৱেই স্বাধীনতাৰ পাছত জন্মা ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী। নৰেন্দ্ৰ মোডীৰ জন্ম হৈছিল গুজৰাটৰ ঘাঞ্চিটেলী নামৰ এটা জনগোষ্ঠীৰ পৰিয়ালত। নৰেন্দ্ৰ মোডীৰ পিতৃৰ নাম আছিল দামোদৰদাস মূলচান্দ মোডী আৰু মাতৃৰ নাম আছিল হীৰাবেন। নৰেন্দ্ৰ মোডী আছিল তেওঁৰ পিতৃ-মাতৃৰ তৃতীয়তে সন্তান। 

   নৰেন্দ্ৰ মোডীয়ে ভাদনগৰতে শিক্ষা লাভ কৰে। তেওঁ প্ৰাথমিক শিক্ষা লাভ কৰে ঘৰৰ কাষৰে এখন প্ৰাথমিক বিদ্যালয়ত। আৰু তাৰপাছত তেওঁ ভাগৱতাচাৰ্য নাৰায়নাচাৰ্য হাইস্কুলত নামভৰ্তি কৰে। তাৰপৰাই তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু বিছনগড় কলেজত নামভৰ্তি কৰে। 

   নৰেন্দ্ৰ মোডী কেতিয়াও শ্ৰেণীৰ পঢ়া-শুনাৰ ক্ষেত্ৰত এজন বিশেষ মেধাসম্পন্ন ছাত্ৰ নাছিল কিন্তু বিদ্যালয়ত অনুষ্ঠিত হোৱা নাটক,তৰ্ক,বক্তৃতা আদি প্ৰতিযোগিতাত নৰেন্দ্ৰ মোডীয়ে সদায় সফলতা লাভ কৰিছিল আৰু তেওঁ তেনেদৰেই নিজৰ তীক্ষ্ণবুদ্ধিৰ পৰিচয় দাঙি ধৰিছিল। নৰেন্দ্ৰ মোডীয়ে সৰুৰেপৰাই সকলো ক্ষেত্ৰতে নেতৃত্ব দি ভাল পাইছিল আৰু তেওঁ সদায় তেওঁৰ বন্ধু দলটোৰ দলপতি আছিল।

   নৰেন্দ্ৰ মোডীয়ে সৰুৰে পৰাই ভাদনগৰৰ পুথিভঁৰালত পোৱা শিশু আলোচনী আৰু আন আন গ্ৰন্থসমূহ অধ্যয়ন কৰিছিল। নৰেন্দ্ৰ মোডীৰ সৰুৰে পৰাই জীৱনৰ ব্ৰত আছিল আনক সহায় কৰা। তেওঁ সদায় স্পষ্টবাদী আছিল আৰু নিসংকোচে সকলোকে কথা কৈছিল। নৰেন্দ্ৰ মোডী স্কুলীয়া কালত এজন এন চি চিৰ কেডেট আছিল আৰু তাৰপৰাই তেওঁৰ যোগ,ব্যায়াম আদি অভ্যাসৰ আৰম্ভণি হৈছিল।

   বৰ্তমান আমি দেখি থকা নৰেন্দ্ৰ মোডীৰ দেশপ্ৰেমী মন সৰুৰে পৰাই তেওঁৰ অন্তৰত বিৰাজ কৰিছিল। ভাৰত পাকিস্তানৰ মাজত হোৱা দ্বিতীয় যুদ্ধৰ সময়ত নৰেন্দ্ৰ মোডীয়ে যুদ্ধৰ বাবে ৰে’লেৰে যাত্ৰা কৰা সেনাবাহিনীত জোৱানসকলক শুশ্ৰূষা কৰিছিল। নৰেন্দ্ৰ মোডীৰ পিতৃৰ ভাদনগৰ ৰে’লৱে ষ্টেচনত এখন চাহৰ দোকান আছিল। সেই দোকানতে তেওঁ চাহ দিয়া কামত দেউতাকক সহায় কৰিছিল আৰু তাত পৰৱৰ্তী পৰ্যায়ত ভায়েকৰ সৈতে মিলি তেওঁ ভাদনগৰ বাছ আস্থানত এখন চাহৰ দোকান দিছিল। 

   সেইসময়ত গুজৰাটত বাল্যবিবাহৰ প্ৰচলন আছিল আৰু তাৰেই পৰিপ্ৰেক্ষিতত মাত্ৰ ১৩ বছৰ বয়সতে নৰেন্দ্ৰ মোডীয়ে যশোদাবেনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিন্তু নৰেন্দ্ৰ মোডীৰ ঘৰ-সংসাৰৰ প্ৰতি কোনো ৰাপ নাছিল আৰু বিয়াৰ তিনিমাহৰ পাছতেই তেওঁ ঘৰ এৰি গুচি গৈছিল আৰু যশোদাবেনো তিনিবছৰ পতিগৃহত থাকি ঘৰলৈ ঘূৰি গৈছিল আৰু সেই যশোদাবেন পাছত পঢ়ি শুনি শিক্ষয়িত্ৰী হৈছিল। 

   নৰেন্দ্ৰ মোডী ঘৰৰ পৰা কোনো পা-পইচা নোলোৱাকৈ ওলাই গৈছিল। তাৰপাছতেই নৰেন্দ্ৰ মোডীয়ে ৰামকৃষ্ণ মিছনত কিছুদিন সন্ন্যাসীৰ জীৱন যাপন কৰিছিল আৰু তাৰ পৰাই তেওঁ প্ৰায় দুবছৰ কাল হিমালয়লৈ গৈ তপস্যা কৰি কটায়। তপস্যা কৰি ঘূৰি আহি নৰেন্দ্ৰ মোডী ঘৰলৈ যোৱা নাছিল তেওঁ “গুজৰাট ষ্টেট ৰোড ট্ৰেন্সপোৰ্ট ষ্টাফ কেণ্টিন”ত কাম কৰি পেটৰ ভাত মোকলাইছিল। 

   বিয়াৰ পাছতেই নৰেন্দ্ৰ মোডীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নামৰ এটা ছাত্ৰ সংগঠনত যোগ দিয়ে আৰু সভা সমিতিত উপস্থিত থাকি তেওঁৰ নেতৃত্ব গুণৰ কৰ্ষণ কৰে। সেইসময়তে নৰেন্দ্ৰ মোডীৰ প্ৰতিভাৰ উমান পাই তেওঁক অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ গুজৰাটৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব অপৰ্ণ কৰা হয়। এই দায়িত্ব পায়েই তেওঁ গুজৰাটৰ চুকে-কোনে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ শাখা গঢ়ি তুলিছিল। 

   নৰেন্দ্ৰ মোডীয়ে আঠ বছৰ বয়সৰে পৰাই নৰেন্দ্ৰ মোডীয়ে আৰ এছ এছৰ লগত জড়িত হৈছিল। ১৯৭০ চনত নৰেন্দ্ৰ মোডীয়ে আৰ এছ এছৰ পূৰ্ণকালীন প্ৰচাৰকৰ দায়িত্ব পায় আৰু লগতে তেওঁ আৰ এছ এছৰ মুখ্য কাৰ্য্যালয় নাগপুৰতো প্ৰশিক্ষণ গ্ৰহণ কৰে। আৰু ১৯৭২ চনৰ পৰা নৰেন্দ্ৰ মোডীয়ে নিয়মীয়াকৈ আৰ এছ এছৰ পূৰ্ণকালীন প্ৰচাৰকৰ কাম আৰম্ভ কৰে। এইখিনি সময়ত নৰেন্দ্ৰ মোডীয়ে তেওঁৰ কৰ্তব্যনিষ্ঠাৰ যোগেদি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল।

   এইখিনি সময়তে তেওঁ দূৰ সঞ্চাৰ মাধ্যমৰ জৰিয়তে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু একেদৰে  গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা তেওঁ ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেইসময়ত নৰেন্দ্ৰ মোডীয়ে তেওঁৰ কৰ্মেৰে সংঘৰ সকলোৰে মাজত বিশ্বাসভাজন হিচাপে প্ৰতিষ্ঠিত হৈছিল আৰু জনকল্যাণকামী কৰ্মৰ জৰিয়তে তেওঁ জনপ্ৰিয় হৈছিল। সেইসময়তে সিদ্ধাপুৰত বিশ্ব হিন্দু পৰিষদৰ গুজৰাট সন্মিলন অনুষ্ঠিত হয় আৰু তাৰ সকলো আয়োজনৰ ভাৰ পৰে নৰেন্দ্ৰ মোডীৰ হাতত। অত্যন্ত কৰ্মদক্ষতাৰে নৰেন্দ্ৰ মোডীয়ে এই সভাখন সফল কৰিলে। 

   ১৯৭৫ চনত ২৫ জুনৰ দিনা সমগ্ৰ ভাৰতবৰ্ষত ইন্দিৰা গান্ধী চৰকাৰে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল। সেইসময়ত ভাৰত চৰকাৰে চৰকাৰবিৰোধী যিকোনো লোকক বিনা বিচাৰে কাৰাগাৰত আবদ্ধ কৰি থৈছিল। নৰেন্দ্ৰ মোডী আছিল তেতিয়া আৰ এছ এছৰ এজন সবল আৰু সফল প্ৰচাৰক। নৰেন্দ্ৰ মোডীয়ে সেইসময়ত তেওঁকো গ্ৰেপ্তাৰ কৰিব বুলি আত্মগোপন কৰিলে। আৰু সেইখিনি সময়তে গোপন সভা-সমিতি,বিভিন্ন গোপন খবৰ সংগৃহিত কৰি নেতাসকলৰ বাবে প্ৰেৰণ, গোহাৰি পত্ৰ ছপা কৰি বিতৰণ কৰা আদি কামৰ দায়িত্ব লাভ কৰিলে আৰু শৃংখলাবদ্ধতা আৰু সক্ৰিয়তাৰে সেইবোৰ কাম সম্পন্ন কৰাত নৰেন্দ্ৰ মোডী ভাৰতৰ বৰ বৰ বিৰোধী নেতাসকলৰ প্ৰিয়পাত্ৰ হৈ উঠিল।

   সেইসময়ত নৰেন্দ্ৰ মোডীয়ে কেতিয়াবা সন্ন্যাসী,পাঞ্জাৱী,বোৰ্খা পৰিহিত মহিলা আদি নানা বেশেৰে ঠাই সলনি কৰি আত্মগোপন কৰি ফুৰিছিল আৰু কাৰাগাৰত আবদ্ধ বিৰোধী নেতাসকলক লগ কৰিবলৈও তেওঁ ভেশচন ধৰি গৈছিল। এই ১৯৭০-৮০ ৰ দশকটোৱেই নৰেন্দ্ৰ মোডীক দেশৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ নিচেই কাষলৈ লৈ যায়। জৰুৰীকালীন সময়তে নৰেন্দ্ৰ মোডীয়ে “মুক্তবাণী” নামৰ এখন মুখপত্ৰত প্ৰকৃত গণতান্ত্ৰিক আদৰ্শৰ ওপৰত লেখা ছপাইছিল। এইসময়তে তেওঁ “সংঘৰ্ষ না গুজৰাট” বুলি এখন গ্ৰন্থ ৰচনা কৰিছিল। 

   ১৯৭৮ চনত নৰেন্দ্ৰ মোডীৰ প্ৰচাৰক হিচাপে  দায়িত্ব বৃদ্ধি পাইছিল। তেওঁৰ অধীনত সংঘৰ ছখন জিলাৰ কাৰ্যভাৰ দিয়া হৈছিল। তাৰপাছতে তেওঁ “আঞ্চলিক মুখ্য”ৰ পদবী লাভ কৰে। ১৯৮১ ৰ পৰা নৰেন্দ্ৰ মোডী আহমেদাবাদৰ আৰ এছ এছৰ মুখ্য কাৰ্য্যালয়ত থাকে আৰু ইয়াৰ ভগ্নী সংগঠনবোৰৰ লগত যোগাযোগ ৰখাৰ দায়িত্ব লাভ কৰে। এই সময়তে তেওঁ নিজস্ব সম্পাদনাৰে “সাপ্তাহিক সাধনা” পত্ৰিকা প্ৰকাশ কৰে। 

   ১৯৮৫ চনত নৰেন্দ্ৰ মোডীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ পৰিয়ালৰ ৰাজনৈতিক দল ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। আৰু যোগদান কৰিয়েই তেওঁ গুজৰাটৰ গাঁৱে-ভূঞে বিজেপি দলৰ ভেঁটি সুদৃঢ় কৰাৰ দায়িত্ব লয়। ১৯৮৮ চনত নৰেন্দ্ৰ মোডীয়ে বিজেপি দলৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ গ্ৰহণ কৰে। আৰু তাৰপৰা তেওঁৰ ৰাজনৈতিক যাত্ৰাৰ অশ্বমেধ ঘোঁৰা ৰৈ যোৱা নাই। নৰেন্দ্ৰ মোডীৰ প্ৰচেষ্টা আৰু সাংগঠনিক ভেঁটি সুদৃঢ়কৰণৰ বাবে ১৯৯৫ চনত বিজেপিয়ে গুজৰাটত ক্ষমতা দখল কৰিবলৈ সক্ষম হয়। নৰেন্দ্ৰ মোডীয়ে এই সময়ছোৱাতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ভুমুকি মাৰে।

   লালকৃষ্ণ আদৱানীৰ ৰথযাত্ৰাৰ নৰেন্দ্ৰ মোডী আছিল মুখ্য সহযোগী। তাৰপাছত মুৰলী মনোহৰ যোশীৰ নেতৃত্বত হোৱা একতা যাত্রাতো নৰেন্দ্ৰ মোডীয়ে যোশীৰ এজন মুখ্য সহযোগী আছিল। নৰেন্দ্ৰ মোডীৰ বাকপটুতা,কৰ্মপ্ৰেমিতা আৰু পৰিশ্ৰমৰ বাবেই এই যাত্ৰা সফল হৈছিল আৰু নৰেন্দ্ৰ মোডীয়েও দলত নিজৰ গুৰুত্ব বৃদ্ধি কৰে। ১৯৯৫ চনত নৱেম্বৰত নৰেন্দ্ৰ মোডীয়ে বিজেপিৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পদত নিযুক্তি লাভ কৰে আৰু তাৰ লগতে দেশৰ পাঁচখন ৰাজ্যত বিজেপিৰ ভেঁটি সুদৃঢ় কৰিবলৈ দায়িত্ব অৰ্পণ কৰে। সকলো দায়িত্ব নিষ্ঠা আৰু সততাৰে পালন কৰি নৰেন্দ্ৰ মোডীয়ে ১৯৯৮ চনত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদত নিযুক্ত হয়। 

   তাৰপাছতেই ২০০১ চনত গুজৰাটৰ মুখ্যমন্ত্ৰী কেশোভাই পেটেল ৰোগাক্ৰান্ত হোৱাত আৰু তেওঁৰ বিৰুদ্ধে কিছুমান গুৰুতৰ অভিযোগ উত্থাপন হোৱাত বিজেপিয়ে ২০০১ চনৰ ৭ অক্টোবৰ তাৰিখে নৰেন্দ্ৰ মোডীক গুজৰাটৰ মুখ্যমন্ত্ৰীৰূপে নিযুক্ত কৰে। নৰেন্দ্ৰ মোডীৰ মুখ্যমন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণৰ পাঁচমাহৰ পাছতেই গুজৰাটত ভয়াৱহ সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি হয় যি “গোধৰা কাণ্ড” হিচাপে আজিও বিতৰ্কিত। সেইসময়ত গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডী সকলোৰে ককৰ্থনাৰ বলি হ’বলগা হয়। নৰেন্দ্ৰ মোডীয়ে মুখ্যমন্ত্ৰী হিচাপে এই ঘটনাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে আৰু ৰাজ্যপালে বিধানসভা ভঙ্গ কৰে।

   আৰু ইয়াৰ পাছতেই হোৱা বিধানসভাৰ নিৰ্বাচনত গুজৰাটত নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ ভাৰতীয় জনতা পাৰ্টিয়ে ১৮২ ৰ ভিতৰত ১২৭ খন আসন দখল কৰি সংখ্যাগৰিষ্ঠতা লাভ কৰে আৰু প্ৰমাণ কৰে যে সেই সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে তেওঁ দায়ী নহয় আৰু তেওঁ গুজৰাটৰ জনতাৰ জনমানসত উত্তম। পুনৰ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে ২০০৭ চনত আৰু ২০১২ চনত বিপুল সংখ্যাগৰিষ্ঠতাৰে গুজৰাটত ক্ষমতা দখল কৰে আৰু নৰেন্দ্ৰ মোডীয়ে একেৰাহে চাৰিবাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হয়। গুজৰাটৰ মুখ্যমন্ত্ৰী থকাকালত নৰেন্দ্ৰ মোডীয়ে গুজৰাটক ভাৰতৰ এখন অন্যতম শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠিত কৰে। তেওঁ গুজৰাট প্ৰদেশৰ উন্নয়নৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। নৰেন্দ্ৰ মোডীৰ অধীনত গুজৰাটৰ সৰ্বাংগীন বিকাশ সাধন হৈছিল। নৰেন্দ্ৰ মোডীয়ে গুজৰাটৰ মুখ্যমন্ত্ৰীত্বৰ কালত লোৱা কিছুমান আঁচনি হ’ল – পঞ্চামৃত আঁচনি,জ্যোতিগ্ৰাম আঁচনি,সুজলাম সুফলাম আঁচনি,বেটী বচাও, কৰ্মযোগী আঁচনি,বালভোগ আঁচনি,মাতৃ বন্দনা আঁচনি আদি। 

   ২০১২ চনৰ পৰা নৰেন্দ্ৰ মোডী পোনপটীয়াকৈ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ আহে। ২০১২ চনত তেওঁক বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ বোৰ্ডৰ সভাপতি নিযুক্ত কৰা হয়। ইয়াৰ পাছতেই ২০১৩ চনত নৰেন্দ্ৰ মোডীক বিজেপিৰ সংসদীয় বোৰ্ডৰ সদস্য হিচাপে মনোনীত কৰা হয়। আৰু ২০১৩ ৰ ১৩ ছেপ্টেম্বৰৰ দিনা নৰেন্দ্ৰ মোডীক ২০১৪ ৰ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ দলীয় প্ৰাৰ্থীৰূপে ঘোষণা কৰে। আৰু তাৰপৰাই তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিৰ মুখলৈ আহে। ২০১৪ ৰ নিৰ্বাচনত নৰেন্দ্ৰ মোডীয়ে বাৰাণসী আৰু বদোদৰা দুটা সমষ্টিৰ পৰা নিৰ্বাচন খেলি দুয়োটাতে জয়ী হৈছিল আৰু তেওঁৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিয়ে অকলে ২৮২ খন আসন লাভ কৰি একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল আৰু এক অভূতপূৰ্ব সফলতা লাভ কৰিছিল।

   বিজেপি নেতৃত্বাধীন এন ডি এই সেই নিৰ্বাচনত ৩৩৫ খন আসন দখল কৰি দেশৰ ক্ষমতাৰ বাঘজৰী লৈছিল। ২০১৪ চনৰ ২৬ মে’ৰ দিনা নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ পঞ্চদশ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰে। পুনৰ পাঁচবছৰৰ অন্তত ২০১৯ চনত দেশৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈ যায় আৰু নৰেন্দ্ৰ মোডীৰ সবল নেতৃত্বত বিজেপিৰ নেতৃত্বাধীন এন ডি এই পুনৰ সৰ্বমুঠ ৩৫৩ খন আসন দখল কৰি একেৰাহে দ্বিতীয়বাৰৰ বাবে ক্ষমতা দখল কৰে। 

   নৰেন্দ্ৰ মোডীয়ে দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হৈ ভালেমান যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। অত্যন্ত সাহসীকতাৰে নৰেন্দ্ৰ মোডীৰ চৰকাৰে পাকিস্তানৰ ওপৰত এবাৰ চার্জিকেল ষ্ট্ৰাইক আৰু এবাৰ এয়াৰ ষ্ট্ৰাইকৰ দৰে কঠোৰ সিদ্ধান্ত লৈছে। সন্ত্ৰাসবাদ দমনৰ বাবে নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ভাৰত চৰকাৰে কঠোৰতম ব্যৱস্থা হাতত লৈছে। জি এছ টি,বিমুদ্ৰাকৰণ,জম্মু কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰ আদি নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰীয় চৰকাৰৰ কিছুমান যুগান্তকাৰী পদক্ষেপ। “মেক ইন ইণ্ডিয়া” শ্লোগানেৰে নৰেন্দ্ৰ মোডীয়ে ভাৰতত সকলো বস্তু নিৰ্মাণৰ প্ৰতি অনুপ্ৰেৰণা আগবঢ়াইছে। 

   নৰেন্দ্ৰ মোডী এজন অতি সাধাৰণ ভাৰতীয় যি ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হ’ল। সংসদ ভৱনত প্ৰৱেশৰ প্ৰথমদিনাই নৰেন্দ্ৰ মোডীয়ে সংসদৰ খটখটীত মূৰ দোৱাই সেৱা লৈছিল। দৈনিক প্ৰায় ১৮ ঘণ্টা কাম কৰা নৰেন্দ্ৰ মোডী এজন নিৰামিষহাৰি ব্যক্তি। তেওঁ দৈনিক সদায় যোগাসন কৰে। ভাৰতবাসীক নৰেন্দ্ৰ মোডীয়ে তেওঁৰ সাহসৰ যোগেদি প্ৰেৰণা দিছে। তেওঁৰ “সৱকা সাথ,সৱকা বিকাশ” শ্লোগানেৰে সমগ্ৰ ভাৰতক সামৰি লৈছে। একেৰাহে দুবাৰ চৰকাৰ গঠন কৰা প্ৰথমজন অ-কংগ্ৰেছী প্ৰধানমন্ত্ৰী হিচাপে ভাৰতৰ ৰাজনৈতিক ইতিহাসত নৰেন্দ্ৰ মোডীৰ নাম সদায় জিলিকি থাকিব।

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ে ক… […]

1
0
Would love your thoughts, please comment.x
()
x