আজিৰ বাতৰিসাময়িকী

আজিৰ বাতৰি কাকতৰ শিৰোনাম

আজিৰ সংবাদ শীৰ্ষ–১২ ডিচেম্বৰ,২০২০ চন

ৰাজ্যিক-

১) ছবছৰৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হ’ল তিতাবৰৰ ঠেঙাল সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়ৰ। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰিলে এই সাংস্কৃতিক কেন্দ্ৰ আৰু সংগ্ৰহালয়। 

২) কাৰাগাৰৰ অন্ধ কুঠৰীৰ পৰাই হুংকাৰ অখিল গগৈৰ – পুনৰ তীব্রতৰ হ’ব কা আন্দোলন। ২০২১ ৰ বিধানসভা নিৰ্বাচনত বিজেপিক পৰাভূত কৰি বিধানসভাৰ প্ৰথম অধিৱেশনতে কৰিম কা বাতিল। 

৩) আজি প্ৰমাণ হ’ব হাগ্ৰামা-হিমন্তৰ দম্ভালিৰ আচল স্বৰূপ। বহু প্ৰত্যাশিত বি টি আৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব আজি। 

৪) আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ সৈতে মালিগাঁৱৰ আডিংগিৰিৰ আৰ এছ এছ কাৰ্য্যালয়ত সাক্ষাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। ২০২১ৰ নিৰ্বাচনৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা। 

উৎস – অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয় –

১) ভিডিঅ’ কনফাৰেন্সৰ যোগেদি হোৱা ভাৰত – উজবেকিস্তানৰ দ্বি-পাক্ষিক সন্মিলনত নখন চুক্তি স্বাক্ষৰিত। অতি শীঘ্ৰে সম্পন্ন হ’ব বিনিয়োগৰ চুক্তিও। 

২) দেশত অব্যাহত আছে কৃষক আন্দোলন। চৰকাৰলৈ দেশৰ প্ৰাক্তন আমোলাসকলৰ গোহাৰি –  চৰকাৰে শুনক কৃষকৰ মনৰ বতৰা। 

৩) সীমান্তত পুনৰ যুদ্ধবিৰতি উলংঘা কৰিলে পাকিস্তানে। ভাৰতীয় সৈন্যৰ গুলীচালনাত নিহত পাঁচ পাক সৈন্য। 

৪) ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ সূচনা – ২০২১ ৰ ন জানুৱাৰীত ভাৰ্চুৱেলভাৱে হ’বলগা প্ৰবাসী ভাৰতীয় দিৱস মুকলি কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ২০২১ ৰ প্ৰবাসী ভাৰতীয় দিৱসৰ মূলমন্ত্ৰ – আত্মনির্ভৰ ভাৰতলৈ বৰঙণি। 

উৎস – দা হিন্দু

আন্তঃৰাষ্ট্ৰীয় –

১) ডোনাল্ড ট্ৰাম্পৰ ভেট’ প্ৰয়োগৰ ভাবুকিক নস্যাৎ কৰি ৭৪০ বিলিয়ন ডলাৰৰ প্ৰতিৰক্ষা আইন গৃহীত আমেৰিকান সংসদত। 

২) ব্ৰেক্সিটৰ পাছত প্ৰথমবাৰৰ বাবে ব্ৰিটেইনে ছিংগাপুৰৰ লগত কৰিলে মুক্ত বাণিজ্য চুক্তি। 

৩) আফগানিস্তান আৰু ইৰাণৰ মাজত প্ৰথমবাৰৰ বাবে আৰম্ভ হ’ল ৰে’লসেৱা। দুয়োখন দেশৰ বাণিজ্যত ফলদায়ী হোৱাৰ সম্ভাৱনা। 

৪) বিশ্ববিখ্যাত টাইম আলোচনীৰ “২০২০ বৰ্ষটোৰ ব্যক্তি” হিচাপে নিৰ্বাচিত আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি ক্ৰমে জ’ বিডেন আৰু কমলা হেৰিছ। 

উৎস – দা হিন্দু

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

0
Would love your thoughts, please comment.x
()
x