নিয়োগ বাৰ্তাসাময়িকী

উত্তৰ পূব পৰিষদ(NEC)ৰ মেধাৱী শিক্ষাৰ্থীৰ জলপানি ২০২০-২১

■ উত্তৰ-পূব পৰিষদ মেধাৱী শিক্ষাৰ্থীৰ জলপানি,২০২০-২১ (NEC MERIT SCHOLARSHIP,2020-21)::

   উত্তৰ-পূব পৰিষদে ২০২০-২১ চনৰ বিত্তীয় বৰ্ষৰ বাবে NEC MERIT SCHOLARSHIP ৰ বাবে নটিফিকেচন জাৰি কৰিছে। উত্তৰ-পূব ভাৰত তথা ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন পৰ্য্যায়ৰ বিভিন্ন বিভাগত অধ্যয়ন কৰি থকা উত্তৰ -পূব ভাৰতৰ শিক্ষাৰ্থীসকলে এই জলপানিৰ বাবে অনলাইন আৱেদন কৰিব পাৰিব। আগ্ৰহী শিক্ষাৰ্থীসকলে NEC MERIT SCHOLARSHIP 2020-21ৰ বাবে আৱেদন কৰিবলৈ তলত দিয়া তথ্যসমূহ অনুসৰণ কৰক ::

■ উত্তৰ-পূব পৰিষদ মেধাৱী শিক্ষাৰ্থী জলপানি,২০২০-২১(NEC MERIT SCHOLARSHIP,2020)ৰ তথ্য ::

১) জলপানিৰ নাম:: উত্তৰ-পূব পৰিষদ মেধাৱী শিক্ষাৰ্থী জলপানি,NEC MERIT SCHOLARSHIP

২) বিত্তীয় বৰ্ষ :: ২০২০-২১

৩) সৰ্বমুঠ জলপানি :: ১৬০০ গৰাকী

৪) জলপানিৰ কৰ্তৃপক্ষ :: উত্তৰ পূব পৰিষদ(NEC), ভাৰত চৰকাৰৰ ড’নাৰ মন্ত্ৰালয়

■ NEC MERIT SCHOLARSHIP ৰ যোগ্যতাৰ মাপকাঠি ::

১) এই জলপানিটোৰ বাবে কেৱল উত্তৰ-পূৰ্বাঞ্চলত স্থায়ীভাৱে বসবাস কৰা ছাত্ৰইহে আৱেদন কৰিব পাৰিব।
২) ২০২০-২১ বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে এই জলপানিটো NATIONAL SCHOLARSHIP PORTAL(NSP)ৰ জৰিয়তে মুকলি কৰা হ’ব।
৩) এই জলপানিটোৰ বাবে এবাৰ নিৰ্বাচিত হোৱাৰ পাছত নিৰ্দিষ্ট কোৰ্চটো শেষ নকৰা পৰ্যন্ত জলপানি পাই থাকিব আৰু প্ৰত্যেক বছৰে ৰিনিউ কৰি থাকিব লাগিব।
৪) এই জলপানিটো লৈ থকা অৱস্থাত আন যিকোনো উৎসৰ পৰা কোনো জলপানি বা বিত্তীয় সাহাৰ্য্য গ্ৰহণ কৰি থাকিব নোৱাৰিব।
৫) এজন শিক্ষাৰ্থীয়ে এই জলপানিটো বছৰৰ প্ৰাৰম্ভিক পৰ্য্যায়তে আৱেদন কৰিব লাগিব।পৰৱৰ্তী বৰ্ষত এই জলপানি লাভ কৰিবৰ বাবে ৰিনিউ কৰিব লাগিব।
৬) যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানত ডিপ্লোমা,স্নাতক,স্নাতকোত্তৰ আৰু M. Phill/Ph D কৰি থকা শিক্ষাৰ্থী এই জলপানিটোৰ বাবে আৱেদন কৰিবলৈ যোগ্য বিবেচিত হ’ব।
৭) যিসকল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয় আঠ লাখ টকাতকৈ কম,সেইসকল শিক্ষাৰ্থীয়েহে এই জলপানিৰ বাবে আৱেদন কৰিব পাৰিব।ইয়াৰ প্ৰমাণ স্বৰূপে আৱেদনকাৰী শিক্ষাৰ্থীয়ে নিৰ্দিষ্ট কৰ্তৃপক্ষই দিয়া আয়ৰ প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব।

■ NEC MERIT SCHOLARSHIP,2020-21 ৰ বাবে শিক্ষাগত অৰ্হতা::

    এই জলপানি লাভ কৰিবলৈ আৱেদনকাৰী শিক্ষাৰ্থীৰ নিম্নোক্ত অৰ্হতাসমূহ থাকিব লাগিব –

◆ পৰ্য্যায়:: ডিপ্লোমা
●উত্তীৰ্ণ হ’বলগা পৰীক্ষা:যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা মেট্ৰিক/উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব।

◆ পৰ্য্যায়:: ডিগ্ৰী
● উত্তীৰ্ণ হ’বলগা পৰীক্ষা:যিকোনো স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৬০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব।

◆ পৰ্য্যায়:: স্নাতকোত্তৰ
● উত্তীৰ্ণ হ’বলগা পৰীক্ষা:যিকোনো স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠান/বিশ্ববিদ্যালয়ৰ পৰা ৬০ শতাংশ নম্বৰসহ স্নাতক উত্তীৰ্ণ হ’ব লাগিব।

◆ পৰ্য্যায়:: M Phill/Ph D
● উত্তীৰ্ণ হ’বলগা পৰীক্ষা:যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম ৬০ শতাংশ নম্বৰসহ স্নাতকোত্তৰ উত্তীৰ্ণ হ’ব লাগিব।

■ NEC MERIT SCHOLARSHIP ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়া:

◆ নির্দিষ্ট আঁচনিৰ নিয়মাৱলী আৰু NSP ৰ প্ৰক্ৰিয়াৰ শেষত আৱেদনকাৰী শিক্ষাৰ্থীফ মাজৰ পৰা নিৰ্বাচন কৰি মেৰিট লিষ্ট দিয়া হ’ব।
◆ M Phill আৰু Ph D ৰ পৰা জলপানিৰ বাবে শিক্ষাৰ্থী নিৰ্বাচনৰ বাবে মূলতঃ উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত গৱেষণা কৰা শিক্ষাৰ্থীক বেছি গুৰুত্ব দিয়া হ’ব।
◆ এই জলপানি সম্পূৰ্ণ যোগ্যতাৰ ভিত্তিত দিয়া হ’ব।নিৰ্দিষ্ট পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত মেৰিট লিষ্ট তৈয়াৰ কৰা হ’ব।

■ NEC MERIT SCHOLARSHIP ৰ ধনৰাশি::

◆ ডিপ্লোমা::প্ৰতিবছৰে ২০,০০০ টকা
◆ স্নাতক::প্ৰতিবছৰে ২২,০০০ টকা
◆ স্নাতকোত্তৰ::প্ৰতিবছৰে ২৫,০০০ টকা
◆ M Phill/Ph D::প্ৰতিবছৰে ৩০,০০০ টকা

■ NEC MERIT SCHOLARSHIP,2020-21 ৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰ::

১) স্থায়ী বাসিন্দাৰ প্ৰমানপত্ৰ(PRC)
২) আয়ৰ প্ৰমানপত্ৰ(INCOME CERTIFICATE)
৩) বেংক একাউন্টৰ পাচবুক
৪) উত্তীৰ্ণ হোৱা পৰীক্ষাৰ তথ্য
৫) M Phill/Ph D ৰ বাবে নিৰ্দিষ্ট বিশ্ববিদ্যালয়ৰ অফিচিয়েল নথি-পত্ৰ
৬) NSP ৰ নীতি-নিয়মমতে আন আন নথি-পত্ৰ

■ NEC MERIT SCHOLARSHIP,2020-21 ৰ বাবে গুৰুত্বপূৰ্ণ দিন::
◆ অনলাইন আৱেদন প্ৰক্ৰিয়া আৰম্ভণিৰ দিন:: ১৬ আগষ্ট,২০২০
◆ অনলাইন আৱেদন প্ৰক্ৰিয়াৰ অন্তিম দিন:: ৩১ অক্টোবৰ,২০২০

অনলাইন আৱেদন কৰিবলৈ ক্লিক কৰক

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x