তথ্যকোষপৰ্যালোচনাসাময়িকী

কৰম পূজা বা কৰম পৰৱঃ চাহ জনগোষ্ঠীৰ জাতীয় উৎসৱ

    ভাৰতৰ পূৰ্ব দিশত অৱস্থিত অসম এখন বৈচিত্ৰ্যৰে ভৰপূৰ ৰাজ্য। অসমত নানা জাতি-জনগোষ্ঠীৰ লোক বাস কৰে আৰু এই জাতি-জনগোষ্ঠীবিলাকৰ মাজত অসমত বৈচিত্ৰ্যৰ মাজত ঐক্য বিৰাজমান। অসমত বাস কৰা এটা অতি গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী। অসমৰ এই চাহ জনগোষ্ঠীৰ লোকসকলেই পালন কৰে “কৰম পৰৱ” অৰ্থাৎ “কৰম পূজা”। কৰম পূজা অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ প্ৰধান জাতীয় উৎসৱ। কৰম পূজা মূলতঃ এটা কৃষিভিত্তিক উৎসৱ। কৰম পূজা চাহ জনগোষ্ঠীয় লোকসকলৰ জীৱনৰ লগত একাত্ম হৈ থাকে। চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনৰ লগত কৰম পূজাৰ লগত বিজড়িত পৰম্পৰাগত কলা-সংস্কৃতি,ৰীতি-নীতিসমূহ ঐতিহাসিকভাৱে সংপৃক্ত হৈ আছে। 

    অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৰম পূজাক এক উৰ্বৰতাৰ পৰ্বৰূপে ক’ব পাৰি। কিয়নো শ্ৰমজীৱী চাহ শ্ৰমিক সকলে কৃষি তথা উৰ্বৰতাৰ প্ৰতীকৰূপে এই কৰম পূজা পালন কৰে। সকলো ৰাইজে যাতে কোনো অসুবিধা নোহোৱাকৈ কৃষি-কাৰ্য্য কৰিব পাৰে আৰু শস্য যাতে নদন-বদন হয়,এই উদ্দেশ্যেৰেই কৰম পূজা পালন কৰা হয়। কৰম পূজা ভিন ভিন ঠাইভেদে কৰবাত ৩ দিন,কৰবাত ৫ দিন বা কৰবাত ৭ দিনকৈ পালন কৰা হয়। কৰম পূজা বা কৰম পৰৱ প্ৰত্যেক বছৰে তিনিটা সময়ত পালন কৰা হয় আৰু তিনিওটা কৰম পৰৱকে তিনিটা ভিন ভিন নামেৰে জনা যায়। সেইকেইটা হ’ল ক্ৰমে –

১) ভাদ মাহৰ শুক্লা একাদশী তিথিত পালন কৰা কৰম পৰৱক “জিতিয়া কৰম” বোলা হয়। 

২) আহিন মাহৰ বিজয়া দশমী তিথিত পালন কৰা কৰম পৰৱক “বুঢ়ী কৰম” বোলা হয়। 

আৰু ৩) আঘোণ মাহৰ পূৰ্ণিমাত পালন কৰা কৰম পৰৱক “ৰাস ঝুমুৰ” বোলা হয়। 

    এই আটাইকেইটা কৰম পৰৱৰ ভিতৰত “জিতিয়া কৰম” অধিক ওলহ-মালহেৰে তথা আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয়। 

    কৰম পূজা মুখ্যতঃ এক নাৰীকেন্দ্ৰিক উৎসৱ। এই কৰম পূজাৰ আচাৰ-অনুষ্ঠানবিলাকত যুৱতীসকলেই প্ৰধান ভূমিকা গ্ৰহণ কৰে। কৰম পূজাত অংশগ্ৰহণ কৰা যুৱতীসকলক “কৰমতী” বুলি কোৱা হয়। কৰম পূজা অনুষ্ঠিত হোৱাৰ পাঁচদিন,তিনিদিন বা সাতদিন আগতে কৰমতী অৰ্থাৎ কৰম ব্ৰতী যুৱতীসকলে দুটি সৰু নতুন বাঁহৰ টুকুৰী (টোপা) লৈ নদীৰ ঘাটলৈ যায় আৰু নদীত গা-পা ধুই এডোখৰ ঠাই পৰিষ্কাৰ কৰি লৈ থাপনা পাতে আৰু ধূপ-ধূনা,চাকি-বন্তি জ্বলাই ফুল-নৈবেদ্যৰে আৰতি কৰি কৰম দেৱতাক আৰাধনা কৰে আৰু লগত নিয়া টুকুৰীত প্ৰত্যেক কৰমতীয়ে একাজলিকৈ বালি ভৰায় আৰু বুট,ধান,মটৰ, মাটিমাহ ,গােমধান,ঘেঁহু,সৰিয়হ,মগুমাহ আদি শস্য গজালি মেলি বংশ-বৃদ্ধি কৰিবলৈ সিঁচি দিয়ে। এই নিৰ্দিষ্ট কাৰ্য্যক ঠাইভেদে “জাৱাধৰা” বা “ঝাৱাধৰা” বুলি জনা যায়। সেই শস্যখিনি যাতে অনিষ্টকাৰী কীট-পতংগই কোনহ ক্ষতি কৰিব নােৱাৰে তাৰ বাবে গণেশ দেৱতাৰ নামত নৈবেদ্য উচৰ্গা কৰে। আৰু এই শস্যখিনি কৰম পূজাৰ দিনালৈকে অংকুৰিত হয়। 

    সেইদিনাৰ পৰা কৰম পূজাৰ দিনটোলৈকে জাৱাধৰা ঘৰত কৰমতীসকলে সন্ধ্যা চাকি-বন্তি আৰু ধূপ-ধূনা জ্বলাই জাৱা জাগ্ৰত কৰে আৰু সেইদিনাৰ পৰাই যুৱতীসকলে কিছুমান পবিত্র ধৰ্মীয় নীতি-নিয়ম কঠোৰভাৱে পালন কৰি চলিব লগা হয়। কৰমতীয়ে নিয়ম উলংঘা কৰিলে অংকুৰিত শস্যখিনি সতেজ নহয় এক পুৰণি লোকবিশ্বাস জড়িত হৈ আছে। কৰমতী সকলে পালন কৰা নিৰ্দিষ্ট নিয়ম সমূহ হৈছে – সিদ্ধ আহাৰ গ্ৰহণ কৰা ,তেল-হালধিযুক্ত আঞ্জা আৰু মিঠাজাতীয় খাদ্য গ্ৰহণ নকৰা,গৰম আহাৰ গ্রহণ নকৰা,মূৰ আঙুলিৰে নখজুৱা,চুলি ফণিয়াব নােৱাৰা , আমিষ খাদ্য গ্ৰহণ নকৰা, নিশা পোন হৈ শোৱা। এনে নিৰ্দিষ্ট নিয়মসমূহ পালন কৰাহে প্ৰকৃত কৰমতীৰ কৰ্তব্য। এই নীতি-নিয়মসমূহ পালন নকৰিলে জাৱা লেৰেলি যায়,গজালি ভাঙে, ৰঙচুৱা হয় নতুবা নষ্ট হৈ যায়। 

    জাৱা জগোৱাৰ নিয়মমতে ,পূজাৰ আগেয়ে বৰণ কৰি থােৱা কৰম অৰ্থাৎ চিকা মৰলীয়া গছজোপাৰপৰা ডাল কাটি আনি ধুনীয়াকৈ চোতালত বেদী স্থাপন কৰি ৰোৱা হয়। ভিন ভিন ঠাইভেদে কৰমডালৰ কাষত বাঁহৰ আগ আৰু জৰিগছৰ ডালো পােতা হয়। এনেদৰে ডাল পুতি কৰা কৰম পূজাক “ডাল কৰম” বুলি অভিহিত কৰা হয়। আনহাতেদি, বাঁহৰ আগলি অংশ সৰু সৰুকৈ ফালি তাক মােটোকাই ফুলসদৃশ ৰূপ দি মাটিত পুতি কৰা পূজাক “ফুল কৰম”  অভিধা দিয়া হয় ।  সন্ধিয়া হােৱাৰ লগে লগে মূল পূজা আৰম্ভ কৰা হয় ।  প্রথমতে পূজাৰ বেদীত ধূপ-ধূনা , চাকি-বন্তি জ্বলাই পূৰ্বতে তুলি থোৱা জাৱাসহ ফুল-ফল আদি উচৰ্গা  কৰা হয় ।  তাৰ পাছত কহনী বুঢ়া অৰ্থাৎ পূজাৰ পুৰােহিতে উপবাসে থকা কৰমতীসকলক পূজাৰ বেদীৰ কাষত বহুৱাই লৈ কৰম পূজা সৃষ্টিৰ কাহিনী আৰু কৰম পূজাৰ প্ৰৱৰ্তকৰূপে চিহ্নিত কৰমা আৰু ধৰমাৰ আখ্যান শুনায়।

    পূজাৰ বেদীৰ চাৰিওফালে কৰম দেৱতাক মুঠ সাতপাক প্ৰদক্ষিণ কৰি আৰতি কৰে। এনেদৰে প্ৰদক্ষিণৰ কালতে কৰমতীসকলে কৰম গছৰ একোটাকৈ ডালত কৰমতীসকলে নতুন হালধি দিয়া কাপোৰেৰে বান্ধি ডালত ধৰি থিয় হৈ ৰয় আৰু পুৰোহিতে সোধা প্ৰশ্নৰ যথাযথ উত্তৰ প্ৰদান কৰে আৰু শেষত কৰমতীসকলে কৰম দেৱতা আৰু পুৰোহিতক সেৱা জনায় আৰু পুৰোহিতক নিজৰ সাধ্য অনুযায়ী অৰিহণা দি নিজৰ মনোকামনা সিদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে আৰু পূজাৰ সমাপ্তিৰ পাছতেই আৰম্ভ হয় প্ৰসাদ বিতৰণ পৰ্ব। তাৰ লগে লগে আৰম্ভ হয় চাহ-জনগোষ্ঠীয় লোকসকলৰ ফুৰ্তি-তামাছা নৃত্য-গীতৰ বিশেষ অনুষ্ঠান। ওৰেটো নিশা চলি থকা এই নৃত্য-গীতৰ অনুষ্ঠানক ঝুমুৰ নাচ বা ঝুমুৰ গীত বুলি কোৱা হয়। এই ঝুমুৰ গীতবোৰত চাহ-জনগোষ্ঠীয় জনজীৱনৰ লগত জড়িত বিভিন্ন বিষয় প্ৰতিফলিত হোৱা দেখা যায়। 

    পিছদিনা ৰাতিপুৱাই সূৰ্যোদয়ৰ লগে লগেই কৰমতীসকলে পুৰোহিতৰ লগত শ্ৰদ্ধা-সন্মানসহ বেদীৰ পৰা কৰমৰ ডালটো উভালি নি ঢােল-মাদলৰ ছেৱে ছেৱে নৃত্য-গীত কৰি কৰি গৈ পুখুৰী বা নদীত বিসর্জন দিয়ে। আৰু সেইদিনা সন্ধিয়া কৰমতীসকলে বিসৰ্জন দিয়া কৰমডালৰ অৱশিষ্ট গাঁতটোৰ কাষত চাকি-বন্তি প্ৰজ্বলন কৰে আৰু এমুঠিকৈ মাটি দি সেই গাঁতটো পুতি দিয়ে। এই বিশেষ পৰ্বত “গাড়া ভোতা” বুলি কোৱা হয়। 

    কৰম পূজা মুখ্যতঃ চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীসকলৰ অনুষ্ঠান। কিন্তু এই অনুষ্ঠানত আবাল বৃদ্ধ বণিতাই সমানে ৰং-ৰহইছ কৰা পৰিলক্ষিত হয়। ঝুমুৰ নাচ কৰম পূজাৰ এক মুখ্য উপাদান। ঝুমুৰ গীত আৰু নাচৰ অবিহনে কৰম পূজা আধৰুৱা। ঝুমুৰ গীতসমূহৰ অধিকাংশতে প্ৰেম-প্ৰীতিৰ বতৰা প্ৰকাশ পায়। 

    কৰম পূজা অসমৰ এক অন্যতম পবিত্ৰ লোকানুষ্ঠান তথা চাহ জনগোষ্ঠী লোকসকলৰ জীৱনৰ এক অভিন্ন অংগ। কৰম পূজাই চাহ জনগোষ্ঠীৰ লোকসকলৰ জীৱনত এক নতুন সঞ্জীৱনীৰ যোগান ধৰে। কৰম পূজাই সকলো খাটি খোৱা চাহ জনগোষ্ঠীৰ লোকৰ মনত এক নব্য আনন্দৰ জোৱাৰ তোলে আৰু মানুহৰ দেহ,মন-প্ৰাণ প্ৰফুল্লিত কৰি তোলে। মুখ্যতঃ নাৰীয়ে আগ-ভাগ লোৱা এই কৰম পূজাৰ অনুষ্ঠানক নাৰীকেন্দ্ৰিক উৎসৱ বুলিও আখ্যা দিব পাৰি। কৰম পূজা ঘাইকৈ প্ৰকৃতিৰ উৰ্বৰা শক্তিৰ বৃদ্ধি,শস্য শ্যামলা হোৱা,সমাজৰ পৰা অপকাৰ নাশ হোৱা আৰু সমাজৰ সমৃদ্ধি আদি উদ্দেশ্য লৈ পালন কৰা হয়। ই এক লোকবিশ্বাসৰ আধাৰত গা কৰি উঠিছে আৰু যুগ যুগান্তৰলৈ এই উৎসৱ অনুষ্ঠিত হৈ গৈ থাকিব। 

3.8 5 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x