তথ্যকোষসাময়িকী

দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে চমু আলোকপাত

   শক্তি থাকিলে সংঘৰ্ষ অৱধাৰিত। বিশ্বখন সৃষ্টিৰ আদিকালৰে পৰাই নিজৰ নিজৰ প্ৰভূত্ব বিস্তাৰৰ বাবে বিশ্বৰ শক্তিসমূহৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত ঘটি আহিছে। আৰু এই সংঘৰ্ষই বিশ্বত ব্যাপক ধন-জনৰ ক্ষতি কৰি আহিছে। বিশ্বত এখন দেশৰ লগত আন এখন দেশৰ প্ৰায়ে যুদ্ধ সংঘটিত হৈ থাকে। কিন্তু এই যুদ্ধসমূহৰ উপৰিও এতিয়ালৈকে বিশ্বত দুখন প্ৰলয়ংকাৰী যুদ্ধ সংঘটিত হৈ গৈছে য’ত বিশ্বৰ অধিকাংশ দেশেই জড়িত হৈ পৰিছিল। এই যুদ্ধই আছিল বিশ্বযুদ্ধ বা মহাযুদ্ধ। ইতিহাসৰ পাতত আমি দুয়োখন যুদ্ধকে প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধ বুলি জানো। বিশ্বযুদ্ধ,এই শব্দটিতে যেন এক অনাহুত ভয়াৱহতা লুকাই আছে। বিশ্বযুদ্ধই এক ধ্বংসাত্মক পৰিস্থিতিৰ অৱতাৰণা কৰে যি পৰিস্থিতিত বিশ্ববাসী এবাৰ নহয় দুবাৰ সন্মুখীন হৈছে। 

   দ্বিতীয় বিশ্বযুদ্ধ আছিল বিশ্বত আজিলৈকে সৰ্বাত্মক ধ্বংস হোৱা এখন যুদ্ধ যি যুদ্ধত পাৰমাণৱিক শক্তিৰো ব্যৱহাৰ হৈছিল। দ্বিতীয় বিশ্বযুদ্ধত পক্ষ আছিল দুটা -১)ফ্ৰান্স-ইংলেণ্ড-আমেৰিকা-ৰাছিয়া নেতৃত্বাধীন মিত্ৰ শক্তি আৰু ২)জাৰ্মানী-জাপান-ইটালী নেতৃত্বাধীন এক্সিছ অৰ্থাৎ অক্ষীয় শক্তি। দ্বিতীয় বিশ্বযুদ্ধই বিশ্বখনৰ ৰূপেই সলনি কৰি পেলাইছিল আৰু সেই পৰিৱৰ্তন অৰ্থনৈতিক, ৰাজনৈতিক,সামৰিক,বৈজ্ঞানিক, সামাজিক আদি সকলো ক্ষেত্ৰতে পৰিলক্ষিত হৈছিল। প্ৰথম বিশ্বযুদ্ধ সংঘটিত হৈছিল ১৯১৪ ৰ পৰা ১৯১৮লৈ। আৰু এই বিশ্বযুদ্ধ শেষ হোৱাৰ মাথোঁ কুৰি বৰ্ষৰ পাছতেই বিশ্বত সূচনা হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ। ১৯৩৯ চনৰ ১ ছেপ্টেম্বৰৰ দিনা জাৰ্মানীয়ে পোলেণ্ডৰ ওপৰত অতৰ্কিতে আক্ৰমণ কৰে আৰু সেইদিনাই দ্বিতীয় বিশ্বযুদ্ধৰ ৰণভেৰী বাজিছিল শতিকাৰ খলনায়ক এডলফ হিটলাৰৰ হাতত। দ্বিতীয় বিশ্বযুদ্ধৰ অভিধাৰে বিশ্বত আৰম্ভ হৈছিল এক সামৰিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমণৰ। 

■ কিয় হ’ল দ্বিতীয় বিশ্বযুদ্ধঃ

   দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হোৱাৰ অন্তৰালত বহুতো কাৰণ অন্তৰ্নিহিত আছে। দ্বিতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰাত অৰিহণা যোগোৱা এই কাৰণসমূহ  হৈছে-

১) ভাৰ্চাই সন্ধিৰ অপমানজনক চৰ্তসমূহ::

   প্ৰায় ১৫৬৫ দিন জুৰি বিশ্বৰ মহাশক্তিসমূহৰ মাজত প্ৰথম বিশ্বযুদ্ধ চলিছিল আৰু এই যুদ্ধৰ শেষত শান্তি স্থাপনৰ বাবে সকলো বিজয়ী আৰু  বিজিত দেশসমূহৰ প্ৰতিনিধিসকলৰ মাজত পেৰিছত শান্তি আলোচনা হৈছিল। এই শান্তি সন্মিলনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সন্ধি আছিল-মিত্ৰ শক্তি আৰু জাৰ্মানীৰ মাজত স্বাক্ষৰিত ভাৰ্চাই সন্ধি। এই সন্ধিৰ চৰ্তসমূহ আছিল অত্যন্ত অবিবেচকী,নীতিপৰায়ণ আৰু প্ৰতিহিংসাত্মক। 

   ভাৰ্চাই সন্ধিয়েই মূলতঃ দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এক পটভূমি সৃষ্টি কৰিছিল। এই সন্ধি আছিল দৰাচলতে জাৰ্মানীৰ প্ৰতি এক চূড়ান্ত মিথ্যাচাৰ। এই সন্ধিৰ ফলত জাৰ্মানীয়ে নিজৰ সকলো উপনিৱেশ হেৰুওৱাৰ লগতে নিজৰ দেশৰ কিছু অঞ্চলো মিত্ৰশক্তিক দিব লগা হৈছিল। আৰু মিত্ৰশক্তিক জাৰ্মানীয়ে অকলেই ৬,৬০০ মিলিয়ন পাউণ্ড ষ্টাৰলিং ক্ষতিপূৰণ দিবলগা হৈছিল। এনেসমূহ অসহনীয় তথা অসন্মানজনক চৰ্তই জাৰ্মানসকলৰ মনত এক ক্ষোভৰ উদ্গীৰণ ঘটাইছিল। আৰু সেই ক্ষোভৰ এক জ্বলন্ত বৰ্হিপ্ৰকাশ আছিল দ্বিতীয় বিশ্বযুদ্ধ। 

২) বিশ্ব শান্তি স্থাপনত জাতিসংঘৰ ব্যৰ্থতাঃ

   দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিত অৰিহণা যোগোৱা আন এক কাৰক হৈছে বিশ্বশান্তি স্থাপনৰ ক্ষেত্ৰত জাতিসংঘৰ চূড়ান্ত ব্যৰ্থতা। প্ৰথম বিশ্বযুদ্ধৰ পৰিসমাপ্তি ঘটাৰ পাছতেই ১৯২০ চনত বিশ্ব শান্তি স্থাপনৰ লক্ষ্যৰে জাতিসংঘ নামৰ এক আন্তঃৰাষ্ট্ৰীয় অভিভাৱক সংগঠন গঠন হৈছিল। কিন্তু জাতিসংঘৰ কিছুমান অবিবেচকী সিদ্ধান্ত তথা পক্ষপাতিত্বমূলক আচৰণৰ বাবে ই ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল আৰু ই নিজৰ নিৰ্দিষ্ট লক্ষ্য সাধনত অসফল হৈছিল। প্ৰথম কথা,আমেৰিকা যুক্তৰাষ্ট্ৰ জাতিসংঘৰ সদস্য ৰাষ্ট্ৰ নাছিল। দ্বিতীয় কথা,জাতিসংঘক ইংলেণ্ডৰ দৰে শক্তিশালী দেশসমূহে নিজৰ আঙুলিৰ ওপৰত নচুৱাইছিল। তৃতীয় কথা,জাতিসংঘৰ নিজৰ কোনো সৈন্যদল নাছিল বাবে বিশ্বৰ দেশসমূহৰ উগ্ৰ আগ্ৰাসনমূলক আচৰণ ই ৰোধিব পৰা নাছিল। এইসমূহ দুৰ্বলতাৰ বাবে জাতিসংঘই নিজৰ উদ্দেশ্যত উপনীত হ’ব পৰা নাছিল আৰু বিশ্ব দ্বিতীয় বিশ্বযুদ্ধৰ দৰে বিভীষিকাৰ দিশে ঢাল খাইছিল। 

৩) ইটালীত বেনিট’ মুছলিনীৰ নেতৃত্বত ফেচিবাদৰ উত্থানঃ

   প্ৰথম বিশ্বযুদ্ধ অন্ত পৰাৰ কেইবছৰমানৰ পাছতেই ইটালীত বেনিট’ মুছলিনীৰ নেতৃত্বত ফেচিবাদী শাসনৰ অভ্যুত্থান ঘটিছিল। আৰু এই অভ্যুত্থানৰ অন্তৰালতে আছিল প্ৰথম বিশ্বযুদ্ধৰ অন্তত মিত্ৰশক্তিৰ আন সদস্যগণে ইটালীৰ প্ৰতি পোষণ কৰা অনীহাসূচক ভাৱ। প্ৰথম বিশ্বযুদ্ধৰ অন্তত বিজয়ী পক্ষত থাকিও কিন্তু ইটালীয়ে একো লাভ কৰা নাছিল বৰঞ্চ লাভ কৰিছিল অপমান। এইসমূহৰ ফলশ্ৰুতিতেই ইটালীত ফেচিবাদৰ উত্থান ঘটে। আৰু ই হৈ উঠে দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ এক অন্যতম কাৰক। ইটালীৰ ফেচিবাদী শাসক বেনিট’ মুছলিনীয়ে উগ্ৰ সাম্ৰাজ্যবাদেৰে বিশ্বত ইটালীৰ প্ৰভুত্ব স্থাপনৰ চেষ্টা কৰিছিল আৰু জাৰ্মানী-জাপানৰ সৈতে লগ হৈ আন আন গণতান্ত্ৰিক দেশবোৰৰ লগত সংঘৰ্ষ লিপ্ত হয়। ইয়ে দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ বাট মুকলি কৰে। 

৪) জাৰ্মানীত একনায়কত্ববাদী শাসক এডলফ হিটলাৰৰ আবিৰ্ভাৱঃ

   দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ ক্ষেত্ৰত মূল জগৰীয়া হৈছে এডলফ হিটলাৰ। হিটলাৰৰ আত্মগৌৰৱী মনোভাৱৰ ফলতে বিশ্বক্ষয়ী এই দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা হয়। ১৯৩৩ চনত হিটলাৰৰ নেতৃত্বাধীন “নাজী দল” জাৰ্মানীৰ ক্ষমতাত অধিষ্ঠিত হয়। ক্ষমতাত অধিষ্ঠিত হৈয়েই হিটলাৰে জাৰ্মানীত একনায়কত্ববাদৰ সূচনা কৰে। ভাৰ্চাই শান্তি চুক্তি ভৰিৰে গছকি হিটলাৰে নিজৰ সাম্ৰাজ্যবাদী লালসাৰ দ্বাৰা লালায়িত হৈ নতুন নতুন দেশ জয় কৰি নিজৰ দেশত চামিল কৰে আৰু সকলোৰে প্ৰতি অংগুষ্ঠ প্ৰদৰ্শন কৰে আৰু ই হৈ পৰে বিশ্ব ধ্বংসকাৰী দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিৰ এক অন্যতম কাৰক। 

৫) বিশ্বৰ দেশসমূহৰ অস্ত্ৰৰ বাবে সৃষ্টি হোৱা প্ৰতিযোগিতাঃ

   প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী কালতে বিশ্বৰ দেশবিলাকৰ মাজত নতুন নতুন অস্ত্ৰ উদ্ভাৱন তথা অস্ত্ৰ ক্ৰয়ৰ প্ৰতি প্ৰতিযোগিতাৰ সৃষ্টি হয় আৰু ইয়ে দ্বিতীয় বিশ্বযুদ্ধ সৃষ্টিত প্ৰভূত বৰঙণি যোগায়। এনেদৰেই বিশ্বলৈ নতুন নতুন অস্ত্ৰৰ আগমন ঘটে আৰু দেশবিলাকে নিজৰ নিজৰ সামৰিক বাহিনী তথা অস্ত্ৰবল বৃদ্ধি কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰে আৰু ইয়েই সূচনা কৰে দ্বিতীয় বিশ্বযুদ্ধৰ বাবে এক পৈণত পৰিৱেশ। 

   এনেবোৰ কাৰণেই বিশ্বৰ দেশবিলাকক দুটা পৃথক শিবিৰত বিভক্ত কৰি বিশ্বত দ্বিতীয় বিশ্বযুদ্ধৰ সূচনা কৰে আৰু ই হয় বিশ্ব ধ্বংসকাৰী এটা কাৰক যিয়ে এটা প্ৰজন্মক অন্ধকাৰৰ গৰ্ভলৈ ঠেলি দিলে। মুঠৰ ওপৰত দ্বিতীয় বিশ্বযুদ্ধ আছিল দুখনমান নিৰ্দিষ্ট সাম্ৰাজ্যবাদী দেশৰ ক্ষমতাৰ লালসাৰ এক পৰিণাম যাৰ ফল ভোগ কৰিছিল সমগ্ৰ বিশ্বই আৰু সেয়ে ই আখ্যা পাইছিল দ্বিতীয় বিশ্বযুদ্ধ। 

5 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰি দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ কৰাৰ দৰে পুটিনৰ নেতৃত্বত […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x