নিয়োগ বাৰ্তাসাময়িকী

অসম চৰকাৰৰ স্বাস্থ্য বিভাগত ১৫৭ টা অকাৰিকৰী পদ

   অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ে বিভাগীয় ১৫৭ টা অ-কাৰিকৰী পদত নিযুক্তিৰ বাবে এক নটিফিকেচন জাৰি কৰিছে। অসমৰ দহখন জিলা চিকিৎসালয় আৰু তিনিখন মহকুমা চিকিৎসালয়ৰ বাবে এই ১৫৭ টা তৃতীয় শ্ৰেণীৰ অ-কাৰিকৰী পদত নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰা হৈছে। অসমৰ নতুনকৈ গঠন হোৱা ছখন জিলা মাজুলী,চৰাইদেউ,পশ্চিম কাৰ্বি আংলং,হোজাই,দক্ষিণ শালমাৰা-মানকাছাৰ আৰু বিশ্বনাথ চাৰিআলিৰ লগতে আন আন জিলাৰ স্বাস্থ্য বিভাগত খালী হৈ থকা পদসমূহ এই নিযুক্তিৰ জৰিয়তে পূৰণ কৰা হ’ব। আবেদনকাৰীসকলে তলত এই বিষয়ে সবিশেষ তথ্য লাভ কৰিব আৰু আবেদন কৰিব পাৰিব। 

■ অসম চৰকাৰৰ স্বাস্থ্য সঞ্চালকালয়ৰ অন্তৰ্গত তৃতীয় শ্ৰেণীৰ ১৫৭ টা(অ-কাৰিকৰী) পদত নিযুক্তিৰ সবিশেষ::

১) স্বাস্থ্য শিক্ষক(Health Educator)

◆ মুঠ পদৰ সংখ্যা – ৬ টা

◆ শিক্ষাগত অৰ্হতা- 

  • আবেদনকাৰীজন যিকোনো চৰকাৰী স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ পৰা কলা/বিজ্ঞান/বাণিজ্য ৰ ভিতৰত যিকোনো এটা শাখাত স্নাতক উত্তীৰ্ণ হ’ব লাগিব। 
  • আবেদনকাৰীজনৰ নূন্যতম ছমাহৰ কম্পিউটাৰ শিক্ষণৰ ডিপ্লোমা থাকিব লাগিব। 

২) গাণনিক(Accountant)

◆ মুঠ পদৰ সংখ্যা- ১৩ টা

◆ শিক্ষাগত অৰ্হতা-

  • আবেদনকাৰীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা বাণিজ্য শাখাতত স্নাতক(B. Com) ডিগ্ৰী লাভ কৰিব লাগিব। 
  • আবেদনকাৰীজনৰ নূন্যতম ছমাহৰ কম্পিউটাৰ শিক্ষণৰ ডিপ্লোমা থাকিব লাগিব। 

৩) পৰিসংখ্যা সহায়ক(Statistical Assistant)::

◆ মুঠ পদৰ সংখ্যা – ৬ টা

◆ শিক্ষাগত অৰ্হতা- 

  • আবেদনকাৰীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা গণিত,পৰিসংখ্যা বা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। 
  • আবেদনকাৰীজনৰ নূন্যতম ছমাহৰ কম্পিউটাৰ শিক্ষণৰ ডিপ্লোমা থাকিব লাগিব। 

৪) একাউন্ট সহায়ক আৰু কেচিয়াৰ(Account Assistant cum Cashier)::

◆ মুঠ পদৰ সংখ্যা – ৭ টা

◆ শিক্ষাগত অৰ্হতা-

  • আবেদনকাৰীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা বাণিজ্য শাখাত স্নাতক(B. Com) ডিগ্ৰী লাভ কৰিব লাগিব। 
  • আবেদনকাৰীজনৰ নূন্যতম ছমাহৰ কম্পিউটাৰ শিক্ষণৰ ডিপ্লোমা থাকিব লাগিব। 

৫) কণিষ্ঠ সহায়ক(Junior Assistant/LDA)::

◆ মুঠ পদৰ সংখ্যা- ৬০ টা

◆ শিক্ষাগত অৰ্হতা-

  • আবেদনকাৰীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা কলা/বিজ্ঞান/বাণিজ্যৰ যিকোনো এটা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। 
  • আবেদনকাৰীজনৰ নূন্যতম ছমাহৰ কম্পিউটাৰ শিক্ষণৰ ডিপ্লোমা থাকিব লাগিব। 

৬) পৰিসাংখ্যিক ক্লাৰ্ক(Statistical Clerk)::

◆ মুঠ পদৰ সংখ্যা – ৬ টা

◆ শিক্ষাগত অৰ্হতা-

  • আবেদনকাৰীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা কলা/বিজ্ঞান/বাণিজ্যৰ যিকোনো এটা শাখাত স্নাতক ডিগ্ৰী লাভ কৰিব লাগিব। 
  • আবেদনকাৰীজনৰ নূন্যতম ছমাহৰ কম্পিউটাৰ শিক্ষণৰ ডিপ্লোমা থাকিব লাগিব। 

৭) ষ্ট’ৰ কীপাৰ(Store Keeper)::

◆ মুঠ পদৰ সংখ্যা- ৯ টা

◆ শিক্ষাগত অৰ্হতা- 

  • আবেদনকাৰীজনে যিকোনো স্বীকৃতিপ্ৰাপ্ত চৰকাৰী শিক্ষানুষ্ঠানৰ পৰা কলা/বিজ্ঞান/বাণিজ্যৰ যিকোনো এটা শাখাত উচ্চতৰ মাধ্যমিক সুদানত পৰীক্ষা উত্তীৰ্ণ হ’ব লাগিব। 
  • আবেদনকাৰীজনৰ নূন্যতম ছমাহৰ কম্পিউটাৰ শিক্ষণৰ ডিপ্লোমা থাকিব লাগিব। 

■ সংৰক্ষিত পদ::ST(P),ST(H),SC,OBC/MOBC,EWS,PwD আৰু মহিলাসকলৰ বাবে চৰকাৰৰ নীতি-নিয়ম অনুসৰি পদৰ সংৰক্ষণ কৰা হ’ব। 

■ বয়স:: ০১/০১/২০২০ অনুসৰি আবেদনকাৰীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৪০ বছৰতকৈ বেছি হ’ব নোৱাৰিব। OBC/MOBC ৰ বাবে তিনিবছৰ আৰু ST(P),ST(H) আৰু SC ৰ বাবে পাঁচবছৰ বয়সৰ উৰ্ধসীমা ৰেহাই দিয়া হ’ব। 

■ আবেদনৰ মাচুল:: এই আবেদনৰ বাবে কোনো মাচুল লোৱা নহয়। 

■ নিযুক্তিৰ প্ৰক্ৰিয়া::

   প্ৰথমতে,আবেদনকাৰীসকলৰ মাজত OMR ভিত্তিত ১০০ নম্বৰৰ বিকল্পধৰ্মী প্ৰশ্নৰ পৰীক্ষা অনুষ্ঠিত হ’ব।  তাৰ পৰৱৰ্তী পৰ্যায়ত ২৫ নম্বৰৰ বাবে এক যোগ্যতাৰ পৰীক্ষা বা কাৰ্যদক্ষতা পৰীক্ষা অনুষ্ঠিত হ’ব। 

   বিকল্পধৰ্মী প্ৰশ্নৰ পৰীক্ষাৰ সৰ্বমুঠ ১০০ নম্বৰৰ ভিতৰত ৭৫ নম্বৰৰ ইংৰাজী আৰু ২৫ নম্বৰৰ সাধাৰণ জ্ঞানৰ প্ৰশ্ন হ’ব। 

   এই পৰীক্ষাটোৰ ফলাফলৰ ভিত্তিত তাৰ পাছতেই পাছতেই ১:৩ অনুপাতত অৰ্থাৎ এটা পদৰ বিপৰীতে তিনিজনকৈ পৰীক্ষাৰ্থীক কাৰ্যদক্ষতাৰ পৰীক্ষালৈ মতা হ’ব। 

   সৰ্বশেষত দুয়োটা পৰীক্ষাত অৰ্থাৎ সৰ্বমুঠ ১২৫ নম্বৰৰ ভিতৰত লাভ কৰা নম্বৰৰ ভিত্তিত অন্তিম ফলাফল ঘোষণা কৰা হ’ব। 

■ প্ৰয়োজনীয় নথি-পত্ৰ::

১) দুখন স্ব-প্ৰত্যায়িত(Self Attested) পাছপোর্ট ফটো। 

২) বয়সৰ প্ৰমাণৰ বাবে জন্মৰ প্ৰমানপত্ৰ/মেট্ৰিকৰ এডমিট/মেট্ৰিকৰ উত্তীৰ্ণৰ প্ৰমানপত্ৰ। 

৩) মেট্ৰিকৰ পৰা আৰম্ভ কৰি উত্তীৰ্ণ হোৱা সকলো পৰীক্ষাৰ মাৰ্কছিট আৰু চাৰ্টিফিকেট। 

৪) স্থায়ী বাসিন্দাৰ প্ৰমানপত্ৰ(PRC)

৫) জাতিৰ প্ৰমানপত্ৰ। 

৬) নিয়োগ বিনিময় কেন্দ্ৰ(Employment Exchange)  ৰ চাৰ্টিফিকেট। 

৭) কম্পিউটাৰৰ ডিপ্লোমা উত্তীৰ্ণৰ প্ৰমাণপত্ৰ। 

৮) নিৰ্দিষ্ট কৰ্তৃপক্ষই দিয়া EWS চাৰ্টিফিকেট। 

■ গুৰুত্বপূৰ্ণ দিন::

◆ আবেদন প্ৰক্ৰিয়া আৰম্ভণিৰ দিন:: ১০/০৯/২০২০

◆ আবেদন প্ৰক্ৰিয়াৰ অন্তিম দিন :: ২৪/০৯/২০২০ ৰ মাজনিশা। 

আবেদনকাৰীসকলে তলৰ লিংকত গৈ আবেদন কৰিব পাৰে – 

ক্লিক কৰক

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x