পৰ্যালোচনাসাময়িকী

কৃষক আন্দোলন – ২০২০

( কৃষক আন্দোলন ভাৰতীয় কৃষক সমাজৰ বাবে কোনো নতুন কথা নহয়। তাহানিৰ পথৰুঘাটৰ আন্দোলন অসমীয়া মানুহৰ বাবে ইয়াৰ এক উত্কৃষ্ট উদাহৰণ। সমগ্ৰ ভাৰতবৰ্ষতে আৰম্ভ হোৱা ২০২০ বৰ্ষৰ কৃষকৰ আন্দোলনৰ ওপৰতে আমাৰ এক বিশেষ আলোচনা)  

মাটি আৰু খেতিয়কৰ

সম্বন্ধ আছে যুগ-যুগৰ

কৃষক মাটিৰ মিলনত

দিয়ে অন্তৰায়,

দিয়ে অন্তৰায় 

-(ভূপেন হাজৰিকাৰ  ‘অ’ মোৰ ধৰিত্ৰী আই’ শীৰ্ষক গীত)

ৰাষ্ট্ৰ ব্যৱস্থাৰ উৎপত্তিৰ পাছৰে পৰাই বিভিন্ন ৰাষ্ট্ৰত বিভিন্ন সময়ত কৃষক সমাজ আৰু শাসক সকলৰ মাজত সংঘাত সৃষ্টি হৈ আহিছে। এনে সংঘাতে আনকি বহু সময়ত ৰাষ্ট্ৰৰ চৰিত্ৰকেই সলনি কৰি পেলাইছে। অসম তথা ভাৰতৰ ইতিহাসটো এনে বহুতো কৃষক বিদ্ৰোহৰ উদাহৰণ আছে। বিশেষকৈ ঔপনিবেশিক বৃটিছৰ আগমণৰ পাছৰ পৰা ভাৰতত এনে কৃষক বিদ্ৰোহ সংঘটিত হ’বলৈ আৰম্ভ কৰিছিল। বংগৰ নীল খেতিয়ক সকলৰ ‘নীল বিপ্লৱে’ সেইসময়ৰ ইংৰাজ শাসকসকলৰ টোপনি হৰিছিল। অসমতো ফুলগুৰিৰ কৃষক বিদ্ৰোহ আৰু পথৰুঘাটৰ কৃষক বিদ্ৰোহে ইংৰাজৰ দিনত এক বিশেষ মাত্ৰা লাভ কৰিছিল। বৰ্তমান একবিংশ শতিকাৰ দ্বিতীয় দশকতো ভাৰতীয় শাসকসকলে এক ভংয়কৰ কৃষক বিদ্ৰোহৰ সন্মুখীন হৈছে। এই বিদ্ৰোহৰ কাৰণ বিশ্লেষণ কৰিবলৈ আমি এটা উদাহৰণৰ সহায় ল’ব পাৰো। 

অসমত বৰ্তমান সময়ত খুব জনপ্ৰিয় হোৱা এটা ধাৰণা হৈছে-বিভিন্ন কোম্পানীৰ সৈতে চুক্তিবদ্ধ হৈ ব্ৰয়লাৰ পালন কৰা পদ্ধতিটো। এই কাৰ্যই বহুতো নিবনুৱাৰ সংস্থাপনৰ বাট মুকলি কৰিছে। এনে পদ্ধতিৰে ব্ৰয়লাৰ পালন কৰিলে পালনকৰ্তাজনৰ বিশেষ মূলধনৰ প্ৰয়োজন নহয় লগতে তেওঁৰ বাবে অপ্ৰয়োজনীয় হৈ পৰে লাভ-লোকচানৰ মূৰঘমোৱা অংকবোৰো। কিন্তু পালনকৰ্তাজন তেওঁৰ অজানিতে হৈ পৰে ফাৰ্মখনৰ মাথো এজন শ্ৰমিকহে। কিন্তু অসমৰ কৃষকসকলে হয়তো কল্পনাও কৰিব পৰা নাই যে,বৰ্তমান নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰখনে বৃহৎ পুঁজিপতি গোষ্ঠীসমূহৰ সৈতে লগ হৈ এনে এখন ফান্দ পাতিছে য’ত ভৰি দি তেওঁলোকৰ একমাত্ৰ আশা-ভৰশাৰ থল মাটিডৰাও কোনোবা বৃহৎ পুঁজিপতি গোষ্ঠীৰ হাতত গতাই দিব লগা হ’ব আৰু তেওঁ হৈ পৰিব সেই মাটিডৰাৰ এজন নামমাত্ৰ শ্ৰমিক!

কিন্তু আশাৰ বিষয় এই যে, অসমৰ কৃষকে বুজি নোপোৱা এই বিষয়টো বুজি পাবলৈ সক্ষম হৈছে পাঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশকে ধৰি কেইবাখনো ৰাজ্যৰ কৃষকসকলে। সেয়ে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰনয়ণ কৰা এই তিনিখন কৃষি বিলৰ তীব্ৰ বিৰোধিতা কৰিছে। আৰু ঘোষণা কৰিছে যে, এই তিনিখন বিল বাতিল নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন প্ৰত্যাহাৰ নকৰে। এই তিনিখন বিল হৈছে-

  • ১) কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) বিধেয়ক, ২০২০
  • ২) কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা বিধেয়ক, ২০২০
  • ৩) অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) বিধেয়ক, ২০২০ 

কি আছে এই কৃষি বিল তিনিখনত-

সকলোৰে মনত উদয় হোৱা এটা সাধাৰণ প্ৰশ্ন হ’ব পাৰে-কি আছে এই বিল তিনিখনত? প্ৰথমখন বিল ‘কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) বিধেয়ক, ২০২০’ য়ে কৃষিজাত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়ালৈ এক ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে। যদিও অসমৰ দৰে ৰাজ্যত কৃষিজাত পণ্যৰ বজাৰ সমিতি(ইংৰাজীত চমুকৈ এ পি এম চি)ৰ ধাৰণাটো প্ৰায়ে অপৰিচিত। কিন্তু কৃষক বিদ্ৰোহে উকমুকণি দি থকা পাঞ্জাব,হাৰিয়ানাৰ দৰে ৰাজ্যত কৃষিজাত পণ্যৰ ক্ৰয়-বিক্ৰয় এই এ পি এম চিৰ জৰিয়তেই হয়। এই সমিতিবোৰ সম্পূৰ্ণৰূপে চৰকাৰীভাৱে পৰিচালিত। এই বজাৰসমূহৰ পৰা ৰাজ্য চৰকাৰ সমূহে কৃষিজাত পণ্যৰ কিনা-বেচাৰ ওপৰত এক বিশেষ হাৰত কৰ সংগ্ৰহ কৰে যদিও ইয়াৰ বিনিময়ত কৃষক সকলক তেওঁলোকৰ দ্বাৰা উৎপাদিত কৃষি পণ্যৰ এক নুন্যতম সমৰ্থন মূল্যও প্ৰদান কৰে। এই নতুন আইনখনে কৃষকসকলক এই এ পি এম চি বজাৰৰ বাহিৰতো কৃষি সামগ্ৰীৰ বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু এই বিক্ৰী সম্পূৰ্ণৰূপে কৰমুক্ত হ’ব বুলি ঘোষণা কৰিছে। 

দ্বিতীয় খন বিল, কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা বিধেয়ক, ২০২০ য়ে চুক্তিবদ্ধ কৃষিকৰ্ম আৰু কৃষিজাত পণ্যৰ প্ৰত্যক্ষ বিক্ৰীৰ সুবিধা আগবঢ়াইছে। ই কৃষিক্ষেত্ৰত বৃহৎ পুঁজিপতিৰ বিনিয়োগৰ বাট মুকলি কৰিছে। এই আইনত কৃষিজাত পণ্যৰ ক্ৰয়-বিক্ৰয়ৰ বাবে ব্যৱসায়িক চুক্তিৰ কথা উল্লেখ কৰিছে। এই প্ৰক্ৰিয়াত যাতে কৃষকসকল কৃষি-বাণিজ্যৰ লগত জড়িত ব্যৱসায়ীৰ পৰা সুৰক্ষিত হয় তাৰ ব্যৱস্থা কৰাৰ কথাও কৈছে। মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো যাতে কৃষকসকল সুৰক্ষিত হয় তাৰো ব্যৱস্থা কৰাৰ কথা কৈছে। (পৰিতাপৰ বিষয় যে এই নতুন আইনখনে কৃষকক নুন্যতম সমৰ্থন মূল্য প্ৰদান কৰিব নে নকৰে তাৰ কোনো স্পষ্ট উল্লেখ নাই।) এই আইনখনৰ এটা উল্লেখযোগ্য দিশ হৈছে- কৃষি ব্যৱসায়ী গোষ্ঠী আৰু কৃষকৰ মাজত হ’ব পৰা বিবাদ নিষ্পত্তিৰ বাবে এটা তিনিতৰপীয়া বিবাদ নিষ্পত্তি প্ৰণালীৰো ব্যৱস্থা কৰিছে। 

তৃতীয় খন বিল, অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) বিধেয়ক ২০২০ ৰ জৰিয়তে আলু, পিয়াঁজ, দাইল, খোৱা তেল আদি সামগ্ৰীসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আৰু এইসমূহ পণ্যৰ উৎপাদন, মজুতকৰণ, বিতৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত থকা সকলো চৰকাৰী নিয়ন্ত্ৰণ পৰিহাৰ কৰিছে। কিন্তু আইনখনত এই কথা উল্লেখ আছে যে, এইবোৰ খাদ্যসামগ্ৰী অস্বাভাৱিক পৰিস্থিতি যেনে– যুদ্ধ, দুৰ্ভিক্ষ, অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ভয়ানক ৰূপৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনা জাৰি কৰি নিয়ন্ত্ৰণ কৰিব পাৰিব৷

কৃষক সকল অসন্তুষ্ট কিয় ?

কৃষকসকলৰ অসন্তষ্টি ক’ত? প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়েই হওক বা কেন্দ্ৰীয় কৃষি মন্ত্ৰী গৰাকীয়ে হওঁক, কৃষক সকলক বাৰে বাৰে আশ্বস্ত কৰিবলৈ চেষ্টা কৰি আছে যে-এই আইনে তেওঁলোকৰ কোনো ক্ষতি নকৰে,বৰঞ্চ এইখন আইনে তেওঁলোকৰ উপকাৰহে সাধিব। সাধাৰণ দৃষ্টিৰে চালে আপোনাৰো এই আইনকেইখনে উপকাৰ সাধিব যেনেই অনুমান হ’ব। কিন্তু পাঞ্জাৱ, হাৰিয়ানাৰ দৰে কৃষিক্ষেত্ৰত আগবঢ়া ৰাজ্যকেইখনৰ কৃষকসকলে আশংকা কৰিছে যে, এই আইনকেইখনে বৰ্তমান প্ৰচলিত কৃষি পণ্য বজাৰ সমিতিবোৰ(এ পি এম চি) ধ্বংস কৰি পেলাব। (য’ত তেওঁলোকে উৎপাদিত শষ্য বিশেষকৈ ধান আৰু ঘেঁহুৰ বাবে এক নুন্যতম সমৰ্থন মূল্য লাভ কৰি আহিছে। যি তেওঁলোকৰ টনকিয়াল অৰ্থনীতিৰ মুখ্য কাৰণ। )

এই কৃষি আইন কেইখনত পোনপটীয়াকৈ এ পি এম চি বোৰ ভংগ কৰাৰ কথা কোৱা নাই যদিও এ পি এম চি বোৰৰ বাহিৰৰ বজাৰবোৰ কৰমুক্ত হোৱাৰ বাবে ব্যৱসায়ীসকলে মুক্ত বজাৰৰ পৰা কৃষি পণ্যবোৰ ক্ৰয় কৰাত অধিক গুৰুত্ব দিব। য’ত আনকি কৃষকসকলক নুন্যতম সমৰ্থন মূল্য প্ৰদানৰো কোনো বাধ্যবাধকতা নাথাকিব। এই প্ৰক্ৰিয়াটো কেইবছৰ মান চলাৰ পাছত স্বাভাৱিকতে এ পি এম চি বোৰ মৃত্যু মুখত পৰিব আৰু কৃষকসকলৰ আশাৰ থল স্বৰূপ নুন্যতম সমৰ্থন মূল্যৰ ধাৰণাটোও চিৰদিনৰ বাবে নোহোৱা হৈ পৰিব। আৰু এনেদৰেই এদিন বৃহৎ পুঁজিপতি সকলৰ হাতোৰাত পৰি কৃষকসকলে আৰ্থিক স্বাৱলম্বিতা হেৰুৱাব আৰু হৈ পৰিব একো একোজন নামমাত্ৰ কৃষি-শ্ৰমিক। 

কৃষক সকলৰ দাবী কি?

যদিও কৃষকসকলে দাবী তুলিছে উপৰোক্ত তিনিওখন বিলেই বাতিল হ’ব লাগিব কিন্তু তেওঁলোকৰ দাবী মুখ্যত নুন্যতম সমৰ্থন মূল্য বা এম এচ পিক লৈহে। ২০১৫ চনৰ শান্তা কুমাৰ প্ৰতিবেদন অনুসৰি আমাৰ দেশৰ কেৱল ৬% কৃষকেহে চৰকাৰী এম এচ পিৰ সুবিধা লাভ কৰি আহিছে। আৰু বিগত পাঁচ বছৰৰ আধাতকৈ বেছি চৰকাৰী ক্ৰয় কেৱল পাঞ্জাৱ আৰু হাৰিয়ানাৰ পৰাই হৈছে। এতিয়া কৃষকসকলে দাবী তুলিছে যে, এই সুবিধা গোটেই দেশৰে কৃষকসকলে লাভ কৰিব লাগে। কেইটামান কৃষক সংগঠনে আনকি এম এচ পিক কৃষকৰ আইনগত অধিকাৰলৈ পৰিণত কৰিব লাগে বুলিও দাবী তুলিছে। উল্লেখ্য যে, কৃষক আন্দোলনৰ তীব্ৰতা দেখি কেন্দ্ৰীয় চৰকাৰে পূৰ্বৰ দৰেই এম এচ পি বাহাল ৰাখিব বুলি লিখিত প্ৰতিশ্ৰুতি দিয়াৰ প্ৰস্তাৱ দিছে। ইয়াৰ প্ৰত্যুত্তৰত তেওঁলোকে কৈছে যে, তিনিওখন বিল বাতিল নোহোৱা পৰ্যন্ত তেওঁলোক ঘৰলৈ ঘূৰি নাযায়। কিয়নো এই বিল তিনিখনৰ গুপ্ত অভিসন্ধি হৈছে দেশৰ কৃষি ব্যৱস্থাক কৃষকৰ হাতৰ পৰা কাঢ়ি নি পুঁজিপতিৰ হাতত তুলি দিয়া। 

কৃষক বিদ্ৰোহৰ অন্ত কেতিয়া?

সময়ৰ গতিত এই বিদ্ৰোহো যে এদিন নিস্তেজ হ’ব বা দমন কৰোৱা হ’ব সেয়া নিশ্চিত। কিন্তু কৃষকসকলৰ অন্তৰৰ বেথা বুজি যদি ইয়াৰ এটা গ্ৰহণযোগ্য সমাধান উলিয়াব নোৱাৰে তেনেহলে ই এদিন বৰ্তমানতকৈ ভয়ংকৰ ৰূপত উদ্ভাসিত হ’ব নাইবা এক ছদ্মবেশী আৰ্থ-সামাজিক ব্যাধিৰ ৰূপ ল’ব। কৃষকসকলে শ্ৰমৰ মূল্য আৰু বিনিয়োগকৃত ধনৰ নুন্যতম প্ৰতিফল লাভ কৰাতো কেৱল কৃষকসকলৰে নহয় দেশৰ অৰ্থনীতিৰো প্ৰাপ্য। 

কৃষি অৰ্থনীতিৰ উদাৰীকৰণে এই ক্ষেত্ৰখনত প্ৰতিযোগিতা, বিনিয়োগ, নতুন প্ৰযুক্তিৰ সামাহাৰ ঘটোৱাৰ লগতে নতুন বজাৰ আৰু সম্ভাৱনাৰ দিশ নিশ্চয়কৈ মুকলি কৰিব। কিন্তু আমাৰ সন্মুখত দেখা দিয়া লাখটকীয়া প্ৰশ্নটো হ’ল আমাৰ দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া পুঁজিৰ গৰাকী কৃষকসকলে এই খেলখনত কিমান সময় টিকি থাকিব পাৰিব?

এই প্ৰশ্নবোৰৰ উত্তৰ ৰজাঘৰীয়াই সঠিক সময়ত সময়ত সঠিক ভাবে সন্ধান কৰিব বুলি আশা ৰাখিলো।

আৰু পঢ়ক- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিষয়ে কিছু কথা

4 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
1
0
Would love your thoughts, please comment.x
()
x