আজিৰ শিৰোনাম-১৬-১২-২০২০
আজিৰ সংবাদ শীৰ্ষ–১৬ ডিচেম্বৰ,২০২০ চন
ৰাজ্যিক-
১) কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে শপত গ্ৰহণ প্ৰমোদ বড়োৰ।
২) আজিৰে পৰা শিৱসাগৰত হ’ব অসম জাতীয় পৰিষদৰ প্ৰথম ৰাজনৈতিক অভিবৰ্তন।
৩) অগপ ত্যাগ কৰিলে জ্যেষ্ঠ বিধায়ক পবীন্দ্ৰ ডেকাই। নেতৃত্বৰ জাতিবিৰোধী কাণ্ডৰ বাবে দলত্যাগ পবীন্দ্ৰৰ।
৪) বি পি এফ ত্যাগ কৰিলে নৱনিৰ্বাচিত এম চি এল এ ৰেওৰেৱা নাৰ্জিহাৰীয়ে।
উৎস – অসমীয়া প্ৰতিদিন
ৰাষ্ট্ৰীয় –
১) দিল্লীত কোভিদ ১৯ ৰ ভয়াৱহতাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিলে লোকসভাৰ শীতকালীন অধিৱেশনৰ কাৰ্যসূচী। একেবাৰে জানুৱাৰীত অনুষ্ঠিত হ’ব বাজেট অধিবেশন।
২) তামিলনাডুত শিক্ষানুষ্ঠান খোলাৰ পাছতে পুনৰ ভয়াৱহ ৰূপত বৃদ্ধি পাইছে কোভিদ ১৯। কালি মাদ্ৰাজ আই আই টিৰ ৭৯ জন শিক্ষাৰ্থী আক্ৰান্ত কোভিদ ১৯ত।
৩) বিহাৰত দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা বিজেপিৰ। বিহাৰৰ সকলো জনতাক প্ৰদান কৰা হ’ব কোভিদ ১৯ৰ বিনামূলীয়া ভেকচিন। বিহাৰ কেবিনেটে জনালে অনুমোদন।
৪) প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ জীৱনৰ অন্তিমখন গ্ৰন্থ “দা প্ৰেচিডেন্সিয়েল ইয়েৰছ”ৰ প্ৰকাশক লৈ সংঘাত প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ-কন্যাৰ।
উৎস – হিন্দুস্তান টাইম্ছ
আন্তঃৰাষ্ট্ৰীয় –
১) বিশ্বজুৰি মাৰ যোৱা নাই কোভিদ ১৯ৰ ভয়াৱহতাৰ। ফ্ৰান্সত লকডাউনৰ বিকল্প হিচাপে নিশা ৮ বজাৰ পৰা পুৱা ৬ বজালৈ ১০ ঘন্টাৰ সান্ধ্য আইন বলবৎ। ২০ জানুৱাৰীলৈ ফ্ৰান্সত বন্ধ থাকিব বাৰ, ৰেষ্টুৰেণ্ট। জাৰ্মানীত পুনৰ ১৬ ডিচেম্বৰৰ পৰা ১০ জানুৱাৰীলৈ জাৰী কৰা হৈছে লকডাউন।
২) আমেৰিকাৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি জ’ বিডেনলৈ শুভেচ্ছাবাৰ্তা প্ৰেৰণ ৰুচিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ।
৩) ২০২১ বৰ্ষৰ জানুৱাৰীৰ ১০ তাৰিখে আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব জ’ বিডেনে। কোভিদ প্ৰট’কল মানি ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হ’ব শপত গ্ৰহণ অনুষ্ঠান।
৪) আফগানিস্তানৰ কাবুলত হোৱা বোমা বিস্ফোৰণত মৃত্যু কাবুলৰ ডেপুটি গৱৰ্নৰৰ।
উৎস – বি বি চি