আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক

১) চীন সীমান্তৰ কিমিনত ১২টা পথ মুকলি কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘোষণা- প্ৰতিৰক্ষাক লৈ কোনো আপোচ কৰা নহ’ব। সীমান্তলৈ সেনাৰ সঞ্চালন আৰু খাদ্য সৰবৰাহত ব্যৱহাৰ হ’ব ১৬৬১ কোটি টকা ব্যয়েৰে নিৰ্মাণ ৩৮০ কিঃমিঃ।

২) বছৰি ১৩২০ কোটি ৰাজহ সংগ্ৰহত ব্যৰ্থ শক্তি বিভাগ। ৰাজ্যৰ ঘৰুৱা উত্পাদন মাত্ৰ ১৫%। ৫৬৪৬ কোটি ব্যয়েৰে মুকলি বজাৰৰ পৰা বিদ্যুত বিভাগে ক্ৰয় কৰে ৮৫% বিদ্যুত।

৩) কৰোনাৰ মাজতে ঘন্টাত ১০ জনকৈ লোকৰ আধাৰ পঞ্জীয়ন কৰি ৩১ আগষ্টৰ ভিতৰত আধাৰ পঞ্জীয়নৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ উপায়ুক্তসকলক।

৪) কাৰ্বি আংলঙৰ খটখটিত ১৪ কোটি টকাৰ হিৰ’ইন জব্দ। ডি.জি.পিৰ ভাষ্য – সন্ত্ৰাসবাদীৰ ৰক্ষণাবেক্ষণত অসমলৈ ড্ৰাগছ যোগান ধৰি আহিছিল ধৃত মণিপুৰী মহিলাই।

৫) ৰাজ্যত যোৱা ২৪ ঘন্টাত ৩৪৭৭ গৰাকী আক্ৰান্ত কোভিডত। ইয়াৰে গুৱাহাটীত আক্ৰান্ত ১৬৯ জন। ৰাজ্যত মৃত্যুৰ সংখ্যা ৪১ জন।

উৎস : অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয় –

১) ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ঘোষণা – আমেৰিকা যুক্তৰাষ্ট্ৰলৈ অধ্যয়নৰ বাবে যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ বাবে বাধ্যতামূলক নহয় ভেকচিন গ্ৰহণ কৰাৰ প্ৰমাণপত্ৰ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক মন্ত্ৰালয়ে স্পষ্ট কৰিলে এই কথা।

২) নন্দীগ্ৰামৰ নিৰ্বাচনী ফলাফলক লৈ কলকাতা উচ্চ ন্যায়ালয়ত আবেদন দাখিল মমতা বেনাৰ্জীৰ। আজি ১১ বজাত হ’ব এই বিষয়ৰ শুনানি। মমতা বেনাৰ্জীৰ দুৰ্গখ্যাত নন্দীগ্ৰাম সমষ্টিত বিগত বিধানসভা নিৰ্বাচনত বিজেপিৰ শুভেন্দু অধিকাৰীৰ হাতত প্ৰায় দুহেজাৰ ভোটত পৰাস্ত হৈছিল মমতা।

৩) ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্রচাৰ মন্ত্ৰালয়ে সংশোধন কৰে কেবল টিভি আইন। অভিযোগ নিষ্পত্তিৰ বাবে সংশোধন কৰা হৈছে এই আইন। এই নতুন নিয়মৰ অধীনত বিজ্ঞাপন সংহিতা উলংঘন সম্পৰ্কীয় নাগৰিকৰ অভিযোগ সমাধান কৰাৰ বাবে এক আন্তঃমন্ত্ৰালয় সমিতি গঠন কৰা হ’ব।

৪) মেহুল চোকচি বন্দী হৈ থাকিব ডমিনিকাত। ডমিনিকাৰ এখন আদালতে মেহুল চোকচিক ন্যায়িক জিম্মাৰ পৰা কাৰাগাৰৰ জিম্মালৈ প্ৰেৰণ কৰে কিন্তু তেওঁৰ স্বাস্থ্যজনিত সমস্যাৰ বাবে পুনৰ হাস্পতালত থাকিবলৈ অনুমতি অৰ্ডান কৰে।

৫) দেশৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ অৰিন্দম বাগছিৰ ঘোষণা – কোভিড ভেকচিন ক্ৰয়ৰ বাবে ভাৰত চৰকাৰে কথা পাতি আছে আমেৰিকান কোম্পানীবোৰৰ সৈতে। ইয়াৰোপৰি, ইজৰাইল-পেলেষ্টাইনৰ বিষয়তো মন্তব্য আগবঢ়ায় মুখপাত্ৰগৰাকীয়ে।

তথ্য – ইণ্ডিয়া টুডে

আন্তঃৰাষ্ট্ৰীয়

১. অলিম্পিক গেমছৰ এমাহ পূৰ্বে জাপানী চৰকাৰে ক’ভিড সম্পৰ্কীয় জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰিছে। জপানৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছে যে, কৰোণা ভাইৰাছৰ সংক্ৰমণ হ্ৰাস হোৱাৰ বাবেই ল’ব পৰা গৈছে এই সিদ্ধান্ত। তথাপিও তেওঁ দেশখনৰ নাগৰিকসকলক ঘৰৰ পৰাই টেলিভিছন যোগে খেলসমূহ উপভোগ কৰিবলৈ অনুৰোধ জনাইছে। যদিও দেশখনে ক’ভিডকালীন জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰিছে তথাপিও জুলাই মাহৰ আৰম্ভণিৰ আগলৈকে হোটেল, বাৰ আদি খোলাৰ সময় সম্পৰ্কত কিছু বাধা-নিষেধ বাহাল থাকিল বুলি ঘোষণা কৰিছে। আনহাতে, দেশখনৰ সাধাৰণ নাগৰিকে এনে সংকটপূৰ্ণ সময়ত অলিম্পিক গেমছ অনুষ্ঠিত কৰিব নালাগে বুলি মত পোষণ কৰিছে। ইয়াৰ আগেয়ে দেশখনে ২০২০ চনত অনুষ্ঠিত হ’ব লগা ‘অলিম্পিক গেমছ’ কৰোণা মহামাৰীৰ বাবে স্থগিত ৰাখিছিল।

২. হংকঙৰ গণতন্ত্ৰপন্থী বাতৰি কাকত ‘এপ’ল ডেইলী’ৰ কাৰ্যালয়ত ৫০০ আৰক্ষী বিষয়াৰ তালাচী। ১৭ জুন, বুধবাৰে পুৱাভাগতেই হংকঙৰ গণতন্ত্ৰ পন্থী বাতৰি কাকতখনৰ কাৰ্যালয়ত তালাচী চলাই হংকঙৰ পুচিলে কাকতখনৰ লগত জড়িত ৫ জন সাংবাদিকক গ্ৰেপ্তাৰ কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ বহুকেইটা কম্পিউটাৰ, হাৰ্ড ডিস্ক আদি জব্দ কৰাৰ উপৰিও প্ৰতিষ্ঠানটোৰ ২০০ মিলিয়ন মাৰ্কিন ডলাৰ মূল্যৰ সম্পত্তি জব্দ কৰিছে। হংকঙৰ আৰক্ষীৰ মতে, দেশখনত নতুনকৈ প্ৰযোজ্য হোৱা ৰাষ্ট্ৰীয় সুৰক্ষা আইন ভংগ কৰাৰ অপৰাধত তেওঁলোকৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ‘এপ’ল ডেইলী’ বাতৰি কাকতখন হৈছে বৰ্তমানলৈকে জীয়াই থকা হংকঙৰ একমাত্ৰ চৰকাৰ বিৰোধী বাতৰি কাকত। বাতৰি কাকতখনৰ বিৰুদ্ধে হংকঙৰ আৰক্ষী এয়া দ্বিতীয় অভিযান যদিও এইবাৰ প্ৰথমবাৰৰ বাবে কাকতখনৰ সাংবাদিকসকলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ইতিপূৰ্বে, কাকত খনৰ স্বত্বাধিকাৰী জিমি লাইকো হংকং প্ৰশাসনে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰিছে। ইমান প্ৰত্যাহ্বানৰ মাজতো কাকতখনৰ সম্পাদক মণ্ডলীয়ে যিমান দিনলৈকে সম্ভৱ হয় সিমান দিনলৈকে কাকতখন চলাই যাম বুলি ঘোষণা কৰিছে।

৩. জাম্বিয়াৰ প্ৰথম ৰাষ্ট্ৰপতি কেনেথ কুণ্ডাৰ ৯৭ বছৰ বয়সত মৃত্যু হয়। মৃত্যুৰ পূৰ্বে নিউমনিয়া ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল প্ৰাক্তন ৰাষ্ট্ৰপতি জন। মাৰ্টিন লুথাৰ কিঙৰ দ্বাৰা বিশেষভাৱে অনুপ্ৰাণিত নেতাজনে আফ্ৰিকাৰ মুক্তি যুদ্ধৰ বাবে কেইবাবাৰো কাৰাবাস খাটিছিল। অৱশেষত তেওঁ ১৯৬৩ চনত উত্তৰ ৰডেচিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। এই দেশখনকেই ১৯৬৪ চনত ‘জাম্বিয়া’ নামেৰে নামাকৰণ কৰা হয় আৰু সেই বছৰেই দেশখনে বৃটিছৰ পৰা পূৰ্ণ স্বাধীনতা লাভ কৰে। তেওঁ ১৯৬৪ চনৰ পৰা ১৯৯১ চনলৈকে ২৭ বছৰ কাল ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু ১৯৯১ চনত দেশখনত অনুষ্ঠিত হোৱা সাধাৰণ নিৰ্বাচনত পৰাজিত হৈ পদচুত্য হৈছিল। তেওঁ দুৰ্বল অৰ্থনৈতিক নীতিসমূহৰ বাবে দেশৰ নাগৰিকসকলৰ দ্বাৰা বিশেষভাৱে সমালোচিত হৈছিল।

৪. মহাকাশতো আমেৰিকাক প্ৰত্যাহ্বান চীনৰ। চীনে ১৭ জুন তাৰিখে তিনিজন মহাকাশচাৰীৰে সৈতে এটা ক্ৰু মিছন সম্পন্ন কৰিছে। নিৰ্মীয়মান অৱস্থাত থকা চীনৰ মহাকাশ কেন্দ্ৰটো সম্পূৰ্ণ কৰাৰ লক্ষৰে চীনে চেনঝু-১২ নামৰ মহাকাশ যানখন মহাকাশলৈ প্ৰেৰণ কৰিছে। চীনে এই মহাকাশ কেন্দ্ৰটোৰ নিৰ্মাণ ২০২২ চনত সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লৈছে। আৰু ইয়াৰ বাবে সম্পন্ন কৰিবলগীয়া ১১ টা অভিযানৰ এইটো হৈছে তৃতীয়টো অভিযান। চীনে প্ৰেৰণ কৰা তিনিজন মহাকাশচাৰী হৈছে- টাং হাংবো, নি হেইছেং আৰু লিউ বোমিং। উল্লেখ্য যে, ৰাছিয়া আৰু আমেৰিকাৰ পাছতেই চীন হৈছে তৃতীয়খন দেশ যি মহাকাশত নিজৰ অধিপত্য বিস্তাৰৰ লক্ষ্যৰে কেন্দ্ৰ স্থাপন কৰিছে।

৫. ইউৰো কাপ ২০২০: বৃহস্পতিবাৰে ডেনমাৰ্ক বনাম বেলজিয়াম মেছখনত ২-১ গলৰ ব্যৱধানত বেলজিয়ামৰ জয়। ডেনমাৰ্কৰ তাৰকা খেলুৱৈ খ্ৰিষ্টিয়ানো এৰিকছনৰ অবিহনে ডেনমাৰ্কে খেলা প্ৰথমখন খেলত ফুটবল অনুৰাগীয়ে এৰিকছলৈ জনালে বিশেষ শ্ৰদ্ধা। আনহাতে, খেলৰ মাজতে হৃদযন্ত্ৰ বিকল হৈ অসু্স্থ হৈ পৰা এৰিকছনে এটা টুইটৰ সহায়ত তেওঁ বৰ্তমান ঠিকেই আছে বুলি এটা বাৰ্তা পঠিয়াইছে।

উৎস- বিবিচি ৱৰ্ল্ড নিউজ

5 1 vote
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nabin Upadhyaya
3 years ago

Keep doing…… I am sharing on Facebook.

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

2
0
Would love your thoughts, please comment.x
()
x