আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক

 ১)সেনাৰ অকথ্য নিৰ্যাতনৰ বলি হৈ মিজোৰামত সোমাল ম্যানমাৰৰ ১০ হেজাৰ গঞা। বিপ্লৱী নেত্ৰী আন ছান ছ্যু কীৰ চৰকাৰ উৎখাতৰ পাছতেই ম্যানমাৰত চলিছে গণতন্ত্ৰকামী জনতাৰ ওপৰত নিৰ্যাতন, যাৰ বাবে পলায়ন কৰিবলগা হৈছে মুখ্যমন্ত্ৰী আৰু সাংসদো।

২) কেবিনেটত কেইবাটাও নতুন সিদ্ধান্ত- সমাজ কল্যাণ বিভাগে এফ চি আইৰ পৰা কিনিব চাউল। ৰাজ্যত ৪ টা ফৰেনচিক লেব স্থাপন কৰা হ’ব। আৰু নতুনকৈ স্থাপন কৰিবলগা ৫ খন বিশ্ববিদ্যালয়ৰ অনুদান বিধিত অনুমোদন কেবিনেটৰ।

৩) অ’ এন জি চি ৰ তিনিটা তৈলক্ষেত্ৰ আৰু এটা ৰিগ বন্ধ কৰিলে নাগালেণ্ডে। যোৱা ১ জুনতে ডিমাপুৰৰ উপায়ুক্তই প্ৰতিষ্ঠানটোৰ যোৰহাটৰ কাৰ্যালয়লৈ পত্ৰ প্ৰেৰণ কৰি বন্ধ কৰে খনন আৰু উৎপাদন।

৪) কেবিনেট বৈঠকত চূড়ান্ত ন’হল পৰীক্ষাৰ সিদ্ধান্ত। বিভিন্ন ছাত্ৰ সংগঠনৰ সৈতে আলোচনাত বহি সিদ্ধান্ত ল’ব চৰকাৰে।

৫) ৰাজ্যত যোৱা ২৪ ঘন্টাত ৩৩৮৬ গৰাকী আক্ৰান্ত কোভিডত। ইয়াৰে গুৱাহাটীত আক্ৰান্ত ১৫৮ জন। ৰাজ্যত মৃত্যুৰ সংখ্যা ৩৬ জন।

উৎস : অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়

১. কেন্দ্ৰীয় কেবিনেটে দীৰ্ঘদিন দিন ধৰি অমিমাংসীত হৈ থকা গভীৰ মহাসাগৰীয় অভিযানত অনুমোদন জনাইছে। এই অভিযানটোৰ বাবে চৰকাৰে আগন্তুক পাঁচ বছৰত ৪০৭৭ কোটি টকাৰ বাজেট ধাৰ্য কৰিছে। এই অভিযানৰ দ্বাৰা সাগৰ তলীত থকা মূল্যবান ধাতুসমূহৰ অনুসন্ধান কৰা হ’ব।

২. ভাৰতীয় নৌসেনাৰ বিষয়া কুলভূষণ যাদৱৰ গোচৰৰ শুনানি পিছুৱালে পাকিস্তানৰ আদালতে। ৫ আক্টোবৰলৈ পিছুৱালে এই শুনানি। গোচৰ অনুসৰি পাকিস্তানৰ চৰকাৰে যাদৱৰ বাবে এজন অধিবক্তা নিযোগ কৰাৰ বাবে আবেদন জনাইছে।

৩. অভিনেতা তথা বিজেপি নেতা মিথুন চক্ৰৱৰ্তীক বংগ আৰক্ষীৰ জেৰা। পাৰ হৈ যোৱা পশ্চিম বংগৰ নিৰ্বাচনত উচতনিমূলক ভাষণ প্ৰদান কৰাৰ বাবে আৰক্ষীয়ে জেৰা কৰিছে নেতা গৰাকীক।

৪. কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষ বৰ্ধনে কয় যে, কভিশ্বিল্ডৰ দুটা ড’জৰ মাজত ব্যৱধান বৃদ্ধি কৰাৰ সিদ্ধান্ত বৈজ্ঞানিক তথ্যৰ ওপৰত আধাৰিত কৰি স্বচ্ছ ভাৱে লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দুটা ড’জৰ মাজত লব লগা সময়ৰ ব্যৱধান দুগুণ কৰিছে।

৫. অন্ধ্ৰপ্ৰদেশৰ বিশাখাপত্তনমত মাওবাদীৰ সৈতে হোৱা বিশেষ বাহিনীৰ সংঘৰ্ষত দুগৰাকী মহিলাসহ অতি কমেও ছজন মাওবাদী নিহত হয়। অন্ধপ্ৰদেশৰ আৰক্ষীয়ে জানিবলৈ দিয়ে এই কথা।

উৎস- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

আন্তঃৰাষ্ট্ৰীয়

১. ছুইজাৰলেণ্ডৰ জেনেভাত সম্পন্ন হয় জ’ বাইডেন আৰু ভ্লাডিমিৰ পুটিনৰ মাজত প্ৰথমখন মুখামুখি বৈঠক। চাৰি ঘণ্টা যোৰা এই বৈঠকখনক পুটিনে ফলদায়ক আৰু গঠনমূলক বুলি আখ্যা দিছে। লগতে তেওঁ কয় যে, এই বৈঠকত বিশ্বত পাৰমাণৱিক স্থিৰতা বজাই ৰখাৰ বাবে দুয়োখন দেশৰ মাজত আলোচনা সম্পন্ন হয়।

২. উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰ প্ৰধান কিম জং উনে কয় যে, যোৱা বছৰ দেশখনক চুই যোৱা কৰোণা মহামাৰী আৰু টাইফুন ঘূৰ্ণীবতাহৰ বাবে দেশখনত কিছু খাদ্যসংকটে দেখা দিছে। উনৰ মতে, যোৱা বছৰৰ তুলনাত এই বছৰ উত্তৰ কোৰিয়াৰ অৰ্থনীতি উন্নত হৈছে।

৩. চীনে অস্বীকাৰ কৰিছে তেওঁলোকৰ পৰমাণু শক্তি কেন্দ্ৰ পৰা গেছ নিৰ্গত হোৱাৰ বাতৰি। চীনে ইয়াকো কৈছে যে, এই কেন্দ্ৰৰ দাঁতিকাষৰীয়া অঞ্চলবোৰতো অনুমোদিত তেজস্ক্ৰিয় বিকিৰণৰ স্তৰ বৃদ্ধি হোৱা নাই। উল্লেখ্য যে, যোৱা সপ্তাহত আমেৰিকান বাতৰি চেনেল চি এন এনে, চীনৰ টাইছানত অৱস্থিত পৰমাণু শক্তি কেন্দ্ৰৰ পৰা বিষাক্ত গেছ নিৰ্গত হৈছে বুলি এটা বাতৰি প্ৰকাশ কৰিছিল।

৪. ইজৰাইলী সেনাই পুনৰ গুলীয়াই হত্যা কৰিলে এগৰাকী পেলেষ্টানী মহিলাক। ইজৰাইলৰ সেনাবাহিনীৰ মতে, ইজৰাইলৰ দ্বাৰা অধিকৃত পশ্চিম তীৰত, এই মহিলা গাড়ীচালক গৰাকীয়ে প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁলোকক আক্ৰমণ কৰিবলৈ এখন চুৰী উলিয়াইছিল।

৫. জাপানী চৰকাৰে তেওঁলোকৰ নিৰ্ধাৰিত অৰ্থনৈতিক কাৰ্যসূচীত ‘সুৰক্ষিত আৰু সুনিশ্চিত অলিম্পিক গেমছ’ অনুষ্ঠিত কৰাৰ প্ৰতিশ্ৰুতি অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে, জাপানৰ টকিঅ’ত এই বছৰৰ ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈকে অনুষ্ঠিত হ’ব অলিম্পিক গেমছ, ২০২০।

উৎস- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

    ক্ৰীড়া 

১)ভাৰত-ইংলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ মাজৰ প্ৰথম টেষ্ট – প্ৰথম দিনৰ খেলৰ অন্তত অধিনায়িকা হিথাৰ নাইটৰ ৯৫ ৰাণৰ  সহায়ত ইংলেণ্ডৰ সংগ্ৰহ ৬ উইকেটত ২৬৯ ৰাণ। ভাৰতৰ হৈ স্নেহ ৰানাৰ দুটা আৰু দীপ্তি শৰ্মাৰ তিনিটা উইকেট দখল।

২)উইম্বলদন টেনিছ প্ৰতিযোগিতা,২০২১ ৰ পূৰ্বে ব্যৰ্থতা ৰ’জাৰ ফেডেৰৰৰ। প্ৰথমবাৰৰ বাবে হেলে অপেনৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ফেডেৰৰে।

৩) ইণ্ডিয়া টুডে গেমিংৰ ইস্পৰ্টছ প্ৰিমিয়াৰ লীগ(ESPL),২০২১ৰ ব্ৰেণ্ড এম্বেচাদৰ হিচাপে চুক্তি বলিউডৰ অভিনেতা টাইগাৰ শ্রফৰ।

৪)ইয়াৰো কাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে ইটালীয়ে। চুইজাৰলেণ্ডক ৩-০ গ’লত পৰাস্ত কৰি গ্ৰুপ এৰ শীৰ্ষত অৱস্থান ইটালীৰ।

৫)টেষ্ট ৰেংকিংত অষ্ট্ৰেলিয়াৰ ষ্টাৰ বেটছমেন ষ্টিভ স্মিথ পুনৰ উভটিল প্ৰথমলৈ। কেন উইলিয়ামচনক অৱনমিত হ’ল তৃতীয় স্থানলৈ। ভাৰতৰ অধিনায়ক বিৰাট ক’হলিৰ স্থান চতুৰ্থ আৰু যুগ্মভাৱে ষষ্ঠ স্থান দখল কৰি আছে ৰোহিত শৰ্মা আৰু ঋষভ পন্টে।

উৎস- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

0
Would love your thoughts, please comment.x
()
x