ক’ৰ’ণাই নেকি মানৱ জাতিৰ মৃত্যুদূত ?
হিৰোচিমা আৰু নাগাচাকিত আমেৰিকাৰ পাৰমাণৱিক বোমা বৰ্ষণৰ পাছতেই ইখনৰ পাছত সিখনকৈ দেশে পাৰমাণৱিক বোমাৰ সফল পৰীক্ষণৰ কৰিবলৈ ধৰিছিল। যদিও এনেবোৰ সফল পৰীক্ষণে সেই দেশবোৰৰ ৰাষ্ট্ৰনেতাসকল আৰু মুষ্টিমেয় একশ্ৰেণীৰ মানুহৰ বুকু গৰ্বৰে ওফন্দাই তুলিছিল তাৰ বিপৰীতে বিশ্বৰ অগণিত জণগনক কিন্তু এখন পৃথিৱীধ্বংসী পাৰমাণৱিক যুদ্ধৰ আশংকাই শান্তিৰে শুব দিয়া নাছিল। বহুতো ৰাষ্ট্ৰই তেওঁলোকৰ সৰ্বসাধাৰণৰ প্ৰাণ ৰক্ষাৰ বাবে মাটিৰ তলত বাংকাৰ সাজি দিয়াৰ ব্যৱস্থা কৰিছিল।বিশ্বৰ ‘ছুপাৰ পাৱাৰ’সমূহৰ মাজত ইখনৰ পাছত সিখনকৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। পিছে পাৰমাণৱিক যুদ্ধৰ আশংকাৰ পৰা সম্পূৰ্ণৰূপে মুক্ত নৌহওঁতেই আকৌ এবাৰ মানৱৰ হৃদয় কপাই তুলিছে এবিধ ক্ষুদ্ৰাতিক্ষুদ্ৰ ভাইৰাছে।
বিজ্ঞানীসকলে এইবিধ ভাইৰাছৰ নামাকৰণ কৰিছে-নব্য কʼৰʼণা ভাইৰাছ হিচাপে আৰু ই সৃষ্টি কৰা ৰোগটোৰ নাম দিছে কʼভিড-১৯।ৰোগবিধৰ লক্ষণ সাধাৰণ পানী লগা জ্বৰৰ দৰে যদিও ইয়াৰ ফলত উশাহ লোৱাত কষ্ট হয় আৰু কেতিয়াবা নিউম’নিয়াৰ লক্ষণেও দেখা দিয়ে। কিন্তু বেমাৰবিধ ইমান ভয়ংকৰ আৰু সহজ সংক্ৰাম্য যে, পৃথিৱীৰ প্ৰায় বোৰ দেশৰ চিকিৎসক আৰু বিজ্ঞানীয়ে আজিলৈকে ইয়াৰ ফলপ্ৰসূ সমাধান উলিয়াবলৈ সক্ষম হোৱা নাই।’বিশ্ব স্বাস্থ্য সংস্থা’ই ইতিমধ্যেই ইয়াক বিশ্বব্যাপক মহামাৰী বুলি অভিহিত কৰিছে।এই প্ৰবন্ধ যুগুতোৱাৰ সময়লৈকে এইবিধ ভাইৰাছ বিশ্বৰ সৰ্বমুঠ ২১০ খন দেশলৈ বিয়পি পৰিছে। মানুহ হিচাপত মুঠ ১৭,৪১,৬১৬ জন ব্যক্তিৰ দেহলৈ ই সংক্ৰমিত হৈছে আৰু ১,০৬,৬৬২ জন ব্যক্তিৰ প্ৰাণ কাঢ়ি নিছে।আজি বিশ্ব মানৱে যেন ভাবিবলৈ বাধ্য হৈ পৰিছে-কʼৰʼণাই নেকি আমাৰ মানৱজাতিৰ মৃত্যুদূত?
কিন্তু এয়াই নেকি আমাৰ মানৱ সভ্যতাৰ ইতিহাসৰ প্ৰথম ভয়ংকৰ মহামাৰী? নিশ্চয় নহয়।মানুহে নিজৰ অস্তিত্বৰ আৰম্ভণিৰে পৰা নানাবিধ ৰোগ-ব্যাধি আৰু অত্যন্ত ভয়ংকৰ মহামাৰীৰ সৈতে যুঁজি আহিছে। বিশ্ব ইতিহাসৰ পৰা প্ৰাপ্ত তথ্য মতে, প্ৰাচীন গ্ৰীচ আৰু ৰোম সাম্ৰাজ্যত হোৱা ‘প্লেগ’ মহামাৰীয়ে গ্ৰীচত প্ৰায় ১ লাখ মানুহৰ আৰু ৰোমান সাম্ৰাজ্যত প্ৰায় ৫০ লাখৰ পৰা ১ কোটি মানুহৰ প্ৰাণ কাঢ়ি নিছিল।৭৩৫ ৰপৰা ৭৩৭ খ্ৰীষ্টাব্দৰ ভিতৰত হোৱা জাপান দেশৰ বসন্ত মহামাৰীয়ে জাপানৰ তিনিভাগৰ এক অংশ জনসংখ্যাকেই নিঃশেষ কৰি পেলাইছিল। ঠিক তেনেকৈ ১৩৩১ ৰ পৰা ১৩৫৩ খ্ৰীষ্টাব্দৰ ভিতৰত ইউৰোপ, এছিয়া আৰু উত্তৰ আফ্ৰিকা জুৰি হোৱা প্লেগ মহামাৰীয়ে সমগ্ৰ ইউৰোপৰ আধা জনসংখ্যাকেই নিঃশেষ কৰি পেলাইছিল।যাক ইতিহাসবিদসকলে ‘কʼলা-মৃত্যু’ বুলি নামাকৰণ কৰিছিল।আমাৰ ভাৰতবৰ্ষয়েও সময়ে সময়ে কলেৰা আৰু প্লেগৰ দৰে মহামাৰীৰ সন্মুখীন হৈ আহিছে আৰু লাখ লাখ মানুহৰ জীৱন হেৰুৱাইছে।
ইতিহাসে বিচৰণ কৰিব পৰা নিচেই কাষৰ বিশ্বব্যাপক মহামাৰীটো হৈছে ১৯১৮ ৰ পৰা ১৯২০ চনৰ ভিতৰত হোৱা ‘স্পেনিছ ফ্লু’ নামৰ মহামাৰীটো।যাৰ কাৰণ আছিল ‘ইনফ্লুৱেঞ্জা’ নামৰ ভাইৰাছ বিধ।ই পৃথিৱীৰ আনুমানিক ২ কোটিৰ পৰা ১০ কোটি মানুহৰ প্ৰাণ কাঢ়ি নিছিল। কিন্তু সময় বাগৰাৰ লগে লগে বিজ্ঞানী সকলে ইয়াৰ ভেকচিন সৃষ্টি কৰাৰ লগতে ইয়াৰ ফলপ্ৰসূ চিকিৎসাও আৱিষ্কাৰ কৰি উলিয়াইছিল। ঠিক তেনেকৈ আজিৰ পৃথিৱীত দপদপাই থকা নব্য কʼৰʼণা ভাইৰাছৰো ভেকচিন নিৰ্মাণৰ বাবে বিজ্ঞানীসকলে গৱেষণা চলাই আছে। ইতিমধ্যেই বহুতো মানুহক চিকিৎসকসকলে আৰোগ্য কৰি তোলাৰ লগতে এক সৰ্বোপকাৰি চিকিৎসা পদ্ধতিৰ আৱিষ্কাৰৰ বাবেও চেষ্টা চলাই আছে।নব্য কʼৰʼণা ভাইৰাছ সংক্ৰমিত ব্যক্তিসকলৰ ক্ষেত্ৰত দেখা পোৱা এটা আকৰ্ষণীয় কথা এই যে,যিসকল ব্যক্তিৰ শৰীৰৰ ‘এণ্টি বʼডি’ শক্তিশালী তেওঁলোক নিজে নিজেই সুস্থ হৈ উঠিছে।আৰু তেনেকুৱা মানুহৰ সংখ্যা একেবাৰে কমো নহয়।ই জানো আমাক ডাৰউইনৰ সেই বিখ্যাত ‘যোগ্যতমৰ উৎৱৰ্তন’ সিদ্ধান্তটোলৈ মনত পেলাই নিদিয়ে?আজি লাখ লাখ বছৰে প্ৰকৃতিৰ ওচৰত যোগ্যতাৰ পৰিচয় দি অহা মানুহক জানো প্ৰকৃতিয়ে হঠাতেই অযোগ্য ঘোষণা কৰিব পাৰিব? নিশ্চয় নোৱাৰিব।