আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক

১) আজিও কোনো সঠিক সিদ্ধান্তত উপনীত হ’ব পৰা নাই মেট্ৰিক পৰীক্ষাৰ মূল্যায়ন কমিটী। ছাত্ৰ, শিক্ষক, স্বেচ্ছাসেৱী সংগঠন, বিদ্যালয় পৰিৰ্শক আদিৰ দিহা-পৰামৰ্শৰ ওপৰত ভিত্তি কৰি পৰীক্ষাৰ মূল্যায়ন সম্বন্ধে গঠিত উচ্চস্তৰীয় কমিটীখনে এক বস্তুনিষ্ঠ, বিজ্ঞানভিত্তিক মূল্যায়ন পদ্ধতি যুগুত কৰিছে যদিও ছাত্ৰ-ছাত্ৰীসকলৰ পূৰ্বৰ পৰীক্ষাৰ নম্বৰো এই মূল্যায়নৰ যোগ কৰা হ’ব বুলি জানিব পৰা গৈছে।
২) ৰাজ্যৰ শিক্ষাখণ্ডত দীৰ্ঘদীন বেতনবঞ্চিত ৪,৫১১ গৰাকী শিক্ষকক যোৱা জানুৱাৰী মাহত নিযুক্তি প্ৰদান কৰা হয় যদিও এতিয়া পুনৰ শিক্ষা বিভাগে জাৰী কৰিছে নথি-পত্ৰ পৰীক্ষাৰ এক জাননী। উল্লেখযোগ্য যে এইসকলৰ শিক্ষকৰ গৰিষ্ঠসংখ্যকেই জানুৱাৰী মাহৰ পাছত লাভ কৰা নাই দৰমহা। আৰু শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা জাৰী কৰা এক নিৰ্দেশনাত যাৱতীয় পৰীক্ষণ সম্পূৰ্ণ নোহোৱা পৰ্যন্ত দৰমহা বন্ধ ৰাখিবলৈ কোৱা হৈছে। অৱশ্যে গোটেই বিষয়টো সন্দৰ্ভত বেতনবঞ্চিত শিক্ষক সন্থাৰ তৰফৰ পৰা এখন স্মাৰকপত্ৰ মুখ্যমন্ত্ৰীক দাখিল কৰিছে বুলি জানিব পৰা গৈছে।
৩) ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ দুৰ্যোগ নিয়ন্ত্ৰণ প্ৰাধীকৰণৰ বিশেষ নিৰ্দেশনা- জুন মাহৰ দৰমহাৰ পূৰ্বে ল’ব লাগিব ক’ভিড-১৯ৰ প্ৰতিষেধক। ৰাজ্যৰ মুখ্য সচীব জিষ্ণু বৰুৱাই দুৰ্যোগ নিয়ন্ত্ৰণ প্ৰাধীকৰণৰ হৈ জাৰী কৰা নিৰ্দেশটোত কোৱা হৈছে যে- ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে প্ৰতিষেধক নোলোৱাকৈ থকাটোৱে ৰোগৰ সংক্ৰমণ বৃদ্ধি কৰিব। সেয়েহে প্ৰতিষেধক নোলোৱাকৈ থাকিলে দৰমহা বন্ধ হোৱাৰো এক ইংগিত বহন কৰিছে ৰাজ্যৰ প্ৰতিটো বিভাগৰ মূৰব্বীলৈ প্ৰেৰণ কৰা উক্ত নিৰ্দেশটোৱে।
৪) নিটি আয়োগ ৰ আঁত ধৰি মাননীয় সাংসদ গৌৰৱ গগৈৰ নতুন অভিযোগ- সামগ্ৰিক বিকাশত আটাইতকৈ লেহেমীয়া অসম, ডেৰ দশকজুৰি ৰাজ্যৰ স্বাস্থ্য-শিক্ষা-বিত্ত বিভাগৰ শোচনীয় অৱস্থা। তেওঁ কয় যে- ৰাজ্যসমূহৰ বহনক্ষম উন্নয়নক লৈ প্ৰকাশ কৰা দেশৰ নিটি আয়োগৰ প্ৰতিবেদন অনুসৰি ২৮ খন ৰাজ্যৰ ভিতৰত অসম ২৬ নম্বৰত আছে। ইয়াৰ আগতে আছিল ২৩ নম্বৰত। ২০১৯ চনৰ পৰা সামগ্ৰিক বিকাশত অসম মাত্ৰ ২ পইন্ট আগবাঢ়িছে। আৰু এই পৰিসংখ্যাই প্ৰতিপন্ন কৰে অসমৰ সামগ্ৰিক বিকাশৰ লেহেমীয়া গতি।
৫) ৰাজ্যত অব্যাহত কৰ’ণা মহামাৰীৰ তাণ্ডৱ। যোৱা ২৪ ঘন্টান মৃত্যুৰ সংখ্যা-৩০ আৰু আক্ৰান্তৰ সংখ্যা- ২,৭২৮ গৰাকী। গুৱাহাটীত মুঠ আক্ৰান্ত- ১৮৭ গৰাকী, শোণিতপুৰত ১৭৭, নগাঁৱত ১৭১। আৰু ৩,৮০২ গৰাকী ৰোগীক চিকিত্সালয়ৰ পৰা সুস্থ হোৱাৰ পাছত যাবলৈ দিয়া হয়।

উৎস- অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয় 

১) জম্মু কাশ্মীৰৰ সামগ্ৰিক পৰিস্থিতি সম্পৰ্কে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত আজি অনুষ্ঠিত হ’ব সৰ্বদলীয় বৈঠক। এই বৈঠকৰ বাবে ভাৰতৰ কেন্দ্ৰীয় চৰকাৰে নিমন্ত্ৰণ কৰিছে জম্মু কাশ্মীৰৰ বিভিন্ন ৰাজনৈতিক দলৰ চৈধ্য(১৪) জন নেতাক। এই নিমন্ত্রিতৰ তালিকাত সন্নিৱিষ্ট আছে জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী আৰু বিভিন্ন মূলসুঁতিৰ ৰাজনৈতিক দলৰ সভাপতিসকল। জম্মু কাশ্মীৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰা, জম্মু কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া আদিকে ধৰি আন বিভিন্ন জ্বলন্ত বিষয়ক লৈ হ’ব আজিৰ আলোচনা।

২) “ভেকচিন দিয়ক, হিলচা লওক” – ভাৰতৰ ক্ষেত্ৰত এই কূটনীতি আৰম্ভ বাংলাদেশৰ। বাংলাদেশৰ পৰা ভাৰতে আমদানি কৰে প্ৰচুৰ পৰিমাণৰ হিলচা মাছ। বংগদেশৰ বাঙালীসকলৰ প্রিয় মাছ এই হিলচা। কিন্তু এতিয়াৰে পৰা ভাৰত চৰকাৰে বাংলাদেশলৈ ভেকচিন ৰপ্তানি কৰিলেহে বাংলাদেশ চৰকাৰে ভাৰতলৈ ভেকচিন ৰপ্তানি কৰিব। বাংলাদেশত প্ৰায় ষোল্ল(১৬) লাখ লোকে পঞ্জীয়ন কৰিছে ভাৰতীয় ভেকচিনৰ কিন্তু ভাৰত চৰকাৰে বাংলাদেশ চৰকাৰক জনাই দিছে যে ভাৰতে আৰু বৰ্তমান ভেকচিন ৰপ্তানি কৰিব নোৱাৰে। সেয়ে, হিলচা কূটনীতিৰ আশ্ৰয় লৈছে বাংলাদেশে।

৩)চি বি আইৰ বিশেষ সঞ্চালকৰূপৰ নিযুক্তি প্ৰবীণ সিনহাক। ১৯৮৮ চনৰ বেটছৰ গুজৰাট কেডাৰৰ আই পি এছ প্ৰবীণ সিনহা। চি বি আইৰ বিশেষ সঞ্চালক হিচাপে ৰাকেশ আস্থানাক স্থলভিষিক্ত কৰিব প্ৰবীণ সিনহাই। যোৱা তিনিবছৰ ধৰি খালী হৈ আছিল এই বিশেষ সঞ্চালকৰ পদটো। ২০০০ চনৰ পৰা ২০২১ চনলৈ চি বি আইৰ আৰক্ষী অধীক্ষক, উপ মহাপৰিদৰ্শক, যুটীয়া সঞ্চালক তথা অতিৰিক্ত সঞ্চালকৰূপে কাৰ্যনিৰ্বাহ কৰিছে সিনহাই।

৪) আজি হ’ব পাৰে ভাৰতীয় প্ৰযুক্তিক্ষেত্ৰৰ এটা বৃহৎ ঘোষণা। ভাৰতত জিঅ’ ফাইভ জি(5G) প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে আজি দুপৰীয়া দুই(২) বজাত। আজি অনুষ্ঠিত হ’বলগা ৰিলায়েন্সৰ ৪৪ তম এ জি এমত হ’ব এই বৃহৎ ঘোষণা। ইতিমধ্যে ভাৰতত আৰম্ভ কৰা হৈছে জিঅ’ 5 জিৰ পৰীক্ষণ আৰু এই পৰীক্ষণত প্ৰায় ১ জি বি পি এছলৈ গতি লাভ কৰিছে জিঅ’ 5 জিয়ে।

৫) বিশ্ব চেম্পিয়ন হোৱাৰ সপোন পূৰণ হ’ল নিউজিলেণ্ডৰ। ২০১৫ আৰু ২০১৯ চনৰ এদিনীয়া বিশ্বকাপ ফাইনেলত প্ৰৱেশ কৰিও খিতাপ অৰ্জন কৰিব নোৱাৰা নিউজিলেণ্ডে কেন উইলিয়ামচনৰ নেতৃত্বত দখল কৰিলে প্ৰথম বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ। ভাৰতক আঠ(৮) উইকেটত পৰাস্ত কৰি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ খিতাপ দখল নিউজিলেণ্ডৰ। পঞ্চম দিনাখন ২ উইকেটত ৬৪ ৰাণ কৰি থকা ভাৰতৰ বেটিং তাচপাতৰ দৰে খহি পৰে ৰিজাৰ্ভ ডে’ৰ দিনা আৰু ১৭০ ৰাণতে দ্বিতীয় ইনিংছ সামৰে ভাৰতে। তাৰ প্ৰত্যুত্তৰত কেন উইলিয়ামচনৰ ৫২ আৰু ৰছ টেইলৰৰ ৪৭ ৰাণৰ সহায়ত ৫৩ অভাৰত ২ টা উইকেট হেৰুৱাই ১৩৯ ৰাণৰ লক্ষ্য হেলাৰঙে অতিক্ৰম কৰে নিউজিলেণ্ডে।

উৎস – ইণ্ডিয়ান এক্সপ্ৰেছ

আন্তঃৰাষ্ট্ৰীয়

১. হংকঙত সংবাদ পত্ৰৰ স্বাধীনতা বিলুপ্ত, চিৰদিনৰ বাবে বন্ধ হৈ গ’ল এপল ডেইলী

অৱশেষত আহিল সেই অপ্ৰত্যাশিত খবৰটো-হংকঙৰ একমাত্ৰ চৰকাৰ বিৰোধী আৰু গণতন্ত্ৰপন্থী বাতৰি কাকত ‘এপল ডেইলী’য়ে কালি ২৩ জুন তাৰিখে ইয়াৰ অন্তিমটো সংস্কৰণ প্ৰকাশ কৰা বুলি ঘোষণা কৰে। যোৱা বছৰৰ পৰা হংকঙত প্ৰৱৰ্তন কৰা ৰাষ্ট্ৰীয় নিৰাপত্তা আইন ভংগ কৰাৰ অপৰাধত ইয়াৰ সংবাদ কৰ্মীসকলক গ্ৰেপ্তাৰ কৰাৰ উপৰিও কাকতখনৰ অন্যান্য যাৱতীয় সম্পত্তিবোৰ বাজেয়াপ্ত কৰাৰ বাবেই ইয়াৰ প্ৰকাশ বন্ধ কৰিব লগা হৈছে বুলি বাতৰি কাকতখনৰ কৰ্তৃপক্ষই জনায়।

২. কৃষ্ণ সাগৰত যুদ্ধৰ উকমুকণি, ৰাছিয়াই খেদি পঠালে বৃটিছ যুদ্ধ জাহাজ

২৩ জুন বুধবাৰে ২০ খনতকৈও অধিক ৰাছিয়ান জেট আৰু দুখন উপকূলৰক্ষী জাহাজে কৃষ্ণ সাগৰত বিচৰণ কৰি থকা এখন বৃটিছ যুদ্ধ জাহাজক আগুৰি ধৰেহি। ৰাছিয়াই বুধবাৰে কয় যে, তেওঁলোকৰ নৌ সেনা আৰু বায়ু সেনাই কৃষ্ণ সাগৰৰ ক্ৰিমিয়া উপকূলৰ পৰা এখন বৃটিছ যুদ্ধ জাহাজক তেওঁলোকৰ জলসীমাৰ পৰা খেদিবলৈ সতৰ্কতামূলক বোমা-বাৰুদ নিক্ষেপ কৰে। আনহাতে, বৃটেইনে ঘটনাটো সম্বন্ধত ৰাছিয়াই দিয়া বৰ্ণনাক নস্যাত কৰিছে। বৃটেইনে কৈছে যে, কোনো ধৰণৰ বোমা ফুটুওৱা হোৱা নাছিল আৰু যি গুলি চালনাৰ ঘটনা ঘটিছিল সেয়া ৰাছিয়াৰ নিয়মিত অনুশীলনৰ অংশ আছিল। লগতে বৃটেইনে তেওঁলোকৰ যুদ্ধজাহাজ এইচ এম এছ ডিফেণ্ডাৰে যি জলভাগেৰে যাত্ৰা কৰিছিল সেই জলভাগক ইউক্ৰেইনৰ বুলিহে দাবী কৰিছে। ইতিমধ্যে ৰাছিয়াই বৃটেইনৰ ৰাষ্ট্ৰদূতগৰাকীক ঘটনাটোৰ সম্পৰ্কত মস্কোলৈ মাতি পঠাইছে।

৩. ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বেনিগনো একুইনোৰ মৃত্যু – বৃহস্পতিবাৰে ফিলিপাইনছৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বেনিগনো একুইনোৰ মেনিলাৰ এখন চিকিৎসালয়ত মৃত্যু হৈছে। মৃত্যুৰ সময়ত তেওঁৰবয়স আছিল ৬১ বছৰ। তেওঁ ২০১০ চনৰ পৰা ২০১৬ চনলৈকে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিহিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

৪. উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী ৰি চন গোৱেনে কয় যে, তেওঁলোকে আমেৰিকাৰ সৈতে এনে কোনো সম্পৰ্ক কৰিব নিবিচাৰে যিয়ে কেৱল সময়ৰ অপচয় কৰে। সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নতুন ৰাষ্ট্ৰদূত গৰাকীয়ে চিউলত ঘোষণা কৰিছিল যে, তেওঁলোকে উত্তৰ কোৰিয়াৰ সৈতে আলোচনাৰ ক্ষেত্ৰত এটা ইতিবাচক সহাঁৰিৰ বাবে বাট চাই আছে। ৰাষ্ট্ৰদূতজনৰ এই মন্তব্যৰ প্ৰত্যুতৰ হিচাপেই উত্তৰ কোৰিয়াৰ বৈদেশিক মন্ত্ৰী গৰাকীয়ে এই কথা কয়। উল্লেখ্য যে, উত্তৰ কোৰিয়াৰ পাৰমাণবিক বোমা নিৰ্মাণৰ আঁচনি খনক বাধা দিবলৈ আমেৰিকাই বহু বছৰ ধৰি চেষ্টা কৰি আহিছে যদি এই ক্ষেত্ৰত বৰ্তমানলৈকে সফল হব পৰা নাই।

৫. ইউৰো কাপ ২০২০
ইউৰোকাপত কালি অনুষ্ঠিত হৈ যোৱা খেলৰ ফলাফল-
চুইদেন বনাম পোলেণ্ড ৩-২
শ্লোভাকিয়া বনাম স্পেইন ০-৫
পৰ্টুগাল বনাম ফ্ৰান্স ২-২
জাৰ্মানী বনাম হাংগেৰী ২-২

উৎস- বিবিচি

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Manashree
Manashree
2 years ago

nice

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x