আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিকঃ

১) হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ মূল্যায়নক লৈ বিপাঙত দুয়োখন উচ্চস্তৰীয় মূল্যায়ন কমিটী। বিগত বৰ্ষত অনুত্তীৰ্ণ হৈ পুনৰবাৰ পৰীক্ষাত বহিবলগা ১.৮০ লাখ পৰীক্ষাৰ্থীৰ মূল্যায়ন কেনেদৰে হ’ব তাৰ কোনো সমাধান নাই নতুন মূল্যায়ন পদ্ধতিত। আনহাতে উচ্চতৰ মাধ্যমিক পৰীক্ষা সংক্ৰান্তীয় সমিতিৰ বৈঠকত চি বি এচ ইৰ আৰ্হিৰে বিকল্প নম্বৰ দিয়াৰ বিবেচনা কৰা হৈছে যদিও চূড়ান্ত সিদ্ধান্তত এতিয়াও উপনীত হ’ব পৰা নাই।

২) চাবুৱা থানাত ৰুজু হোৱা এটা গোচৰ সন্দৰ্ভত ন্যায়ালয়ৰ মজিয়াত দোষমুক্ত ঘোষণা কৰা হৈছে অখিল গগৈক। আদালতৰ মন্তব্য- নিয়াই অখিল গগৈৰ বিৰুদ্ধে দাখিল কৰা তথ্য-পাতিয়ে তেওঁক সন্ত্ৰাসবাদীৰূপে প্ৰতিপন্ন নকৰে।

৩) নগাওঁ আৰু কাছাৰ কাগজ কল বিক্ৰী কৰিবলৈ চৰকাৰে পুনৰ আহ্বান কৰিছে নিবিদাৰ। ১,১৩৯ কোটি টকাৰে নগাওঁ-কাছাৰ কাগজ কল কোনেও কিনিবলৈ নহাত পূৰ্বতকৈ ১৭০ কোটি দাম হ্ৰাস কৰি এইবাৰ ৯৬৯ কোটি টকা মূল্য নিৰ্ধাৰণ।

৪) কুখ্যাত গৰু মাফিয়া মোজাম্মিল হকক গ্ৰেপ্তাৰ বৰপেটা আৰক্ষীৰ। কংগ্ৰেছী মোজাম্মিলে বিজেপি নেতাৰ সহযোগত চলাই আছিল গৰু ছিণ্ডিকেট। দহ দিনৰ জিম্মাত লৈ মোজাম্মিলক আৰক্ষীৰ জেৰা।

৫) ৰাজ্যত যোৱা ২৪ ঘন্টাত ২৮৬৯ গৰাকী আক্ৰান্ত কোভিডত। ইয়াৰে গোলাঘাটত আক্ৰান্ত ২২৭ গৰাকী, গুৱাহাটীত ১৯৮ গৰাকী, ডিব্ৰুগড়ত ১৯৩ গৰাকী আৰু কাছাৰৰ ১৭২ গৰাকী লোক নতুনকৈ আক্ৰান্ত। ৰাজ্যত মৃত্যুৰ সংখ্যা ৩৭ জন।

উৎস : অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়ঃ

১) অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত উপলদ্ধ হোৱাৰ সম্ভাৱনা আছে দুবছৰৰ পৰা সোতৰ বছৰৰ শিশুৰ কোভিড ১৯ ৰ প্ৰতিষেধক কভাক্সিন। এইমছৰ অধ্যক্ষ ডাঃ ৰনদীপ গুলেৰিয়াৰ মন্তব্য – অহা ছেপ্টেম্বৰ মাহত পৰীক্ষা সম্পন্ন হ’ব ২ৰ পৰা ১৭ বছৰৰ শিশুৰ কভাক্সিনৰ আৰু ই ছেপ্টেম্বৰ মাহতেই লাভ কৰিব ভাৰত চৰকাৰৰ স্বীকৃতি। শিশুৰ কভাক্সিনৰ মানৱ পৰীক্ষা আৰম্ভ হৈছে যোৱা ৬ জুনতেই।

২)ভাৰতীয় নৌসেনা আৰু বায়ুসেনাই যুগ্ম অনুশীলন কৰিব মাৰ্কিন নৌসেনাৰ সৈতে। ২৩ জুন আৰু ২৪ জুনত কেৰেলাৰ ৰাজধানী তিৰুৱনন্তপুৰমত ভাৰত মহাসাগৰীয় এলেকাত অনুষ্ঠিত হ’ব এই অনুশীলন। ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বি-পাক্ষিক সম্পৰ্ক উন্নত কৰাৰ লক্ষ্যৰে কৰা হৈছে এই যুটীয়া যুদ্ধভ্যাস।

৩)২০২২ চনত উত্তৰ প্ৰদেশত হ’বলগা বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে ভাৰতীয় জনতা পাৰ্টিয়ে। অহা বিধানসভা নিৰ্বাচনলৈ যোগী আদিত্যনাথকে মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰূপে লৈ নিৰ্বাচনী ৰণত অৱতীৰ্ণ হ’ব বিজেপি। যোগী আদিত্যনাথৰ নেতৃত্বতেই উত্তৰ প্ৰদেশৰ নিৰ্বাচন খেলিব বিজেপিয়ে। এই মন্তব্য উত্তৰ প্ৰদেশ বিজেপিৰ নৱনিযুক্ত উপ-সভাপতি এ কে শৰ্মাৰ।

৪)কৰণাৰ নতুন প্ৰজাতি ডেল্টা প্লাছক লৈ উদ্বিগ্ন ভাৰতৰ কেন্দ্ৰীয় চৰকাৰ। বৃহৎ সমাৱেশ ত্যাগ কৰিবলৈ আৰু কৰণা সম্পৰ্কীয় নীতি-নিয়ম মানি চলিবলৈ জনসাধাৰণক আহ্বান কেন্দ্ৰীয় চৰকাৰৰ। দেশৰ বহু ৰাজ্যত পোৱা গৈছে কোভিডৰ ডেল্টা প্লাছৰ ৰোগী।

৫)বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পঞ্চম দিন – মহম্মদ ছামিৰ চাৰি উইকেটৰ সহায়ত নিউজিলেণ্ডক ২৪৯ ৰাণত বান্ধি ৰাখিলে ভাৰতে। নিউজিলেণ্ডৰ তৰফৰ পৰা অধিনায়ক কেন উইলিয়ামচনৰ সংগ্ৰহ ৪৯ ৰাণ। দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতৰ স্কৰ ২ উইকেটত ৬৪ ৰাণ। ৰোহিত শৰ্মাৰ সংগ্ৰহ ৩০ ৰাণ। টিম চাউঠিয়ে ল’লে ভাৰতৰ দুয়োজন অপেনাৰৰ উইকেট।

উত্স- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

আন্তঃৰাষ্ট্ৰীয়

১. ম্যানমাৰত এইবাৰ সাধাৰণ জনতাই তুলি ল’লে অস্ত্ৰ

ম্যানমাৰৰ দ্বিতীয় বৃহতম চহৰ মান্দালয়ৰ পৰা এইবাৰ সাধাৰণ জনতাই দেশখনৰ বৰ্তমানৰ প্ৰশাসক জুন্টা চৰকাৰৰ বিৰুদ্ধে অস্ত্ৰ তুলি লোৱাৰ খবৰ আহিছে। সাধাৰণ জনতাৰ মাজত গঢ়ি উঠা এই সামৰিক গোটটোৰ নাম ‘পিপল’চ ডিফেন্স ফৰ্চ’ বুলি জানিব পৰা পৰা গৈছে। মান্দালয় চহৰত দেশখনৰ সামৰিক বাহিনীৰ সৈতে এই গোটটোৱে সংঘৰ্ষত লিপ্ত হোৱাৰ ঘটনাৰ পাছতে কালি দেশখনৰ সেনাই চহৰখনত থকা বিদ্ৰোহী গোটটোৰ এটা ঘাটিত গৈ তালাচী চলাইছে আৰু বহু পৰিমাণে অস্ত্ৰ-শস্ত্ৰৰ উদ্ধাৰ কৰিছে। যোৱা ফেব্ৰুৱাৰী মাহৰ ১তাৰিখৰ পৰাই ম্যানমাৰত আৰম্ভ হোৱা সামৰিক অভ্যুত্থানৰ পাছৰ পৰাই দেশখনৰ সাধাৰণ প্ৰতিবাদী জনতাৰ ওপৰত হৈ অহা নিৰ্মম অত্যাচাৰ আৰু হত্যাযজ্ঞৰ প্ৰতিক্ৰিয়া স্বৰূপেই এনেকুৱা বিদ্ৰোহী গোটবোৰৰ জন্ম হৈছে বুলি অনুমান কৰিব পাৰি। আনহাতে, দেশখনৰ বিভিন্ন ঠাইত বৰ্তমানেও সামৰিক বাহিনীৰ চৰকাৰখনৰ বিৰুদ্ধে শান্তিপূৰ্ণ গণতন্ত্ৰিক প্ৰতিবাদ চলি আছে।

২. স্পেইনৰ প্ৰধান মন্ত্ৰীয়ে ৯ জন কাটলান বিচ্ছিন্নতাবাদী নেতাক ক্ষমাদান কৰাৰ কথা ঘোষণা কৰিছে-

যোৱাকালি স্পেইনৰ কেবিনেটত লোৱা এক সিদ্ধান্ত মৰ্মে দেশখনৰ কাটাল’নিয়া প্ৰদেশৰ ৯ জন বিদ্ৰোহী নেতাক ক্ষমাদান কৰি মুক্তি দিয়াৰ কথা ঘোষণা কৰিছে। স্পেইন চৰকাৰৰ মতে, দেশখনৰ নাগৰিক সকলৰ মাজত যাতে একতা গঢ়ি উঠে তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই ক্ষমাদান কৰা হৈছে। আনহাতে, স্পেইনৰ উত্তৰ অংশত অৱস্থিত কাটাল’নিয়া প্ৰাদেশিক চৰকাৰৰ ৰাষ্ট্ৰপতি পেৰে এৰেগনাছে কৈছে যে, কেৱল ৯ জন বিদ্ৰোহীক ক্ষমাদান কৰিলেই সমস্যাৰ সমাধান নহষ। তেওঁ কৈছে যে, বৰ্তমান প্ৰায় ১০০ জন কাটলান বিদ্ৰোহীৰ বিৰুদ্ধে স্পেইন চৰকাৰে গোচৰ চলাই আছে, এই সকলোকে ৰাজহুৱা ক্ষমাদান কৰি গণতান্ত্ৰিক আলাপ-আলোচনাৰ মাজেৰে আগবাঢ়িলেহে সমস্যাৰ সমাধান হব । তেওঁ কাটাল’নিয়া প্ৰদেশৰ আত্মনিয়ন্ত্ৰৰ অধিকাৰ সম্পৰ্কত গণভোট অনুষ্ঠিক কৰিবলৈও আহ্বান জনায়।

৩. হংকঙৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আইন অধীনত অভিযুক্ত প্ৰথমজন ব্যক্তিক আদালতৰ নিৰ্দোষী ঘোষণা। তেওঁৰ ওপৰত অভিযোগ আছিল যে, তেওঁ হংকঙৰ চৰকাৰী বিষয়াসকলৰ এটা ৰেলীৰ মাজেৰে মটৰ চাইকেল চলাই যোৱাৰ লগতে হাতত হংকঙৰ পতাকা লৈ ‘হংকঙক মুক্ত কৰক’ বুলি শ্লোগান দি গৈছিল। ২৪ বছৰীয়া টং ইং-কিট নামৰ এই ব্যক্তিজনক ২০২০ চনৰ ১ জুলাই তাৰিখে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনখনৰ প্ৰৱৰ্তনৰ কিছুসময়ৰ পাছতেই গ্ৰেপ্তাৰ কৰিছিল। আইনখনৰ মতে, কোনো ব্যক্তিৰ বিৰুদ্ধে সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ বা বিদেশী শক্তিৰ সৈতে যোগাযোগ ৰখাৰ প্ৰমাণ পালে তেওঁক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিব পাৰিব।

৪. টকিঅ’ অলিম্পিক ২০২০ নিষিদ্ধ কৰা হৈছে সুৰা।টকিঅ’ অলিম্পিকৰ সভাপতি চেইকো হাছিমোটোৱে বুধবাৰে কয় যে ‘সুৰক্ষিত আৰু সুনিশ্চিত’ খেলৰ ওপৰত ৰাইজৰ উদ্বেগ আঁতৰ কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত লোৱা হৈছে। তেওঁ লগতে ইয়াকো কয় যে, এইবাৰৰ অলিম্পিকৰ পৃষ্ঠপোষক আছাহি ব্ৰুৱেৰীজও আয়োজকসকলৰ এই সিদ্ধান্তৰ সৈতে সন্মত হৈছে।

৫. ইউৰো কাপ ২০২০
ইউৰোকাপত কালিৰ খেলৰ ফলাফল-
চেক গণৰাজ্য বনাম ইংলেণ্ড ০-১
ক্ৰৱেছিয়া বনাম স্কটলেণ্ড ৩-১

উৎস- বিবিচি

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x