আজিৰ বাতৰিসাময়িকী

আজিৰ বাতৰি

ৰাজ্যিক

১) হাইস্কুল শিক্ষান্ত পৰীক্ষাক লৈ প্ৰতিবেদন দাখিল উচ্চস্তৰীয় মূল্যায়ন কমিটীৰ। নৱম শ্ৰেণীৰ পৰা পোৱা বিভিন্ন আভ্যন্তৰীণ পৰীক্ষাৰ ফলাফল অনুসৰি মূল্যাংকন কৰা হ’ব শিক্ষাৰ্থীক। এইবাৰ নাথাকিব কোনো শীৰ্ষ স্থান।
২) নিঃস্বাৰ্থ কৰ্তব্যনিষ্ঠা আৰু সততাৰ পৰিচয় দিয়া হোমগাৰ্ড বৰসিং বে’ক অসম আৰক্ষীৰ কনিষ্টবল পদলৈ পদোন্নতি। গৃহ বিভাগে দাখিল কৰা এই সিদ্ধান্তত বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটে অনুমোদন জনায়। ইয়াৰ উপৰিও কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তলৈ অহা হয়- জিলা উপায়ুক্তই গ্ৰাম্য এলেকাৰ চৰকাৰী প্ৰতিষ্ঠানৰ বাবে প্ৰয়োজনীয় ভূমি আৱন্টন কৰিব পাৰিব। হাতী-মানুহৰ সংঘাতৰ ফলত দিবলগা ক্ষতিপূৰণ মুখ্য বন সংৰক্ষকৰ অনুমতিত বন সংমণ্ডল বিষয়াই দিব পাৰিব। OIL আৰু ONGC য়ে মাটি অধিগ্ৰহণ কৰিলে চহৰাঞ্চলত ১২ লাখ প্ৰতি বিঘাত আৰ চহৰৰ পৰা ১০ কিঃ মিঃ ৰ বাহিৰত হ’লে ১০ লাখ প্ৰতি বিঘাত দিব লাগিব।
৩) কেবিনেটৰ এটা গুৰুত্বপূৰ্ণ অনুমোদন- মাইক্ৰফাইনেন্সৰ সকলো ঋণী মহিলাৰ বোজা নলয় চৰকাৰে। বছৰি এক লাখৰো অধিক উপাৰ্জন কৰা পৰিয়াল, চাৰিচকীয়া বাহন থকা পৰিয়াল, ৰেফ্ৰিজাৰেটৰ থকা পৰিয়াল সকলো বাদ পৰিব ৰেহাইৰ পৰা।
৪) অহা ১২ জুলাই পৰা আৰম্ভ হ’ব বিধানসভাৰ বাজেট অধিৱেশন। ১৬ জুলাইত বিত্ত মন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।
৫) ৰাজ্যৰ ক’ভিড পৰিস্থিতি পূৰ্বৰ দৰেই অব্যাহত আছে। যোৱা ২৪ ঘন্টাত মৃত্যু ৩৪ গৰাকীৰ, আক্ৰান্ত ২৭৮১ গৰাকী। ইয়াৰে গুৱাহাটীত আক্ৰান্ত ১৬২ জন। ইফালে ৰাজ্যত মুঠ ২২০ টা ক’ভিডৰ হটস্পট চিনাক্ত কৰা হৈছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। জিলা উপায়ুক্তসকলে বিচাৰিলে এই হটস্পটসমূহ কনটেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰা হ’ব বুলিও তেওঁ কয়। অহা ৪০ ৰ পৰা ৪৫ দিনৰ ভিতৰত ১৮ বছৰৰ উৰ্ধৰ সকলো লোককে ক’ভিড-১৯ৰ প্ৰতিষেধক প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

 

ৰাষ্ট্ৰীয় –
১)সুচাৰুৰূপে সম্পন্ন জম্মু কাশ্মীৰৰ ৰাজনৈতিক দলৰ নেতাসমূহৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক। সীমা নিৰ্ধাৰণৰ কাম শেষ কৰিয়েই বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব জম্মু কাশ্মীৰত। লগতে জম্মু কাশ্মীৰক পূৰ্ণাংগ ৰাজ্যৰূপে পুনৰ স্বীকৃতি দিয়াৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ। এই বৈঠকত উপস্থিত আছিল জম্মু কাশ্মীৰৰ আঠ(৮)টা ৰাজনৈতিক দলৰ চৈধ্য(১৪) নেতা সহিতে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত দোভাল আৰু জম্মু কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা।

২)কোভিড ১৯ৰ বিৰুদ্ধে ভাৰতীয় নৌসেনাৰ অপাৰেচন সমুদ্ৰ সেঁতু ২ – আই এন এছ শাৰ্দুল বহিঃদেশৰ পৰা ভাৰতলৈ কঢ়িয়াইছে অক্সিজেন ছিলিণ্ডাৰ। কুৱেইট আৰু কাটাৰৰ পৰা ৭৬৪০ টা অক্সিজেনভৰ্তি ছিলিণ্ডাৰ, ২১ মেট্ৰিকটন তৰল অক্সিজেন আৰু ১৫ টা অক্সিজেন কনচেণ্ট্ৰেটৰ লৈ মুম্বাই বন্দৰত উপস্থিত হৈছে আই এন এছ শাৰ্দুল।

৩) যোৱা ২৯ জানুৱাৰীত নতুন দিল্লীৰ ইজৰাইলী দূতাবাসৰ সমীপত ঘটা বিস্ফোৰণ কাণ্ডত জড়িত থকাৰ সন্দেহত কাৰ্গিলৰ পৰা চাৰিজন শিক্ষাৰ্থীক আটক কৰিছে দিল্লী আৰক্ষীৰ বিশেষ কোষে। গ্ৰেপ্তাৰ কৰা ছাত্ৰকেইজন হৈছে নাজিৰ হুছেইন, জুলফিকাৰ আলী ৱাজিৰ, আইজ হুছেইন আৰু মুজাম্মিল হুছেইন।

৪)নিৰ্মীয়মান অৱস্থাত থকা চেণ্ট্ৰেল ভিষ্টা এভিনিউ পৰিদৰ্শন ভাৰতৰ কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন মন্ত্ৰী হৰদীপ পুৰীৰ। পূৰ্বনিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই হ’ব চেণ্ট্ৰেল ভিষ্টা এভিনিউৰ পুনৰনিৰ্মাণ আৰু নতুন সংসদ ভৱনৰ নিৰ্মাণকাৰ্য। নতুন সংসদ ভৱন মুকলি কৰা হ’ব ২০২২ চনৰ সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আৰু পুনৰনির্মিত চেণ্ট্ৰেল ভিষ্টা এভিনিউ মুকলি কৰা হ’ব ২০২২ চনৰ গণতন্ত্ৰ দিৱসৰ পেৰেডৰ পূৰ্বে।

৫)ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড(বি চি চি আই)ৰ ৰাষ্ট্ৰীয় নিৰ্বাচনী কমিটিৰ নতুন অধ্যক্ষৰূপে নিৰ্বাচিত হৈছে ভাৰতৰ প্ৰাক্তন স্পীনাৰ সুনীল যোশী। কাৰ্যকালৰ অন্ত পৰিল এম এছ কে প্ৰসাদৰ। পাঁচজনীয়া নিৰ্বাচনী কমিটিখনত থকা আন চাৰিজন সদস্য হৈছে হৰবিন্দৰ সিং, মদন লাল, ৰুদ্ৰপ্ৰতাপ সিং আৰু সুলক্ষণা নায়ক।

উৎস –

ইণ্ডিয়ান এক্সপ্ৰেছ

 

আন্তঃৰাষ্ট্ৰীয়
১. মায়ামিত ভাগি পৰিল ১২ মহলীয়া আবাসিক আট্টালিকা, ৯৯ জন সন্ধানহীন, ১জন নিহত

কালি পুৱা ভাগতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফ্লৰিদা ৰাজ্যৰ মায়ামি চহৰত এটা বাৰ মহলীয়া আবাসিক আট্টালিকা হঠাৎ খহি পৰাৰ খবৰে বিশ্ববাসীক মৰ্মাহত কৰি তুলিছে। আট্টালিকাটো ভাগি পৰাৰ প্ৰকৃত কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। দুৰ্ঘটনাটোৰ ফলত এতিয়ালৈ এজন ব্যক্তিৰ নিশ্চিত মৃত্যুৰ খবৰ আহিছে। লগত ১০ জন ব্যক্তিক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰু চহৰখনৰ মেয়ৰে জানিবলৈ দিয়া মতে, বৰ্তমানলৈকে আট্টালিকাটোত বাস কৰা ৯৯ জন ব্যক্তি সন্ধানহীন হৈ আছে আৰু উদ্ধাৰকাৰী দলে অভিযান চলাই আছে।

২. ৰাছিয়াই ধমক দিলে বৃটেইনক- আকৌ এনে কৰিলে বৃটিছ জাহাজত বোমা ন্ক্ষেপ কৰা হব

ৰাছিয়াই বৃহস্পতিবাৰে ব্ৰিটেইনক সতৰ্ক কৰি দিয়ে যে যদি কৃষ্ণ সাগৰত ৰাছিয়া-সংযুক্ত ক্ৰিমিয়াৰ উপকূলত ব্ৰিটিছ নৌ সেনাৰ দ্বাৰা আৰু কোনো উচতনিমূলক কাৰ্যকলাপ সংঘটিত হয় তেন্তে তেওঁলোকে এইবাৰ ব্ৰিটিছ নৌ-জাহাজত বোমা নিক্ষেপ কৰিব। যোৱা বুধবাৰে সংঘটিত হোৱা বৃটিছ নৌ সেনা আৰু ৰাছিয়াৰ নৌ সেনাৰ মাজত সংঘটিত হোৱা বিবাদ সম্পৰ্কত বৃটেইনক এনেদৰে ভাবুকি প্ৰদান কৰিছে। উল্লেখ্য যে, ৰাছিয়াই তেওঁলোকৰ অধিকাৰত থকা বুলি দাবী কৰা এটা সাগৰীয় জল পথেৰে বৃটিছৰ এখন যুদ্ধ জাহাজে যাত্ৰা কৰিছিল। কিন্তু অন্যান পশ্চিমীয়া শক্তিসমূহে এই জলভাগক ইউক্ৰেইনৰ বুলিহে দাবী কৰে। ঘটনা সন্দৰ্ভত কালি উপ বৈদেশিক মন্ত্ৰী ছেৰ্গেই ৰিয়াবকভে ৰাছিয়াৰ সংবাদ সংস্থাসমূহক কয়, আমি আন্তঃৰাষ্ট্ৰীয় আইনৰ প্ৰতি বৃটেইনক সন্মান জনাবলৈ অনুৰোধ কৰিছো আৰু যদি সেয়া নকৰে তেনেহ’লে আমি বোমা নিক্ষেপ কৰিম।
৩. ৰাষ্ট্ৰসংঘই কয়- ম্যানমাৰৰ গৃহযুদ্ধৰ ফলত প্ৰায় ২,৩০,০০০ লোক স্থানান্তৰিত হব লগা হৈছে।

ম্যানমাৰৰ শেহতীয়া পৰিস্থিতিৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘই বৃহস্পতিবাৰে কয় যে, যোৱা ১ ফ্ৰেব্ৰুৱাৰীত দেশখনত সংঘটিত হোৱা সামৰিক অভ্যুত্থানৰ প্ৰতিবাদ স্বৰূপে দেশখনৰ সাধাৰণৰ লোকসকলেও হাতত অস্ত্ৰ তুলি লৈছে। আৰু এনে যুদ্ধ সদৃশ পৰিৱেশত প্ৰায় ২,৩০,০০০ লোকে নিজৰ ঘৰ এৰি অন্য স্থানত আশ্ৰয় লব লগা হৈছে।

ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয় কাৰ্যালয়ে (ওচিএইচএ) কৈছে যে, সাহায্য অভিযান চলি আছে যদিও দেশখনত চলি থকা সশস্ত্ৰ সংঘৰ্ষ, হিংসা আৰু নিৰাপত্তাহীনতাৰ ফলত ই বাধাপ্ৰাপ্ত হৈছে।
তেওঁলোকে আৰু কয় যে, থাইলেণ্ডৰ সীমান্তৱৰ্তী কাৰেন ৰাজ্যত ১,৭৭,০০০ লোক স্থানচ্যুত হৈছে, আনহাতে ভাৰতৰ সীমান্তৱৰ্তী চিন ৰাজ্যত পিপলছ ডিফেন্স ফ’ৰ্চ আৰু সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পিছত ২০,০০০ তকৈও অধিক লোকে ১০০ টা ‘স্থানান্তৰ ক্ষেত্ৰ’ত আশ্ৰয় লৈ আছে।

৪. শুকুৰবাৰে চীনৰ হেনান প্ৰদেশৰ এটা সমৰ কলা প্ৰশিক্ষণ কেন্দ্ৰত জুই লাগি অতি কমেও ১৮ জন লোকৰ মৃত্যু হৈছে। পুৱা ৩ বজাত সংঘটিত হোৱা ঘটনাটোৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। প্ৰাদেশিক চৰকাৰে জানিবলৈ দিয়া মতে ঘটনাটোত বৰ্তমানে আৰু ১৬ জন লোক আহত হৈছে আৰু ইয়াৰে ভিতৰত ৪ জনৰ অৱস্থা অতি সংকটজনক।

৫. ইউৰো কাপ ২০২০
ইউৰো কাপত আজি বিৰতি। কাইলৈ মুখামুখি হব ৱেলছ আৰু ডেনমাৰ্ক।

উৎস- ৰয়টাৰ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

0
Would love your thoughts, please comment.x
()
x