তথ্যকোষসাময়িকী

ষ্টিফেন হকিং – অবিস্মৰণীয় বিজ্ঞানীজন

(ষ্টিফেন হকিং আছিল বিংশ আৰু একবিংশ শতিকাৰ বিজ্ঞান জগতৰ ভোটাতৰা। বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস জানিবলৈ কচৰত কৰা এইজনা বিজ্ঞানী ষ্টিফেন হকিং সম্পৰ্কে সাৰথিৰ পৃষ্ঠাত এটি চমু লেখা)

বোবা পংগু অথৰ্ব এজনে
মগজুৰ বৈদ্যুতিক গণিতৰ স্পন্দনেৰ
লেখি গ’ল সময়ৰ ইতিহাস।
সময়ৰো হেনো জন্ম আছে,মৃত্যু আছে
আৰম্ভণি শেষ আছে..
সময়ৰো শেষ আছে……(কবি- নৱকান্ত বৰুৱা)

এখন যন্ত্ৰচালিত হুইলচেয়াৰ আৰু তাত সোঁফালে হেলান দিয়া ডিঙিৰে এজন শীৰ্ণকায়, পংগু মানুহ। যন্ত্ৰৰ দ্বাৰা ভাৱ-বিনিময় কৰিছিল, ভাষণ দিছিল আৰু গধুৰ গৱেষণাৰে বিশ্ববাসীক বিশ্বব্ৰহ্মাণ্ডৰ নেদেখা কথাবোৰৰ বিষয়ে ভাবিবলৈ বাধ্য কৰাইছিল। কিন্তু মন, চিন্তা আৰু সপোনৰ বলত তেওঁ দেখুৱাইছিল হুইলচেয়াৰত বহি কেনেকৈ খোজকাঢ়িব পাৰি বিশ্বব্ৰহ্মাণ্ডৰ চাৰিওফালে ! লিখি উলিয়াইছিল সময়ৰ ইতিহাস, সৃষ্টিৰ ৰহস্য আৰু বহু কিবাকিবি। সম্ভৱতঃ মৃত্যুক উপলুঙা কৰি জীৱনক সমৃদ্ধ কৰাত তেওঁতকৈ ডাঙৰ উদাহৰণ নাই। তেৱেঁই বিখ্যাত কোৱান্টাম বিশ্বতত্ববিদ(Quantum Cosmologist) ষ্টিফেন হকিং- একবিংশ শতিকাৰ বিজ্ঞান জগতত আইনষ্টাইনৰ পাছতে আটাইতকৈ চৰ্চিত আৰু জনপ্ৰিয় বিজ্ঞানীজন।

ষ্টিফেন হকিঙৰ জন্ম আৰু স্কুলীয়া শিক্ষা-

১৯৪২ চনৰ ৮ জানুৱাৰীত অক্সফ’ৰ্ডত জন্ম হৈছিল ষ্টিফেন উইলিয়াম হকিঙৰ। ষ্টিফেন হকিঙৰ জন্ম হৈছিল গেলিলিঅ’ গেলিলিৰ দৰে মহান বিজ্ঞানীৰ মৃত্যু দিনত। হকিঙৰ দেউতাক ফ্ৰেংক হকিং আছিল ইংলেণ্ডৰ বিখ্যাত চিকিত্সা বিজ্ঞানৰ গৱেষণা প্ৰতিষ্ঠান ‘নেচনেল ইনষ্টিটিউট অৱ্ মেডিকেল ৰিচাৰ্ছ’ৰ জীৱ-বিজ্ঞানৰ এজন গৱেষক আৰু মাতৃ আছিল মেডিকেল ৰিচাৰ্ছ চেক্ৰেটাৰী। সেইসূত্ৰে হকিঙৰ জন্মৰ পৰাই যেন বিজ্ঞানলৈ এক বিশেষ ধাউতি আছিল। যদিও হকিং গণিতীয় বিজ্ঞানৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল, জীৱিকা লাভৰ বাবে সুবিধা হ’ব বুলি দেউতাকে তেওঁক চিকিত্সা শাস্ত্ৰ আৰু জীৱ বিজ্ঞান পঢ়াত গুৰুত্ব দিছিল। আৰু এনেদৰেই স্কুলীয়া কালতে হকিঙে পৰামনোবিদ্যা(Parapsychology) বিষয়টো কিছু পৰিমাণে অধ্যয়ন কৰিছিল। অৱশ্যে ১৪ বছৰ বয়সৰ পাছৰ পৰা তেওঁ এই বিষয়বোৰৰ পৰা আঁতৰি আহি একাণপতীয়াকৈ গণিত আৰু পদাৰ্থ বিজ্ঞান বিষয়তে অধ্যয়ন কৰিবলৈ লয়।

স্নাতক আৰু স্নাতকোত্তৰ শিক্ষা-

সৰুৰে পৰা তীক্ষ্ন বুদ্ধিৰ ছাত্ৰ হকিঙে ১৯৫৯ চনত ১৭ বছৰ বয়সত ইংলেণ্ডৰ চেইন্ট আলবান্স নামৰ এখন হাইস্কুলৰ পৰা সুকলমে শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ একালৰ দেউতাকে পঢ়া শিক্ষানুষ্ঠান অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। অক্সফ’ৰ্ডত পঢ়া সময়বোৰ হকিঙৰ বাবে আছিল অতি সুন্দৰ। প্ৰথম অৱস্থাত তেওঁ গণিত পঢ়িবলৈ ইচ্ছা কৰিছিল যদিও সেই সময়ত অক্সফ’ৰ্ডত গণিত শিক্ষা উপলদ্ধ নোহোৱা হেতুকে পদাৰ্থ বিজ্ঞান বিষয়ত বিশেষকৈ পদাৰ্থ আৰু শক্তি(matter and energy) বিষয়ৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হৈছিল। অসাধাৰণ স্মৃতিশক্তি, উচ্চাংগ সংগীতত তেওঁৰ ৰাপ, খুহুতীয়া কথা এইবোৰে সকলোৰে মাজত অতি সোনকালে হকিঙক জনপ্ৰিয় কৰি তুলিছিল। এনেদৰেই হকিঙে অক্সফ’ৰ্ডৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত প্ৰথম শ্ৰেণীৰ স্নাতক ডিগ্ৰী লাভ কৰে আৰু স্নাতকোত্তৰ ডিগ্ৰীৰ বাবে কেমব্ৰিজ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে।

ছাত্ৰ হকিং
ছাত্ৰ অৱস্থাত হকিং

কেমব্ৰিজত নামভৰ্তি কৰা সময়ত হকিঙে জ্যোতিৰ্বিজ্ঞানৰ তাত্বিক দিশটোৰ গৱেষণা কৰাৰ কথা ভাবিছিল আৰু সেই সময়তে তেওঁ পৰীক্ষামূলক জ্যোতিৰ্বিজ্ঞানৰো অধ্যয়ন কৰিছিল। মাজে-সময়ে দূৰবীণেৰে আকাশৰ তৰাবোৰ লক্ষ্য কৰি তাৰ বিষয়ে অধ্যয়ন কৰিছিল। কিন্তু পাছলৈ তেওঁ জ্যোতিৰ্বিজ্ঞানতকৈ গভীৰ বিষয় বিশ্বতত্ব(cosmology)ৰ অধ্যয়নত বেছি মনপুতি লাগে।

স্নায়ৱিক ৰোগৰ চিকাৰ-

১৯৬৩ চনত কেমব্ৰিজত পঢ়ি থকাৰ সময়তে আৰম্ভ হৈছিল হকিঙৰ জীৱনৰ টাৰ্নিং পইন্ট। যদিও তেওঁৰ স্কুলীয়া কালৰে পৰা অক্সফ’ৰ্ডত পঢ়ালৈকে স্নায়ৱিক দু্ৰ্বলতা আছিল, কেমব্ৰিজত নামভৰ্তি কৰাৰ পাছত সেয়া আৰু অধিক হ’বলৈ আৰম্ভ কৰিলে। দেহৰ অংগবোৰ ক্ৰমান্বয়ে জঠৰ হৈ আহিবলৈ আৰম্ভ কৰিলে আৰু কথা কোৱাতো হকিঙে অসুবিধাৰ সন্মুখীন হ’ল। তেতিয়া ডাক্তৰী পৰীক্ষাত তেওঁৰ বেমাৰটো ধৰা পৰে। চিকিত্সকলৰ মতে বেমাৰটোৰ নাম আছিল- Amytrophic laeral sclerosis। আৰু বেমাৰটো হ’লে মানৱ দেহৰ স্নায়ুকোষবিলাক(motor neurons) লাহে লাহে ভাঙি যায়, যাৰ ফলত ৰোগীৰ দেহৰ স্নায়ুবোৰে কৰ্মক্ষমতা হেৰুৱায় আৰু ৰোগীয়ে দেহৰ অংগ-প্ৰত্যংগ সঞ্চালন কৰিব নোৱাৰা হৈ আহে। চিকিত্সকে সেই সময়ত হকিঙৰ আয়ুস মাত্ৰ ২ বছৰ বুলি ঘোষণা কৰিছিল। আৰু মাত্ৰ ২১ বছৰীয়া হকিঙে এই ভয়াৱহ বেমাৰটোৰ কথা গম পোৱাৰ পাছত একেবাৰে ভাঙি পৰে। তীব্ৰ হতাশাত পঢ়া-শুনা ত্যাগ কৰি তেওঁ ধ্ৰুপদী সংগীত শুনি দিন নিয়াবলৈ ধৰে।

সৌভাগ্যৰ কথা এয়ে যে দুবছৰ মান সময় পাৰ হোৱাৰ পাছত তেওঁৰ শৰীৰ দ্ৰুত অৱনতি ক্ৰমাত কমি আহে। হকিঙে ইতিমধ্যে জানিব পাৰিছিল যে, বেমাৰটোৱে শৰীৰত আক্ৰমণ কৰিলেও মগজুৰ কোষক আক্ৰমণ নকৰে। সেয়েহে তেওঁ পুনৰ বিজ্ঞানৰ গৱেষণা আৰু অধ্যয়নত মনপুতি লাগিবলৈ ল’লে।

ইতিমধ্যে হকিঙে ১৯৬৩ চনত নৱবৰ্ষৰ এটা পাৰ্টিত জেন ৱাইল্ড নামৰ ভাষাতত্বৰ এগৰাকী ছাত্ৰীক লগ পালে। আৰু তেওঁলোকে ১৯৬৫ চনত বিবাহপাশত আৱদ্ধ হয়। দম্পতীহালে ১৯৬৭ চনত ৰবাৰ্ট নামৰ এজন পুত্ৰ আৰু ১৯৭০ চনত লুচি নামৰ এজনী কন্যা সন্তান জন্ম দিয়ে। ১৯৭৯ চনত তৃতীয় সন্তান টিমৰ জন্ম হয়।

জেনৰ সৈতে হকিং
পত্নী জেন ৱাইল্ডৰ সৈতে হকিং

উল্লেখযোগ্য যে বিবাহৰ পাছত হকিঙৰ জীৱনৰ গতি বহু পৰিমাণে সলনি হয়। পত্নী জেনে তেওঁক সকলোধৰণৰ যতন লৈছিল আৰু বিজ্ঞান গৱেষণাত যত্পৰোনাস্তি সহায় কৰিছিল। আনকি বিয়াৰ বছৰতে পত্নীয়ে টাইপ কৰি দিয়া গৱেষণা পত্ৰ (Properties of Expanding Universes) দাখিল কৰি হকিঙে কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। ইয়াৰ পাছতে ১৯৬৮ চনত হকিং কেমব্ৰিজৰ জ্যোতিৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ সদস্য হয়। পৰৱৰ্তী কেইটামান বছৰ ষ্টিফেন হকিং আৰু তেওঁৰ গৱেষণাৰ বাবে এক ফলপ্ৰসূ সময় আছিল। অৱশ্যে পুনৰ সত্তৰৰ দশকত হকিঙৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে। তেওঁ থিয় হ’ব আৰু কথা ক’ব নোৱাৰা হয় যাৰ বাবে তেতিয়াৰে পৰা হুইল চেয়াৰতে জীৱন কটাব লগা হয়।

কৰ্মজীৱন –

হকিঙে কেমব্ৰিজত কেৱল পঢ়িবৰ বাবেই যে গৈছিল এনে নহয়, ১৯৭৯ চনৰ পৰা ২০০৯ চনলৈকে তেওঁ সুদীৰ্ঘ ৩০ বছৰ কাল কেমব্ৰিজ বিশ্ববিদ্যালয়ৰ গণিতৰ লুকাচিয়ান অধ্যাপকৰ আসনত আছিল। উল্লেখযোগ্য যে, এসময়ত ছাৰ আইজাক নিউটন এই সন্মানীয় আসনত আছিল (১৬৬৯-১৭০২)। ইয়াৰ উপৰিও তেওঁ কেলিফৰ্ণিয়াৰ পাচাডেনাৰ কেলটেক কলেজত শিক্ষকতা কৰিছিল, য’ত তেওঁ ভিজিটিং প্ৰফেচাৰ হিচাপে আৰু কেমব্ৰিজৰ গনভিল আৰু কাইউছ কলেজত সেৱা আগবঢ়াইছিল।

ভাষণ দি থকা অৱস্থাত
ভাষণৰত অৱস্থাত হকিং

বিজ্ঞান জগতলৈ হকিঙৰ অৱদান-

বিজ্ঞান জগতলৈ হকিঙৰ অৱদান সম্পৰ্কে একে আষাৰতে কোৱা টান। বিশ্বতত্বৰ পৰা কোৱান্টাম মেকানিক্সলৈকে জটিলতম কথাবোৰ হকিঙে বিভিন্ন গৱেষণাৰ মাধ্যমেৰে প্ৰমাণিত কৰি দেখুৱাইছিল। অৱশ্যে হকিঙে বিজ্ঞানৰ তত্বগধুৰ কথাবোৰ সাধুকথাৰ দৰে সৰলতকৈ সৰল ৰূপত জনপ্ৰিয় বিজ্ঞানৰ মাধ্যমেৰে সাধাৰণ পাঠকৰ মাজলৈ লৈ যোৱাটোৱেই বিজ্ঞান জগতলৈ তেওঁৰ সৰ্বোচ্চ অৱদান বুলি কোৱা হয়। উল্লেখযোগ্য যে তেওঁৰ এই সৰল লিখন শৈলীৰ বাবে ১৯৮৮ চনত প্ৰকাশিত A Brief History of Time গ্ৰন্থখন বিশ্বজুৰি ৪০ টাতকৈ অধিক ভাষালৈ অনুদিত হৈছে আৰু কেইবা মিলিয়ন কপি বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছে।

Singularity বা এককতা –

হকিঙে প্ৰাৰম্ভিক অৱস্থাত আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাৰ ওপৰত গৱেষণা কৰে। ত্ৰিশৰ দশকত সুব্ৰমণিয়াম চন্দ্ৰশেখৰ, ৰবাৰ্ট অ’পেনহেইমাৰ আদি জ্যোতিৰ্বিদসকলে বিশ্বাস কৰা কৃষ্ণগহ্বৰৰ ধাৰণাৰ ওপৰত গৱেষণা কৰি হকিঙে ১৯৬৫-৭০ ৰ ভিতৰত ৰ’জাৰ পেনৰোজ নামৰ এজন জ্যোতিৰ্বিদৰ সৈতে কৃষ্ণগহ্বৰবোৰ অধ্যয়ন কৰি ‘মহাকৰ্ষণীয় পতন আৰু বিশ্বতত্ত্বৰ এককতা’ নামৰ এখন গৱেষণাপত্ৰ প্ৰকাশ কৰিছিল য’ত তেওঁ Singularity অৰ্থাত এককত্ব বা অনন্যতাৰ ধাৰণাটো সৃষ্টি কৰিছিল। এই ধাৰণাৰ প্ৰয়োগেৰে তেওঁ বিশ্ববাসীক দেখুৱালে যে বিশ্বসৃষ্টিৰ যে এক নিৰ্দিষ্ট সময় আছিল আৰু সময়ৰো এক আৰম্ভণি আছে। হকিঙৰ মতে বিশ্ব সৃষ্টিৰ আঁৰত আছে এক মহানাদ বিস্ফোৰণ আৰু সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰ অনুসৰি বিশ্বব্ৰহ্মাণ্ড নিশ্চয়কৈ এটা বিন্দুৰ পৰাই বিস্তাৰিত হৈছিল। বিন্দুটোৰ আয়তন আছিল শূন্য, কিন্তু তাত বিশ্বব্ৰহ্মাণ্ডৰ সমগ্ৰ ভৰ থূপ খাই আছিল অৰ্থাত বিন্দুটোৰ ঘনত্ব অসীম বুলি ক’ব পাৰি। অসীম ঘনত্বৰ এনে এটা বিন্দুকে এককতা বুলি কোৱা হয়।

হকিঙৰ পৰৱৰ্তী গৱেষণাটো তেওঁৰ আটাইতকৈ বিখ্যাত আছিল। তেওঁৰ এককতা উপপাদ্যই প্ৰমাণিত কৰিছিল যে যেতিয়া কৃষ্ণগহ্বৰৰ ছিদ্ৰত অধিক পদাৰ্থ আৰু শক্তি যোগ হয় তেতিয়া কৃষ্ণগহ্বৰৰ এলেকা বৃদ্ধি হয়, আৰু কেতিয়াও হ্ৰাস নহয়। ফলস্বৰূপে, হকিং আৰু সহকৰ্মীসকলে উল্লেখ কৰিছিল যে কৃষ্ণগহ্বৰৰ দিগন্তত(Horizon) তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্ৰ(এনট্ৰপি)ৰ অনুসৰি এনট্ৰপি হ্ৰাস নহয়, আৰু বৃদ্ধি হোৱাৰ প্ৰৱণতা থাকে।

কৃষ্ণগহ্বৰ সম্পৰ্কীয় গৱেষণা-

১৯৭৪ চনত হকিঙে কৃষ্ণগহ্বৰৰ উষ্ণতাৰ বিষয়ে এক দৰ্শনীয় মতবাদ আগবঢ়াইছিল। আইনষ্টাইনৰ সমতাৰ সূত্ৰ প্ৰয়োগ কৰি তেওঁ দেখুৱাইছিল যে কৃষ্ণগহ্বৰ সম্পূৰ্ণ এন্ধাৰ নহয়। ইয়াৰ পৰা কেতিয়াবা ফ’টন আৰু আন কিছুমান মৌলিক কণাৰ বিকিৰণ হোৱাটোও সম্ভৱ। কৃষ্ণগহ্বৰৰ মধ্যাকৰ্ষণে ইয়াৰ পৃষ্ঠভাগত এক তাপীয় মিশ্ৰণৰ সৃষ্টি কৰে আৰু কৃষ্ণগহ্বৰৰ ওপৰত ঋণাত্মক আধানৰ সৃষ্টি হয়। ইয়াৰ ফলত কৃষ্ণগহ্বৰৰ ভৰ হ্ৰাস হয় আৰু কৃষ্ণগহ্বৰৰ পৰা বিকিৰণ হ’বলৈ আৰম্ভ কৰে। এই বিকিৰণকে পৰৱৰ্তী সময়ত হকিং বিকিৰণ (Hawking Radiation) বুলি জনা যায়। হকিং বিকিৰণক পদাৰ্থবিজ্ঞানীসকলে এক নিৰ্ভৰযোগ্য ফলাফল হিচাপে গণ্য কৰে আৰু কোৱাণ্টাম বলবিজ্ঞান আৰু মাধ্যাকৰ্ষণকে ধৰি বহুতো তত্বই ইয়াক অনুসৰণ কৰে। এই গৱেষণাৰ পাছতে ষ্টিফেন হকিং ৩২ বছৰ বয়সতে ৰয়েল চছাইটিৰ ফেলো হিচাপে মনোনীত হয় আৰু ইয়াৰ পিছতে সন্মানীয় এলবাৰ্ট আইনষ্টাইন বঁটা অৰ্জন কৰে।

কোৱান্টাম বিশ্বতত্ব-

১৯৮০ ৰ দশকত হকিঙে কোৱাণ্টাম বিশ্বতত্ত্বৰ ওপৰত প্ৰাথমিক কাম আৰম্ভ কৰে। জিম হাৰ্টল আৰু আন দুগৰাকীমান বিজ্ঞানীৰ সৈতে আৰু বিশ্বব্ৰহ্মাণ্ডৰ কোৱাণ্টাম তত্ত্বৰ ওপৰত কৰা গৱেষণাক কোৱাণ্টাম বলবিজ্ঞানৰ চিৰস্থায়ী কঠিন সমস্যা আৰু সামগ্ৰিকভাৱে বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাসৰ কাষ চাপিবলৈ চেষ্টা কৰা এক উত্কৃষ্ট পৰীক্ষা বুলি কোৱা হয়। এই গৱেষণাৰ দ্বাৰা ষ্টিফেন হকিং আৰু তেওঁৰ সহযোগীসকলে কোৱাণ্টাম বিশ্বতত্ত্ব, আৰু বিশ্বতাত্ত্বিক ঘটনাৱলী ওপৰত বহুতো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু হকিঙে ঘোষণা কৰে যে- বিশ্বব্ৰহ্মাণ্ডখন সম্প্ৰসাৰিত হোৱা আৰু তাৰ পাছত সংকুচিত হোৱা সময়খিনি যদি লক্ষ্য কৰা যায় তেতিয়া সংকুচিত হোৱা সময় সম্প্ৰসাৰিত হোৱা সময়(বিপৰীতধৰ্মী)ৰ সমান হ’ব।

শাৰীৰিকভাৱে সক্ষম নহ’লেও ওৰেটো জীৱন হুইলচেয়াৰতে থাকি বিশ্বব্ৰহ্মাণ্ডৰ ইতিহাস খুচৰি ফুৰা হকিঙে ২০০৭ চনত ৬৫ বছৰ বয়সত শূন্য মধ্যাকৰ্ষণ বা মধ্যাকৰ্ষণহীন অৱস্থাত নিজকে ওপঙাই চাইছিল। আটলাণ্টিক মহাসাগৰৰ ওপৰত প্ৰায় দুঘণ্টা সময় বিশেষভাৱে তৈয়াৰী এখন বায়ুশূন্য বোয়িং-727 ৰ বিমানত হকিঙে হুইলচেয়াৰৰ পৰা মুক্ত হৈ ওজনহীনতাৰ আমেজ লয়। যদিও হকিঙে বিংশ শতিকাৰ বিজ্ঞান জগতত চমত্কাৰী বৈজ্ঞানিক ধাৰণাৰ জন্ম দিয়ে, তেওঁ ন’বেল বঁটা পাবলৈ সক্ষম হোৱা নাছিল। এই সম্পৰ্কে হকিঙে কয়- তাত্বিক বিজ্ঞানৰ কেৱল সেইসমূহ বিষয়তহে ন’বেল বঁটা প্ৰদান কৰা হয়, যিবোৰ পৰীক্ষা-নীৰিক্ষাৰ দ্বাৰা প্ৰমাণিত কৰিব পাৰি। যিহেতু তেওঁ গৱেষণা কৰা বিষয়সমূহ প্ৰমাণিত কৰাটো অতিশয় কঠিন, সেয়ে ন’বেল বঁটা সম্পৰ্কে তেওঁৰ কোনো আক্ষেপ নাই।

শূন্য মধ্যাকৰ্ষণত
মধ্যাকৰ্ষণহীনতাত হকিং

হকিঙৰ গ্ৰন্থসমূহ-

গৱেষণালদ্ধ তথ্যৰে হকিঙে তেওঁৰ জীৱনকালত ১৫ খন মূল্যৱান গ্ৰন্থৰ ৰচনা কৰে। তাৰে কেইখনমান হৈছে-

(১) A large scale structure of Space-Time (মহাকাশ-সময়ৰ বৃহৎ পৰিমাণৰ গাঁথনি)

বিজ্ঞানক জনপ্ৰিয়কৰণৰ উদ্দেশ্যে হকিঙে ১৯৭৩ চনত জৰ্জ ইলিছৰ সৈতে লিখি উলিয়াইছিল তেওঁৰ প্ৰথমখন কিতাপ “দ্য লাৰ্জ স্কেল ষ্ট্ৰাকচাৰ অৱ স্পেচ-টাইম” (কেমব্ৰিজ ইউনিভাৰ্চিটি প্ৰেছ, ১৯৭৩)। গ্ৰন্থখনত এলবাৰ্ট আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদ তত্ত্ব ব্যৱহাৰ কৰি কেনেকৈ বৃহৎ তৰাবোৰ কৃষ্ণগহ্বৰলৈ ৰূপান্তৰিত হয় আৰু মহাকাশ-সময়ত কেনেদৰে এককতা থাকিব পাৰে তাৰ সুন্দৰ বৰ্ণনা দাঙি ধৰে।

(২) ‘এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইম’ (সময়ৰ চমু ইতিহাস)

১৯৮৮ চনত হকিঙে এ ব্ৰিফ হিষ্ট্ৰী অৱ টাইম নামৰ গ্ৰন্থখন প্ৰকাশৰ জৰিয়তে আন্তৰ্জাতিক খ্যাতি লাভ কৰে। বিশ্বতত্বৰ বিষয়ে অত্যন্ত সৰলকৈ লিখা চমু আৰু তথ্যপূৰ্ণ গ্ৰন্থখন সাধাৰণ পাঠকৰ মাজত বিপুলভাৱে জনপ্ৰিয় হৈছিল। কিতাপখনত তেওঁ স্থান আৰু সময়, ঈশ্বৰৰ অস্তিত্ব আৰু ভৱিষ্যতৰ এক অৱলোকন আগবঢ়াইছিল। এই গ্ৰন্থখনে একেলেথাৰিয়ে চাৰি বছৰতকৈও অধিক সময় লণ্ডনৰ বিখ্যাত চানডে টাইমছৰ সৰ্বশ্ৰেষ্ঠ বিক্ৰী হোৱা গ্ৰন্থ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছিল।

(৩) “ব্লেক হোলচ এণ্ড বেবী ইউনিভাৰ্ছ”

১৯৯৩ চনত বেণ্টাম প্ৰেছে প্ৰকাশ কৰে হকিঙৰ তৃতীয়খন গ্ৰন্থ “ব্লেক হোলছ এণ্ড বেবী ইউনিভাৰ্ছ”। এই গ্ৰন্থখন হকিঙৰ বিভিন্ন প্ৰবন্ধৰ এক সংগ্ৰহ, য’ত কৃষ্ণগহ্বৰৰ জন্মৰ পৰা বিশ্বব্ৰহ্মাণ্ডৰ জন্মলৈকে বিভিন্ন প্ৰবন্ধৰ সম্বলিত হৈছে।

(৪) “দ্য ইউনিভাৰ্ছ ইন এ নাটচেল”

বেণ্টম বুকচে ২০০১ চনত প্ৰকাশ কৰা এই গ্ৰন্থখনত তাত্ত্বিক পদাৰ্থ বিজ্ঞানৰ অত্যাধুনিক গৱেষণা, অতিমধ্যাকৰ্ষণ, অতিসামঞ্জস্য, কোৱাণ্টাম তত্ত্ব, এম-থিয়ৰী আদি বিষয়সমূহ সম্বলিত কৰা হৈছিল। ইয়াৰ উপৰিও তেওঁ ৰচনা কৰা গ্ৰন্থবোৰ হ’ল- On the Shoulders of Giants (2002), God Created the Integers (2005), ‘George’s Secret Key to the Universe’ and sequels (2007 – 2016), The Grand Design (2010), My Brief History (2013) আদি।

ব্যক্তিগত জীৱন-

বিশ্ববাসীৰ মনত সঘনাই উদয় হোৱা প্ৰশ্ন হ’ল- শাৰীৰিক অক্ষমতা থকাৰ পাছতো হকিঙে কেনেদৰে ইমানবোৰ গৱেষণাৰ কাম চলাই নিছিল? দৰাচলতে ষ্টিফেন হকিং অক্ষম হোৱা স্বত্বেও কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ে প্ৰদান কৰা কিছুমান বিশেষ কম্পিউটাৰচালিত যন্ত্ৰ-পাতিৰ সহায়েৰে লিখা-মেলা কৰিছিল আৰু বক্তৃতা দিছিল। যন্ত্ৰচালিত হুইল চেয়াৰত উঠি তেওঁ নিজে স্বাভাৱিক মানুহৰ দৰে চলা-ফুৰা কৰিছিল।

বিবাহ আৰু সন্তান-

১৯৬৫ চনত প্ৰথমবাৰৰ বাবে হকিঙে বিবাহপাশত আৱদ্ধ হয় আৰু ১৯৭০ চনলৈকে তেওঁ তিনিটা সন্তানৰ পিতৃ হৈছিল। ১৯৯০ চনত হকিঙে তেওঁৰ পত্নী জেনক তেওঁৰ এগৰাকী নাৰ্ছ এলেইন মেছনৰ বাবে ডিভোৰ্চ দিয়ে ১৯৯৫ চনত মেছনৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। এই বিবাহে হকিঙক নিজৰ সন্তানৰ সৈতে সম্পৰ্কৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাইছিল। ২০০৩ চনত, হকিঙক চোৱাচিতা কৰা এগৰাকী নাৰ্চে হকিঙৰ পত্নী এলেইনে তেওঁৰ স্বামীক শাৰীৰিকভাৱে উৎপীড়ন কৰি আছে বুলি অভিযোগ উত্থাপন কৰে। হকিঙে এই অভিযোগ অস্বীকাৰ কৰে যদিও ২০০৭ চনত ষ্টিফেন হকিং আৰু এলেইনৰ বিবাহ বিচ্ছেদ হয়।

পৰৱৰ্তী সময়ত, হকিঙে তেওঁৰ পৰিয়ালৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিছিল বুলি জনা যায়। তেওঁ প্ৰথম পত্নী জেনৰ সৈতে পুনৰ্বিবাহ কৰে আৰু জীয়ৰী লুচিৰ সৈতে লগ লাগি শিশু-উপযোগী পাঁচখন বিজ্ঞান বিষয়যুক্ত উপন্যাস প্ৰকাশ কৰিছিল।

চলচ্চিত্ৰত হকিং-

১৯৯২ চনত অস্কাৰ বিজয়ী চলচ্চিত্ৰ নিৰ্মাতা এৰ’ল মৰিছে হকিঙৰ জীৱনৰ ওপৰত আধাৰিত তথ্যচিত্ৰ A Brief History of Time নিৰ্মাণ কৰে। ইয়াৰ পাছতে ২০১২ চনত আমেৰিকাৰ টেলিভিছনত হকিঙৰ ৰসিক কাহিনীৰ ওপৰত আধাৰিত কমেডি The Big Bang Theory মুকলি কৰা হয়। ২০১৪ চনত হকিং আৰু তেওঁৰ পত্নী জেনৰ প্ৰেম জীৱনৰ ওপৰত আধাৰিত চলচ্চিত্ৰ The Theory of Everything মুক্তি পায়। অভিনেতা এডি ৰেডমাইনৰ সুন্দৰ অভিনয়ে হকিঙৰ স্কুলীয়া জীৱন, শৈশৱ, প্ৰেম, বিবাহ আৰু তেওঁৰ বৈজ্ঞানিক গৱেষণাসমূহক অতি সুন্দৰকৈ প্ৰতিফলিত কৰিছে। ইয়াৰ উপৰিও বহুকেইখন বিখ্যাত তথ্যচিত্ৰ, বিজ্ঞান ধাৰাবাহিকত হকিঙক দেখা পোৱা যায় ।

হকিঙৰ জীৱনৰ ওপৰত আধাৰিত ছবি  The Theory of Everything

হকিঙৰ মৃত্যু-

এইজনা মহান পদাৰ্থবিজ্ঞানীয়ে জীৱনৰ শেষ সময়লৈকে গৱেষণাৰ কামত নিজকে নিয়োজিত ৰাখি ২০১৮ চনৰ মাৰ্চ মাহৰ ১৪ তাৰিখে ৭৬ বছৰ বয়সত কেমব্ৰিজত মৃত্যুবৰণ কৰে। উল্লেখযোগ্য যে, হকিঙৰ মৃত্যুৰ দিনটোৱে মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ জন্মদিন। মৃত্যুৰ মাত্ৰ দহদিন পূৰ্বে হকিঙে A smooth exit from eternal inflation? নামৰ এখন গৱেষণাপত্ৰ Journal of High Energy Physics নামৰ পদাৰ্থ বিজ্ঞানৰ জাৰ্নেললৈ প্ৰেৰণ কৰিছিল। তেওঁৰ মৃত্যু বিজ্ঞানী সমাজৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ মৃত্যুৱে সমগ্ৰ বিশ্ববাসীক শিকাই গ’ল কিদৰে শাৰীৰিক প্ৰতিবন্ধতাই অফুৰন্ত ইচ্ছাশক্তি, জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত বাধা হৈ থিয় দিব নোৱাৰে।

সঁচাই ষ্টিফেন হকিঙৰ জীৱন অনুকৰণ কৰিবলগীয়া। যৌৱনতে মটৰ নিউৰনৰ দৰে দুৰাৰোগ্য ব্যাধি দেহত লৈয়ো তেওঁ ৭৬ বছৰ জীয়াই থাকিল। ইয়েই প্ৰমাণ কৰে যে ষ্টিফেন হকিঙ কেতিয়াও হাৰ মানিব নোখোজা ব্যক্তি আছিল। চিকিৎসকৰ ভৱিষ্যতবাণীকো মিছা প্ৰমাণিত কৰি ষ্টিফেন হকিঙৰ দুবছৰত মৃত্যু নহ’ল। তেখেতৰ বাকশক্তি, চলন শক্তি নাইকিয়া হৈ গৈছিল যদিও মনৰ শক্তিত তেওঁ বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিছিল। দেহত দুৰাৰোগ্য ব্যাধি লৈয়ো কেৱল মনৰ জোৰতে ষ্টিফেন হকিঙে মহানাদ তত্ব(Bing Bang Theory) আৰু কৃষ্ণ গহ্বৰ তত্ব(Black Hole Theory) সম্পৰ্কে বহু গৱেষণা কৰি ন ন তথ্যৰ উদ্ঘাটন কৰিছিল। ষ্টিফেন হকিঙ আছিল এনে এজন ক্ষণজন্মা ব্যক্তি যাৰ জন্ম হৈছিল গেলিলিঅ’ গেলিলিৰ দৰে মহান বিজ্ঞানীৰ মৃত্যু দিনত আৰু মৃত্যু হৈছিল এলবাৰ্ট আইনষ্টাইনৰ জন্মদিনত। সঁচাই বিশ্ববিশ্ৰুত বিজ্ঞানীৰ লগত জন্ম,মৃত্যুৰ সম্পৰ্ক থকা ষ্টিফেন হকিঙৰ সমগ্ৰ জীৱনটোও বিজ্ঞান চর্চাতে অতিবাহিত হৈছিল। ষ্টিফেন হকিঙ হৈ ৰওক সকলোৰে বাবে আদৰ্শ আৰু উৎসাহ।

5 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
दिवियाश
2 years ago

your post is very useful and informative. thanks. check immediately kolkata fatafat result 2021

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

1
0
Would love your thoughts, please comment.x
()
x