অসমীয়াৰ এখুদ ককাইদেউ নৱকান্ত বৰুৱা

   অসমীয়া সাহিত্য জগতৰ এটা চিনাকি নাম নৱকান্ত বৰুৱা। তেওঁ মহৎ অৱদানেৰে অসমীয়া সাহিত্যৰ ভঁৰালটো চহকী কৰি থৈ গৈছে। সমূহ অসমীয়াৰ মাজত নৱকান্ত বৰুৱা “এখুদ ককাইদেউ” নামেৰে বিশেষভাৱে পৰিচিত। তেওঁ “সীমা দত্ত” নামেৰেও পৰিচিত। অসমীয়া কবিতা,প্ৰবন্ধ,উপন্যাস,গল্প সকলোতে তেওঁ নিজৰ চিন এৰি থৈ গৈছে। 

এখুদ ককাইদেউ নৱকান্ত বৰুৱাদেৱে ১৯২৬ চনৰ ২৯ ডিচেম্বৰৰ দিনা জন্মলাভ কৰিছিল গুৱাহাটীত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত বৰুৱা। তেখেত অসমৰ এজন আদৰ্শ শিক্ষক আছিল লগতে বিদ্যালয় পৰিদৰ্শক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। নৱকান্ত বৰুৱাৰ মাকৰ নাম আছিল স্বৰ্ণলতা বৰুৱানী। 

নৱকান্ত বৰুৱাই নগাঁৱতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।  তাৰপাছত ১৯৪১ চনত নগাঁও চৰকাৰী বালক বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰপাছত তেওঁ কটন মহাবিদ্যালয়ত নামভৰ্তি কৰিছিল যদিও তেতিয়া তেওঁ সন্নিপাত জ্বৰ হয় আৰু পঢ়া শুনাত বিৰতি দিবলগা হয়। নৱকান্ত বৰুৱাদেৱে উচ্চশিক্ষাৰ বাবে কলিকতালৈ ঢাপলি মেলে। ১৯৪৭ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শান্তি নিকেতনৰ পৰা ইংৰাজীত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপাছত তেওঁ কলিকতা বিশ্ববিদ্যালয়তে স্নাতকোত্তৰৰ নামভৰ্তি কৰিছিল যদিও সেইসময়তে তেওঁৰ জীৱনত কলিকতাত ঘটা দুটা ঘটনাই নৱকান্ত বৰুৱাদেৱক মানসিকভাৱে অসুস্থ কৰি তুলিছিল আৰু তেওঁ নপঢ়ো বুলি ঘৰলৈ ঘূৰি আহে। শেষত ঘৰৰ মানুহৰ বুজনিত তেওঁ আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পঢ়িবলৈ যায়। তাৰপৰা ১৯৫৩ চনত নৱকান্ত বৰুৱাদেৱে ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। আলিগড়ত থকা কালত তেওঁক সতীৰ্থসকলে বৌদ্ধ বুলিয়েই ভাবিছিল কিয়নো তেওঁ নিজৰ পঢ়াকোঠাত বুদ্ধৰ প্ৰতিকৃতি এটা ৰাখিছিল আৰু বৰকৈ পূজা-পাতল আৰু মন্দিৰলৈ নগৈছিল। 

স্নাতকোত্তৰ লাভ কৰি নৱকান্ত বৰুৱাই উত্তৰ প্ৰদেশৰ শিকোহাবাদ এ. কে. কলেজত ইংৰাজী সাহিত্যৰ অধ্যাপকৰূপে যোগদান কৰিলে। তেওঁ সেইসময়ত মাহেকত ২০০ টকাকৈ দৰমহা লাভ কৰিছিল। সেইসময়তে তেওঁক মাতৃ স্বৰ্ণলতা বৰুৱানীয়ে এখন চিঠি দিলে যে জে. বি. কলেজত ইংৰাজীৰ অধ্যাপকৰ পদ খালী হৈছে। মাতৃৰ কথামতে তেওঁ আহি ১৯৫৩ ৰ ছেপ্টেম্বৰ মাহত জে. বি. কলেজত যোগদান কৰিলে। পুনৰ এইবাৰ ১৯৫৪ত নৱকান্ত বৰুৱাদেৱে যোগদান কৰিলে কটন কলেজত। কটন কলেজৰ পৰা ১৯৬৪ চনত বৰুৱাদেৱে অব্যাহতি লৈ তেওঁ ১৯৬৪-৬৭ চনলৈ অসম মাধ্যমিক শিক্ষা পৰিষদত ইংৰাজী শিক্ষাৰ বিষয়া হিচাপে যোগদান কৰিলে। কিন্তু ১৯৬৭ চনত তেওঁ পুনৰ আহি কটনত যোগদান কৰিলে আৰু ১৯৮৪ চনত কটন কলেজৰ উপাধ্যক্ষৰূপে অৱসৰ গ্ৰহণ কৰিলে। 

ল’ৰালিকালত সাহিত্য চৰ্চা:

নৱকান্ত বৰুৱাৰ সাহিত্য চৰ্চা সৰুকালতেই আৰম্ভ হৈছিল। তেওঁৰ কবিতাৰ বীজবোৰে গজালি মেলিছিল সংস্কৃতিৰ সাৰুৱা তেওঁৰ ঘৰখনতেই। তেওঁ সৰু থাকোতেই চিলেটতে প্ৰথম কবিতা লিখিছিল। তাৰপাছত তেওঁ হাইস্কুলত হাতে লিখা আলোচনী “অৰ্ঘ্য” সম্পাদনা কৰিছিল। আৰু এখন আলোচনী সম্পাদনা কৰিছিল সেইখনৰ নাম আছিল “কুঁহি”। “কুঁহি”ত নৱকান্ত বৰুৱাই এটা প্ৰেমবিষয়ক কবিতা লিখিছিল  তেতিয়া তেওঁ আছিল অষ্টম শ্ৰেণীত সেয়ে বিদ্যালয়ৰ এজন শিক্ষক প্ৰাণনাথ শৰ্মাই বৰুৱাদেৱক ক’লে, “এই বয়সত এনে কবিতা কিয় লিখিছ?”

তাৰে কিছুদিন পাছতে ছপা আলোচনীত নৱকান্ত বৰুৱাৰ কবিতা প্ৰকাশ হৈ ওলাইছিল। বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত আলোচনী ‘অকণ’ত নৱকান্ত বৰুৱাদেৱৰ অকণ নামৰ কবিতাটো প্ৰকাশ পায়। নৱকান্ত বৰুৱাদেৱে নৱমমানত থাকোতেই “মুক্তি” নামৰ এখন কবিতা পুথি লিখি উলিয়াইছিল কিন্তু সেইখন কবিয়ে প্ৰকাশ কৰিব নোৱাৰিলে। নৱকান্ত বৰুৱাদেৱে সৰুতে “কক্ষচ্যুত” নামেৰে এখন নাটকো লিখিছিল। 

চিত্ৰকৰ নৱকান্ত: নৱকান্ত বৰুৱাই শান্তি নিকেতনত থকা কালতে কিছু চিত্ৰকলাৰ শিক্ষা লাভ কৰিছিল। তেওঁ প্ৰখ্যাত চিত্ৰশিল্পী নন্দলাল বসুৰ পৰাও চিত্ৰ বিদ্যা শিকিছিল। নৱকান্ত বৰুৱাদেৱে তেওঁৰ প্ৰথম কাব্য গ্ৰন্থ “হে অৰণ্য হে মহানগৰ”,নিজৰ প্ৰথম উপন্যাস “কপিলীপৰীয়া সাধু”ৰ বেটুপাট নিজেই অংকন কৰিছিল। লগতে তীয় ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ “ৰাজপথে ৰিঙিয়াই”,ডঃ প্ৰফুল্ল দত্ত গোস্বামীৰ “শেষ ক’ত”,পৰাগ চলিহাৰ “চাৰিহাজাৰ বছৰৰ অসম” আৰু এবাৰ “কটনিয়ান” আলোচনীৰ বেটুপাত অংকন কৰিছিল। 

কবি নৱকান্ত – নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য কবিতা পুথিসমূহ হৈছে 

হে অৰণ্য হে মহানগৰ (১৯৫১)

যতি আৰু কেইটামান স্কেচ্ছ (১৯৬০)

এটি দুটি এঘাৰটি তৰা (১৯৫৭)

ৰত্নাকৰ (১৯৮৬)

ৰাৱণ(১৯৬৩)

সূৰ্যমুখীৰ অঙ্গীকাৰ (১৯৯০)

মোৰ আৰু পৃথিৱীৰ (১৯৭৩)

এখন স্বচ্ছ মুখাৰে (১৯৬০)

দলঙত তামীঘৰা (১৯৯১)

সম্ৰাট (১৯৬২)

নিৰ্বাচিত কবিতা 

নৱকান্ত বৰুৱাদেৱৰ অনুবাদমূলক কবিতা পুথি হ’ল:

এশ কবিতা

আহত মৰাল

নজৰুল ইছলামৰ কবিতা

মুক্তধাৰা

কবিৰাই কয়

ঔপন্যাসিক নৱকান্ত: নৱকান্ত বৰুৱাৰ উল্লেখযোগ্য উপন্যাসবোৰ হৈছে-

কপিলীপৰীয়া সাধু (১৯৫২)

ককাদেউতাৰ হাড় (১৯৭৩)

গড়মা কুৱঁৰী (১৯৮০)

মানুহ আটাইবোৰ দ্বীপ (১৯৮০)

পটাচাৰা

অপদাৰ্থ

অহিংসাৰ জুই(অসমাপ্ত)

শিশু সাহিত্যিক নৱকান্ত:

শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪)

আখৰৰ জখলা (১৯৫৬)

ভত ঊকাৰে ভূ (১৯৬৮)

জনা নজনাৰ খেল (১৯৭০)

এইবোৰ সাহিত্য ৰচনাৰ উপৰিও নৱকান্ত বৰুৱাই সাহিত্যিক ক্ষেত্ৰত ভাৰতক প্ৰতিনিধিত্ব কৰি বিদেশত বহু সন্মিলনত যোগদান কৰিছে। ১৯৬২ ত তেওঁ ৰবীন্দ্ৰ জন্ম শতবাৰ্ষিকীৰ বাবে লেখক আৰু কবি হিচাপে প্ৰথমবাৰৰ বাবে ছোভিয়েট ৰাছিয়া ভ্ৰমণ কৰে। ১৯৭৩ চনত তেওঁ পঞ্চম আফ্ৰো-এছীয় লেখক সন্মিলনত যোগদান কৰিবলৈ কাজখাস্তানলৈ যায়। ১৯৭৩ চনত নৱকান্ত বৰুৱাদেৱে আৰ্মেনিয়াত আফ্ৰো-এছীয় কবি সন্মিলনৰ আলোচনাচক্ৰতো যোগদান কৰে। ১৯৭৫ চনত নৱকান্ত বৰুৱাদেৱে সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচীৰ যোগেদি পোলেণ্ড আৰু যুগোশ্লাভিয়া ভ্ৰমণ কৰে। 

নৱকান্ত বৰুৱাদেৱ সাহিত্য অকাডেমিৰ আৰম্ভণিৰ পৰা তিনিটা কাৰ্যকাল সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ নেচনেল বুক ট্ৰাষ্টৰ উপদেষ্টা কমিটিৰ সদস্যও আছিল। ১৯৮৯ চনৰ অক্টোবৰত সাহিত্য অকাডেমিয়ে নৱকান্ত বৰুৱাদেৱক লৈ কলিকতাত “MEET THE AUTHOR” নামে এটা অনুষ্ঠান কৰিছিল। ১৯৮৯ চনত গুৱাহাটীত সাহিত্য অকাডেমিয়ে আয়োজন কৰা অনুবাদ কৰ্মশালাৰ তেওঁ সঞ্চালক আছিল। ১৯৬৮ চনৰ নগাঁৱৰ ধিংত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ কবি সন্মিলনৰ সভাপতি আছিল নৱকান্ত বৰুৱাদেৱ। তেওঁ ১৯৯০ চনত অসম সাহিত্য সভাৰ বিশ্বনাথ চাৰিআলি অধিৱেশনত সভাপতিত্ব কৰে। 

নৱকান্ত বৰুৱাই লাভ কৰা সন্মান সমূহ-

অসম প্ৰকাশন পৰিষদৰ বঁটা(১৯৭৪);মোৰ আৰু পৃথিৱীৰ কাব্য সংকলনৰ বাবে

সম্বলপুৰ বিশ্ববিদ্যালয়ৰৰ গংগাধৰ বঁটা,

সাহিত্য অকাডেমি বঁটা (১৯৭৫), ককাদেউতাৰ হাড় উপন্যাসৰ বাবে

পদ্মভূষণ বঁটা(১৯৭৬)

ছোভিয়েট দেশ নেহৰু বঁটা(১৯৮০)

বিশ্ব হিন্দী পৰিষদৰ কৃতিত্বপূৰ্ণ লেখক(১৯৮৩)

মধ্যপ্ৰদেশৰ কবীৰ সন্মান (১৯৯০),

কমল কুমাৰী বঁটা (১৯৯৮)

অসম উপত্যকা সাহিত্য বঁটা (১৯৯৩ )

নৱকান্ত বৰুৱাদেৱৰ মৃত্যু:

নৱকান্ত বৰুৱাদেৱে অসমীয়াৰ বাবে বহু স্বীকৃতি দি থৈ গ’ল। অসমীয়া সাহিত্যক তেওঁ এক অনন্য ৰূপ প্ৰদান কৰিলে। অসমৰ এইজনা সাহিত্যিকৰ মৃত্যু ঘটে ২০০২ চনৰ ১৪ জুলাইত। আজিৰ অষ্টাদশ মৃত্যু দিৱসত তেখেতলৈ আমাৰ গভীৰ শ্ৰদ্ধা নিবেদিলো।

4.5 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] অনুবাদতো বহুসংখ্যকে গুৰুত্ব দিছিল৷ নৱকান্ত বৰুৱাই গ্যেটেৰ ফাউষ্টৰ লগতে ভাস্কোপপাৰ […]

trackback

[…] বোবা পংগু অথৰ্ব এজনে মগজুৰ বৈদ্যুতিক গণিতৰ স্পন্দনেৰ লেখি গ’ল সময়ৰ ইতিহাস। সময়ৰো হেনো জন্ম আছে,মৃত্যু আছে আৰম্ভণি শেষ আছে.. সময়ৰো শেষ আছে……(কবি- নৱকান্ত বৰুৱা) […]

2
0
Would love your thoughts, please comment.x
()
x