কুৰি শতিকাৰ চল্লিছৰ দশকৰ পাছৰ পৰা অসমীয়া কবিতাত প্ৰবৰ্তিত আধুনিক ধাৰাৰ মুখ্য প্ৰতিনিধিত্বমূলক কবিজনেই হ’ল নৱকান্ত বৰুৱা। ইংৰাজী আৰু সম-সাময়িক বাংলা সাহিত্যৰ অধ্যয়নৰ যোগেদি নৱকান্ত বৰুৱাই অসমীয়া কাব্যজগতলৈ নতুন ভাব, সম্পদ কঢ়িয়াই আনিছিল। হৃদয় চেতনাৰ পৰিবৰ্তে চিন্তা আৰু বাস্তৱৰ সংযোজন ঘটাই নৱকান্ত বৰুৱাই অসমীয়া কাব্য-সাহিত্যলৈ বিশিষ্ট অৱদান আগবঢ়াই গৈছে। ‘হে অৰণ্য হে মহানগৰ ‘(১৯৫১), কাব্য-পুথিৰ জৰিয়তে অসমীয়া কাব্য-সাহিত্যলৈ তেওঁ এটি আলোড়ণৰ বাৰ্তা কঢ়িয়াই আনিলে। নগৰীয়া জীৱনত অনুভৱ হোৱা মানুহৰ নিঃসংগতা আৰু বিচ্ছিন্নতাবোধৰ উপলব্ধি নৱকান্ত বৰুৱাৰ কবিতাত আছে । তেওঁৰ কবিতাত প্ৰতীক আৰু চিত্ৰকল্পৰ সুন্দৰ ব্যৱহাৰ দেখা যায়। এওঁৰ কবিতাত আকাশক বহুক্ষেত্ৰত প্ৰতীক ৰূপে লোৱা দেখা যায়। পানী , শুকান মাটিত চলা সাউদৰ ডিঙা , ৰ’দত জিলিকা শামুকৰ খোলা , শুকান মাছৰ কাঁইট, কাৰবালা আৰু প্ৰান্তৰ , লাওখোলা , জঁকা আদি বিভিন্ন প্ৰতীকী শব্দই নানান ভাবৰ জৰিয়তে ব্যঞ্জনাৰ সৃষ্টি কৰিছে। ‘মনত পৰেনে অৰুন্ধতী’ ,’চকুপানী ফাগুনৰ’, ইত্যাদি কবিতাত বৈশিষ্টও প্ৰত্যক্ষ কৰা দেখা যায়।’পলস’, ইয়াত নদী আছিল’, ‘বোধিদ্ৰুমৰ খৰি’ তেখেতৰ বহু ৰচিত কবিতা। ইয়াৰে ‘ইয়াত নদী আছিল’ কবিতাটোৰ এটা চমু আলোচনা আগবঢ়োৱা হ’ল।—–
নদী শক্তি আৰু গতিৰ প্ৰতীক ; নদী সম্ভাৱনা , উৰ্বৰতা আৰু সৃষ্টিশীলতাৰো প্ৰতীক। কেতিয়াবা নদীয়ে সপোন আৰু সভ্যতা ৰচে; কেতিয়াবা নিজৰ ৰচনাকে উদগ্ৰ ধ্বংসৰ নিচাৰে মষিমূৰ কৰে। কবিতাটোত নদীক প্ৰাণ প্ৰবাহৰ প্ৰতীক হিচাপে প্ৰয়োগ কৰা হৈছে।
‘ইয়াত নদী আছিল’ কবিতাটোত নদীৰ প্ৰাকৃতিক পৰিবৰ্তনৰ ৰূপছবি অংকনৰ মাজেৰে কবিয়ে ক্ৰমশঃ ক্ষয়প্ৰাপ্ত মানৱীয় প্ৰমূল্যৰ ছবিখন ব্যঞ্জিত কৰিবলৈ প্ৰয়াস কৰিছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰণে এহাতে মানৱ সভ্যতাক ত্বৰান্বিত কৰিছে আৰু আনহাতে প্ৰকৃতি আৰু সৰল গ্ৰাম্যজীৱনৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। কবিৰ অনুভৱ—— আধুনিক সভ্যতাৰ সংকটে সমাজ জীৱনক মৰুসদৃশ কৰি তুলিছে। প্ৰকৃতিৰ স্বাভাৱিক জীৱনধাৰাতে ই কেৱল আঘাত হানিছে এনে নহয় মানৱ জীৱন শৈলীলৈও পৰিৱৰ্তন আনিছে । প্ৰেম , সততা, মানৱতা আদি শ্বাশ্বত প্ৰমূল্যৰাজি ক্ৰমে অৱক্ষয় ঘটিছে। এনে ক্ষয়িষ্ণু সমাজ জীৱনৰ বিৰক্তিকৰ আৰু তিক্ত অভিজ্ঞতাই কবিক সুঁৱৰিবলৈ বাধ্য কৰিছে অতীতৰ চেতনা আৰু ভৱিষ্যতমুখী কালচেতনাৰ সমাহাৰে বিশিষ্ট কৰি তুলিছে।
প্ৰতীক আৰু চিত্ৰকল্পৰ জৰিয়তে কবিয়ে বৰ্তমান সমাজখনক বেছি উৎকটৰূপত দেখুৱাবলৈ প্ৰয়াস কৰিছে। নদীক কবিয়ে সভ্যতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। আৰু সেই সভ্যতাৰ অৱক্ষয় , পৃথিৱীখন ক্ৰমশঃ সংকুচিত হোৱা আৰু মানৱ সভ্যতাৰ নৈতিকতাৰ স্খলনৰ কথা কবিয়ে ক’ব বিচাৰিছে। বৰ্তমান সমাজত যি সভ্যতা আছে সেই সভ্যতা পুৰণি সভ্যতা নহয় , বৰ্তমান সভ্যতা যি দিশেৰে ধাৱমান হৈছে সেই সভ্যতা যেন শ্মশানৰ প্ৰশান্তিৰ গান হৈ পৰিছে। যিহেতু শ্মশানৰ নীৰৱতাই মানুহৰ মনলৈ প্ৰশান্তি আনিব নোৱাৰে।
মৰুভূমিক কবিয়ে এখন শুকান , নিস্তেজ পৃথিৱীৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে । পৃথিৱীখন যেন লাহে লাহে মৰুসদৃশ হৈ পৰিছে। কবিয়ে কৈছে—–
‘আঁহতৰ খোৰোংত এপাহি কপৌফুল সোনকালে সৰে……’
ইয়াৰ অৰ্থ হ’ল মানুহৰ দুষ্কৰ্মৰ ফলত পৃথিৱীত হয়তো কিছুমান কাম সময়ত কৈ আগতেই হ’ব। যিহেতু আঁহতৰ খোৰোঙৰ কপৌফুল ব’হাগ মাহত ফুলে আৰু ব’হাগতে সৰে।
তামৰঙী আকাশক কবিয়ে মানুহৰ জ্ঞানৰ বিকৃতিৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। বৰ্তমান সময়ত মানুহৰ মন-মগজু ক্ৰমান্বয়ে সংকীৰ্ণ হৈছে, জ্ঞানৰ বিকৃতি ঘটাৰ ফলত কোনো কথা দকৈ চিন্তা কৰিব নোৱাৰা অৱস্থা হৈ পৰিছে। ফুটচাঁই বৰণৰ এখন পৃথিৱী মানুহৰ কাৰণে কেতিয়াও উপযোগী নহয়, কবিয়ে ইয়াত বিপৰিতধৰ্মী চিত্ৰকল্প হিচাপে ব্যৱহাৰ কৰিছে।
নদী কেতিয়াও নিজৰা হ’ব নোৱাৰে। বৰ্তমান সময়ত সকলোবিলাক দিশ সংকীৰ্ণ হৈ গৈ আছে। মানুহৰ মন-মগজু , নৈতিকতা সকলো ক্ষীণকাই হৈ পৰিছে। জিঞাক কবিয়ে মানুহৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। যিহেতু বৰ্তমান সময়ত মানুহে অলপ সেউজীয়াৰ কাৰণে হাবাথুৰি খাব লগা হৈছে। আৰু এনেকৈয়ে ক’ৰবাত বাট হেৰুৱাইছে। অলপ আশ্ৰয় , অলপ পানীৰ কাৰণে মানুহে হাবাথুৰি খাইছে। সেই আশ্ৰয় , সেই পানী হ’ল মানুহৰ জ্ঞান, নৈতিকতা। যি মানুহৰ নিজৰ কৰ্মৰ বাবেই অৱক্ষয় ঘটিছে। কবিয়ে কৈছে———-
‘দূৰণিৰ নীল সেই গাওঁখনলৈ
এইবেলি সোনকালে আঘোণ আহিল—-আহিনতে?
এইবাৰ ব’হাগৰ ঢল নাহে নেকি?…..’
নীলা হৈছে বেদনাৰ প্ৰতীক । আহিনত কেতিয়াও আঘোণ আহিব নোৱাৰে। ইয়াত কবিয়ে প্ৰকৃতিৰ বিপৰীতজনক পৰিবেশৰ কথা কৈছে। আচলতে ধান আঘোণতহে পকে, কিন্তু আহিনত ধান পকা মানে অপৰিপক্কভাবে পকিছে। ইয়াত প্ৰকৃতিৰ দ্বাৰা মানৱ জাতিৰ প্ৰতিকূল অৱস্থাৰ কথা কৈছে।
পাহাৰক কবিয়ে বাধাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। কবিয়ে কৈছে যে
‘… আষাঢ়ৰ ক’লা মেঘ পাহাৰৰ সিপাৰে থাকিল…’
অৰ্থাৎ বৰষুণৰ সম্ভাৱনা নহাৰ কথা কৈছে। মেঘক বৰষুণৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। যিহেতু বৰষুণে সম্ভাৱনা কঢ়িয়ায়। এই সম্ভাৱনাতকৈ পাহাৰ ওখ হ’ব পাৰে নেকি বুলি উল্লেখ কৰিছে। যিহেতু বৰ্তমান সমাজত কিছুমান ঘটনাই হেঙাৰস্বৰূপে থিয় দিছে। এই বাধাক কবিয়ে প্ৰেমতকৈও ওপৰত নেকি বুলি প্ৰশ্ন কৰিছে।
বালিদাহী সাপ, সিজু গছ আদি মৰুভূমিৰ বস্তু, যাক কবিয়ে মানুহৰ সমাজখনক বেছি উৎকৎৰূপত দেখোৱাবৰ কাৰণে প্ৰতীকৰূপে ব্যৱহাৰ কৰিছে। সিজু গছক শুকান , গোন্ধহীন , প্ৰাণহীন প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। বলিদাহী সাপক বিষাক্ত যন্ত্ৰণাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। শুকান বৰফ মানুহৰ বাবে কেতিয়াও উপযোগী ঠাই নহয় কাৰণ শুকান বৰফ মৰুভূমিত হে পোৱা যায়। দিনৰ বেলিৰ পোহৰৰ বেছি উষ্ণতা পৃথিৱীৰ বাবে উপযোগ্য নহয়। কবিয়ে ইয়াত বিপৰিতধৰ্মী কথা বুজাবৰ বাবে ব্যৱহাৰ কৰিছে। মানুহৰ চূড়ান্ত অৱস্থাক কবিয়ে হাড় বুলি কৈছে। মৰুভূমিত উটে যেনেকৈ অস্থিৰ দেহা এটা লৈ পানী বিচৰাৰ দৰে মানৱ সভ্যতাৰ চূড়ান্ত স্খলনৰ বাবে সমাজখন মৰুভূমিলৈ পৰিৱৰ্তন হৈছে আৰু মানুহবিলাক উটৰ নিচিনা অলপ সঞ্জীৱনীৰ কাৰণে হাবাথুৰি খাইছে। ইয়াত কবিয়ে সাগৰক সঞ্জীৱনী হিচাপে ব্যৱহাৰ কৰিছে।
কবিয়ে কবিতাটোত উল্লেখ কৰা পৌঢ়া ৰমণী হ’ল ধৰিত্ৰী আৰু অনভিজ্ঞ কিশোৰ হ’ল মানুহ। সমাজত এচাম মানুহে ক্লান্তিতো তৃপ্তি পাইছে। অকাৰ্য কাম কৰি তৃপ্তি পাইছে কিন্তু অশান্তি পোৱা নাই। কবিৰ মতে ধ্বংসৰো সৌন্দৰ্য থাকিব লাগে, ধ্বংসস্তুপৰ মাজেৰে কেতিয়াবা সৌন্দৰ্যৰ সৃষ্টি হয়। সমাজখন যেন সকলো ফালৰ পৰাই ক্ষয় হৈ গৈছে। কিন্তু মানুহে ক্লীৱৰ দৰে , জড় বস্তুৰ দৰে সকলো অনায়াসে গ্ৰহণ কৰি আছে। ইয়াক শুধৰাবলৈ কেতিয়াও চেষ্টা কৰা নাই। বালিৰ বতাহে পাহাৰত কেতিয়াও ভাস্কৰ্য গঢ়িব নোৱাৰে ,ইয়াত কবিয়ে বিপৰিতধৰ্মী চিত্ৰকল্পৰ প্ৰয়োগ কৰিছে; যিহেতু সমাজত ঘটি থকা অকৰ্ম বিলাকে কেতিয়াও ভৱিষ্যত প্ৰজন্মক এখন সুস্থ সমাজ গঢ়ি দিব নোৱাৰে। আৰু সেই সমাজখনত যদি ৰোমাঞ্চ আছে, সৌন্দৰ্য আছে সেই সৌন্দৰ্যক গ্ৰহণ কৰিবলৈ কবি প্ৰস্তুত নহয়।
মোৰ ফালৰপৰা আপোনালৈ অশেষ ধন্যবাদ।
এনে এক বৃহৎ প্ৰচেষ্টা হাতত লোৱাৰ বাবে।
চুলি নাবন্ধিব যাজ্ঞসেনী কবিতাটোৰ চমু আলোকপাত আগবঢ়াওকচোন