তথ্যকোষসাময়িকী

অসমৰ স্থাপত্য আৰু ভাস্কৰ্য

স্থাপত্য কলা হ’ল স্থপতিবিদে শিল, ইটা আদিৰ লগতে অন্যান্য থলুৱা সামগ্ৰীৰে মঠ-মন্দিৰ, প্ৰাসাদ, দুৰ্গ, দৌল-দেৱালয় আদি নিৰ্মাণ কৰা প্ৰণালী। আনহাতে, স্থপতিবিদে নিৰ্মাণ কৰা সেই শিল্পকৰ্মসমূহৰ ওপৰত খোদিত কৰা বিভিন্ন নক্সা-মূৰ্তি আদিয়েই হ’ল ভাস্কৰ্য কলা। স্থাপত্য আৰু ভাস্কৰ্য কলাৰ দিশত অসম বিশেষভাৱে সমৃদ্ধিশালী। পুৰণি কালত অসমত নিৰ্মিত মঠ-মন্দিৰসমূহ, ৰজাঘৰীয়া প্ৰাসাদ, দুৰ্গ, সাঁকো, দৌল-দেৱালয় আদিয়ে অসমৰ স্থাপত্য কলাক আৰু স্থপতিৰাজিৰ ওপৰত খোদিত কৰা বিভিন্ন নক্সা, মূৰ্তি আদিয়ে অসমৰ ভাস্কৰ্য কলাক প্ৰতিনিধিত্ব কৰে। ইয়াৰ উপৰিও বিভিন্ন শিলালিপি আৰু তাম্ৰলিপি সমূহতো ভাস্কৰ্য কলাৰ নিদৰ্শন দেখিবলৈ পোৱা যায়।

অসমৰ স্থাপত্য আৰু ভাস্কৰ্য কলাৰ ইতিহাস অতি প্ৰাচীন। এতিয়ালৈকে আৱিষ্কৃত স্থাপত্য-ভাস্কৰ্যসমূহে প্ৰমাণিত কৰে যে অসমৰ স্থাপত্য আৰু ভাস্কৰ্যৰ ইতিহাস গুপ্তযুগৰ পৰা আছে। পুৰণি লিখিত বিৱৰণী, অভিলেখ, ধৰ্মীয় পুথি-পাঁজি আৰু পৰিব্ৰাজকৰ টোকাবহী অধ্যয়ন কৰি এইবোৰৰ ইতিহাসৰ বিষয়ে জানি পাৰি। মাৰ্কণ্ডেয় পুৰাণত উল্লেখ থকা অনুসৰি পুৰণি কালত শিৱ, সূৰ্য, বিষ্ণু আদি দেৱতাৰ নামত সমগ্ৰ ভাৰতৰ লগতে অসমতো মন্দিৰ নিৰ্মাণ কৰা হৈছিল। চীনা পৰিব্ৰাজক হিউৱেন চাঙৰ টোকাবহীত উল্লেখ থকা অনুসৰি প্ৰাচীন কামৰূপত শ শ দেৱ-দেৱীৰ মন্দিৰ আছিল। এই তথ্যসমূহৰ ভিত্তিত অসমৰ স্থাপত্য আৰু ভাস্কৰ্য কলাৰ ইতিহাসক দুটা প্ৰধান ভাগত ভগাব পাৰি-

  • (১) প্ৰাক্-আহোম যুগৰ স্থাপত্য-ভাস্কৰ্য আৰু
  • (২) আহোম যুগৰ স্থাপত্য-ভাস্কৰ্য।

প্ৰাক্-আহোম যুগৰ স্থাপত্য ভাস্কৰ্য-

স্থাপত্য

অসমৰ প্ৰাচীনতম স্থাপত্যৰ এটা উল্লেখযোগ্য নিদৰ্শন হৈছে তেজপুৰৰ পৰা তিনি মাইল দূৰত্বত অৱস্থিত দ-পৰ্বতীয়া মন্দিৰৰ স্থাপত্য। আনুমানিক পঞ্চম-ষষ্ঠ শতিকাৰ পূৱা-পশ্চিমাকৈ সজোৱা এই শিৱ মন্দিৰটো গুপ্তযুগৰ ইটাৰে নিৰ্মিত মন্দিৰসমূহৰ প্ৰাচীনতম আৰু পূৰ্ণাঙ্গ মন্দিৰ বুলি প্ৰত্নতত্ববিদসকলে মত পোষণ কৰিছে। অক্ষত অৱস্থাত উদ্ধাৰ হোৱা শিলেৰে নিৰ্মিত তোৰণখনেই গুপ্ত স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন। তোৰণখন দুটা দ্বাৰশাখা আৰু এটা শিৰপট্টীৰে নিৰ্মিত হৈছে। দ্বাৰশাখা দুটাৰ তলত হাতত পুষ্পমালা লৈ বিচিত্ৰ ভংগীত থিয় হৈ থকা গংগা আৰু যমুনাৰ দুটা মূ্ৰ্তি পোৱা গৈছে। ঠিক তেনেদৰে শিৰপট্টীতো পাঁচটা চন্দ্ৰশালাৰ প্ৰতিটোতে দেৱতাৰ মূৰ্তি অংকিত হৈ থকা দেখা যায়। ইয়াৰ উপৰিও ভালেমান মূৰ্তি আৰু ভাস্কৰ্যৰে সৌন্দৰ্যশালী তোৰণখনৰ ভাস্কৰ্যশৈলী পঞ্চম-ষষ্ঠ শতিকাৰ বাৰাণসী আৰু পাটলিপুত্ৰত বিকশিত ভাস্কৰ্যশৈলীৰ সৈতে মিল দেখা যায়।

দ-পৰ্বতীয়া মন্দিৰ আৰু তোৰণৰ উপৰিও মাজগাঁও, বামুণী পাহাৰ, বিহালী, বিশ্বনাথ, গহপুৰ আদি ঠাইত ভালেমান মন্দিৰ আৰু স্থাপত্য-ভাস্কৰ্য পোৱা গৈছে। মাজগাঁৱত গুপ্ত যুগতে নিৰ্মিত এটা মন্দিৰ আৰু তাৰ ভগ্নাৱশেষৰ পৰা স্তম্ভ, শিৰপট্টী, দ্বাৰশাখা, অধিস্থানৰ শিল উদ্ধাৰ হৈছে। বামুণী পাহাৰত উদ্ধাৰ হোৱা অষ্টম-নৱম শতিকাতে নিৰ্মিত বৃহৎ মন্দিৰৰ ভগ্নাৱশেষৰ পৰা তাৰ একেখন চোতালতে সাতোটা মন্দিৰ আছিল বুলি অনুমান কৰা হৈছে। ইয়াৰ পিছতে তেজপুৰৰ কাছাৰীঘৰ নিৰ্মাণ কৰোতে উদ্ধাৰ হোৱা স্থাপত্য-ভাস্কৰ্যই তেজপুৰৰ অনেক মন্দিৰ নিৰ্মাণ হোৱা বুলি প্ৰমাণিত কৰে। প্ৰত্নতত্ববিদসকলৰ মতে তেজপুৰতেই অসমৰ উচ্চতম মন্দিৰটো নিৰ্মিত হৈছিল বুলি ঠাৱৰ কৰে। মন্দিৰটো নৱম শতিকাৰ আৰু ই সূৰ্য মন্দিৰ আছিল।

তেজপুৰৰ পিছতে প্ৰাক্-আহোম যুগৰ স্থাপত্য-ভাস্কৰ্যৰ অনেক নিদৰ্শন কামৰূপ জিলাৰ অন্তৰ্গত গুৱাহাটী আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত পোৱা যায়। গুৱাহাটীৰ শুক্লেশ্বৰ পাহাৰত থকা জনাৰ্দন আৰু শিৱ মন্দিৰ, উত্তৰ গুৱাহাটীত উদ্ধাৰ হোৱা বিষ্ণু মন্দিৰ, বাইহাটা-চাৰিআলিৰ মদন-কামদেৱ মন্দিৰ এইক্ষেত্ৰত উৎকৃষ্ট নিদৰ্শন বুলিব পাৰি। মদন-কামদেৱ পাহাৰত উদ্ধাৰ হোৱা এই মন্দিৰটোৰ উপৰিও সেই ঠাইত অনেক ভাস্কৰ্য আৰু স্থাপত্য পোৱা গৈছে যিবোৰ আনুমানিক একাদশ-দ্বাদশ শতিকাৰ। একেদৰে আমবাৰীৰ খনন কাৰ্যত উদ্ধাৰ হোৱা দেৱ-দেৱীৰ মূৰ্তি আৰু ভাস্কৰ্যসমূহে গুৱাহাটীত পুৰণি কালত অসংখ্য মঠ-মন্দিৰ থকাটো প্ৰতিপন্ন কৰে।

ভাস্কৰ্য

প্ৰাক্-আহোম যুগৰ বিভিন্ন স্থাপত্য-ভাস্কৰ্যৰ অন্যতম হ’ল গোৱালপাৰাৰ শ্ৰীসূৰ্য পাহাৰত উদ্ধাৰ হোৱা মূৰ্তি-ভাস্কৰ্যসমূহ, শদিয়াৰ তাম্ৰেশ্বৰী মন্দিৰৰ ভাস্কৰ্য, দেওপানীৰ দেৱীদৌল, নুমলীগড়ৰ শিৱদৌল ইত্যাদি। নগাঁও জিলাতো বিভিন্ন অঞ্চলৰ বহুতো স্থাপত্য-ভাস্কৰ্যৰ ভগ্নাৱশেষ পোৱা গৈছে। উল্লেখযোগ্য যে এই স্থাপত্য-ভাস্কৰ্যৰ প্ৰায়বিলাকেই সংগ্ৰহালয়ত সংৰক্ষিত কৰা হৈছে।

প্ৰত্নতাত্বিকসকলে প্ৰাক্-আহোম যুগৰ বিভিন্ন মঠ-মন্দিৰসমূহৰ ভগ্নাৱশেষ অধ্যয়ন কৰি সেইবোৰৰ গঠন সম্পৰ্কে কিছু তথ্য দাঙি ধৰিছে। সেয়া হ’ল- তোৰণ(মূল মন্দিৰৰ পৰা কিছু আঁতৰলৈ মন্দিৰলৈ যোৱা পথত নিৰ্মিত), মূখ্য দুৱাৰ, মণ্ডপ বা নাটমন্দিৰ, অন্তৰাল বা প্ৰৱেশ কক্ষ, গৰ্ভগৃহ বা মণিকূট।

একেদৰে মন্দিৰৰ গাটোক থিয়কৈ চাৰিটা মূল ভাগত ভাগ কৰিছে- পাদ বা অধিস্থান, জংঘা, ককাল বা শৰীৰ বা বেৰ, কান্ধ বা গণ্ডী, শিখৰ বা মস্তক।

অসমত এতিয়ালৈকে উদ্ধাৰ হোৱা মন্দিৰৰ ভেঁটিৰ পৰা অনুমান হয় যে অসমত পূৰ্ণাংগ মন্দিৰতকৈ মঠৰ সংখ্যা বেছি। মন্দিৰসমূহৰ নক্সাৰ পৰা সেই মন্দিৰৰ স্থাপত্য শৈলীৰ বিষয়ে জানিব পাৰি।

আহোম যুগৰ স্থাপত্য-ভাস্কৰ্য-

অসমৰ স্থাপত্য আৰু ভাস্কৰ্য কলাৰ ইতিহাসত আহোম যুগৰ অৱদান অনবদ্য আৰু প্ৰাক্-আহোম যুগৰ তুলনাত এই যুগ বিশেষভাৱে চহকী। আহোম যুগৰ বহুখিনি স্থাপত্য-ভাস্কৰ্যই গৌৰৱোজ্বল ইতিহাসৰ স্বাক্ষৰ বহন কৰি বিশেষকৈ আহোমৰ ৰাজধানী শিৱসাগৰ আৰু ইয়াৰ কাষৰীয়া অঞ্চলত অক্ষত অৱস্থাত জিলিকি আছে। উল্লেখযোগ্য যে আহোম ৰাজত্বৰ আৰম্ভণিতে বাঁহ-কাঠেৰে ঘৰ-বাৰী, কাৰেং নিৰ্মাণ হৈছিল যদিও স্বৰ্গদেউ গদাধৰ সিংহৰ দিনৰ পৰা শিল-ইটাৰ ব্যৱহাৰ কৰা হয়। চটীয়া শিল, মাটিৰ চেপেটা ইটাৰে আৰু মিঠাতেল, গুৰ, হাঁহকণী, বৰা চাউল, কঁৰাই গুৰি, বৰালি মাছ, চকা চূণ, মাটিমাহ আদিৰে প্ৰস্তুত কৰা কঁৰালেৰে এই স্থাপত্যসমূহ নিৰ্মাণ কৰা হৈছিল। এই স্থাপত্যসমূহক পণ্ডিতসকলে কেইটামান ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল- ৰাজ-অট্টালিকা, দৌল-দেৱালয়, দলং-সাঁকো আৰু মৈদাম।

আহোম যুগৰ স্থাপত্য

আহোম যুগৰ ৰাজ-অট্টালিকাৰ ভিতৰত গড়গাঁৱৰ কাৰেংঘৰ, ৰংপুৰৰ ৰংঘৰ আৰু তলাতলঘৰ বিশেষভাৱে উল্লেখযোগ্য। জনজাতীয়সকলৰ চাংঘৰৰ আৰ্হিত নিৰ্মিত ৰংঘৰ এছিয়াৰ ভিতৰতে প্ৰথমটো ষ্টেডিয়াম বা পেভিলিয়নৰূপে খ্যাত। ইয়াৰ পিছতে আহোম যুগৰ স্থাপত্যৰ আন এবিধ নিদৰ্শন হ’ল দৌল-দেৱালয়। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল উত্তৰ ভাৰতীয় বা নাগৰ শৈলীৰ আধাৰত নিৰ্মিত হ’লেও আহোম স্থাপত্যৰ সুকীয়া বৈশিষ্ট্য পৰিলক্ষিত হয়। শিৱদৌলত মূল শিখৰৰ উপৰিও বিভিন্ন উপশিখৰো সংযুক্ত হৈছে।

ইয়াৰ উপৰিও জয়দৌল, নাতি গোঁসাইৰ দৌল আদি ভালেমান দৌল-দেৱালয় আহোম যুগৰ স্থাপত্যৰূপে বিদ্যমান। ইয়াৰ পিছতে আহোম যুগৰ স্থাপত্যৰ এক নিদৰ্শন হ’ল দলং আৰু সাঁকোবিলাক। চটীয়া শিলেৰে নিৰ্মিত এই সাঁকোবোৰৰ ভিতৰত নামদাং নৈৰ ওপৰত থকা শিলৰ সাঁকো, ধোদৰ আলিৰ শিলৰ সাঁকো, হাঁহচৰা, বৰ আলি, ডিমৌৰ শিলৰ সাঁকো আদি বিশেষ লক্ষণীয়। নামদাঙৰ শিলৰ সাঁকো আজিও অক্ষত আৰু কাৰ্যক্ষম অৱস্থাত দেখা যায়। আহোম যুগৰ স্থাপত্যৰ আন এক নিদৰ্শন হৈছে মৈদামসমূহ। উজনি অসমৰ অনেক ঠাইত কাঠ, ইটা আৰু কঁৰালেৰে ওখকৈ নিৰ্মিত এই মৈদামসমূহ দেখিবলৈ পোৱা যায়। উল্লেখযোগ্য যে আহোম ৰাজধানী চৰাইদেউ এই মৈদামসমূহৰ বাবেই আকৰ্ষণীয় পৰ্যটনস্থলী হৈ পৰিছে।

এইবোৰৰ উপৰিও আহোম যুগত ঠায়ে ঠায়ে পানী অহা-যোৱা কৰিবলৈ নিৰ্মিত পকী ধোন্দবোৰ আহোম স্থাপত্যৰ উৎকৃষ্ট নিদৰ্শন। ৰংপুৰৰ ন-দুৱাৰৰ মুখৰ ধোন্দ আৰু ন-আলিৰ পকী ধোন্দ এতিয়াও সম্পূৰ্ণ অক্ষত অৱস্থাত পোৱা যায়। জয়সাগৰ পুখুৰীৰ পৰা ৰংপুৰৰ সোণতোলা পুখুৰীলৈ পানী অনা-নিয়া কৰা নলা এটাৰ ভগ্নাৱশেষ পোৱা গৈছে।

আহোম যুগৰ ভাস্কৰ্য

স্থাপত্যৰ ফালৰ পৰা আহোম যুগটো যিদৰে চহকী তেনেদৰে ভাস্কৰ্যৰ দিশটো এই যুগটোৰ অৱদান কোনোগুণে কম নহয়। পণ্ডিতসকলে আহোম যুগৰ ভাস্কৰ্যকো তিনিটা প্ৰধান ভাগত ভাগ কৰিছে। সেইকেইটা হ’ল- শিলত কটা ভাস্কৰ্য. কাঠ খোদাই কৰা ভাস্কৰ্য আৰু পোৰামাটিৰ ভাস্কৰ্য।

আহোম যুগৰ শিলত কটা ভাস্কৰ্যবোৰ বিশেষভাৱে উল্লেখযোগ্য। প্ৰধানতঃ ভাস্কৰ্যবোৰত দেৱ-দেৱীৰ মূৰ্তি, জীৱ-জন্তু, গছ-পাত, ফুলৰ উপৰিও ধৰ্মীয় দৃশ্যাৱলী অথবা ঐতিহাসিক ব্যক্তিৰ মূৰ্তিও পোৱা গৈছে। উদাহৰণস্বৰূপে হৰ-গৌৰী দেৱালয়ত খোদিত কীৰ্তিচন্দ্ৰ বৰবৰুৱাৰ মূৰ্তি, জয়দৌলত প্ৰাপ্ত ৰুদ্ৰসিংহই ঘোঁৰাত উঠি যোৱা মনোৰম দৃশ্য, জয়মতীৰ মূৰ্তি আদিৰ নাম ল’ব পাৰি। গৌৰীসাগৰৰ দৌলৰ বেৰ আৰু জয়দৌলৰ বেৰৰ ভাস্কৰ্যবোৰ বিশেষভাৱে প্ৰশংসনীয়।

ইয়াৰ পিছতে আহোম যুগৰ কাঠত খোদাই কৰা ভাস্কৰ্যৰ মাজেৰে অসমীয়া শিল্পীৰ উজ্বল হস্তৰ পৰিচয় লাভ কৰিব পাৰি। বিশেষকৈ বাঢ়ৈ আৰু খনিকৰ খেলৰ মানুহে নিজ ব্যৱহাৰ্য সামগ্ৰী যেনে- খাট-পালেং, সিংহাসন, শৰাই, পেৰা, মুখা, মূৰ্তি, সঁফুৰা আদিত নানা চানেকিৰে ৰং সানি আটকধুনীয়া কৰি তুলিছিল। এইবোৰৰ উপৰিও কাঠেৰে নিৰ্মিত নাও আৰু ঘৰবোৰত বিভিন্ন নক্সা কাটি আৰু চিত্ৰ অংকন কৰি সুন্দৰকৈ সজাই-পৰাই তুলিছিল। ইয়াৰ পিছতে পোৰামাটিৰ ভাস্কৰ্য কলাও আহোম যুগৰ ভাস্কৰ্যৰ আন এক আপুৰুগীয়া সম্পদ। জয়সাগৰৰ পশ্চিম পাৰত অৱস্থিত নাতি গোঁসাইৰ দৌল পোৰামাটিৰ ভাস্কৰ্যৰ উৎকৃষ্ট নিদৰ্শন। ইয়াত ৰামায়ণৰ কাহিনী চিত্ৰিত হৈ থকা দেখিবলৈ পোৱা যায়।

গতিকে দেখা যায় যে, অসমৰ পুৰণি স্থাপত্য আৰু ভাস্কৰ্যসমূহে অসমীয়া সংস্কৃতিৰ ভঁৰাল চহকী কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। এইবিলাক অসমীয়া সংস্কৃতিৰ একোটা অমূল্য সম্পদ, য’ত সংস্কৃতিৱান শিল্পী-কুশলীৰ নিপুণ হাতৰ পৰশত কলাৰ মাধুৰ্যতা জিলিকি উঠিছিল। এই সম্পদবিলাক সংৰক্ষণ আৰু ঐতিহাসিক অধ্যয়নৰ প্ৰয়োজনীয়তা আছে।

লগতে পঢ়ক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

3.7 3 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
জিতেন বৰা
জিতেন বৰা
2 years ago

প্ৰাক আহোম যুগ আৰু আহোম যুগৰ স্থাপত্য আৰু ভাস্কৰ্যৰ বিষয়ে জানিব পাৰিলোঁ ৷ লেখকলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ ৷

Toslima begum
1 month ago

আহোম যুগৰ স্থাপত্য ভাস্কৰ্য চিত্ৰকলাৰ ওপৰত পৰ্যায়লোচনা আগবঢ়োৱা।

2
0
Would love your thoughts, please comment.x
()
x

Megapari

Mahadev Book ID

Winbuzz Login