তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

পৌৰসভা-ভাৰতীয় সংবিধান(নৱম-ক ভাগ)

নৱম (ক) ভাগ

(২৪৩)(ত) পৰিভাষা – এই ভাগত, প্রসঙ্গত অন্যথা অপেক্ষিত নহ’লে,–

(ক) “সমিতি” মানে অনুচ্ছেদ ২৪৩(ধ)ৰ অধীনত গঠিত এখন সমিতি

(খ) “জিলা” মানে কোনো ৰাজ্যৰ এখন জিলা;

(গ) “মহানগৰ ক্ষেত্ৰ” মানে দুই লাখ বা তাৰ অধিক জনসংখ্যা থকা এনে ক্ষেত্র য’ত এখন বা অধিক জিলা সমাবিষ্ট হয় আৰু যি দুই বা অধিক পৌৰ সভা বা পঞ্চায়ত বা আন সংলগ্ন ক্ষেত্র সমূহৰে গঠিত হয় আৰু যাক ৰাজ্যপালে এই ভাগৰ প্রয়োজনার্থে লোক অধিসূচনাৰ দ্বাৰা মহানগৰ ক্ষেত্ৰ বুলি বিনির্দিষ্ট কৰে;

(ঘ) “পৌৰ ক্ষেত্ৰ” মানে ৰাজ্যপালৰ দ্বাৰা অধিসূচিত কোনো পৌৰ সভাৰ প্ৰাদেশিক ক্ষেত্ৰ
(ঙ) “পৌৰ সভা” মানে অনুচ্ছেদ ২৪৩(খ)ৰ অধীনত গঠিত স্বায়ত্ত শাসনৰ কোনো সংস্থা
(চ) “পঞ্চায়ত” মানে ২৪৩ (খ)ৰ অধীনত গঠিত কোনো পঞ্চায়ত;
(ছ) “জনসংখ্যা” মানে এনে অন্তিম পূর্বৱৰ্তী জনগণনাত অভিনিশ্চিত কৰা জনসংখ্যা যাৰ সুসঙ্গত সংখ্যা প্রকাশিত কৰা হৈছে।

(২৪৩)(থ) পৌৰ সভা সমূহৰ গঠন-

(১) প্রত্যেক ৰাজ্যত, এই ভাগৰ উপবন্ধ সমূহ অনুসাৰে, –

(ক) কোনো সংক্রমণশীল ক্ষেত্ৰৰ বাবে, অর্থাৎ গ্রামীণ ক্ষেত্ৰৰ পৰা নগৰীয়া ক্ষেত্ৰলৈ সংক্রমণগত ক্ষেত্ৰৰ বাবে কোনো নগৰ পঞ্চায়ত (যি নামেৰেই জ্ঞাত হওক);
(খ) কোনো ক্ষুদ্রতৰ নগৰীয়া ক্ষেত্ৰৰ বাবে পৌৰ পৰিষদ; আৰু
(গ) কোনো বৃহত্তৰ নগৰীয়া ক্ষেত্ৰৰ বাবে পৌৰ নিগম গঠন কৰা হ’ব
পৰন্তু, এই খণ্ডৰ অধীনত কোনো পৌৰ সভা এনে নগৰীয়া ক্ষেত্র বা তাৰ কোনো ভাগত গঠন কৰিব পৰা নাযাব যিটো ৰাজ্যপালে, ক্ষেত্ৰটোৰ আয়তন আৰু সেই ক্ষেত্ৰত কোনো ঔদ্যোগিক সংস্থাপনৰ দ্বাৰা দিয়া বা দিয়াৰ বাবে প্রস্তাৱিত পৌৰ সেৱাসমূহ আৰু তেওঁ উপযুক্ত বুলি গণ্য কৰা তেনে আন কোনো বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি, লোক অধিসূচনাৰ দ্বাৰা ঔদ্যোগিক নগৰ বুলি বিনির্দিষ্ট কৰে।

(২) এই অনুচ্ছেদত “সংক্রমণশীল ক্ষেত্ৰ”, “ক্ষুদ্রতৰ নগৰীয়া ক্ষেত্ৰ” বা “বৃহত্তৰ নগৰীয়া ক্ষেত্রই” এনে ক্ষেত্ৰক বুজাব যিদৰে ৰাজ্যপালে এই ভাগৰ প্ৰয়োজনার্থে সেই ক্ষেত্ৰৰ জনসংখ্যা ইয়াত জনসংখ্যা ঘনতা, স্থানীয় প্রশাসনৰ বাবে উৎপন্ন ৰাজহ, কৃষি ভিন্ন কাৰ্যকলাপত নিয়োজনৰ শতকৰা হাৰ, আর্থিক গুৰুত্ব বা এনে আন বিষয়, যিটো তেওঁ উপযুক্ত বুলি গণ্য কৰে তাৰ প্রতি লক্ষ্য ৰাখি লোক অধিসূচনাৰ দ্বাৰা বিনির্দিষ্ট কৰে।

(২৪৩)(দ) পৌৰ সভাৰ বিৰচনা-

(১) খণ্ড (২)ত উপবন্ধিত ব্যতিৰেকে, কোনো পৌৰ সভাৰ সকলো আসন পৌৰ ক্ষেত্ৰৰ প্রাদেশিক নির্বাচন সমষ্টিৰ পৰা প্রত্যক্ষ নির্বাচনৰ দ্বাৰা বাছি লোৱা ব্যক্তি সকলৰ দ্বাৰা পূৰণ কৰা হ’ব আৰু এই প্রয়োজনার্থে, প্রত্যেক পৌৰ ক্ষেত্র প্রাদেশিক নির্বাচন সমষ্টি সমূহত বিভাজিত কৰা হ’ব যি ৱার্ড নামেৰে জ্ঞাত হ’ব।

(২) কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা,-
(ক) পৌৰ সভাত–
(i) পৌৰ প্ৰশাসনৰ বিশেষ জ্ঞান থকা বা অভিজ্ঞতা থকা ব্যক্তি সকল;
(ii) কোনো পৌৰ ক্ষেত্রত সম্পূর্ণ ভাবে বা আংশিক ভাবে সমাবিষ্ট হৈ থকা নির্বাচন সমষ্টিক প্রতিনিধিত্ব কৰা লোক সভাৰ সদস্য বর্গ বা ৰাজ্যিক বিধান সভাৰ সদস্য বৰ্গৰ;
(iii) পৌৰ ক্ষেত্ৰৰ ভিতৰত নির্বাচক হিচাবে পঞ্জীভুক্ত ৰাজ্য সভাৰ এনে সদস্য সকলক আৰু ৰাজ্যৰ বিধান পৰিষদৰ এনে সদস্য সকল;

(iv) অনুচ্ছেদ ২৪৩(ধ)ৰ খণ্ড (৫) অধীনত গঠিত সমিতি সমূহৰ অধ্যক্ষ সকলৰ প্রতিনিধিত্বৰ বাবে উপবন্ধ কৰিব পাৰিব-
পৰন্তু, দফা (i)ত নির্দিষ্ট ব্যক্তি সকলৰ পৌৰ সভাৰ অধিবেশনত ভোট দিয়াৰ অধিকাৰ নাথাকিব;
(খ) কোনো পৌৰ সভাৰ অধ্যক্ষ নির্বাচন ৰীতিৰ উপৱন্ধ কৰিব পাৰিব।

২৪৩(ধ) ৱাৰ্ড সমিতি আদিৰ গঠন আৰু বিৰচনা–

(১) তিনি লাখ বা অধিক জনসংখ্যা থকা কোনো পৌৰ সভাৰ প্রাদেশিক ক্ষেত্ৰৰ ভিতৰত এটা বা অধিক ৱার্ড সমূহেৰে গঠিত ৱার্ড সমিতি সমূহ গঠন কৰা হ’ব।
(২) ৰাজ্যৰ বিধান-মণ্ডলে, বিধিৰ দ্বাৰ–
(ক) ৱার্ড সমিতিৰ বিৰচনা আৰু ইয়াৰ প্রাদেশিক ক্ষেত্ৰৰ সম্পৰ্কত;

(খ) যি ৰীতিৰে ৱার্ড সমিতিত আসন পূৰণ কৰা হ’ব, সেই ৰীতিৰ সম্পৰ্কত উপবন্ধ কৰিব পাৰিব। (৩) ৱার্ড সমিতিৰ প্রাদেশিক ক্ষেত্ৰৰ ভিতৰত কোনো ৱাৰ্ডৰ প্রতিনিধিত্ব কৰা কোনো পৌৰ সভাৰ সদস্য সেই সমিতিৰ সদস্য হ’ব।
(৪) য’ত কোনো ৱার্ড সমিতি-

(ক) এটা ৱাৰ্ডেৰে গঠিত হয় সেই ক্ষেত্ৰত, পৌৰ সভাত সেই ৱাৰ্ডৰ প্রতিনিধিত্ব কৰা সদস্য; বা
(খ) দুই বা অধিক ৱাৰ্ডৰে গঠিত হয় সেই ক্ষেত্ৰত পৌৰ সভাত এনে ৱার্ড সমূহৰ প্রতিনিধিত্ব কৰা সদস্য সকলৰ মাজৰ পৰা এজন সদস্য যাক সেই ৱার্ড সমিতিৰ সদস্য সকলৰ দ্বাৰা নির্বাচিত কৰা হ’ব, সেই সমিতিৰ অধ্যক্ষ হ’ব।
(৫) এই অনুচ্ছেদৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলক ৱার্ড সমিতি সমূহৰ উপৰিও সমিতি সমূহ গঠন কৰাৰ বাবে কোনো উপবন্ধ কৰাৰ পৰা নিবাৰিত কৰা বুলি গণ্য কৰা নহ’ব।

২৪৩(ন) আসন সমূহৰ আৰক্ষণ–

(১) প্রত্যেক পৌৰ সভাত অনুসূচিত জাতি সমূহ আৰু অনুসূচিত জনজাতি সমূহৰ বাবে আসন আৰক্ষিত থাকিব আৰু এনেদৰে আৰক্ষিত আসন সমূহৰ সংখ্যাৰ অনুপাত, সেই পৌৰ সভাত প্রত্যক্ষ নির্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যাৰ যথা সম্ভৱ একে হ’ব যি সেই পৌৰ সভাৰ ক্ষেত্ৰত অনুসূচিত জাতি সমূহৰ বা সেই পৌৰ সভা ক্ষেত্ৰৰ অনুসূচিত জনজাতি সমূহৰ জনসংখ্যা অনুপাত সেই ক্ষেত্ৰৰ মুঠ জনসংখ্যাৰ সৈতে আছে আৰু এনে আসন কোনো পৌৰ সভাৰ ভিন ভিন নির্বাচন সমষ্টি সমূহত বিৱৰ্ত্তনৰ দ্বাৰা আৱণ্টিত কৰিব পাৰিব।

(২) খণ্ড (১) ৰ অধীনত আৰক্ষিত আসন সমূহৰ মুঠ সংখ্যাৰ নুন্যতম এক-তৃতীয়াংশ আসন যথাস্থিতি অনুসূচিত জাতি সমূহ বা অনুসূচিত জনজাতি সমূহৰ নাৰীৰ বাবে আৰক্ষিত থাকিব।

(৩) প্রত্যেক পৌৰ সভাত প্রত্যক্ষ নির্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যাৰ নুন্যতম এক তৃতীয়াংশ আসন (অনুসূচিত জাতি সমূহ আৰু অনুসূচিত জনজাতি সমূহৰ নাৰী সকলৰ বাবে আসন সমূহৰ সংখ্যা অন্তভুক্ত কৰি) নাৰী সকলৰ বাবে আৰক্ষিত থাকিব আৰু এনে আসন কোনো পৌৰ সভাৰ ভিন ভিন নির্বাচন সমষ্টি সমূহত বিৱৰ্ত্তনৰ দ্বাৰা আৱন্টিত কৰিব পাৰিব।

(৪) পৌৰ সভাত অধ্যক্ষ সমূহৰ পদ, অনুসূচিত জাতি সমূহ, অনুসূচিত জনজাতি সমূহ আৰু নাৰী সকলৰ বাবে এনে ৰীতিৰে আৰক্ষিত থাকিব যাক ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা উপবন্ধিত কৰে।
(৫) খণ্ড (১) আৰু খণ্ড (২) ৰ অধীনত আসন সমূহৰ আৰক্ষণ আৰু খণ্ড (৪) ৰ অধীনত অধ্যক্ষ পদ সমূহৰ আৰক্ষণ (নাৰী সকলৰ বাবে আৰক্ষণৰ ব্যতিৰেকে) অনুচ্ছেদ ৩৩৪ ত বিনির্দিষ্ট কালৰ সমাপ্তিত প্ৰভাৱী হৈ নাথাকিব।

(৬) এই ভাগৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলক অনুন্নত শ্ৰেণীৰ নাগৰিক সকলৰ কোনো শ্ৰেণীৰ হকে কোনো পৌৰ সভাত আসন সমূহৰ বা পৌৰ সভা সমূহত অধ্যক্ষ সকলৰ পদৰ আৰক্ষণৰ বাবে কোনো উপবন্ধ কৰাৰ পৰা নিবাৰিত নকৰিব।

(২৪৩)(প) পৌৰ সভা সমূহৰ ম্যাদ ইত্যাদি-

(১) প্রত্যেক পৌৰ সভা যদিহে সেই সময়ত বলবৎ থকা কোনো বিধিৰ অধীনত প্ৰথমতেই বিঘটিত কৰি দিয়া নহয়, তেন্তে ইয়াৰ প্রথম অধিবেশনৰ বাবে নিয়ত তাৰিখৰ পৰা পাঁচ বছৰ পৰ্য্যন্ত চলি থাকিব, কিন্তু ইয়াতকৈ অধিক নহয়। পৰন্তু, কোনো পৌৰ সভা বিঘটিত কৰাৰ পূর্বে ইয়াক শুনাৰ বাবে যুক্তি সঙ্গত সুযোগ দিয়া হ’ব।

(২) সেই সময়ত বলবৎ থকা কোনো বিধিৰ কোনো সংশোধনেৰে কোনো স্তৰত এনে পৌৰ সভাৰ যি এনে সংশোধনৰ অব্যৱহিত পূর্বে কাৰ্য্য কৰি আছে, খণ্ড (১)ত বিনিৰ্দিষ্ট ইয়াৰ ম্যাদ সমাপ্ত নোহোৱা পৰ্য্যন্ত বিঘটিত নহ’ব।

(৩) কোনো পৌৰ সভা গঠন কৰাৰ বাবে নির্বাচন –
(ক) খণ্ড (১)ত বিনিৰ্দিষ্ট ইয়াৰ ম্যাদৰ সমাপ্তিৰ পূর্বে,
(খ) ইয়াৰ বিঘটনৰ তাৰিখৰ পৰা ছয় মাহৰ কালাৱধিৰ সমাপ্তিৰ পূর্বে সম্পূর্ণ কৰা হ’ব.
পৰন্তু, য’ত সেই অৱশিষ্ট কালাৱধি, যাৰ বাবে কোনো বিঘটিত পৌৰ সভা চলি থাকিলেহেতেন, ছয়মাহতকৈ কম হয় সেই ক্ষেত্ৰত এনে কালাবধিৰ বাবে সেই পৌৰ সভা গঠন কৰাৰ কাৰণে এই খণ্ডৰ অধীনত কোনা নির্বাচন অনুষ্ঠিত কৰাৰ আৱশ্যক নহ’ব।

(৪) কোনো পৌৰ সভাৰ ম্যাদৰ সমাপ্তিৰ পূর্বে সেই পৌৰ সভা বিঘটিত হোৱাৰ পিছত গঠিত কোনো পৌৰসভা, সেই কালাৱধিৰ কেৱল অৱশিষ্ট অংশৰ বাবে চলি থাকিব যাৰ বাবে বিঘটিত পৌৰসভা খণ্ড (১) ৰঅধীনত চলি থাকিলেহেতেন, যদিহে ইয়াক এইদৰে বিঘটিত কৰা নহ’লহেঁতেন।

(২৪৩)(ফ) সদস্য পদৰ বাবে অৰ্হতা-

(১) কোনো ব্যক্তি কোনো পৌৰ সভাৰ সদস্য নির্বাচিত হোৱাৰ বাবে আৰু সদস্য হোৱাৰ বাবে অযোগ্য হ’ব,–
(ক) যদি তেওঁক সংশ্লিষ্টৰাজ্যৰ বিধান মণ্ডলৰ নির্বাচন সমূহৰ প্ৰয়োজনার্থে সেইসময়ত বলবৎ থকা কোনো বিধিৰ দ্বাৰা বা অধীনত এনেদৰে অযোগ্য কৰা হয়। পৰন্তু, কোনো ব্যক্তি তেওঁৰ বয়স পঁচিশ বছৰৰ কম হোৱাৰ আধাৰত অযোগ্য নহ’ব যদিহে তেওঁৰ একৈশ বছৰ বয়স হৈছ;
(খ) যদি তেওঁক ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ দ্বাৰা বা ইয়াৰ অধীনত এনেদৰে অযোগ্য কৰা হয়।

(২) যদি কোনো পৌৰ সভাৰ কোনো সদস্য খণ্ড (১)ত উল্লিখিত কোনো অযোগ্যতাৰ অধীনস্থ হয় নে নহয় এই প্রশ্নৰ উদ্ভৱ হয়, তেতিয়া সেই প্রশ্ন, এনে প্রাধিকাৰীক আৰু এনে ৰীতিৰে, যিটো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা উপবন্ধিত কৰে, তাক বিনিশ্চয়ৰ বাবে নির্দেশিত কৰিব পাৰিব। (২৪৩)(ব) পৌৰ সভাসমূহৰ ক্ষমতাৱলী, প্ৰাধিকাৰ আৰু দ্বায়িত্বসমূহ- এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা,

(ক) পৌৰ সভা সমূহক এনে ক্ষমতাৱলী আৰু প্ৰাধিকাৰ প্ৰদান কৰিব পাৰিব যিটো ইয়াক স্বায়ত্ত শাসনৰ সংস্থা হিচাবে কাৰ্য্য সম্পাদন কৰাত সমর্থ কৰাৰ বাবে আৱশ্যক হয়, আৰু এনে বিধিত পৌৰ সভাসমূহক আৰু এনে চৰ্ত্ত সমূহৰ সাপেক্ষে, যাক ইয়াত বিনির্দিষ্ট কৰা হৈছে, নিম্ন লিখিত সমূহৰ সম্বন্ধত ক্ষমতাৱলী আৰু দায়িত্ব সমূহ অর্পন কৰিবলৈ উপবন্ধ কৰিব পাৰিব অর্থাৎ,
(i) আর্থিক বিকাশ আৰু সামাজিক ন্যায়ৰ বাবে যোজনা সমূহ প্রস্তুত কৰা
(ii) এনে কৃত্য সমূহ পালন কৰা আৰু ইয়াক ন্যস্ত কৰা আঁচনি সমূহ কাৰ্য্যান্বিত কৰা যিবোৰৰ ভিতৰত দ্বাদশ অনুসূচীত তালিকাভুক্ত বিষয় সমূহ সম্বন্ধীয় সেই আঁচনি সমূহো আছে।

(খ) সমিতি সমূহক, ইয়াক প্ৰদান কৰা দায়িত্ব সমূহ যিবোৰৰ ভিতৰত দ্বাদশ অনুসূচীত তালিকাভুক্ত বিষয় সম্বন্ধীয় সেই দায়িত্ব সমূহো আছে, পালন কৰিবলৈ আৱশ্যক হোৱা তেনে ক্ষমতাৱলী আৰু প্ৰাধিকাৰ প্ৰদান কৰিব পাৰিব।

(২৪৩)(ভ) পৌৰ সভাৰ দ্বাৰা কৰ আৰোপ কৰাৰ ক্ষমতা-

কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা,–
(ক) এনে কৰ, শুল্ক পথ কৰ আৰু মাচুল সমূহ উদগ্রহণ, সংগ্ৰহণ আৰু বিনিয়োজন কৰাৰ বাবে কোনো পৌৰ সভাক এনে প্রক্রিয়া অনুসাৰে আৰু এনে পৰিসীমা সাপেক্ষে, প্রাধিকৃত কৰিব পাৰিব;
(খ) ৰাজ্য চৰকাৰৰ দ্বাৰা উগৃহীত আৰু সংগৃহীত এনে কৰ, শুল্ক পথ কৰ আৰু মাচুল সমূহ কোনো পৌৰ সভাক, এনে প্রয়োজনাৰ্থে আৰু এনে চৰ্তাৱলী আৰু পৰিসীমা সাপেক্ষে ন্যস্ত কৰিব পাৰিব;
(গ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পৌৰ সভাৰ বাবে এনে সহায়ক অনুদান দিয়াৰ বাবে উপবন্ধ কৰিব পাৰিব; আৰু
(ঘ) পৌৰ সভা সমূহৰ দ্বাৰা বা ইয়াৰ হকে যথাক্রমে গ্ৰহণ কৰা সকলো ধন জমা কৰাৰ বাবে এনে নিধি সমূহ গঠন কৰিবলৈ আৰু এনে নিধিৰ পৰা এনে ধন উলিয়াবৰ বাবেও উপবন্ধ কৰিব পাৰিব,
যিদৰে বিধিত বিনির্দিষ্ট কৰা হয়।

(২৪৩)(ম) বিত্ত আয়োগ—

(১) অনুচ্ছেদ ২৪৩(ঝ)ৰ অধীনত গঠিত বিত্ত আয়োগে পৌৰসভা সমূহৰ বিত্তীয় অৱস্থাৰ পুনৰীক্ষণ কৰিব আৰু যি—

(ক) (i) ৰাজ্যৰ দ্বাৰা উদগৃহীত এনে কৰ, শুল্ক পথ কৰ আৰু মাচুলসমূহৰ শুদ্ধ আগমৰ বাবে ৰাজ্য আৰু পৌৰ সভা সমূহৰ মাজত, যাক এই ভাগৰ অধীনত ইয়াৰ মাজত বিভাজিত কৰিব পৰা যায়, তাৰ বিতৰণৰ আৰু সকলো স্তৰৰ পৌৰসভা সমূহৰ মাজত এনে আগমসমূহৰ তেওঁলোকৰ নিজ নিজ অংশত আবণ্টনৰ বাবে;
(ii) এনে কৰ, শুল্ক, পথকৰ, আৰু মাচুল সমূহৰ অৱধাৰণৰ, যাক পৌৰ সভা সমূহক ন্যস্ত কৰিব পৰা যায় বা তাৰ দ্বাৰা বিনিয়োজিত কৰিব পৰা যায়;
(iii) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পৌৰসভা সমূহৰ বাবে সহায়ক অনুদানৰ নিয়ন্ত্রণ কৰা সিদ্ধান্ত সমূহৰ সম্পৰ্কত;

(খ) পৌৰসভা সমূহৰ বিত্তীয় অৱস্থাৰ উন্নয়নৰ বাবে আৱশ্যকীয় ব্যস্থাৱলীৰ সম্পৰ্কত;
(গ) পৌৰসভা সমূহৰ সুস্থ বিত্তৰ স্বাৰ্থত ৰাজ্যপালৰ দ্বাৰা বিত্ত আয়ােগক নির্দেশিত কৰা আন কোনো বিষয়ৰ সম্পৰ্কত;
ৰাজ্যপালক চুপাৰিছ কৰিব।

(২) ৰাজ্যপালে এই অনুচ্ছেদৰ অধীনত আয়োগৰ দ্বাৰা কৰা প্রত্যেক চুপাৰিছ ইয়াৰ ওপৰত গ্ৰহণ কৰা কাৰ্য্য ব্যৱস্থাৰ স্পষ্টীকাৰক জ্ঞাপনসহ ৰাজ্যৰ বিধান মণ্ডলৰ সন্মুখত উপস্থাপন কৰাব।

(২৪৩)(য) পৌৰ সভাসমূহৰ হিচাপ পৰীক্ষা–

কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, পৌৰ সভা সমূহৰ দ্বাৰা এনে হিচাপ পত্র সমূহ ৰখা আৰু এনে হিচাপ পত্র সমূহৰ পৰীক্ষা কৰাৰ বিষয়ত উপবন্ধ কৰিব পাৰিব।

(২৪৩)(য)(ক) পৌৰ সভাসমূহৰ নিৰ্বাচন-

(১) পৌৰসভা সমূহৰ বাবে অনুষ্ঠিত সকলো নির্বাচনৰ কাৰণে নির্বাচক নামাৱলী প্রস্তুত কৰাৰ আৰু সেই সকল নির্বাচনৰ সঞ্চালনৰ অধীক্ষণ, নির্দেশন আৰু নিয়ন্ত্রণ, অনুচ্ছেদ ২৪৩ ত নির্দিষ্ট ৰাজ্যিক নির্বাচন আয়োগত নিহিত হ’ব।

(২) এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, পৌৰ সভা সমূহৰ নির্বাচন সমূহৰ সম্পৰ্কত বা সংক্রান্তত সকলো বিষয়ৰ সম্বন্ধত উপবন্ধ কৰিব পাৰিব।

(২৪৩)(য)(খ) সংঘ ৰাজ্যক্ষেত্ৰসমূহত প্ৰয়োগ–

এই ভাগৰ উপবন্ধ সমূহ সংঘ ৰাজ্যক্ষেত্র সমূহত প্ৰয়োগ হ’ব আৰু কোনো সংঘ ৰাজ্য ক্ষেত্ৰত ইয়াৰ প্ৰয়োগ এনে ধৰণে প্ৰভাৱী হ’ব যেনিবা কোনো ৰাজ্যৰ ৰাজ্যপালৰ প্রতি নির্দেশ, অনুচ্ছেদ ২৩৯ ৰ অধীনত নিযুক্ত সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসকৰ প্ৰতিহে নির্দেশ আৰু কোনো ৰাজ্যৰ বিধান মণ্ডল বা বিধান সভাৰ প্রতি নির্দেশ, কোনো এনে সংঘ ৰাজ্যক্ষেত্ৰৰ সম্পৰ্কত, য’ত বিধান সভা আছে, সেই বিধান সভাৰ প্ৰতিহে নির্দেশ।

পৰন্তু, ৰাষ্ট্ৰপতিয়ে, লোক অধিসূচনাৰ দ্বাৰা, এই নির্দেশ দিব পাৰিব যে এই ভাগৰ উপবন্ধ সমূহ কোনো সংঘ ৰাজ্যক্ষেত্ৰত বা ইয়াৰ কোনো ভাগত এনে ব্যতিক্রম বা ৰূপভেদ সাপেক্ষে প্ৰয়োগ হ’ব যাক তেওঁ এই অধিসূচনাত বিনির্দিষ্ট কৰে।

(২৪৩)(য)(গ) এই ভাগ কিছুমান ক্ষেত্ৰত প্ৰয়োগ নহ’ব–

(১) এই ভাগৰ কোনো কথা অনুচ্ছেদ ২৪৪ৰ খণ্ড (১) ত নির্দিষ্ট অনুসূচিত ক্ষেত্র সমূহত আৰু ইয়াৰ খণ্ড (২) ত নির্দিষ্ট জনজাতি ক্ষেত্র সমূহত প্ৰয়োগ নহ’ব।

(২) এই ভাগৰ কোনো কথাই পশ্চিম বঙ্গ ৰাজ্যৰ দার্জিলিং জিলাৰ পার্বত্য ক্ষেত্র সমূহৰ বাবে সেইসময়ত বলবৎ থকা কোনো বিধিৰ অধীনত গঠিত দার্জিলিং গোৰ্খা পার্বত্য পৰিষদৰ কৃত্যসমূহ আৰু ক্ষমতাৱলীক প্ৰভাৱিত কৰা বুলি অর্থ নকৰিব।

(৩) এই সংবিধানত কোনো কথা থকা সত্ত্বেও, সংসদে বিধিৰ দ্বাৰা এই ভাগৰ উপবন্ধসমূহৰ বিস্তাৰ খণ্ড (২) ত নির্দিষ্ট অনুসূচিত ক্ষেত্ৰ আৰু জনজাতি ক্ষেত্ৰত এনে ব্যতিক্রম বা ৰূপভেদ সমূহৰ সাপেক্ষে, কৰিব পাৰিব যিটো এনে বিধিত বিনির্দিষ্ট কৰা হয় আৰু এনে কোনো বিধি অনুচ্ছেদ ৩৬৮ ৰ প্ৰয়োজনার্থে এই সংবিধান সংশোধন বুলি গণ্য কৰা নহ’ব।

(২৪৩)(য)(ঘ) জিলা যোজনাৰ বাবে সমিতি-

(১) প্রত্যেক ৰাজ্যত জিলা স্তৰত জিলা পঞ্চায়ত সমূহ আৰু পৌৰসভাসমূহৰ দ্বাৰা প্রস্তুত কৰা যোজনা সমূহৰ একত্ৰীকৃত কৰাৰ বাবে আৰু সম্পূর্ণ জিলাৰ বাবে এখন বিকাশ যোজনাৰ খচৰা প্ৰস্তুত কৰাৰ বাবে, এখন জিলা যোজনা সমিতি গঠন কৰা হ’ব।
(২) ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, নিম্নোক্তবোৰৰ ক্ষেত্ৰত উপবন্ধ কৰিব পাৰিব, অর্থাৎ
(ক) জিলা যোজনা সমিতি সমূহৰ বিৰচনা;

(খ) যি ৰীতিৰে এনে সমিতিসমূহৰ আসন পূৰণ কৰা হ’ব সেই ৰীতিঃ পৰন্তু, এনে সমিতিৰ মুঠ সদস্য সংখ্যাৰ ন্যূনতম চাৰি-পঞ্চমাংশ সদস্য, জিলা স্তৰত পঞ্চায়ত আৰু জিলাত পৌৰসভা সমূহৰ নির্বাচিত সদস্য সকলৰ দ্বাৰা আৰু নিজৰ মাজৰ পৰা, জিলাত গ্রামীণ ক্ষেত্রসমূহৰ আৰু নগৰীয়া ক্ষেত্রসমূহৰ জনসংখ্যাৰ অনুপাত অনুসাৰে নির্বাচিত কৰা হ’ব;

(গ) জিলা যোজনাৰ সৈতে সম্বন্ধিত এনে কৃত্যসমূহ.যাক এনে সমিতিসমূহত ন্যস্ত কৰা হয়,
(ঘ) এনে ৰীতিৰে যাৰ দ্বাৰা সমিতিসমূহৰ অধ্যক্ষ নির্বাচন কৰা হ’ব।
(৩) প্রত্যেক জিলাৰ যোজনা সমিতিয়ে বিকাশ যোজনাৰ খচৰা প্ৰস্তুত কৰোতে,-
(ক) নিম্ন লিখিত বিষয়ৰ প্ৰতি লক্ষ্য ৰাখিব, অর্থাৎ

(i) পঞ্চায়ত সমূহৰ আৰু পৌৰসভাসমূহৰ সাধাৰণ স্বাৰ্থৰ বিষয় সমূহ যাৰ ভিতৰত স্থানিক যোজনা, জল বা আন ভৌতিক আৰু প্ৰাকৃতিক সম্পদৰাজিৰ অংশ বণ্টন কৰা, বুনিয়াদী সুবিধাৰ একীকৃত বিকাশ আৰু পৰ্য্যাৱৰণ সংৰক্ষণ আছে;
(ii) প্রাপ্তিসাধ্য বিত্তীয় বা আন সম্পদ ৰাজিৰ মাত্ৰা আৰু প্ৰকাৰ;
(খ) এনে সংস্থা সমূহ আৰু সংগঠন সমূহৰ সৈতে পৰামৰ্শ কৰিব, যাক ৰাজ্যপালে আদেশৰ দ্বাৰা, বিনির্দিষ্ট কৰে।
(৪) প্রত্যেক জিলাৰ যোজনা সমিতিৰ অধ্যক্ষই এনে সমিতিৰ দ্বাৰা চুপাৰিছ কৰা সেই বিকাশ যোজনা ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিব।

(২৪৩)(য)(ঙ) মহানগৰ যোজনাৰ বাবে সমিতি—

(১) প্রত্যেক মহানগৰ ক্ষেত্ৰত, সমগ্র মহানগৰ ক্ষেত্ৰৰ বাবে বিকাশ যোজনা খচৰা প্রস্তুত কৰাৰ বাবে এখন মহানগৰ যোজনা সমিতি গঠন কৰা হ’ব।
(২) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা, নিম্নলিখিতৰ ক্ষেত্ৰত উপবন্ধ কৰিব পাৰিব, অর্থাৎ

(ক) মহানগৰ যোজনা সমিতি সমূহৰ বিৰচনা;
(খ) যি ৰীতিৰে এনে সমিতি সমূহৰ আসন পূৰণ কৰা হ’ব।
পৰন্তু, এনে সমিতিৰ ন্যূনতম দুই-তৃতীয়াংশ সদস্য মহানগৰ ক্ষেত্ৰত পৌৰসভাসমূহৰ নির্বাচিত সদস্য সকলৰ আৰু পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ দ্বাৰা, আৰু নিজৰ মাজৰ পৰা সেই ক্ষেত্ৰৰ পৌৰসভা আৰু পঞ্চায়ত সমূহৰ জনসংখ্যাৰ অনুপাত অনুসাৰে নির্বাচিত কৰা হ’ব;

(গ) এনে সমিতি সমূহত ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰ আৰু এনে সংগঠন সমূহৰ আৰু সংস্থাসমূহৰ প্রতিনিধিত্ব থাকিব যি এনে সমিতি সমূহক ন্যস্ত কৰা কৃত্যসমূহ পালন কৰাৰ বাবে আৱশ্যকীয় বুলি গণ্য কৰে;
(ঘ) মহানগৰ ক্ষেত্ৰৰ বাবে যোজনা আৰু সমন্বয়ৰ সৈতে সম্বন্ধিত এনে কৃত্য সমূহ যিবিলাক এনে সমিতি সমূহক ন্যস্ত কৰা হয়।
(ঙ) যি ৰীতিৰে এনে সমিতি সমূহৰ অধ্যক্ষ নির্বাচন কৰা হয়।
(৩) প্রত্যেক মহানগৰ যোজনা সমিতিয়ে বিকাশ যোজনা প্রস্তুত কৰোতে, –

(ক) নিম্নলিখিত বিষয়ৰ প্রতি লক্ষ্য ৰাখিব, অর্থাৎ-
(i) মহানগৰ ক্ষেত্ৰত পৌৰসভা সমূহ আৰু পঞ্চায়ত সমূহৰ দ্বাৰা প্ৰস্তুত কৰিবলগীয়া যোজনা সমূহ; (ii) পৌৰসভা সমূহৰ আৰু পঞ্চায়সমূহৰ সাধাৰণ স্বার্থৰ বিষয়সমূহ, যাৰ ভিতৰত সেই ক্ষেত্ৰৰ সম্বন্ধিত স্থানিক যোজনা, জল আৰু আন ভৌতিক আৰু প্রাকৃতিক সম্পদৰাজিৰ অংশ বণ্টন কৰা, বুনিয়াদী সুবিধাৰ একীকৃত বিকাশ আৰু পৰ্য্যাৱৰণ সংৰক্ষণ আছে;
(iii) ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা নির্দিষ্ট কৰা সমগ্র উদ্দেশ্য সমূহ আৰু অগ্রাধিকাৰ সমূহ
(iv) সেই বিনিয়োজনৰ মাত্ৰা আৰু প্রকৃতি যি ভাৰত চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ অভিকৰণ সমূহৰ (এজেন্সি সমূহৰ) দ্বাৰা মহানগৰ ক্ষেত্ৰত কৰাৰ সম্ভাৱনা আছে আৰু আন প্রাপ্তিসাধ্য বিত্তীয় বা আন সম্পদৰাজি;

(খ) ৰাজ্যপালে, আদেশৰ দ্বাৰা বিনিৰ্দিষ্ট কৰা তেনে সংস্থা সমূহ আৰু সংগঠন সমূহৰ সৈতে পৰামৰ্শ কৰিব।
(৪) প্রত্যেক মহানগৰ যোজনা সমিতিৰ অধ্যক্ষই এনে সমিতিৰ দ্বাৰা চুপাৰিছ কৰা সেই বিকাশ যোজনা ৰাজ্যচৰকাৰলৈ প্ৰেৰণ কৰিব।

(২৪৩)(য)(চ) বিদ্যমান বিধিসমূহ আৰু পৌৰসভাসমূহ চলি থাকিব-

এই ভাগত কোনো কথা থকা সত্ত্বেও, সংবিধান (চতুঃসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ প্ৰাৰম্ভৰ অব্যৱহিত পূর্বে, কোনো ৰাজ্যত বলবৎ থকা, পৌৰসভা সমূহৰ সৈতে সম্বন্ধিত কোনো বিধিৰ কোনো উপবন্ধ, যি এই ভাগৰ উপবন্ধ সমূহৰ সৈতে অসংগত হয়, যি পৰ্য্যন্ত কোনো সক্ষম বিধান মণ্ডলৰ দ্বাৰা বা অন্য সক্ষম প্রাধিকাৰীৰ দ্বাৰা, ইয়াক সংশোধিত বা নিৰসিত কৰা নহয় বা যি পৰ্য্যন্ত এনে প্ৰাৰম্ভৰ পৰা এবছৰ সমাপ্ত নহয়, ইয়াৰ যিটোৱেই পূর্বে হয় সেই পৰ্য্যন্ত বলবৎ হৈ থাকিব।

পৰন্তু, এনে প্ৰাৰম্ভৰ অব্যৱহিত পূর্বে বিদ্যমান সকলো পৌৰসভা, যদিহে সেই ৰাজ্যৰ বিধান সভাৰ দ্বাৰা বা বিধান পৰিষদ থকা কোনো ৰাজ্যৰ ক্ষেত্ৰত সেই ৰাজ্যৰ বিধান মণ্ডলৰ প্রত্যেক সদনৰ দ্বাৰা পাৰিত সেই মর্মে কোনো সংকল্পৰ দ্বাৰা প্ৰথমতেই বিঘটন কৰি দিয়া নহয়, তেতিয়া ইয়াৰ ম্যাদৰ সমাপ্তি পর্যন্ত চলি থাকিব।

(২৪৩)(য)(ছ) নিৰ্বাচন সম্বন্ধীয় বিষয়সমূহত ন্যায়লয়সমূহৰ হস্তক্ষেপত বাধা–

এই সংবিধানত কোনো কথা থকা সত্ত্বেও –
(ক) অনুচ্ছেদ ২৪৩(য)(ক) ৰ অধীনত প্রণীত বা প্রণীত বুলি তাৎপৰ্য্যিত কোনো এনে বিধিৰ বিধিমান্যতা, যি নির্বাচন সমষ্টিৰ পৰিসীমন বা এনে নির্বাচন সমষ্টি সমূহৰ আসনৰ আবন্টনৰ সৈতে সম্বন্ধিত হয়, সেয়া কোনো ন্যায়ালয়ত প্রশ্নাধীন নহ’ব;

(খ) কোনো পৌৰসভাৰ বাবে কোনো নির্বাচন, এনে নির্বাচন দৰ্খাস্তৰ উপস্থাপনতহে প্রশ্নাধীন হ’ব যি তেনে প্রাধিকাৰীক আৰু তেনে ৰীতিৰে কৰা হ’ব যাক কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ দ্বাৰা বা ইয়াৰ অধীনত উপবন্ধিত কৰা হয়, অন্যথা নহ’ব।

লগতে পঢ়ক- পঞ্চায়ত

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

0
Would love your thoughts, please comment.x
()
x