আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক –

১) কাজিৰঙাত পোনপ্ৰথমবাৰৰ বাবে স্থাপন কৰা হৈছে যান-বাহনৰ গতি নিৰীক্ষণ যন্ত্ৰ। বানপানীৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ কাৰ্বি পাহাৰলৈ যোৱা জীৱ-জন্তুৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি স্থাপন কৰা হৈছে এই যন্ত্ৰ।

২) অতি শীঘ্ৰেই মাধ্যমিক পৰ্যায়ত কৰ্মৰত ঠিকাভিত্তিক শিক্ষকসকলে লাভ কৰিব তিনিমাহৰ দৰমহা। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰনোজ পেগুয়ে নিজা ফেচবুক পেজৰ যোগেদি প্ৰেৰণ কৰে এই বাৰ্তা।

৩) যোৱা ২৪ ঘণ্টাত অসমত ধৰা পৰিছে ৩৪৬৩ জন কোভিড ৰোগী। ইয়াৰে শোণিতপুৰতেই সৰ্বাধিক হৈছে ৰোগীৰ সংখ্যা। যোৱাকালিৰ দিনটোত কোভিড ১৯ত প্ৰাণ হেৰুৱালে ৪২ জন ৰোগীয়ে।

৪) মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে পুনৰ নতুন ফৰ্মূলা উদ্ভাৱন ছেবাৰ। ১০০ নম্বৰৰ বিপৰীতে প্ৰশ্নকাকত হ’ব ৫০ বা ২৫ নম্বৰৰ। চাৰিটা বিষয়ত অনুষ্ঠিত কৰিব মেট্ৰিক পৰীক্ষা। সেই বিষয়কেইটা হ’ব – ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান।

৫) শ্ৰীমন্ত শংকৰদেৱৰ জন্মভূমি বটদ্ৰৱা সত্ৰৰ কাষৰ ৫০০ বিঘা ভূমি বেদখলকাৰীৰ কবলত। বটদ্ৰৱা সত্ৰৰ ঐতিহ্য আৰু সংস্কৃতিলৈ চৰম ভাবুকি বেদখলকাৰীৰ।

উৎস – অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়

১. কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ। উত্তৰ কাশ্মীৰৰ চপ’ৰেত হোৱা এই আক্ৰমণত দুজন পুলিচ আৰু দুজন সাধাৰণ লোক নিহত হৈছে।

২. ৯০ দিনৰ পিছত পঞ্জাৱত কমিছে ক’ভিড পজিটিভিটিৰ হাৰ। কালিৰ দিনটোত আক্ৰান্তৰ সংখ্যা ১০০০তকৈও কম।মৃত্যু হৈছে ৫৬ জনৰ।

৩. প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব জি-৭ সন্মিলনৰ প্ৰচাৰ অধিৱেশনত। ব্ৰিটেইনৰ কৰ্ণৱালত চলি আছে এই অধিৱেশন।

৪. চিবিআয়ে বিৰোধিতা কৰিছে হীৰা ব্যৱসায়ী মেহোল চকছিৰ জামিন আৱেদন। পঞ্জাৱ নেচনেল বেংকত ১৩,৬০০ কোটি টকাৰ ঋণ প্ৰবঞ্চনাৰ গোচৰত অভিযুক্ত হৈ থকা চকছিয়ে ডমিনিকান ৰিপাব্লিকৰ উচ্চ ন্যায়ালয়ত কৰিছিল এই জামিন আবেদন।

৫. কেৰেলা চৰকাৰে ঘোষণা কৰিছে ১০০ দিনীয়া কাৰ্য পৰিকল্পনা। মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নে কয়- ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে জুৰুলা কৰা অৰ্থনীতিক পুনৰুদ্ধাক কৰাৰ লক্ষ্যৰে এই কাৰ্য পৰিকল্পনা।

উৎস- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

আন্তঃৰাষ্ট্ৰীয়

১. ১৫ জুলাইত আমেৰিকা ভ্ৰমণলৈ যাব জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেল। তেওঁৰ কাৰ্যকালৰ এই অন্তিমটো আমেৰিকা ভ্ৰমণত ৰাষ্ট্ৰপতি বাইডেনৰ সৈতে হোৱাইট হাউচত এক বৈঠকত মিলিত হ’ব।

২. সাত মাহৰ কাৰাবাসৰ অন্তত হংকঙৰ গণতান্ত্ৰিক কৰ্মী এগনেছ চাউ কাৰামুক্ত। ২০১৯ চনৰ চৰকাৰ বিৰোধী প্ৰতিবাদত অংশ লৈছিল চাউৱে।

৩. আফগানিস্তানৰ পশ্চিম কাবুলত হোৱা বোমা বিস্ফোৰণত অতি কমেও ৭ জন লোকে প্ৰাণ হেৰুৱাইছে। বোমাটোৰ বিস্ফোৰণৰ ফলত দুখন বাছ ক্ষতিগ্ৰস্ত হৈছে।

৪. একেবাৰেই বেয়াৰ ফালে ঢাল খাইছে ৰাছিয়া-আমেৰিকাৰ সম্পৰ্ক– ভ্লাডিমিৰ পুটিন। অহা সপ্তাহত হ’ব লগা বাইডেন-পুটিনৰ বৈঠকৰ পূৰ্বে কৰা এই মন্তব্যই ৰাজনৈতিক মহলত সৃষ্টি কৰিছে তীব্ৰ উত্তেজনাৰ।
৫. ১২৬ নিযুত জনসংখ্যাৰ দেশ মেক্সিকোৰ প্ৰায় এক-চতুৰ্থাংশ লোকেই আক্ৰান্ত হৈছে ক’ভিড-১৯ত।
দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰিছে এই তথ্য।

উৎস-ৰয়টাৰ

ক্ৰীড়া –

১) ইউৰো কাপ ২০২০ত ভয়ানক পৰিস্থিতিৰ সূচনা। ডেনমার্ক-ফিনলেণ্ডৰ খেল চলি থকা অৱস্থাতে ৪২ মিনিট সময়ত খেলপথাৰতে ঢলি পৰিছিল খ্ৰীষ্টীয়ান এৰিকচন। তাৰপাছত পুনৰ খেল আৰম্ভ হোৱাত জুয়েল পোহজানপালুৱে একমাত্ৰ গ’লেৰ সহায়ত ফিনলেণ্ডে ১-০ হৰুৱায় ডেনমার্কক। বৰ্তমান সুস্থিৰ অৱস্থাত আছে খ্ৰীষ্টীয়ান এৰিকচন।

২) এজবাষ্টন টেষ্টৰ তৃতীয়টো দিন – ইংলেণ্ডৰ ৩০০ ৰাণৰ প্ৰত্যুত্তৰত ৩৮৮ ৰাণ সংগ্ৰহ নিউজিলেণ্ডৰ। দ্বিতীয় ইনিংছত ব্যৰ্থতা প্ৰদৰ্শন কৰিছে ইংলেণ্ডে। ৯ টা উইকেট হেৰুৱাই ১২২ ৰাণ সংগ্ৰহ ইংলেণ্ডৰ। নিউজিলেণ্ডৰ মেট হেনৰী আৰু নেইল ৱাগনাৰৰ তিনিটাকৈ উইকেট।

৩) ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতা, ২০২১ৰ মহিলাৰ শাখাত খিতাপ দখল বাৰবোৰা ক্ৰেজিকোভাৰ। ফাইনেলত বাৰবোৰা ক্ৰেজিকোভাই ৬-১, ২-৬, ৬-৪ ব্যৱধানত আনাস্তাছিয়া পাভলিউচেঙ্কোভাক একপক্ষীয়ভাৱে পৰাস্ত কৰি নিজৰ প্ৰথমটো গ্ৰেণ্ডশ্লাম দখল কৰে।

৪) বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ বাবে প্ৰস্তুতি তুংগত ভাৰতৰ। ভাৰতীয় দলৰ মাজতে অনুষ্ঠিত হোৱা খেলত ৯৪ টা বলত ১২১ ৰাণেৰে দুৰ্দান্ত শতক ঋষভ পন্টৰ। অপেনাৰ শুভমন গিলৰ সংগ্ৰহ ৮৫ ৰাণ। ঈশান্ত শৰ্মাই ৩৬ ৰাণ দি লৈছে তিনিটা উইকেট।

৫) একমাত্ৰ ভাৰতীয় মহিলা ভাৰাত্তোলকৰূপে অলিম্পিকলৈ যোগ্যতা অৰ্জন মীৰাবাই চানুৰ। মহিলাৰ ৪৯ কেজি শাখাত যোগ্যতা অৰ্জন মীৰাবাই চানুৰ।

উৎস – দা ইণ্ডিয়ান এক্সপ্ৰেছ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

0
Would love your thoughts, please comment.x
()
x