তথ্যকোষসাময়িকী

মনোসামাজিক বিকাশ তত্ত্ব আৰু এৰিক এৰিকছন

(মনোসামাজিক বিকাশ তত্বৰ প্ৰবক্তা এৰিক এৰিকছন আছিল এজন প্ৰখ্যাত মনোবিজ্ঞানী। মনোবিশ্লেষণৰ প্ৰবক্তা ছিগমুণ্ড ফ্ৰয়েডৰ উত্তৰসূৰী এৰিকছনৰ এই মনোসামাজিক তত্বৰ বিষয়ে কিছু কথা জানো আহক-) 

‘ধানটোৱে প্ৰতি কণটো,মানুহটোৱে প্ৰতি মনটো’। পৃথিৱীৰ প্ৰতিজন মানুহেই একক আৰু অনন্য। এইখন প্ৰথিৱীত মন আৰু দেহেৰে মিল থকা সাইলাখ একে দুজন মানুহ বিচাৰি পোৱাতো অসম্ভৱেই নহয় অবাস্তৱো। পৃথিৱীত জীয়াই থকা প্ৰতিজন মানুহেই কেঁচুৱাকাল, শিশুকাল, যৌৱনকালৰ মাজেদি আহি এদিন বৃদ্ধ হয় আৰু এসময়ত জীৱন কাল সামৰে। পিছে এটা কথা মন কৰিব লগীয়া যে আমি যদি নিজৰ মনটো নাইবা আমাৰ অনুভূতিবোৰলৈ এবাৰ দৃষ্টি দিওঁ তেতিয়া হয়তো এটা কথা অনুভৱ কৰিম যে,সৰুতে বা শৈশৱতে আমাৰ মাজত যিটো ‘মই’ আছিল সেইটো ‘মই’ আজিৰ ‘মই’টোৰ সৈতে মিল নাই। আমি কিছু সলনি হ’লো, কিছু বিকাশ হ’লো।

এতিয়া আমাৰ প্ৰশ্ন হ’ল আমি বিকশিত হওঁ কেনেকৈ? প্ৰত্যেক মানুহেই নিজৰ ব্যক্তিগত জীৱনৰ ঘটনাৱলী আৰু সামাজিক-সাংস্কৃতিক প্ৰভাৱ অনুযায়ী বেলেগ বেলেগকৈ বিকশিত হয়। কিছুমান মানুহে সহজতে কাৰোবাক বিশ্বাস কৰি লয়, কিছুমানে নকৰে। কিছুমান মানুহ প্ৰৱল ইচ্ছাশক্তিসম্পন্ন আৰু উদ্যোগী মনোভাৱৰ। কিছুমান আকৌ লাজকুৰীয়া স্বভাৱৰ আৰু নিৰুৎসাহী। কিছুমান মানুহ সফল, সুখী আৰু সামাজিক মনোভাৱৰ। তাৰ বিপৰীতে আকৌ কিছুমান মানুহ বিফল, হতাশ আৰু সমাজবিচ্ছিন্ন? কিয় এনে হয়? একে হাত-ভৰি আৰু মগজু লৈ জন্ম হোৱা একেবোৰ মানুহৰ মাজতেই কিয় ইমান বৈষম্য? আমাৰ বাৰু জানিবলৈ মন নাযায় নে?

এৰিকছনৰ বিশ্লেষণ

মানৱ জীৱনৰ এই বৈচিত্ৰময় বিকাশ সম্বন্ধে জাৰ্মান মনোবিজ্ঞানী এৰিক এৰিকছনে (যি পাছলৈ আমেৰিকাৰ নাগৰিকত্ব লৈছিল) এটা তত্ত্ব আগবঢ়াইছিল। মনোবিজ্ঞানত এই তত্ত্বটোক ‘মনোসামাজিক বিকাশ তত্ত্ব’ নামেৰে জনা যায়। এৰিকছনে মানুহৰ জীৱন চক্ৰক মুঠ আঠটা স্তৰত ভাগ কৰি এই মনোসামাজিক বিকাশৰ তত্ত্বটো আগবঢ়াইছিল। তেওঁ কৈছিল এজন মানুহে জীৱনৰ প্ৰতিটো স্তৰতেই কিছুমান বিশেষ বিশেষ মানসিক দ্বন্দ বা সংঘাতৰ সন্মুখীন হয়। আৰু এই সংঘাতেই এজন মানুহক বিকশাই তোলে। এতিয়া আমি মনোসামাজিক বিকাশৰ প্ৰতিটো স্তৰ আৰু এই স্তৰসমূহত হোৱা আমাৰ পৰিৱৰ্তন আৰু বিকাশবোৰৰ বিষয়ে কিছু বহলকৈ আলোচনা কৰিম। 

কেঁচুৱাৱস্থা – বিশ্বাস বনাম অবিশ্বাস

এৰিকছনৰ মতে, এজন মানুহৰ মনোসামাজিক(Psychosocial) বিকাশৰ প্ৰথম স্তৰটোৰ আৰম্ভণি হয় কেঁচুৱা অৱস্থাৰ পৰাই। কেঁচুৱা অৱস্থা হ’ল মানৱ জীৱনৰ এনেকুৱা এটা সময়, যিটো সময়ত এজন মানুহ প্ৰকৃতিৰ ওচৰত প্ৰায় অসহায়, সকলো সময়তে নিজৰ মাতৃ বা তেওঁলোকৰ আন যত্ন লওঁতাসকলৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে হাঁহিব পাৰে আৰু কান্দিব পাৰে, তেওঁলোকে মুখেৰে মাকৰ গাখীৰ নাইবা আন কিবা খাদ্য খুৱালে খাব পাৰে। চকুৰে পৃথিৱীখন অলপকৈ চাব পাৰে, কাণেৰে কিছু শুনিব পাৰে আৰু মাতৃ বা আন যত্ন লওঁতাসকলৰ স্পৰ্শসুখ অনুভৱ কৰিব পাৰে। কিন্তু তেওঁলোকে নিজৰ ইচ্ছা অনুযায়ী কোনো কামেই কৰিব নোৱাৰে।

এই সময়ছোৱাত (জন্মৰ পৰা প্ৰায় এক ডেৰ বছৰ বয়সলৈকে) তেওঁলোকৰ মনৰ মাজত একধৰণৰ মানসিক সংঘাত বা সংকটে অৱস্থান কৰে। এৰিকছনৰ মতে এই সংঘাত হৈছে মানুহৰ প্ৰতি মৌলিক বিশ্বাস বনাম অবিশ্বাসৰ সংঘাত। যদি এটা কেঁচুৱাই ভোক বা পিয়াহ অনুভৱ কৰে আৰু তাক প্ৰকাশ কৰিবলৈ কান্দে বা আন কিবা ইংগিত প্ৰদৰ্শন কৰে তেতিয়া যদি সময়মতে তাৰ মাতৃ বা আন কোনো যত্ন লওঁতাই আহি গাখীৰ বা আন কিবা খাদ্য খুৱায়, তেতিয়া কেঁচুৱাটিৰ মনত এই পৃথিৱীৰ প্ৰতি আৰু মানুহৰ প্ৰতি একপ্ৰকাৰৰ বিশ্বাস ভাৱ ওপজিব(যিটো এজন মানুহৰ ক্ষেত্ৰত গোটেই জীৱনৰ বাবে স্থায়ী হয়)।

আশা

যদি কেঁচুৱাটিৰ প্ৰয়োজন পূৰাবলৈ সময়মতে কোনো মানুহ আহি তাৰ ওচৰত উপস্থিত নহয় তেতিয়া শিশুটিৰ মনত মানুহৰ প্ৰতি একধৰণৰ অবিশ্বাসৰ মনোভাৱে ঠাই ল’ব। এয়াই হৈছে এটি কেঁচুৱাৰ মনত মৌলিক বিশ্বাসৰ বিপৰীতে মৌলিক অবিশ্বাসৰ সংঘাত। এই সংঘাতৰ ফলত যদি এটি শিশুৱে মানুহৰ পৰা মৌলিক বিশ্বাস আদায় কৰে তেতিয়া শিশুটিয়ে একধৰণৰ মানসিক শক্তি অৰ্জন কৰে,যাক কোৱা হয়- আশা। আনহাতে যদি এটি শিশুৱে মানুহৰ পৰা প্ৰয়োজনমতে বিশ্বাসৰ আদায় কৰিব নোৱাৰে তেতিয়া তাৰ মনত একপ্ৰকাৰৰ মনস্তাত্বিক বিকৃতিয়ে দেখা দিব যিটো হ’ল আশাহীনতা বা নিৰাশা। এই নিৰাশা মনোভাৱে শিশুটিৰ জীৱনৰ পাছৰ স্তৰবোৰতো প্ৰভাৱ পেলোৱা দেখা যায়।

প্ৰথম শৈশৱ – আত্মনিয়ন্ত্ৰণ বনাম লাজ আৰু সন্দেহ

এতিয়া আঁহো মানুহৰ মনোসামাজিক বিকাশৰ দ্বিতীয় স্তৰটোলৈ। এই স্তৰটোক এৰিকছনে চিহ্নিত কৰিছে প্ৰথম শৈশৱ বুলি। এই স্তৰটো মানুহৰ জীৱনৰ ডেৰবছৰ বয়সৰ পৰা প্ৰায় তিনিবছৰ বয়সলৈকে চলে। এই সময়ছোৱাত শিশুৱে খোজ কাঢ়িবলৈ শিকে, নিজে খাদ্য খাবলৈ শিকে আৰু নিজৰ ইচ্ছা অনুযায়ী মল-মূত্ৰ ত্যাগ কৰাৰ কৌশল আয়ত্ব কৰে। এই বয়সত শিশুৱে কিছু আত্মনিয়ন্ত্ৰণ শিকে। ডেৰ-দুই বছৰীয়া শিশু এটিক যদি আমি লক্ষ্য কৰোঁ তেতিয়া দেখা পাওঁ যে এই বয়সত শিশুৱে নিজৰ কামবোৰ যেনে খাদ্যবস্তু খোৱা,মল-মূত্ৰ ত্যাগ কৰা কাপোৰ-কানি সলোৱা আদি কামবোৰ নিজে কৰি ল’বলৈ এটা দৃঢ় ইচ্ছা প্ৰদৰ্শন কৰে।

এই সময়ত যদি আনে হকা-বাধা কৰে বা উপযাচি সহায় কৰিবলৈ লয়, তেতিয়া শিশুটিয়ে বেয়া পায়। আনহাতে এই সময়ছোৱাত শিশুৰ মনত একধৰণৰ লাজ ভাৱো উদয় হোৱা দেখা যায়। যেনে- যদি সিহঁতে খোজ কাঢ়োতে হঠাৎ পৰি যায় তেতিয়া লাজ অনুভৱ কৰে। ইয়াৰ উপৰি সিহঁতৰ মনত এক ধৰণৰ সন্দেহৰ ভাবো উপজে। শিশুটিয়ে ভাৱে সি যিটো কাম কৰিবলৈ লৈছে সেয়া সি সমাধা কৰিব পাৰিবতো? যেনে ধৰক,  খোজ কাঢ়িবলৈ শিকা বা কাপোৰ-কানি সলাবলৈ শিকা শিশু এটাৰ মনত একধৰণৰ সন্দেহ ভাৱ উদয় হোৱা দেখা যায় যে সি পাৰিব নে নোৱাৰে।

প্ৰথম শৈশৱ

সেয়ে এৰিকছনে কৈছে যে, প্ৰথম শৈশৱত এটা মানৱ প্ৰাণীৰ মনত দেখা দিয়া মনোসামাজিক সংঘাতটো হৈছে আত্মনিয়ন্ত্ৰণৰ বিপৰীতে লাজ আৰু সন্দেহৰ সংঘাত। এই সংঘাতৰ ফলত যদি এটি শিশুৱে সুস্থ আত্মনিয়ন্ত্ৰণ আদায় কৰে তেতিয়া শিশুটিয়ে একধৰণৰ মানসিক শক্তি অৰ্জন কৰিব যাক আমি ক’ব পাৰো ইচ্ছাশক্তি বুলি। কিন্তু যদিহে শিশুটিয়ে (নিজৰ চেষ্টাৰ দোষতেই হওক বা পৰিৱেশ আৰু সমাজৰ দোষতেই হওক) প্ৰথম শৈশৱত পৰ্যাপ্ত পৰিমাণে আত্মনিয়ন্ত্ৰণ আদায় কৰিব নোৱাৰে, তেতিয়া তেওঁক লাজ আৰু সন্দেহৰ ভাৱে পাছৰ জীৱনৰ যিকোনো পৰিস্থিতিতে আগুৰি ধৰিব পাৰে। অথবা তেনে ব্যক্তিয়ে পাছৰ জীৱনত ইচ্ছা শক্তিৰ অভাৱত ভূগিব পাৰে। তেনে ব্যক্তিক যিকোনো কাম কৰিবৰ বাবে আন মানুহে বল প্ৰয়োগ কৰিব লগা হয় বা কোনো বাধ্যবাধকতাত পৰিহে তেনে ব্যক্তিয়ে কোনো কাম কৰে। এৰিকছনৰ মতে ইয়ো একধৰণৰ মানসিক সমস্যাই।

খেলাৰ বয়স – উদ্দেশ্যবোধ বনাম অপৰাধবোধ

এতিয়া আহোঁ মানুহৰ মনোসামাজিক বিকাশৰ তৃতীয় পৰ্যায়টোলৈ। এই পৰ্যায়টোক এৰিকছনে চিহ্নিত কৰিছে খেলাৰ বয়স (Play age) হিচাপে। সাধাৰণতে এটি শিশুৰ তিনিৰ পৰা পাঁচ বছৰ বয়সৰ ভিতৰৰ সময়খিনিকে খেলাৰ বয়স বুলি কোৱা হয়। এই পৰ্যায়ত এটি শিশুৱে নিজৰ শৰীৰৰ ওপৰত প্ৰায় ৯০ শতাংশ নিয়ন্ত্ৰণ আদায় কৰে। শিশুৱে ভালদৰে খোজকাঢ়িব পৰা হয়, কিছু পৰিমাণে দৌৰিব বা জঁপিয়াব পৰা হয়। এই সময়ত শিশুৱে সমনীয়া  আন শিশুক লগ পালে খেলা-ধূলা কৰিবলৈ ইচ্ছা কৰে। সিহঁতক এই বয়সত কিছু উদ্যোগী হোৱা দেখা যায়। কিবা এটা উদ্দেশ্য আগত ৰাখি সিহঁতক যিকোনো কামত আগবাঢ়ি যোৱা দেখা যায়। যেনে খেলা-ধূলাৰ ক্ষেত্ৰত সিহঁতৰ উদ্দেশ্য থাকে জয়ী হোৱা বা আন সমনীয়াতকৈ শ্ৰেষ্ঠ হোৱাৰ। কিন্তু খেলা-ধূলা বা আন কিবা কাম কৰি থকা এটি শিশুক যদি মাক-দেউতাক বা আন কোনো অভিভাৱকে হকা-বাধা কৰে নাইবা শাস্তি প্ৰদান কৰে তেতিয়া সিহঁতৰ মনত সিহঁতে কৰা কামক লৈ একধৰণৰ অপৰাধবোধে দেখা দিয়ে।

শিশুৰ মানসিক সমস্যা

অপৰাধবোধেই এটি শিশুৰ মনত বিবেক ৰূপে প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰে আৰু পাছৰ জীৱনলৈও ই স্থায়ী হয়। সেয়ে এৰিকছনে কৈছে খেলাৰ বয়সত দেখা দিয়া মনোসামাজিক সংঘাত হৈছে উদ্যোগী মনোভাৱ বিপৰীতে অপৰাধবোধৰ সংঘাত। এই মানসিক সংঘাতৰ ফলত যদি উদ্যোগী মনোভাৱৰ জয় হয় তেতিয়া শিশুৰ মনত একধৰণৰ মানসিক শক্তিৰ উদ্ভৱ হ’ব, সেয়া হৈছে উদ্দেশ্যবোধতা। এই উদ্দেশ্যবোধতাৰ ফলতেই মানুহে কিবা এটা উদ্দেশ্য আগত লৈ যিকোনো কামত আগবাঢ়ি যোৱাৰ সাহস লাভ কৰে।

কিন্তু যি শিশুৱে খেলাৰ বয়সত অত্যাধিক হকা-বাধা বা অযথা শাস্তিৰ সন্মুখীন হয় সেই শিশুৰ মনত একধৰণৰ মানসিক সমস্যাৰ সৃষ্টি হব পাৰে, সেয়া হৈছে একধৰণৰ নিষেধতাৰ(Inhibition) মনোভাৱ। যিটো সমস্যাৰ ফলত এজন মানুহে কোনো কাম কৰিলে সেই কাম কৰিলে কি বেয়া হ’ব বা সেই কামে তেওঁ আৰু সমাজৰ কি কি ক্ষতি কৰিব সেই দিশটোৰ প্ৰতি মনটোক বেছিকৈ ঢাল খুৱায় যাৰ ফলত তেওঁ কামটোৰ প্ৰতি ক্ৰমাৎ উৎসাহ হেৰুৱায় পেলায়। কিন্তু এইখিনিতে এটা কথা মন কৰিবলগীয়া যে অত্যধিক উদ্যোগী মনোভাৱ বা জ্যেষ্ঠজনৰ হকা-বাধাহীন উদ্যোগী মনোভাৱেও এই বয়সৰ এজন শিশুক চৰম বিশৃংখলাৰ মাজলৈ লৈ যাব পাৰে। তেনে মানুহক পাছৰ জীৱনত নীতি-নৈতিকতাৰ অভাৱত সমাজবিৰোধী কামতো লিপ্ত হোৱা দেখা যায়।

স্কুলীয়া বয়স – উদ্যমতা বনাম হীনমন্যতা

খেলাৰ বয়সৰ পাছত যিটো স্তৰৰ কথা এৰিকছনে কৈছে সেইটো হৈছে স্কুলীয়া বয়স। এই স্তৰটোৱে মানৱ জীৱনৰ ৫ বছৰৰ পৰা ১২-১৩ বছৰ বয়সলৈকে সামৰি লয়। সাধাৰণতে দেখা যায় এই সময়ছোৱাত এটি মানৱ শিশুৱে পৰিয়ালৰ গণ্ডীৰ পৰা ওলাই আহি সমাজৰ বহল ক্ষেত্ৰখনত বিচৰণ কৰিবলৈ লয়। এই সময়ছোৱাত পৰিয়ালৰ ব্যক্তিসকলৰ উপৰিও এটি শিশুৰ জীৱনত সমনীয়া বা সহপাঠীসকল, শিক্ষকসকল আৰু সমাজৰ আন আন জ্যেষ্ঠ ব্যক্তিসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই বয়সত শিশুসকলৰ মনত জগতখন জনাৰ আগ্ৰহ খুব প্ৰবল হৈ উঠে। এই বয়সৰ শিশুসকলে পঢ়া-শুনা,খেলা-ধূলা নাইবা আন যিকোনো কাৰিকৰী কৌশল আয়ত্ব কৰাৰ প্ৰতিও আগ্ৰহী হৈ উঠে।

আৰু সেই বিশেষ বিশেষ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱাৰ মনোবৃত্তিয়ে তেওঁলোকক অধ্যৱসায়ী আৰু পৰিশ্ৰমী কৰি তোলে। এই বয়সৰ শিশুসকলৰ মনত নিজৰ নিজৰ ক্ষেত্ৰখনত প্ৰথম-দ্বিতীয় হোৱাৰ অৰ্থাৎ একধৰণৰ প্ৰতিযোগিতাৰ মনোভাৱে দেখা দিয়ে। কিন্তু যদি তেওঁলোকে এই বয়সত নিজৰ লক্ষ্যবোৰ পূৰণ কৰিব পৰাকৈ পৰিশ্ৰম নকৰে অথবা যদি তেওঁলোকে পঢ়া-শুনা বা খেলা-ধূলাৰ ক্ষেত্ৰত বাৰে বাৰে বিফল হয় তেতিয়া তেওঁলোকৰ মন একধৰণৰ হীনমন্যতাবোধে অধিকাৰ কৰে।

শিশুৰ হীনমন্যতাবোধ

এৰিকছনৰ মতে স্কুলীয়া বয়সৰ এটি শিশুৰ মনোসামাজিক সংঘাতটো হ’ল উদ্যম বা পৰিশ্ৰমী মনোভাৱৰ বিপৰীতে হীনমন্যতাৰ সংঘাত। স্কুলীয়া বয়সৰ এই মানসিক সংঘাতৰ ফলত যদি শিশুটিৰ উদ্যমী বা অধ্যৱসায়ী মনৰ জয় হয় তেতিয়া শিশুটিয়ে একধৰণৰ মানসিক শক্তি অৰ্জন কৰিব আৰু সেয়াই হৈছে প্ৰতিযোগী মনোভাৱ বা কোনো এটা কামত পাৰদৰ্শিতা দেখুওৱাৰ মনোভাৱ। এনে মনোভাৱে এটি শিশুক জীৱনৰ কোনোধৰণৰ সমস্যাৰ সমাধান কৰিবলৈ নিজৰ শাৰিৰীক আৰু মানসিক সক্ষমতাসমূহৰ পূৰ্ণব্যৱহাৰ কৰিব পৰাকৈ আত্মবিশ্বাসী কৰি তোলে।

কিন্ত ইয়াৰ বিপৰীতে যদি এটি শিশুৱে অত্যধিক হীনমন্যতাবোধত ভোগে তেতিয়া শিশুটিৰ মনত একধৰণৰ মানসিক জড়তাই অৱস্থান ল’ব। এনে মানসিক বিকৃতিত ভোগা শিশুৱে জীৱনত কোনো কাম কৰাৰ বাবে মানসিক উদ্যম হেৰুৱাই পেলাব পাৰে। এৰিকছনৰ মতে এই স্তৰটো আন এটা ফালৰ পৰাও বিশেষ গুৰুত্বপূৰ্ণ। সেয়া হৈছে এই বয়সতেই এজন মানুহে তেওঁৰ মনত নিজৰ সম্বন্ধে কিছুমান আত্ম-প্ৰতিচ্ছবি(Self-image) গঢ়ি তুলিবলৈ আৰম্ভ কৰে। যেনে- এজন খেলা-ধূলাত পাৰ্গত শিশুৱে খেলুৱৈৰ ৰূপত, ছবি অঁকাত পাৰ্গত শিশুৱে চিত্ৰকৰৰ ৰূপত নিজকে কল্পনা কৰে।

কৈশোৰ কাল – আত্মপৰিচয় বনাম পৰিচয়ৰ সন্দেহ

স্কুলীয়া বয়সৰ পাছত যিটো স্তৰৰ কথা এৰিকছনে কৈছে সেইটো হৈছে কৈশোৰ কাল বা বয়ঃসন্ধি কাল। এজন মানুহৰ তেৰবছৰ বয়সৰ পৰা ১৮-১৯ বছৰ বয়সলৈকে যিছোৱা সময় সেই সময়ছোৱাকে কৈশোৰ কাল বোলে। স্কুলীয়া বয়সত সমাজৰ সৈতে হোৱা প্ৰাথমিক সংস্পৰ্শৰ পাছত কৈশোৰ কালত এজন মানুহে সমাজৰ সৈতে অধিক গভীৰভাৱে সম্পৰ্কিত হৈ উঠে। তেওঁলোকে সমাজৰ আচাৰ-নীতিবোৰৰ লগতে সমাজৰ গাঁথনিটো সম্বন্ধেও ভালদৰে বুজি উঠে। আৰু সমাজ সম্পৰ্কীয় এনে জ্ঞানৰ পোহৰতেই তেওঁলোকে নিজকে চাবলৈ অথবা জানিবলৈ বিচাৰে। কৈশোৰ কালত এজন মানুহে নিজকে প্ৰশ্ন কৰিবলৈ লয়- ‘মই কোন ?’। অথবা এই সমাজত তেওঁৰ ভূমিকা বা অৱস্থান কি? সেয়ে এৰিকছনে কৈছে কৈশোৰ কাল প্ৰকৃততে নিজক বিচৰাৰ বয়স।

দৰাচলতে এজন ব্যক্তিৰ মনত পৰিচয় সন্ধানৰ বীজটো তেওঁৰ কেঁচুৱা অৱস্থাতে প্ৰষ্ফুটিত হয় আৰু ই শৈশৱ কাল, খেলাৰ বয়স আৰু স্কুলীয়া বয়সৰ মাজেদি বিকাশপ্ৰাপ্ত হয়। অৱশেষত বয়ঃসন্ধি কালত এজন ব্যক্তিৰ মনত এই পৰিচয় সন্ধান অধিক শক্তিশালী ৰূপত প্ৰকাশ পায়। কিয়নো এই বয়সত এজন ব্যক্তিয়ে আত্মপৰিচয়ৰ বিপৰীতে পৰিচয় বিভ্ৰান্তিৰ যি মনোসামাজিক সংঘাত তাৰ সৈতে সন্মুখীন হয়। মানুহৰ মনত এই পৰিচয় সংঘাত বহু বছৰ ধৰি চলিব পাৰে আৰু এই সংঘাতৰ পৰিণতিতে সৃষ্টি হয় দুৰ্বল বা শক্তিশালী অহংবোধৰ।

আত্মপৰিচয়

আত্মপৰিচয়ৰ সন্ধানক ধনাত্মক আৰু ঋণাত্মক দুই ধৰণেই চাব পাৰি। যেতিয়া এজন কিশোৰ বা কিশোৰীয়ে সিদ্ধান্ত লয় যে তেওঁ কি হ’ব বিচাৰে অথবা তেওঁ কিহত বিশ্বাস কৰে তেতিয়া কিশোৰজনে এইটোও আৱিষ্কাৰ কৰে যে তেওঁ কি হ’ব নিবিচাৰে বা তেওঁ কিহত বিশ্বাস নকৰে। এই সময়ছোৱাত সিহঁতে প্ৰায়ে অভিভাৱকসকলৰ মূল্যবোধক প্ৰত্যাখ্যান কৰে। লগতে সিহঁতৰ লগৰীয়াবোৰে মানি চলা মূল্যবোধবোৰকো প্ৰত্যাখ্যান কৰে।

এই ধৰণৰ অৱস্থাৰ মুখামুখি হ’লে এজন কিশোৰৰ আত্মপৰিচয় বিভ্ৰান্তিয়ে অধিক তীব্ৰৰূপ ল’ব পাৰে। এনেকুৱা তীব্ৰ আত্মপৰিচয়ৰ সন্দেহত ভোগা ব্যক্তিৰ লক্ষণবোৰ হৈছে তেওঁ নিজৰ মনত তেওঁৰ এখন পূৰ্ণ আত্মপ্ৰতিচ্ছবি গঢ়ি তুলিব নোৱাৰে, কোনো ব্যক্তিৰ সৈতে অন্তৰংগতা স্থাপন কৰাত অসুবিধা অনুভৱ কৰে, তেওঁৰ মনত ‘সময় নাইকিয়া’ বা ‘সময়ৰ অত্যাৱশ্যকীয়তা’ ধৰণৰ এটা ভাৱ খেলাই থাকে অথবা ব্যক্তিজনে তেওঁৰ প্ৰয়োজনীয় কাম-কাজত ভালদৰে মনোযোগ দিব নোৱাৰে।

পৰিচয় সংকটৰ সমস্যাসমূহ

পৰিচয় সংকটত ভোগা এজন মানুহে প্ৰায় তেওঁৰ পৰিয়াল আৰু সমাজৰ মানদণ্ড আৰু মূল্যবোধক প্ৰত্যাখ্যান কৰে। এৰিকছনে কৈছে কৈশোৰ কালত কিছু পৰিমাণৰ পৰিচয় সন্দেহ স্বাভাৱিক আৰু প্ৰয়োজনীয়ও। এজন মানুহে এটা দৃঢ় আত্মপৰিচয় গঢ়ি তোলাৰ আগেয়ে তেওঁ কোন তাক লৈ কিছু পৰিমাণে সন্দেহ আৰু বিভ্ৰান্তিত ভোগেই। এই সময়ছোৱাত বহুতো কিশোৰে নিজৰ সন্ধানত ঘৰ এৰি অকলে কৰবালৈ গুচি যায়, বহুতে যৌনতা আৰু মাদকদ্ৰব্য গ্ৰহণৰ অভিজ্ঞতা লয়, কিছুমানে কোনো সামাজিক বা ৰাজনৈতিক সংগঠনত যোগ দিয়ে নাইবা কোনো ধৰ্মীয় পন্থা গ্ৰহণ কৰে। আকৌ বহুতো কিশোৰে কোনো বিকল্পৰ সন্ধান দিব নোৱাৰাকৈয়ে প্ৰচলিত সমাজ ব্যৱস্থাৰ প্ৰতি বিদ্ৰোহ ঘোষণা কৰে।

এই বয়ঃসন্ধি কালছোৱাত বহুতো কিশোৰক শিল্প-সাহিত্য বা জ্ঞান-বিজ্ঞানৰ সাধনাতো মগ্ন হোৱা দেখা যায়। তেওঁলোকে সিহঁতৰ সুপ্ত প্ৰতিভাবোৰ সমাজৰ আগত বিকশাই তুলিব বিচাৰে। এৰিকছনৰ মতে এয়াও এক পৰিচয়ৰ সন্ধানৰ বাহিৰে আন একো নহয়। অৰ্থাৎ সেইসকল কিশোৰে সমাজত শিল্পী হিচাপে বা সাহিত্যিক হিচাপে নাইবা আন কোনো তেনে পৰিচয়েৰে জিলিকি উঠিব বিচাৰে।

যদিও পৰিচয় বিভ্ৰান্তি আমাৰ পৰিচয় সন্ধানৰে এটা প্ৰয়োজনীয় অংশ তথাপিও অতিৰিক্ত পৰিচয় বিভ্ৰান্তিয়ে আমাক আমাৰ মানসিক বিকাশৰ এটা পূৰ্বৰ পৰ্যায়লৈ লৈ যাব পাৰে। আমি আমাৰ প্ৰাপ্তবয়স্ক কৰ্তব্যবোৰ এৰাই চলিব পাৰো নাইবা লক্ষ্যবিহীন ভাৱে এটা কামৰ পৰা আন এটা কামলৈ ,এজন জীৱনসংগীৰ পৰা আন এজন জীৱনসংগীলৈ আৰু এটা ভাৱাদৰ্শৰ পৰা আন এটা ভাৱাদৰ্শলৈ জপিয়াই ফুৰিব পাৰোঁ। ইয়াৰ বিপৰীতে আমি যদি এটা সুস্থ আত্মপৰিচয় গঢ়ি তুলিব পাৰো তেতিয়া আমি কোনো মতাদৰ্শত বিশ্বাসী হ’ব পাৰিম, আমি মুক্তভাৱে সিদ্ধান্ত ল’ব পাৰিম যে আমি কেনেদৰে আচৰণ কৰা উচিত,আমি আমাৰ লগৰীয়া আৰু জ্যেষ্ঠসকলৰ ওপৰত বিশ্বাস ৰাখিব পাৰিম, যিয়ে আমাক জীৱনৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে উপদেশ দিয়ে আৰু জীৱনৰ বাবে এটা সুস্থ জীৱিকা নিৰ্বাচন কৰিব পৰাকৈ আত্মবিশ্বাসী হ’ম।

বিশ্বস্ততা আৰু ভূমিকা পৰিত্যাগ

কৈশোৰ কালত আত্ম পৰিচয়ৰ বিপৰীতে পৰিচয় বিভ্ৰান্তিৰ মাজত হোৱা সংঘাতৰ ফলত যি মানসিক শক্তিৰ উদয় হয় সেয়া হৈছে বিশ্বস্ততা(Fidelity) বা কোনো এটা আদৰ্শৰ প্ৰতি বিশ্বাস। এজন ব্যক্তিয়ে নিজৰ আচৰণৰ আভ্যন্তৰীণ নীতিবোৰ প্ৰতিষ্ঠা কৰি লোৱাৰ পাছত তেওঁক তেওঁৰ অভিভাৱকৰ কোনোধৰণৰ নিৰ্দেশনাৰ প্ৰয়োজন নহয়। ইয়াৰ বিপৰীতে ব্যক্তিজনে নিজৰ ধৰ্মীয়,ৰাজনৈতিক আৰু সামাজিক আদৰ্শসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে। এজন ব্যক্তিৰ ক্ষেত্ৰত বিশ্বস্ততা বা আদৰ্শনিষ্ঠাৰ অভাৱত দেখা দিয়া মানসিক সমস্যাবিধ হৈছে ‘ভূমিকা পৰিত্যাগ’। যাৰ ফলত এজন মানুহৰ মনত বিভিন্ন ধৰণৰ আত্মপ্ৰতিচ্ছবি আৰু মূল্যবোধ তৈয়াৰ কৰাৰ ক্ষমতা ৰুদ্ধ হৈ পৰে।

এনে সমস্যাত ভোগা এজন মানুহে চূড়ান্ত আত্মবিশ্বাসহীনতাত ভূগিব পাৰে। তেওঁ সমাজৰ আন ব্যক্তিৰ আগত নিজকে প্ৰকাশ কৰিবলৈ দ্বিধা আৰু লাজ অনুভৱ কৰিব পাৰে। ইয়াৰ উপৰি  ভূমিকা পৰিত্যাগে সৃষ্টি কৰিব পৰা আন এটা মনোবিকৃতি হৈছে এজন মানুহৰ যিকোনো ধৰণৰ সামাজিক কৰ্তৃপক্ষৰ প্ৰতি বিদ্ৰোহ কৰাৰ মানসিকতা। এনে মানসিকতাৰ এজন মানুহে কিছুমান সামাজিক ভাৱে অগ্ৰহণযোগ্য বিশ্বাসক আঁকোৰগোজভাৱে ধৰি ৰাখে আৰু কেৱল এইবাবেই ধৰি ৰাখে যে এনে বিশ্বাস বা কাম-কাজবোৰ সামাজিকভাৱে গ্ৰহণযোগ্য নহয়।

শৈশৱতে আহৰণ কৰা বিশ্বাসেই হৈছে বিশ্বস্ততাৰ প্ৰাথমিক ভেটি। কিশোৰসকলে নিজৰ ভৱিষ্যতৰ ওপৰত বিশ্বাস কৰিবলৈ যোৱাৰ আগতে সমাজৰ আন ব্যক্তিসকলক বিশ্বাস কৰিবলৈ শিকিবই লাগিব। শৈশৱতে আহৰণ কৰা ইচ্ছাশক্তি, উদ্দেশ্যবোধ আৰু উদ্যমী মনোভাৱক আশাৰে সৈতে আগুৱাই লৈ যাব পাৰিলেহে এজন ব্যক্তিয়ে কৈশোৰত সম্পূৰ্ণভাৱে বিশ্বস্ততা বা আদৰ্শনিষ্ঠা আহৰণ কৰিব পাৰিব আৰু এই বিশ্বস্ততাই এজন মানুহৰ অহং ভাৱক সুস্থ আৰু শক্তিশালী ৰূপ দিয়ে।

ডেকাকাল – অন্তৰংগতা বনাম বিচ্ছিন্নতা

কৈশোৰ কালত এটা আত্ম-পৰিচয় গঢ়ি তোলাৰ পাছত এজন মানুহে যিটো স্তৰত ভৰি দিয়ে সেই স্তৰটোক কোৱা হয় ডেকা কাল (young adulthood) বুলি। মানৱ জীৱনৰ ১৯ বছৰ বয়সৰ পৰা ৩০ বছৰ বয়সলৈকে যিছোৱা সময় সেই সময়ছোৱাকে ডেকা কাল বোলে। এই বয়সত এজন মানুহৰ মনত দেখা দিয়া মনোসামাজিক সংঘাতটো হৈছে অন্তৰংগতাৰ বিপৰীতে বিচ্ছিন্নতা বা নিসংগতাৰ সংঘাত। এৰিকছনৰ মতে অন্তৰংগতা হৈছে এনে এটা গুণ বা সামৰ্থ্য যাৰ সহায়ত এজন মানুহে নিজৰ আত্ম-পৰিচয় নেহেৰুৱাকৈয়ে নিজৰ পৰিচয়ক আন এজন ব্যক্তিৰ পৰিচয়ৰ সৈতে মিলাই দিব পাৰে।

পৈণত বয়সৰ অন্তৰংগতা মানে হৈছে দুজন ব্যক্তিৰ মাজত থকা পাৰস্পৰিক আস্থা আৰু বিশ্বাস। লগতে ইয়াৰ সৈতে জড়িত থাকে দুজন ব্যক্তিৰ মাজৰ পাৰস্পৰিক ত্যাগ,বুজাপৰা আৰু প্ৰতিশ্ৰুতি। ইয়াৰ বিপৰীতে বিচ্ছিন্নতা মানে হৈছে এজন ব্যক্তিয়ে আন ব্যক্তিৰ সৈতে প্ৰকৃত অন্তৰংগতা স্থাপন কৰিব নোৱৰা এটা মানসিক অৱস্থা। কিছুসংখ্যক ব্যক্তিক আৰ্থিক আৰু সামাজিকভাৱে সফল হোৱাৰ পাছতো বিচ্ছিন্ন বা নিসংগ হৈ থকা দেখা যায় ইয়াৰ কাৰণ তেওঁলোক উৎপাদনশীল কাম, প্ৰজনন আৰু প্ৰেম সম্বন্ধীয় দায়িত্ববোৰ গ্ৰহণ কৰিব পৰাকৈ সমৰ্থবান নহয়।

প্ৰেম

এৰিকছনৰ মতে, প্ৰাপ্তবয়স্ক প্ৰেমৰ বাবে কিছু পৰিমাণৰ বিচ্ছিন্নতাবোধৰো প্ৰয়োজনীয়তা আছে কিয়নো অত্যধিক অন্তৰংগতাই এজন মানুহৰ আত্ম-পৰিচয়ক দুৰ্বল কৰি পেলাব পাৰে যাৰ ফলত তেওঁ মনোসামাজিক বিকাশৰ পূৰ্বৰ এটা পৰ্যায়লৈ গতি কৰিব আৰু পৰবৰ্তী জীৱনত আগুৱাই যোৱাত বিফল হ’ব। তথাপিও এজন মানুহৰ বাবে অতিমাত্ৰা বিচ্ছিন্নতাবোধ অত্যধিক ভয়ংকৰ আৰু ধ্বংসকাৰী।

ডেকাবয়সত অন্তৰংগতাৰ বিপৰীতে বিচ্ছিন্নতাৰ যি মানসিক সংঘাত এই সংঘাতৰ ফলত এজন মানুহৰ মনত উদয় হোৱা মানসিক শক্তিবিধ হৈছে প্ৰেম। এই বয়সত ডেকা-গাভৰুসকলে মনতে প্ৰশ্ন কৰে-মই কাৰোবাৰ ভালপোৱাৰ যোগ্য নে? এৰিকছনৰ মতে, প্ৰাপ্তবয়স্ক প্ৰেমে এজনী নাৰী আৰু এজন পুৰুষৰ মাজত থকা মৌলিক পাৰ্থক্যখিনিক নোহোৱা কৰে। তেওঁৰ মতে, পৈণত বয়সৰ প্ৰেম মানে হ’ল পাৰস্পৰিক প্ৰতিশ্ৰুতি, যৌন আসক্তি, সহযোগিতা, প্ৰতিযোগিতা আৰু বন্ধুত্ব। ইয়াৰ বিপৰীতে যিসকল মানুহে ডেকাবয়সত অত্যধিক বিচ্ছিন্নতাবোধত ভোগে আৰু কাৰো সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰে তেনে ব্যক্তিৰ চৰিত্ৰত কিছু বিশিষ্টতাবোধৰ প্ৰকাশ ঘটে। তেনেবোৰ মানুহক আত্মকেন্দ্ৰিক আৰু উদাস হৈ থকা দেখা যায়। আৰু ইয়েই হৈছে ডেকা বয়সৰ প্ৰধান মনোবিকৃতি।

পূৰ্ণবয়স্ককাল – উৎপাদনশীলতা বনাম স্থবিৰতা

ডেকাকালৰ পাছৰ স্তৰটো হৈছে পূৰ্ণবয়স্ক কাল। সাধাৰণতে এজন মানুহৰ বিবাহৰ পাছত তেওঁক পূৰ্ণবয়স্ক বুলি ক’ব পাৰি। এই স্তৰটো সাধাৰণতে ৩০ৰ(কিছুমানৰ ক্ষেত্ৰত ইয়াতকৈ আগৰে পৰা বা ইয়াতকৈ বহু পাছৰ পৰা) পৰা ৬০ বছৰ বয়সলৈকে চলে। এই সময়ছোৱাত বিবাহিত ব্যক্তিসকলক সন্তান উৎপাদন কৰা, কোনো নিৰ্দিষ্ট উৎপাদনশীল কামত(যেনে-চাকৰি,ব্যৱসায় আদিত) ব্যস্ত হৈ পৰা দেখা যায়। ইয়াৰোপৰি এই বয়সতে কোনো কোনো সৃষ্টিশীল বা প্ৰতিভাশালী মানুহক মানৱ সভ্যতালৈ কোনো নতুন বস্তু বা চিন্তাৰো অৰিহণা যোগোৱা দেখা যায়। এনেদৰেই এইবয়সৰ ব্যক্তিসকলে মানৱ সভ্যতাৰ গতিধাৰা অব্যাহত ৰাখিব বিচাৰে। ইয়াৰ বিপৰীতে যিসকল মানুহ সন্তান জন্ম দিবলৈ বা কোনো উৎপাদনশীল কাম-কাজ কৰিবলৈ অসমৰ্থ হয় সেইসকল মানুহৰ মনত একধৰণৰ মানসিক স্থবিৰতাই দেখা দিয়েহি। সেয়ে এৰিকছনে কৈছে যে, পূৰ্ণবয়স্ক মানুহৰ ক্ষেত্ৰত মনোসামাজিক সংঘাতটো হৈছে উৎপাদনশীলতা বা গতিশীলতাৰ বিপৰীতে স্থিতিশীলতাৰ সংঘাত।

পূৰ্ণবয়স্ককালত উৎপাদনশীলতা আৰু স্থবিৰতাৰ মাজত হোৱা সংঘাতৰ ফলত উদয় হোৱা মানসিক শক্তি বা গুণবিধ হৈছে যত্নশীলতা। এই সময়ছোৱাত এজন ব্যক্তিক নিজৰ সন্তানসকলৰ প্ৰতি,নিজে গঢ় দিয়া বা অৰ্জন কৰা বস্তুবোৰৰ প্ৰতি আৰু তেওঁলোকে গঢ়ি তোলা চিন্তা আৰু মূল্যবোধবোৰ লালন-পালন কৰাৰ বাবে যত্নশীল হোৱা দেখা যায়। ইয়াৰ বিপৰীতে যিসকল মানুহৰ মন উৎপাদনশীলতাৰ অভাৱত স্থিতিশীল হৈ পৰে তেওঁলোকে সমাজখনৰ প্ৰতি বা সমাজৰ আন আন মানুহৰ প্ৰতি একধৰণৰ গা এৰা বা এলাগী মনোভাৱ পোষণ কৰিবলৈ লয়। তেওঁলোকক অত্যধিক ব্যক্তিকেন্দ্ৰিক আৰু সংকীৰ্ণ মনৰ হৈ পৰা দেখা যায়। এৰিকছনৰ মতে, এয়াই হৈছে পূৰ্ণবয়স্ক মানুহৰ ক্ষেত্ৰত দেখা দিব পৰা মনোবিকৃতি।

বৃদ্ধাৱস্থা – প্ৰজ্ঞা বনাম হতাশা

মনোসামাজিক বিকাশৰ অষ্টম আৰু অন্তিম স্তৰটো হৈছে বৃদ্ধ বয়স। সাধাৰণতে ৬০ বছৰ বয়সৰ পৰা মৃত্যুলৈকে এই সময়ছোৱাক বৃদ্ধ বয়স বুলি কোৱা হয়। এইবয়সত এজন মানুহ শাৰীৰিক  আৰু মানসিকভাৱে শক্তিহীন হৈ পুনৰ প্ৰকৃতিৰ ওচৰত অসহায় হৈ পৰে। এই সময়ছোৱাত এজন মানুহক নিজৰ নাতি-নাতিনীসকল আৰু সমাজৰ আন আন ডেকা ব্যক্তিসকলৰ লগত অধিক সময় কটোৱা দেখা যায়। তেওঁলোকৰ বাবে এই সময়ছোৱা আনন্দ, ধেমালি আৰু বিস্ময়েৰে পৰিপূৰ্ণ হয়। যিসকল ব্যক্তিয়ে কৈশোৰত এটা শক্তিশালী আত্ম পৰিচয় গঢ়ি তোলে, ডেকা বয়সত অন্তৰংগতা গুণ আদায় কৰে আৰু পূৰ্ণবয়স্ককালত যিসকল ব্যক্তি উৎপাদনশীল হয়, সেইসকল ব্যক্তিয়ে বৃদ্ধবয়সত এই জগতখন আৰু ইয়াৰ মানুহবোৰৰ সৈতে নিজ আত্মাৰ এটা অখণ্ডতা অনুভৱ কৰে। আনহাতে কিছুমান বৃদ্ধই এই সময়ছোৱাত অনুভৱ কৰে যে তেওঁলোক ক্ৰমাৎ নিজৰ পৰিয়াল আৰু সমাজৰ মাজত অস্তিত্বহীন হৈ পৰিছে আৰু তেওঁলোকৰ শৰীৰ আৰু মনো শক্তিহীন হৈ পৰিছে।

বৃদ্ধ বয়সৰ মনোবিকৃতি

সেইসকল বৃদ্ধৰ মনত এক ধৰণৰ হতাশা আৰু নিৰাশাৰ ভাৱে ঠাই লয় আৰু তেওঁলোকে মনে মনে মৃত্যুৰ ক্ষণ গণিবলৈ ধৰে। সেয়ে এৰিকছনে কৈছে বৃদ্ধবয়সৰ মনোসামাজিক সংঘাতটো হৈছে আত্মিক অখণ্ডতাৰ বিপৰীতে হতাশাৰ সংঘাত। এই মনোসামাজিক সংঘাতৰ ফলত যিসকল বৃদ্ধই এই জগতৰ সৈতে এক অখণ্ডতাৰ ভাৱ অৰ্জন কৰে তেওঁলোকৰ মনত প্ৰজ্ঞাৰ অৰ্থাৎ এই জীৱন আৰু জগতৰ প্ৰতি এক গভীৰ জ্ঞানৰ উৎপত্তি হয়। তেওঁৰ বাবে আনকি মৃত্যুও তুচ্চ হৈ পৰে। আনহাতে যিসকল বৃদ্ধই আত্মিক অখণ্ডতাৰ অভাৱত অত্যধিক হতাশা আৰু নিৰাশাত ভোগে সেইসকলৰ মনত এই সমাজ আৰু মানুহবোৰৰ প্ৰতি একধৰণৰ ঘৃণা আৰু অৱজ্ঞাৰ ভাৱে ঠাই লয়। আৰু ইয়ে হৈছে বৃদ্ধবয়সৰ প্ৰধান মনোবিকৃতি। এনে মনোবিকৃতিৰ প্ৰভাৱত এজন ব্যক্তিৰ জীৱন মৃত্যুতুল্য হৈ পৰে।

এৰিকছনৰ মনোসামাজিক বিকাশৰ তত্ত্বটো চমুকৈ ইমানেই। এতিয়া যদি আমি প্ৰতিজন মানুহেই এক অন্তৰ্দৃষ্টিৰে নিজৰ জীৱনটোলৈ এবাৰ চাওঁ, তেতিয়া নিশ্চয় অনুভৱ কৰিম যে আমি প্ৰত্যেকেই সকলো সময়তে নিজৰ বিৰুদ্ধে,আমাৰ চৌপাশৰ মানুহবোৰৰ বিৰুদ্ধে আৰু বিশ্ব প্ৰকৃতিৰ বিধানবোৰৰ বিৰুদ্ধে যুঁজি আছো। নিজৰ বিৰুদ্ধে যুঁজি আমি নিজৰ দোষ-দুৰ্বলতাবোৰ অতিক্ৰম কৰিছো,সমাজৰ আন ব্যক্তিসকলৰ সৈতে যুঁজি আমি নিজৰ ব্যক্তিগত প্ৰয়োজনীয়তাবোৰ কিছু পৰিমানে আদায় কৰিছো আৰু প্ৰকৃতিৰ বিৰুদ্ধে যুঁজি যুঁজি আমি নিজকে জীয়াই ৰাখিছো অথবা আমাৰ নিজ শৰীৰৰ আভ্যন্তৰীণ ভাৰাসাম্য বৰ্তাই ৰাখিছো। অৱশ্যে এই কথাও মন কৰিব লগীয়া যে,আমি যে কেৱল যুঁজেই কৰি আছো সেয়াও সম্পূৰ্ণ সত্য নহয়। আমি কৰি থকা এই নিৰন্তৰ যুঁজখনত আমাৰ প্ৰতিপক্ষৰ সৈতে আমি এটা অৱস্থাত আপোচ কৰিবলৈ বাধ্য হওঁ। আৰু এনেদৰেই এটা নিৰ্দিষ্ট সময়লৈকে যুঁজি যুঁজি অৱশেষত আমি এদিন এই অনাদি অনন্ত জড় প্ৰকৃতিৰ সৈতে বিলীন হৈ যাওঁ।

আৰু পঢ়ক আং-চান-ছ্যু-কীক সেনাৰ গৃহবন্দী

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

0
Would love your thoughts, please comment.x
()
x