পৰ্যালোচনাসাময়িকী

আং চান ছ্যু কী ক সেনাৰ গৃহবন্দী-ম্যানমাৰত অচলাৱস্থা


আং চান ছ্যু কী – ম্যানমাৰৰ সাহসী মহিলাগৰাকী পুনৰ এবাৰ চৰ্চালৈ আহিছে। আং চান ছ্যু কীয়ে বহু দশকজোৰা গণতান্ত্ৰিক আৰু অহিংস আন্দোলনৰ পাছত ম্যানমাৰত সেনাৰ স্বৈৰাচাৰী শাসন ওফৰাই  ক্ষমতা দখল কৰিবলৈ সক্ষম হৈছিল। এতিয়া খবৰ আহিছে যে, এই দেশত পুনৰ সামৰিক শাসনৰ অভ্যুত্থান হৈছে। আৰু সেনা প্ৰধান মিন অং হ্লাইঙে ক্ষমতা দখল কৰিছে। এই সম্পৰ্কে সাৰথিৰ এক বিশ্লেষণ-

ম্যানমাৰৰ চমু ৰাজনৈতিক ইতিহাস

১৯৪৮ চনত বৃটিছৰ শাসনৰ পৰা স্বাধীনতা লাভ কৰা ম্যানমাৰত ১৯৬২ চনৰ পৰা ২০১১ চনলৈকে সামৰিক শাসন চলিছিল। ইয়াৰ পাছতেই ২০০৮ চনত গ্ৰহণ কৰা সংবিধানৰ ভিত্তিত ২০১০ চনত অনুষ্ঠিত কৰা নিৰ্বাচনৰ দ্বাৰা জুনতা চৰকাৰক ক্ষমতাচ্যুত কৰি জনগনক আংশিক গণতন্ত্ৰৰ সোৱাদ দিয়া হয় যদিও এই নিৰ্বাচনত সেনা-বাহিনীৰ দলটোৱেই জয়লাভ কৰিছিল। এই নিৰ্বাচনৰ পাছতেই ২০১০ চনৰ ১৩ নৱেম্বৰত দেশত চলি থকা গণতান্ত্ৰিক আন্দোলনৰ নেত্ৰী আং চান ছ্যু কীয়ে বন্দীত্বৰ পৰা মুক্তি লাভ কৰে।  

২০১২ চনত হোৱা ম্যানমাৰৰ উপ-নিৰ্বাচনত আং চান ছ্যু কী সংসদৰ বিৰোধী দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত হয়। ইয়াৰ পাছত ২০১৫ আৰু ২০২০ চনৰ নিৰ্বাচনত তেওঁৰ দল নেচনেল লীগ ফৰ ডেমক্ৰেছিয়ে নিৰ্বাচনত জয়লাভ কৰে। আৰু আং চান ছ্যু কীয়ে বৈদেশিক মন্ত্ৰী আৰু ষ্টেট কাউন্সেলৰ হিচাপে অধিষ্ঠিত হয়। ইয়াৰ উপৰিও তেওঁ শাসনিধিষ্ঠ নেচনেল লীগ ফৰ ডেমক্ৰেছিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।

ম্যানমাৰৰ শেহতীয়া পৰিস্থিতি

ম্যানমাৰৰ অনলাইন নিউজ পৰ্টেল ‘ম্যানমাৰ নাউ’য়ে আজি সোমবাৰে পুৱা ৬: ৩০ বজাত এটা বাতৰি প্ৰকাশ কৰিছে যে, ম্যানমাৰৰ ৰাষ্ট্ৰ প্ৰধান আৰু নেচনেল লীগ ফৰ ডেমক্ৰেছিৰ নেত্ৰী আং চান ছ্যু কী আৰু দেশৰ আন আন জেষ্ঠ নেতাসকলক ম্যানমাৰৰ সেনাৰ দ্বাৰা গৃহবন্দী কৰা হৈছে। ইয়াৰ পাছতেই দেশখনৰ ৰাজধানী নেফিদাউত মোবাইল আৰু ইন্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। আৰু দেশৰ প্ৰধান চহৰসমূহত সেনা-বাহিনীৰ অস্ত্ৰ সজ্জিত যান-বাহনৰ ভীৰ ক্ৰমাৎ বাঢ়ি আহিবলৈ লৈছে।

এই ঘটনাৰ কিছু সময়ৰ পাছতে ম্যানমাৰৰ সামৰিক দূৰদৰ্শনত ঘোষণা কৰা হৈছে যে, ম্যানমাৰত সেনাবাহিনীয়ে এবছৰৰ বাবে দেশখনৰ নিয়ন্ত্ৰণ হাতত লৈছে। উল্লেখযোগ্য যে, ম্যানমাৰত হ’ব পৰা ৰাজনৈতিক অচলাৱস্থাৰ উমান পাই যোৱা বছৰৰ নৱেম্বৰত নিৰ্বাচিত হৈ অহা নেচনেল লীগ ফৰ ডেমক্ৰেছিৰ নেতাসকলে তেওঁলোকৰ প্ৰথমখন অধিবেশনত আজি মিলিত হোৱাৰ কথা আছিল।

ইতিমধ্যেই আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া আৰু আন বহুতো দেশেই এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ম্যানমাৰৰ সামৰিক বাহিনীক আইনৰ শাসনক সন্মান জনাবলৈ আহ্বান জনাইছে।

ম্যানমাৰত এই সামৰিক অভ্যুত্থান কিয় ?

ম্যানমাৰত যোৱা বছৰৰ নৱেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা অন্তিমটো নিৰ্বাচনত আং চান ছ্যু কী ৰ দলে সন্মিলিত উচ্চ আৰু নিম্ন সদনৰ ৪৭৬ খন আসনৰ ৩৯৬ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ বিপৰীতে সেনা-বাহিনীৰ দলটোৱে মাত্ৰ ২৫% আসনহে দখল কৰিবলৈ সক্ষম হৈছিল। সেনা-বাহিনীৰ পৰা অভিযোগ আহিছিল যে, নিৰ্বাচনৰ ভোট দানত ব্যাপক জালিয়াতি হৈছিল আৰু তেওঁলোকে এই ফলাফল মানি নলয়। তেওঁলোকে আনকি এই ভাবুকিও প্ৰদান কৰিছিল যে, যদি সংবিধানে সঠিক ভাৱে কাম কৰিব নোৱাৰে তেওঁলোকে এই সংবিধান প্ৰত্যাহাৰ কৰিব। কিন্তু দেশখনৰ নিৰ্বাচন আয়োগ তেওঁলোকৰ দাবী ন্যাসাৎ কৰি কৈছিল যে, নিৰ্বাচন আৰু ভোটদান প্ৰক্ৰিয়াত কোনো বেমেজালি হোৱা নাছিল আৰু এই সিদ্ধান্ত তেওঁলোকে মানি ল’ব লাগিব।

কিন্তু যোৱা প্ৰায় পাঁচটা দশক ধৰি শাসনৰ সোৱাদ পোৱা স্বৈৰাচাৰী সেনা-বাহিনীয়ে বাৰে বাৰে এনে পৰাজয় মানি ল’বলৈ টান পাইছে। সেয়ে হয়তো তেওঁলোকে অস্ত্ৰৰ বলেৰে পুনৰ এবাৰ দেশখনৰ ক্ষমতা দখল কৰিবলৈ অগ্ৰসৰ হৈছে। ম্যানমাৰৰ এই শেহতীয়া ঘটনাৱলীয়ে স্বাভাৱিকতে বিশ্ববাসীৰ দৃষ্টি হৰণ কৰিছে। আৰু গণতন্ত্ৰপ্ৰেমী সমূহ বিশ্বজনগণে ম্যানমাৰত পুনৰ ৰাইজৰ শাসন ঘূৰি অহাটো কামনা কৰিছে।

বৰ্তমান ম্যানমাৰৰ আটাইতকৈ জ্যেষ্ঠ নেত্ৰী ৭৫ বছৰীয়া আং চান ছ্যু কীয়ে এই দুৰ্যোগৰ সময়ত বিশ্বৰ আন আন উন্নত দেশৰ নেতাসকলৰ সহায়-সহযোগিতা নিশ্চয়কৈ আশা কৰিব। শান্তিৰ ন’বেল বঁটা বিজয়ী এই গৰাকী নেত্ৰীয়ে পূৰ্বতেও বিশ্বৰ আন আন দেশৰ নেতা আৰু বুদ্ধিজীৱীৰ সহায়-সহযোগিতা লাভ কৰিছিল। এইবাৰো ইয়াৰ ব্যতিক্ৰম নহ’ব বুলি ভবা হৈছে আৰু ম্যানমাৰলৈও পুনৰ সুস্থ অৱস্থা ঘূৰি আহিব আশা কৰা হৈছে।

আৰু পঢ়ক ত্যাওখামথি

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক আং-চান-ছ্যু-কীক সেনাৰ গৃহবন্দী […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x