ভাৰতীয় সংবিধানসাময়িকী

পঞ্চায়ত

নৱম ভাগ

পঞ্চায়ত সমূহ

(২৪৩) পৰিভাষা- এই ভাগত, প্রসঙ্গত অন্যথা আপেক্ষিত নহ’লে –

(ক) “জিলা” মানে কোনো ৰাজ্যৰ এখন জিলা;  

(খ)  “গাওঁসভা” মানে গাওঁ স্তৰত পঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত সমাবিষ্ট কোনো গাওঁৰ লগত সম্পর্কিত নির্বাচক নামাৱলীত পঞ্জীভুক্ত ব্যক্তি সমূহেৰে গঠিত কোনো নিকায়;

(গ) “মধ্যৱৰ্তী স্তৰ” মানে এই ভাগৰ প্ৰয়োজনার্থে মধ্যৱৰ্তী স্তৰ বুলি কোনো ৰাজ্যৰ ৰাজ্যপালে অধিসূচনাৰ দ্বাৰা বিনিৰ্দ্দিষ্ট কৰা গাওঁ বা জিলা স্তৰ সমূহৰ মাজৰ কোনো স্তৰ;

(ঘ) “পঞ্চায়ত” মানে গ্রামীণ ক্ষেত্ৰৰ বাবে অনুচ্ছেদ ২৪৩(খ)ৰ অধীনত গঠিত স্বায়ত্ত শাসনৰ (যি নামেৰেই অভিহিত হওক) কোনো সংস্থা;

(ঙ) “পঞ্চায়ত ক্ষেত্র” মানে পঞ্চায়তৰ প্রাদেশিক ক্ষেত্র;

(চ) “জনসংখ্যা” মানে অন্তিম পূর্বৱৰ্ত্তী জনগণনাত অভিনিশ্চিত কৰা জনসংখ্যা যাৰ সুসঙ্গত সংখ্যা প্রকাশিত হৈছে।

(ছ) “গাওঁ” মানে ৰাজ্যপালে এই ভাগৰ প্ৰয়োজনার্থে কোনো গাওঁ বুলি লোক অধিসূচনাৰ দ্বাৰা বিনির্দিষ্ট কোনো গাওঁ আৰু এনেদৰে বিনিদ্দিষ্ট কৰা গাওঁ সমূহৰ সমষ্টিও অন্তৰ্ভুক্ত কৰে।

(২৪৩)(ক) গাঁও সভা– গাওঁ সভাই গাওঁ স্তৰত এনে ক্ষমতাৱলী প্রয়োগ আৰু এনে কৃত্যৰ পালন কৰিব পাৰিব যাক বিধিৰ দ্বাৰা কোনো ৰাজ্যৰ বিধান মণ্ডলে উপবন্ধিত কৰে।

(২৪৩)(খ) পঞ্চায়ত সমূহৰ গঠন— (১) প্রত্যেক ৰাজ্যৰ গাওঁত, মধ্যৱৰ্ত্তী আৰু জিলা স্তৰত এই ভাগৰ উপবন্ধ সমূহ অনুসাৰে পঞ্চায়তসমূহ গঠন কৰা হ’ব।

(২) খণ্ড (১)ত কোনো কথা থকা সত্ত্বেও, মধ্যৱৰ্তী স্তৰত পঞ্চায়তসমূহ অনধিক বিশ লাখ জনসংখ্যা থকা কোনো ৰাজ্যত গঠন কৰা নহ’ব।  

(২৪৩)(গ) পঞ্চায়ত সমূহৰ বিৰচনা– (১) এই ভাগৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা পঞ্চায়ত সমূহৰ বিৰচনাৰ সম্পৰ্কত উপবন্ধ সমূহ প্রণয়ন কৰিব পাৰিব।

পৰন্তু, যিকোনো স্তৰত পঞ্চায়তৰ প্রাদেশিক ক্ষেত্ৰৰ জনসংখ্যা আৰু এনে নির্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া এনে পঞ্চায়তৰ আসন সমূহৰ সংখ্যাৰ মাজৰ অনুপাত যিমানদূৰ সম্ভৱ সমগ্ৰ ৰাজ্য খনত একেই হ’ব।

(২) কোনো পঞ্চায়তৰ সকলো আসন পঞ্চায়ত ক্ষেত্ৰৰ প্রাদেশিক নির্বাচন সমষ্টি সমূহৰ পৰা প্রত্যক্ষ নির্বাচনৰ দ্বাৰা বাছি লোৱা ব্যক্তি সমূহৰ দ্বাৰা পূৰণ কৰা হ’ব আৰু এই প্ৰয়োজনার্থে প্রত্যেক পঞ্চায়ত ক্ষেত্ৰৰ প্রাদেশিক নির্বাচন সমষ্টিত এনে ৰীতিৰে বিভাজন কৰিব যে প্রত্যেক নির্বাচন সমষ্টিৰ জনসংখ্যা আৰু ইয়াত আবণ্টন কৰা আসন সংখ্যাৰ মাজৰ অনুপাত যিমানদূৰ সম্ভৱ সমগ্র পঞ্চায়ত ক্ষেত্ৰত একেই হ’ব। ।

 (৩) কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা

(ক) গাওঁ স্তৰত পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ, মধ্যবর্তী স্তৰত পঞ্চায়ত সমূহত বা এনে ৰাজ্যৰ ক্ষেত্ৰত য’ত মধ্যৱৰ্তী স্তৰত পঞ্চায়ত সমূহ নাই, জিলা স্তৰত পঞ্চায়ত সমূহত;

(খ) মধ্যৱর্তী স্তৰত পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ জিলা স্তৰৰ পঞ্চায়ত সমূহত;

(গ) লোক সভাৰ এনে সদস্য সকলৰ আৰু ৰাজ্যৰ বিধান সভাৰ সদস্য সকল যি সেই নির্বাচন সমষ্টি প্রতিনিধিত্ব কৰিছে য’ত গাওঁ স্তৰৰ পৰা ভিন্ন স্তৰত কোনো পঞ্চায়ত ক্ষেত্র সম্পূর্ণভাবে বা আংশিক ভাৱে সমাৱিষ্ট হয়, এনে পঞ্চায়তত; 

(ঘ) ৰাজ্য সভাৰ সদস্য সকলৰ আৰু ৰাজ্যৰ বিধান পৰিষদৰ সদস্য সকলৰ য’ত তেওঁলোক –

(i)মধ্যৱৰ্তী স্তৰৰ কোনো পুঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত নির্বাচক হিচাবে পঞ্জীভুক্ত হয়, মধ্যবর্তী স্তৰৰ পঞ্চায়তত;

(ii) জিলা স্তৰৰ কোনো পঞ্চায়ত ক্ষেত্ৰৰ ভিতৰত নির্বাচক হিচাবে পঞ্জীভূক্ত হয়, জিলা স্তৰৰ পঞ্চায়তত;

প্রতিনিধিত্বৰ বাবে উপবন্ধিত কৰিব পাৰিব।

(৪) কোনো পঞ্চায়তৰ অধ্যক্ষ আৰু এনে পঞ্চায়তৰ আন সদস্য সকলৰ তেওঁলোকক সেই পঞ্চায়ত ক্ষেত্ৰৰ প্রাদেশিক নির্বাচন সমুষ্টি সমূহৰ পৰা প্রত্যক্ষ নির্বাচনৰ দ্বাৰা বাছি লোৱা হওক বা নহওক, পঞ্চায়ত সমূহৰ সভা সমূহত ভোট দানৰ অধিকাৰ থাকিব।

(৫) (ক) গাওঁ স্তৰত কোনো পঞ্চায়তৰ অধ্যক্ষ এনে ৰীতিৰে নির্বাচিত হ’ব যিদৰে কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা উপবন্ধিত কৰে; আৰু

(খ) মধ্যবর্তী স্তৰ বা জিলা স্তৰত কোনো পঞ্চায়তৰ অধ্যক্ষ নির্বাচন ইয়াৰ নির্বাচিত সদস্য সকলৰ দ্বাৰা আৰু তেওঁলোকৰ মাজৰ পৰা কৰিব।

(২৪৩)(ঘ) আসন সমূহৰ আৰক্ষণ– (১) প্রত্যেক পঞ্চায়তত,–

(ক) অনুসূচিত জাতি সমূহৰ; আৰু

(খ) অনুসূচিত জনজাতি সমূহৰ,

বাবে আসন সমূহ আৰক্ষিত থাকিব আৰু এনেদৰে আৰক্ষিত আসন সমূহৰ সংখ্যাৰ অনুপাত, সেই পঞ্চায়তত প্রত্যক্ষ নির্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যা যথা সম্ভৱ তেনে হ’ব, যি সেই পঞ্চায়ত ক্ষেত্ৰৰ অনুসূচিত জাতি সমূহৰ বা সেই পঞ্চায়ত ক্ষেত্ৰৰ অনুসূচিত জনজাতি সমূহৰ জনসংখ্যাৰ অনুপাত সেই ক্ষেত্ৰৰ মুঠ জনসংখ্যাৰ সৈতে আছে আৰু এনে আসন সমূহ কোনো পঞ্চায়তৰ ভিন ভিন নির্বাচন সমষ্টি সমূহত বিৱৰ্তনৰ দ্বাৰা আবণ্টন কৰিব পাৰিব।

(২) খণ্ড (১) ৰ অধীনত আৰক্ষিত আসন সমূহৰ মুঠ সংখ্যাৰ নুন্যতম এক-তৃতীয়াংশ আসন, যথাস্থিতি, অনুসূচিত জাতি সমূহ বা অনুসূচিত জনজাতি সমূহৰ নাৰীৰ বাবে আৰক্ষিত থাকিব।

(৩) প্রত্যেক পঞ্চায়তত প্রত্যক্ষ নির্বাচনৰ দ্বাৰা পূৰণ কৰিবলগীয়া আসন সমূহৰ মুঠ সংখ্যাৰ নুন্যতম এক তৃতীয়াংশ আসন (অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ নাৰীসকলৰ বাবে আৰক্ষিত আসন সমূহৰ সংখ্যাও অন্তর্ভুক্ত কৰি) নাৰী সকলৰ বাবে আৰক্ষিত থাকিব আৰু এনে আসন সমূহ কোনো পঞ্চায়তৰ ভিন ভিন নির্বাচন সমষ্টি সমূহত বিৱৰ্তনৰ দ্বাৰা আবণ্টন কৰিব পাৰিব।

(৪) গাওঁ বা কোনো আন স্তৰৰ পঞ্চায়ত সমূহত অধ্যক্ষ সকলৰ পদ অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু নাৰী সকলৰ বাবে এনে ৰীতিৰে আৰক্ষিত থাকিব, যাক কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা, উপবন্ধিত কৰেঃ

পৰন্তু, কোনো ৰাজ্যৰ প্রত্যেক স্তৰৰ পঞ্চায়ত সমূহত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ বাবে আৰক্ষিত অধ্যক্ষ সকলৰ পদসমূহৰ সংখ্যাৰ অনুপাত, প্রত্যেক স্তৰত সেই পঞ্চায়ত সমূহৰ এনে পদ সমূহৰ মুঠ সংখ্যাৰ যথাসম্ভৱ তেনে হ’ব যি সেই ৰাজ্যত অনুসূচিত জাতি বা সেই ৰাজ্যত অনুসূচিত জনজাতি সমূহৰ জনসংখ্যাৰ অনুপাত সেই ৰাজ্যৰ মুঠ জনসংখ্যাৰ সৈতে আছে।  উপৰন্তু, প্রত্যেক স্তৰৰ পঞ্চায়ত সমূহ অধ্যক্ষ সকলৰ পদ সমূহৰ মুঠ সংখ্যাৰ ন্যূনতম এক তৃতীয়াংশ পদ নাৰী সকলৰ বাবে আৰক্ষিত থাকিব। 

অধিকন্তু, এই খণ্ডৰ অধীনত আৰক্ষিত পদ সমূহৰ সংখ্যা প্রত্যেক স্তৰত ভিন ভিন পঞ্চায়ত সমূহত বিৱৰ্ত্তনৰ দ্বাৰা আবণ্টন কৰিব পাৰিব ।

(৫) খণ্ড (১) আৰু (২) ৰ অধীনত আসন সমূহৰ আৰক্ষণ আৰু খণ্ড (৪) ৰ অধীনত অধ্যক্ষ সকলৰ পদ সমূহৰ আৰক্ষণ (নাৰীৰ বাবে আৰক্ষণৰ ব্যতিৰেকে) অনুচ্ছেদ ৩৩৪ ত বিনির্দিষ্ট কালৰ সমাপ্তিত প্রভাবী হৈ নাথাকিব।

(৬) এই ভাগৰ কোনো কথাই কোনো ৰাজ্যৰ বিধান মণ্ডলক অনুন্নত শ্ৰেণীৰ নাগৰিক সকলৰ সপক্ষে কোনো স্তৰৰ কোনো পঞ্চায়তৰ আসন সমূহৰ বা পঞ্চায়ত সমূহৰ অধ্যক্ষ সকলৰ পদ সমূহৰ আৰক্ষণৰ বাবে কোনো উপবন্ধ কৰাৰ পৰা নিবাৰণ নকৰিব।

(২৪৩)(ঙ) পঞ্চায়ত সমূহৰ ম্যাদ ইত্যাদি– (১) প্রত্যেক পঞ্চায়ত যদি সেইসময়ত বলবৎ থকা কোনো বিধিৰ অধীনত প্ৰথমতেই বিঘটন কৰি দিয়া নহয়, তেন্তে ইয়াৰ প্রথম সভাৰ বাবে নিয়ত তাৰিখৰ পৰা পাঁচ বছৰ পৰ্য্যন্ত চলি থাকিব, কিন্তু ইয়াতকৈ অধিক নহয়।

(২) সেইসময়ত বলবৎ থকা কোনো বিধিৰ কোনো সংশোধনেৰে কোনো স্তৰত এনে পঞ্চায়তৰ যি এনে সংশোধনৰ অব্যৱহিত পূর্বে কার্য কৰি আছে, খণ্ড (১) ত বিনির্দিষ্ট ইয়াৰ ম্যাদ সমাপ্ত নোহোৱা পৰ্য্যন্ত বিঘটিত নহ’ব।

(৩) কোনো পঞ্চায়ত গঠন কৰাৰ বাবে নির্বাচন –

(ক) খণ্ড (১) ত বিনিদ্দিষ্ট ইয়াৰ ম্যাদৰ সমাপ্তিৰ পূর্বে

(খ) ইয়াৰ বিঘটনৰ তাৰিখৰ পৰা ছয় মাহ কালৰ সমাপ্তিৰ পূৰ্ব্বে সম্পূর্ণ কৰা হ’ব।

পৰন্তু, যত সেই অৱশিষ্ট কাল, যাৰ বাবে কোনো বিঘটিত পঞ্চায়ত ছয় মাহতকৈ কম কালৰ বাবে চলি থাকিলেহেঁতেন, সেই ক্ষেত্ৰত, এনে কালছোৱাৰ বাবে সেই পঞ্চায়ত গঠন কৰাৰ কাৰণে এই খণ্ডৰ অধীনত কোনো নির্বাচন অনুষ্ঠিত কৰাৰ আবশ্যক নহ’ব।

(৪) কোনো পঞ্চায়তৰ ম্যাদ সমাপ্তিৰ পূর্বে সেই পঞ্চায়ত বিঘটিত হোৱাত গঠিত কোনো পঞ্চায়ত, সেই কালৰ কেৱল অৱশিষ্ট ভাগৰ বাবে চলি থাকিব যাৰ বাবে বিঘটিত পঞ্চায়ত খণ্ড (১) ৰ অধীনত চলি থাকিলহেতেন, যদিহে এই দৰে বিঘটিত কৰা নহলহেতেন।

(২৪৩)(চ) সদস্য পদৰ বাবে অযোগ্যতা– (১) কোনো ব্যক্তি কোনো পঞ্চায়তৰ সদস্য বাছনি কৰাৰ কাৰণে আৰু সদস্য হোৱাৰ বাবে অযোগ্য হ’ব,–

(ক) যদি সংশ্লিষ্ট ৰাজ্যৰ বিধান মণ্ডলৰ নির্বাচন সমূহৰ প্ৰয়োজনার্থে সেইসময়ত বলবৎ থকা কোনো বিধিৰ দ্বাৰা বা অধীনত এনেদৰে অযোগ্য কৰা হয়।

পৰন্তু, কোনো ব্যক্তি তেওঁৰ বয়স পচিশ বছৰৰ কম এই আধাৰত অযোগ্য নহ’ব যদিহে তেওঁৰ একৈশ বছৰ বয়স হৈছে।

(খ) যদি তেওঁক ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ দ্বাৰা বা অধীনত এনেদৰে অযোগ্য কৰা হয়।

(২) যদি কোনো পঞ্চায়তৰ কোনো সদস্য খণ্ড (১)ত উল্লিখিত কোনো অযোগ্যতাৰ অধ্যধীন হয় নে নহয় এনে প্রশ্ন উত্থাপিত হয় তেতিয়া সেই প্রশ্ন, এনে প্ৰাধিকাৰীক আৰু এনে ৰীতিৰে যিদৰে ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা উপবন্ধিত কৰে, বিনিশ্চয়ৰ বাবে নির্দেশিত কৰিব পাৰিব।

(২৪৩)(ছ) পঞ্চায়ত সমূহৰ ক্ষমতাৱলী, প্ৰাধিকাৰ আৰু দ্বায়িত্বসমূহ– এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা পঞ্চায়ত সমূহক এনে ক্ষমতাৱলী আৰু প্ৰাধিকাৰ প্ৰদান কৰিব পাৰিব, যিটো ইয়াক স্বায়ত্ত শাসনৰ সংস্থা হিচাবে কার্য সম্পাদন কৰাত সমর্থ কৰাৰ বাবে আৱশ্যক হয় আৰু এনে বিধিত পঞ্চায়ত সমূহৰ সমুচিত স্তৰত, এনে চৰ্তসমূহৰ সাপেক্ষে, যাক ইয়াত বিনির্দিষ্ট কৰা হৈছে, নিম্নলিখিতবোৰৰ সম্বন্ধত ক্ষমতাৱলী আৰু দায়িত্বসমূহ অৰ্পণ কৰিবলৈ উপবন্ধ কৰিব পাৰিব, অর্থাৎ–

(ক) আর্থিক বিকাশ আৰু সামাজিক ন্যায়ৰ বাবে যোজনা সমূহ প্রস্তুত কৰাত;

(খ) একাদশ অনুসূচীত তালিকাভূক্ত বিষয় সমূহৰ সম্পৰ্কীয় সেই আচঁনিসমূহ সহ তেওঁলোকলৈ ন্যস্ত কৰিব পৰা আর্থিক বিকাশ আৰু সামাজিক ন্যায়ৰ এনে আচঁনি সমূহ কাৰ্য্যকৰীকৰণত।

(২৪৩)(জ) পঞ্চায়ত সমূহক দ্বাৰা কৰ আৰোপিত কৰাৰ ক্ষমতাৱলী আৰু ইয়াৰ নিধি সমূহ–  কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা—

(ক) এনে কৰ, শুল্ক পথকৰ আৰু মাচুল সমূহ উদগ্রহণ, সংগ্ৰহণ আৰু বিনিয়োজন কৰাৰ বাবে কোনো পঞ্চায়তক, এনে প্রক্রিয়া অনুসাৰে আৰু এনে পৰিসীমাৰ সাপেক্ষে, প্রাধিকৃত কৰিব পাৰিব;  (খ) ৰাজ্য চৰকাৰৰ দ্বাৰা উদগৃহীত আৰু সংগৃহীত এনে কৰ, শুল্ক পথকৰ আৰু মাচুল সমূহ কোনো পঞ্চায়তক, এনে প্ৰয়োজনাৰ্থে আৰু এনে চর্ত আৰু পৰিসীমাৰ সাপেক্ষে ন্যস্ত কৰিব পাৰিব;

(গ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পঞ্চায়তৰ বাবে এনে সহায়ক অনুদান দিয়াৰ বাবে উপবন্ধ কৰিব পাৰিব; আৰু

(ঘ) পঞ্চায়ত সমূহৰ দ্বাৰা বা ইয়াৰ হকে যথাক্রমে গ্ৰহণ কৰা সকলো ধন জমা কৰাৰ বাবে এনে নিধি সমূহৰ গঠন কৰিবলৈ আৰু এনে নিধিৰ পৰা এনে ধন উলিয়াবৰ বাবেও উপবন্ধ কৰিব পাৰিব, যিদৰে বিধিত বিনির্দিষ্ট কৰা হয়।

(২৪৩)(ঝ) বিত্তীয় অৱস্থাৰ পুনৰীক্ষণৰ বাবে বিত্ত আয়োগৰ গঠন– (১) কোনো ৰাজ্যৰ ৰাজ্যপাল,  সংবিধান (ত্রিসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ প্রাৰম্ভৰ পৰা এবছৰ ভিতৰত যথাশীঘ্ৰে, আৰু তাৰ পিচত প্রত্যেক পাঁচ বছৰৰ সমাপ্তিৰ পিচত, বিত্ত আয়োগ গঠন কৰিব, যি পঞ্চায়ত সমূহৰ বিত্তীয় অৱস্থাৰ পুনৰীক্ষণ কৰিব, আৰু যি–

(ক)(i)  কোনো ৰাজ্যৰ দ্বাৰা উদগৃহীত কৰ, শুল্ক, পথকৰ আৰু মাচুল সমূহৰ শুদ্ধ আগমৰ ৰাজ্য আৰু পঞ্চায়ত সমূহৰ মাজত, যাক এই ভাগৰ অধীনত ইয়াৰ মাজত বিভাজিত কৰিব পৰা যায়, তাৰ বিতৰণৰ আৰু সকলো স্তৰত পঞ্চায়ত সমূহৰ মাজত এনে আগম সমূহৰ তৎসম্বন্ধীয় অংশৰ আৱন্টনৰ;

 (ii) এনে কৰ, শুল্ক, পথকৰ আৰু মাচুল সমূহৰ অৱধাৰণৰ, যাক পঞ্চায়ত সমূহত ন্যস্ত কৰিব পৰা যায় বা তাৰ দ্বাৰা বিনিয়োজিত কৰিব পৰা যায়;

(iii) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা পঞ্চায়ত সমূহৰ বাবে সহায়ক অনুদানৰ, নিয়ন্ত্রণ কৰা সিদ্ধান্ত সমূহৰ সম্পৰ্কত, –

(খ) পঞ্চায়ত সমূহৰ বিত্তীয়, অৱস্থাৰ উন্নয়নৰ বাবে আৱশ্যকীয় ব্যৱস্থা সমূহৰ সম্পৰ্কত;

(গ) পঞ্চায়ত সমূহৰ সুস্থ বিত্তৰ স্বাৰ্থত ৰাজ্যপালৰ দ্বাৰা বিত্ত আয়োগক নির্দেশিত কৰা আন কোনো বিষয়ৰ সম্পৰ্কত ৰাজ্যপালক চুপাৰিছ কৰিব।

(২) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা, আয়োগৰ বিৰচনাৰ, সেই অৰ্হতা সমূহৰ, যি আয়োগৰ সদস্য হিচাবে নিযুক্তিৰ বাবে প্ৰয়োজনীয় হ’ব আৰু কি ৰীতেৰে তেওঁলোকৰ বাছনি কৰা হ’ব তাৰ উপবন্ধ কৰিব পাৰিব।

(৩) আয়োগে নিজৰ প্রক্রিয়া অৱধাৰিত কৰিব আৰু নিজৰ কৃত্য সমূহৰ পালনত ইয়াৰ এনে ক্ষমতাৱলী থাকিব যাক ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা তেওঁলোকক প্রদান কৰে।

(৪) ৰাজ্যপালে এই অনুচ্ছেদৰ অধীনত আয়োগৰ দ্বাৰা কৃত প্রত্যেক চুপাৰিছ, ইয়াৰ ওপৰত গৃহীত কাৰ্য্য ব্যৱস্থাৰ স্পষ্টীকাৰক জ্ঞাপনসহ, ৰাজ্যৰ বিধান মণ্ডলৰ সন্মুখত উপস্থাপিত কৰাব।

(২৪৩)(ঞ) পঞ্চায়ত সমূহৰ হিচাপ পৰীক্ষা- কোনো ৰাজ্য বিধান মণ্ডলে, বিধিৰ দ্বাৰা পঞ্চায়ত সমূহৰ দ্বাৰা এনে হিচাপ পত্র সমূহ ৰখা আৰু এনে হিচাপ পত্র সমূহৰ পৰীক্ষা কৰাৰ বিষয়ত উপবন্ধ কৰিব পাৰিব।

(২৪৩)(ট) পঞ্চায়তসমূহৰ নিৰ্বাচন– (১) পঞ্চায়ত সমূহৰ বাবে অনুষ্ঠিত সকলো নির্বাচনৰ কাৰণে নির্বাচক নামাৱলী প্রস্তুত কৰাব আৰু সেই সকলো নির্বাচনৰ সঞ্চালন, অধীক্ষণ, নির্দেৰ্শন আৰু নিয়ন্ত্রণ ৰাজ্যপালৰ দ্বাৰা নিয়োজিত কোনো এজন ৰাজ্যিক নির্বাচন আয়ুক্তৰে গঠিত এক ৰাজ্যিক নির্বাচন আয়োগত নিহিত থাকিব।

(২) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে, ৰাজ্যিক নির্বাচন, আয়ুক্তৰ সেৱাৰ.চৰ্তাৱলী আৰু পদাৱধি এনে হ’ব যাক ৰাজ্যপালে নিয়মৰ দ্বাৰা অৱধাৰিত কৰে।

পৰন্তু, ৰাজ্যিক নির্বাচন আয়ুক্তক তেওঁৰ পদৰ পৰা সেই ৰীতিৰে আৰু সেই কাৰণ সমূহৰ ওপৰতহে অপসাৰিত কৰিব পাৰিব, যি ৰীতিৰে আৰু যি কাৰণ সমূহৰ ওপৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰিত কৰা হয়, অন্যথা নহয়, আৰু ৰাজ্যিক নির্বাচন আয়ুক্তৰ সেৱাৰ চৰ্তাৱলীত তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ বাবে অলাভজনক পৰিৱৰ্তন কৰা নহ’ব।

(৩) যেতিয়া ৰাজ্যিক নির্বাচন আয়োগৰ দ্বাৰা এনে অনুৰোধ কৰা হয় তেতিয়া কোনো ৰাজ্যৰ ৰাজ্যপালে ৰাজ্যৰ নির্বাচন আয়োগক ইমান সংখ্যক কর্মচাৰী বৃন্দৰ ব্যৱস্থা কৰাব, যিমান খণ্ড (১) দ্বাৰা ৰাজ্যিক নির্বাচন আয়োগক প্রদত্ত কৃত্য সমূহৰ নিৰ্বহনৰ বাবে আৱশ্যক হয়।

(৪) এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা পঞ্চায়ত সমূহৰ নিৰ্বাচনৰ সম্পৰ্কত বা সংক্রান্তত সকলো বিষয়ৰ সম্বন্ধত উপবন্ধ কৰিব পাৰিব।

(২৪৩)(ঠ) সংঘ ৰাজ্যক্ষেত্ৰ সমূহত প্ৰয়োগ– এই ভাগৰ উপৱন্ধ সমূহ সংঘ ৰাজ্যক্ষেত্র সমূহত প্রয়োগ হ’ব আৰু কোনো সংঘ ৰাজ্যক্ষেত্ৰত ইয়াৰ প্ৰয়োগ এনে ধৰণে প্রভাবী হ’ব যেনিবা কোনো ৰাজ্যৰ ৰাজ্যপালৰ প্রতি নির্দেশ আৰু অনুচ্ছেদ ২৩৯ ৰ অধীনত নিযুক্ত সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসকৰ প্ৰতিহে নির্দেশ আৰু কোনো এনেসংঘ ৰাজ্যক্ষেত্ৰৰ সম্পৰ্কত, য’ত বিধান সভা আছে, সেই বিধান সভাৰ প্ৰতিহে নির্দেশ।

পৰন্তু, ৰাষ্ট্ৰপতিয়ে লোক অধিসূচনাৰ দ্বাৰা এই নির্দেশ দিব পাৰিব যে, এই ভাগৰ উপবন্ধ সমূহ কোনো সংঘ ৰাজ্য ক্ষেত্ৰত বা ইয়াৰ কোনো অংশত এনে ব্যতিক্রম বা ৰূপভেদ সাপেক্ষে প্রয়োগ হ’ব যাক তেওঁ এই অধিসূচনাত বিনির্দিষ্ট কৰে।

(২৪৩)(ড) এই ভাগ কিছুমান ক্ষেত্ৰত প্ৰয়োগ কৰা নহব– (১) এই ভাগৰ কোনো কথা অনুচ্ছেদ ২৪৪ ৰ খণ্ড (১) ত নির্দেশিত অনুসূচিত ক্ষেত্র সমূহত আৰু ইয়াৰ খণ্ড (২) ত নির্দেশিত জনজাতি ক্ষেত্র সমূহত প্রয়োগ নহ’ব।

(২) এই ভাগৰ কোনো কথাই নিন্মোক্তবোৰত প্রয়োগ নহ’ব, অর্থাৎ

(ক) নগালেণ্ড, মেঘালয় আৰু মিজোৰাম ৰাজ্যত;

(খ) মণিপুৰ ৰাজ্যৰ এনে পার্বত্য ক্ষেত্র সমূহত যাৰ বাবে সেইসময়ত বলবৎ থকা কোনো বিধিৰ অধীনত জিলা পৰিষদ বিদ্যমান।

 (৩) এই ভাগত-

(ক) কোনো কথাই জিলা স্তৰত পঞ্চায়ত সমূহৰ সম্বন্ধত পশ্চিম বঙ্গৰ দার্জিলিং জিলাৰ এনে পার্বত্য ক্ষেত্র সমূহত প্রয়োগ নহ’ব যাৰ বাবে লেইসময়ত বলবৎ থকা কোনো বিধিৰ অধীনত দার্জিলিং গোৰ্খা পার্বত্য পৰিষদ বিদ্যমান।

(খ) কোনো কথাই এই বিধিৰ অধীনত গঠিত দার্জিলিং গোৰ্খা পার্বত্য পৰিষদৰ কৃত্য আৰু ক্ষমতা সমূহৰ ওপৰত প্ৰভাৱ পেলোৱা বুলি অর্থ নকৰিব।

(৪) এই সংবিধানত কোনো কথা থকা সত্ত্বেও,

(ক) খণ্ড (২) ৰ উপখণ্ড (ক) ত নির্দিষ্ট কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা, এই ভাগৰ বিস্তাৰ খণ্ড (১) ত নির্দিষ্ট ক্ষেত্র সমূহৰ ব্যতিৰেকে, যদি কিবা থাকে, সেই ৰাজ্যত সেই ক্ষেত্ৰত কৰিব পাৰিব যদিহে সেই ৰাজ্যৰ বিধান সভাই সেই মর্মে এক সংকল্প সেই সদনৰ মুঠ সদস্য সংখ্যাৰ সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা আৰু সেই সদনত উপস্থিত থকা আৰু ভোটদান কৰা সদস্য সমূহৰ ন্যূনতম দুই-তৃতীয়াংশৰ সংখ্যা গৰিষ্ঠতাৰ দ্বাৰা পাৰিত কৰা হয়;

(খ) সংসদে, বিধিৰ দ্বাৰা, এই ভাগৰ উপবন্ধ সমূহৰ বিস্তাৰ, খণ্ড (১) ত নির্দিষ্ট, অনুসূচিত ক্ষেত্ৰ আৰু জনজাতি ক্ষেত্র সমূহত, এনে ব্যতিক্ৰম আৰু ৰূপভেদ সমূহৰ সাপেক্ষে, কৰিব পাৰিব যাক এনে বিধিত বিনির্দিষ্ট কৰা হয় আৰু এনে কোনো বিধি অনুচ্ছেদ ৩৬৮ ৰ প্ৰয়োজনার্থে, এই সংবিধানৰ সংশোধন বুলি গণ্য কৰা নহ’ব।

(২৪৩)(ঢ) বিদ্যমান বিধিসমূহ আৰু পঞ্চায়তসমূহ চলি থাকিব– এই ভাগত কোনো কথা থকা সত্ত্বেও, সংবিধান (ত্রিসপ্ততিতম সংশোধন) অধিনিয়ম, ১৯৯২ ৰ প্ৰাৰম্ভৰ অব্যৱহিত পূর্বে কোনো ৰাজ্যত বলবৎ থকা পঞ্চায়ত সমূহৰ সৈতে সম্পর্কিত কোনো বিধিৰ কোনো উপবন্ধ যি এই ভাগৰ উপবন্ধ সমূহৰ সৈতে অসংগত হয়, যিকোনো সমুচিত বিধান মণ্ডলৰ দ্বাৰা বা আন সমুচিত প্রাধিকাৰীৰ দ্বাৰা ইয়াক সংশোধিত বা নিৰসিত নকৰা পৰ্য্যন্ত বা এনে প্ৰাৰম্ভৰ পৰা এবছৰ সমাপ্ত নোহোৱা পৰ্য্যন্ত ইয়াৰ যিটোৱেই পূর্বে হয় বলবৎ থাক।

পৰন্তু, এনে প্ৰাৰম্ভৰ অব্যবহিত পূর্বে বিদ্যমান সকলে পঞ্চায়ত যদিহে, সেই  ৰাজ্যৰ বিধান সভাৰ দ্বাৰা বা বিধান পৰিষদ থকা কোনো ৰাজ্যৰ ক্ষেত্ৰত, সেই ৰাজ্যৰ বিধান মণ্ডলৰ প্রত্যেক সদনৰ দ্বাৰা পাৰিত সেই মর্মে কোনো সংকল্পৰ দ্বাৰা প্ৰথমতেই বিঘটন কৰি দিয়া নহয় তেতিয়া ইয়াৰ ম্যাদ সমাপ্তি পর্যন্ত চলি থাকিব।

(২৪৩)(ণ) নিৰ্বাচন সম্বন্ধীয় বিষয়সমূহত ন্যায়লয়সমূহৰ হস্তক্ষেপত বাধা– এই সংবিধানত কোনো কথা থকা সত্ত্বেও, – (ক) অনুচ্ছেদ ২৪৩ টৰ অধীনত প্রণীত বা প্রণীত বুলি তাৎপৰ্য্যিত কোনো এনে বিধিৰ বিধিমান্যতা, যি নির্বাচন সমুষ্টিৰ, পৰিসীমন বা এনে নির্বাচন সমষ্টি সমূহৰ আসনৰ আবণ্টনৰ সৈতে সম্বন্ধিত হয়, কোনো ন্যায়ালয়ত প্রশ্নাধীন নহ’ব;

(খ) কোনো পঞ্চায়তৰ বাবে কোনো নির্বাচন, কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ দ্বাৰা বা ইয়াৰ অধীনত উপবন্ধিত তেনে প্রাধিকাৰীক আৰু তেনে ৰীতিৰে অন্যথা নহয়, উপস্থাপন কৰা দৰ্খাস্তত ব্যতিৰেকে প্রশ্ন কৰা নহ’ব।

5 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x