তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ৰাজ্যসমূহৰ বিধান মণ্ডল – ভাৰতীয় সংবিধান(৬-খ)

ৰাজ্যসমূহ

তৃতীয় অধ্যায়

বিধান মণ্ডল

সাধাৰণ

(১৬৮) ৰাজ্যসমূহত বিধান মণ্ডল গঠন-(১) প্ৰত্যেক ৰাজ্যৰ বাবে একোখন বিধান মণ্ডল থাকিব আৰু ই গঠিত হ’ব ৰাজ্যপাল আৰু

(ক) অন্ধ্ৰ প্ৰদেশ, বিহাৰ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু উত্তৰ প্ৰদেশ ৰাজ্যত দুটা সদনেৰে;

(খ) আন ৰাজ্যবোৰত এটা সদনেৰে।

(২) যি ৰাজ্যৰ বিধান মণ্ডলৰ দুটা সদন থাকে তাৰে এটা বিধান পৰিষদ আৰু আনটো বিধান সভা বুলি জ্ঞাত হ’ব আৰু যি ৰাজ্যত কেৱল এটা সদন থাকে সেইটো বিধান সভা বুলি জ্ঞাত হ’ব।

(১৬৯) ৰাজ্যসমূহত বিধান পৰিষদ বিলোপন বা সৃষ্টিকৰণ- অনুচ্ছেদ ১৬৮ত যিকোনো কথা থকা সত্বেও সংসদে বিধিৰ দ্বাৰা এনে বিধান পৰিষদ থকা ৰাজ্যৰ বিধান পৰিষদ উঠাই দিবলৈ নাইবা তেনে বিধান পৰিষদ নথকা ৰাজ্যত তেনেকুৱা বিধান পৰিষদ গঠন কৰিবলৈ উপবন্ধ কৰিব পাৰে যদিহে বিধান সভাত মুঠ সদস্য সংখ্যাৰ সংখ্যাধিক্যৰ দ্বাৰা আৰু সভাত উপস্থিত থকা তথা ভোটদান কৰা সদস্যসকলৰ নুন্যতম দুই- তৃতীয়াংশ সংখ্যাধিক্যৰ দ্বাৰা এই উদ্দেশ্য সংকল্প পাৰিত হয়।

(২) খণ্ড (১)ত নিৰ্দেশিত কেনো বিধিত এই সংবিধানৰ সংশোধনৰ কাৰণে এনে উপবন্ধাৱলী অন্তৰ্বিষ্ট হ’ব যিবিলাক নেকি সেই বিধিৰ উপবন্ধ সমূহ কাৰ্যকৰী কৰিবলৈ আৱশ্যক হয় আৰু এনে অনুপুৰক, প্ৰাসংগিক আৰু আনুসংগিক উপবন্ধও অন্তৰ্বিষ্ট হব পাৰে যিবিলাক নেকি সংসদে আৱশ্যকীয় বুলি গণ্য কৰে।

(৩) অনুচ্ছেদ ৩৬৮ৰ প্ৰয়োজনৰ বাবে উপৰোক্ত তেনে কোনো বিধি এই সংবিধানৰ সংশোধন বুলি গণ্য কৰা নহ’ব।

(১৭০) বিধান সভা সমূহৰ গঠন- (১) অনুচ্ছেদ ৩৩৩ ৰ উপবন্ধাৱলীৰ অধীনত প্ৰত্যেক ৰাজ্যৰ বিধান সভা ৰাজ্যখনত থকা প্ৰাদেশিক নিৰ্বাচন সমষ্টি সমূহৰ পৰা প্ৰত্যক্ষ নিৰ্বাচনৰ দ্বাৰা নিৰ্বাচিত অনধিক পাঁচশ আৰু নুন্যতম ষাঠিজন সদস্যৰে গঠিত হ’ব।

(২) খণ্ড (১)ৰ প্ৰয়োজনৰ বাবে প্ৰত্যেক ৰাজ্যকে এনে ৰীতিত প্ৰাদেশিক নিৰ্বাচন সমষ্টিত ভাগ কৰা হ’ব যাত্ প্ৰত্যেক সমষ্টিৰ জনসংখ্যা  আৰু তাৰ বাবে আবণ্টিত আসনৰ সংখ্যাৰ মাজৰ অনুপাত সমগ্ৰ ৰাজ্যতে যথাসাধ্য একে হয়।

স্পষ্টীকৰণ- এই খণ্ডত ‘জনসংখ্যা’ পদে এনে অন্তিম পূৰ্বৱৰ্তী জন-গণনাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত হৈছে।

পৰন্তু, এই স্পষ্টীকৰণত প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত হোৱা অন্তিম পূৰ্বৱৰ্তী জনগণনাৰ প্ৰতি থকা নিৰ্দেশে ,২০০০ চনৰ পিছত অনুষ্ঠিত কৰা প্ৰথম জন-গণনাৰ প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত নোহোৱা পৰ্যন্ত,১৯৭১ চনৰ জন-গণনাৰ প্ৰতি কৰা নিৰ্দেশ বুলি অৰ্থ কৰা হ’ব।

(৩) প্ৰত্যেক জন-গণনাৰ সমাপ্তিৰ অন্তত প্ৰত্যেক ৰাজ্যৰ বিধানসভাত আসনৰ মুঠ সংখ্যা আৰু প্ৰত্যেক ৰাজ্যকে প্ৰাদেশিক নিৰ্বাচন সমষ্টিলৈ বিভাজনৰ পুনঃ সমাযোজন এনে প্ৰাধিকাৰীৰ দ্বাৰা এনে ৰীতি অনুসৰি কৰা হ’ব- যিটো নেকি সংসদে বিধিৰ দ্বাৰা নিৰ্দ্ধাৰিত কৰে :

পৰন্তু, এনে পুনঃ সমাযোজনে তত্কালীন বিদ্যমান বিধানসভাৰ বিঘটন নোহোৱা পৰ্যন্ত বিধান সভাত থকা প্ৰতিনিধিত্বৰ ওপৰত প্ৰভাৱ নেপেলাব।

অধিকন্তু, এনে পুনঃ সমাযোজন ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা যথা বিৰ্নিদিষ্ট কৰা তাৰিখৰ পৰাহে প্ৰভাৱী হ’ব আৰু এনে পুনঃ সমাযোজন প্ৰভাৱী নোহোৱা পৰ্যন্ত, তেনে পুনঃ সমাযোজনৰ পূৰ্বে বিদ্যমান প্ৰাদেশিক নিৰ্বাচন সমষ্টিৰ ভিত্তিত বিধান সভালৈ নিৰ্বাচন হ’ব পাৰিব।

পৰন্তু, যেতিয়ালৈকে ২০০০ চনৰ পিছত অনুষ্ঠিত প্ৰথম জন-গণনাৰ প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত নহয়, তেতিয়ালৈকে এই খণ্ডৰ অধীনত প্ৰত্যেক ৰাজ্যৰ বিধান সভাৰ আসনৰ মুঠ সংখ্যাৰ পুনঃসমাযোজন কৰাটো আৰু তেনে ৰাজ্যক প্ৰাদেশিক নিৰ্বাচন সমষ্টিলৈ বিভাজন কৰাটো আৱশ্যক নহ’ব।

(১৭১) বিধান পৰিষদৰ গঠন- (১) বিধান পৰিষদ থকা ৰাজ্যৰ বিধান পৰিষদৰ মুঠ সদস্যৰ সংখ্যা উক্ত ৰাজ্যৰ বিধান সভাৰ মুঠ সদস্য সংখ্যাৰ এক-তৃতীয়াংশৰ বেছি নহ’ব :

পৰন্তু, কোনো ৰাজ্যৰ বিধান পৰিষদৰ মুঠ সদস্য সংখ্যা কোনো অৱস্থাতে চল্লিশৰ কম নহ’ব।

(২) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰা পৰ্যন্ত কোনো ৰাজ্যৰ বিধান পৰিষদৰ গঠন খণ্ড(৩)ত যথা উপবন্ধিত অনুসাৰে হ’ব।

(৩) কোনো ৰাজ্যৰ বিধান পৰিষদৰ মুঠ সদস্য সংখ্যাৰ—

(ক) যিমান দূৰ পৰা যায় এক-তৃতীয়াংশ পৌৰসভা, জিলা-মণ্ডলী সমূহ আৰু সংসদে বিধিৰ দ্বাৰা নিৰূপিত কৰা মতে ৰাজ্যৰ তেনেকুৱা অন্যান স্থানীয় প্ৰাধিকাৰীৰ সদস্য সকলেৰে গঠিত নিৰ্বাচক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত কৰা হ’ব।

(খ) যিমান দূৰ পৰা যায় এক-দ্বাদশাংশ ৰাজ্যত বাস কৰা এনে ব্যক্তিৰে গঠিত নিৰ্বাচক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত কৰা হ’ব যিনেকি ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ কোনো বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হৈ অন্ততঃ তিনি বছৰ থাকে অথবা তিনি বছৰ এনে অৰ্হতা সম্পন্ন হৈ থাকে যি অৰ্হতা সংসদে কোনো বিধিৰ দ্বাৰা বা অধীনত এনে কোনো বিশ্ব বিদ্যালয়ৰ স্নাতকৰ সমতুল্য বুলি বিহিত কৰে;

(গ) যিমান দূৰ পৰা যায় এক-দ্বাদশাংশ ৰাজ্যত বাস কৰা এনে ব্যক্তিৰে গঠিত নিৰ্বাচক মণ্ডলীৰ দ্বাৰা নিৰ্বাচিত কৰা হ’ব যিনেকি সংসদে কোনো বিধিৰ দ্বাৰা বা অধীনত বিহিত কৰা অনুযায়ী ৰাজ্যত থকা মাধ্যমিক বিদ্যালয়তকৈ অনিম্ন স্তৰৰ শিক্ষানুষ্ঠানত শিক্ষা দিয়া কামত কমেও তিনি বছৰ কাল নিয়োজিত থাকে।

(ঘ) যিমান দূৰ পৰা যায় এক-তৃতীয়াংশ বিধান সভাৰ সদস্য সকলৰ দ্বাৰা বিধান সভাৰ সদস্য নোহোৱা ব্যক্তিৰ মাজৰ পৰা নিৰ্বাচিত কৰা হ’ব।

(ঙ) অৱশিষ্ট ভাগ খণ্ড(৫)ৰ উপবন্ধাৱলী অনুসাৰে ৰাজ্যপালৰ দ্বাৰা মনেনীত হ’ব।

(৪) খণ্ড (৩) ৰ উপখণ্ড (ক), (খ) আৰু (গ)ৰ অধীনত নিৰ্বাচিত হ’ব লগীয়া সদস্য সকলক সংসদে প্ৰস্তুত কৰা কোনো বিধিৰ দ্বাৰা বা অধীনতবিহিত কৰা এনেকুৱা প্ৰাদেশিক নিৰ্বাচন ক্ষেত্ৰত বাচনি কৰা হ’ব আৰু উপৰোক্ত উপখণ্ড আৰু উক্ত খণ্ডৰ উপখণ্ড (ঘ)ৰ অধীনত হ’ব লগীয়া নিৰ্বাচনৰ আনুপাতিক প্ৰতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্ৰমণীয় ভোটৰ দ্বাৰা হ’ব।

(৫) খণ্ড (৩)ৰ উপখণ্ড (ঙ) ৰ অধীনত ৰাজ্যপালে মনোনীত কৰিবলগীয়া ব্যক্তিসকল তলত উল্লেখ কৰা বিষয় সম্বন্ধে বিশেষ জ্ঞান আৰু কাৰ্যকৰী অভ্জ্ঞতা সম্পন্ন হ’ব লাগিব, যথা-

সাহিত্য, বিজ্ঞান,কলা, সমবায় আন্দোলন আৰু সমাজ সেৱা।

(১৭২) ৰাজ্য বিধআন মণ্ডলৰ কালৱধি- (১) আগতে বিঘটন নকৰিলে প্ৰত্যক ৰাজ্যৰ প্ৰত্যেক বিধান সভা প্ৰথম অধিবেশনৰ কাৰণে নিযুক্ত কৰা তাৰিখৰ পৰা পাঁচ বছৰৰ কাৰণে চলি থাকিব, ইয়াৰ অধিক কাল নহয়; আৰু উক্ত পাঁচ বছৰ কালৰ সমাপ্তিয়ে বিধআন সভাৰ বিঘটন ঘটাব।

পৰন্তু, উক্ত কাল সংকটকালীন উদঘোষণা চলি থকা সময়ত সংসদে বিধিৰ দ্বাৰা একেলগে এবছৰৰ অনধিক যিকোনো কালাৱধিৰ বাবে বঢ়াব পাৰিব আৰু উদঘোষণা শেষ হোৱাৰ পিছত যিকোনো ক্ষেত্ৰতে ছমাহৰ অধিক বঢ়াব নোৱাৰিব।

(২) কোনো ৰাজ্যৰ বিধান পৰিষদ বিঘটন নহ’ব, কিন্তু প্ৰতি দ্বিতীয় বছৰৰ অন্তত যথাশীঘ্ৰে সংসদে বিধিৰ দ্বাৰা এই উদ্দেশ্যে প্ৰস্তুত কৰা উপবন্ধ অনুসাৰে পৰিষদৰ যথা সম্ভৱ নিকটতম এক-তৃতীয়াংশ সদস্যই অৱসৰ গ্ৰহণ কৰিব।

(১৭৩) ৰাজ্যৰ বিধান মণ্ডলৰ সদস্যতাৰ বাবে অৰ্হতাসমূহ- কোনো ব্যক্তি ৰাজ্যৰ বিধান মণ্ডলৰ আসনৰ পূৰণৰ কাৰণে নিৰ্বাচিত হ’বলৈ যোগ্য নহ’ব যদিহে তেওঁ –

(ক) ভাৰতৰ নাগৰিক নহয় আৰু নিৰ্বাচন আয়োগৰ দ্বাৰা এই নিমিত্তে প্ৰাধিকৃত কোনো ব্যক্তিৰ আগত তৃতীয় অনুসূচীত এই প্ৰয়োজনৰ বাবে দিয়া প্ৰ-পত্ৰ অনুসাৰে শপত গ্ৰহণ বা প্ৰতিজ্ঞান নকৰে আৰু হস্তাক্ষৰ নিদিয়ে;

(খ) বিধান সভাৰ আসনৰ ক্ষেত্ৰত নুন্যতম পঁশিচ বছৰ আৰু বিধান পৰিষদৰ আসনৰ ক্ষেত্ৰত নুন্যতম ত্ৰিশ বছৰ বয়স প্ৰাপ্ত নহয়; আৰু

(গ) সংসদৰ দ্বাৰা প্ৰস্তুত কোনো বিধিৰ দ্বাৰা বা অধীনচ এই মৰ্মে বিহিত কৰি দিয়া অন্যান তেনে কোনো অৰ্হতা নাথাকে।

 (১৭৪) ৰাজ্যৰ বিধান মণ্ডলৰ অধিবেশন,সত্ৰাৱসান আৰু বিঘটন- (১) ৰাজ্যপালে সময়ে সময়ে ৰাজ্যিক বিধান মণ্ডলৰ সদনক বা প্ৰত্যেক সদনকে তেওঁ যি সময়ত আৰু যি স্থানত উচিত বুলি ভাবে  তেনে সময়ত আৰু স্থানত বৈথকৰ বাবে আহ্বান কৰিব, কিন্তু কোনো অধিবেশনৰ অন্তিম বৈথক আৰু তাৰ পৰৱৰ্তী অধিৱেশনৰ প্ৰথম বৈঠকৰ বাবে নিৰ্দিষ্ট তাৰিখৰ মাজৰ ব্যৱধান ছমাহ হ’ব নেৱাৰিব।

(২) ৰাজ্যপালে সময়ে সময়ে—

(ক) সদনৰ বা যিকোনোটো সদনৰ সত্ৰাৱসান কৰিব পাৰে।

(খ) বিধান সভা বিঘটন কৰিব পাৰে।

(১৭৫) সদনত বা উভয় সদনত অভিভাষণ দিবলৈ আৰু বাণী পঠাবলৈ ৰাজ্যপালৰ অধিকাৰ- (১) ৰাজ্যপালে বিধান সভাত অভিভাষণ দিব নাইবা বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ যিকোনোটো সদনত  নাইবা একত্ৰে সমবেত উভয় সদনত অভিভাষণ দিব পাৰে আৰু সেই উদ্দেশ্যে সদস্য সকলৰ উপস্থিতি বিচাৰিব পাৰে।

(২) বিধান মণ্ডলত তত্কালীন বিবেচনাধীন হৈ থকা কোনো বিধেয়কৰ সম্বন্ধেই হওক নাইবা আন বিষয়েই হওক ৰাজ্যপালে ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা উভয় সদনলৈ বাণী প্ৰেৰণ কৰিব পাৰে আৰু যিটো সদনলৈ বাণী এনে প্ৰকাৰে প্ৰেৰিত হয়, সেই সদনে যিমান শীঘ্ৰে সুবিধা সিমান শীঘ্ৰে সেই বাণীত বিচাৰৰ বাবে আপেক্ষিত যিকোনো বিষয়ৰ বিচাৰ কৰিব।

(১৭৬) ৰাজ্যপালৰ দ্বাৰা বিশেষ অভিভাষণ- বিধান সভাৰ বাবে হোৱা প্ৰত্যেকটো সাধাৰণ নিৰ্বাচনৰ পাছত বহা প্ৰথম অধিৱেশনৰ আৰম্ভণিতে আৰু প্ৰত্যেক বছৰৰ প্ৰথম অধিৱেশনৰ আৰম্ভণিতে ৰাজ্যপালে বিধান সভাত বা কোনো ৰাজ্যৰ বিধান পৰিষদ থাকিলে, একেলগে সমবেত হোৱা উভয় সদনত অভিভাষণ দিব আৰু বিধান মণ্ডল আহ্বান কৰাৰ কাৰণসমূহ বিধান মণ্ডলক জনাব।

(২) সদন বা যিকোনোটো সদনৰ প্ৰক্ৰিয়াৰ বিনিয়ামক নিয়মাৱলীৰ দ্বাৰা এনে অভিভাষণত নিৰ্দেশিত বিষয় সমূহৰ আলোচনাৰ বাবে সময় ৰাখিবৰ বাবে উপবন্ধ কৰিব লাগিব।

(১৭৭) সদনৰ সম্পৰ্কত মন্ত্ৰীসকল আৰু মহাধিবক্তাৰ অধিকাৰ- কোনো ৰাজ্যৰ প্ৰত্যেক মন্ত্ৰীৰ আৰু মহাধিবক্তাৰ ৰাজ্যৰ বিধান সভাত আৰু বিধান পৰিষদ থকা ৰাজ্যৰ উভয় সদনত কথা কোৱাৰ আৰু অন্যথা কাৰ্যবাহীত অংশ গ্ৰহণ কৰাৰ আৰু বিধান মণ্ডলৰ যিকোনো সমিতিৰ সদস্য হিচাপে তেওঁৰ নাম দিলে তাত কথা কোৱাৰ আৰু অন্যথা তাৰ কাৰ্যবাহীত আংশগ্ৰহণ কৰাৰ অধিকাৰ থাকিব, কিন্তু এই অনুচ্ছেদৰ অধীনত ভোটদানৰ অধিকাৰী নহ’ব।

ৰাজ্যিক বিধান মণ্ডলৰ পদাধিকাৰীসকল

(১৭৮) বিধান সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ- ৰাজ্যৰ বিধান সভাই যথাসম্ভৱ শীঘ্ৰে সভাৰ দুজন সদস্যক অধ্যক্ষ আৰু উপাধ্যক্ষ ৰূপে বাছি ল’ব আৰু যেতিয়াই অধ্যক্ষ নাইবা উপাধ্যক্ষৰ পদ ৰিক্ত হয় তেতিয়াই সভাই আন এজন সদস্যক স্থান বিশেষে অধ্যক্ষ নাইবা উপাধ্যক্ষ ৰূপে বাছি ল’ব।

(১৭৯) অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ- বিধান সভাৰ অধ্যক্ষ বা উপাধ্যক্ষ ৰূপে পদ ধাৰণ কৰি থকা কোনো সদস্যই –

(ক) যদি তেওঁ বিধান সভাক সদস্য নোহোৱা হয় তেনেহ’লে তেওঁৰ পদ ৰিক্ত কৰি দিব;

(খ) যদি তেওঁ অধ্যক্ষ হয় তেনেহ’লে উপাধ্যক্ষলৈ আৰু যদি তেওঁ উপাধ্যক্ষ হয় তেনেহ’লে অধ্যক্ষলৈ সম্বোধন কৰি যিকোনো সময়তে স্বাক্ষৰিত লিখনৰ দ্বাৰা লিখিত ভাবে পদত্যাগ কৰিব পাৰে; আৰু

(গ) বিধান সভাৰ তত্কালীন সমূহ সদস্যৰ সংখ্যাধিক্যৰ দ্বাৰা পাৰিত কোনো সংকল্পৰ দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব :

পৰন্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্ৰায় জনাই অন্ততঃ চৈধ্য দিনৰ সূচনা নিদিয়াকৈ খণ্ড(গ)ৰ প্ৰয়োজনৰ বাবে তেনে কোনো সংকল্প উপস্থাপিত কৰিব নোৱাৰিব।

অধিকন্তু, বিধান সভাৰ যেতিয়াই বিঘটন হয় তেতিয়াই বিঘটনৰ পৰৱৰ্তী বিধান সভাৰ প্ৰথম বৈঠক বহাৰ পূৰ্বেলৈকে অধ্যক্ষই তেওঁৰ পদ ৰিক্ত নকৰিব।

(১৮০) অধ্যক্ষ ৰূপে কাৰ্য চলাবলৈ বা সেই পদৰ কৰ্তব্য পালন কৰিবলৈ উপাধ্যক্ষৰ বা আন ব্যক্তিৰ ক্ষমতা- (১) যেতিয়াই অধ্যক্ষৰ পদ ৰিক্ত হয় তেতিয়াই সেই পদৰ কৰ্তব্য সমূহ উপাধ্যক্ষই বা যদি উপাধ্যক্ষৰ পদো ৰিক্ত হয় তেতিয়া ৰাজ্যপালে সেই উদ্দেশ্যেৰে নিযুক্ত কৰা বিধান সভাৰ আন কোনো সদস্যই পালন কৰিব।

(২) বিধান সভাৰ কোনো বৈঠকত অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই আৰু যদি তেওঁ অনুপস্থিত থাকে তেনেহ’লে সভাৰ প্ৰক্ৰিয়াৰ নিয়মাৱলীৰ দ্বাৰা যথা নিৰ্দ্ধাৰিত কোনো ব্যক্তিয়ে অথবা তেনেকুৱা ব্যক্তিও যদি উপস্থিত নাথাকে তেনেহ’লে সভাৰ দ্বাৰা যথা নিৰ্দ্ধাৰিত অন্য কোনো ব্যক্তিয়ে অধ্যক্ষ ৰূপে কাৰ্য কৰিব।

(১৮১) পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তাৱ বিচাৰাধীন হৈ থকা কালত অধ্যক্ষ নাইবা উপাধ্যক্ষই সভাপতিত্ব নকৰিব- (১) বিধান সভাৰ কোনো বৈঠকত যেতিয়া অধ্যক্ষক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া অধ্যক্ষই বা যেতিয়া উপাধ্যক্ষক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপাধ্যক্ষই উপস্থিত থাকিলেও বৈঠকত সভাপতিত্ব নকৰিব আৰু স্থান বিশেষে অধ্যক্ষ নাইবা উপাধ্যক্ষ অনুপস্থিত থকা বৈঠকত অনুচ্ছেদ ১৮০ ৰ খণ্ড(২)ৰ উপখণ্ড সমূহ যেনেকৈ প্ৰযোজ্য হয় এনে প্ৰত্যেক বৈঠকৰ সম্পৰ্কতো সেই উপবন্ধ সমূহ তেনেকৈ প্ৰযোজ্য হ’ব।

(২) বিধান সভাত তেওঁক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থকা কালত বিধান সভাত কথা ক’বলৈ আৰু অন্যথা সভাৰ কাৰ্যবাহীত অংশগ্ৰহণ কৰিবলৈ অধ্যক্ষৰ অধিকাৰ থাকিব আৰু অনুচ্ছেদ ১৮৯ত যিকোনো কথা থকা সত্বেও তেনেকুৱা সংকল্পত বা তেনেকুৱা কাৰ্যবাহীৰ কালত অন্য যিকোনো বিষয়ত মাত্ৰ প্ৰথমবাৰহে ভোটদান কৰাৰ অধিকাৰী হ’ব কিন্তু ভোটৰ সমতাৰ ক্ষেত্ৰত নহ’ব।

(১৮২) বিধান পৰিষদৰ সভাপতি আৰু উপ-সভাপতি- বিধান পৰিষদ থকা প্ৰত্যেক ৰাজ্যৰে বিধান পৰিষদে যথা সম্ভৱ শীঘ্ৰে পৰিষদৰ দুজন সদস্যক যথাক্ৰমে সভাপতি আৰু উপ-সভাপতি ৰূপে বাছি লব আৰু যেতিয়াই সভাপতি নাইবা উপ-সভাপতিৰ পদ ৰিক্ত হয় পৰিষদে আন এজন সদস্যক স্থান বিশেষে সভাপতি বা উপ-সভাপতি ৰূপে বাছি লব।

(১৮৩) সভাপতি আৰু উপ-সভাপতি পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ- বিধান পৰিষদৰ সভাপতি বা উপ-সভাপতি ৰূপে পদ ধাৰণ কৰি থকা কোনো সদস্যই—

(ক) যদি তেওঁ পৰিষদৰ সদস্য নোহোৱা হয় তেনেহ’লে নিজৰ পদ ৰিক্ত কৰি দিব।

(খ) যদি তেনেকুৱা সদস্যজন সভাপতি হয় তেনেহ’লে উপ-সভাপতিক আৰু যদি তেনেকুৱা সদস্যজন উপ-সভাপতি হয় তেনেহ’লে সভাপতিক সম্বোধন কৰি যিকোনো সময়তে স্বাক্ষৰিত লিখনৰ দ্বাৰা নিজৰ পদ ত্যাগ কৰিব পাৰে; আৰু

(গ) পৰিষদৰ তত্কালীন সদস্যসমূহৰ সংখ্যাধিক্যৰ দ্বাৰা পাৰিত কোনো সংকল্পৰ দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব।

পৰন্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্ৰায় জনাই অন্ততঃ চৈধ্য দিনৰ সূচনা নিদিয়াকৈ খণ্ড(গ)ৰ প্ৰয়োজনৰ বাবে তেনে কোনো সংকল্প উপস্থাপিত কৰিব নোৱাৰিব।

(১৮৪) সভাপতি পদৰ কৰ্তব্য পালন কৰিবলৈ নাইবা সভাপতি ৰূপে কাৰ্য কৰিবলৈ উপ-সভাপতি বা আন ব্যক্তিৰ ক্ষমতা- (১) যেতিয়া সভাপতিৰ পদ ৰিক্ত হয় তেতিয়া উপ-সভাপতিৰ দ্বাৰা আৰু যদি উপ-সভাপতিৰ পদো ৰিক্ত হয় তেনেহ’লে পৰিষদৰ এনে এজন সদস্যৰ দ্বাৰা সভাপতি পদৰ কৰ্তব্য পালন কৰা হব যাক নেকি ৰাজ্যপালে সেই প্ৰয়োজনাৰ্থে নিযুক্ত কৰে।

(২) পৰিষদৰ কোনো বৈঠকত সভাপতিৰ অনুপস্থিতিত উপ-সভাপতিয়ে আৰু যদি তেৱো অনুপস্থিত তাকে তেনেহ’লে পৰিষদৰ প্ৰক্ৰিয়াৰ নিয়মাৱলীৰ দ্বাৰা যথা নিৰ্দ্ধাৰিত কোনো ব্যক্তিয়ে অথবা কেনেকুৱা ব্যক্তিও উপস্থিত নাথাকে তেনেহ’লে পৰিষদৰ দ্বাৰা যথা নিৰ্দ্ধাৰিত অন্য কোনো ব্যক্তিয়ে সভাপতি ৰূপে কাৰ্য কৰিব।

(১৮৫) পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তাৱ বিচাৰাধীন হৈ থকা কালত সভাপতি নাইবা উপ-সভাপতিয়ে সভাপতিত্ব নকৰিব- (১) বিধান পৰিষদৰ কোনো বৈঠকত যেতিয়া সভাপতিক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া সভাপতিয়ে আৰু যেতিয়া উপ-সভাপতিক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপ-সভাপতিয়ে উপস্থিত থাকিলেও বিধান পৰিষদৰ কোনো বৈঠকত সভাপতিত্ব নকৰিব আৰু স্থান বিশেষে সভাপতি নাইবা উপ-সভাপতিৰ অনুপস্থিত থকা বৈঠকত অনুচ্ছেদ ১৮৪ৰ খণ্ড(২)ৰ উপবন্ধ সমূহ যেনেকৈ প্ৰযোজ্য হয় এনে প্ৰত্যেক বৈঠকৰ সম্পৰ্কতো সেই উপবন্ধসমূহ তেনেকৈ প্ৰযোজ্য হব।

(২) বিধান পৰিষদত তেওঁৰ পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থকা কালত বিধান পৰিষদত কথা ক’বলৈ আৰু অন্যথা সভাৰ কাৰ্যবাহীত অংশগ্ৰহণ কৰিবলৈ সভাপতিৰ অধিকাৰ থাকিব আৰু অনুচ্ছেদ ১৮৯ত যিকোনো থকা সত্বেও তেনেকুৱা সংকল্পত বা তেনেকুৱা কাৰ্যবাহীৰ কালত অন্য যিকোনো বিষয়ত মাত্ৰ প্ৰথমবাৰহে ভোটদানৰ অধিকাৰী হ’ব, কিন্তু ভোটৰ সমতাৰ ক্ষেত্ৰত নহ’ব।

(১৮৬) অধ্যক্ষ, উপাধ্যক্ষ, সভাপতি আৰু উপ-সভাপতিৰ বেতন আৰু ভাত্তা – বিধান ভাৰ অধ্যক্ষক আৰু উপাধ্যক্ষক বিধান পৰিষদৰ সভাপতিক আৰু উপ সভাপতিক ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা যথাক্ৰমে নিৰ্দিষ্ট কৰা অনুসৰি বেতন আৰু ভাত্তা সমূহ দিয়া হ’ব আৰু সেই মৰ্মে উপবদ্ধ প্ৰস্তুত নকৰালৈকে বিত্তীয় অনুসূচীত যথা বিনিৰ্দিষ্ট বেতন আৰু ভাত্তা সমূহ দিয়া হ’ব।

 (১৮৭)ৰাজ্যৰ বিধান মণ্ডলৰ সচিবালয়- (১) ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ বা প্ৰত্যেক সদনৰে পৃথক সচিবক কৰ্মচাৰীবৃন্দ থাকিব।

পৰন্তু, বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষেত্ৰত এই খণ্ডৰ কোনো কথাই এনেকুৱা বিধান মণ্ডলৰ উভয় সদনৰ কাৰণে উমৈহতীয়া পদ সৃষ্টি কৰাত বাধা আৰোপ কৰা বুলি অৰ্থ নকৰিব।

(২) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা ৰাজ্যৰ বিধান মণ্ডলৰ এটা নাইবা উভয় সদনৰে সচিবক কৰ্মচাৰী বৃন্দৰ ভৰ্তিৰ আৰু তাত নিযুক্ত ব্যক্তিসকলৰ সেৱাৰ চৰ্তসমূহ বিনিময় কৰিব পাৰিব।

(৩) খণ্ড-২ ৰ অধীনত যেতিয়ালৈকে ৰাজ্যৰ বিধান মণ্ডলে উপবদ্ধ প্ৰস্তুত নকৰে তেতিয়ালৈকে ৰাজ্যপালে স্থান বিশেষে বিধান সভাৰ অধ্যক্ষৰ লগত নাইবা বিধান পৰিষদৰ সভাপতিৰ লগত পৰামৰ্শ কৰাৰ পিছত বিধানসভা নাইবা পৰিষদৰ সচিবিক কৰ্মচাৰী বৃন্দৰ ভৰ্তিৰ আৰু তাত নিযুক্ত ব্যক্তিসকলৰ সেৱাৰ চৰ্তসমূহৰ বিনিময় কৰি নিয়ম প্ৰস্তুত কৰিব পাৰে আৰু তেনেকুৱাকৈ প্ৰস্তুত কৰা যিকোনো নিয়ম উক্ত খণ্ডৰ অধীনত প্ৰস্তুত যিকোনো বিধিৰ উবদ্দ সাপেক্ষে প্ৰভাৱী হ’ব।

কাৰ্য পৰিচালনা

(১৮৮) সদস্যসকলৰ দ্বাৰা শপত গ্ৰহণ বা প্ৰতিজ্ঞান – ৰাজ্যৰ বিধান সভা নাইবা বিধান পৰিষদৰ প্রত্যেক সদস্যই নিজৰ আসন গ্রহণ কৰাৰ পূৰ্বে ৰাজ্যপাল বা তেওঁৰ দ্বাৰা সেই উদ্দেশ্যে নিযুক্ত অন্য কোনো ব্যক্তিৰ সন্মুখত তৃতীয় অনুসূচীত এই প্রয়োজনৰ কাৰণে দিয়া হোৱা প্ৰপত্র অনুসাৰে শপত ল’ব বা প্রতিজ্ঞান কৰিব আৰু তাত হস্তাক্ষৰ কৰিব।

(১৮৯)সদনসমূহত ভোটদান, ৰিক্ত আসন থকা স্বত্তেও সদনসমূহৰ কাৰ্য কৰিবলৈ ক্ষমতা আৰু থূল– (১) এই সংবিধানত অন্যথা উপবদ্ধিত কৰা অবস্থাৰ ব্যতিৰেকে কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ কোনো বৈঠকত সকলো প্ৰশ্নৰ নিৰ্দ্ধাৰণ অধ্যক্ষ বা সভাপতি বা তেনেদৰে কাৰ্য কৰা ব্যক্তিৰ বাহিৰে, উপস্থিত থকা আৰু ভোট দান কৰা সদস্যসকলৰ ভোটাধিকাৰ দ্বাৰা কৰা হ’ব।

অধ্যক্ষই নাইবা সভাপতিয়ে বা তেনেদৰে কাৰ্য কৰা ব্যক্তিয়ে প্রথমতঃ ভোট দান নকৰিব কিন্তু ভোটৰ সমতাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভোট পাব আৰু তাক প্ৰয়োগ কৰিব।

(২) কোনো সদস্য পদ ৰিক্ত হৈ থাকিলেও ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ কার্য কৰাৰ ক্ষমতা থাকিব আৰু হক্ নথকা কোনো ব্যক্তি কাৰ্যবাহীত উপস্থিত থকা, ভোট দান কৰা নাইবা অন্যথা অংশ গ্ৰহণ কৰা বুলি পিচত প্ৰকাশ পালেও ৰাজ্যৰ বিধান মণ্ডলৰ যিকোনো কাৰ্য্যবাহী বিধিমান্য হ’ব।

(৩) যেতিয়ালৈকে ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা, অন্যথা উপবদ্ধিত নকৰে তেতিয়ালৈকে ৰাজ্যৰ বিধান মণ্ডলৰ একোটা সদনৰ অধিবেশন গঠিত কৰিবলৈ আৱশ্যকীয় থূল দহজন সদস্য বা সদনৰ সম্পূর্ণ সদস্য সংখ্যাৰ এক-দশমাংশৰ যিটোৱেই অধিক সেইটোৱেই হ’ব।

(৪) যদি কোনো সময়ত ৰাজ্যৰ বিধান সভা অথবা বিধান পৰিষদৰ কোনো বৈঠকত থূল নহয় তেনেহলে অধ্যক্ষ বা সভাপতি বা সেই ৰূপে কাৰ্য কৰা ব্যক্তিৰ কর্তব্য হ’ব, হয় সদন স্থগিত কৰা অথবা থূল নোহোৱালৈকে বৈঠক নিলম্বিত কৰা।

সদস্যসকলৰ অনৰ্হতাসমূহ

(১৯০) আসনৰ ৰিক্ততা- (১) কোনো ব্যক্তিয়েই ৰাজ্যৰ বিধান মণ্ডলৰ উভয় সদনৰ সদস্য নহব আৰু কোনো ব্যক্তি উভয় সদনৰ সদস্য হলে ইটো বা সিটো সদনত তেওঁৰ আসন ৰিক্ত কৰাৰ,কাৰণেৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা উপবন্ধ কৰিব।

(২) কোনো ব্যক্তি প্রথম অনুসূচীত বিনিৰ্দ্দিষ্ট দুখন বা ততোধিক ৰাজ্যৰ বিধান

মণ্ডলৰ সদস্য নহব আৰু যদি কোনো ব্যক্তিক তেনেকুৰা দুখন বা ততোধিক ৰাজ্যৰ বিধান

মণ্ডলৰ সদস্য বাছি লোৱা হয় তেনেহলে ৰাষ্ট্ৰপতিৰ দ্বাৰা প্রস্তুত নিয়মাবলীত  যথা বিনিৰ্দিষ্ট

কাল ছোৱাৰ সমাপ্তিত তেনেকুৱা সকলো বিধান মণ্ডলত সেই ব্যক্তিৰ আসন ৰিক্ত হব যদিহে  তেওঁ ইতিপূৰ্বে এখন ৰাজ্যৰ বাহিৰে আন সকলো ৰাজ্যৰ বিধান মণ্ডল সমূহত তেওঁৰ আসন ত্যাগ নকৰে।

(৩) যদি কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ কোনো সদস্য–

(ক) অনুচ্ছেদ ১৯১ৰ খণ্ড(১) বা খণ্ড(২)ত  উল্লিখিত অনৰ্হতা, সমূহৰ  কোনোটোৰ অধীনস্থ হয়; কিম্বা

(খ) যথাস্থিতি অধ্যক্ষ বা সভাপতিক সম্বোধন কৰি স্বাক্ষৰিত লিখনৰ দ্বাৰা নিজৰ আসন ত্যাগ কৰে আৰু যথাস্থিতি অধ্যক্ষ বা সভাপতিৰ দ্বাৰা তেওঁৰ পদত্যাগ গৃহীত কৰা হয়,  তেনেহলে তেওঁৰ আসন তেতিয়াই ৰিক্ত হ’ব।

পৰন্তু, উপখণ্ড (খ)ত উল্লিখিত কোনো পদত্যাগৰ ক্ষেত্ৰত যদিহে প্রাপ্ত সংবাদৰ পৰা বা আন প্রকাৰে আৰু তেওঁ উপযুক্ত বুলি বিবেচনা কৰা তেনে কোনো তদন্তৰ পিচত, যথাস্থিতি অধ্যক্ষ বা সভাপতি এইবুলি সন্তুষ্ট হয় যে তেনে পদত্যাগ স্বেচ্ছাকৃত বা প্রকৃত নহয়, তেনেহলে তেওঁ তেনে পদত্যাগ গ্ৰহণ নকৰিব।

(৪) যদি কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনোটো সদনৰ কোনো সদস্য সদনৰ অনুজ্ঞা নোলোৱাকৈ যাঠি দিন কালাবধি সদনৰ সকলোবোৰ বৈঠকত অনুপস্থিত থাকে তেনেহলে সদনে তেওঁৰ আসন ৰিক্ত হোৱা বুলি ঘোষণা কৰিব পাৰিব।

পৰন্তু, ষাঠি দিনৰ উক্ত কালাৱধি সংগণনা কৰোতে যি কালছোৱাত সদনৰ সত্ৰাৱসান হয় বা একেলেঠাৰিয়ে চাৰি দিনতকৈও অধিক সদন স্থগিত হয় সেই কালছোৱা লেখত লোৱা নহ’ব।

 (১৯১) সদস্য পদৰ কাৰণে অনৰ্হতাসমূহ- (১) কোনো ব্যক্তি কোনো ৰাজ্যৰ বিধান সভা নাইবা বিধান পৰিষদৰ সদস্যৰূপে বাছনি পাবলৈ বা সদস্য হ’বলৈ অনৰ্হ হ’ব –

(ক) যদি তেওঁ ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা পদধাৰীক অনৰ্হ নকৰে বুলি ঘোষণা কৰা পদৰ বাহিৰে ভাৰত চৰকাৰৰ অথবা প্রথম অনুসূচীত বিনিৰ্দিষ্ট কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত কোনো লাভৰ পদ ধাৰণ কৰি থাকে;

(খ) যদি তেওঁ বিকৃত-চিত্ত হয় আৰু কোনো সক্ষম ন্যায়ালয়ৰ দ্বাৰা এনেদৰে ঘোষিত হয়;

(গ) যদি তেওঁ অনুন্মুক্ত দেউলীয়া হয়;

(ঘ) যদি তেওঁ ভাৰতৰ নাগৰিক নহয়, বা স্বেচ্ছাকৃত ভাবে কোনো বিদেশী ৰাজ্যৰ নাগৰিকতা, অৰ্জন কৰিছে, অথবা কোনো বিদেশী ৰাজ্যৰ প্রতি আনুগত্য বা আসক্তি অভিস্বীকাৰৰ অধীনত আছে।

(ঙ) যদি সংসদৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ দ্বাৰা বা অধীনত তেওঁক তেনেদৰে অনৰ্হ কৰা হৈছে।

স্পষ্টীকৰণ– এই খণ্ডৰ প্রয়োজনৰ বাবে কোনো  ব্যক্তি সংঘৰ অথবা প্রথম অনুসূচীত বিনিৰ্দ্দিষ্ট কোনো ৰাজ্যৰ মন্ত্ৰী হোৱা কাৰণতেই ভাৰত চৰকাৰৰ অথবা তেনেকুৱা কোনো ৰাজ্য চৰকাৰৰ অধীনত তেওঁ লাভৰ পদ ধাৰণ কৰা বুলি গণ্য কৰা নহ’ব।

(২) কোনো ব্যক্তি কোনো ৰাজ্যৰ বিধান সভাৰ বা বিধান পৰিষদৰ সদস্য হ’বলৈ অনৰ্হ হ’ব যদিহে তেওঁ দশম অনুসূচীৰ অধীনত এনেদৰে অনৰ্হ হয়।

(১৯২) সদস্যসকলৰ অনৰ্হতা বিষয়ক প্ৰশ্নৰ ওপৰত বিনিশ্চয় (১) যদি কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনোটো সদনৰ কোনো সদস্য অনুচ্ছেদ ১৯১ৰ খণ্ড (১)ত উল্লিখিত অনৰ্হতা সমূহৰ কোনোটোৰ অধীনস্থ হোৱা বা নোহোৱা সম্পৰ্কে কো্‌নো প্রশ্ন উঠে তেনেহলে প্রশ্নটো ৰাজ্যপালৰ বিনিশ্চয়ৰ কাৰণে পঠোৱা হ’ব আৰু তেওঁৰ বিনিশ্চয়েই চূড়ান্ত হ’ব।

(২) এনেকুৱা কোনো প্রশ্নৰ ওপৰত বিনিশ্চয় দিয়াৰ পূৰ্বে ৰাজ্যপালে নিৰ্বাচন আয়োগৰ মতামত ল’ব আৰু এনে মতামত অনুসাৰে কাৰ্য্য কৰিব।‌

(১৯৩) অনুচ্ছেদ ১৮৮ৰ অধীনত শপত গ্ৰহণ বা প্ৰতিজ্ঞান কৰাৰ পূৰ্বে অথবা অৰ্হ নোহোৱাকৈ বা অনৰ্হ হৈ সদস্যৰ স্থানত বহা আৰু ভোট দিয়াৰ কাৰণে দণ্ড – যদি কোনো ব্যক্তিয়ে অনুচ্ছেদ ১৮৮ৰ প্রয়োজনীয়তা সমূহ পূৰ্ণ কৰাৰ পূৰ্ব ৰাজ্যৰ বিধান সভা বা বিধান পৰিষদৰ সদস্য ৰূপে বহে বা ভোট দিয়ে অথবা যেতিয়া তেওঁ তাৰ সদস্যতাৰ বাবে অর্হ নহয় বা অনৰ্হ বুলি জানিও, অথবা সংসদৰ দ্বাৰা বা ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্রস্তুত কোনো বিধিৰ উপবন্ধৰ দ্বাৰা তেওঁক তেনেকৈ বহিবলৈ বা ভোট দিবলৈ নিষিদ্ধ কৰা বুলি জানিও তেনে কৰে, তেনেহ’লে তেওঁ তেনেকৈ বহা বা ভোট দিয়া প্রত্যেক দিনৰ বাবে পাঁচশ টকাৰ দণ্ডৰ বাবে দায়ী হ’ব আৰু সেই টকা ৰাজ্যক দিবলগীয়া ঋণ হিচাবে উচ্চলযোগ্য হ’ব।

ৰাজ্যিক বিধান মণ্ডলসমূহৰ আৰু তাৰ সদস্যসকলৰ বিশেষাধিকাৰ আৰু উন্মুক্তিসমূহ

(১৯৪) বিধানমণ্ডলৰ সদনসমূহৰ আৰু তাৰ সদস্যসকলৰ আৰু সমিতিসমূহৰ ক্ষমতা,বিশেষাধিকাৰ প্ৰভৃতি- (১) এই সংবিধানৰ উপবন্ধাৱলী আৰু বিধান মণ্ডলৰ প্ৰক্রিয়া-বিনিয়ামক নিয়মাৱলী

আৰু স্থায়ী আদেশ সমূহৰ সাপেক্ষে প্রত্যেক ৰাজ্যৰ বিধান মণ্ডলত বাক্‌ স্বাধীনতা থাকিব।

(২) বিধান মণ্ডলত বা তাৰ কোনো সমিতিত কোৱা কোনো কথা বা দিয়া কোনো ভোটৰ সম্বন্ধত ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদস্যৰ বিৰুদ্ধে কোনো ন্যায়ালয়ত কোনো কাৰ্যবাহী নচলিব আৰু এনেকুবা বিধান মণ্ডলৰ কোনো সদনৰ প্রধিকাৰৰ দ্বাৰা বা অধীনত কোনো প্রতিবেদন, পত্র, ভোট বা কাৰ্যবাহীৰ প্রকাশৰ সম্বন্ধতো কোনো ব্যক্তি তেনে ধৰণে দায়ী নহ’ব।

(৩) অন্যান্য বিষয়ত কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ আৰু এনেকুৱা বিধান মণ্ডলৰ কোনো সদনৰ সদস্য সকলৰ আৰু সমিতিবোৰৰ ক্ষমতা, বিশেষাধিকাৰ আৰু উন্মুক্তিসমূহ বিধান মণ্ডলে সময়ে সময়ে বিধিৰ দ্বাৰা যথা পৰিভাষিত কৰি দিয়া অনুসাৰে হ’ব  আৰু তেনেকৈ পৰিভাষিত নোহোৱা পৰ্যন্ত সংবিধান (চতুঃচত্বাৰংশি সংশোধন) অধিনিয়ম, ১৯৭৮ৰ ধাৰা ২৬ বলবৎ হোৱাৰ অব্যৱহিত পূৰ্বে সেই সদনৰ আৰু তাৰ সদস্যসকলৰ আৰু সমিতিবোৰৰ যিবিলাক ক্ষমতা, বিশেষাধিকাৰ আৰু উন্মুক্তি থাকে সেই বিলাকেই হ’ব।

(৪) এই সংবিধানৰ আধাৰত ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনত অথবা তাৰকোনো সমিতিত যি ব্যক্তিয়ে কথা ক’বলৈ অথবা অন্য প্রকাৰে তাৰ কাৰ্যবাহীত অংশ গ্ৰহণ কৰিবলৈ অধিকাৰ পায় তেনে ব্যক্তিৰ সম্বন্ধত সেই বিধান মণ্ডলৰ সদস্য সকলৰ সম্বন্ধত প্রয়োগ হোৱাৰ দৰে খণ্ড (১), (২) আৰু (৩)ৰ উপবন্ধৱলীৰ প্ৰয়োগ হ’ব।

 

(১৯৫) সদস্যসকলৰ বেতন আৰু ভাত্তা- ৰাজ্যৰ বিধান সভা আৰু ৰাজ্যৰ বিধান পৰিষদৰ সদস্য সকল, ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা সময়ে সময়ে নিৰ্দ্ধাৰিত কৰি দিয়া অনুসৰি বেতন আৰু ভাত্তা পাবলৈ আৰু সেই সম্বন্ধে এনেদৰে উপবদ্ধ প্রস্তুত নকৰালৈকে এই সংবিধানৰ আৰম্ভণিৰ অব্যৱহিত পূৰ্বে সেই স্থানীয় প্ৰদেশৰ বিধান সভাৰ সদস্য সকলৰ ক্ষেত্রত প্ৰযোজ্য নিৰিখত আৰু চৰ্তত বেতন আৰু ভাত্তা পোৱাৰ অধিকাৰী হ’ব।

বিধান প্রক্ৰিয়া

(১৯৬) বিধেয়ক উত্থাপন আৰু পাৰিতকৰণ সম্বন্ধে উপবন্ধাৱলী- (১) ধন সম্পৰ্কীয় বিধেয়ক আৰু অন্যান্য বিত্তীয় বিধেয়ক বিষয়ত থকা অনুচ্ছেদ ১৯৮ আৰু ২০৭ ৰ উপবন্ধাৱলী সাপেক্ষে বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ যিকোনোটো সদনতে কোনো বিধেয়কৰ উৎপত্তি হ’ব পাৰে।

(২) অনুচ্ছেদ ১৯৭ আৰু ১৯৮ ৰ উপবন্ধাৱলীৰ সাপেক্ষে উভয় সদনৰ দ্বাৰা বিনা সংশোধনেৰে অথবা কেৱল উভয় সদনৰ দ্বাৰা স্বীকৃত সংশোধন সহ, স্বীকৃত নোহোৱা পৰ্য্যন্ত কোনো বিধেয়ক বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ সদন কেইটাৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য কৰা নহ’ব।  

(৩) বিধান মণ্ডলৰ সদনৰ বা সদন কেইটাৰ সত্ৰাৱসান হোৱাৰ কাৰণে কোনো ৰাজ্যৰ বিধান

মণ্ডলত বিবেচনাধীন হৈ থকা কোনো বিধেয়ক কালাতিগত নহ’ব।

(৪) কোনো ৰাজ্যৰ বিধান পৰিষদত বিবেচনাধীন হৈ থকা কিন্তু বিধান সভাৰ দ্বাৰা পাৰিত

নোহোৱা কোনো বিধেয়ক বিধান সভাৰ বিঘটনত কালাতিগত নহ’ব।

(৫) কোনো ৰাজ্যৰ বিধান সভাত বিবেচনধীন অথবা বিধান সভাৰ দ্বাৰা পাৰিত হোৱাৰ পিচত বিধান পৰিষদত বিবেচনাধীন হৈ থকা কোনে বিধেয়ক বিধান সভাৰ বিঘটন হ’লে কালাতিগত

হ’ব।

(১৯৭) ধন সম্পৰ্কীয় বিধেয়কৰ বাহিৰে অন্য বিধেয়কৰ ক্ষেত্ৰত বিধান পৰিষদৰ ক্ষমতাৰ ওপৰত নিৰ্বন্ধন- (১) বিধান পৰিষদ থকা ৰাজ্যৰ বিধান সভাৰ দ্বাৰা কোনো বিধেয়ক পাৰিত হোৱাৰ পিচত আৰু বিধান পৰিষদলৈ প্ৰেৰণ কৰাৰ পিচত যদি —

(ক) বিধেয়কখন পৰিষদৰ দ্বাৰা অগ্ৰাহ্য হয়; বা

(খ) পৰিষদৰ আগত বিধেয়কখন উত্থাপন কৰা তাৰিখৰ পৰা বিধেয়কখন পৰিষদৰ দ্বাৰা পাৰিত নোহোৱাকৈ তিনি মাহতকৈ অধিক কাল অতিবাহিত হয়; বা

(গ) এনেকুৱা সংশোধন সহ বিধেয়কখন পৰিষদৰ দ্বাৰা পাৰিত হয় যি সংশোধনত বিধান সভা একমত নহয়;

তেতিয়া বিধান সভাই নিজৰ প্রক্ৰিয়া বিনিয়ামক নিয়মাৱলীৰ সাপেক্ষে, বিধেয়কখন সেই অধিবেশনতে নাইবা পৰৱৰ্তী কোনো অধিবেশনত বিধান পৰিযদৰ দ্বাৰা কৰা, পৰামৰ্শ দিয়া বা স্বীকাৰ কৰা যদি কিবা সংশোধন থাকে তেনে সংশোধন সহ বা বিন সংশোধনে পুনঃ পাৰিত কৰিব পাৰে আৰু তেনেদৰে পাৰিত বিধেয়কখন তেতিয়া বিধান পৰিষদলৈ প্ৰেৰণ কৰিব পাৰে।

(২) বিধান সভাৰ দ্বাৰা বিধেয়কখন তেনেদৰে দ্বিতীয়বাৰ পাৰিত হোৱাৰ আৰু বিধান পৰিষদলৈ

প্ৰেৰণ কবাৰ পিচত যদি—

(ক) বিধেয়কখন পৰিযদৰ দ্বাৰা অগ্ৰাহ্য হয় বা

(খ) পৰিষদৰ আগত বিধেয়কখন উখাপন কৰা তাৰিখৰ পৰা বিধেয়কখন পৰিষদৰ দ্বাৰা পাৰিত নোহোৱাকৈ এমাহতকৈ অধিক কাল অতিবাহিত হয়; বা

(গ)এনেকুৱা সংশোধনসহ বিধেয়কখন পৰিষদৰ দ্বাৰা পাৰিত হয় যি সংশোধনত বিধান

সভা একমত নহয়;

 তেতিয়া বিধান পৰিষদৰ দ্বাৰা কৰা বা পৰামৰ্শ দিয়া আৰু বিধান সভাৰ দ্বাৰা একমত হোৱা

যদি কিবা সংশোধন থাকে, তেনে সংশোধনসহ বিধান সভাত দ্বিতীয়বাৰ যি ৰূপত পাৰিত হয়

সেই ৰূপত বিধেয়কখন ৰাজ্যৰ বিধান মণ্ডলৰ সদন সমূহৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য কৰা হ’ব।

(৩৩) এই অনুচ্ছেদৰ কোনো কথা ধন সম্পৰ্কীয় বিধেয়কত প্রয়োগ নহ’ব।

(১৯৮) ধন সম্পৰ্কীয় বিধেয়কৰ সম্বন্ধত বিশেষ প্ৰক্ৰিয়া- (১) ধন সম্পৰ্কীয় বিধেয়ক বিধান পৰিষদত উথাপিত নকৰিব।‌

(২) বিধান পৰিষদ থকা ৰাজ্যৰ বিধান সভাৰ দ্বাৰা ধন সম্পৰ্কীয় বিধেয়ক এখন পাৰিত কৰাৰ

পিচত তাক বিধান পৰিষদলৈ চুপাৰিছৰ কাৰণে প্রেৰণ কৰা হ’ব আৰু বিধান পৰিষদে বিধেয়কখন

 পোৱা তাৰিখৰ পৰা চৈধ্য দিনৰ কালাবধিৰ ভিতৰত নিজৰ চুপাৰিছ সহ বিধেয়কখন বিধান সভালৈ ঘূৰাই পঠাব আৰু তেতিয়া বিধান সভাই বিধান পৰিষদৰ চুপাৰিছ সমূহৰ সকলোবোৰ বা যিকোনোটো গ্ৰহণ বা প্ৰত্যাখ্যান কৰিব পাৰে।

(৩) যদি বিধান সভাই বিধান পৰিষদৰ চুপাৰিছ সমূহৰ কোনোটো গ্রহণ কৰে তেনেহ’লে বিধান

পৰিষদে চুপাৰিছ কৰা আৰু বিধান সভাই গ্ৰহণ কৰা সংশোধন সহ ধন সম্পৰ্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য হ’ব।

(৪) যদি বিধান সভাই বিধান পৰিষদৰ চুপাৰিছ সমূহৰ কোনোটোকে গ্ৰহণ নকৰে তেনেহ’লে

বিধান পৰিষদে চুপাৰিছ কৰা কোনো সংশোধন বিনা বিধান সভাৰদ্বাৰা যি ৰূপত ইয়াক পাৰিত কৰা হৈছিল সেই ৰূপতে ধন সম্পৰ্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য হ’ব।

(৫) যদি বিধান সভাৰ দ্বাৰা পাৰিত আৰু বিধান পৰিষদলৈ চুপাৰিছৰ অৰ্থে প্ৰেৰিত ধন সম্পৰ্কীয়

বিধেয়কখন চৈধ্য দিনৰ উক্ত কালাৱধিৰ ভিতৰত বিধান সভালৈ পুনৰ ঘুৰাই পঠোৱা নহয় তেনেহ’লে উক্ত কালাৱধিৰ সমাপ্তিত যি ৰূপত বিধান সভাৰ দ্বাৰা ইয়াক পাৰিত কৰা হৈছিল সেই ৰূপতেই বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য হ’ব।

 (১৯৯) ধন সম্পৰ্কীয় বিধেয়কৰ পৰিভাষা- (১) এই অধ্যায়ৰ প্ৰয়োজনৰ কাৰণে কোনো বিধেয়কক ধন সম্পৰ্কীয় বিধেয়ক বুলি গণ্য কৰা হ’ব যদি ইয়াত কেৱল নিম্নলিখিত বিষয় সমূহৰ সকলোবোৰ অথবা যিকোনোটোৰ লগত সম্বন্ধ থকা উপবন্ধ অন্তৰ্বিষ্ট থাকে যেনে-

( ক) কোনো কৰৰ আৰোপন, বিলোপন, পৰিহাৰ, পৰিৱৰ্ত্তন বা বিনিয়মন;

(খ) ৰাজ্যৰ দ্বাৰা ধনৰ ঋণ গ্ৰহণ বা কোনো প্রত্যাভূতি দিয়াৰ বিনিয়মন অথবা ৰাজ্যৰ দ্বাৰা লোৱা বা লব খোজা কোনো বিত্তীয় আভাৰৰ সম্বন্ধত বিধিৰ সংশোধন;

(গ) ৰাজ্যৰ সঞ্চিত নিধি অথবা আকস্মিকতা নিধিৰ অভিৰক্ষা, এনেকুৱা কোনো নিধিত

 ধন জমা দিয়া বা তাৰ পৰা ধন উলিওৱা;

(ঘ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ধন বিনিয়োগ;

(ঙ) কোনো ব্যয় ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় বুলি ঘোষণা কৰা অথবা তেনে কোনো ব্যয়ৰ ৰাশি বৃদ্ধি কৰা;

(চ) ৰাজ্যৰ সঞ্চিত নিধিৰ বা ৰাজ্যৰ লোক লেখাৰ (পাব্লিক একাউন্টৰ) বাবদ ধন প্রাপ্তি

কৰা অথবা তেনে ধনৰ অভিৰক্ষা বা নিৰ্গমন কৰা; বা

(ছ) (ক) ৰ পৰা (চ) লৈকে এই উপখণ্ড কেইটাত বিনিৰ্দিষ্ট বিষয় সমূহৰ যিকোনোটোৰ

আনুষংগিক কোনো বিষয়।

(২) কেৱল অৰ্থদণ্ড বা আন আৰ্থিক দণ্ড আৰোপণৰ অৰ্থে অথবা অনুজ্ঞপ্তিৰ বাবে অথবা কৃত

সেৱাৰ বাবে ফিজ দাবী কৰাৰ বা দিয়াৰ বাবে উপবদ্ধ কৰিছে বুলিয়েই কিম্বা কেৱল কোনো স্থানীয়

প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্ৰয়োজনৰ কাৰণে কোনো কৰৰ আৰোপণ, বিলোপন, পৰিহাৰ,

পৰিৱৰ্ত্তন বা বিনিয়মনৰ উপবন্ধ কৰিছে বুলিয়েই কোনো বিধেয়ক ধন সম্পৰ্কীয় বিধেয়ক বুলি গণ্য

নহ’ব।

(৩) বিধান পৰিষদ থকা কোনো ৰাজ্যৰ বিধান মণ্ডলত উত্থাপিত কোনো বিধেয়ক ধন সম্পৰ্কীয়

বিধেয়ক হয়নে নহয় সেই সম্পৰ্কে কোনো প্রশ্নৰ উদ্ভৱ হ’লে সেই বিষয়ত তেনেকুৱা ৰাজ্যৰ বিধান

সভাৰ অধ্যক্ষৰ বিনিশ্চয়েই চূড়ান্ত হ’ব।

(৪) অনুচ্ছেদ ১৯৮ ৰ অধীনত বিধান পৰিষদলৈ প্ৰেৰণ কৰোতে আৰু অনুচ্ছেদ ২০০ ৰ

অধীনত ৰাজ্যপালৰ ওচৰত সন্মতি লাভৰ বাবে নিবেদন কৰোতে প্ৰত্যেকখন ধন সম্পৰ্কীয় বিধেয়কৰ ওপৰত সেইখন ধন সম্পৰ্কীয় বিধেয়ক বুলি বিধান সভাৰ অধ্যক্ষৰ স্বাক্ষৰ সহ প্ৰমাণপত্ৰ পৃষ্ঠাংকিত হ’ব লাগিব।

(২০০) বিধেয়কত সন্মতি প্ৰদান- যেতিয়া কোনো ৰাজ্যৰ বিধান সভাৰ দ্বাৰা বা বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ উভয় সদনৰ দ্বাৰা কোনো বিধেয়ক পাৰিত হয় তেতিয়া বিধেয়কখন ৰাজ্যপালৰ ওচৰত নিবেদন কৰা হ’ব আৰু ৰাজ্যপালে হয় তেওঁ বিধেয়কখনত সন্মতি দিছে বুলি নহয় তাত সন্মতি দিয়াৰ পৰা বিৰত হৈছে বুলি অথবা ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে বিধেয়কখন ৰাখি থোৱা বুলি ঘোষণা কৰিব।

পৰন্ত, সন্মতিৰ কাৰণে বিধেয়কখন নিবেদন কৰাৰ পিচত যথা সম্ভৱ শীঘ্ৰে ৰাজ্যপালে যদিহে ই

ধন সম্পৰ্কীয় বিধেয়ক নহয় তেনেহ’লে সেই বিধেয়কখনৰ বা তাৰ কোনো বিশেষ উপবন্ধৰ পুনৰ

 বিচাৰ কৰিবলৈ আৰু বিশেষকৈ তেওঁ নিজ বাণীত চুপাৰিছ কৰি দিয়া তেনে কোনো সংশোধন

উত্থাপন কৰাৰ বাঞ্চনীয়তাৰ বিচাৰ কৰিবলৈ অনুৰোধ কৰি বাণী সহ বিধেয়কখন সদনলৈ বা সদন

কেইটালৈ ঘূৰাই পঠোৱা হয় তেতিয়া সদনে বা সদন কেইটাই তদনুসাৰে বিধেয়কখন পুনৰ বিচাৰ

কৰিব আৰু যদি বিধেয়কখন সংশোধন সহ বা বিনা সংশোধনে সদনৰ বা সদন কেইটাৰ দ্বাৰা পুনৰ পাৰিত হয় আৰু সন্মতিৰ বাবে ৰাজ্যপালৰ ওচৰত নিবেদন কৰা হয়, তেনেহ’লে ৰাজ্যপালে তাত সন্মতি দিয়াৰ পৰা বিৰত নহ’ব;

অধিকন্তু, যদি কোনো বিধেয়ক বিধিত পৰিণত হ’লে, ৰাজ্যপালৰ মতে উচ্চ ন্যায়ালয়ৰ ক্ষমতা

এনেদৰে হ্ৰাস কৰা হ’ব যে এই সংবিধানৰ দ্বাৰা পূৰণ কৰিব লগীয়া সেই ন্যায়ালয়ৰ স্থান সংকটাপন্ন হ’ব তেনেহ’লে তেনে কোনো বিধেয়কত ৰাজ্যপালে সন্মতি নিদিব বৰং ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে ৰাখি থব।

( ২০১) বিচাৰাৰ্থে ৰক্ষিত বিধেয়কসমূহ- যেতিয়া ৰাজ্যপালৰ দ্বাৰা কোনো বিধেয়ক ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে ৰক্ষিত হয় তেতিয়া ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত তেওঁৰ সন্মতি দিয়া বুলি বা সন্মতি দিয়াৰ পৰা বিৰত হোৱা বুলি ঘোষণা কৰিব।

পৰন্তু, যেতিয়ানেকি বিধেয়কখন ধন সম্পৰ্কীয় বিধেয়ক নহয় তেতিয়া ৰাষ্ট্ৰপতিযে সেই

বিধেয়কখন স্থান বিশেষে ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ অথবা সদনকেইটালৈ অনুচ্ছেদ ২০০ৰ

প্রথম পৰন্তুকত যথা বৰ্ণিত বাণী সহ ঘূৰাই পঠাবলৈ ৰাজ্যপালক নিৰ্দেশ দিব পাৰে আৰু কোনো

বিধেয়ক তেনেকৈ ঘূৰাই পঠালে তেনেকুৱা বাণী প্রাপ্তিৰ তাৰিখৰ পৰা ছয় মাহ কালাৱধিৰ ভিতৰত

সদনে বা সদন কেইটাই তদনুসাৰে তাক পুনৰ বিচাৰ কৰিব আৰু যদি সংশোধন সহ বা সংশোধন বিনা সদনৰ দ্বাৰা অথবা সদন কেইটাৰ দ্বাৰা ইয়াক পুনৰ পাৰিত কৰা হয়, তেনেহলে ৰাষ্ট্ৰপতিৰ বিচাৰৰ কাৰণে বিধেয়কখন পুনৰ নিবেদিত কৰা হব।

বিত্তীয় বিষয় সম্পৰ্কে প্রক্রিয়া

(২০২) বাৰ্ষিক বিত্তীয় বিৱৰণ- (১) প্রত্যেক বিত্তীয় বছৰৰ সম্বন্ধত এই ভাগত “বাৰ্ষিক বিত্তীয় বিৱৰণ” নামে উল্লিখিত সেই বছৰৰ নিমিত্তে ৰাজ্য খনৰ প্রাক্‌কলিত আয় আৰু ব্যয়ৰ বিৱৰণ এখন, ৰাজ্যপালে ৰাজ্যৰ বিধান মণ্ডলৰ সদনত বা সদন কেইটাত দিয়াব। ‌

(২) বাৰ্ষিক বিত্তীয় বিৱৰণত সন্নিৱিষ্ট ব্যয়ৰ প্রাক্‌কলনত —

(ক) এই সংবিধানৰ দ্বাৰা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় বুলি বৰ্ণিত ব্যয় পূৰণৰ কাৰণে প্ৰয়োজনীয় ধনৰাশি; আৰু

(খ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ব্যয় কৰিবলৈ প্রস্তাৱিত অন্যান্য ব্যয় পূৰণৰ কাৰণে প্রয়োজনীয় ধনৰাশি; পৃথককৈ দেখুৱাব; আৰু ৰাজস্ব লেখাৰ ব্যয় অন্য ব্যয়ৰ পৰা প্ৰভেদ কৰি দেখুৱাব।

(৩) নিম্নোক্ত ব্যয় সমূহ প্রত্যেক ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় হব–

(ক) ৰাজ্যপালৰ উপলব্ধি আৰু ভাত্তা সমূহ আৰু তেওঁৰ পদ সম্পৰ্কীয় অন্য ব্যয়;

(খ) বিধান সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ আৰু বিধান পৰিষদ থকা ৰাজ্যৰ ক্ষেত্ৰত

বিধান পৰিষদৰ সভাপতি আৰু উপ-সভাপতিৰ বেতন আৰু ভাত্তা সমূহ;

(গ) সুদ, নিক্ষেপ-নিধি, ভাৰ আৰু বিমোচন ভাৰক অন্তৰ্গত কৰি ৰাজ্যৰ ওপৰত দায়িত্ব

 থকা ঋণ-ভাৰ সমূহ আৰু ধাৰ গ্ৰহণ আৰু ঋণ-সেৱা আৰু ঋণ বিমোচন সম্পৰ্কীয়

অন্যান্য ব্যয় সমূহ;

(ঘ) কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সকলৰ বেতন আৰু ভাত্তা সম্বন্ধীয় ব্যয়;

(ঙ) কোনো ন্যায়ালয়ৰ বা মধ্যস্থ ন্যায়াধিকৰণৰ কোনো নিৰ্ণয়, ডিক্ৰী বা ব্যয়ৰ তুষ্টিৰ

অৰ্থে প্রয়োজনীয় কোনো ধনৰাশি;

(চ) এই সংবিধানৰ দ্বাৰা বা ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা এনে ভাবে

ভাৰিত হব বুলি ঘোষিত আন কোনো ব্যয়।

(২০৩) বিধান মণ্ডলত প্ৰাক-কলন সম্পৰ্কীয় প্ৰক্ৰিয়া- (১) প্ৰাক-কলনত কোনো ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় সম্পৰ্কীয় যিখিনি ব্যয় থাকে সেইখিনি বিধান সভাত ভোটৰ কাৰণে দিয়া নহব, কিন্তু এই খণ্ডৰ কোনো কথাই প্ৰাক-কলনসমূহৰ কোনোটোক বিধান মণ্ডলত আলোচনা কৰাৰ পৰা নিবাৰণ কৰা বুলি অৰ্থ নকৰিব।

(২) উক্ত প্রাক-কলনৰ যিমানখিনি অন্য ব্যয় সম্পৰ্কীয় হয় সেই পৰিমাণে অনুদান অভিযাচনাৰ

ৰূপত বিধান সভাত দাঙি ধৰিব আৰু যিকোনো অভিযাচনাত অনুমতি দিবলৈ বা অনুমতি অস্বীকাৰ

কৰিবলৈ অথবা তাত বিনিৰ্দিষ্ট ৰাশিৰ ন্যুনকৰণ সাপেক্ষে কোনো মঞ্জুৰিত অনুমতি দিবলৈ

বিধান সভাৰ ক্ষমতা থাকিব।

(৩) ৰাজ্যপালৰ চুপাৰিছ বিনা কোনো অনুদানৰ মঞ্জুৰ কৰা নহব।

(২০৪) বিনিয়োজন বিধেয়ক- (১) বিধান সভাৰ দ্বাৰা অনুচ্ছেদ ২০৩ৰ অধীনত অনুদান সমূহ মঞ্জুৰী কৰাৰ পিচত যথা শীঘ্ৰে নিম্নোক্ত ব্যয় সমূহ পূৰণাৰ্থে আৱশ্যক হোৱা সকলো ধন ৰাজ্যখনৰ সঞ্চিত নিধিৰ পৰা বিনিয়োজন কৰাৰ উপবন্ধ কৰি বিধেয়ক উত্থাপিত কৰিব–

(ক) বিধান সভাৰ দ্বাৰা তেনেদৰে মঞ্জুৰী কৰা অনুদান সমূহ; আৰু

(খ) ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় কিন্তু কোনো স্থলতে সদন অথবা সদন

সমূহৰ আগত পূৰ্ব্বে দাঙি ধৰা বিৱৰণত দৰ্শোৱা ৰাশিতকৈ এই ব্যয় অধিক হ’ব

নোৱাৰিব।

(২) ৰাজ্যৰ বিধান মণ্ডলৰ সদনত বা যিকোনোটো সদনত এনে বিধেয়কৰ ওপৰত এনে

সংশোধন প্রস্তাৱ নকৰিব যাৰ ফলত এই প্রকাৰে কৰা হোৱা কোনে অনুদানৰ ৰাশিৰ হেৰফেৰ অথবা লক্ষ্যৰ পৰিৱৰ্ত্তন অথবা ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয়ৰ ৰাশিৰ হেৰফেৰ হয়, আৰু এই খণ্ডৰ অধীনত কোনো সংশোধন অগ্রাহ্য হয়নে নহয় সেই বিষয়ে অধ্যক্ষতা কৰা ব্যক্তিৰ সিদ্ধান্তই চূড়ান্ত হ’ব।

(৩) অনুচ্ছেদ ২০৫ আৰু ২০৬ ৰ উপবন্ধাৱলীৰ সাপেক্ষে এই অনুচ্ছেদৰ উপবন্ধ অনুসৰি পাৰিত বিধিৰ দ্বাৰা কৰা বিনিয়োজনৰ অধীন ব্যতিৰেকে ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা কোনো ধন উলিয়াব নোৱাৰিব।

(২০৫) অনুপূৰক, অতিৰিক্ত অথবা ওপৰিঞ্চি অনুদান সমূহ (১) ৰাজ্যপালে —

( ক) যদি অনুচ্ছেদ ২০৪ৰ উপবন্ধাৱলী অনুসাৰে প্রস্তুত কোনো বিধিৰ দ্বাৰা চলিত বিত্তীয় বছৰত কোনো বিশেষ সেৱাৰ কাৰণে ব্যয় কৰিবলৈ প্রাধিকৃত ধনৰাশি সেই বছৰৰ প্রয়োজনৰ কাৰণে পৰ্য্যাপ্ত নহয় অথবা যেতিয়া চলিত বিত্তীয় বছৰত সেই বছৰৰ বাৰ্ষিক বিত্তীয় বিৱৰণত অচিন্তিত কোনো নতুন সেৱাৰ কাৰণে অনুপূৰক অথবা অতিৰিক্ত ব্যয়ৰ আৱশ্যকতাৰ উদ্ভৱ হয়, অথবা

(খ) যদি কোনো বিত্তীয় বছৰত কোনো সেৱাৰ কাৰণে সেই সেৱাত সেই বছৰৰ কাৰণে

অনুদত্ত ৰাশিতকৈ ওপৰঞ্চি ধন ব্যয় হয়,  ৰাজ্যৰ বিধান মণ্ডলৰ সদনত নাইবা সদন সমূহৰ আগত সেই ব্যয়ৰ প্রাক-কলিত ৰাশি দেখুৱাই  আন এটা বিৱৰণ দিয়াব অথবা যথাস্থিতি সেই ৰাজ্যৰ বিধান সভাত তেনেকুৱা অতিৰিক্ততাৰ মঞ্জুৰী উত্থাপিত কৰোৱাব।

(২) বাৰ্ষিক বিত্তীয় বিৱৰণ আৰু তাত বৰ্ণিত ব্যয় অথবা অনুদানৰ কোনো মঞ্জুৰী আৰু

 ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা এনেকুৱা কোনো ব্যয় বা অনুদান পূৰণৰ কাৰণে ধনৰ বিনিয়োজন প্রাধিকৃত কৰিবলৈ প্রণয়ন কৰিবলগীয়া বিধিৰ সম্পৰ্কত অনুচ্ছেদ ২০২, ২০৩ আৰু ২০৪ৰ উপবন্ধ সমূহ যি দৰে প্রভাৱী হয় এনেকুৱা কোনো বিৱৰণ আৰু ব্যয় বা অভিযাচনাৰ সম্পৰ্কত আৰু ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা এনেকুৱা ব্যয় অথবা এনেকুৱা অভিযাচনা সম্বন্ধীয় অনুদান পূৰণৰ কাৰণে ধনৰ বিনিয়োজন প্ৰাধিকৃত কৰাৰ অৰ্থে প্রণয়ন কৰিবলগীয়া কোনো বিধিৰ সম্পৰ্কতো সেই উপবন্ধ সমূহ তেনেকৈয়ে প্ৰভাবী হব।

(২০৬) লেখানুদান, ঋণ অনুদান আৰু ব্যতিক্ৰমী অনুদান- (১) এই অধ্যায়ৰ পূৰ্বৱৰ্ত্তী উপবন্ধ সমূহত কোনো কথা থকা সন্তেও–

(ক) তেনে অনুদানত ভোট দানৰ কাৰণে অনুচ্ছেদ ২০৩ ত বিহিত প্ৰক্ৰিয়া আৰু সেই

 ব্যয়ৰ সম্পৰ্কত অনুচ্ছেদ ২০৪ৰ উপবন্ধাৱলী অনুযায়ী বিধি পাৰিত হোৱাৰ সাপেক্ষে

কোনো বিত্তীয় বছৰৰ এছেৱাৰ কাৰণে প্ৰাক-কলিত ব্যয়ৰ সম্বন্ধত অগ্ৰীম কোনো অনুদান দিবলৈ;

 (খ) যেতিয়া কোনো সেৱাৰ গুৰুত্ব বা অনিৰ্দিষ্ট লক্ষণৰ কাৰণে বছেৰেকীয়া বিত্তীয় বিৱৰণত সাধাৰণতে দিয়া বিতং বিৱৰণীৰে মঞ্জুৰীটো বৰ্ণিত কৰিব নোৱাৰে তেতিয়া ৰাজ্যৰ সম্পদৰাজিৰ ওপৰত অপ্ৰত্যাশিত মঞ্জুৰী পূৰণৰ অৰ্থে অনুদান দিবলৈ;

(গ) কোনো বিত্তীয় বছৰৰ চলিত সেৱাৰ অঙ্গীভূত নোহোৱা কোনো ব্যতিক্ৰমী অনুদান দিবলৈ ৰাজ্যৰ বিধান সভাৰ ক্ষমতা থাকিব আৰু উপৰোক্ত অনুদান সমূহ যি  প্ৰয়োজনৰ বাবে দিয়া হয় তাৰ বাবে ৰাজ্যৰ সঞ্চিত নিধিৰ ধন উলিওৱাৰ কাৰণে বিধিৰ দ্বাৰা প্ৰাধিকৃত কৰিবলৈ ৰাজ্যৰ বিধান মণ্ডলৰ ক্ষমতা থাকিব।

(২) বাৰ্ষিক বিত্তীয় বিৱৰণত উল্লিখিত ব্যয়ৰ সম্বন্ধত অনুদান দিয়াৰ সম্পৰ্কে আৰু তেনে ব্যয়

পূৰণাৰ্থে ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ধন বিনিয়োজনৰ প্ৰাধিকাৰ দিয়াৰ অৰ্থে বিধি প্রণয়নন সম্পৰ্কত অনুচ্ছেদ ২০৩ আৰু ২০৪ ৰ উপবন্ধাৱলীৰ যি প্রভাৱ হয়, খণ্ড (১) ৰ অধীনত দিয়া কোনো অনুদান আৰু সেই খণ্ডৰ অধীনত প্রণয়ন কৰিবলগীয়া কোনো বিধিৰ তাৰ সেই একেই প্ৰভাৱ হব।

(২০৭) বিত্তীয় বিধেয়ক সম্বন্ধে বিশেষ উপবন্ধাৱলী- (১) অনুচ্ছেদ ১৯৯ৰ খণ্ড (১)ৰ (ক) ৰ পৰা (চ) লৈকে থকা উপখণ্ড সমূহত বিনিৰ্দিষ্ট কোনো বিষয়ৰ বাবে উপবন্ধ কৰা কোনো বিধেয়ক অথবা সংশোধন, ৰাজ্যপালৰ চুপাৰিছ বিনা উত্থাপিত অথবা প্রস্তাৱিত কৰিব নোৱাৰিব, আৰু এনে উপবন্ধ থকা কোনো বিধেয়ক বিধান পৰিষদত উত্থাপিত কৰিব নোৱাৰিব।

পৰন্তু, কোনো কৰ হ্ৰাস বা বিলোপ কৰিবলৈ উপৱন্ধ কৰা কোনো সংশোধন প্রস্তাৱ কৰিবলৈ এই

খণ্ডৰ অধীনত চুপাৰিছৰ প্রয়োজন হব।

(২) কেৱল কোনো অৰ্থদণ্ড বা আন আৰ্থিক দণ্ড আৰোপণৰ অৰ্থে বা অনুজ্ঞপ্তিৰ বাবে অথবা

কৃত কোনো সেৱাৰ বাবে ফিজ দাবী কৰা বা দিয়াৰ বাবে উপবন্ধ কৰিছে বুলিয়েই কিম্বা কেৱল

কোনো স্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্ৰয়োজনৰ নিমিত্তে কোনো কৰৰ আৰোপণ, বিলোপন, পৰিহাৰ, পৰিৱৰ্ত্তন বা বিনিময়ৰ উপবন্ধ কৰিছে বুলিয়েই কোনো বিধেয়কে বা সংশোধনে উপৰোক্ত বিষয় সমূহৰ কোনোটোৰ বাবে উপবন্ধ কৰা বুলি গণ্য নহব।

 (৩) কোনো বিধেয়ক অধিনিয়মিত আৰু প্ৰৱৰ্ত্তিত হ’লে যদি ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা কোনো

ব্যয় কৰিবলগীয়া হয় তেনেহ’লে তেনে বিধেয়ক বিচাৰৰ কাৰণে ৰাজ্যপালে সদনলৈ চুপাৰিছ নকৰিলে ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনৰ দ্বাৰা তাক পাৰিত কৰিব নোৱাৰিব।

প্রক্রিয়া সাধাৰণতঃ

(২০৮) প্ৰক্ৰিয়াৰ নিয়মাৱলী- (১) এই সংবিধানৰ উপবন্ধাৱলীৰ সাপেক্ষে কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কোনো সদনে নিজ প্ৰক্ৰিয়া আৰু কাৰ্য পৰিচালনাৰ বিনিয়মনৰ নিমিত্তে নিয়মাৱলী প্ৰস্তুত কৰিব পাৰিব।

(২) খণ্ড (১) ৰ অধীনত নিয়মাৱলী প্রস্তুত নকৰ পৰ্যন্ত, এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত

পূৰ্ব্বে সেই স্থানীয় প্ৰদেশৰ বিধান মণ্ডলৰ সম্বন্ধত বলবৎ থকা প্রক্রিয়াৰ নিয়মাৱলী আৰু স্থায়ী

আদেশবোৰ, স্থান বিশেষে বিধান সভাৰ অধ্যক্ষ বা বিধান পৰিষদৰ সভাপতিৰ দ্বাৰা কৰা তেনে

পৰিৱৰ্ত্তন আৰু অনুকুলন সাপেক্ষে ৰাজ্যখনৰ বিধান মণ্ডলৰ সম্পৰ্কতো প্রভাৱী হব।

(৩) বিধান পৰিষদ থকা কোনো ৰাজ্যত বিধান সভাৰ অধ্যক্ষ আৰু বিধান পৰিষদৰ সভাপতিৰ

লগত পৰামৰ্শ কৰাৰ পাচত ৰাজ্যপালে দুয়োটা সদনৰ মাজত পৰস্পৰ যোগাযোগ সম্বন্ধীয় প্রক্ৰিয়াৰ নিয়মাৱলী প্ৰস্তুত কৰিব পাৰে।

(২০৯) ৰাজ্যৰ বিধান মণ্ডলত বিধিৰ দ্বাৰা বিত্তীয় কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াৰ বিনিয়মন- বিত্তীয় কাৰ্য্যবিলাক সময়মতে সমাপ্ত কৰিবৰ প্ৰয়োজনীয়তাৰ বাবে বিত্তীয় বিষয়ৰ সম্পৰ্কত বা ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ধনৰ বিনিয়োজনৰ বাবে কোনো বিধেয়কৰ সম্পৰ্কত এখন ৰাজ্যৰ বিধান মণ্ডল বিধিৰ দ্বাৰা ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ ৱা সদন সমূহৰ প্রক্রিয়া আৰু কাৰ্য্য পৰিচালনা বিনিয়মিত কৰিব পাৰে, আৰু এনেকৈ কৰা কোনো বিধিৰ কোনো উপবন্ধ যদি ৰাজ্যৰ বিধান মণ্ডলৰ সদনে বা যিকোনোটো সদনে অনুচ্ছেদ ২০৮ ৰ খণ্ড (১)ৰ অধীনত কৰা কোনো নিয়মৰ লগত অথবা সেই অনুচ্ছেদৰ খণ্ড (২)ৰ অধীনত ৰাজ্যৰ বিধান মণ্ডলৰ সম্পৰ্কত প্রভাৱী হোৱা কোনো নিয়ম বা স্থায়ী আদেশৰ লগত অসংগত হয়, তেনেহলে যি পৰ্য্যন্ত এনে অসংগতি হয় সেই পৰ্য্যন্ত এনে উপবন্ধই অভিভাৱী হব।

(২১০) বিধান মণ্ডলত প্ৰয়োগ হব লগীয়া ভাষা- (১) সপ্তদশ ভাগত যিকোনো কথা থকা সত্বেও, অনুচ্ছেদ ৩৪৮ৰ উপন্ধাৱলীৰ সাপেক্ষে কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কাৰ্য্য ৰাজ্য খনৰ চৰকাৰী ভাষাত বা ভাষা সমূহত অথবা হিন্দী বা ইংৰাজীত সম্পাদন কৰিব লাগিব।

পৰন্তু, স্থান বিশেষে বিধান সভাৰ অধ্যক্ষই বা বিধান পৰিষদৰ সভাপতিয়ে অথবা তেনে ৰূপে

কাৰ্য্য কৰা ব্যক্তিয়ে এনে যিকোনো সদস্যক পূৰ্বোক্ত ভাষা সমূহত নিজক পৰ্য্যাপ্তৰূপে অভিব্যক্ত

কৰিব নোৱাৰে, তেওঁৰ মাতৃভাষাৰে সদনক সম্বোধন কৰিবলৈ অনুজ্ঞা দিব পাৰে।

(২) ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা অন্যথা উপবন্ধ নকৰিলে এই সংবিধানৰ প্রাৰম্ভণিৰ পৰা

পোন্ধৰ বছৰ কাল সমাপ্তিৰ পাচত এই অনুচ্ছেদত “বা ইংৰাজী” এই শব্দ দুটা লুপ্ত হোৱাৰ নিচিনাকৈ এই অনুচ্ছেদ প্ৰভাৱী হব।

পৰন্তু, হিমাচল প্ৰদেশ, মণিপুৰ, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ বিধান মণ্ডল সমূহৰ সম্পৰ্কত

এই খণ্ডটো এনেদৰে প্রভাৱী হব যেন তাত থকা পোন্ধৰ বছৰ শব্দ দুটাৰ পৰিৱৰ্ত্তে ‘পঁচিশ

 বছৰ’ প্রতিষ্ঠাপিত।

উপৰন্তু, অৰুণাচল প্ৰদেশ, গোৱা আৰু মিজোৰাম ৰাজ্যসমূহৰ বিধান মণ্ডলৰ সম্পৰ্কত

এই খণ্ডটো এনেদৰে প্রভাৱী হব যেন তাত থকা “পোন্ধৰ বছৰ” শব্দ সমূহৰ পৰিৱৰ্ত্তে শব্দ সমূহ

“চল্লিশ বছৰ” প্রতিষ্ঠাপিত ।

(২১১) বিধান মণ্ডলৰ আলোচনাৰ ওপৰত নিৰ্বন্ধন- কোনো ৰাজ্যৰ বিধান মণ্ডলত উচ্চতম ন্যায়ালয়ৰ বা কোনো উচ্চ ন্যায়ালয়ৰ কোনো ন্যায়াধীশে নিজ কৰ্ত্তব্য পালন কৰোতে কৰা আচৰণ সম্পৰ্কে কোনো আলোচনা হ’ব নোৱাৰিব।

(২১২) ন্যায়লয়ে বিধান মণ্ডলৰ কাৰ্যবাহী সম্পৰ্কত পৰিপৃচ্ছা নকৰিব- (১) কোনো প্ৰক্ৰিয়াৰ কোনো অভিকথিত অনিয়মিতাৰ আধাৰত কোনো ৰাজ্যৰ বিধান মণ্ডলৰ কাৰ্য্যবাহীৰ মান্যতাৰ সম্পৰ্কে আপত্তি কৰিব নোৱাৰিব।

(২) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ এনে কোনো পদাধিকাৰী বা কোনো সদস্য যাৰ ওপৰত

এই সংবিধানৰ দ্বাৰা অথবা অধীনত বিধান মণ্ডলৰ প্রক্ৰিয়াৰ বা কাৰ্য্য পৰিচালনাৰ বিনিয়মন কৰিবলৈ অথবা শৃঙ্খলা ৰক্ষা কৰিবলৈ ক্ষমতা ন্যস্ত কৰা হয় তেওঁ ক্ষমতাবিলাক নিজে প্ৰয়োগ কৰাৰ সম্পৰ্কত কোনো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ অধীন নহব।

চতুর্থ অধ্যায়

ৰাজ্যপালৰ বিধায়িনী ক্ষমতা

(২১৩) বিধান সভাৰ বিশ্ৰান্তি কালত ৰাজ্যপালৰ অধ্যাদেশ প্ৰখ্যাপন কৰাৰ ক্ষমতা- (১) বিধান সভাৰ অধিবেশন চলি থকা সময়ৰ বা বিধান পৰিষদ থকা ৰাজ্যৰ উভয় সদনৰ অধিবেশন চলি থকা সময়ৰ বাহিৰে যদি কোনো সময়ত ততালিকে কাৰ্য্য কৰিবলৈ প্রয়োজন হোৱা পৰিস্থিতি বিদ্যমান বুলি ৰাজ্যপাল পতিয়ন যায়, তেনেহলে তেওঁ এনে অধ্যাদেশ প্রখ্যাপন কৰিব পাৰে যিটোনেকি তেনেকুৱা পৰিস্থিতিত আৱশ্যকীয় বুলি প্রতীত হয় :

পৰন্তু , ৰাষ্ট্ৰপতিৰ বিনানুদেশে ৰাজ্যপালে তেনেকুৱা কোনো অধ্যাদেশ প্রখ্যাপন নকৰিব যদিহে –

(ক) তেনেকুৱা উপবন্ধ সমূহ সন্নিবিষ্ট কোনো বিধেয়ক বিধান মণ্ডলত উত্থাপন কৰাৰ কাৰণে এই সংবিধানৰ অধীনত ৰাষ্ট্ৰপতিৰ পূৰ্ব্ব মঞ্জুৰীৰ আৱশ্যক হয়; বা

(খ) তেনেকুৱা উপবন্ধ সমূহ সন্নিবিষ্ট কোনো বিধেয়ক ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে ৰক্ষিত কৰা আৱশ্যক বুলি তেওঁ বিবেচনা কৰে; বা

(গ) তেনেকুৱা উপবন্ধ সমূহ সন্নিবিষ্ট ৰাজ্যৰ বিধান মণ্ডলৰ কোনো অধিনিয়ম ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে ৰক্ষিত হৈ ৰাষ্ট্ৰপতিৰ দ্বাৰা সন্মতি প্রাপ্ত নহলে এই সংবিধানৰ অধীনত অবিধিমান্য হয় ।

(২) এই অনুচ্ছেদৰ অধীনস্থ কোনো অধ্যাদেশৰ ৰাজ্যপালৰ দ্বাৰা সন্মতিপ্রাপ্ত ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়ম এখনৰ সৈতে সমান বল আৰু প্ৰভাৱ হ’ব, কিন্তু তেনেকুৱা প্রত্যেক অধ্যাদেশ-

(ক) ৰাজ্যৰ বিধান সভাৰ আগত বা বিধান পৰিষদ থকা ৰাজ্যৰ উভয় সদনৰ আগত দাঙি ধৰা হ’ব আৰু বিধান মণ্ডল পুনঃ সমবেত হোৱাৰ ছয় সপ্তাহৰ সমাপ্তিত বা সেই কালাৱধিৰ সমাপ্তিৰ পূর্বে যদি বিধান সভাৰ দ্বাৰা ইয়াক অননুমোদন কৰি কোনো সংকল্প পাৰিত হয় আৰু যদি বিধান পৰিষদ থাকে সেই বিধান পৰিষদৰ দ্বাৰা সেই সংকল্প স্বীকৃত হয় তেনেহলে স্থান বিশেষে সংকল্প পাৰণৰ লগে লগে বা পৰিষদৰ দ্বাৰা সংকল্প স্বীকৃত হোৱাৰ লগে লগে সেই অধ্যাদেশৰ প্ৰৱৰ্ত্তনৰ সমাপ্তি ঘটিব; আৰু

 

(খ) ৰাজ্যপালৰ দ্বাৰা যিকোনো সময়তে প্রত্যাহৃত হ’ব পাৰিব।

স্পষ্টীকৰণ – যেতিয়া বিধান পৰিষদ থকা ৰাজ্যৰ বিধান মণ্ডলৰ সদন সমূহ ভিন ভিন তাৰিখত পুনঃ সমবেত হ’বলৈ আহৃত হয় এই খণ্ডৰ প্ৰয়োজনৰ কাৰণে ছয় সপ্তাহ কালাৱধিৰ গণনা সেই তাৰিখবোৰৰ পিচৰটো তাৰিখৰ পৰা কৰা হ’ব।

(৩) এই অনুচ্ছেদৰ অধীনত প্রখ্যাপিত কোনো অধ্যাদেশে যদি আৰু যি পৰ্য্যন্ত এনে কোনো উপবন্ধ কৰে যিটোনেকি ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা অধিনিয়মিত আৰু ৰাজ্যপালৰ দ্বাৰা সন্মতি প্রাপ্ত হ’লে বিধিমান্য নহ’লহেতেন, সেই পৰ্য্যন্ত এনে অধ্যাদেশ বাতিল হ’ব :

পৰন্তু, সমৱৰ্তী সূচীত প্রগণিত কোনো বিষয় সম্পৰ্কীয় সংসদৰ কোনো বিধিৰ বা বিদ্যমান কোনো বিধিৰ সৈতে বিৰুদ্ধ হোৱা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ অধিনিয়মৰ প্ৰভাৱ সম্পর্কীয় এই সংবিধানৰ উপবন্ধ সমূহৰ প্ৰয়োজনার্থে, ৰাষ্ট্ৰপতিৰ অনুদেশানুসাৰে এই অনুচ্ছেদৰ অধীনত প্রখ্যাপিত কোনো অধ্যাদেশ ৰাষ্ট্রপতি বিচাৰাৰ্থে ৰক্ষিত হৈ সেই কর্তৃত্বক সন্মতিদত্ত ৰাজ্যখনৰ বিধান মণ্ডলৰ কোনো অধিনিয়ম বুলি গণ্য হ’ব।

0 0 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

1
0
Would love your thoughts, please comment.x
()
x