তথ্যকোষসাময়িকী

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান

২০২১ চনৰ ৯ জুন তাৰিখে অসমবাসীয়ে লাভ কৰে এটি ভাল খবৰ। সকলো প্ৰত্যাশাৰ ওৰ পেলাই দিহিং-পাটকাই অভয়াৰণ্যই পিন্ধিলে ‘ৰাষ্ট্ৰীয় উদ্যান’ৰ মুকুট। ইয়াৰ মাথো চাৰি দিনৰ পূৰ্বে ৫ জুনৰ দিনা অসমে লাভ কৰিছিল আন এখন ৰাষ্ট্ৰীয় উদ্যান- ৰাইমনা। পূৰ্বৰ ১০৫ খনৰ ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে সংযোজিত হৈ দিহিং-পাটকাই বৰ্তমান ভাৰতবৰ্ষৰ ১০৬ তম ৰাষ্ট্ৰীয় উদ্যান। অসম চৰকাৰৰ বন বিভাগে দিহিং-পাটকাইক অসমৰ সপ্তমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা গৰিষ্ঠতাৰ ক্ষেত্ৰত অসমে লাভ কৰে তৃতীয় স্থান। ইয়াৰে ১২ খন ৰাষ্ট্ৰীয় উদ্যানেৰে প্ৰথম স্থানত আছে মধ্যপ্ৰদেশ, ৯ খন ৰাষ্ট্ৰীয় উদ্যানেৰে দ্বিতীয় স্থানত আছে আন্দামান- নিকোবৰ কেন্দ্ৰীয় শাসিত অঞ্চল। অৱশ্যে ৰাজ্যৰ হিচাপেৰে অসমৰ স্থান দ্বিতীয়।

‘পূৱৰ আমাজন’ খ্যাত দিহিং-পাটকাইয়ো পৃথিৱীৰ দ্বিতীয় বৃহত্তম জৈৱ-বৈচিত্ৰ হটস্পট(Biodiversity Hotspot) হিচাপে স্বীকৃতি লাভ কৰিছে। প্ৰায় সহস্ৰাধিক বিবিধ প্ৰজাতিৰ জীৱৰ অৱস্থিতিৰে প্ৰকৃতিয়ে মুক্তহস্তে গঢ়িছে এই বৰ্ষাৰণ্যখন। ইয়াত পোৱা প্ৰতিটো প্ৰজাতিয়েই পৰিমাণগতভাৱে যথেষ্ট চহকী। অসমৰ জাতীয় গছ- হোলোং, জাতীয় পক্ষী- দেওহাঁহ, জাতীয় ফুল- কপৌ এই আটাইকেইবিধ ৰাজ্যিক প্ৰতীকৰ সমাহাৰ দিহিং-পাটকাই বৰ্ষাৰণ্য। দুষ্প্ৰাপ্য হলৌ বান্দৰো ইয়াত যথেষ্ট পৰিমাণে পোৱা যায়। মুঠ আঠবিধ বনৰীয়া মেকুৰীৰ প্ৰজাতি(Wild Cat Species)ৰে সমৃ্দ্ধ এই বনাঞ্চল- যি পৃথিৱীৰ ভিতৰতে বিৰল বুলিব পাৰি।

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগলিক অৱস্থান-

ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি- ২৩৪.২৬ বৰ্গ কিঃমিঃ। পূৰ্বৰ অভয়াৰণ্যখনৰ ১১১.১৯ বৰ্গ কিঃমিঃ ভূমিৰ সৈতে ১২৩.০৭ বৰ্গ কিঃমিঃ অৰণ্যাঞ্চল সংযোগ কৰি উজনি অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত গঠন কৰা হৈছে এই নতুন ৰাষ্ট্ৰীয় উদ্যানখন। ৰাষ্ট্ৰীয় উদ্যানখনৰ সৈতে সংলগ্ন হৈ থকা অৰণ্যখনৰ বিস্তৃতি প্ৰায় ৫৭৫ বৰ্গ কিঃমিঃ, যিয়ে সামৰি আছে  অসমৰ তিনিখন জিলা ক্ৰমে-চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া আৰু অৰুণাচল প্ৰদেশৰ টিৰাপ আৰু চাংলাং জিলাৰ কিছু অংশ। জয়পুৰ সংৰক্ষিত বনাঞ্চল, উজনি দিহিং সংৰক্ষিত বনাঞ্চল আৰু ডিৰাক সংৰক্ষিত বনাঞ্চল এই অৰণ্যৰ অন্তৰ্গত। ইয়াৰে জয়পুৰ বনাঞ্চনৰ কিছু অংশক অন্তৰ্ভুক্ত কৰি দিহিং  আৰু ডিৰাক নৈৰ সীমা পৰ্যন্ত ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰিধি বহলোৱা হৈছে।

এই উদ্যানখন ২৭°১৫‘- ২৭°৩০‘  উত্তৰ অক্ষাংশ আৰু ৯৫°১৫‘-৯৫°৪৫‘ পূৱ দ্ৰাঘিমাংশৰ ভিতৰত অৱস্থিত। প্ৰশাসনিক সুবিধালৈ লক্ষ্য ৰাখি ৰাষ্ট্ৰীয় উদ্যানখনক দুটা ভাগত বিভক্ত কৰি চৰাইপুং অঞ্চলটো ডিগবৈ বন সংমণ্ডল আৰু জয়পুৰ অঞ্চলটোক ডিব্ৰুগড় বন সংমণ্ডলত অন্তৰ্ভুক্ত কৰিছে।

map-of-dihing-patkai
দিহিং-পাটকাইৰ মেপ

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা –

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পূৱ সীমাত আছে- অৰুণাচল প্ৰদেশ, পশ্চিমে আছে- চৰাইদেউ জিলা, উত্তৰে কিছু দূৰত আছে টিংৰাই নৈ আৰু তিনিচুকীয়া চহৰ আৰু দক্ষিণে আছে- পাটকাই পৰ্বত পৰ্যন্ত বিস্তৃত অৰণ্যভূমি।

দিহিং-পাটকাই নামৰ তাৎপৰ্য্য-

দিহিং পাটকাই বৰ্ষাৰণ্যখনৰ মাজেৰে বুঢ়ী দিহিং নৈখন বৈ গৈ অৰণ্যখনক এক নৈসৰ্গিক শোভা দিয়াৰ লগতে বন্যকূলৰ উপকাৰ সাধিছে। এই বুঢ়ী দিহিং নৈ আৰু দক্ষিণ দিশত থকা সুবিশাল পাটকাই পৰ্বতমালাৰ মাজত অৱস্থিত হোৱাৰ বাবে এই বৰ্ষাৰণ্যক দিহিং-পাটকাই নামেৰে অভিহিত কৰা হয়।

burhi-dihing
দিহিং-পাটকাইৰ মাজেৰে বৈ যোৱা বুঢ়ীদিহিং নদী

দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানখনৰ আঁৰৰ ইতিহাস-

নব্বৈ দশকৰ আৰম্ভণিতে কিছু সচেতন প্ৰকৃতিপ্ৰেমীয়ে প্ৰত্যক্ষ কৰিলে যে উজনি অসমৰ অৰুণাচল সীমান্তত অৱস্থিত এই অৰণ্যখন আন অৰণ্য অঞ্চলতকৈ পৃথক। ইয়াৰ চহকী জৈৱ-বৈচিত্ৰ, জলবায়ু ইত্যাদিৰ বিশেষত্ব কেৱল অসম নাইবা ভাৰতৰে নহয় সমগ্ৰ বিশ্বই অনুভৱ কৰিব পাৰে। ইয়াৰ আগলৈকে এই বৰ্ষাৰণ্য নাইবা তিনিটা সংৰক্ষিত বনাঞ্চলৰ বিষয়ে আলোচনা হোৱা নাছিল। ইয়াৰ বিশেষত্বৰ প্ৰতি লক্ষ্য ৰাখি, এই সম্পৰ্কে অধ্যয়ন কৰি প্ৰকৃতিপ্ৰেমীসকলে এই বৰ্ষাৰণ্যখনৰ সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়ায়। কিয়নো ব্ৰিটিছৰ দিনৰ পৰা আৰম্ভ কৰি এই অৰণ্যখনৰ কিছু অংশ ইতিমধ্যেই ধ্বংস হৈছিল। এই প্ৰস্তাৱৰ ওপৰত ভিত্তি কৰি লাহে লাহে যি জন-জাগৰণ গঢ়ি উঠে তাক অসমৰ বৰ্ষাৰণ্য আন্দোলন বুলিও কোৱা হয়। ১৯৯৫ চনত এই অৰণ্যৰ ২৬৭ বৰ্গ কিঃমিঃ মাটিকালি সামৰি ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰস্তাৱ দিয়া হৈছিল। পৰৱৰ্তী সময়ত ২০০৪ চনৰ ১৩ জুন তাৰিখে ১১১.১৯ বৰ্গ কিঃমিঃ মাটিকালি সামৰি দিহিং-পাটকাই অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়। এই মাটিকালি ৯৩৭ বৰ্গ কিঃমিঃ বিস্তৃত ডিব্ৰু-দেওমালি হস্তী সংৰক্ষিত অঞ্চলৰ অন্তৰ্গত।

এই বনাঞ্চলৰ বুকুত মাজে মাজে অবৈধ কয়লা খননৰ বাবে বিভিন্ন প্ৰতিবাদ হৈ থাকে যদিও ২০২০ বৰ্ষত দিহিং-পাটকাই হস্তী সংৰক্ষিত অঞ্চলৰ অন্তৰ্গত চালেকি অঞ্চলত কয়লা খননৰ বাবে ‘ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ’(National Board for Wildlife) য়ে ‘Coal India Limited’ ক বৈধ ঘোষণা কৰাত গঢ়ি উঠে এক ভাৰ্চুৱেল আন্দোলন। বহু প্ৰকৃতিপ্ৰেমীয়ে এই আন্দোলনত ভাগ লৈ কয়লা খনন ৰোধ কৰিবলৈ চৰকাৰক হেঁচা প্ৰয়োগ কৰে। সেইবৰ্ষৰে ৬ জুলাই তাৰিখে পূৰ্বৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে আনুষ্ঠানিক নিৰ্দেশনা বন বিভাগলৈ প্ৰেৰণ কৰে। বিগত বৰ্ষৰ ১ ডিচেম্বৰ দিনা দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিবলৈ প্ৰাৰম্ভিক জাননী দিয়া হৈছিল যদিও কিছু কাৰিকৰী অসুবিধাৰ ফলত চূড়ান্ত ৰূপ দিব পৰা নগ’ল। তাৰ পৰৱৰ্তী দুমাহত তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সহযোগত প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া গাঁওবাসীৰ সহমত সাপেক্ষে এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ হয় আৰু ২০২১ চনৰ ৯ জুন তাৰিখে দিহিং-পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰাৰ আনুষ্ঠানিক ঘোষণা কৰা হয়।

বৰ্ষাৰণ্য মানেনো কি ?

বৰ্ষাৰণ্য মানে হ’ল এনে এক বিশেষ  অৰণ্য অঞ্চল য’ত প্ৰচুৰ পৰিমাণে ওখ গছ, চিৰসেউজীয়া উদ্ভিদ আৰু ঘন জংঘলে আৱৰি থাকে। বৰ্ষাৰণ্যবোৰ হ’ল পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱিত পৰিস্থিতিতন্ত্ৰ। বৰ্ষাৰণ্যৰ অৰ্থ হ’ল বহুতৰপীয়া অৰণ্য যিয়ে নিজে বৰষুণ সৃষ্টি কৰিব পাৰে।

‘বৰ্ষাৰণ্য’ শব্দটিৰ সৈতে পোনপ্ৰথমে চিনাকি কৰাই দিয়ে জাৰ্মানীৰ এজন উদ্ভিদ বিজ্ঞানীয়ে। নতুনকৈ পৰিচিত এই শব্দটিৰ অৰ্থ যেতিয়া বিশ্বই জানিব পাৰিলে আৰু ইয়াৰ বিশেষত্বক বুজি উঠিল তেতিয়া পৃথিৱীৰ সকলো প্ৰান্তৰ লোক সজাগ হ’ল আৰু এই বিশেষত্বপূৰ্ণ অঞ্চলবোৰৰ ৰক্ষণাবেক্ষণৰ বাবে আগবাঢ়ি আহিল। বৰ্ষাৰণ্যৰ জৈৱ-বৈচিত্ৰ অতি চহকী। সহজ ভাষাত ক’বলৈ গ’লে এক বৰ্গ কিঃমিঃ বৰ্ষাৰণ্য, সাধাৰণ অৰণ্যৰ চাৰি বৰ্গ কিঃমিঃৰ সমতুল্য।

দিহিং-পাটকাই বৰ্ষাৰণ্যৰ বিশেষত্ব-

দিহিং-পাটকাই চাৰিতৰপীয়া এক বৰ্ষাৰণ্য। এই তৰপবোৰ হৈছে ক্ৰমে-

১) ভূমি সংলগ্ন তৰপ(Shrub Layer)- সামান্য পোহৰত জীয়াই থকা সৰু গছ আৰু বহল পাতৰ উদ্ভিদ এই তৰপত পোৱা যায়। এই স্তৰত গুল্ম জাতীয় ঢেঁকীয়াজাতীয় উদ্ভিদ, কচুজাতীয় উদ্ভিদ, বনৰীয়া কলগছ, বেতজাতীয় উদ্ভিদ আৰু ঘাইকৈ তৃণজাতীয় উদ্ভিদ প্ৰচুৰ পৰিমাণে থাকে।

২) নিম্নস্তৰ বা দ্বিতীয় স্তৰ(Understory layer)- এই স্তৰৰ গছবোৰ সাধাৰণতে পাঁচৰ ৰ পৰা সাত মিটাৰ ওখ হয়। এই স্তৰত বৰ্হমথুৰি, চামকঠাল ইত্যাদি জাতীয় গছবোৰ পোৱা যায়। বিভিন্ন প্ৰজাতিৰ চৰাই, সাপ, অন্যান্য সৰীসৃপ, পোক-পতংগ আদি এই স্তৰত বাস কৰে।

৩) মধ্যস্তৰ(Canopy Layer)- এই স্তৰৰ গছবোৰ প্ৰায় সমান উচ্চতাৰ আৰু গছবোৰৰ মূৰবোৰ সাধাৰণতে চেপেটা ধৰণৰ। ঔটেঙা, উৰিয়াম জাতীয় গছবোৰ এই স্তৰত থাকে। এই গছবোৰ শাখা-প্ৰশাখা এজোপাৰ পৰা আনজোপাৰ গালৈকে লগ লাগি থাকে। এই ঘন আৱৰণটোৱে সূৰ্যৰ ৰশ্মিক পোনপটীয়াকৈ ভূমিত পৰাত বাধা দিয়ে।

৪) শীৰ্ষ স্তৰ(Emergent Layer)-  এই স্তৰৰ গছবোৰ সাধাৰণতে পঁইত্ৰিচৰ পৰা পঞ্চল্লিচ মিটাৰ পৰ্যন্ত ওখ হয়। হোলোং, মেকাইজাতীয় গছবোৰ এই স্তৰত পোৱা যায়। বৰ্ষাৰণ্যত পোৱা এই গছবোৰ সাধাৰণতে ক্ষীণ আৰু ওখ হয় আৰু পাতবোৰ সৰু সৰু হয়। কিয়নো সেউজীয়া ঘন আৱৰণটোক অতিক্ৰমি পোনপটীয়াকৈ সূৰ্যৰ ৰশ্মি আহৰণ কৰিবৰ বাবে এই গছবোৰে নিজৰ উচ্চতা বৃদ্ধি কৰি বৰ্ষাৰণ্যৰ পৰিৱেশৰ সৈতে নিজকে খাপ খুৱাই লয়।

dihing-patkai-forest
দিহিং-পাটকাই বনাঞ্চল

আনবোৰ ক্ৰান্তীয় বৰ্ষাৰণ্যৰ দৰে দিহিং-পাটকাইয়েও সৃষ্টি কৰিব পাৰে বৰষুণ। বৰ্ষাৰণ্যখনৰ ভূমি সংলগ্ন স্তৰৰ পৰা আৰম্ভ কৰি শীৰ্ষস্তৰলৈকে থকা উদ্ভিদ আৰু গছবোৰৰ লক্ষ লক্ষ পাতৰ মাজেৰে জলীয় বাষ্প নিৰ্গত হৈ থাকে। এই পাতবোৰৰ পৰা নিৰ্গত জলীয় বাষ্পবোৰ একেবাৰে ভূমি সংলগ্ন স্তৰৰ পৰা ক্ৰমান্বয়ে ওপৰলৈ উঠি আহি থাকে। যিমানে ওপৰলৈ উঠি আহে, সিমানে তাৰ ঘনত্ব বাঢ়ি আহে আৰু গধূৰ হৈ পৰে। মাটিৰ পৰা প্ৰায় এশ-ডেৰশ ফুট উচ্চতাত ই এক শীতল অৱস্থা লাভ কৰে ফলত এই বাষ্পবোৰ ঘনীভূত হয় আৰু বৰষুণ হৈ সৰি পৰে। এই বৰ্ষাৰণ্যত বছৰি গড়ে ৪০০০ মিলিমিটাৰতকৈ অধিক বৰষুণ হয়। সেয়ে এই উদ্যানৰ বতৰ ক্ৰান্তীয় সেমেকা। বছৰৰ বাৰ মাহৰ ন মাহেই ইয়াত বৰষুণ হয়। গ্ৰীষ্মকালত গৰম আৰু আৰ্দ্ৰ, শীতকালত ইয়াত ঠাণ্ডা পৰে। সেয়ে কোৱা হয় বৰ্ষাৰণ্যৰ ঋতু এটাই- বৰ্ষা, যাৰ বাবে বৰ্ষাৰণ্যৰ ভূমি সদায় জীপাল।

দিহিং-পাটকাইৰ জৈৱ-বৈচিত্ৰ-

প্ৰকৃতিৰ ৰম্যভূমি দিহিং-পাটকাই জৈৱ-বৈচিত্ৰৰ ক্ষেত্ৰত অতি চহকী।

উদ্ভিদকূল-

চাৰিতৰপীয়া এই বৰ্ষাৰণ্যখনত আছে বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ অৰ্কিড, সুকাঠী গছ, ঔষধি গছ আৰু বনস্পতি। ইয়াৰে উল্লেখযোগ্য কিছু উদ্ভিদ প্ৰজাতি হ’ল- হোলোং, মেকাই, ধূনা, উৰিয়াম, চামকঠাল, ভেৰ, শলস, ঔ-টেঙা, নাহৰ, ডিমৰু, শাল, চেগুন ইত্যাদি। ষাঠিবিধতকৈ অধিক ডাঙৰ গছৰ প্ৰজাতি, প্ৰচুৰ পৰিমাণে ঢেঁকীয়া জাতীয় উদ্ভিদ, লতাজাতীয় উদ্ভিদ আৰু বনৰীয়া কল ইত্যাদিৰে সমৃদ্ধ দিহিং-পাটকাই।

এই ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত কিছু সুকাঠী গছ (বৈজ্ঞানিক নামৰ উল্লেখেৰে) হ’ল- Dipterocarpus macrocarpus(হোলোং), Masua ferrea(নাহৰ), Castanopris indica(শিঙৰি), Shorea assamica(মেকাই), Dysoxylum binectariferum(বান্দৰ ডিমা) ইত্যাদি।

বৰ্ষাৰণ্যৰ নিম্নস্তৰ (understorey layer)ত পোৱা কিছু উদ্ভিদ প্ৰজাতিৰ বৈজ্ঞানিক নাম হ’ল-Garcinia lanceifolia, Michelia muni, Baccaurea sapida, Bischofia javanica, Myristica limifolia ইত্যাদি।

ভূমি সংলগ্ন স্তৰ(Shrub and herb layer)ত পোৱা কিছু তৃণ প্ৰজাতিৰ বৈজ্ঞানিক নাম হ’ল- Glochidion spp, Alpinia spp, Mallotus philippinensis ইত্যাদি।

দিহিং-পাটকাইৰ জৈৱ-বৈচিত্ৰ্যক সমৃদ্ধ কৰা আন এক উল্লেখনীয় উপাদান হ’ল- অৰণ্য কেৰু বা অৰ্কিড। অৰণ্যখনত বৰ্তমানলৈকে ৪৬ টা গোত্ৰৰ প্ৰায় ১০০ বিধ প্ৰজাতিৰ অৰ্কিড পোৱা যায়। ইয়াৰে ৭৯ বিধ পৰজীৱি(epiphytic), ২১ বিধ স্থলজ আৰু এবিধ মৃতজীৱি(saprophyte)। IUCN য়ে চিহ্নিত কৰা বিপদাপন্ন তালিকা(Red list)ত এই অৰ্কিডসমূহৰ সংকটাপন্ন (critically endangered)- ১৮ বিধ, বিলুপ্তপ্ৰায় (endangered)- ১৫ বিধ, সংকট আসন্ন(near threatened)- ১৫ বিধ, অসুৰক্ষিত(vulnerable)- ২৮ বিধ হিচাপে শ্ৰেণীভুক্ত কৰিছে।

প্ৰাণীকূল-

দিহিং-পাটকাইৰ প্ৰাণীকূলৰ বৈচিত্ৰতাও গুৰুত্বপূৰ্ণ তথা আকৰ্ষণীয়। বৰ্তমানলৈকে ইয়াত আছে ৪৭ বিধ স্তন্যপায়ী প্ৰাণী। এই স্তন্যপায়ীসমূহৰ ভিতৰত ৭ বিধ বান্দৰ প্ৰজাতিৰে দিহিং-পাটকাই সমৃদ্ধিশালী আৰু সেয়া হ’ল- হলৌ বান্দৰ, সেন্দুৰীয়া বান্দৰ, অসমীয়া বান্দৰ, মলুৱা বান্দৰ, টুপীমূৰীয়া বান্দৰ, গাহৰি নেজীয়া বান্দৰ আৰু লাজুকী বান্দৰ। ইয়াৰে সৰহসংখ্যক বিলুপ্তপ্ৰায় প্ৰজাতি।

এই বান্দৰ প্ৰজাতিৰ অন্তৰ্গত হলৌ বান্দৰ(Hoolock gibon) এনে এক প্ৰজাতি যি কেৱল ভাৰতবৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলতহে পোৱা যায়। হলৌ বান্দৰৰ কিছু চৰিত্ৰ অন্য স্তন্যপায়ী জন্তুতকৈ পৃথক। হলৌ বান্দৰ একগামী(Monogamous pair) প্ৰকৃতিৰ। সেয়ে এহাল হলৌ বান্দৰৰ যিকোনো এজন সংগী মৃত্যুমুখত পৰিলে আনজনে প্ৰজন্ম আগ নবঢ়ায় আৰু অকলশৰীয়াকৈ থাকি যায়। হলৌ বান্দৰৰ এটা পৰিয়ালত সাধাৰণতে প্ৰায় ছটাতকৈ অধিক সদস্য নাথাকে আৰু প্ৰতিটো পৰিয়ালক থাকিবলৈ প্ৰায় ৪০ বৰ্গ কিঃমিঃ এলেকাৰ দৰকাৰ হয়। আশ্চৰ্যৰ কথাটো হ’ল হলৌ বান্দৰৰে মাত এটাৰ সৈতে আনটো পৃথক। সেয়েহে, এটা নিৰ্দিষ্ট অঞ্চলত চিঞৰি সিহঁতে যেতিয়া নিজৰ উপস্থিতি প্ৰমাণ কৰে তেতিয়া অন্য পৰিয়ালৰ হলৌ বান্দৰে সেই এলেকাত হস্তক্ষেপ নকৰে। কিন্তু যদি বসবাস কৰা অঞ্চলটি সৰু হৈ আহে তেতিয়া অন্য পৰিয়ালৰ সৈতে কাজিয়া হয় আৰু দুৰ্বল পৰিয়ালটো মৃত্যু মুখত বা বিপদত পৰে। সেয়েহে এই বান্দৰ প্ৰজাতিবিধ এটা সংকুচিত অঞ্চলত দীৰ্ঘদিনলৈকে সংৰক্ষণ কৰাটো প্ৰায় অসম্ভৱ। হলৌ বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত এই দিহিং-পাটকাইৰ বিস্তৃত অৰণ্য এক নিৰ্ভৰযোগ্য স্থান।

দুষ্প্ৰাপ্য মেকুৰীৰ প্ৰজাতি

দিহিং-পাটকাইৰ আন এক বিশেষত্ব হ’ল ইয়াত আছে আঠবিধ বনৰীয়া মেকুৰী প্ৰজাতি। যি পৃথিৱীৰ ভিতৰতে বিৰল। ইয়াত আছে- ঢেঁকীয়াপতীয়া(Royal Bengal Tiger), নাহৰফুটুকী(Leopard), গোধাফুটুকী(Clouded Leopard), সোণালী মেকুৰী(Golden Cat), লতা মাকৰী(Leopard Cat), হেঁপা(Jungle Cat), মাছুৱৈ বোন্দা(Fishing Cat) আৰু সৰু গোধা(Marbled Cat)। উল্লেখযোগ্য যে ইয়াপে গোধা ফুটুকীক পৃথিৱীৰ প্ৰাচীনতম মেকুৰী প্ৰজাতি বুলি গণ্য কৰা হয়। ইয়াৰ কুকুৰদাঁত (Canine) দুটা অন্য মেকুৰী প্ৰজাতিতকৈ ডাঙৰ বাবেও ইয়াক প্ৰাচীন মেকুৰী প্ৰজাতিৰ বংশধৰ বুলি কোৱা হয়। IUCN ৰ বিপদাপন্ন তালিকাত বৰ্তমান এই প্ৰজাতি অসুৰক্ষিত(vulnarable) হিচাপে চিহ্নিত। আনহাতে সৰু গোধা হ’ল অতি দুষ্প্ৰাপ্য মেকুৰী প্ৰজাতি। এইক্ষেত্ৰত সন্তোষজনক কথাটো হ’ল বৰ্তমানেও দিহিং-পাটকাইত এই প্ৰজাতিসমূহৰ সংখ্যা যথেষ্ট পৰিমাণে আছে। এইবোৰৰ বাহিৰেও দিহিং-পাটকাইত অন্য স্তন্যপায়ীসমূহৰ ভিতৰত আছে- হাতী, বনৰীয়া মহ, শৰপহু, ভালুক, কেৰ্কেটুৱা, সুগৰি পহু ইত্যাদি।

দিহিং-পাটকাইৰ জৈৱ-বৈচিত্ৰক সমৃদ্ধ কৰিছে  ৪৭ বিধ প্ৰজাতিৰ উভচৰ আৰু সৰীসৃপ, ৩১০ বিধ প্ৰজাতিৰ পখিলা আৰু শতাধিক প্ৰজাতিৰ পোক-পতংগই। নেচাৰ্ছ বেকন, বম্বে নেচাৰেল হিষ্ট্ৰী চ’চাইটি, বাৰ্ড লাইফ ইন্টাৰনেচনেল নামৰ সংস্থাকেইটাই কৰা অধ্যয়নৰ তথ্য অনুসৰি দিহিং-পাটকাইত আছে ১৭৪ টা গোত্ৰৰ মুঠ ৩০০ প্ৰজাতিৰ চৰাই। ইয়াৰে ৬৩.৭% স্থানীয়, ২৩.১% শীত পৰিভ্ৰমী আৰু ২.৫% গ্ৰীষ্ম পৰিভ্ৰমী। ইয়াৰে ১৩ বিধ চৰাই প্ৰজাতি সংকটাপন্ন। দেওহাঁহো এই সংকটাপন্ন প্ৰজাতিৰ অন্তৰ্গত। অৰণ্যখনত থকা আন চৰাইবোৰ হৈছে- ধনেশ, পাকৈধৰা, ঈগল, পাটিশগুণ, হাড়গিলা, বাঢ়ৈটোকা, মণিয়ৰী, শালিকা ইত্যাদি। উল্লেখযোগ্য যে গহীন অৰণ্যৰ প্ৰাপ্তবয়ষ্ক গছবোৰত বসবাস কৰা ধনেশ পক্ষীৰ মুঠ চাৰিটা প্ৰজাতি দিহিং-পাটকাইত আছে। সেইকেইটা হ’ল- পাকৈধৰা(Oriental peid hornbil), ৰাজ ধনেশ(Great hornbil), গলমোনাধাৰী ধনেশ(Wreathed hornbil), ৰঙা ধনেশ(Rufous necked hornbil)। পক্ষীকূলৰ এই বৈচিত্ৰতা দিহিং পাটকাইত পৰিলক্ষিত হোৱাৰ বাবে এই অঞ্চলটোক উক্ত সংস্থাকেইটাই ‘Important Bird Area Site’ বুলি অভিহিত কৰিছে।

birds-of-dihing-patkai
দিহিং-পাটকাইৰ চৰাই

বৰ্যাৰণ্যৰ খাদ্য শৃংখল প্ৰক্ৰিয়াটোত এটা প্ৰজাতিয়ে আন এটা প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰা পৰিমাণটো অন্য অৰণ্য অঞ্চলতকৈ বেছি। কিয়নো বৰ্ষাৰণ্যত অন্য অৰণ্যৰ তুলনাত অধিক প্ৰজাতিৰ উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি থাকে। সেয়ে প্ৰতিটো প্ৰজাতিয়ে আন এবিধ প্ৰজাতিৰ ওপৰত নিৰ্ভৰ কৰি খাদ্য শৃংখল তৈয়াৰ কৰে।

দিহিং-পাটকাইৰ সুৰক্ষা আৰু নিৰাপত্তা-

অবৈধ খনন, বেদখল আৰু বনাঞ্চল ধ্বংস কাৰ্যৰ বাবে বৰ্ষাৰণ্যবোৰ টুকুৰা-টুকুৰকৈ ভাগ হয়। এই বিভাজনে এখন বৰ্ষাৰণ্যক বিচ্ছিন্ন কৰে আৰু বৰ্ষাৰণ্যৰ মৰ্যদা লাঘৱ কৰে। অৰ্থাৎ এইধৰণৰ কাৰ্য-কলাপৰ ফলত এখন বৰ্ষাৰণ্যই নিজৰ স্বকীয়তাক হেৰুৱায় পেলায়।

২০০৪ চনত গঠিত দিহিং-পাটকাই অভয়াৰণ্যই ডিগবৈ বন সংমণ্ডলৰ ডিৰাক সংৰক্ষিত বনাঞ্চলৰ ৩০.৪৩ বৰ্গ কিঃমিঃ, উজনি দিহিং সংৰক্ষিত বনাঞ্চলৰ পশ্চিম অংশৰ ৫৬.৭০ বৰ্গ কিঃমিঃ আৰু ডিব্ৰুগড় বন সংমণ্ডলৰ জয়পুৰ সংৰক্ষিত বনাঞ্চলৰ ২৪.০৭ বৰ্গ কিঃমিঃ ভূমি সামৰি লৈছিল। এই তিনি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত সৰ্বোৎকৃষ্ট হিচাপে জনাজাত জয়পুৰ বনাঞ্চলৰ মাত্ৰ ২৪.০৭ বৰ্গ কিঃমিঃ অংশহে অভয়াৰণ্যৰ অন্তৰ্ভুক্ত কৰাত বাকী থাকি যোৱা অংশৰ নিৰাপত্তাৰ কথা ভাবি পৰিৱেশকৰ্মী আৰু প্ৰকৃতিপ্ৰেমীসকল দুঃচিন্তাত ভূগিছিল। কিয়নো মুঠ ৯৩৭ বৰ্গ কিঃমিঃ হস্তী সংৰক্ষিত এই অৰণ্য অঞ্চলকেইটাৰ মাত্ৰ ১১১.১৯ বৰ্গ কিঃমিঃ অভয়াৰণ্যক বাদ দি বাকী অংশত বৈধভাৱেই গঢ়ি উঠিব পাৰে বালি মহল, শিলৰ মহল, তেল খনন বা কয়লা খনন। ইয়াৰ সুবিধা গ্ৰহণ কৰি বিভিন্ন অসাধু চক্ৰই চৰকাৰৰ অনুমতি অবিহনেও গঢ়ি তুলিছিল কয়লাৰ মহল।

ৰাষ্ট্ৰীয় বন্যজীৱ পৰিষদ(National Board for Wildlife চমুকৈ NBWL)কৰ্তৃপক্ষৰ তথ্য অনুসৰি ‘ক’ল ইণ্ডিয়া লিমিটেড’(Coal India Limited চমুকৈ CIL) য়ে প্ৰায় ৫৭.০২ হেক্টৰ ভূমিত বিনা অনুমতিৰে কয়লাৰ খনন চলাই আছে। উল্লেখযোগ্য যে এই দিহিং পাটকাইৰ বুকুত ২০০৩ চনৰ পৰাই চলি আছে অবৈধ কয়লা খনন। কিন্তু ২০২০ বৰ্ষত NBWL য়ে চালেকিত ৯৮.৫৯ হেক্টৰ ভূমিত CIL ৰে এক শাখা ‘উত্তৰ-পূৱ কয়লা ক্ষেত্ৰ’(North-Eastern Coal Field) ক কয়লা খননৰ বাবে বৈধ অনুমতি দিয়াত ইয়াৰ স্থানীয় ৰাইজ আৰু প্ৰকৃতিপ্ৰেমীসকলে প্ৰতিবাদ সাব্যস্ত কৰে। কিয়নো এই চালেকি অঞ্চল অভয়াৰণ্যখনৰ পৰা ৯.১৯ কিঃমিঃ দূৰত অৱস্থিত তথা জয়পুৰ সংৰক্ষিত বৰ্ষাৰণ্যৰ অন্তৰ্গত।

সদ্য স্বীকৃতিপ্ৰাপ্ত দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানে সামৰি লোৱা ২৩৪.২৬ বৰ্গ কিঃমিঃ অঞ্চলে সম্পূৰ্ণ নিৰাপত্তা লাভ কৰিলেও বাকী ৰৈ যোৱা বৰ্ষাৰণ্যখনৰ অঞ্চলবোৰৰ নিৰাপত্তা এতিয়াও অসম্পূৰ্ণ। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী আইন-১৯৭২ অনুসৰি ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত অৰণ্যত মানৱ জড়িত কোনো কাৰ্য-কলাপৰ অনুমতি নাই যদিও অভয়াৰণ্যত কঠোৰ অনুমতি সাপেক্ষে আৰু সংৰক্ষিত অঞ্চলৰ প্ৰয়োজন অনুসাৰে মানৱ জড়িত কৰ্মক বৈধ মনা হয়। বন্যজীৱ সুৰক্ষাৰ ক্ষেত্ৰত ইয়াৰ উৰ্দ্ধক্ৰমটো হ’ল এনেধৰণৰ-

সংৰক্ষিত বনাঞ্চল < অভয়াৰণ্য < ৰাষ্ট্ৰীয় উদ্যান

দিহিং-পাটকাইত পৰ্যটনৰ সম্ভাৱনা-

পৰ্যটনৰ ক্ষেত্ৰত দিহিং-পাটকায়ে যথেষ্ট তাৎপৰ্য বহন কৰিছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ভিতৰত এচিয়াৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কেন্দ্ৰটো ডিগবৈ চহৰ আছে। উদ্যানখনৰ পূৱ দিশত আছে লিডুৰ পৰা লেখাপানী-জয়ৰামপুৰ হৈ অৰুণাচল প্ৰদেশৰ মাজেৰে যোৱা ষ্টিলৱেল ৰোড(NH-153)। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মিত এই পথটোৰে অৰুণাচলৰ পৰা ম্যানমাৰ হৈ চীনৰ কুনমিং চহৰলৈ যাব পাৰি। ডিগবৈ-পেঙেৰী সংযোগী অঞ্চলত চিংফৌসকলৰ মাজত দেশৰ প্ৰাচীনতম চাহ উৎপাদনৰ পৰম্পৰা আজিও অব্যাহত আছে।

উদ্যানখনৰ উত্তৰ দিশে কিছু দূৰত আছে ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ৰাষ্ট্ৰীয় উদ্যানখন বন-ঘৰচীয়া ঘোঁৰাৰ বাবে বিখ্যাত। ইয়াৰ উপৰিও লোহিত নৈৰ ওপৰত আছে ঢলা-শদিয়া সংযোগী ভাৰতৰ দীৰ্ঘতম নদী দলং- ড০ ভূপেন হাজৰিকা সেতু।

এইবোৰৰ উপৰিও আহোমসকলৰ প্ৰথম ৰাজধানী টিপামৰ সুসজ্জিত সেউজীয়া চাহগছ, নামচাইৰ গোল্ডেন পেগোডা, পৰশুৰাম কুণ্ড, ‘কুইন অৱ্ ইটালী’ খ্যাত মাৰ্ঘেৰিটাৰ প্ৰাকৃতিক সৌন্দৰ্য, পাটকাই পৰ্বতৰ অৰণ্যভূমি ইত্যাদিয়ে অসম তথা অৰুণাচল প্ৰদেশৰ পৰ্যটনলৈ আনিব যথেষ্ট সম্ভাৱনা।

দিহিং-পাটকাইৰ পৰ্যটনক অনন্য মাত্ৰা দিব ইয়াৰ কাষৰীয়া জনগোষ্ঠীসকলে। টাইফাকে, টাই খাময়াং, খামতি, চিংফৌ, নক্তে, আহোম, চুতীয়া, কৈৱৰ্ত্ত, মৰাণ, মটক, বাৰ্মীজ, নেপালী, চাহ-জনগোষ্ঠী- এইসমূহ জনগোষ্ঠীয় লোকৰ আছে সুকীয়া সাংস্কৃতিক ঐতিহ্য। এইসকল সাংস্কৃতিকভাৱে স্বচ্ছল লোকৰ খাদ্যাভ্যাস, বাসস্থান, বস্ত্ৰ আৰু অন্যান্য সমলবোৰ পৰ্যটনৰ গুৰুত্বপূৰ্ণ উপাদানত অন্তৰ্ভুক্ত কৰিব পৰা যায়।

দিহিং পাটকাই উৎসৱ –

অসমৰ এটা উল্লেখযোগ্য পৰ্যটন উৎসৱ হৈছে দিহিং পাটকাই উৎসৱ। তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ওচৰৰ লেখাপানী নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰত এই উৎসৱ অনুষ্ঠিত কৰা হয়। এই দিহিং পাটকাই উৎসৱৰ মুখ্য উদ্দেশ্য হৈছে দিহিং পাটকাইৰ জৈৱ বৈচিত্ৰৰ বিষয়ে বিশ্ববাসীক অৱগত কৰাৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলৰ পৰ্যটনৰ সুবিধাসমূহ চিনাক্ত কৰা।

দিহিং-পাটকাই
দিহিং পাটকাই উত্সৱ

অসমৰ চৰকাৰৰ পৰ্যটন বিভাগৰ পৃষ্ঠপোষকতাত ২০০২ চনৰ পৰা দিহিং পাটকাই উৎসৱ উদযাপন কৰি অহা হৈছে। প্ৰতিবছৰে ১৬ জানুৱাৰীৰ পৰা ১৯ জানুৱাৰীলৈ দিহিং পাটকাই উৎসৱ আয়োজন কৰা হয়। প্ৰতিবছৰে এই উৎসৱস্থলীত ১৯ টা জনগোষ্ঠীৰে গঠিত এখন আদৰ্শ গাঁও স্থাপন কৰা হয়। এই জনগোষ্ঠী কেইটাই সেই নিৰ্দিষ্ট দিনকেইটাত নিজ নিজ জনজাতিৰ পৰম্পৰাগত খাদ্য সম্ভাৰৰ প্ৰদৰ্শন কৰে। ইয়াৰ লগতে তেওঁলোকে পৰম্পৰাগত বস্ত্ৰ, শিল্পকলা, নৃত্য, গীত আদিৰ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰে। এইবোৰে পৰ্যটকসকলক যথেষ্ট আকৰ্ষণ কৰে। ভৱিষ্যতে দিহিং পাটকাই উৎসৱৰ আৰু প্ৰসাৰৰ সম্ভাৱনা আছে আৰু ই দিহিং-পাটকাইৰ পৰ্যটনক এক উচ্চ অৱস্থানলৈ লৈ যাব। এই উদ্যানৰ নিকটৱৰ্তী চহৰ যেনে- তিনিচুকীয়া, দুলীয়াজান, ডিব্ৰুগড়লৈ এই সম্ভাৱনাময় পৰ্যটনে আনিব এক পৰিৱৰ্তন। ইয়াৰ বাবে লাগিব চৰকাৰৰ সদিচ্চা।

প্ৰকৃতিৰ ৰম্যভূমি দিহিং-পাটকাইয়ে নিজেই বহন কৰিছে পৰ্যটনৰ বিপুল সম্ভাৱনা। ইয়াৰ জৈৱ-বৈচিত্ৰ, জীৱকূল, চিৰসেউজ অঞ্চলৰ নান্দনিক শোভাই আকৰ্ষণ কৰিব দেশী-বিদেশী পৰ্যটকক।  কাজিৰঙা যিদৰে এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত, তেনেদৰে দিহিং পাটকায়ো বিখ্যাত হৈ থাকক ইয়াত থকা দেওহাঁহ, হাতীৰ লগতে প্ৰাচুৰ্যময় বৰ্ষাৰণ্যৰ বাবে। অসম আৰু ভাৰত চৰকাৰৰ সুপৰিকল্পিত আঁচনিৰ জৰিয়তে এই অঞ্চলে পৰ্যটন বিভাগক সমৃদ্ধ কৰাৰ লগতে অসমৰ জন-গণক দিব এক সেউজ ঐশ্বৰ্যময় অনুভৱ।

তথ্য উৎস-

  1. The Hindu website, 9 June, 2021
  2. অসমীয়া ৱিকিপেডিয়া
5 2 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] লগতে পঢ়ক দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

1
0
Would love your thoughts, please comment.x
()
x