আজিৰ বাতৰিসাময়িকী

আজিৰ বাতৰি-আজিৰ শিৰোনামা

ৰাজ্যিক –

১) নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ! মাইক্ৰ’ফাইনেন্সৰ ঋণ ৰেহাইৰ বাবে তৎপৰ অসম চৰকাৰ। ২৬ লাখ মহিলাক ১২,৫০০ কোটি টকাৰ ঋণ ৰেহাই দিব চৰকাৰে। ঋণমাফৰ বাবে ভালেমান গাইডলাইন প্ৰকাশ অসম চৰকাৰৰ।

২) যোৱা ২৪ ঘণ্টাত অসমত কোভিড ১৯ত আক্ৰান্ত ৩,৬৬৬ গৰাকী লোক। গুৱাহাটী মহানগৰী এতিয়াও সংক্ৰমণৰ শীৰ্ষত। সংক্ৰমণৰ হাৰ হ্ৰাস ২.১৬ শতাংশলৈ। যোৱাকালি ২৯ গৰাকী লোকৰ মৃত্যু কোভিড ১৯ত।

৩) শীঘ্ৰেই ঘোষণা কৰা হ’ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নতুন সভাপতিৰ নাম। সভাপতিৰ দৌৰত আগবাঢ়ি আছে অসমৰ প্ৰাক্তন মন্ত্ৰী তথা নগাঁৱৰ বৰ্তমান সাংসদ প্ৰদ্যুত বৰদলৈ।

৪) অতি শীঘ্ৰেই বি টি আৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী অন্তৰ্ভুক্ত হ’ব অসম চৰকাৰৰ মন্ত্ৰীসভাত। বিটিচিত গঠন কৰা হ’ব আঠখনকৈ পৌৰসভা। কোভিড ১৯ৰ পাছতেই অনুষ্ঠিত হ’ব কৰা ভি চি ডি চিৰ নিৰ্বাচন।

৫) কোভিড ১৯ক পৰাস্ত কৰিলে বৰ্ষীয়ান চিত্ৰশিল্পী নীলপৱন বৰুৱাই। কোভিড নিগেটিভ হৈ ঘৰলৈ উভটিল বিশিষ্ট চিত্ৰশিল্পীগৰাকী।

ৰাষ্ট্ৰীয়-

১. পুনৰ তৃণমূল কংগ্ৰেছত যোগদান বিজেপিৰ ৰাষ্ট্ৰীয় উপ সভাপতি মুকুল ৰয়ৰ। মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ উপস্থিতত তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়লত নিজ পুত্ৰ সুভৰাংশু ৰয়ৰ সৈতে তৃণমূল কংগ্ৰেছত পুনৰ যোগদান কৰে নেতা গৰাকীয়ে।

২. ক’ভিডোত্তৰ জটিলতাৰ ফলত প্ৰাণ হ’ল বিশিষ্ট স্নায়ুবিশেষজ্ঞ পদ্মশ্ৰী ডাঃ অশোক পানাগাৰিয়াৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭১ বছৰ।

৩. গভীৰ সংকটত দেশৰ ন্যায় ব্যৱস্থা। বৰ্তমান দেশৰ ১১ খন উচ্চ ন্যায়ালয়ৰ ন্যায়ধীশ পদৰ ৪০ শতাংশই হৈ আছে খালী। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰণালয়ৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

৪. পাকিস্তানত বন্দী ভাৰতীয় নৌসেনাৰ বিষয়া কুলভূষণ যাদৱলৈ পাকিস্তানৰ বিশেষ সকাহ। আন্তৰ্জাতিক ন্যায়িক আদালতৰ ৰায় অনুসৰি পাকিস্তানৰ ৰাষ্ট্ৰীয় বিধান সভাই যাদৱক আপীলৰ অধিকাৰ প্ৰদান কৰি গৃহীত কৰিলে আইন। ২০১৭ চনত পাকিস্তানৰ সামৰিক আদালতে যাদৱক গুপ্তচৰবৃত্তি আৰু সন্ত্ৰাসবাদত জড়িত থকাৰ অভিযোগত দিছিল মৃত্যুদণ্ডৰ আদেশ।

৫. শুক্ৰবাৰে চৌদি আৰৱ, ইউ.এ.ই., ইৰাণ, কুৱেইট, ওমান, কাটাৰ আৰু বাহৰেইনত নিযুক্ত ভাৰতীয় ৰাষ্ট্ৰদূতসকলৰ এক বৈঠকত সভাপতিত্ব কৰে বৈদেশিক মন্ত্ৰী এছ. জয়শংকৰে। বৈঠকত সেইসমূহ দেশত বাস কৰা ভাৰতীয় লোকসকলৰ নিৰপত্তা, সুৰক্ষা আৰু উন্নয়নৰ বিষয়ে আলোচনা কৰে মন্ত্ৰী গৰাকীয়ে।

উৎস- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

আন্তঃৰাষ্ট্ৰীয়

১. ইজৰাইলত অন্ত পৰিব বাৰ বছৰীয়া নিতেনয়াহু যুগৰ। ইজৰাইলৰ নতুন চৰকাৰে ইতিমধ্যেই স্বাক্ষৰ কৰিছ এখন মিত্ৰজোঁটৰ চুক্তিত। সেই চুক্তিমতে, পৰৱৰ্তী দুবছৰ বাবে ইজৰাইলৰ প্ৰধান মন্ত্ৰী হ’ব য়েমিনা পাৰ্টিৰ নেতা নাফাটালি বেন্নেট।

২. পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত মুছলমান তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ দুৰ্ঘটনাত পতিত। কমেও ২০ জন যাত্ৰীৰ মৃত্যু আৰু ১০ জন যাত্ৰী গুৰুতৰ ভাবে আহত হোৱাৰ খবৰ আহিছে।

৩. ইৰাণে পুনৰ লাভ কৰিলে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভোটদান কৰাৰ ক্ষমতা। আমেৰিকাই খাৰুৱা তেল ৰপ্তানিত আৰোপ কৰা নিষেধাজ্ঞাৰ বাবে ইৰাণে বহু দেশৰ পৰা তেলৰ মূল্য পাব লগা আছিল। সেয়ে অৰ্থাভাবত পৰি ইৰাণে ৰাষ্ট্ৰসংঘক দুবছৰ বাকেয়া ৬৫ নিযুত ডলাৰ পৰিশোধ কৰিব পৰা নাছিল। বৰ্তমান বাইডেন প্ৰশাসনে এই নিষেধাজ্ঞা উঠাই লোৱাৰ ফলত ইৰাণে এই ধনৰ অধিকাংশ পৰিশোধ কৰিছে আৰু ইয়াৰ ফলত ৰাষ্ট্ৰসংঘত তেওঁলোকৰ ভোট পুনৰ লাভ কৰিছে।

৪. ব্ৰাজিলত আৰম্ভ হ’ব নতুন নিয়ম। ৰাষ্ট্ৰপতি জাইৰ বলচ’নাৰোৰ ঘোষণা- এতিয়া ক’ভিড ভেকচিন লোৱা নাগৰিকে পিন্ধিব নালাগে মাস্ক।

৫. ঘোষিত হ’ল পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল। ‘ফ্ৰী পেৰু’ দলৰ পেদ্ৰ’ কাষ্টিলোৱে ৬৩,০০০ হাজাৰ ভোটৰ ব্যৱধানত হৰুৱালে ‘পপুলাৰ ফৰ্চ’ দলৰ প্ৰাৰ্থী কেইক’ ফুজিম’ৰিক।

উৎস- ৰয়টাৰ

ক্ৰীড়া

১) ইংলেণ্ড বনাম নিউজিলেণ্ডৰ মাজৰ দ্বিতীয় টেষ্টৰ দ্বিতীয় দিনাৰ অন্তত ইংলেণ্ডৰ ৩০৩ ৰাণৰ প্ৰত্যুত্তৰত নিউজিলেণ্ডৰ সংগ্ৰহ তিনি উইকেটত ২২৯ ৰাণ। নিউজিলেণ্ডৰ হৈ ডেভন কনৱেৰ ৮০ আৰু উইল ইয়ংৰ ৮৩ ৰাণ সংগ্ৰহ। ইংলেণ্ডৰ হৈ দুটা উইকেট দখল ষ্টুৱাৰ্ট ব্রডৰ।

২) আৰম্ভণি ঘটিল ইউৰো কাপ ২০২০ৰ। উদ্বোধনী খেলতে বৃহৎ জয় ইটালীৰ। তুৰ্কীৰ বিৰুদ্ধে ৩-০ গ’লত জয়লাভ ইটালীৰ। এই খেলখনত জয়ী হৈ ইটালীয়ে ক্ৰমাগতভাৱে ২৮ খন খেলত অপৰাজেয় হৈ থকাৰ ৰেকৰ্ড স্থাপন কৰে।

৩) ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ একক শাখাৰ ফাইনেলত প্ৰৱেশ ন’ভাক জক’ভিচ আৰু ষ্টেফানচ চিটচিপাছ। যোৱা নিশা অনুষ্ঠিত তীব্ৰ প্ৰতিদ্বন্দিতাপূৰ্ণ খেলত ন’ভাক জক’ভিচে ৰাফেল নাডালক পৰাস্ত কৰে প্ৰৱেশ কৰে ফাইনেলত। আনহাতেদি গ্ৰীচৰ প্ৰথমগৰাকী খেলুৱৈ হিচাপে আলেকজেণ্ডাৰ জেভৰেভক পৰাস্ত কৰি ফ্ৰেন্স অপেনৰ ফাইনেলত প্ৰৱেশ কৰে ষ্টেফানচ চিটচিপাছ।

৪) ভাৰতীয় মহিলা মল্লযুঁজাৰু ভিনেশ ফগাটে পোলেণ্ড অপেনৰ ৫৩ কেজি শাখাত অৰ্জন কৰে স্বৰ্ণ পদক। ইউক্ৰেইনৰ ক্ৰিষ্টিয়ানা বেৰেজাক ৮-০ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত জয়ী হয় ভিনেশ ফগাট।

৫) কোপা আমেৰিকা ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ব্ৰাজিলত। ব্ৰাজিলত কোভিডৰ ভয়াৱহ সংক্ৰমণ সত্ত্বেও ব্ৰাজিলতে অনুষ্ঠিত কৰা হ’ব ১০৫ বছৰীয়া পুৰণি এই প্ৰতিযোগিতাখন।

উৎস- দ্যা ইণ্ডিয়ান এক্সপ্ৰেছ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x