তথ্যকোষসাময়িকী

ৰাইমনা – অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান 

(সদ্যঘোষিত  ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান সম্পৰ্কে এটি চমু লেখা)

৫ জুন তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। ২০২১ চনৰ বিশ্ব পৰিৱেশ দিৱস অসমৰ বাবে পূৰ্বতকৈ কিছু ব্যতিক্ৰম আছিল কিয়নো সেইদিনটোত অসম তথা অসমীয়াই এটা সেউজ উপহাৰ লাভ কৰিছিল আৰু এই উপহাৰটোৰ নামেই আছিল “ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান”৷ ২০২১ চনৰ ৫ জুন অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনটোতেই অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ৰাইমনা বনাঞ্চলে স্বীকৃতি লাভ কৰে। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে অসমৰ পাৰিপাৰ্শ্বিক ক্ষেত্ৰৰ লগতে পৰ্যটন উদ্যোগতো এক ব্যাপক আশাৰ সঞ্চাৰ কৰিছে। অসমৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ ক্ষেত্ৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান এক গুৰুত্বপূৰ্ণ স্থলৰূপে বিবেচিত হ’ব।

ৰাইমনা – বনাঞ্চলৰ পৰা ৰাষ্ট্ৰীয় উদ্যানৰ যাত্ৰা –

যোৱা ২০২০ বৰ্ষত অসমৰ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালদেৱৰ নেতৃত্বত আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ কাৰ্যকালত ৰাইমনা বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীতকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে ৰাইমনা বনাঞ্চলক অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যানৰূপে স্বীকৃতি প্ৰদান কৰে। ৰাইমনা বনাঞ্চলক ৰাষ্ট্ৰীয় উদ্যানৰূপে উন্নীতকৰণ কৰাৰ আনুষ্ঠানিক ঘোষণা কৰে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱে গুৱাহাটীৰ গান্ধী মণ্ডপত।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ ভৌগোলিক অৱস্থিতি –

অসমৰ একেবাৰে পশ্চিম সীমান্তৰ বি.টি.আৰ.ৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ কচুগাঁৱত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান অৱস্থিত। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ সৰ্বমুঠ মাটিকালি ৪২২ বৰ্গ কিলোমিটাৰ। কোকৰাঝাৰৰ ৰিপু সংৰক্ষিত বনাঞ্চলৰ উত্তৰ অংশ আৰু গোঁসাইগাওঁ মহকুমাৰ কচু সংৰক্ষিত বনাঞ্চলখনক লৈ গঠিত হৈছে অসমৰ ষষ্ঠ তথা ভাৰতবৰ্ষৰ ১০৫ তম ৰাষ্ট্ৰীয় উদ্যানখন। উল্লেখযোগ্য যে এই কচুগাঁও বনাঞ্চলখন সমগ্ৰ এচিয়াৰ ভিতৰতে দ্বিতীয় বৃহৎ বনাঞ্চল। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান মানস জৈৱ সংমণ্ডল আৰু চিৰাং-ৰিপু হস্তী বনাঞ্চলৰ এটা গুৰুত্বপূৰ্ণ অংগ। লগতে ই মানাহ ব্যাঘ্ৰ প্ৰকল্পৰ এটা গুৰুত্বপূৰ্ণ অংগ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানখন ভূটানৰ ফিবছ’ সংৰক্ষিত বনাঞ্চল(Phibsoo Wildlife Sanctuary) আৰু জিগমে ছিংয়ে বাংচুক ৰাষ্ট্ৰীয় উদ্যান(Jigme Singye Wangchuck National Park)ৰ গাতে লাগি আছে।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ চাৰিসীমা:-

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পূব দিশত আছে সৰলভাঙা নৈ আৰু তাৰ গাতে লাগি আছে মানাহ ৰাষ্ট্ৰীয় উদ্যান।পশ্চিম দিশত আছে সোণকোষ নৈ আৰু ইয়াৰ গাতে লাগি আছে অসম-বংগ সীমান্ত। উত্তৰ দিশত আছে ভাৰত-ভূটান সীমান্ত।দক্ষিণ দিশত আছে পেকুৱা নৈ আৰু তাৰ কিছু দূৰত কোকৰাঝাৰ নগৰ।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ-বৈচিত্ৰ –

বহুতো আপুৰুগীয়া জীৱ-জন্তুৰে ভৰপূৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰধান আকৰ্ষণ হৈছে সোণালী বান্দৰ, যিটো বি. টি. আৰ.ৰ মেছকট। ইয়াৰ উপৰিও ৰাইমনাত পোৱা আন জন্তুবোৰ হৈছে বৃহৎ এছিয়ান হাতী, ঢেঁকীয়াপতিয়া বাঘ, গোধাফুটুকী বাঘ, নাহৰফুটুকী বাঘ, বনৰীয়া ম’হ, মেথোন, ফুটুকী হৰিণ, বিবিধ প্ৰজাতিৰ বান্দৰ ইত্যাদি।

ইয়াৰ উপৰিও ৰাইমনাত বিলুপ্তপ্ৰায় ধনেশকে আদি কৰি প্ৰায় ১৭০ টা প্ৰজাতিৰ বিবিধ চৰাই, ১৫০ টা প্ৰজাতিৰ নানাৰঙী পখিলা, ৩৮০ টা প্ৰজাতিৰ ভিন ভিন উদ্ভিদ আৰু কেইবাটাও প্ৰজাতিৰ অৰ্কিড পোৱা যায়। ১১ বিধ ভিন্ন প্ৰকাৰৰ বন (Forest type) আৰু ইয়াৰ উপ-প্ৰকাৰেৰে চহকী জৈৱ-বৈচিত্ৰৰে সমৃদ্ধ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান। এই দিশৰ পৰা ক’ব পাৰি যে এই নতুন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাই বিভিন্ন দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰিব।

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ ভিতৰত ৰাইমনা –

ভাৰতবৰ্ষৰ সৰ্বমুঠ মাটিকালিৰ ১.২৩ শতাংশ (প্ৰায় ৪০৫০১.১৩ বৰ্গ কিঃ মিঃ) ভাৰতৰ ১০৪ খন ৰাষ্ট্ৰীয় উদ্যানে সামৰি আছে(National Wildlife database; May, 2019) আৰু প্ৰায় ৫% মাটিকালি সংৰক্ষিত বনাঞ্চলৰূপে আছে। সদ্য স্বীকৃতিপ্ৰাপ্ত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে ইয়াৰে এক বৃহৎ অংশক সামৰি ল’ব। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আৰম্ভ কৰি ভূটানৰ অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানক সামৰি চিৰাং-ৰিপু সংৰক্ষিত অঞ্চললৈকে মুঠ ছটা সংৰক্ষিত অঞ্চলক সামৰি ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে গঠন কৰিব এটা বৃহৎ বন্যপ্ৰাণী কৰিডৰ।

১৯৮৯ চনৰ পৰা ৰাইমনা সংৰক্ষিত বনাঞ্চলৰ (বৰ্তমান বি.টি.আৰ. অন্তৰ্গত) প্ৰায় ৩০ শতাংশ অঞ্চল সেই সময়ত বড়োভূমিৰ অশান্ত পৰিস্থিতি, বেদখল আৰু অন্যান্য কাৰণত নিয়ন্ত্ৰণলৈ আনিবৰ বাবে বন-গছ কাটি প্ৰায় উচ্ছেদিত আৰু মুকলি কৰা হৈছিল। কিন্তু বৰ্তমানৰ সুস্থিৰ পৰিৱেশ আৰু নতুনকৈ স্বীকৃতিপ্ৰাপ্ত ৰাষ্ট্ৰীয় উদ্যানখনে তাৰ স্থানীয় লোক তথা অসমবাসীৰ বাবে আনিছে এক আশাব্যঞ্জক খবৰ।

ভাৰত আৰু ভূটান এই দুয়োখন দেশৰ অন্তৰ্গত এই সুবৃহৎ অৰণ্য অঞ্চলটিত বসবাস কৰা জীৱ-জন্তু, প্ৰাণীয়ে জৈৱ-বৈচিত্ৰতাত যথেষ্ট প্ৰভাৱ পেলাব বুলি প্ৰকৃতিবিদসকলে মত পোষণ কৰে। IUCN ৰ দ্বাৰা বৰ্তমান বিপন্নপ্ৰায় প্ৰজাতিৰূপে স্বীকৃত সোণালী বান্দৰ(Gee’s Golden Langur)ৰ বাসস্থান এই ৰাইমনা।গতিকে,সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাই ল’ব এক বিশেষ উল্লেখযোগ্য ভূমিকা।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন –

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান যি ঠাইত অৱস্থিত সেই ঠাইখন প্ৰকৃতিৰ নৈসৰ্গিক সৌন্দৰ্যৰে ভৰপূৰ। পৰ্বত-পাহাৰ, ঘন অৰণ্য আদিৰ সংমিশ্ৰণত এই ঠাইডোখৰৰ সৌন্দৰ্য লেখতল’বলগীয়া। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ এই প্ৰাকৃতিক সৌন্দৰ্যই ইয়ালৈ বিভিন্ন দেশী-বিদেশী পৰ্যটকক আকৃষ্ট কৰিব। ৰাইমনাত থকা বিলুপ্তপ্ৰায় সোণালী বান্দৰৰ লগতে বিভিন্ন প্ৰজাতিৰ বাঘ,হাতী,মেথোন,বনৰীয়া ম’হ,ধনেশ পক্ষী আদি চাবলৈ পৰ্যটকে ভিৰ কৰিবহি। কাষতে অৱস্থিত ভূটানৰ বিভিন্ন পৰ্যটনস্থল চাবলৈ অহা বিদেশী পৰ্যটকে নৱগঠিত এই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে অৱগত হ’লে ইয়ালৈ আহিবলৈ আকৃষ্ট হ’ব।

ৰাইমনাই অসমৰ পৰ্যটন উদ্যোগৰ বাবে এখন নতুন দুৱাৰ মুকলি কৰি দিছে। অসমৰ পৰ্যটন বিভাগে যদি সঠিক পন্থাৰে ৰাইমনাৰ জৈৱ বৈচিত্ৰক ব্যৱহাৰ কৰে তেতিয়া নিশ্চয় ৰাইমনা সমগ্ৰ বিশ্বতে প্ৰসিদ্ধ হ’ব। ইয়াৰ বাবে অসম চৰকাৰৰ পৰ্যটন বিভাগে ল’ব লাগিব নতুন নতুন সুপৰিকল্পিত আঁচনি তথা প্ৰচাৰৰ অভিনৱ কৌশল আৰু ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানত গঢ়ি তুলিব লাগিব ন ন প্ৰযুক্তিগত তথা উন্নত পৰ্যটনৰ আন্তঃগাঁথনি।

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন আৰু ইয়াৰ বাসিন্দা –

ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে পৰ্যটনৰ ক্ষেত্ৰত ব্যাপ্তি লাভ কৰিলে ইয়াৰ কাষৰীয়া অঞ্চলবোৰত বাস কৰা লোকসকলৰো আৰ্থিক অৱস্থা ক্ৰমাৎ স্বচ্ছল অৱস্থালৈ গতি কৰিব। কিয়নো ইয়াত পৰ্যটকৰ পৰিমাণ বৃদ্ধি হ’লে ইয়াৰ কাষৰীয়া অঞ্চলত বসবাস কৰা মানুহবোৰে পৰ্যটন উদ্যোগৰ লগত জড়িত নানা বিভাগত লাভ কৰিব কৰ্মসংস্থাপন তথা নিজেও আৰম্ভ কৰিব পাৰিব নতুন নতুন উদ্যোগ। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে ইয়াৰ কাষৰীয়া লোকসকলক দিব পাৰে এক স্বচ্ছল তথা অৰ্থনৈতিকভাৱে স্বাৱলম্বী জীৱন।

বিভিন্ন উদ্ভিদ তথা জীৱকূলৰ বসতিস্থল ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে অসমবাসী তথা ভাৰতবাসীৰ মাজত বন তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ কৰিছে। অসমৰ পৰিৱেশ সংৰক্ষণ তথা পৰ্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে ব্যাপক অৰিহণা যোগাব। ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানে সামৰি লোৱা ৪২২ বৰ্গ কিলোমিটাৰজোৰা এলেকাত সৃষ্টি হ’ব বন তথা বন্যপ্ৰাণী সংৰক্ষণৰ এক নতুন অধ্যায়ৰ। বিশ্ব পৰিৱেশ দিৱসৰ দিনাই ঘোষিত হোৱা অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাই সোণালী বান্দৰ সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বত এক সুকীয়া পৰিচিতি লাভ কৰক। অসমৰ প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙাক বিশ্ববাসীয়ে যেনেদৰে এশিঙীয়া গঁড়ৰ বাবে চিনি পায়, তেনেদৰেই অসমৰ ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান ৰাইমনাক চিনি পাওঁক ইয়াৰ সোণালী বান্দৰৰ বাবে।

4.7 3 votes
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] লাভ কৰিছিল আন এখন ৰাষ্ট্ৰীয় উদ্যান- ৰাইমনা। পূৰ্বৰ ১০৫ খনৰ ৰাষ্ট্ৰীয় উদ্যানৰ […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

1
0
Would love your thoughts, please comment.x
()
x