আজিৰ বাতৰিসাময়িকী

আজিৰ শিৰোনাম

ৰাজ্যিক –

১) যোৱা ২৪ ঘণ্টাত অসমত কোভিড ১৯ত আক্ৰান্ত ৩,৪১৫ জন লোক আৰু মৃত্যু ঘটিল ৩৪ জন লোকৰ।

২) ৰাজ্যত আজিৰ পৰা বলৱত হ’ব কোভিডৰ নতুন SOP। সংবাদমেলযোগে SOPৰ ঘোষণা ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ। ২২ জুনলৈকে বলৱত হৈ থাকিব নতুন SOP খন। ৰাজ্যত বন্ধ থাকিব আন্তঃজিলা যাতায়ত ব্যৱস্থা। কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁও জিলাত কঠোৰভাৱে বলৱত হ’ব সান্ধ্য আইন। গুৱাহাটী মহানগৰীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈকে সান্ধ্য আইন বলৱত।

৩) কা আন্দোলনত হোৱা হিংসাত্মক কাৰ্যত অংশগ্ৰহণৰ অভিযোগত দিল্লীৰ কাৰাগাৰত বন্দী হৈ থকা অসমীয়া যুৱতী দেৱাঙ্গনা কলিতাৰ জামিন মঞ্জুৰ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে।

৪) ৰাজ্যৰ শক্তি বিভাগক অধিক শক্তিশালী কৰাৰ মানসেৰে অসম চৰকাৰৰ পদক্ষেপ: গুজৰাট মডেলেৰে আগুৱাই যাব অসমৰ শক্তি বিভাগ। গুজৰাটৰ শক্তি বিভাগৰ কাৰ্য পৰিদৰ্শন কৰিবলৈ যাব মন্ত্ৰী বিমল বৰাসহ এটা প্ৰতিনিধি দল।

৫) তদন্তৰ নামৰ চৰকাৰৰ চৰম প্ৰহসন: আৰক্ষী উপপৰিদৰ্শক পদৰ কেলেংকাৰীৰ মূল অভিযুক্ত প্ৰাক্তন আৰক্ষী অধীক্ষক কুমাৰ সঞ্জীত কৃষ্ণক নীতি বৰ্হিভূতভাৱে যোৱা ছমাহ ৰখা হৈছে চিকিৎসালয়ৰ পেয়িং কেবিনত।

উৎস – অসমীয়া প্ৰতিদিন

ৰাষ্ট্ৰীয়

১. প্ৰথম বৰ্ষপূৰ্তিত গালৱানৰ বীৰ ছহিদলৈ সেনাৰ শ্ৰদ্ধাঞ্জলি। স্মৰ্তব্য যে, ২০২০ জনৰ ১৫ জুন তাৰিখে গালৱান উপত্যকাত চীনা সৈন্যৰ লগত হোৱা হতাহতিৰ ফলত ২০ জন ভাৰতীয় সেনা যোৱানৰ মৃত্যু হৈছিল।

২. কেৰেলাৰ মাছমৰীয়া হত্যা গোচৰত অভিযুক্ত দুই ইটালীয়ান নৌ-সেনা বিষয়াৰ বিৰুদ্ধে থকা গোচৰ বন্ধ কৰিলে উচ্চতম ন্যায়ালয়ে। ইটালীৰ চৰকাৰে ক্ষতিপূৰণ হিচাপে ভাৰতক ১০ কোটি টকা আদায় দিয়াৰ পাছতেই এই সিদ্ধান্ত।

৩. ক’ভিড ভেকচিন লৈ ব্যক্তিৰ মৃত্যু হোৱা সন্দৰ্ভত প্ৰথমটো ঘটনা নিশ্চিত কৰিছে ভাৰত চৰকাৰে। ক’ভিড ভেকচিন লোৱাৰ পাছত সৃষ্টি হোৱা এনাফাইলেক্সিছ (গুৰুতৰ এলাৰ্জিক প্ৰতিক্ৰিয়া) নামৰ ৰোগবিধ ফলত ভাৰতত এজন ৬৮ বছৰীয়া ব্যক্তিৰ মৃত্যু হৈছে।

৪. তীৰ্থ যাত্ৰাৰ বাবে কৰা এই বছৰৰ সকলো আবেদন বাতিল কৰা হৈছে- ভাৰতীয় হজ কমিটিয়ে কৰিছে এই ঘোষণা। কাৰণ, চৌদি আৰৱ ৰাজ্যৰ হজ আৰু উমৰাহ মন্ত্ৰালয়ে এক বিবৃতি জাৰি কৰিছে যে, তেওঁলোকে কৰোনা ভাইৰাছ মহামাৰীৰ বাবে এই বছৰ চৌদি আৰৱ ৰাজ্যৰ ভিতৰতে থকা নাগৰিক আৰু বাসিন্দাসকলকহে হজত উপস্থিত থাকিবলৈ অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে।

৫. টুইটাৰে ভাৰতৰ বাবে অতি সোনকালেই এজন অন্তৱৰ্তীকালীন চীফ কমপ্লায়েন্স অফিচাৰ নিয়োগ কৰিব। ভাৰতৰ নতুন তথ্য প্ৰযুক্তি আইন অনুসৰি টুইটাৰে নিয়োগ কৰিবলৈ বাধ্য হৈছে এইজন বিষয়াক।

উত্স: দা হিন্দু

আন্তঃৰাষ্ট্ৰীয়

১. ব্ৰাছেলছৰ পৰা জেনেভালৈ উৰা মাৰিলে জ’ বাইডেন। বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে মিলিত হ’ব এক বৈঠকত। এই বৈঠকত আমেৰিকাই উত্থাপন কৰিব লগা মুখ্য বিষয় কেইটা হ’ল- ছাইবাৰ সুৰক্ষা, ক্ৰাইমিয়া, ইউক্ৰেইন আৰু ছিৰিয়াত ৰাছিয়াই কৰা শত্ৰুতাপূৰ্ণ আচৰণ আৰু ৰাছিয়াৰ বিৰোধী নেতা এলেক্সি নাভালনিৰ মুক্তি।

২. ইজৰাইল নতুন চৰকাৰলৈ প্ৰত্যাহ্বান। মংগলবাৰে ইজৰাইলৰ হাজাৰ হাজাৰ সোঁপন্থী জনতাই পূব জেৰুজালেমত এক সমদল বাহিৰ কৰে। ১৯৬৮ চনৰ মধ্য-প্ৰাচ্য যুদ্ধত ইজৰাইলী সকলে এই পূব জেৰুজালেম অঞ্চলটো জয় কৰিছিল। আৰু ইয়াৰে বৰ্ষপূৰ্তি হিচাপে ইজৰাইলী সকলে প্ৰতিবছৰে বিজয় সমদল উলিয়াই। পূৰ্বতে এই সমদল ১০ মে তাৰিখে উলিওৱাৰ কথা আছিল যদিও এয়া ইজৰাইল-পেলেষ্টাইনৰ যুদ্ধৰ বাবে পাছ পৰে। এই সমদলক লৈ পুনৰ দুয়োখন দেশৰ মাজত উত্তেজনা বাঢ়ি যোৱা দেখা গৈছে।

৩. চোমালিয়াৰ ৰাজধানী চহৰত আত্মঘাতী বোমা বিস্ফোৰণ। মংগলবাৰে সংঘটিত হোৱা এই বিস্ফোৰণত কমেও ১৫ জন লোক নিহত হোৱাৰ খবৰ আহিছে।

৪. নিকাৰাগুয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এনৰিক বোলানোছৰ মৃত্যু‌। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ।

৫. জাপানী সংসদৰ নিম্ন সদনত মঙলবাৰে প্ৰধানমন্ত্ৰী য়োচিহিদে চুগাৰ মন্ত্ৰীসভাৰ বিৰুদ্ধে বিৰোধী দলসমূহে আনে এক অনাস্থা প্ৰস্তাৱ। এই প্ৰস্তাৱত বিৰোধী দলসমূহে চলিত সংসদীয় অধিৱেশন সম্প্ৰসাৰণ কৰিবলৈ অস্বীকাৰ কৰি ভোটদান কৰে।

উত্স- ৰয়টাৰ

ক্ৰীড়া –

১) ফিফা বিশ্বকাপ ২০২২ৰ কোৱালিফায়াৰ – আফগানিস্তান লগত ১-১ গ’লত ড্ৰ’ ভাৰতীয় দলৰ। এই ড্ৰ’ৰ ফলতেই ভাৰতীয় দলটোৱে ২০২৩ চনৰ এ এফ চি এছিয়ান কাপ কোৱালিফায়াৰৰ তৃতীয় ৰাউণ্ডত পোনপটীয়াকৈ স্থান লাভ কৰে।

২) নিউজিলেণ্ডৰ বিৰুদ্ধে অহা ১৮ জুনৰ পৰা হ’ব লগা বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে পোন্ধৰজনীয়া দলৰ তালিকা ঘোষণা ভাৰতৰ। তালিকাত স্থান লাভ কৰা ভাৰতীয় খেলুৱৈসকল – বিৰাট কোহলী (অধিনায়ক), আজিংক্য ৰাহানে (সহ:অধিনায়ক), ৰোহিত শৰ্মা, শুভমান গিল, চেতেশ্বৰ পূজাৰা, ঋষভ পন্ট (উইকেটকীপাৰ), হনুমা বিহাৰী, ৰবিচন্দ্ৰণ অশ্বিন, ৰবীন্দ্ৰ জাদেজা, ঋদ্ধিমান সাহা (উইকেটকীপাৰ), যশপ্ৰীত বুমৰাহ, উমেশ যাদৱ, মহম্মদ ছামী, ঈশান্ত শৰ্মা, মহম্মদ চিৰাজ।

৩) ইউৰো কাপ, ২০২০: ক্ৰিষ্টিয়ানো ৰোনাল্ড’ৰ দুগ’লৰ সহায়ত পৰ্টুগালে ৩-০ গ’লত হৰুৱালে হাংগেৰীক। ইউৰো কাপত সৰ্বমুঠ ১১ টা গ’লেৰে মিছেল প্লেটিনিক পাৰ কৰি ইউৰোৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বাধিক গ’ল স্ক’ৰাৰ ৰোনাল্ড’।

৪) টকিয়’ অলিম্পিক, ২০২০: দৈনিক কোভিড ১৯ টেষ্টিং, মাস্ক পৰিধান আদি নীতি-নিয়ম উলংঘা কৰিলে বহিষ্কাৰ কৰা হ’ব অলিম্পিকৰ পৰা।

৫) ২০২১ চনৰ ১৯ ছেপ্টেম্বৰৰ পৰা ১৫ অক্টোবৰলৈ সংযুক্ত আৰৱ আমীৰ শ্বাহীত অনুষ্ঠিত হ’ব বাকী থকা আই পি এলৰ খেলসমুহ।

উৎস – দা ইণ্ডিয়ান এক্সপ্ৰেছ

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

0
Would love your thoughts, please comment.x
()
x