ষষ্ঠদশ ভাগ – কিছুমান শ্ৰেণীৰ সম্পৰ্কে বিশেষ উপবন্ধসমূহ

৩৩০। অনুসূচিত জাতি আৰু জনজাতি সমূহৰ কাৰণে লোকসভাত আসনৰ আৰক্ষণ-

(১) লোকসভাত
(ক) অনুসূচিত জাতি সমূহৰ কাৰণে
(খ) অসমৰ স্বায়ত্বশাসিত জিলা সমূহত থকা অনুসূচিত জনজাতি সমূহৰ বাহিৰে অন্য অনুসুচিত (গ) অসমৰ স্বায়ত্বশাসিত জিলা সমূহত থকা অনুসূচিত জনজাতি সমূহৰ কাৰণে-
আসন আৰক্ষিত থাকিব।
(২) খণ্ড (১)ৰ অধীনত কোনো ৰাজ্যত বা সংঘ ৰাজ্যক্ষেত্ৰত অনুসূচিত জাতিৰ বা জনজাতিৰ কাৰণে আৰক্ষিত আসনৰ সংখ্যাৰ লগত সেই ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্ৰৰ বাবে আবণ্টিত লোক সভাৰ মুঠ আসনৰ সংখ্যাৰ অনুপাত যি ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত এনেকৈ আসন আৰক্ষিত ৰখা হয় যথাস্থিতি সেই ৰাজ্য বা সংঘ ৰাজ্যক্ষেত্ৰৰ কোনো ভাগৰ অনুসূচিত জাতিৰ বা জনজাতিৰ জনসংখ্যাৰ লগত সেই ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্ৰৰ মুঠ জনসংখ্যাৰ যি অনুপাত যি অনুপাত হব তাৰ সৈতে যথাসম্ভৱ একে হ’ব।

(৩) খণ্ড (২) ত যিকোনো কথা থকা স্বত্ত্বেও, অসমৰ স্বায়ত্ত্বশাসিত জিলাসমূহৰ অনুসূচিত জনজাতি সমূহৰ বাবে লোকসভাত আৰক্ষিত আসনৰ সংখ্যাৰ লগত সেই ৰাজ্যৰ বাবে আবণ্টিত মুঠ আসনৰ সংখ্যাৰ অনুপাত, সেই স্বায়ত্বশাসিত জিলাসমূহৰ অনুসূচিত জনজাতিসমূহৰ জনসংখ্যা আৰু ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ মাজত থকা অনুপাততকৈ কম নহ’ব। স্পষ্টীকৰণ- এই অনুচ্ছেদ আৰু অনুচ্ছেদ ৩৩২ ত জনসংখ্যা পদে এনে অন্তিম পূৰ্বৱৰ্তী জনগননাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত হৈছে: পৰন্তু, এই স্পষ্টীকৰণত প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত হোৱা অন্তিম পূৰ্বৱৰ্তী জনগণনাৰ প্ৰতি থকা নিৰ্দেশে ২০০০ চনৰ পিচত অনুষ্ঠিত হোৱা প্ৰথম জনগননাৰ প্ৰাসংগিক সংখ্যাসমূহ প্ৰকাশিত নোহোৱা পৰ্যন্ত, ১৯৭১ চনৰ জনগণনাৰ প্ৰতি কৰা নিৰ্দেশ বুলি অৰ্থ কৰা হব।

৩৩১। লোকসভাত এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব-

অনুচ্ছেদ ৮১ ত যিকোনো কথা থকা স্বত্ত্বেও, ৰাষ্ট্ৰপতিয়ে যদি ৰায় যে লোকসভাত এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ পৰ্যাপ্ত প্ৰতিনিধিত্ব হোৱা নাই, তেনেহ’লে তেওঁ সেই সম্প্ৰদায়ৰ অনাধিক দুজন সদস্য লোকসভালৈ মনোনীত কৰিব পাৰে।

৩৩২। ৰাজ্যসমূহৰ বিধানসভাত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ কাৰণে আৰক্ষিত আসন-

(১) প্ৰত্যেক ৰাজ্যৰ বিধান সভাত অনুসূচিত জাতি আৰু অসমৰ স্বায়ত্বশাসিত জিলাসমূহত থকা অনুসূচিত জনজাতিসকলৰ বাহিৰে আন অনুসূচিত জনসংখ্যাৰ বাবে আৰক্ষিত আসন থাকিব।
(২) অসম ৰাজ্যৰ বিধান সভাত স্বায়ত্ব শাসিত জিলাসমূহৰ কাৰণেও আসন সংৰক্ষিত থাকিব।
(৩) খণ্ড (১)ৰ অধীনত কোনো ৰাজ্যৰ বিধান সভাত অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ কাৰণে আৰক্ষিত আসনৰ সংখ্যাৰ লগত সেই বিধান সভাৰ আসনৰ মুঠ সংখ্যাৰ অনুপাত, যি ৰাজ্যৰ সম্বন্ধত এনেকৈ আসন সংৰক্ষিত কৰা হয় সেই ৰাজ্যৰ অথবা যথাস্থিতি মতে, ৰাজ্যৰ কোনো ভাগৰ অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ জনসংখ্যাৰ লগত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ যি অনুপাত হব তাৰ সৈতে যথাসম্ভৱ একে হ’ব।

(৩)(ক) খণ্ড (৩)ত কোনো কথা স্বত্ত্বেও, ২০০০ চনৰ পাছত হোৱা প্ৰথম লোকপিয়লৰ ভিত্তিত, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰাম আৰু নাগালেণ্ড ৰাজ্যৰ বিধান সভাত আসনসমূহৰ সংখ্যা, অনুচ্ছেদ ১৭০ ৰ অধীনত পুনৰ সমযোজন কাৰ্যকৰী নোহোৱালৈকে, যি আসনসমূহ এনে কোনো ৰাজ্যৰ বিধান সভাত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হ’ব, সেইসমূহ-

(ক) যদি সংবিধান অধিনিয়ম, ১৯৮৭ বলবত্ হোৱা তাৰিখত এনে ৰাজ্যৰ বিদ্যমান বিধান সভাত সকলো আসন অনুসূচিত জনজাতিৰ দ্বাৰা ধাৰণ কৰা হয়, তেতিয়া এখন আসনৰ বাদে সকলো আসন হ’ব
(খ) আন কোনো ক্ষেত্ৰত এনে সংখ্যক আসন হ’ব, যাৰ সংখ্যাৰ অনুপাত, আসনৰ মুঠ সংখ্যাৰ সেই অনুপাতকৈ কম নহব, যি বিদ্যমান বিধান সভাত অনুসূচিত জনজাতিৰ সংখ্যাৰ অনুপাত বিদ্যমান বিধান সভাত আসনৰ মুঠ সংখ্যাৰ সৈতে আছে।

(৩)(খ) খণ্ড (৩) ত কোনো থকা সত্ত্বেও, ২০০০ চনৰ পিছত হোৱা প্ৰথম লোকপিয়লৰ ভিত্তিত, ত্ৰিপুৰা ৰাজ্যৰ বিধান সভাত আসনৰ সংখ্যাৰ, অনুচ্ছেদ ১৭০ৰ অধীনত, পুনৰ সমাযোজন কাৰ্য্যকৰী নোহোৱালৈকে, যি আসনসমূহ বিধান সভাত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হ’ব সেইসমূহ এনে সংখ্যক আসন হ’ব, যাৰ সংখ্যাৰ অনুপাত, সংবিধানৰ (বাসত্তৰতম সংশোধন) অধিনিয়ম, ১৯৯২ বলবৎ হোৱাৰ তাৰিখত, আসনসমূহৰ মুঠ সংখ্যাৰ সেই অনুপাততকৈ কম নহ’ব যি অনুপাত উক্ত তাৰিখত বিদ্যমান বিধান সভাত অনুসূচিত জনজাতিৰ সদস্যৰ সংখ্যাৰ সেই বিধান সভাত আসনৰ মুঠ সংখ্যাৰ সৈতে আছে।

(৪) অসম ৰাজ্যৰ বিধান সভাত কোনো স্বায়ত্ত জিলাৰ কাৰণে আৰক্ষিত আসনৰ সংখ্যাৰ লগত সেই সভাৰ মুঠ আসনৰ সংখ্যাৰ অনুপাত, সেই জিলাৰ জনসংখ্যা আৰু সেই ৰাজ্যৰ মুঠ জনসংখ্যাৰ মাজত থকা অনুপাততকৈ কম নহ’ব।

(৫) অসমৰ কোনো স্বায়ত্ত জিলাৰ কাৰণে সংৰক্ষিত আসনসমূহৰ নির্বাচন ক্ষেত্রসমূহৰ লগত সেই জিলাৰ বাহিৰৰ কোনো ক্ষেত্র সমাবিষ্ট নহ’ব।

(৬) অসম ৰাজ্যৰ কোনো স্বায়ত্ত জিলাৰ অনুসূচিত জনজাতিৰ সদস্যভুক্ত নোহোৱা কোনো ব্যক্তিয়ে স্বায়ত্ত জিলাৰ কোনো নির্বাচন ক্ষেত্ৰৰ পৰা সেই ৰাজ্যৰ বিধান সভালৈ নিৰ্বাচিত হোৱাৰ পাত্ৰ নহ’ব।

৩৩৩। ৰাজ্যসমূহৰ বিধানসভাত এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব-

অনুচ্ছেদ ১৭০ত যিকোনো কথা থকা সত্ত্বেও, কোনো ৰাজ্যৰ ৰাজ্যপাল যদি সেই ৰাজ্যৰ বিধান সভাত এংল’ ইণ্ডিয়ান সম্প্ৰদায়ৰ প্রতিনিধিত্ব আৱশ্যক হৈছে আৰু তাত যথেষ্টভাবে প্রতিনিধিত্ব থকা নাই বুলি ৰায় দিয়ে তেনেহলে তেওঁ সেই সম্প্রদায়ৰ এজন সদস্য বিধান সভালৈ মনোনীত কৰিব পাৰে।

৩৩৪। আসনৰ সংৰক্ষণ আৰু বিশেষ প্ৰতিনিধিত্ব পঞ্চাছ বছৰৰ পাছত অন্ত পৰিব –

এই ভাগৰ পূর্বোক্ত উপবন্ধ সমূহত যিকোনো কথা থকা সত্ত্বেও,
(ক) লোকসভাত আৰু ৰাজ্য সমুহৰ বিধানসভা সমূহত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ কাৰণে আসনৰ সংৰক্ষণ সম্পৰ্কত থকা সেই সংবিধানৰ উপবন্ধসমূহ; আৰু
(খ) মনোনয়ন ক্রমে লোকসভা আৰু ৰাজ্যসমূহৰ বিধান সভাসমূহত এংল’ ইণ্ডিয়ান সম্প্ৰদায়ৰ প্রতিনিধিত্ব সম্পর্কত থকা এই সংবিধানৰ উপবন্ধ সমূহ, এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা ধৰি পঞ্চাশ বছৰ কাল অতিবাহিত হোৱাৰ পাচত প্রযোজ্য নহ’ব: পৰন্তু, এই অনুচ্ছেদৰ কোনো কথাই তেতিয়াৰ বিদ্যমান লোকসভা বা কোনো ৰাজ্যৰ বিধানসভা ভংগ নোহোৱালৈকে লোকসভা আৰু বিধানসভাৰ প্রতিনিধিত্বৰ ওপৰত প্ৰভাৱ নেপেলাব।

৩৩৫। সেৱা আৰু পদত অনুসূচিত জাতি আৰু জনজাতিৰ দাবী-

কেন্দ্ৰ বা কোনো ৰাজ্যৰ কাম-কাজৰ লগত জড়িত থকা সেৱা আৰু পদত নিয়োগ কৰোতে অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ সদস্যসকলৰ দাবী সম্পর্কে প্রশাসনৰ কাৰ্য্যপটুতা ৰক্ষাৰ লগত সংগতি ৰাখি বিচাৰ কৰা হ’ব।

৩৩৬। কিছুমান সেৱাত এংলো ইণ্ডিয়ান সম্প্ৰদায়ৰ বাবে বিশেষ উপবন্ধ-

(১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচত প্রথম দুবছৰৰ ভিতৰত সংঘৰ ৰেল, সীমা শুল্ক, ডাক আৰু তাঁৰ সেৱাৰ পদসমূহত এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ লোকসকলৰ নিযুক্তি ১৯৪৭ চনৰ ১৫ আগষ্টৰ ঠিক পূর্বে হোৱা ভিত্তিতেই হ’ব।
পৰবৰ্তী প্রত্যেক দুবছৰৰ ভিতৰত উক্ত সেৱা সমূহত উক্ত সম্প্ৰদায়ৰ লোকসকলৰ কাৰণে সংৰক্ষিত পদৰ সংখ্যা, যিমান দূৰ সম্ভৱ হয়, তাৰ অব্যবহিত পূৰ্বৰ দুবছৰৰ ভিতৰত তেনেদৰে সংৰক্ষিত সংখ্যাৰ শতকৰা দহভাগ কম হ’ব : পৰন্তু, এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা দহ বছৰৰ মূৰত এনে সকলোবোৰ সংৰক্ষণৰ অন্ত পৰিব।

(২) অন্যান্য সম্প্ৰদায়ৰ লোকসকলৰ তুলনাত গুনাগুণৰ ভিত্তিত এংল’ ইণ্ডিয়ান সম্প্ৰদায়ৰ লোকসকলৰ নিযুক্তিৰ কাৰণে অৰ্হতাসম্পন্ন বুলি বিবেচিত হ’লে খণ্ড (১)ৰ কোনো কথাই সেই সম্প্ৰদায়ৰ কাৰণে সংৰক্ষিত পদসমূহৰ বাহিৰে আন পদত, বা সেইবোৰৰ উপৰিও, সেই সম্প্ৰদায়ৰ লোকসকলৰ নিযুক্তিৰ বাধা আৰোপ নকৰে।

৩৩৭। এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ হিতৰ কাৰণে শিক্ষামূলক অনুদানৰ বিশেষ উপবন্ধ –

শিক্ষাৰ সম্বন্ধত এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ হিতৰ কাৰণে ১৯৪৮ চনৰ ৩১ মাৰ্চৰ দিনা সম্পূৰ্ণ হোৱা বিত্তীয় বছৰটোত যদি কিবা অনুদান দিয়া হৈছিল, সংঘই আৰু প্রত্যেক ৰাজ্যই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচত প্রথম তিনিটা বছৰৰ ভিতৰত ঠিক তেনে অনুদানকে দিব।

পৰবৰ্তী প্রত্যেক তিনি বছৰৰ ভিতৰত তাৰ অব্যৱহিত পূৰ্বৰ বছৰ তিনিটাৰ ভিতৰত থকা অনুদানতকৈ তেনে অনুদান শতকৰা দহ ভাগ কমিব পাৰে: পৰন্তু, এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা দহ বছৰৰ মূৰত এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ কাৰণে বিশেষ সুবিধা হিচাপে দিয়া এনে অনুদানৰ অন্ত পৰিবঃ

অধিকন্তু, এংল’ ইণ্ডিয়ান সম্প্রদায়ৰ বাহিৰে আন সম্প্ৰদায়ৰ সমূহৰ লোকসকলৰ কাৰণে শিক্ষা অনুষ্ঠানত অন্ততঃ শতকৰা চল্লিশ ভাগ বার্ষিক ভর্তি কৰণৰ ব্যৱস্থা নাথাকিলে কোনো শিক্ষা অনুষ্ঠান এই অনুচ্ছেদৰ অধীনত কোনো অনুদান পোৱাৰ অধিকাৰী নহ’ব।

৩৩৮। ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আয়োগ-

(১) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসমূহৰ বাবে এখন আয়োগ থাকিব যি ৰাষ্ট্ৰীয় অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আয়োগ নামেৰে জ্ঞাত হ’ব।

(২) সংসদৰ যাৰা এই নিমিত্তে প্রণীত কোনো বিধিৰ উপবন্ধসমূহৰ সাপেক্ষে, আয়োগ, এজন অধ্যক্ষ, এজন উপাধ্যক্ষ আৰু পাঁচ জন আন সদস্যৰে গঠিত হ’ব আৰু এনেদৰে নিযুক্ত অধ্যক্ষ, উপাধ্যক্ষ আৰু আন সদস্য সকলৰ সেৱাৰ চৰ্তাৱলী আৰু পদাবধি এনে হ’ব যি ৰাষ্ট্রপতিয়ে নিয়মৰ দ্বাৰা অৱধাৰিত কৰে।

(৩) ৰাষ্ট্ৰপতিয়ে তেওঁৰ স্বাক্ষৰ আৰু চাব মোহৰেৰে অধিপত্রৰ দ্বাৰা আয়োগৰ অধ্যক্ষ, উপাধ্যক্ষ আৰু আন সদস্য সকলক নিযুক্ত কৰিব।

(৪) আয়োগৰ নিজৰ প্রক্রিয়া নিজে বিনিয়মিত কৰিবলৈ ক্ষমতা থাকিব।

(৫) আয়োগৰ এইটো কর্তব্য হ’ব যে ই-
(ক) অনুসূচিত আতি আৰু অনুসূচিত জনজাতিৰ বাবে এই সংবিধানৰ অধীনত বা তৎসময় বলবৎ থকা আন কোনো বিধিৰ অধীনত বা চৰকাৰৰ কোনো আদেশৰ অধীনত উপবন্ধিত ৰক্ষণ ব্যৱস্থাৰ সম্বন্ধত সকলো বিষয়ৰ অনুসন্ধান কৰে আৰু পৰ্য্যবেক্ষণ কৰে আৰু এনে ৰক্ষণ ব্যৱস্থাৰ কাৰ্য্যকৰণৰ মূল্যায়ণ কৰে।
(খ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ অধিকাৰ আৰু ৰক্ষণ ব্যৱস্থাসমূহৰ পৰা বঞ্চিত হোৱাৰ সম্বন্ধত বিনির্দিষ্ট গোচৰ সমূহৰ তদন্ত কৰে,
(গ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিসমূহৰ আর্থ সামাজিক বিকাশৰ পৰিকল্পনা প্রক্রিয়াত ভাগ লয় আৰু উপদেশ দিয়ে আৰু সংঘ আৰু কোনো ৰাজ্যৰ অধীনত তেওঁলোকৰ বিকাশৰ প্ৰগতিৰ মূল্যায়ণ কৰে,
(ঘ) সেই ৰক্ষণ ব্যৱস্থা সমূহৰ কাৰ্য্যকৰীতাৰ ওপৰত প্রতি বছৰে, আৰু এনে অন্য সময়ত যি আয়োগে উচিত বুলি গণ্য কৰে, ৰাষ্ট্ৰপতিক প্রতিবেদন দিয়ে,

(৬) এনে প্রতিবেদন সমুহত সেই ব্যৱস্থাসমূহৰ বিষয়ে যি সেই ৰক্ষণ ব্যৱস্থা সমূহৰ কাৰ্য্যকৰী প্রয়োগৰ বাবে সংঘ বা কোনো ৰাজ্যৰ দ্বাৰা গ্রহণ কৰা উচিত, যাক অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ সুৰক্ষা, কল্যাণ আৰু আর্থ-সামাজিক বিকাশৰ বাবে আন ব্যৱস্থা সমূহৰ বিষয়ে চুপাৰিছ কৰে; আৰু

(চ) অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ সুৰক্ষা, কল্যাণ আৰু বিকাশ আৰু উন্নয়নৰ সম্বন্ধত এনে আন কৃত্যসমূহ নির্বহণ কৰে যি ৰাষ্ট্রপতিয়ে সংসদৰ দ্বাৰা প্রণীত কোনো বিধিৰ উপবন্ধসমূহৰ সাপেক্ষে, নিয়মৰ দ্বাৰা বিৰ্নিদ্দিষ্ট কৰে।

(৬) ৰাষ্ট্রপতিয়ে এনে সকলো প্রতিবেদন সংসদৰ প্রত্যেক সদনৰ সন্মুখত উপস্থাপন কৰাৰ আৰু তাৰ সৈতে সংঘৰ সম্বন্ধত ছুপাৰিছৰ ওপৰত গ্ৰহণ কৰা বা গ্রহণ কৰিবলৈ প্রস্তাৱিত কার্য ব্যৱস্থা আৰু কোনো এনে ছুপাৰিছৰ অস্বীকৃতিৰ বাবে, যদি আছে, কাৰণ সমূহৰ স্পষ্টীকৰণ দিয়া এনে স্মাৰক পত্র থাকিব।

(৭) য’ত এনে কোনো প্রতিবেদন বা তাৰ কোনো অংশ, কোনো ৰাজ্য চৰকাৰৰ লগত সম্বন্ধ থকা কোনো বিষয় সম্বন্ধত হয়, এনে প্রতিবেদনৰ এখন প্রতিলিপি সেই ৰাজ্যৰ ৰাজ্যপাললৈ প্রেৰণ কৰা হ’ব যিয়ে ইয়াক সেই ৰাজ্যৰ বিধান মণ্ডলৰ সন্মুখত উপস্থাপন কৰাব আৰু তাৰ লগত ৰাজ্যখনৰ সম্বন্ধত ছুপাৰিছৰ ওপৰত গ্ৰহণ কৰা বা গ্রহণ কৰিবলৈ প্রস্তাৱিত কার্য্য ব্যৱস্থা আৰু কোনো এনে ছুপাৰিছৰ অস্বীকৃতিৰ বাবে, যদি আছে, কাৰণ সমূহৰ স্পষ্টীকৰণ দিয়া এখন স্মাৰক পত্ৰ থাকিব।

(৮) আয়োগৰ, খণ্ড (৫) ৰ উপখণ্ড (ক) ত নির্দেশিত কোনো বিষয়ৰ অনুসন্ধান কৰাৰ সময়ত বা উপখণ্ড (খ) ত নির্দেশিত কোনো গোচৰৰ তদন্ত কৰাৰ সময়ত, আৰু বিশেষতঃ নিম্নলিখিত বিষয় সমূহৰ সম্বন্ধত এখন চিভিল ন্যায়ালয়ৰ কোনো বাদ বিচাৰৰ সময়ত থকা সকলো ক্ষমতা থাকিব, যথা:-

(ক) ভাৰতৰ কোনো অঞ্চলৰ পৰা কোনো ব্যক্তিক ছমন কৰা আৰু হাজিৰ কৰোৱা আৰু শপতৰ ওপৰত তেওঁক পৰীক্ষা কৰা;
(খ) কোনো দস্তাবেজৰ প্রকট আৰু দাখিল কৰাৰ বাবে অপেক্ষিত কৰা,
(গ) শপত পত্ৰৰ ওপৰত সাক্ষ্য গ্রহণ কৰা।
(ঘ) কোনো ন্যায়ালয় বা কাৰ্য্যালয়ৰ পৰা কোনো লোক অভিলেখ বা তাৰ প্ৰতিলিপি অভিগ্রহণ কৰা,
(ঙ) সাক্ষী আৰু দস্তাবেজসমূহৰ পৰীক্ষাৰ বাবে আয়োগ প্রেৰণ কৰা;
(চ) আন কোনো বিষয়, যি ৰাষ্ট্ৰপতিয়ে নিয়মৰ দ্বাৰা অৱধাৰিত কৰে।
(৯) সংঘ আৰু প্রত্যেক ৰাজ্য চৰকাৰে অনুসূচিত জাতি আৰু অনসূচিত জনজাতি সমূহক প্রভাৱিত কৰা সকলো মুখ্য নীতিগত বিষয়ৰ ওপৰত আয়োগৰ সৈতে পৰামৰ্শ কৰিব।

(১০) এই অনুচ্ছেদত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ প্ৰতি থকা নির্দেশে অনুচ্ছেদ ৩৪০ ৰ খণ্ড (১) ৰ অধীনত নিযুক্ত কৰা আয়োগৰ পৰা প্রতিবেদন পাই, ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যথা বিনির্দিষ্ট কৰি দিয়া আন কোনো অনুন্নত শ্রেণীৰ প্রতি আৰু এংল’ ইণ্ডিয়ান সম্প্ৰদায়ৰ প্ৰতি থকা নির্দেশকো অন্তৰ্গত কৰা বুলি অর্থ কৰিব।

৩৩৯। অনুসূচিত অঞ্চলবোৰৰ প্ৰশাসনৰ ওপৰত আৰু অনুসূচিত জনজাতিসমূহৰ কল্যাণৰ বিষয়ত সংঘৰ নিয়ন্ত্ৰণ-

(১) ৰাজ্যবোৰৰ অনুসূচিত অঞ্চল বিলাকৰ প্ৰশাসনৰ আৰু অনুসূচিত জনজাতি সমূহৰ কল্যাণৰ বিষয়ে প্রতিবেদন দিবলৈ ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যিকোনো সময়তে এটি আয়োগ নিযুক্ত কৰিব পাৰে আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা দহ বছৰৰ মূৰত তেনে আয়োগ নিযুক্ত কৰিব লাগিব। সেই আদেশত আয়োগৰ গঠন, ক্ষমতা আৰু প্রক্রিয়া পৰিভাষিত কৰি দিব পাৰে আৰু ৰাষ্ট্ৰপতিয়ে আৱশ্যকীয় বা বাঞ্চনীয় বুলি বিবেচনা কৰা মতে তেনে কোনো প্রাসংগিক বা আনুসংগিক উপবন্ধও কৰিব পাৰে।

(২) কোনো ৰাজ্যৰ অনুসূচিত জনজাতি সমূহৰ কল্যাণৰ কাৰণে অত্যাৱশ্যকীয় বুলি নির্দেশিত, বিনিদ্দিষ্ট কৰি দিয়া আঁচনি সমূহৰ প্ৰস্তুতকৰণ আৰু কাৰ্য্যকৰী কৰা বিষয়ত ‘কোনো ৰাজ্যক নির্দেশ দিবলে সংঘৰ কাৰ্যাপালিকা ক্ষমতা বিস্তৃত হ’ব।

৩৪০। অনুন্নত শ্ৰেণীসমূহৰ অৱস্থাৰ অনুসন্ধান কৰিবলৈ আয়োগৰ নিযুক্তি-

(১) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ ভিতৰত সামাজিক আৰু শিক্ষা বিষয়ক অনুন্নত শ্রেণীসমূহৰ অৱস্থাৰ বিষয়ে আৰু কেনেবোৰ অসুবিধাৰ মাজত তেওঁলোকে শ্রম কৰে সেই বিষয়ে অনুসন্ধান কৰি তেনে অসুবিধা দূৰ কৰিবৰ কাৰণে আৰু তেওঁলোকৰ অৱস্থা উন্নত কৰিবলৈ সংঘ বা কোনো ৰাজ্যই হাতত লবলগীয়া ব্যৱস্থা সম্পর্কে আৰু সেই উদ্দেশ্যেৰে সংঘ বা কোনো ৰাজ্যই কিমান অনুদান দিয়া উচিত আৰু কেনে চর্ত সাপেক্ষে এনে অনুদান দিয়া উচিত সেই সম্পর্কে ছুপাৰিছ কৰিবলৈ ৰাষ্ট্ৰপতিয়ে, আদেশৰ দ্বাৰা তেওঁ উপযুক্ত বিবেচনা কৰা ব্যক্তি সমূহৰে গঠিত এটি আয়োগ নিযুক্ত কৰিব পাৰে, আৰু এনে আয়োগ নিযুক্ত কৰা আদেশে সেই আয়োগে অনুসৰণ কৰিবলগীয়া প্রক্রিয়াও পৰিভাষিত কৰি দিব।

(২) এনে ভাবে নিযুক্ত আয়োগে তেওঁলোকলৈ নির্দেশিত কৰা সকলো বিষয়ে অনুসন্ধান কৰিব আৰু অনুসন্ধান কৰি পোৱা তথ্য সমূহ সন্নিবিষ্ট কৰি আৰু তেওঁলোকে উচিত বিবেচনা কৰা ছুপাৰিছ সমূহ দি ৰাষ্ট্ৰপতিৰ ওচৰত এখন প্রতিবেদন দাখিল কৰিব।

(৩) এনে ভাবে দিয়া প্রতিবেদনৰ প্রতিলিপি এখন আৰু লগতে সেই সম্পৰ্কত লোৱা কৰ্মপন্থাৰ বিষয়ে ব্যাখ্যা কৰি জ্ঞাপন এখন সংসদৰ প্ৰত্যেক সদনতে ৰাষ্ট্ৰপতিয়ে দাখিল কৰাব।

৩৪১। অনুসূচিত জাতিসমূহ

(১) ৰাষ্ট্রপতিয়ে সংঘ ৰাজ্যক্ষেত্রৰ সম্বন্ধত আৰু ৰাজ্য হলে তাৰ ৰাজ্যপালৰ লগত পৰামৰ্শ কৰাৰ পিচত ‘যথাস্থিতি সেই ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্ৰৰ সম্পৰ্কত কোনবোৰ বৰ্ণ, জাতি বা জনজাতি অথবা বর্ণ, জাতি বা জনজাতিৰ ভিতৰত কোনবোৰ ভাগ বা সমষ্টি এই সংবিধানৰ প্রয়োজনৰ বাবে অনুসূচিত জাতি বুলি গণ্য কৰা হ’ব তাকে লোক অধিসূচনাৰ দ্বাৰা বিৰ্নিদ্দিষ্ট কৰি দিব পাৰে।

(২) খণ্ড (১) ৰ অধীনত জাৰি কৰা কোনো অধিসূচনাৰে বিৰ্নিদ্দিষ্ট কৰি দিয়া কোনো বর্ণ, জাতি, বা জনজাতি নাইবা কোনো বর্ণ, জাতি বা জনজাতিসমুহৰ ভাগ সমষ্টিক সংসদে বিধিৰ দ্বাৰা অনুসূচিত জাতিৰ সূচীৰ অন্তর্ভুক্ত কৰিব নাইবা বর্হিভূত কৰিব পাবে। কিন্তু পূর্ব্বোক্ত ব্যৱস্থাৰ ব্যতিৰেকে সেই খণ্ড মতে জাৰি কৰা অধিসূচনা এখন কোনো পৰবৰ্তী অধিসূচনাৰ দ্বাৰা পৰিবৰ্তন কৰিব নোৱাৰিব।

৩৪২। অনুসূচিত জনজাতিসমূহ

(১) কোনো ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্ৰৰ সম্বন্ধত, আৰু ৰাজ্য হলে তাৰ ৰাজ্যপালৰ লগত পৰামৰ্শ কৰাৰ পিচত ‘যথাস্থিতি সেই ৰাজ্যৰ বা সংঘ ৰাজ্যক্ষেত্র সম্পৰ্কত কোনবোৰ জনজাতি বা জনজাতীয় সম্প্রদায় অথবা জনজাতি বা অজনজাতীয় সম্প্ৰদায়ৰ ভিতৰত কোনবোৰ ভাগ সমষ্টিক এই সংবিধানৰ প্রয়োজনৰ কাৰণে অনুসূচিত জনজাতি বুলি গণ্য কৰা হ’ব তাক লোক অধিসূচনাৰ দ্বাৰা বিনিদ্দিষ্ট কৰি দিব পাৰে।

(২) খণ্ড (১) ৰ অধীনত জাৰি কৰা কোনো অধিসূচনা বিৰ্নিদ্দিষ্ট কৰি দিয়া কোনো জনজাতি বা জনজাতীয় সম্প্রদায় নাইবা জনজাতি বা জনজাতীয় সম্প্রদায়ৰ ভিতৰত থকা ভাগ বা সমষ্টিক সংসদে বিধিৰ দ্বাৰা অনুসূচিত জনজাতিৰ সূচীত অন্তর্ভুক্ত বা বর্হিভূত কৰিব পাৰে কিন্তু, পূর্বোক্ত ব্যৱস্থাৰ ব্যতিৰেকে সেই খণ্ড মতে জাৰি কৰা অধিসূচনা এখন কোনো পৰবৰ্তী অধিসূচনাৰ দ্বাৰা পৰিবৰ্তন কৰিব নোৱাৰিব।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x
Scroll to Top