কালিৰাম মেধি – অসমীয়া সাহিত্য আৰু শিক্ষাৰ পথিকৃৎ

কালিৰাম মেধি অসমীয়া সাহিত্য, শিক্ষা আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত এগৰাকী পুৰোধা ব্যক্তি আছিল। তেওঁৰ জন্ম হৈছিল ১৮৮০ চনৰ ১৮ অক্টোবৰত কামৰূপ জিলাৰ ৰামদিয়া গাঁৱত। তেওঁৰ পিতৃৰ নাম আছিল ভূকলি মেধি আৰু মাতৃ সোণতৰা মেধি। তেওঁ বাল্যকালৰ পৰাই সাধাৰণ গাঁৱৰ পৰিৱেশতে ডাঙৰ দীঘল হৈছিল। কিন্তু তেওঁৰ প্ৰতিভা, শিক্ষাৰ প্ৰতি আগ্ৰহ আৰু সমাজৰ উন্নতিৰ প্ৰতি দায়বদ্ধতাই তেওঁক এগৰাকী স্মৰণীয় ব্যক্তিত্ব হিচাপে প্ৰতিষ্ঠা কৰিছিল। কালিৰাম মেধি কেৱল এগৰাকী সাহিত্যিকেই নাছিল, তেওঁ আছিল এগৰাকী শিক্ষাবিদ, ভাষাতত্ত্ববিদ আৰু সমাজ সংস্কাৰক। তেওঁ নিজৰ কৰ্মৰাজিৰ জৰিয়তে অসমীয়া ভাষা আৰু সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ লগতে অসমৰ সমাজ জীৱনত জ্ঞানৰ পোহৰেৰে আলোকিত কৰিছিল।

কালিৰাম মেধিৰ প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা –

কালিৰাম মেধিৰ শৈশৱৰ আৰম্ভণি হৈছিল গ্ৰাম্য পৰিৱেশত। তেওঁ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল গাঁৱৰে এখন উচ্চ প্ৰাইমেৰী বিদ্যালয়ত, যাক সেই সময়ত ‘ছাত্ৰঘৰ’ বুলি জনা গৈছিল আৰু সেইখনেই আছিল ৰামদিয়া অঞ্চলৰ প্ৰথম শিক্ষানুষ্ঠান।কালিৰাম মেধি সৰুৰে পৰাই পঢ়াত চোকা আছিল। তেওঁ প্ৰাথমিক বৃত্তি পৰীক্ষাতো উত্তীৰ্ণ হৈছিল।বৰদেউতাক ধৰম মেধিৰ তৎপৰতাত তেওঁ ১১ বছৰ বয়সতে গুৱাহাটীলৈ পঢ়িবলৈ আহে। ১৮৯১ চনত তেওঁ গুৱাহাটীৰ চৰকাৰী স্কুলত নাম ভৰ্তি কৰে আৰু ১৮৯৭ চনত তাৰ পৰাই প্ৰথম বিভাগত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ লগতে তেওঁ সংস্কৃতত অসমীয়া ছাত্ৰসকলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি দুটা পদক লাভ কৰে। তাৰে এটা আছিল হেমচন্দ্ৰ বৰুৱা পদক আৰু আনটো হেমধৰ বৰুৱা পদক। ইয়াৰোপৰি বাকীসকল কৃতি ছাত্ৰৰ লগতে তেৱোঁ কুৰি(২০) টকাৰ ছাত্ৰবৃত্তি লাভ কৰিছিল।

তেওঁৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ আৰু প্ৰতিভাই তেওঁক উচ্চ শিক্ষাৰ পথলৈ আগবঢ়াই লৈ যায় আৰু উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গমন কৰে। কলিকতাত গৈ কালিৰাম মেধিয়ে চিটি কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰাই ১৮৯৯ চনত এফ. এ. পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। তেওঁ পুনৰ চিটি কলেজত বি. এ. শ্ৰেণীত নামভৰ্তি কৰে। তেওঁ পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত অনাৰ্চ লৈছিল। ১৯০২ চনত কালিৰাম মেধিয়ে বি. এ. পৰীক্ষাত অনাৰ্ছসহ দ্বিতীয় বিভাগৰ চতুৰ্থ স্থান লাভ কৰি উত্তীৰ্ণ হয়। আৰু বি . এ. পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা অসমীয়া ছাত্ৰ হিচাপে বিষ্ণুপ্ৰিয়া দেৱী পুৰস্কাৰ লাভ কৰে। তাৰপিছত তেওঁ কলিকতাৰে প্ৰেচিডেন্সী কলেজত এম. এ . পঢ়িবলৈ যায় আৰু পদাৰ্থ বিজ্ঞানত নামভৰ্তি কৰে। ১৯০৩ চনত কালিৰাম মেধিয়ে তাৰ পৰাই দ্বিতীয় শ্ৰেণীৰ চতুৰ্থ স্থান লাভ কৰে স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। তেওঁ আছিল সেই সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা তৃতীয় অসমীয়া ব্যক্তি। শিক্ষা সমাপ্ত কৰি কালিৰাম মেধি ডাঙৰীয়া অসমলৈ ঘূৰি আহে।

কালিৰাম মেধিৰ কৰ্মজীৱন –

শিক্ষা সাং কৰাৰ পিছত কালিৰাম মেধিয়ে ১৯০৪ চনৰ ১৪ এপ্ৰিলত গুৱাহাটীৰ চেটেলমেণ্ট কেম্পত মাটিৰ হাকিম(SDC) হিচাপে যোগদান কৰি কৰ্মজীৱন আৰম্ভ কৰে। প্ৰশিক্ষণৰ অন্তত তেওঁ নগাঁও তহচিলত মাটিৰ হাকিম হিচাপে যোগদান কৰে। এনেদৰে নগাঁৱৰ ভিন্ন ঠাইত কাৰ্যনিৰ্বাহ কৰি ১৯১০ চনত তেওঁ ডিব্ৰুগড়ত এচিছটেণ্ট চেটেলমেণ্ট অফিচাৰ হিচাপে যোগদান কৰে। ডিব্ৰুগড়তে তেওঁ পৰৱৰ্তী পদোন্নতিসমূহ লাভ কৰি ই এ চি পদবী লাভ কৰে। তাৰপাছত তেওঁ তুৰা, গোলাঘাট, গোৱালপাৰা, ধুবুৰী, মঙ্গলদৈ আদি বিভিন্ন ঠাইলৈ বদলি হয়। শেষত তেওঁ মঙ্গলদৈৰ পৰা মহকুমাধিপতি হিচাপে ১৯৩৬ চনত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ পাছত তেওঁ জীৱনৰ অন্তিম চাকৰি হিচাপে দুবছৰ কাল স্পেচিয়েল মেজিষ্ট্ৰেট হিচাপে কাৰ্যনিৰ্বাহ কৰি ১৯৩৮ চনত চাকৰি জীৱনৰ সামৰণি পেলায়। ইয়াৰ পাছতো তেওঁ Special Officer War Risk Insurance হিচাপে ১৯৪৬ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।

বিবাহ আৰু কালিৰাম মেধি –

কালচক্ৰত পৰি কালিৰাম মেধি ডাঙৰীয়াই দুবাৰকৈ বিবাহপাশত আবদ্ধ হ’ব লগা হৈছিল। তেওঁ কলিকতাত পঢ়ি থকা সময়চোৱাত তেওঁৰ ঘৰত থকা ভায়েকসকলৰ বিয়া পাতিব লগা হ’ল। কিন্তু কালিৰাম মেধি আছিল জ্যেষ্ঠ। সেয়ে, কলেজৰ বন্ধত তেওঁ ঘৰলৈ আহোঁতে গাঁৱৰ এজনী ছোৱালী চাই ধৰি বান্ধি তেওঁৰ বিয়া কৰাই দিয়া হ’ল। কিন্তু ছোৱালীজনী ঘৰলৈ আনিবলৈ নাপাওঁতেই ঢুকাল। তেওঁ দ্বিতীয় পত্নী হিচাপে মোক্ষদা দেৱীক বিয়া কৰায় আৰু তেওঁলোকৰ পাঁচটা সন্তান আছিল। ১৯১৮ চনত হাইজা ৰোগত পত্নীৰ মৃত্যু ঘটাত এমা-ডিমা ল’ৰা-ছোৱালীকেইটাৰ বাবে পৰিয়ালৰ পৰামৰ্শমতে তেওঁ তৃতীয় বিবাহত বহে আৰু এইবাৰ বিয়া কৰায় স্বৰ্ণলতা ভূঞাক। তেওঁৰ ফালৰ পৰা মেধিৰ ছটা সন্তান আছিল।

সাহিত্যিক-সামাজিক-সাংস্কৃতিক সংগঠক হিচাপে কালিৰাম মেধি –

কালিৰাম মেধিয়ে যে কেৱল চৰকাৰী চাকৰিতে ব্ৰতী হৈ আছিল তেনে নহয়। তেওঁৰ অসমীয়া সাহিত্য, সমাজ আৰু সংস্কৃতিৰ প্ৰতিও সমানেই তান আছিল। তেওঁ নগাঁৱত কৰ্মসূত্ৰে থকা কালত কিছু বিদ্যানুৰাগী ব্যক্তিৰ লগত লগ হৈ ১৯০৯ চনত নগাঁৱত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠা কৰিছিল। ইয়াৰোপৰি তেওঁ “আসাম বান্ধৱ” আলোচনীৰ প্ৰকাশত আৰ্থিক সহায়ৰ পৰা আৰম্ভ কৰি আন বহু গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছিল। ১৯১৯ চনত বৰপেটাত হোৱা অসম সাহিত্য সভাৰ তৃতীয়খন অধিৱেশনত কালিৰাম মেধি ডাঙৰীয়াই সভাপতিত্ব কৰিছিল। ১৯১৮ চনৰ অসম সাহিত্য সভাৰ গোৱালপাৰা অধিৱেশনৰ সময়ত কালিৰাম মেধি ডাঙৰীয়াই আয়োজক সমিতিৰ প্ৰধান উপদেষ্টা হিচাপে আছিল। ১৯৩৪ চনৰ অসম সাহিত্য সভাৰ মঙ্গলদৈ অধিৱেশন আয়োজন কৰাতো কালিৰাম মেধি ডাঙৰীয়াই গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছিল।

তেওঁ “কামৰূপ অনুসন্ধান সমিতি”ৰ লগত ইয়াৰ জন্মলগ্নৰ পৰাই জড়িত হৈ আছিল আৰু ১৯৩৭ চনত ইয়াৰ সদস্য হিচাপে মনোনীত হৈছিল। কালিৰাম মেধি ডাঙৰীয়া ‘অসম ৰাজ্যিক সংগ্ৰহালয়’ৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত আছিল, য’ত তেওঁ অসমীয়া সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ সংগ্ৰহালয় পৰিচালনা সমিতিৰ এজন সক্ৰিয় সদস্য আছিল। আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ এই সমিতিৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

কালিৰাম মেধিৰ সাহিত্যিক অৱদান –

কালিৰাম মেধিৰ সাহিত্যিক জীৱন অতি সমৃদ্ধ আৰু বৈচিত্ৰ্যপূৰ্ণ। তেওঁৰ প্ৰৱন্ধ, সমালোচনা আৰু গৱেষণামূলক ৰচনাই অসমীয়া সাহিত্যত এক অনন্য মাত্ৰা দিছিল। সম্ভৱত তেওঁৰ প্ৰথম প্ৰকাশিত ৰচনা আছিল “প্ৰলয়” যিটো প্ৰৱন্ধ ১৯০৩ চনত জোনাকী আলোচনীত প্ৰকাশ পাইছিল। কালিৰাম মেধি ডাঙৰীয়াই ৰচনা কৰা ভালেমান প্ৰৱন্ধ প্ৰকাশ পাইছিল “আসাম বান্ধৱ” আলোচনীত। তাৰে ভিতৰত দুটামান উল্লেখযোগ্য – হেলীৰ নেজাল তৰা, গোৱালপাৰাৰ প্ৰাচীন কীৰ্তি, ইন্দ্ৰপাল ৰজাৰ গুৱাহাটী তামৰ ফলি, অসমীয়া নাট ইত্যাদি। ইয়াৰোপৰি চেতনা, বাঁহী, আৱাহন, ৰামধেনু আদি আলোচনীতো মেধি ডাঙৰীয়াৰ ভালেমান প্ৰৱন্ধ প্ৰকাশ পাইছিল। মেধি ডাঙৰীয়াৰ প্ৰৱন্ধসমূহ আছিল বিশেষকৈ ইতিহাস, বিজ্ঞান, পৌৰাণিক ভাষা বিষয়ক। তেওঁৰ প্ৰথম উল্লেখযোগ্য অৱদান আছিল কবি হেম সৰস্বতীৰ কাব্য সমালোচনা।

কালিৰাম মেধি ডাঙৰীয়াৰ দ্বাৰা সম্পাদিত প্ৰথম প্ৰকাশিত গ্ৰন্থখন আছিল প্ৰহ্লাদ চৰিত। ১৯১৩ চনত তেওঁ হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত্ৰ’ কাব্যখন সম্পাদনা কৰি প্ৰকাশ কৰে, যিটো পৌৰাণিক অসমীয়া সাহিত্যৰ সমালোচনাৰ ক্ষেত্ৰত এক পথপ্ৰদৰ্শক কাৰ্য আছিল। তেওঁৰ ভাষাৰ গঠন আৰু প্ৰকাশভংগী আছিল সুন্দৰ আৰু গভীৰ, যিয়ে পাঠকৰ মনত স্থায়ী চাপ পেলাইছিল। তদুপৰি, তেওঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বাণীসমূহ সংগ্ৰহ কৰি ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ নামৰ গ্ৰন্থ প্ৰকাশ কৰে, যিটো অসমীয়া বৈষ্ণৱ সাহিত্যৰ এক মূল্যৱান সম্পদ। তেওঁৰ আটাইতকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ হ’ল “অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব” (১৯৩৬)।

এই গ্ৰন্থত তেওঁ অসমীয়া ভাষাৰ ব্যাকৰণ আৰু ভাষাতাত্ত্বিক দিশসমূহৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰিছিল। এই কিতাপখনে অসমীয়া ভাষাৰ গঠন আৰু বিকাশৰ বিষয়ে গভীৰ জ্ঞান প্ৰদান কৰাৰ লগতে ভাষাৰ মানোন্নয়নৰ বাবে এক শক্তিশালী ভিত্তি প্ৰস্তুত কৰিছিল। এই গ্ৰন্থখন তেওঁৰ বিশদ গৱেষণা আৰু সুদীৰ্ঘ দিনৰ কষ্টৰ ফচল। তেওঁৰ সম্পাদিত আন এখন উল্লেখযোগ্য গ্ৰন্থ হ’ল “অংকাৱলী প্ৰথম ভাগ”। ইয়াত শংকৰদেৱ, মাধৱদেৱৰ লগতে আন প্ৰাচীন নাট্যকাৰৰ একুৰি এখন নাট সংযোগ কৰাৰ লগতে এখন নাটৰ অবিচ্ছেদ্য অংগসমূহৰ বিষয়ে আলোচনা কৰা হৈছে।  তেখেতে ৰচনা কৰা আন এখন গ্ৰন্থ আছিল ‘ষ্টাডিজ ইন দা বৈষ্ণৱ লিটাৰেচাৰ এণ্ড কালচাৰ অব আছম’ (Studies in the Vaishnav Literature and Culture of Assam), য’ত তেওঁ অসমৰ বৈষ্ণৱ সাহিত্য আৰু সংস্কৃতিৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিছে। ইয়াৰোপৰি মেধি ডাঙৰীয়াই লিখা আন কেইখনমান গ্ৰন্থ প্ৰকাশ নহ’ল।

কালিৰাম মেধিৰ স্বীকৃতি –

কালিৰাম মেধিৰ কৰ্মৰ স্বীকৃতি হিচাপে তেওঁ ভালেকেইটা সন্মান লাভ কৰিছিল। ১৯৪৬ চনত ব্ৰিটিছ ভাৰত চৰকাৰে তেওঁক ‘ৰায়বাহাদুৰ’ খিতাপেৰে সন্মানিত কৰিছিল। এই সন্মানসমূহ তেওঁৰ সাহিত্যিক আৰু সামাজিক অৱদানৰ স্বীকৃতিৰ প্ৰতীক।

কালিৰাম মেধিৰ মৃত্যু –

১৯৫৪ চনৰ ২৪ জানুৱাৰীত  কালিৰাম মেধি ডাঙৰীয়াই তেওঁৰ পাণবজাৰৰ নিজ বাসগৃহতে শেষ নিশ্বাস লয়।

কালিৰাম মেধিৰ জীৱন আৰু কৰ্মই অসমীয়া সমাজক শিক্ষা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰত এক নতুন দিশ প্ৰদান কৰিছিল। তেওঁৰ গ্ৰন্থ আৰু প্ৰবন্ধসমূহ আজিও অসমীয়া ভাষা আৰু সাহিত্যৰ অধ্যয়নৰ বাবে গুৰুত্বপূৰ্ণ সম্পদ। তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই প্ৰতিফলিত হৈছিল তেওঁৰ অসমীয়া ভাষাৰ প্ৰতি প্ৰেম আৰু সমাজৰ প্ৰতি দায়বদ্ধতা। তেওঁৰ কৰ্মৰাজিৰ জৰিয়তে তেওঁ অসমীয়া জাতিৰ গৌৰৱ বৃদ্ধি কৰিছিল আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক প্ৰেৰণাদায়ক আদৰ্শ স্থাপন কৰিছিল। বিশিষ্ট সাহিত্যিক সুৰেন্দ্ৰনাথ মেধি যাক আমি সৌৰভ কুমাৰ চলিহা বুলি জানো তেওঁ কালিৰাম মেধিদেৱৰেই সুযোগ্য সন্তান।

5 1 vote
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x
Scroll to Top