ককা নীলমণি ফুকন

নীলমণি ফুকন অসমীয়া সাহিত্য, সাংবাদিকতা, শিক্ষা, ৰাজনীতি আৰু সমাজ জীৱনৰ এজন প্ৰাতঃস্মৰণীয় ব্যক্তি। প্ৰায় ৯৮ বছৰীয়া দীৰ্ঘ জীৱনেৰে নীলমণি ফুকন অসমীয়া সমাজ জীৱনক সেৱা আগবঢ়াই তেওঁ অসমীয়া ৰাইজৰ মৰমৰ ‘ককা’ হৈ পৰিছিল। তেওঁৰ বাগ্মিতা গুণৰ বাবে অসম সাহিত্য সভাই তেওঁক দিছিল ‘বাগ্মিবৰ’ উপাধি। তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতেই প্ৰতিফলিত হৈছিল তেওঁৰ অসাধাৰণ বুদ্ধিমত্তা, সমাজৰ প্ৰতি দায়বদ্ধতাৰ লগতে অসম আৰু অসমীয়া ভাষাৰ প্ৰতি গভীৰ প্ৰেম। আহকচোন এই লেখাটিৰ জৰিয়তে এইজনা সংগ্ৰামী বীৰ পুৰুষৰ জীৱনালেখ্যত এভুমুকি মাৰোঁ।

নীলমণি ফুকনৰ বংশ-পৰিচয়

গৌড় দেশৰ পাঠান সেনাপতি তুৰ্বকে দ্বিতীয়বাৰ (১৫৩২ চনত) অসম আক্ৰমণ কৰোঁতে তেওঁৰ লগত কনৌজৰ এজন ক্ষত্ৰিয় সেনাপতি গৌৰধ্বজ সিংহ আহিছিল। সেই যুদ্ধত তুৰ্বক হাৰে, তেতিয়া গৌৰধ্বজ সিংহই গৌড়ৰ নাবাব আৰু স্বৰ্গদেৱ স্বৰ্গনাৰায়ণৰ মাজত সন্ধি স্থাপন কৰি দিয়ে। স্বৰ্গদেৱে সন্তুষ্ট হৈ গৌৰধ্বজ সিংহক অসমতে ‘থাপিত’ কৰি ৰাখিলে। তেঁৱেই দুৱৰা কাকতি বংশৰ আদিপুৰুষ। গৌড়ধ্বজৰ পুত্ৰ তিনিজন- কমলাকান্ত, হৰিচৰণ আৰু হৰিকান্ত। এই হলিচৰণৰ ফৈদত হলিৰাম বৰকাকতিৰ পুত্ৰ ঘনশ্যাম ওপজে। আহোম ৰাজ্যৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত হওতে স্বৰ্গদেৱে ঘনশ্যামক খাৰঘৰীয়া ফুকনৰ বিষয়বাব দিয়ে। ঘনশ্যাম সংস্কৃতত পাৰ্গত আছিল আৰু তেওঁ সংস্কৃত কল্কিপুৰাণৰ অসমীয়া পদ-ভাঙণি কৰিছিল। এই ঘনশ্যাম খাৰঘৰীয়া ফুকনৰ তিনিজন পুত্ৰ আছিল – গদাধৰ, বগাধৰ আৰু লম্বোদৰ। এই লম্বোদৰ ফুকনৰে দ্বিতীয় পুত্ৰ নীলমণি ফুকন। তেওঁৰ মাতৃৰ নাম আছিল চন্দ্ৰাৱলী দেৱী।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

নীলমণি ফুকনৰ জন্ম হৈছিল ডিব্ৰুগড়ত, ১৮৮০ চনৰ ২২ জুন তাৰিখে। নীলমণি ফুকনৰ জন্মৰ সময়ত অসমৰ প্ৰায়ভাগ স্কুলতেই বাংলা ভাষাৰ প্ৰচলন আছিল। তেওঁৰ জন্ম চহৰ ডিব্ৰুগড়তো কোনো অসমীয়া মাধ্যমৰ বিদ্যালয় নথকাত তেওঁ বাংলা ভাষাৰ ছাত্ৰবৃত্তি স্কুলতে পঢ়ি ১৮৯৩ চনত উক্ত স্কুলৰ পৰাই ছাত্ৰবৃত্তি পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯০০ চনত তেওঁ ডিব্ৰুগড়ৰ চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰবেশিকা পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈ কলিকতাৰ প্ৰেছিডেন্সী কলেজত পঢ়েগৈ। পাছত ১৯০১ চনত গুৱাহাটীত কটন কলেজ স্থাপিত হোৱাত ফুকনে উক্ত কলেজত ভৰ্তি হয়। মাজতে দুবছৰ অসুখ হোৱাৰ কাৰণে তেওঁৰ পঢ়াত যতি পৰে। পাছত ১৯০৫ চনত কটন কলেজৰ পৰা এফ. এ. মহলাত উত্তীৰ্ণ হৈ কোচবেহাৰৰ ভিক্টোৰীয়া কলেজত বি.এ. পঢ়েগৈ। আৰু তাৰ পৰাই তেওঁ ১৯০৭ চনত বি. এ পাছ কৰে। ছাত্ৰ জীৱনতে তেওঁ বজ্ৰনাথ শীল, আচাৰ্য প্ৰফুল্ল চন্দ্ৰ ৰায় আৰু ছাৰ জগদীশ চন্দ্ৰ বসুৰ দৰে শিক্ষাবিদৰ পৰা প্ৰেৰণা লাভ কৰিছিল।

কৰ্মজীৱন আৰু সমাজ সেৱা

শিক্ষা সমাপ্ত কৰাৰ পিছত নীলমণি ফুকনে বিভিন্ন ক্ষেত্ৰত নিজৰ প্ৰতিভাৰ পৰিচয় দিছিল। ১৯১১ চনৰ পৰা ১৯২৭ চনলৈ তেওঁ ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউটত প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰে। শিক্ষকতাৰ এই সময়ছোৱাত তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত জ্ঞানৰ পোহৰ প্ৰসাৰিত কৰাৰ লগতে তেওঁলোকক জাতীয়তাবোধৰ শিক্ষা দিছিল। তেওঁৰ শিক্ষকতা কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাছিল; তেওঁ ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ বাস্তৱিক দিশৰ সৈতেও পৰিচয় কৰাই দিছিল।

১৯২৫ চনত তেওঁ চৰকাৰী মাটি পাই শিক্ষকতাৰ বৃত্তি এৰি ডিব্ৰুগড় জিলাৰ টিংখঙত ‘নীলমণি’ নামেৰে এখন চাহ বাগিছা খোলে। কিন্তু কিছুবছৰ চাহ খেতি কৰাৰ পাছত তেওঁৰ লাভতকৈ লোকচান বেছি হোৱাত তেওঁ চাহ খেতিৰ কাম বাদ দিলে। তাৰ পাছত ডিব্ৰগড়লৈ আহি সাংবাদিকতাক বৃত্তি হিচাপে লৈ আগবাঢ়ে। সেই সময়ত তেওঁ ‘আলোচনী’ আৰু ‘অসমীয়া’ৰ (সাদিনীয়া) লগত জড়িত হৈ পৰিছিল।

শিক্ষকতা এৰাৰ পিছত তেওঁ চাহ খেতিৰ সমান্তৰালভাৱে ৰাজনৈতিক ক্ষেত্ৰতো প্ৰৱেশ কৰিছিল। ১৯২১ৰ পৰা ১৯২৭ চনলৈ তেওঁ আসাম লেজিছলেটিভ কাউন্সিলৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। ৰাজনীতি তেওঁৰ বাবে ধন ঘটা বা সন্মান আহৰণৰ আহিলা নাছিল। সেই সময়ৰ অসমৰ যি সমস্যাৰাজি আছিল তাৰ সমাধানৰ বাবেহে তেওঁ ৰাজনীতিৰ প্ৰতি মন মেলিছিল। পাছলৈ তেওঁ মহাত্মা গান্ধীৰ আহ্বানত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি (১৯৩৭ চনত) স্বাধীনতা আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰে। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত যোগ দি তেওঁ কাৰাবাসো খাটে। স্বাধীনতাৰ পিছত ১৯৪৮ৰ পৰা ১৯৫৭ চনলৈ অসম বিধানসভাৰ সদস্য হিচাপে তেওঁ জনসেৱাত নিয়োজিত হয়। তেওঁৰ ৰাজনৈতিক কৰ্মৰ জৰিয়তে তেওঁ অসমৰ জনসাধাৰণৰ কণ্ঠস্বৰ হৈ উঠিছিল আৰু এই সময়ছোৱাত তেওঁ শিক্ষা, কৃষি আৰু অৰ্থনীতিৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছিল।

অসমৰ প্ৰথমখন দৈনিক বাতৰিৰ কাকতৰ সম্পাদক নীলমণি ফুকন

যোৰহাটৰ প্ৰখ্যাত চাহ খেতিয়ক ৰায়বাহাদুৰ শিৱপ্ৰসাদ বৰুৱাৰ উদ্যোগত ১৯২৯ চনত ‘বাতৰি’ নামেৰে এখন সাদিনীয়া সংবাদ পত্ৰ প্ৰকাশ পায়। প্ৰথম অৱস্থাত এই কাকতৰ সম্পাদনাৰ কাম তেওঁ নিজেই চাইছিল যদিও পাছলৈ এই কাকতৰ সম্পাদনাৰ দ্বায়িত্বভাৰ পৰে নীলমণি ফুকন ডাঙৰীয়াৰ ওপৰত। পাছলৈ নীলমণি ফুকনৰ অনুৰোধতেই এই ‘বাতৰি’খনেই ১৯৩৫ চনৰ ১২ আগষ্টৰ পৰা অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত হিচাপে ‘দৈনিক বাতৰি’ নামেৰে যোৰহাট নগৰৰ পৰা ৮ মাইল দূৰৰ ঠেঙাল নামৰ ঠাইখনৰ পৰা প্ৰকাশ হৈ ওলায়। সেই সময়ৰ অসমৰ পৰিস্থিতিৰ সাপেক্ষত চাবলৈ গ’লে ই আছিল এটা মৰসাহ। কিন্তু অসমীয়া জাতীয় উত্তৰণৰ বাবে যেন এই মৰসাহৰ যেন প্ৰয়োজন আছিল। এই বাতৰিখনেই অসমত বৃত্তিগত সাংবাদিকতাৰ ধাৰণাটোৰ পাতনি মেলিছিল। প্ৰকাশক শিৱপ্ৰসাদ বৰুৱাই ব্যৱসায়িক লাভৰ বাবে এই কাকত প্ৰকাশ কৰা নাছিল যদিও ১৯৩৬ চনত তেওঁ চিকিত্সাৰ বাবে কলিকতালৈ যাব লগা হোৱাত কাকত খনে তেওঁৰ অনুপস্থিতিত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লগা হয়। ফলত কাকতখনৰ প্ৰকাশ বন্ধ হৈ যায়। ১৯৩৭ চনৰ ২৯ জুনত ইয়াৰ অন্তিমটো সংখ্যা প্ৰকাশ পায়।

ইয়াৰ উপৰিও ‘ন-জোন’ নামৰ শিশু আলোচনী এখনৰ সম্পাদক হিচাপেও কাম কৰিছিল নীলমণি ফুকনে। কিন্তু, এই আলোচনীখনৰো আয়ুকাল মাত্ৰ চাৰিমাহহে আছিল।

সাহিত্যিক নীলমণি ফুকন

নীলমণি ফুকন আছিল এজন আকস্মিক কবি। আন কবিসকলৰ দৰে তেওঁ ডেকা বয়সত কাব্য চৰ্চা কৰা নাছিল। তেওঁ কাব্য চৰ্চা আৰম্ভ কৰিছিল জীৱনৰ ভাটিবেলাত। ৫৮ বছৰ বয়সত। তেওঁৰ প্ৰথম কবিতাটোৰ নাম আছিল ‘কুঁৱলী’। ‘দৈনিক বাতৰি’ৰ প্ৰকাশ বন্ধ হৈ যোৱাত তেওঁ মনত বহুত বেজাৰ পাইছিল। এই মনস্তাপৰ পৰা হাত সাৰিবলৈকে তেওঁ তেওঁ বহুদিন ধৰি কাব্য সাধনাত মগ্ন হৈ পৰিছিল। তাৰেই ফলস্বৰূপে ‘জ্যোতিকণা’ নামৰ কবিতা পুথিখনৰ সৃষ্টি। তেওঁৰ অন্যান্য কবিতাপুথি হৈছে- মানসী, গুটি মালি, জিজিৰি, অমিত্ৰা, সন্ধানী, আহুতি, শতধাৰা, মৰ্মবাণী, মৰা-ডালত কুঁহিপাত আৰু মানস প্ৰতিমা। নীলমণি ফুকনদেৱৰ গদ্য পুথিসমুহ হ’ল- সাহিত্য কলা, জয়াতীৰ্থ, চিন্তামণি, মহাপুৰুষীয়া ধৰ্ম।

ইয়াৰ উপৰিও দৈনিক অসম কাকতৰ সম্পাদকীয় প্ৰবন্ধসমূহৰ জড়িয়তে তেওঁ অসমৰ সমাজ-জীৱনৰ উত্তৰণৰ হকে অহৰহ মাত মাতি অহাৰ লগতে এই প্ৰবন্ধসমূহত তেওঁ বৌদ্ধিক সক্ষমতাৰো পৰিচয় দি গৈছে। অসমত এখন বিশ্ববিদ্যালয়ৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি তেওঁ মুঠ পাঁচটা সম্পাদকীয় প্ৰবন্ধ লিখিছিল। অসমীয়া জাতিয়ে আজি ভোগী থকা জাতীয় সংকটৰ কথাসমূহ তেওঁ ১৯৩৫ চনতেই বাৰে বাৰে কৈ অসমীয়া শিক্ষিত ডেকাচামক সকিয়াই দিছিল। কাকতখনৰ জড়িয়তে তেওঁ সুস্পষ্ট ভাবে কৈছিল- অসম অসমীয়াৰ।

নীলমণি ফুকন আৰু অসম সাহিত্য সভা

অসম সাহিত্য সভাৰ সৈতেও নীলমণি ফুকন ওতঃপোত ভাবে জড়িত আছিল। তেওঁ ১৯৪৪ চনত শিৱসাগৰত আৰু ১৯৪৭ চনত ডিব্ৰুগড়ত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতিত্ব কৰিছিল। সভাৰ আৰ্থিক সংকটৰ সময়ছোৱাত তেওঁ আজীৱন সদস্যপদৰ সৃষ্টি কৰি সেইসকল সভ্যৰ পৰা ১০০ টকাকৈ বৰঙণি সংগ্ৰহৰ ব্যৱস্থা কৰিছিল। তেওঁৰ এই পদক্ষেপে সভাৰ পুঁজি বহু পৰিমাণে টনকিয়াল কৰিছিল।

সন্মান আৰু স্বীকৃতি

নীলমণি ফুকনৰ কৰ্মৰ স্বীকৃতি হিচাপে তেওঁক বিভিন্ন সম্মানেৰে বিভূষিত কৰা হৈছিল। তেওঁৰ সাহিত্যিক আৰু সামাজিক অৱদানৰ বাবে দিল্লীৰ সাহিত্য একাডেমিৰ পৰা ‘জলপানী’ (১৯৭৩) আৰু ‘সদস্য মহত্ত্বম’ (১৯৭২) সম্মান লাভ কৰে। অসম সাহিত্য সভাই তেওঁৰ ভাষণৰ ওজস্বিতা আৰু বাগ্মিতা গুণৰ বাবে ‘বাগ্মিবৰ’ উপাধিৰে বিভূষিত কৰে। তদুপৰি, গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডি.লিট. উপাধি প্ৰদান কৰে। নলবাৰীৰ ‘সঞ্জীৱনী সভা’ই তেওঁক ‘সাহিত্য ৰত্ন’ উপাধিৰে সন্মানিত কৰে। পিছে ইমানবোৰ বঁটা-সন্মান পালেও তেওঁৰ যে এনে সন্মানৰ প্ৰতি কোনো মোহ নাছিল তাৰ প্ৰমাণ পোৱা যায় এই কথাত, যেতিয়া তেওঁ ভাৰত চৰকাৰে দিয়া ‘পদ্মশ্ৰী’ সন্মান প্ৰত্যাখ্যান কৰিছিল।

ব্যক্তিগত জীৱন

নীলমণি ফুকনৰ ব্যক্তিগত জীৱনো তেওঁৰ কৰ্মজীৱনৰ দৰেই প্ৰেৰণাদায়ক আছিল। তেওঁ আছিল চিৰকুমাৰ। পৰিয়ালৰ লোকৰ বাৰম্বাৰ অনুৰোধৰ পাছত তেওঁ বিবাহ নকৰালে। তেওঁৰ বাবে অসমখনেই আছিল সংসাৰ। তেওঁ জীৱনকালত যি কৰি গ’ল সেয়া কেৱল অসম আৰু অসমীয়াৰ বাবে কৰি গ’ল। ‘অসম সংৰক্ষিণী সভা’ৰ জড়িয়তে তেওঁ সমগ্ৰ অসমবাসীক জাতীয়তাবাদৰ বাণীৰে উদ্বুদ্ধ কৰি তুলিছিল। তেওঁ আছিল বৰ আকোঁৰগোজ স্বভাবৰ। তেওঁ সহজতে নিজৰ মত এৰি নিদিছিল। সমাজৰ সকলো স্তৰৰ মানুহৰ লগতে তেওঁ মিলি যাব পাৰিছিল। সেয়ে তেওঁ আছিল সদৌ অসমবাসীৰে ‘ককা’।

মৃত্যু

আজীৱন জাতিৰ সেৱাত আত্মনিয়োগ কৰা এইজনা বীৰ পুৰুষে যোৰহাটৰ নিজা বাসভৱনত ১৯৭৮ চনৰ ২০ জানুৱাৰী তাৰিখে শেষ নিশা ২-৩০ বজাত নশ্বৰ দেহ ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ।

উপসংহাৰ

নীলমণি ফুকন এগৰাকী বহুমুখী প্ৰতিভাৰ অধিকাৰী ব্যক্তি আছিল, যি অসমীয়া সাহিত্য, শিক্ষা, ৰাজনীতি আৰু সমাজ সেৱাৰ ক্ষেত্ৰখনত অমৰ কীৰ্তি ৰাখি থৈ গৈছে। তেওঁৰ জীৱন আৰু কৰ্ম আজিও অসমীয়া জাতিৰ বাবে এক উজ্জ্বল আদৰ্শ হৈ ৰৈছে। কবিতা আৰু প্ৰবন্ধসমূহৰ জৰিয়তে তেওঁ সমাজৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছিল, আৰু তেওঁৰ শিক্ষকতা আৰু ৰাজনৈতিক কৰ্মৰ জৰিয়তে তেওঁ সমাজৰ উন্নতিৰ বাবে কাম কৰিছিল। তেওঁৰ জীৱনৰ প্ৰতিটো দিশতেই তেওঁৰ গভীৰ বুদ্ধিমত্তা আৰু মানৱতাবোধ প্ৰতিফলিত হৈছে। তেওঁৰ কৰ্মৰাজি আৰু চিন্তাধাৰা ভৱিষ্যত প্ৰজন্মৰ বাবে পথ প্ৰদৰ্শক হৈ ৰ’ব, আৰু তেওঁৰ নাম অসমীয়া সাহিত্য আৰু সমাজৰ ইতিহাসত সোণালী আখৰেৰে অনাদিকাললৈ লিপিবদ্ধ হৈ ৰ’ব।

0 0 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
0
Would love your thoughts, please comment.x
()
x
Scroll to Top