(৩২৪) নির্বাচন সমূহৰ অধীক্ষন, নির্দেশন আৰু নিয়ন্ত্রণ এক নির্বাচন আয়োগৰ ওপৰত ন্যস্ত হ’ব –
(১) এই সংবিধানৰ অধীনত সংসদৰ আৰু প্রত্যেক ৰাজ্যৰ বিধান মণ্ডলৰ আক ৰাষ্ট্রপতি আৰু উপ ৰাষ্ট্রপতি পদৰ বাবে হোৱা সকলো নির্বাচনৰ নির্বাচক নামাৱলী প্রস্তুতিৰ আৰু সকলো নির্বাচনৰ পৰিচালনাৰ অধীক্ষণ, নির্দেশন আৰু নিয়ন্ত্রণ এক আয়োগৰ ওপৰত (যাক এই সংবিধানত নির্বাচন আয়োগ বুলি উল্লেখ কৰা হৈছে) ন্যস্ত থাকিব।
(২) নির্বাচন আয়োগ মুখ্য নির্বাচন আয়ুক্ত আৰু যদিহে থাকে, ৰাষ্ট্রপতিয়ে সময়ে সময়ে নিয়ত কৰি দিয়া যিকোনো সংখ্যক অন্যান্য নির্বাচন আযুক্ত সকলেৰে গঠিত হ’ব আৰু সেই সম্পৰ্কত সংসদৰ দ্বাৰা প্রণীত কোনো বিধিৰ উপবদ্ধ সমূহৰ অধীনে, মুখ্য নির্বাচন আয়ুক্তৰ আক আন নির্বাচন আয়ুক্ত সকলৰ নিযুক্তি ৰাষ্ট্ৰপতিৰ দ্বাৰা কৰা হ’ব।
(৩) যেতিয়া নেকি আন কোনো নির্বাচন আয়ুক্ত এনে ভাবে নিযুক্ত হয় তেতিয়া মুখ্য নির্বাচন আয়ুক্তই নির্বাচন আয়োগৰ সভাপতি ৰূপে কাৰ্য্য কৰিব।
(৪) লোক সভা আৰু প্রত্যেক ৰাজ্যৰ বিধান সভাৰ বাবে হোৱা প্রত্যেক সাধাৰণ নির্বাচনৰ পূর্বে আৰু বিধান পৰিষদ থকা প্রত্যেক ৰাজ্যৰ বিধান পৰিষদৰ বাবে হোৱা প্রথম সাধাৰণ নির্বাচনৰ পূর্বে আৰু তাৰ পিচত এনে পৰিষদৰ প্রত্যেক দ্বিবার্ষিক নির্বাচনৰ পূর্বে, ৰাষ্ট্রপতিয়ে নির্বাচন আয়োগৰ লগত পৰামৰ্শ কৰি খণ্ড (১)ৰ দ্বাৰা আয়োগৰ ওপৰত অর্পিত কৰ্তব্যসমূহ পালনৰ কাৰণে নিৰ্বাচন আয়োগক সহায় কৰিবলৈ তেওঁ আৱশ্যক বুলি ভবা মতে কোনো আঞ্চলিক আয়ুক্তও নিযুক্ত কৰিব পাৰে।
(৫) সংসদৰ দ্বাৰা প্রণীত কোনো বিধিৰ উপবন্ধ সমূহৰ সাপেক্ষে নির্বাচন আয়ুক্ত আৰু আঞ্চলিক আয়ুক্ত সকলৰ সেৱাৰ চর্ত আৰু পদাৱধি এনে ধৰণৰ হ’ব যিটোনেকি ৰাষ্ট্রপতিয়ে নিয়মৰ দ্বাৰা নিৰ্ধাৰিত কৰে:
কিন্তু, উচ্চতম ন্যায়ালয়ৰ কোনো ন্যায়াধীশক যি ৰীতিৰে আৰু যিবোৰ কাৰণত তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব পাৰি তাৰ অনুৰূপ ৰীতি আৰু কাৰণ ব্যতিৰেকে মুখ্য নির্বাচন আয়ুক্তক তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব নোৱাৰিব আৰু মুখ্য নির্বাচন আয়ুক্তৰ সেৱাৰ চৰ্তসমূহ তেওঁৰ নিযুক্তিৰ পিছত তেওঁৰ প্রতিকূলে পৰিবর্তন কৰিব নোৱাৰিব।
অধিকন্তু, আন কোনো নির্বাচন আয়ুক্ত বা কোনো আঞ্চলিক আয়ুক্ত মুখ্য নির্বাচন আয়ুক্তৰ চুপাৰিছ বিনা পদৰ পৰা অপসাৰিত নহ’ব।
(৬) যেতিয়ানেকি সেই মর্মে নির্বাচন আয়োগে অনুৰোধ জনায়, তেতিয়া ৰাষ্ট্রপতিয়ে বা কোনো ৰাজ্যৰ ৰাজ্যপালে খণ্ড (১) ৰ দ্বাৰা নির্বাচন আয়োগৰ ওপৰত অর্পিত কৰ্তব্যসমূহ নিৰ্বহনৰ কাৰণে আৱশ্যক হোৱা অনুসৰি কৰ্মচাৰীবৃন্দ নির্বাচন আয়োগ বা কোনো আঞ্চলিক আয়ুক্তক যোগোৱাৰ দিহা কৰিব।
৩২৫। ধর্ম, জাতি, বর্ণ বা লিংগ
ধর্ম, জাতি, বর্ণ বা লিংগৰ আধাৰত কোনো নির্বাচক নামাৱলীৰ অন্তর্ভুক্ত হ’বলৈ কোনো ব্যক্তি অপাত্র নহ’ব বা কোনো বিশেষ নির্বাচক নামাৱলীৰ অন্তৰ্ভুক্ত হ’বৰ কাৰণে দাবী কৰিব নোৱাৰিব- সংসদৰ কোনো এটা সদনলৈ অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা কোনো এটা সদনলৈ নির্বাচনৰ কাৰণে প্রত্যেক প্রাদেশিক নির্বাচন ক্ষেত্রৰ বাবে মাত্র এখন সাধাৰণ নির্বাচক নামাৱলী থাকিব আৰু কেৱল ধর্ম, জাতি, বর্ণ, লিংগৰ আধাৰত বা ইয়াৰ যিকোনো এটাৰ আধাৰত কোনো ব্যক্তিয়ে এনে যিকোনো নির্বাচন ক্ষেত্রৰ বাবে এনে নামাৱলীৰ অর্ন্তভুক্ত হবলৈ অপাত্ৰ নহ’ব বা কোনো বিশেষ নির্বাচক নামাৱলীৰ অর্ন্তভুক্ত হ’বৰ কাৰণে দাবী কৰিব নোৱাৰিব।
৩২৬। লোকসভাৰ আৰু ৰাজ্য সমূহৰ বিধান সভাৰ নিৰ্বাচন বয়স্ক ভোটাধিকাৰৰ ভিত্তিত হ’ব-
লোকসভা আৰু প্রত্যেক ৰাজ্যৰ বিধান সভাৰ নির্বাচন বয়স্ক ভোটাধিকাৰৰ ভিত্তিত হ’ব, অর্থাৎ যি ব্যক্তি ভাৰতৰ নাগৰিক আৰু সমুচিত বিধান মণ্ডলৰ কোনো বিধিৰ দ্বাৰা বা অধীনত সেই সম্পর্কত নিয়ত কৰি দিয়া কোনো এটা তাৰিখত যাৰ বয়স ওঠৰ বছৰ বা কম নহয়, আৰু অনিবাস, চিত্ত-বিকৃতি, অপৰাধ বা ভ্ৰষ্ট অথবা অবৈধাচৰণৰ কাৰণত এই সংবিধানৰ অধীনত বা সমুচিত বিধান মণ্ডলৰ দ্বাৰা প্রণীত কোনো বিধিৰ অধীনত যি অন্যথা অর্নহ হোৱা নাই, তেনে প্রত্যেক ব্যক্তি এনে যিকোনো নির্বাচনত ভোটদাতা হিচাপে পঞ্জীবদ্ধ হোৱাৰ অধিকাৰী হ’ব।
৩২৭। বিধান মণ্ডলসমূহৰ নিৰ্বাচনৰ সম্বন্ধত উপবন্ধ প্রস্তুত কৰিবলৈ সংসদৰ ক্ষমতা-
সংসদৰ যিকোনোটো সদনলৈ বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা যিকোনোটো সদনলৈ নির্বাচন সম্পর্কীয় বা জড়িত সকলো বিষয়ৰ সম্বন্ধত আৰু লগতে নির্বাচক নামাৱলীৰ প্রস্তুতি, নির্বাচন ক্ষেত্রসমূহৰ পৰিসীমন তাক এনে সদন বা সদনসমূহৰ যথাবিহিত গঠনৰ কাৰণে আৱশ্যক হোৱা আন সকলো বিষয় সম্বন্ধত এই সংবিধানৰ উপবন্ধৰ অধীনে সংসদে সময়ে সময়ে বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে।
৩২৮। কোনো ৰাজ্যৰ বিধান মণ্ডলৰ নিৰ্বাচনৰ কৰিবলৈ সেই বিধান মণ্ডলৰ ক্ষমতা –
এই সংবিধানৰ উপবন্ধৰ অধীনে আৰু সেই সম্পর্কত সংসদে উপবন্ধ প্রস্তুত নকৰা পৰ্য্যন্ত কোনো ৰাজাৰ বিধান মণ্ডলে সময়ে সময়ে বিবিধ দ্বাৰা সেই ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ বা যিকোনোটো সদনৰ নির্বাচন সম্পর্কীয় সকলো বিষয়ৰ সম্বন্ধত আৰু লগতে নির্বাচক নামাৱলীৰ প্রস্তুতি আৰু এনে সদন বা সদনসমূহৰ যথাবিহিত গঠনৰ কাৰণে আৱশ্যক হোৱা আন সকলো বিষয়ৰ সম্বন্ধত উপবন্ধ কৰিব পাৰে।
৩২৯। নির্বাচন সম্বন্ধীয় বিষয়ত ন্যায়ালয়ৰ হস্তক্ষেপৰ ওপৰত বাধা –
এই সংবিধানত যিকোনো কথা থকা সত্বেও- (ক) নির্বাচন ক্ষেত্রৰ পৰিসীমন বা এনে নির্বাচন ক্ষেত্রত আসনৰ বিতৰণ সম্পর্কে অনুচ্ছেদ ৩২৭ বা অনুচ্ছেদ ৩২৮ ৰ অধীনত কৰা বা কৰা বুলি অভিপ্রেত কোনো বিধিৰ বৈধতা সম্পর্কে কোনো ন্যায়ালয়ে প্রশ্ন কৰিব নোৱাৰিব।
(খ) সমুচিত বিধান মণ্ডলৰ দ্বাৰা প্রণীত বিধিৰ দ্বাৰা বা অধীনত যথা উপবন্ধিত প্রাধিকৰীৰ ওচৰত যথা উপবন্ধিত ৰীতি অনুসৰি দিয়া নির্বাচন আবেদনৰ অবিহনে সংসদৰ যিকোনোটো সদনৰ বাবে অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ বা যিকোনোটো সদনৰ বাবে হোৱা কোনো নির্বাচন সম্পর্কে কোনো প্রশ্ন তুলিব নোৱাৰিব।
আৰু পঢ়ক চতুৰ্দ্দশ ভাগ (ক)- ন্যায়াধিকৰণ