(এডভান্টেজ আছাম হৈছে অসম চৰকাৰৰ এক বৃহত বিনিয়োগ মেলা। ২০১৮ চনত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এডভান্টেজ আছাম বিনিয়োগ মেলা ২০২৫ বৰ্ষত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হয়।)
২০২৫ বৰ্ষৰ ২৫ আৰু ২৬ ফ্ৰেব্ৰুৱাৰী- অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা থাকিব এই দুটা দিন। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বত আৰু ভাৰতৰ প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সহযোগত অসম এক ঐতিহাসিক মূহূৰ্তৰ সাক্ষী হৈ ৰ’ল। এডভান্টেজ আছাম ২.০- এখন আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিনিয়োগ মেলা- যি অনুষ্ঠিত হৈ গ’ল দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত। এই বিনিয়োগ মেলাৰ জৰিয়তে অসমত বিভিন্ন দেশী-বিদেশী আৰু স্থানীয় বিনিয়োগকাৰীয়ে মুঠ ৪,৯১,৫০০ কোটি টকাৰ বিনিয়োগৰ চুক্তি স্বাক্ষৰ কৰি সমগ্ৰ অসমবাসীয়ক চমকিত কৰি যোৱাই নহয়, অসমবাসীৰ দুচকুৰ সিঁচি গ’ল ৰঙা ৰঙা আশা। আহকচোন আজিৰ এই ব্লগটোৰ জড়িয়তে আলোচনা কৰো এই বিনিয়োগ মেলাৰ জৰিয়তেনো অসমে কি পাব বা কি হেৰুৱাব বা সৰ্বসাধাৰণ অসমীয়া ৰাইজনো কেনেদৰে উপকৃত হ’ব ?
এডভান্টেজ আছাম নো কি ?
এডভান্টেজ আছাম হৈছে এখন বিনিয়োগ মেলা, য’ত দেশ-বিদেশৰ বিভিন্ন উদ্যোগপতিক অসম ভূমিত বিনিয়োগৰ বাবে আহ্বান জনোৱা হৈছে। এই বিনিয়োগ মেলাৰ প্ৰথম আৰম্ভনি হৈছিল ২০১৮ চনত পূৰ্বৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনকালত। আৰু এই এডভান্টেজ আছাম ২.০ হৈছে পূৰ্বৰ বিনিয়োগ মেলাৰেই দ্বিতীয় সংস্কৰণ। এইখিনিতে কৈ থোৱা ভাল হ’ব যেন, এনেধৰণৰ বিনিয়োগ মেলাৰ পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ভাৰতৰ গুজৰাটত- ‘ভাইব্ৰেন্ট গুজৰাট’ নামেৰে। কোৱা হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখ্যমন্ত্ৰীত্বৰ কালত অনুষ্ঠিত হৈ যোৱা এই বিনিয়োগ মেলাই এখন নতুন আৰু উদ্যোগ প্ৰধান গুজৰাটৰ বাট মুকলি কৰি দিছিল। এই ভাইব্ৰেন্ট গুজৰাটৰ অনুকৰণতেই পাছলৈ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বহুতো বিনিয়োগ মেলা অনুষ্ঠিত হ’বলৈ ল’লে আৰু এই এডভান্টেজ আছামো তাৰেই এক সফল অনুকৰণ হে মাত্ৰ।
এডভান্টেজ আছাম ১.০ তকৈ কিহৰ পৃথক এডভান্টেজ আছাম ২.০
এডভান্টেজ আছাম ১.০ আছিল অসমত বিনিয়োগৰ ক্ষেত্ৰত বাটকটীয়া। এই বিনিয়োগ মেলাত বিশেষকৈ চৰকাৰী খণ্ডৰ বিনিয়োগৰ পৰিমাণ অধিক আছিল। ব্যক্তিগত খণ্ডৰ বিনিয়োগকাৰীসকলে বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল এই বিনিয়োগৰ আহ্বানত। সেইসময়ত বহুকেইখন ব্যৱসায়িক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল যদিও পাছলৈ ই বিশেষ ফলপ্ৰসূ নহ’ল বুলিয়েই ক’ব পাৰি। কিন্তু তেতিয়াৰ সময়তকৈ এতিয়া যেনে কিছু পৃথক। তেতিয়া অসম আছিল আন্দোলন, ধৰ্ণা, বন্ধ আৰু সন্ত্ৰাসবাদ, বিছিন্নতাবাদ আদি হাজাৰ সমস্যাৰে জৰ্জৰিত। কিন্তু এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত এইবোৰ যথেষ্ট পৰিমাণে শাম কাটিছে। তাৰ উপৰিও জাগিৰোডত নিৰ্মীয়মান টাটা গ্ৰুপৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পই দেশী-বিদেশী বিনিয়োগকাৰী সকলৰ মনত বিশ্বাস জন্মাবলৈ সক্ষম হৈছে যে অসমতো বিনিয়োগ কৰিব পাৰি !
দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ অসম আৰু ইয়াত বিনিয়োগৰ সম্ভাৱনা
এইবাৰৰ এডভান্টেজ আছাম সন্মিলনখন এই বাবেও কিছু পৃথক যে, এইবাৰ অসম চৰকাৰে অসমখনক আন্তঃৰাষ্ট্ৰীয় মঞ্চত কিছু পৃথক দৃষ্টিভংগীৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে। অসমক প্ৰচাৰ কৰা হৈছে- দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ বুলি। অৰ্থাৎ, থাইলেণ্ড, ভিয়েটনাম, মালয়েছিয়া, ম্যানমাৰ আদি দেশৰ লগত যদি ভাৰতবৰ্ষ আৰু বিশ্বই সংযোগ স্থাপন কৰিবলৈ হয় তেতিয়া হ’লে অসম আৰু ব্ৰহ্মপুত্ৰ উপত্যকাই হ’ব আটাইতকৈ সূচল পথ। গতিকে অসম হৈছে বিনিয়োগৰ বাবে এক উৰ্বৰ ভূমি। আনকি এইবাৰ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজেই জাপান, কোৰিয়াকে ধৰি বহুকেইখন দক্ষিণ-পূব এছিয়াৰ দেশলৈ গৈ সেই দেশৰ বিনিয়োগকাৰী আৰু ৰাষ্ট্ৰ নেতাসকলক সাক্ষাৎ কৰি আহিছে। যাৰ বাবে অসমে এইবাৰ এডভান্টেজ আছাম ২.০ ত জাপান কোৰিয়াকে আদি কৰি মুঠ ৭ খন দেশক সহযোগী দেশ হিচাপে লাভ কৰিছে।
কোনে কি বিনিয়োগৰ কথা দিলে এডভান্টেজ আছাম ২.০ ত
২৫ আৰু ২৬ ফ্ৰেব্ৰুৱাৰী, ২০২৫ তাৰিখে অনুষ্ঠিত হৈ যোৱা এই বিনিয়োগ মেলাত দেশৰ আগশাৰীৰ বহুকেইটা প্ৰতিষ্ঠানে অসমত বিনিয়োগৰ প্ৰস্তাৱ আগবঢ়ায়।তাৰ ভিতৰত কেইটামান উল্লেখযোগ্য প্ৰস্তাৱৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-
আদানি গ্ৰুপ:
উদ্যোগপতি তথা আদানি গ্ৰুপৰ মুৰব্বী গৌতম আদানীয়ে এডভান্টেজ অসম ২.০ ত অংশ গ্ৰহণ কৰি ৰাজ্যখনত ৫০,০০০কোটি টকা বিনিয়োগৰ ঘোষণা কৰে । তাৰে প্ৰথম পদক্ষেপ হিচাপে চিটি গেছ প্ৰকল্পৰ বাবে আদানি টোটেল গেছ লিমিটেড আৰু অসম চৰকাৰৰ মাজত ৫০০০ কোটি টকাৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে ।
ৰিলায়েন্স গ্ৰুপ:
ৰিলায়েন্স গ্ৰুপৰ অধ্যক্ষ মুকেশ আম্বানীয়ে এডভান্টেজ অসম সন্মিলনত অংশ গ্ৰহণ কৰি অসমত ৫০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰে । ৰিলায়েন্সে অসমত ২টা বায়’ গেছ ইউনিট, কৃষি উৎপাদন বৃদ্ধি কৰিবলৈ মেগা ফুড পাৰ্ক, ৭ ষ্টাৰ ওবেৰয় হোটেল স্থাপন কৰিব । অৱশ্যে ৰিলায়েন্সৰ সৈতে এতিয়াও চুক্তি স্বাক্ষৰ হোৱা নাই ।
বেদান্তা গ্ৰুপ:
বেদান্তা গ্ৰুপেও অসমত বিনিয়োগ কৰিব ৫০,০০০ কোটি টকা । অসম চৰকাৰৰ সৈতে বেদান্তা গ্ৰুপ (CAIRN) ৰ ৫০,০০০ কোটি টকাৰ চুক্তি ইতিমধ্যে স্বাক্ষৰিত হৈছে । তেল আৰু গেছ খণ্ডত বিনিয়োগ কৰিব বেদান্তা গ্ৰুপে ।
টাটা গ্ৰুপ:
টাটা গ্ৰুপে ইতিমধ্যেই অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰিছে । পুনৰ এডভান্টেজ অসমৰ জৰিয়তে কোম্পানীটোৱে ৩০,০০০ কোটি টকা বিনিয়োগৰ কথা ঘোষণা কৰিছে । মেছাৰ্ছ টাটা পাৱাৰ কোম্পানী লিমিটেড আৰু অসম চৰকাৰৰ মাজত ৫৮৫০ কোটি টকাৰ বুজাবুজি চুক্তি স্বাক্ষৰ হয় । ৫০০০ মেগাৱাট পুনঃনৱীকৰণযোগ্য আৰু ক্লীন এনাৰ্জী শক্তি প্ৰকল্পত(সৌৰ/বায়ু/হাইড্ৰ’ শক্তি ভাণ্ডাৰ) এই বিনিয়োগ কৰিব টাটা পাৱাৰ কোম্পানী লিমিটেডে ।
জেএছডব্লিউ গ্ৰুপ:
জেএছডব্লিউ গ্ৰুপৰ সৈতে ৭০০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে অসম চৰকাৰে । পুনঃনৱীকৰণযোগ্য আৰু ক্লীন এনাৰ্জী খণ্ডত বিনিয়োগ কৰিব জেএছডব্লিউ এনাৰ্জীয়ে ।
এছাৰ গ্ৰুপ (ESSAR Group):
২১০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে এছাৰ গ্ৰুপ আৰু অসম চৰকাৰে । পুনঃনৱীকৰণযোগ্য শক্তি আৰু ইলেক্ট্ৰনিক বাহনৰ বেটাৰী নিৰ্মাণ প্ৰকল্পত বিনিয়োগ কৰিব এছাৰ গ্ৰুপে ।
মেছাৰ্ছ গ্ৰীণকো এনাৰ্জীছ প্ৰাইভেট লিমিটেড:
পাম্প ষ্টৰেজ প্ৰজেক্ট (PSP) প্ৰকল্পৰ বাবে অসম চৰকাৰৰ সৈতে ৮০০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে মেছাৰ্ছ গ্ৰীণকো এনাৰ্জীছ প্ৰাঃ লিঃ-এ ।
প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্ট:
অসমত এখন বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে প্ৰতীক্ষা এডুকেশ্যনেল ট্ৰাষ্টে অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰে । মহাবীৰ লাচিত বৰফুকনৰ নামেৰে নামকৰণ হ’বলগীয়া “বীৰ লাচিত বৰফুকন বিশ্ববিদ্যালয়”ৰ বাবে ৮০০০ কোটি টকা বিনিয়োগ কৰিব ন্যাসটোৱে ।
ষ্টাৰ চিমেন্ট লিমিটেড:
ষ্টাৰ চিমেন্ট নৰ্থ ইষ্ট লিমিটেডৰ দ্বাৰা অসমত চিমেন্ট ক্লিংকাৰ আৰু গ্ৰাইণ্ডিং প্ৰকল্প স্থাপনৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে কোম্পানীটোৱে । ৩২০০ কোটি টকা বিনিয়োগৰ সিদ্ধান্ত লৈছে কোম্পানীটোৱে ।
মাথেছন হাইড্ৰ’জেন প্ৰাইভেট লিমিটেড:
অসমত 95 KTPA হাইড্ৰ’জেন আৰু ষ্টীম প্ৰস্তুত প্ৰকল্পৰ বাবে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ কৰিছে কোম্পানীটোৱে । ১৫০০ কোটি টকা বিনিয়োগ কৰিব মাথেছন গ্ৰুপে ।
গ্ল’বেল হেল্থ লিমিটেড (মেডান্তা):
মাল্টি স্পেচিয়েলিটি হাস্পতাল স্থাপনৰ বাবে কোম্পানীটোৱে অসম চৰকাৰৰ সৈতে ৫০০ কোটি টকাৰ বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে ।
বিৰিঞ্চি লিমিটেড:
অসমত ২০০ মেগাৱাটৰ ডাটা চেন্টাৰ স্থাপনৰ বাবে (প্ৰাৰম্ভিক পৰ্যায়ত ১০০ মেগাৱাটা আৰু ২০০ মেগাৱাটলৈ বৃদ্ধিৰ সম্ভাৱনা) বিৰিঞ্চি লিমিটেডে অসম চৰকাৰৰ সৈতে ৩০০০ কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰে ।
ইয়াৰ বাহিৰেও আন বহুকেইটা কোম্পানীৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছে অসম চৰকাৰে। আৰু ইয়াৰ ভিতৰত বহুতো থলুৱা উদ্যোগীও আছে। ইয়াৰ উপৰিও এইবাৰ জিলা সদৰমূহতো থলুৱা বিনিয়োগকাৰী সকলৰ বাবে আছুতীয়াকৈ বিনিয়োগৰ বুজাবুজি চুক্তি কৰা হৈছে। যিসকল বিনিয়োগকাৰীয়ে ৫০ কোটি তকৈ কম টকা বিনিয়োগ কৰিব তেওঁলোকক জিলা পৰ্যায়তে সুবিধা প্ৰদান কৰা হৈছে।
এডভান্টেজ আছাম আৰু ভৱিষ্যতৰ অসম
প্ৰয়াত সাহিত্যিক আৰু ৰাজনীতিবিদ হেম বৰুৱাই কৈ যোৱাৰ দৰেই অসম হৈছে ৰঙা নদী আৰু নীলা পাহাৰৰ দেশ। অসমখন ধনে-সোণে ধনী নহ’লেও অসমক যেন মা প্ৰকৃতিয়ে সৌন্দৰ্য আৰু সমৃদ্ধিৰ দিশৰ পৰা সকলোখিনি হিয়া উজাৰিয়েই দিছে। অসমৰ আছে ২০০ বছৰীয়া চাহ শিল্পৰ গৌৰৱময় ঐতিহ্য আৰু খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছ উৎপাদনৰ ১৫০ বছৰীয়া সমৃদ্ধ ইতিহাস। কিন্তু ইয়াৰ পাছতো অসম আজিও দুখীয়া। আজিও অসমৰ লাখ লাখ নিবনুৱা যুৱক-যুৱতীয়ে কেৰেলা, গোৱা, বাংগালোৰুলৈ আপোন ঘৰখন এৰি গুচি যায়।
আজি অসমত বিনিয়োগৰ পৰিৱেশ আহিছে। বহুতো উদ্যোগ-কাৰখানা প্ৰতিষ্ঠা হোৱাৰ কথা চলিছে। ভৱিষ্যতে হ’ব লগা উদ্যোগবোৰে এইসকল অসমীয়াক অসমলৈ পাৰিবনে আনিব ঘূৰাই ? বা এই বৃহৎ বিনিয়োগৰ পাছত অসমৰ থলুৱা আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ কি হ’ব? ডাঙৰ মাছে সৰু মাছক খাই পেলোৱাৰ দৰে এওঁলোকো নোহোৱা হৈ যাব নেকি? নে বটবৃক্ষৰ ছাঁত নিৰাপদে জিৰাব তেওঁলোকে? আমাৰ শুৱনি অসমখনক কি হ’ব? কি হ’ব অসমৰ এই আপুৰুগীয়া জৈৱ-বৈচিত্ৰ্যৰ? কোনো উদ্যোগী বা বিনিয়োগকাৰীৰ ধনৰ লোভত পৰি সকলোখিনি হেৰুৱাই পেলাব নেকি আমাৰ দুখুনী আই অসমে? পাৰিবনে বাৰু দূৰ কৰিব আমাৰ এই অজান শংকা ?