কৃত্ৰিম বুদ্ধিমত্তা বা এ. আই. আজিৰ সময়ত আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে। ই লাহে লাহে আমাৰ উদ্যোগ, অৰ্থনীতি বাণিজ্য আৰু সমাজক নতুন ৰূপ দিবলৈ আৰম্ভ কৰিছে। স্বয়ংচালিত গাড়ীৰ পৰা ব্যক্তিগতকৃত চিকিৎসাৰ সেৱালৈ, কৃত্ৰিম বুদ্ধিমত্তা এতিয়া কেৱল সপোন নহয়, ই বাস্তৱত পৰিণত হৈছে। ২০২৫ বৰ্ষত ভৰি দি আমি কৃত্ৰিম বুদ্ধিমত্তাৰ এই পৰিৱৰ্তনশীল শক্তিক কোনোপধ্যেই অস্বীকাৰ কৰিব নোৱাৰো। ইয়াৰ লগতে বৃহৎ ভাষা আৰ্হি (LLM) যেনে গ্ৰক, ডীপ চীক, চাট জিপিটি আদিৰ দৰে মানুহৰ ভাষা আৰু যুক্তিৰ নকল কৰোঁতা কৃত্ৰিম বুদ্ধিমত্তা বিলাকেও আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আহকচোন আলোচনা কৰো, এই কৃত্ৰিম বুদ্ধিমত্তা আৰু বৃহৎ ভাষা আৰ্হি বিলাকেনো কেনেদৰে বিশ্বক সলনি কৰি পেলাইছে আৰু ইয়াৰ সুবিধা আৰু প্ৰত্যাহ্বানসমূহনো কি কি?
কৃত্ৰিম বুদ্ধিমত্তা আৰু উদ্যোগিক খণ্ডৰ পৰিৱৰ্তন
কৃত্ৰিম বুদ্ধিমত্তাই বিভিন্ন উদ্যোগলৈ পৰিৱৰ্তন কঢ়িয়াই আনিছে। স্বাস্থ্যসেৱাত কৃত্ৰিম বুদ্ধিমত্তা চালিত সঁজুলিয়ে বিভিন্ন চিকিৎসা চিত্ৰ যেনে এক্স-ৰে বা এম. আৰ. আই. আদি বিশ্লেষণ কৰি দ্ৰুত আৰু সঠিকভাৱে ৰোগ ধৰা পেলায়। কৃত্ৰিম বুদ্ধিমত্তাৰ এলগৰিদমে এনে সূক্ষ্ম নমুনাও চিনি পায়, যিবোৰত আনকি অভিজ্ঞ চিকিৎসকৰো চকু নপৰিব পাৰে। কোম্পানীসমূহে এনে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থা গঢ়ি তুলিছে, যিবোৰে ৰোগীক ৰোগৰ পূৰ্বাভাস দিয়ে, চিকিৎসাৰ পৰামৰ্শ দিয়ে, আৰু ৰবটৰ সহায়ত কৰা অস্ত্ৰোপচাৰতো ই নিখুঁততা আনিছে। ই স্বাস্থ্যসেৱাৰ মান উন্নত কৰাই নহয়, খৰচো কমায়। যাৰ ফলত দুৰ্গম অঞ্চলতো আজি স্বাস্থ্যসেৱা সুলভ হৈছে।
উৎপাদন ক্ষেত্ৰত, কৃত্ৰিম বুদ্ধিমত্তাই “স্মাৰ্ট ফেক্টৰী”ৰ যুগৰ সূচনা কৰিছে। কৃত্ৰিম বুদ্ধিমত্তাযুক্ত যন্ত্ৰই নিজৰ কাৰ্যক্ষমতা পৰ্যবেক্ষণ কৰে, এনে যন্ত্ৰই নিজৰ মেৰামতিৰ প্ৰয়োজনীয়তা পূৰ্বানুমান কৰে আৰু উৎপাদন প্ৰক্ৰিয়াটো সৰ্বোত্তম কৰি তোলে। ই দক্ষতা বঢ়ায়, অপচয় ৰোধ কৰে আৰু বজাৰৰ চাহিদাৰ সৈতে তাৎক্ষণিকভাৱে খাপ খুৱাত সহায় কৰে। কৃষিক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাই কৃষকসকলক ফচলৰ উৎপাদন বৃদ্ধিৰ সুযোগ দিছে। ড্ৰ’ন আৰু চেন্সৰ ব্যৱহাৰ জড়িয়তে মাটিৰ অৱস্থা আৰু গুণাগুণ, জলবায়ুৰ ধৰণ আৰু ফচলৰ স্বাস্থ্য বিশ্লেষণ কৰে, যাৰ ফলত শস্যৰ ৰোপণ,শস্যত পানী দিয়া আৰু চপোৱাৰ সিদ্ধান্ত লোৱা সহজ হৈছে। জলবায়ু পৰিৱৰ্তনৰ এই জটিল সময়ছোৱাত বিশ্বৰ ক্ৰমবৰ্ধমান জনসংখ্যাৰ খাদ্যৰ প্ৰয়োজন পূৰাবলৈ এয়া অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
পৰিবহনৰ ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ সুস্পষ্ট। স্বয়ংচালিত গাড়ীয়ে মানুহৰ ভুলৰ ফলত হোৱা দুৰ্ঘটনা কমায়, যান-জঁটৰ সমস্যা লাঘৱ কৰে আৰু ই কাৰ্বন নিৰ্গমনো হ্ৰাস কৰে। যদিও সম্পূৰ্ণ স্বয়ংচালিত গাড়ী এতিয়াও সৰ্বত্ৰে প্ৰচলিত হোৱা নাই, তথাপি টেছলা আৰু ৱেমোৰৰ দৰে কোম্পানীয়ে এই ক্ষেত্ৰত কিছু পৰিমাণে অৰিহণা যোগাইছে। আৰু কোনো কোনো চহৰত আজিকালি ডেলিভাৰী ড্ৰ’নো আকাশত উৰি ফুৰা দেখা গৈছে। কৃত্ৰিম বুদ্ধিমত্তাই লজিষ্টিকৰ ক্ষেত্ৰখনো উন্নত কৰি তুলিছে, কৃত্ৰিম বুদ্ধিমত্তাৰ এলগৰিদমে দ্ৰুততম পথ আৰু কাৰ্যকৰী যোগান শৃংখল নিৰ্ধাৰণ কৰি পণ্যৰ চলাচলক নতুন ৰূপ দিছে।
কৃত্ৰিম বুদ্ধিমত্তা আৰু কৰ্মক্ষেত্ৰৰ পৰিৱৰ্তন
কৰ্মক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ যেনেকৈ উৎসাহজনক আৰু তেনেকৈ উদ্বেগজনকো। এফালে, ই পুনৰাবৃত্তিমূলক কামসমূহ স্বয়ংক্ৰিয় কৰি মানুহক সৃজনীশীল আৰু কৌশলগত কামত মনোনিৱেশ কৰাৰ সুযোগ দিছে, অফিচ-কাছাৰীত কৃত্ৰিম বুদ্ধিমত্তাযুক্ত সঁজুলিয়ে ডাটা এণ্ট্ৰি, সময় নিৰ্ধাৰিত কাৰ্যসূচী আৰু ইমেইলৰ খচৰা তৈয়াৰ কৰি মানুহৰ উৎপাদনশীলতা বঢ়াইছে। সৃজনশীল ক্ষেত্ৰতো কৃত্ৰিম বুদ্ধিমত্তাই সহযোগী হিচাপে কাম কৰিছে। যেনে-সংগীত, শিল্পকলা আৰু লিখনৰ ধাৰণা দি মানৱীয় প্ৰতিভাক উদ্বুদ্ধ কৰিছে। আনহাতে, ইয়াৰ বিপৰীতে যেন কৃত্ৰিম বুদ্ধিমত্তাৰ আগমনত বহু চাকৰিয়ালৰ চাকৰি হেৰুৱাৰ ভয় আহি পৰিছে। ট্ৰাক চালনা, কাৰখানাৰ কাম আৰু গ্ৰাহক সেৱাৰ দৰে কাম ক্ৰমশঃ স্বয়ংক্ৰিয় হৈছে, যি নিবনুৱাসকলৰ উদ্বেগ বঢ়াই তুলিছে। বিশ্ব অৰ্থনৈতিক মঞ্চই(World Economic Forum) পূৰ্বাভাস দিছে যে, ২০৩০ চনৰ ভিতৰত কৃত্ৰিম বুদ্ধিমত্তাই লাখ লাখ শ্ৰমিকক স্থানচ্যুত কৰিব, কিন্তু ই নতুন চাকৰিও সৃষ্টি কৰিব। যেনে কৃত্ৰিম বুদ্ধিমত্তাৰ নৈতিকতাবিদ, ডাটা প্ৰশিক্ষক আৰু ৰবটিক্স টেকনিচিয়ান। কিন্তু প্ৰত্যাহ্বান আহিব পূৰ্বৰ শ্ৰমিকসকলক পুনৰ দক্ষতা প্ৰদান কৰাত। যিবোৰ দেশে শিক্ষা আৰু প্ৰশিক্ষণত বিনিয়োগ কৰিব, তেওঁলোকে উন্নতি কৰিব; যিবোৰ শিক্ষাত পিছ পৰিব, তেওঁলোকৰ দেশত নিবনুৱা বাঢ়িব।
কৃত্ৰিম বুদ্ধিমত্তাই উদ্যমিতাক ক্ৰমান্বয়ে গণতান্ত্ৰিক কৰি তুলিছে। সৰু ব্যৱসায়ীয়ে এতিয়া কৃত্ৰিম বুদ্ধিমত্তাযুক্ত সঁজুলি ব্যৱহাৰ কৰিব পৰা হৈছে, যিবোৰ আগতে কেৱল ডাঙৰ ডাঙৰ কোম্পানীৰ বাবেহে আছিল। এই ক্ষেত্ৰত আমি পণ্যৰ বিপণন, গ্ৰাহকৰ তথ্য বিশ্লেষণ আৰু তথ্যভাণ্ডাৰ পৰিচালনাৰ বাবে ব্যৱহাৰ কৰা সজুঁলি সমূহৰ কথা অৱতাৰনা কৰিছো। ২০২৫ চনত এজন অকলশৰীয়া উদ্যোগীয়েও সুলভ কৃত্ৰিম বুদ্ধিমত্তা প্লেটফৰ্মৰ সহায়ত প্ৰতিষ্ঠিত প্ৰতিষ্ঠানৰ সৈতেও প্ৰতিযোগিতা কৰিব পাৰে। এই সমান সুযোগে বিশ্বজুৰি নতুনত্বৰ জোৱাৰ আনিছে।
কৃত্ৰিম বুদ্ধিমত্তা আৰু দৈনন্দিন জীৱনত পৰিৱৰ্তন
কৃত্ৰিম বুদ্ধিমত্তাই আমাৰ দৈনন্দিন জীৱনত গভীৰভাৱে প্ৰৱেশ কৰিছে। ‘ছিৰি’ আৰু ‘এলেক্সা’ৰ দৰে ভাৰ্চুৱেল সহায়ক এতিয়া উন্নত জীৱনৰ সংগী হৈ পৰিছে। এইবোৰে ঘৰ পৰিচালনা কৰে, প্ৰশ্নৰ উত্তৰ দিয়ে, আনকি স্বাভাৱিক কথোপকথনৰ জৰিয়তে আৱেগিক সমৰ্থনো দিয়ে। স্মাৰ্ট যন্ত্ৰই আমাৰ অভ্যাসবোৰ শিকি লয় আৰু সেই অনুসৰি আমাক সহায় কৰে।
বিনোদনৰ ক্ষেত্ৰখনতো কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ দেখা যায়। নেটফ্লিক্সৰ দৰে প্লেটফৰ্মে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে আমাৰ ৰুচিৰ সৈতে মিল থকা অনুষ্ঠানৰ পৰামৰ্শ দিয়ে, আৰু ভিডিঅ’ গেমৰ বিকাশকাৰী সকলে কৃত্ৰিম বুদ্ধিমত্তাচালিত চৰিত্ৰৰ সৈতে এখন গভীৰ অভিজ্ঞতাৰ জগত সৃষ্টি কৰিছে, যিবোৰ খেলুৱৈৰ পছন্দৰ সৈতে খাপ খায় পৰে। সামাজিক মাধ্যমতো কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে ‘ফিড কিউৰেট’ কৰা হয় আৰু ক্ষতিকাৰক বিষয়বস্তুবোৰ ইয়াত ধৰা পৰে। যদিও এনে ক্ষেত্ৰত পক্ষপাত আৰু গোপনীয়তাৰ ওপৰত বিতৰ্কও আহি পৰিছে।
শিক্ষাক এতিয়া বহু পৰিমাণে ব্যক্তিগতকৃত কৰাৰ চেষ্টা কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তা শিক্ষকে ছাত্ৰৰ গতি আৰু শৈলীৰ সৈতে খাপ খুৱাই পাঠ দিয়ে, পিছপৰা শিক্ষাৰ্থীক অধিক সহায় কৰে আৰু মেধা সম্পন্ন শিক্ষাৰ্থীক প্ৰত্যাহ্বানমূলক অনুশীলন কৰোৱায়। দূৰণিৱতীয়া অঞ্চলত, কৃত্ৰিম বুদ্ধিমত্তা চালিত এপে শিক্ষকৰ অভাৱৰ স্বত্বেও মানসম্পন্ন শিক্ষা প্ৰদান কৰিছে আৰু শিক্ষাৰ বৈষম্য কমাইছে। ভাষা অনুবাদ সঁজুলিয়ে বাধা ভাঙিছে, সংস্কৃতিৰ মাজত তাৎক্ষণিক যোগাযোগ সম্ভৱ কৰি তুলিছে।
বিশ্বজনীন সমস্যাৰ সমাধান
এই কৃত্ৰিম বুদ্ধিমত্তাই মানৱ জাতিৰ কিছুমান অতি ডাঙৰ সমস্যাৰ সমাধান আনিবলৈও চেষ্টা কৰিছে। যেনে- জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজত কৃত্ৰিম বুদ্ধিমত্তাৰ মডেলে জলবায়ুৰ ধৰণ পূৰ্বানুমান কৰে, নবীকৰণযোগ্য শক্তিৰ গ্ৰীড সৰ্বোত্তোম কৰি তোলে আৰু বন ধ্বংসৰ তথ্য মজুত ৰাখে। প্ৰকৃতি সংৰক্ষণবাদীসকলে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে বিপন্ন প্ৰজাতিৰ ওপৰত নজৰ ৰাখে, কেমেৰা ট্ৰেপৰ তথ্য বিশ্লেষণ কৰি জৈৱবৈচিত্ৰ্য ৰক্ষা কৰে। প্ৰাকৃতিক দুৰ্যোগৰ সময়ত, কৃত্ৰিম বুদ্ধিমত্তাই উদ্ধাৰ কাৰ্যত সহায় কৰে আৰু প্ৰভাৱিত অঞ্চলৰ মানচিত্ৰ তৈয়াৰ কৰিব পাৰে আৰু সাহায্যৰ প্ৰয়োজনীয়তা পূৰ্বানুমান কৰিব পাৰে।
জনস্বাস্থ্যৰ ক্ষেত্ৰখনতো কৃত্ৰিম বুদ্ধিমত্তাৰ লাভালাভ দেখা গৈছে। ব্যক্তিগত সেৱাৰ বাহিৰেও, কৃত্ৰিম বুদ্ধিমত্তাই ৰোগৰ প্ৰাদুৰ্ভাৱ অনুসৰণ কৰে। যেনে, ক’ভিড-১৯ মহামাৰীৰ সময়ত ই ভাইৰাছৰ বিস্তাৰৰ মডেল তৈয়াৰ কৰিছিল আৰু টিকা বিতৰণত সহায় কৰিছিল। আজি ই গৱেষকসকলক দ্ৰুত ঔষধ ডিজাইন কৰাত সহায় কৰিছে, যিটো আগতে বছৰৰ পিছত বছৰ লাগিছিল।
চৰকাৰৰ শাসনযন্ত্ৰটো কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰভাৱ পৰিছে। চহৰসমূহে যান-জঁটৰ নিয়ন্ত্ৰণ, শক্তিৰ ব্যৱহাৰ কমোৱা আৰু পূৰ্বানুমানমূলক পুলিচিংৰ জৰিয়তে জনসুৰক্ষা বৃদ্ধিৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰ কৰিছে। কিন্তু এনে কৰোঁতে নিৰীক্ষণ প্ৰক্ৰিয়া আৰু ন্যায়ৰ ক্ষেত্ৰত প্ৰশ্ন উঠিছে। আন্তৰ্জাতিকভাৱে কৃত্ৰিম বুদ্ধিমত্তাই কূটনীতিত সহায় কৰে, বিশাল তথ্য বিশ্লেষণ কৰি আলোচনাৰ তথ্য দিয়ে বা ভুৱা তথ্যৰ চিনাক্তকৰণত সহায় কৰে।
বৃহৎ ভাষা আৰ্হি আৰু বৌদ্ধিক কাম-কাজ
বৃহৎ ভাষা আৰ্হি (LLM)ৰ বৌদ্ধিক কামৰ ওপৰত প্ৰভাৱক বিশেষভাৱে লক্ষ্য কৰিবলগীয়া। এনে মডেলসমূহে যেনে- গ্ৰক, ডীপচীক, চাট জিপিটি আদিয়ে বিশাল তথ্যৰ ভাণ্ডাৰ প্ৰক্ৰিয়াকৰণ কৰে, মানুহৰ দৰে লিখনি উৎপন্ন কৰে, প্ৰশ্নৰ উত্তৰ দিয়ে আৰু সমস্যা সমাধান কৰে। এনেবোৰ আহিলাই লাহে লাহে আমাৰ সৃষ্টি আৰু চিন্তাৰ ধৰণেই সলনি কৰি পেলাইছে।
শৈক্ষিক ক্ষেত্ৰত, বৃহৎ ভাষা আৰ্হিসমূহ গৱেষণাৰ সহায়ক হৈ পৰিছে। ই আমাক নিমিষতে গ্ৰন্থৰ সাৰাংশ প্ৰদান কৰে, নতুন অনুমানৰ পৰামৰ্শ দিয়ে, আনকি প্ৰবন্ধৰ সহ-লেখক হিচাপেও কাম কৰে। এজন ইতিহাসবিদে বৃহৎ ভাষা আৰ্হিৰ জৰিয়তে প্ৰাচীন গ্ৰন্থ বিশ্লেষণ কৰি এনে নমুনা ধৰিব পাৰে, যিটো মানুহে জীৱনকালতো বিচাৰি নাপাব পাৰে। ছাত্ৰ-ছাত্ৰীয়ে জটিল বিষয় যেনে কোৱাণ্টাম পদাৰ্থ বিজ্ঞান সহজ উপমাৰ জৰিয়তে বুজিব পাৰে। ই শিক্ষণ আৰু আৱিষ্কাৰক ত্বৰান্বিত কৰিছে, কিন্তু ইয়াৰ অতিনিৰ্ভৰতাই আমাৰ সমালোচনাত্মক চিন্তাৰ ক্ষমতা কমাব পাৰে বুলি ভবাৰ থল আছে।
সৃজনশীলতাৰ ক্ষেত্ৰতো বৃহৎ ভাষা আৰ্হিৰ প্ৰভাৱ আছে। লেখকে ইয়াৰ সহায়ত সৃষ্টিগত বাধা অতিক্ৰম কৰে, ধাৰণা উৎপন্ন কৰে বা খচৰা সম্পূৰ্ণ কৰে। এজন ঔপন্যাসিকে কাহিনীৰ ৰূপৰেখা দিলে বৃহৎ ভাষা আৰ্হিয়ে এটা অধ্যায়ৰ খচৰা দিব পাৰে, যাক তেওঁ নিজৰ শৈলীত সংশোধন কৰি লব পাৰে। সংগীতজ্ঞ আৰু শিল্পীয়েও কৃত্ৰিম বুদ্ধিমত্তাৰ সহায় ল’বলৈ আৰম্ভ কৰিছে, তেওঁলোক মানৱীয় প্ৰতিভাৰ সৈতে যন্ত্ৰৰ নিখুঁততা মিলায় চায়। সমালোচকসকলে কয় যে ই মৌলিকতা কমাব, কিন্তু আন কিছুমানে ইয়াক নতুন ৰেনেছাঁ হিচাপে অভিহিত কৰিছে। কিয়নো এনে সঁজুলিয়ে কল্পনাশক্তিক উদ্দীপিত কৰি তোলে।
বৃত্তিগতভাৱে প্ৰয়োগ
পেছাদাৰী ক্ষেত্ৰত বৃহৎ ভাষা আৰ্হিয়ে বৌদ্ধিক শ্ৰমৰ কাম সৰল কৰিছে। উকীলসকলে ইয়াৰ সহায়ত আইনী খচৰা তৈয়াৰ কৰে; সাংবাদিকে কাহিনীৰ পটভূমি লাভ কৰে; শিক্ষকে পাঠ পৰিকল্পনা তৈয়াৰ কৰে। ই দক্ষতা আনে, কিন্তু প্ৰশ্ন উঠে—আমি আমাৰ মানসিক কাম-কাজত অত্যধিক পৰনিৰ্ভৰশীল হৈছো নেকি? বৃহৎ ভাষা আৰ্হি য়ে “চিন্তা” নকৰে। ই নমুনাৰ ওপৰত ভিত্তি কৰি পূৰ্বানুমান কৰে। ভুল বা অসম্পূৰ্ণ তথ্যৰ ওপৰত নিৰ্ভৰ কৰিলে সিদ্ধান্ত ভুল হ’ব পাৰে।
নৈতিকভাৱে, বৃহৎ ভাষা আৰ্হিয়ে বৌদ্ধিক মালিকীস্বত্বৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনাইছে। যদি বৃহৎ ভাষা আৰ্হিয়ে এখন কিতাপ লিখে বা গণিতৰ সমস্যা সমাধান কৰে, তেন্তে তাৰ স্বীকৃতি কাৰ? আজিৰ তাৰিখত আইনী ব্যৱস্থাই এই পৰিৱৰ্তনৰ সৈতে খাপ খুৱাবলৈ যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছে আৰু সাহিত্য চুৰিৰ বিতৰ্কও তীব্ৰতৰ হৈছে। এই ক্ষেত্ৰত গোপনীয়তাও এক ডাঙৰ প্ৰত্যাহ্বান—এই মডেলসমূহে বিশাল তথ্যৰ ওপৰত প্ৰশিক্ষণ লয়, কেতিয়াবা ই ব্যক্তিগত লিখনী বিনা সন্মতিতো গ্ৰহণ কৰে বুলি প্ৰমাণ পোৱা গৈছে।
নৈতিক আৰু সামাজিক বাধা
কৃত্ৰিম বুদ্ধিমত্তাৰ উত্থানত বিশেষকৈ বৃহৎ ভাষা আৰ্হিৰ উত্থানে কিছুমান জটিল সমস্যাৰো সৃষ্টি কৰিছে। গোপনীয়তাৰ ক্ষেত্ৰত মানুহৰ উদ্বেগ বাঢ়িছে, কাৰণ কৃত্ৰিম বুদ্ধিমত্তা ব্যৱস্থাই ব্যক্তিগত তথ্যৰ সংগ্ৰহ আৰু বিশ্লেষণ কৰে, আনকি কেতিয়াবা স্পষ্ট সন্মতি অবিহনেও কৰে। পক্ষপাতিত্ব হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ এটা অন্যতম সমস্যা। ভুল তথ্যৰ ওপৰত প্ৰশিক্ষণ ল’লে এলগৰিদমে ব্যক্তিৰ নিয়োগ, ঋণ প্ৰদান বা আইন প্ৰয়োগত বৈষম্য আনি দিব পাৰে।
স্বয়ংক্ৰিয় অস্ত্ৰক মানৱ জাতিয়ে সদায়ে ভয় কৰি আহিছে , দেশসমূহে কৃত্ৰিম বুদ্ধিমত্তাচালিত সামৰিক প্ৰযুক্তি বিকাশৰ দৌৰত নামিছে। যন্ত্ৰই জীৱন-মৃত্যুৰ সিদ্ধান্ত লোৱাৰ ধাৰণাই নৈতিকতাবিদ আৰু নাগৰিক সকলক শংকিত কৰি তুলিছে, যাৰ ফলত কৃত্ৰিম বুদ্ধিমত্তাক বিশ্বজনীনভাৱে নিয়ন্ত্ৰণৰ আহ্বান উঠিছে। ডিপফেক বা কৃত্ৰিম বুদ্ধিমত্তা উৎপন্ন ভিডিঅ’য়ে মিডিয়াৰ ওপৰত মানুহৰ ভৰসাৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে, কাৰণ প্ৰকৃত আৰু ভুৱাৰ মাজৰ বৰ্তমান পাৰ্থক্য কৰা কঠিন হৈ পৰিছে।
অৰ্থনৈতিক বৈষম্য হৈছে কৃত্ৰিম বুদ্ধিমত্তাৰ লগত জড়িত এটা অতি সূক্ষ্ম কিন্তু বাস্তৱিক সমস্যা। কৃত্ৰিম বুদ্ধিমত্তাৰ সুবিধা থকা ধনী দেশ আৰু কোম্পানীয়ে আনক অতি সহজেই অতিক্ৰম কৰিব পাৰিব, এইটো সমাধানৰ বাবে কৃত্ৰিম বুদ্ধিমত্তাৰ সুবিধা ভাগ-বিতৰণ কৰা নীতিৰ অতি প্ৰয়োজন।
ভৱিষ্যতৰ পথ
২০২৫ বৰ্ষটোত আমি এক সন্ধিক্ষণত আছো। কৃত্ৰিম বুদ্ধিমত্তা আৰু বৃহৎ ভাষা আৰ্হি আমাৰ হাতৰ সঁজুলি। ইয়াৰ গতিপথ আমাৰ ওপৰত নিৰ্ভৰ কৰে। ই মানৱ সম্ভাৱনাক বৃদ্ধি কৰিব পাৰে, সমস্যা সমাধান কৰি সৃষ্টিৰ পথ মুকলি কৰিব পাৰে, কিন্তু ই আমাৰ বিভিন্ন দোষো প্ৰতিফলিত কৰে। প্ৰযুক্তিবিদ, নীতি নিৰ্ধাৰক আৰু বিশ্ব সম্প্ৰদায়ৰ মাজত সহযোগিতাই নিৰ্ধাৰণ কৰিব যে কৃত্ৰিম বুদ্ধিমত্তা সমতাৰ শক্তি হ’ব নে বিভাজনৰ? কৃত্ৰিম বুদ্ধিমত্তাই কেনেকৈ কাম কৰে তাৰ স্বচ্ছতা, ইয়াৰ প্ৰভাৱৰ দায়িত্ব আৰু ইয়াৰ বিকাশত সকলোৰে অংশগ্ৰহণ অপৰিহাৰ্য।
কৃত্ৰিম বুদ্ধিমত্তাই ইতিমধ্যেই বিশ্বক সলনি কৰিছে, কিন্তু ইয়াৰ সম্পূৰ্ণ কাহিনী এতিয়াও যেন লিখা হোৱা নাই। ই আমাৰ মালিক নহয়—এক সঁজুলিহে, আৰু আমি ইয়াক কেনেকৈ ব্যৱহাৰ কৰোঁ তাৰ ওপৰত আমাৰ আহিব লগা যুগটো নিৰ্ধাৰিত হ’ব। এনে এখন বিশ্বৰ কল্পনা কৰকচোন য’ত কৃত্ৰিম বুদ্ধিমত্তাই ক্ষুধা দূৰ কৰে, জলবায়ু সংকট ৰোধ কৰে আৰু মানৱ জাতিক একত্ৰিত কৰে বা এনে এখন বিশ্ব, য’ত ই ক্ষমতা কেন্দ্ৰীভূত কৰে আৰু মানৱৰ মাজত বৈষম্য বঢ়ায়। দুয়োটাই সম্ভৱ; কোনোটোৱেই অনিবাৰ্য নহয়।আমাৰ দায়িত্ব যে পৰৱৰ্তী যুগটো এনে হওঁক, যাক লৈ আমি গৌৰৱ কৰিব পাৰোঁ। এই প্ৰযুক্তিৰ শক্তিক আমি কৌতূহল, ভৱিষ্যতৰ সুৰক্ষা আৰু সাধাৰণ জনগনৰ কল্যাণৰ প্ৰতিশ্ৰুতিৰে ব্যৱহাৰ কৰোঁ আহক। কৃত্ৰিম বুদ্ধিমত্তাই গঢ়ি তোলা বিশ্ব কেৱল প্ৰযুক্তিগত চমক নহয়, ই আমি কি হ’বলৈ গৈ আছো তাৰে যেন এক প্ৰতিফলন।