ভাৰতীয় সংবিধানসাময়িকী

চতুৰ্দ্দশ ভাগ (ক)- ন্যায়াধিকৰণ

ন্যায়াধিকৰণ

(৩২৩) (ক) প্ৰশাসনিক ন্যায়াধিকৰণ 

(১) সংসদে বিধিৰ দ্বাৰা সংঘৰ বা কোনো ৰাজ্যৰ অথবা ৰাজ্য ক্ষেত্ৰৰ ভিতৰত থকা বা ভাৰত চৰকাৰৰ নিয়ন্ত্রণাধীন কোনো স্থানীয় বা অন্য প্রাধিকাৰী অথবা চৰকাৰৰ স্বামিত্বৰ বা নিয়ন্ত্রণত থকা কোনো নিগমৰ কাৰ্য্যকলাপৰ লগত সম্পৰ্ক থকা লোক সেৱা বা পদত ভৰ্ত্তিকৰণ আৰু তাত নিযুক্ত ব্যক্তিসকলৰ সেৱাৰ চৰ্ত্ত সম্বন্ধীয় বিবাদ বা গোচৰ সমূহ প্রশাসনিক ন্যায়াধিকৰণৰ দ্বাৰা ন্যায়নিৰ্ণয় বা বিচাৰৰ বাবে উপবন্ধ কৰিব পাৰে।

(২) খণ্ড (১) ৰ অধীনত প্রণীত বিধিয়ে—

(ক) সংঘৰ বাবে এখন প্রশাসনিক ন্যায়াধিকৰণ আৰু প্ৰত্যেক ৰাজ্যৰ বাবে অথবা দুই বা ততোধিক ৰাজ্যৰ বাবে একোখন পৃথক পৃথক প্রশাসনিক ন্যায়াধিকৰণ স্থাপনৰ বাবে উপবন্ধ কৰিব পাৰিব;

(খ) উক্ত ন্যায়াধিকৰণৰ দ্বাৰা প্ৰয়োগ কৰিবলগীয়া ক্ষেত্ৰাধিকাৰ, ক্ষমতা (অৱমাননাৰ বাবে দণ্ড দিয়াৰ ক্ষমতাও অন্তৰ্ভুক্ত কৰি) আৰু প্ৰাধিকাৰ বিনিৰ্দ্দিষ্ট কৰিব পাৰি;

(গ) উক্ত ন্যায়াধিকৰণ বিলাকে অনুসৰণ কৰিবলগীয়া প্ৰক্ৰিয়াৰ (পৰিসীমা আৰু সাক্ষ্যৰ নিয়মৰ বিষয়ে উপবন্ধ অন্তর্ভুক্ত কৰি) উপবন্ধ কৰিব পাৰিব;

(ঘ) খণ্ড (১) ত উল্লিখিত বিবাদ বা গোচৰ সমূহৰ সম্বন্ধত অনুচ্ছেদ ১৩৬ ৰ অধীনত থকা উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাবৰ বাহিৰে সকলো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ বহির্ভূত কৰিব পাৰিব;

(ঙ) এনে প্রত্যেক প্রশাসনিক ন্যায়াধিকৰণলৈ এনে মোকদ্দৰ্মা হস্তান্তৰণ কৰাৰ বাবে উপবন্ধ কৰিব পাৰিব যিবিলাক নেকি এনে ন্যায়াধিকৰণ স্থাপন কৰাৰ অব্যৱহিত পূর্ব্বে কোনো ন্যায়ালয় বা অন্য প্রাধিকাৰীৰ ওচৰত বিচাৰাধীন হৈ থাকে আৰু যিবিলাক বাদ হেতুকৰ ওপৰত এনে বাদ বা কাৰ্য্যবাহী আধাৰিত সেইবোৰ এনে ন্যায়াধিকৰণ স্থাপনৰ পিচত উদ্ভৱ হোৱা হ’লে তেনে ন্যায়াধিকৰণৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত হ’লহেতেন;

(চ) ৰাষ্ট্ৰপতিৰ দ্বাৰা অনুচ্ছেদ ৩৭১ ঘ-ৰ খণ্ড (৩)ৰ অধীনত দিয়া কোনো আদেশৰ নিৰসন বা সংশোধন কৰিব পাৰিব;

(ছ) এনে অনুপূৰক আনুষঙ্গিক আৰু পাৰিণামিক উপবন্ধ (মাচুল সম্বন্ধীয় উপবন্ধও অন্তর্ভুক্ত কৰি) অন্তর্বিষ্ট কৰিব পাৰিব যিবিলাক নেকি এনে ন্যায়ধিকৰণে প্ৰভাৱশীলভাৱে কৃত্য নিৰ্বহন কৰিবৰ বাবে, মোকদ্দৰ্মাৰ দ্ৰুত বিনিশ্চয় কৰিবৰ বাবে আৰু ন্যায়াধিকৰণৰ আদেশসমূহ বলবৎ কৰিবৰ বাবে সংসদে আৱশ্যক বুলি গণ্য কৰে।

(৩) এই সংবিধানৰ আন কোনো উপবন্ধত অথবা তৎকালীন বলবৎ থকা আন কোনো বিধিত যিকোনো কথা থকা সত্ত্বেও এই অনুচ্ছেদৰ উপবন্ধ সমূহ প্রভাৱী হব।

(৩২৩)(খ) অন্য বিষয়ৰ বাবে ন্যায়াধিকৰণ 

(১) সমুচিত বিধান মণ্ডলে বিধিৰ দ্বাৰা এনে বিবাদ, গোচৰ বা অপৰাধৰ ন্যায়াধিকৰণৰ দ্বাৰা ন্যায়নিৰ্ণয় বা বিচাৰৰ বাবে উপবন্ধ কৰিব পাৰে যিবিলাকনেকি খণ্ড (২) ত বিনিৰ্দ্দিষ্ট সকলো বা যিকোনোটো বিষয়ৰ লগত সম্বন্ধিত হয় আৰু যিবিলাকৰ সম্বন্ধত তেনে বিধান মণ্ডলৰ বিধি প্রণয়নৰ ক্ষমতা থাকে।

(২) নিম্নলিখিত সমূহেই খণ্ড (১) ত নির্দেশিত বিষয়, অর্থাৎ:

(ক) কোনো কৰ উদ্‌গ্রহণ, নিৰ্দ্ধাৰণ, সংগ্ৰহণ আৰু প্ৰবৰ্ত্তন;

(খ) বিদেশী মুদ্রা, শুল্ক সীমান্তৰ ইপাৰে-সিপাৰে আমদানি আৰু ৰপ্তানি;

(গ) ঔদ্যোগিক আৰু শ্রম বিবাদ;

(ঘ) ৰাজ্যৰ দ্বাৰা অনুচ্ছেদ ৩১ক ত পৰিভাষিত কোনো সম্পদা বা তাত থকা কোনো অধিকাৰ অৰ্জনৰ দ্বাৰা বা তেনে অধিকাৰ বিলোপন বা সাল-সলনিৰ দ্বাৰা অথবা কৃষি-ভূমিৰ ওপৰত অধিকতম সীমা নিৰ্দ্ধাৰণৰ দ্বাৰা বা আন কোনো প্ৰকাৰে ভূমি সংস্কাৰ;

(ঙ) নগৰীয়া সম্পত্তিৰ অধিকতম সীমা;

(চ) সংসদৰ যিকোনোটো সদনলৈ অথবা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা যিকোনোটো সদনলৈ নিৰ্ব্বাচন, কিন্তু অনুচ্ছেদ ৩২৯ আৰু অনুচ্ছেদ ৩২৯ ক-ত নির্দেশিত বিষয়সমূহ বাদ দি;

(ছ) খাদ্য সামগ্ৰীৰ (খোৱা তেলৰ গুটি আৰু খোৱা তেলক অন্তৰ্ভুক্ত কৰি) আৰু ৰাষ্ট্ৰপতিয়ে এই অনুচ্ছেদৰ প্ৰয়োজনৰ বাবে চৰকাৰী অধিসূচনাৰ দ্বাৰা অত্যাৱশ্যকীয় সামগ্ৰী বুলি ঘোষণা কৰা তেনে আন সামগ্ৰী সমূহৰ উৎপাদন আহৰণ আৰু যোগান আৰু তেনে সামগ্ৰীসমূহৰ মূল্য নিয়ন্ত্রণ; [(জ)] ভাৰা, ইয়াৰ বিনিয়মন আৰু নিয়ন্ত্ৰণ আৰু ভাৰাতীয়াস্বত্ব সম্বন্ধীয় বিবাদ্যক গৃহস্বামী আৰু ভাৰাতীয়াসকলৰ অধিকাৰ, স্বত্ব আৰু হিত অন্তৰ্ভুক্ত কৰি;

[ঝ] উপখণ্ড (ক) ৰ পৰা [(জ)] লৈ বিনিৰ্দ্দিষ্ট বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধত বিধিৰ বিৰুদ্ধে অপৰাধ সমূহ আৰু সেই বিষয় সমূহৰ যিকোনোটোৰ সম্বন্ধিত মাচুল;

[ঞ] উপখণ্ড (ক) ৰ পৰা [( ঝ)] লৈ বিনিৰ্দ্দিষ্ট বিষয় সমূহৰ যিকোনোটোৰ আনুষঙ্গিক কোনো বিষয়।

(৩) খণ্ড (১) ৰ অধীনত প্রণীত বিধিয়ে –

(ক) ন্যায়াধিকৰণ সমূহৰ পদানুক্ৰম স্থাপন কৰিবলৈ উপবন্ধ কৰিব পাৰে;

(খ) উক্ত ন্যায়াধিকৰণ সমূহৰ প্ৰত্যেকৰ দ্বাৰা প্ৰয়োগ কৰিবলগীয়া ক্ষেত্ৰাধিকাৰ, ক্ষমতা (অৱমাননাৰ বাবে দণ্ড দিয়াৰ ক্ষমতা অন্তর্ভুক্ত কৰি) আৰু প্ৰাধিকাৰ বিনিৰ্দ্দিষ্ট কৰিব পাৰে;

(গ) উক্ত.ন্যায়াধিকৰণ সমূহে অনুসৰণ কৰিব লগীয়া প্ৰক্ৰিয়াৰ (পৰিসীমা আৰু সাক্ষ্যৰ নিয়মৰ উপবন্ধ অন্তর্ভুক্ত কৰি ) উপবন্ধ কৰিব পাৰে;

( ঘ ) উক্ত ন্যায়াধিকৰণ সমূহৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত অহা সকলো বা যিকোনোটো বিষয়ৰ সম্বন্ধত অনুচ্ছেদ ১৩৬ ৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ বাহিৰে আন সকলো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ বহির্ভূত কৰিব পাৰে;

(ঙ) এনে প্রত্যেক ন্যায়াধিকৰণলৈ এনে মোকদ্দমা হস্তান্তৰণ কৰাৰ বাবে উপবন্ধ কৰিব পাৰে – যিবিলাকনেকি এনে ন্যায়াধিকৰণ স্থাপন কৰাৰ অব্যৱহিত পূৰ্ব্বে কোনো ন্যায়ালয় বা অন্য প্ৰাধিকাৰীৰ ওচৰত বিচাৰাধীন হৈ থাকে আৰু যিবিলাক বাদ হেতুকৰ ওপৰত এনে বাদ বা কাৰ্য্যবাহী আধাৰিত সেইবোৰ এনে ন্যায়াধিকৰণ স্থাপনৰ পিচত উদ্ভৱ হোৱা হলে তেনে · ন্যায়াধিকৰণৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত হ’লহেতেন;

(চ) এনে অনুপূৰক, আনুযাঙ্গিক আৰু পাৰিণামিক উপবন্ধ (মাচুল সম্বন্ধীয় উপবন্ধও অন্তর্ভুক্ত কৰি) অন্তর্বিষ্ট কৰিব পাৰে যিবিলাকনেকি এনে ন্যায়াধিকৰণে প্ৰভাৱশীল ভাবে কৃত্য নিবহন কৰিবৰ বাবে, মোকদ্দমাৰ দ্ৰুত বিনিশ্চয় কৰিবৰ বাবে আৰু ন্যায়াধিকৰণৰ আদেশ সমূহ বলবৎ কৰিবৰ বাবে সমুচিত বিধান মণ্ডলে আৱশ্যক বুলি গণ্য কৰে।

(৪) এই সংবিধানৰ আন কোনো উপবন্ধত অথবা তৎকালীন বলবৎ থকা আন কোনো বিধিত যিকোনো কথা থকা সত্ত্বেও এই অনুচ্ছেদৰ উপবন্ধসমূহ প্রভাবী হব।

(স্পষ্টীকৰণ – এই অনুচ্ছেদত যিকোনো বিষয়ৰ সম্বন্ধত “সমুচিত বিধান মণ্ডল” পদে ভাগ একাদশৰ উপবন্ধ সমূহৰ অনুসৰি তেনে বিষয় সমূহৰ সম্বন্ধত বিধি প্রণয়ন কৰিবলৈ সক্ষম হোৱা সংসদক বা কোনো ৰাজ্যিক বিধান মণ্ডলক বুজাব।)

আৰু পঢ়ক – সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ

0 0 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Health Stay
2 months ago

I am truly thankful to the owner of this web site who has shared this fantastic piece of writing at at this place.

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

2
0
Would love your thoughts, please comment.x
()
x