তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

চতুৰ্দ্দশ ভাগ : সংঘ আৰু ৰাজ্য সমূহৰ অধীনস্থ সেৱাসমূহ

প্রথম অধ্যায় -সেৱা সমূহ  

(৩০৮) নিৰ্বচন- 

প্রসংগক্রমে অন্যথা অপেক্ষিত নহ’লে, এই ভাগত থকা ৰাজ্য পদে [জম্মু আৰু কাশ্মীৰ ৰাজ্যক অন্তৰ্গত নকৰে।]

(৩০৯) সংঘৰ বা কোনো ৰাজ্যৰ সেৱা কৰা ব্যক্তিসকলৰ ভৰ্তি আৰু সেৱাৰ চৰ্তসমূহ- 

এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে সমুচিত বিধান মণ্ডলৰ অধিনিয়মে সংঘ বা কোনো ৰাজ্যৰ কাম -কাজৰ লগত সম্পৰ্ক থকা লোক-সেৱা আৰু পদ সমূহত নিযুক্ত ব্যক্তি সমূহৰ ভৰ্ত্তি আৰু সেৱাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰিব পাৰিবঃ

পৰন্তু, এই অনুচ্ছেদৰ অধীনত সমুচিত বিধান মণ্ডলৰ কোনো অধিনিয়মৰ দ্বাৰা বা অধীনত সেই সম্পর্কত উপবন্ধ নকৰালৈকে, সংঘৰ কাম-কাজৰ লগত জড়িত থকা সেৱা আৰু পদৰ বিষয়ত ৰাষ্ট্ৰপতিয়ে বা তেওঁৰ দ্বাৰা নির্দেশিত কোনো ব্যক্তিয়ে আৰু সেইদৰে ৰাজ্যৰ কাম-কাজৰ লগত জড়িত থকা সেৱা আৰু পদৰ বিষয়ত ৰাজ্যপালে বা তেওঁৰ দ্বাৰা নির্দেশিত কোনো ব্যক্তিয়ে নিযুক্ত হোৱা ব্যক্তিসকলৰ ভৰ্ত্তি আৰু সেৱাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰি নিয়মাৱলী প্ৰণয়ন কৰিবৰ কাৰণে সক্ষম হব আৰু এনেভাৱে কৰা কোনো নিয়মাৱলী তেনে অধিনিয়মৰ উপবন্ধ সমূহৰ সাপেক্ষে প্রভাৱী হ’ব।

(৩১০) সংঘৰ বা কোনো ৰাজ্যৰ সেৱা কৰা ব্যক্তিসকলৰ কাৰ্যকাল- 

(১) এই সংবিধানৰ দ্বাৰা স্পষ্টভাৱে উপবন্ধিত অৱস্থাৰ ব্যতিৰেকে, সংঘৰ কোনো প্ৰতিৰক্ষা সেৱা বা কোনো অসামৰিক সেৱা বা কোনো সৰ্ব্ব ভাৰতীয় সেৱাৰ সদস্যভুক্ত অথবা সংঘৰ অধীনত প্ৰতিৰক্ষা সম্পৰ্কীয় কোনো পদ বা কোনো অসামৰিক পদ ধাৰণ কৰা প্ৰতিজন ব্যক্তি ৰাষ্ট্ৰপতিৰ প্রসাদ পৰ্য্যন্ত পদত থাকিব আৰু কোনো ৰাজ্যৰ অসামৰিক সেৱাৰ সদস্যভুক্ত অথবা কোনো ৰাজ্যৰ অধীনত কোনো অসামৰিক পদ ধাৰণ কৰা প্ৰতিজন ব্যক্তি সেই ৰাজ্যৰ ৰাজ্যপালৰ [প্রসাদ পৰ্য্যন্ত পদত থাকিব।]

(২) ৰাষ্ট্ৰপতি বা যথাস্থিতি মতে, ৰাজ্যপালৰ প্রসাদ পর্য্যন্ত কোনো ব্যক্তি সংঘ বা কোনো ৰাজ্যৰ অসামৰিক পদত থকাৰ উপবন্ধ থকা সত্ত্বেও, যি সংবিদাৰ অধীনত সংঘ বা কোনো ৰাজ্যৰ প্ৰতিৰক্ষা সেৱা সৰ্ব্ব ভাৰতীয় সেৱা বা অসামৰিক সেৱাৰ সদস্যভুক্ত নোহোৱা কোনো ব্যক্তিক এই সংবিধান অনুসৰি এনে এটা পদ ধাৰণ কৰিবলৈ নিযুক্তি দিয়া হয় সেই সংবিদাত যদি ৰাষ্ট্ৰপতিয়ে বা যথাস্থিতি মতে ৰাজ্যপালে বিশেষ অর্হতা সম্পন্ন ব্যক্তিৰ পৰা সেৱা পাবৰ কাৰণে আৱশ্যকীয় বুলি গণ্য কৰে তেনেহ’লে, চুক্তিবদ্ধ সময়ৰ অন্ত পৰাৰ আগতেই সেই পদ উঠাই দিলে বা তেওঁৰ নিজৰ একো কদাচাৰ জড়িত নথকা কোনো কাৰণত সেই পদ এৰি দিব লগা হ’লে তেনে ব্যক্তিক ক্ষতিপূৰ্ণ দিয়াৰ উপবন্ধ কৰিব পাৰে৷

(৩১১) সংঘ বা কোনো ৰাজ্যৰ অধীনত অসামৰিক সামৰ্থ্যৰে নিযুক্ত হোৱা ব্যক্তিৰ পদচ্যুতি, পদৰ পৰা অপসাৰণ বা পদমৰ্যাদা হ্ৰাসকৰণ- 

(১) সংঘৰ কোনো অসামৰিক সেৱা বা কোনো সৰ্ব্ব ভাৰতীয় সেৱা বা কোনো ৰাজ্যৰ কোনো অসামৰিক সেৱাৰ সদস্যভুক্ত বা সংঘ নাইবা কোনো ৰাজ্যৰ অধীনত কোনো অসামৰিক পদ ধাৰণ কৰা কোনো ব্যক্তিক তেওঁক নিযুক্ত কৰা প্ৰাধিকাৰীতকৈ কোনো অধীনস্থ প্ৰাধিকাৰীয়ে পদচ্যুত বা পদৰ পৰা অপসাৰিত কৰিব নোৱাৰে।

(২) উপৰোক্ত এনে কোনো ব্যক্তিক তেওঁৰ বিৰুদ্ধে দোষাৰোপ সমূহ অৱগত কৰি আৰু সেই দোষাৰোপ সমূহৰ সম্পৰ্কত তেওঁক শুনানীৰ যুক্তিযুক্ত সুযোগ দি এটা তদন্ত নকৰাকৈ পদচ্যুত বা পদৰ পৰা অপসাৰিত বা তেওঁৰ পদমর্যাদা হ্ৰাস কৰিব নোৱাৰিব।

 পৰন্তু, যেতিয়ানেকি এনে তদন্তৰ পিছত তেওঁৰ ওপৰত এনে কোনো শাস্তি বিহিবলৈ প্ৰস্তাৱ কৰা হয়, তেনে শাস্তি তদন্তৰ তেনে সময়ত দিয়া সাক্ষ্যৰ আধাৰতহে দিব পাৰিব আৰু প্ৰস্তাৱিত শাস্তিৰ ওপৰত অভিবেদন দিবলৈ তেনে ব্যক্তিক যুক্তিযুক্ত সুযোগ দিয়াৰ কোনো আৱশ্যকতা নহবঃ.

অধিকন্তু, এই খণ্ডটো এনে ক্ষেত্ৰত প্রযোজ্য নহ’ব –

(ক) যেতিয়ানেকি কোনো ব্যক্তি এনে আচৰণৰ আধাৰত পদচ্যুত বা পদৰ পৰা অপসাৰিত বা পদ মৰ্যাদাত হ্রাস হয় যি আচৰণৰ বাবে তেওঁ অপৰাধীক দোষাৰোপত দোষী সাব্যস্ত হয়, বা

(খ) যেতিয়ানেকি কোনো ব্যক্তিক পদচ্যুত বা পদৰ পৰা অপসাৰিত বা পদমর্যাদাত হ্রাস কৰিব পৰা ক্ষমতা থকা প্ৰধিকাৰীয়ে এইটো সমাধান কৰে যে কোনো কাৰণত, যি কাৰণ সেই প্ৰাধিকাৰীৰ দ্বাৰা লিপিবদ্ধ কৰিব লাগিব, এনে তদন্ত কৰাটো যুক্তিযুক্ত ভাবে সাধ্য নহয়, অথবা

(গ) যেতিয়ানেকি যথাস্থিতি, ৰাষ্ট্ৰপতিয়ে বা ৰাজ্যপালে এইটো সমাধান কৰে যে ৰাজ্যৰ সুৰক্ষাৰ স্বাৰ্থত এনে তদন্ত কৰাটো সমীচীন নহয়।  

(৩) যদি উপৰোক্ত এনে কোনো ব্যক্তিৰ সম্বন্ধত এইটো প্ৰশ্নৰ উদ্ভৱ হয় যে খণ্ড (২) ত নির্দেশিত এনেকুৱা কোনো তদন্ত কৰাটো যুক্তিযুক্ত ভাবে সাধ্য হয়নে নহয়, তেতিয়া তেনে ব্যক্তিক পদচ্যুত বা পদৰ পৰা অপসাৰিত কৰিবলৈ বা তেওঁৰ পদমৰ্য্যদা হ্ৰাস কৰিবলৈ ক্ষমতা থকা প্ৰাধিকাৰীয়ে তাৰ ওপৰত যি বিনিশ্চয় কৰিব সেয়ে চূড়ান্ত হ’ব।  

(৩১২) সৰ্বভাৰতীয় সেৱাসমূহ-

(১) ষষ্ঠ ভাগৰ ষষ্ঠ অধ্যায়ত বা একাদশ ভাগত] যিকোনো কথা থকা সত্ত্বেও, যদি ৰাজ্য সভাই উপস্থিত থকা আৰু ভোট দান কৰা সদস্য সকলৰ নুন্যতম দুই- তৃতীয়াংশৰ দ্বাৰা সমৰ্থিত সংকল্পৰ দ্বাৰা ঘোষণা কৰে যে, তেনে কৰাটো ৰাষ্ট্ৰীয় স্বাৰ্থৰ ফালৰ পৰা আৱশ্যকীয় আৰু বাঞ্ছনীয়, তেতিয়াহলে সংসদে বিধিৰ দ্বাৰা সংঘ আৰু ৰাজ্য সমূহৰ কাৰণে উমৈহতীয়া এটা বা ততোধিক সৰ্ব্ব ভাৰতীয় সেৱা [সৰ্ব্ব ভাৰতীয় ন্যায়িক সেৱাক অন্তৰ্ভুক্ত কৰি] সৃষ্টি কৰিবলৈ উপবন্ধ কৰিব পাৰে আৰু এই অধ্যায়ৰ অন্যান্য উপবন্ধ সমূহৰ সাপেক্ষে এনে কোনো সেৱাত নিযুক্ত কৰা ব্যক্তিৰ ভৰ্ত্তি আৰু সেৱাৰ চৰ্ত্ত সমূহ বিনিয়মন কৰিব পাৰে।

(২) এই সংবিধানৰ প্ৰাৰম্ভণিৰ সময়ত ভাৰতীয় প্রশাসনিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱা নামেৰে জ্ঞাত সেৱাকো এই অনুচ্ছেদৰ অধীনত সংসদে সৃষ্টি কৰা সেৱা বুলি গণ্য কৰা হব।

(৩) খণ্ড (১)ত নিৰ্দ্দেশিত সৰ্ব্ব ভাৰতীয় ন্যায়িক সেৱাই অনুচ্ছেদ ২৩৬ ত পৰিভাষিত কৰা জিলা ন্যায়াধীশ পদতকৈ নিম্নস্তৰৰ কোনো পদ অন্তভুক্ত নকৰিব।

(৪) উপৰোক্ত সৰ্ব্ব ভাৰতীয় ন্যায়িক সেৱা গঠনৰ বাবে উপবন্ধ কৰা বিধিত সেই বিধিৰ উপবন্ধ সমূহ প্ৰভাৱী কৰিবৰ আৱশ্যক হোৱা অনুযায়ী ষষ্ঠ ভাগৰ ষষ্ঠ অধ্যায় সংশোধন কৰিবৰ বাবে উপবন্ধ থাকিব পাৰে আৰু অনুচ্ছেদ ৩৬৮ ৰ প্ৰয়োজনৰ বাবে তেনে কোনো বিধিক এই সংবিধানৰ সংশোধন বুলি গণ্য কৰা নহব।   

(৩১২)(ক) কোনো কোনো সেৱাৰ পদাধিকাৰীসকলৰ সেৱাৰ চৰ্তসমূহ পৰিৱৰ্তন বা প্ৰতিসংহৰণ কৰিবলৈ সংসদৰ ক্ষমতা-

(১) সংসদে বিধিৰ দ্বাৰা—

(ক) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে চেক্ৰেটাৰী অফ্‌ ষ্টেট বা চেক্ৰেটাৰী অফ্‌ ষ্টেট ইন কাউন্সিলৰ দ্বাৰা ভাৰতত সম্ৰাটৰ কোনো অসামৰিক সেৱাত নিয়োজিত হৈ সংবিধান (অষ্টবিংশ সংশোধন) অধিনিয়ম, ১৯৭২ ৰ প্ৰাৰম্ভণিত বা তাঁৰ পিচত ভাৰত চৰকাৰ বা কোনো ৰাজ্য চৰকাৰৰ অধীনৰ কোনো সেৱাত বা পদত সেৱা কৰি থকা ব্যক্তি সকলৰ পাৰিশ্রমিক, ছুটী আৰু অৱসৰ বেতনৰ সম্বন্ধত সেৱাৰ চৰ্ত্ত সমূহ আৰু অনুশাসনমূলক বিষয় সমূহৰ সম্বন্ধত অধিকাৰসমূহ ভূতলক্ষী বা ভৱিষ্যলক্ষী প্রভাৱেৰে পৰিৱৰ্ত্তন বা প্ৰতিসংহৰণ কৰিব পাৰে;

(খ) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে চেক্ৰেটাৰী অফ্‌ ষ্টেট বা চেক্ৰেটাৰী অফ্‌ ষ্টেট ইন কাউন্সিলৰ দ্বাৰা ভাৰতত সম্রাটৰ কোনো অসামৰিক সেৱাত নিয়োজিত হৈ সংবিধান (অষ্টবিংশ সংশোধন) অধিনিয়ম, ১৯৭২ ৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে যিকোনো সময়ত অৱসৰ প্ৰাপ্ত অথবা অন্যথাই চাকৰিত নথকা ব্যক্তি সকলৰ অৱসৰ বেতনৰ সম্বন্ধত সেৱা চৰ্তসমূহ ভূতলক্ষী বা ভৱিষ্যলক্ষী প্ৰভাৱেৰে পৰিৱৰ্ত্তন বা প্ৰতিসংহৰণ কৰিব পাৰেঃ

পৰন্তু, উচ্চতম ন্যায়ালয়ৰ বা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা আন ন্যায়াধীশ, ভাৰতৰ নিয়ন্ত্রক মহালেখা পৰীক্ষক, সংঘ বা কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ সভাপতি বা আন সদস্য বা মুখ্য নিৰ্বাচন আয়ুক্ত পদ ধাৰণ কৰি থকা বা ধাৰণ কৰি অহা এনে ব্যক্তি সকলৰ ক্ষেত্ৰত তেনে ব্যক্তি চেক্রেটাৰী অফ্ ষ্টেট বা চেক্রেটাৰী অফ্‌ ষ্টেট ইন কাউন্সিলৰ দ্বাৰা ভাৰতত সম্ৰাটৰ অসামৰিক সেৱাত নিযুক্ত হোৱা কাৰণ বশতঃ তেওঁৰ প্ৰতি প্রযোজ্য হোৱা চৰ্ত্ত সমূহৰ ব্যতিৰেকে, তেওঁৰ সেৱা-চৰ্ত্ত সমূহ এনে পদত তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ প্ৰতিকূলে পৰিৱৰ্ত্তন বা প্ৰতিসংহৰণ কৰিবলৈ সংসদক ক্ষমতা দিয়া বুলি উপখণ্ড (ক) বা উপখণ্ড (খ)ৰ কোনো কথাৰ অৰ্থ কৰা নহব।

(২) সংসদৰ দ্বাৰা এই অনুচ্ছেদৰ অধীনত প্রণীত বিধিৰ দ্বাৰা কৰা উপবন্ধৰ বিস্তৃতি ব্যতিৰেকে, এই অনুচ্ছেদৰ কোনো কথাই, খণ্ড (১) ত উল্লিখিত ব্যক্তি সকলৰ সেৱাৰ চৰ্ত্ত সমূহ নিয়ন্ত্ৰণ কৰিবলৈ এই সংবিধানৰ আন যিকোনো উপবন্ধৰ অধীনত থকা কোনো বিধান মণ্ডলৰ বা আন প্ৰাধিকাৰীৰ ক্ষমতাত প্ৰভাৱ নেপেলাব।

(৩) (ক) খণ্ড (১) ত উল্লিখিত যিকোনো ব্যক্তিৰ দ্বাৰা কৰা হোৱা বা সম্পাদিত কোনো প্রসংবিদা, কৰাৰ বা এনে ধৰণৰ আন কোনো লিখনৰ কোনো উপবন্ধৰ পৰা বা তাৰ ওপৰত কৰা কোনো পৃষ্ঠাংকনৰ পৰা উদ্ভুত কোনো বিবাদৰ ওপৰত, অথবা এনে কোনো ব্যক্তিৰ ভাৰতত সম্ৰাটৰ অসামৰিক সেৱাত নিযুক্তিৰ সম্পৰ্কত বা তেওঁ ভাৰত ডমিনিয়ন বা তাৰ কোনো প্ৰদেশৰ চৰকাৰৰ অধীনত সেৱা কৰি থকাৰ সম্পৰ্কত তেনে ব্যক্তিৰ প্ৰতি দিয়া কোনো চিঠিৰ পৰা উদ্ভুত কোনো বিবাদৰ ওপৰত;

(খ) মূলতঃ যথা অধিনিয়মিত অনুচ্ছেদ ৩১৪ ৰ অধীনত কোনো অধিকাৰ, দায়িত্ব বা বাধ্য বাধকতাৰ সম্বন্ধত হোৱা কোনো বিবাদৰ ওপৰত —উচ্চতম ন্যায়ালয়ৰ নাইবা আন যিকোনো ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ নাথাকিব।

(৪) মূলতঃ যথা অধিনিয়মিত অনুচ্ছেদ ৩১৪ ত অথবা এই সংবিধানৰ আন যিকোনো উপবন্ধত যিকোনো কথা থকা সত্ত্বেও এই অনুচ্ছেদৰ উপবন্ধ সমূহ প্রভাৱী হব।

(৩১৩) অন্তৱৰ্ত্তী উপবন্ধসমূহ- 

এই সংবিধানৰ অধীনত এই মর্মে আন উপবন্ধ নকৰালৈকে, বৰ্তমান সংবিধানৰ প্ৰাৰম্ভণিৰ অৱ্যৱহিত পূর্বে বলবৎ থকা আৰু এই সংবিধানৰ প্ৰাৰম্ভণিৰ পিচতো সৰ্ব ভাৰতীয় সেৱা হিচাপে বা সংঘ অথবা কোনো ৰাজ্যৰ অধীনস্থ সেৱা বা পদ হিচাপে থকা কোনো লোকসেৱা বা কোনো পদত প্রযোজ্য হ’ব পৰা সকলো বিধি এই সংবিধানৰ উপবন্ধ সমূহৰ লগত সংগতি বিহীন নোহোৱা পৰ্য্যন্ত বলবৎ হৈয়ে থাকিব।

৩১৪। [কোনো কোনো সেৱাৰ বৰ্ত্তমান পদাধিকাৰী সকলৰ ৰক্ষণাবেক্ষণৰ বাবে উপবন্ধ।] সংবিধান (অষ্টবিংশ সংশোধন) অধিনিয়ম , ১৯৭২ ৰ ধাৰা ৩ৰ দ্বাৰা নিৰসিত (২৯-৮-৭২ তাংৰ পৰা)।

দ্বিতীয় অধ্যায় – লোক সেৱা আয়োগ

(৩১৫) সংঘ আৰু ৰাজ্যসমূহৰ কাৰণে লোক সেৱা আয়োগসমূহ- 

(১) এই অনুচ্ছেদৰ উপবন্ধ সমূহৰ সাপেক্ষে, সংঘৰ কাৰণে এখন লোক সেৱা আয়োগ আৰু প্ৰত্যেক ৰাজ্যৰ কাৰণে একোখন লোক-সেৱা আয়োগ হ’ব।

(২) দুখন বা ততোধিক ৰাজ্যই এইটো মানি ল’ব পাৰে যে, সেই ৰাজ্য কেইখনৰ সমষ্টিটোৰ কাৰণে এখন লোক-সেৱা আয়োগ হ’ব আৰু যদি সেই ৰাজ্যবোৰৰ প্রত্যেকখনৰে বিধান মণ্ডলৰ সদনে বা য’ত দুখন সদন থাকে তাত প্রত্যেকটো সদনে সেই মর্মে সংকল্প পাৰিত কৰে, তেনেহলে সংসদে সেই ৰাজ্য বোৰৰ আৱশ্যকতা পূৰণৰ কাৰণে এখন সংযুক্ত ৰাজ্য লোক সেৱা আয়োগ (এই অধ্যায়ত সংযুক্ত আয়োগ বুলি উল্লেখ কৰা হৈছে) নিযুক্ত কৰিবলৈ বিধিৰ দ্বাৰা উপবন্ধ কৰিব পাৰে।

(৩) উপৰোক্ত ধৰণৰ যিকোনো বিধিত সেই বিধিৰ উদ্দেশ্য সমূহ কাৰ্য্যকৰী কৰিবলৈ আৱশ্যকীয় বা বাঞ্ছনীয় হোৱা অনুসৰি প্ৰাসংগিক আৰু আনুষংগিক যিকোনো উপবন্ধ অর্ন্তবিষ্ট হব পাৰে।

(৪) কোনো ৰাজ্যৰ ৰাজ্যপালে যদি অনুৰোধ কৰে, তেনেহলে সংঘৰ লোক সেৱা আয়োগে , ৰাষ্ট্ৰপতিৰ অনুমোদন ক্ৰমে, সেই ৰাজ্যৰ সকলো বা যিকোনো আৱশ্যকতা পুৰণ কৰিবলৈ সন্মত হব পাৰে৷

(৫) প্রসংগক্রমে অন্যথা অপেক্ষিত নহ’লে, এই সংবিধানত সংঘৰ লোক সেৱা আয়োগ বা কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ প্ৰতি থকা নির্দেশে এনে আয়োগৰ প্ৰতি থকা নির্দেশ বুলি অর্থ কৰিব যি আয়োগে প্রশ্ন উদয় হোৱা কোনো বিশেষ বিষয়ৰ সম্বন্ধত, সংঘৰ বা যথাস্থিতি ৰাজ্যৰ আৱশ্যকতা সমূহ পূৰণ কৰে।

(৩১৬) সদস্যসকলৰ নিযুক্তি আৰু পদাৱধি- 

(১) সংঘ-আয়োগ বা কোনো সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিৰ দ্বাৰা আৰু ৰাজ্য আয়োগৰ বেলিকা সেই ৰাজ্যৰ ৰাজ্যপালৰ দ্বাৰা লোক সেৱা আয়োগৰ অধ্যক্ষ আৰু অন্যান্য সদস্যসকল নিযুক্ত হ’ব।

পৰন্তু, প্রত্যেক লোক সেৱা আয়োগতে যথা সম্ভৱ নিকটতম অৰ্দ্ধেক সদস্য এনে ব্যক্তি হব লাগিব যি সকলে নিজ নিজ নিযুক্তিৰ তাৰিখত কম পক্ষেও দহ বছৰ কাল ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত পদ গ্ৰহণ কৰি আহিছে আৰু সেই দহ বছৰ কাল সংগণনা কৰোতে এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে যি কালছোৱাত কোনো ব্যক্তিয়ে সম্ৰাটৰ অধীনত ভাৰতত বা কোনো ভাৰতীয় ৰাজ্যৰ চৰকাৰৰ অধীনত পদ ধাৰণ কৰি আহিছে সেই কালছোৱাও ইয়াৰ অন্তর্ভুক্ত হ’ব। 

(১)(ক) যদি আয়োগৰ অধ্যক্ষৰ পদ ৰিক্ত হয় বা যদি এনে কোনো অধ্যক্ষই অনুপস্থিতিৰ কাৰণে বা আন যিকোনো কাৰণে তেওঁৰ পদ-কৰ্ত্তব্য পালন কৰিবলৈ অসমর্থ হয়, তেনেহলে যেতিয়ালৈকে সেই ৰিক্ত পদত খণ্ড (১) ৰ অধীনত নিযুক্ত কোনো ব্যক্তিয়ে কৰ্ত্তব্য ভাৰ গ্ৰহণ নকৰে অথবা যথাস্থিতি মতে যেতিয়ালৈকে অধ্যক্ষই তেওঁৰ কৰ্তব্য পুনৰ গ্ৰহণ নকৰে তেতিয়ালৈকে সেই কৰ্ত্তব্য সমূহ আয়োগৰ আন সদস্য সকলৰ ভিতৰত এনেকুৱা এজন সদস্যই পালন কৰিব যাক নেকি সংঘ আয়োগ বা সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্য-আয়োগৰ বেলিকা ৰাজ্যৰ ৰাজ্যপালে সেই প্রয়োজনৰ বাবে নিযুক্ত কৰে। 

(২) লোক সেৱা আয়োগৰ কোনো সদস্যই তেওঁৰ নিজৰ পদ গ্ৰহণ কৰা তাৰিখৰ পৰা ছবছৰলৈ অথবা সংঘ আয়োগৰ বেলিকা তেওঁৰ বয়স পয়ষষ্ঠি বছৰ নোহোৱালৈকে, আৰু কোনো ৰাজ্য আয়োগ বা কোনো সংযুক্ত আয়োগৰ বেলিকা তেওঁৰ বয়স [বাষষ্ঠি বছৰ] নোহোৱালৈকে, ইয়াৰ যিটোৱেই সোনকালে হয় তেতিয়ালৈকে তেওঁৰ পদ ধাৰণ কৰিবঃ পৰন্তু—

(ক) কোনো লোক সেৱা আয়োগৰ সদস্যই সংঘ আয়োগ বা সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিলৈ আৰু কোনো ৰাজ্য আয়োগৰ বেলিকা সেই ৰাজ্যৰ ৰাজ্যপাললৈ  সম্বোধিত স্বহস্ত লিখনৰ দ্বাৰা তেওঁৰ পদ ত্যাগ কৰিব পাৰে।  

(খ) কোনো লোক সেৱা আয়োগৰ কোনো সদস্যক অনুচ্ছেদ ৩১৭ৰ খণ্ড (১) ত বা খণ্ড (৩) ত উপবন্ধিত ৰীতি অনুসৰি তেওঁৰ পদৰ পৰা অপসাৰিত কৰিৰ পাৰে।

(৩) কোনো লোক সেৱা আয়োগৰ সদস্য পদ ধাৰণ কৰি থকা কোনো ব্যক্তি, তেওঁৰ পদাৱধি অন্ত পৰিলে সেই পদত পুনঃ নিযুক্তিৰ কাৰণে অপাত্র হব।

(৩১৭) কোনো লোক সেৱা আয়োগৰ কোনো সদস্যৰ অপসাৰণ আৰু নিলম্বন- 

(১) খণ্ড (৩) ৰ উপবন্ধ সমূহৰ সাপেক্ষে কোনো লোক সেৱা আয়োগৰ অধ্যক্ষক বা আন কোনো সদস্যক , কদাচাৰৰ কাৰণত, ৰাষ্ট্ৰপতিয়ে সেই বিষয়ে উচ্চতম ন্যায়ালয়লৈ নিৰ্দেশিত কৰাৰ পিচত অনুচ্ছেদ ১৪৫ত বিহিত প্রক্রিয়া মতে চলোৱা তদন্তৰ অন্তত উচ্চতম ন্যায়লয়ে যথাস্থিতি মতে, সেই অধ্যক্ষক বা তেনে আন কোনো সদস্যক তেনে কোনো কাৰণত অপসাৰণ কৰা উচিত বুলি প্রতিবেদন দিয়াৰ পিছত কেৱল ৰাষ্ট্ৰপতিৰ আদেশৰ দ্বাৰা তেওঁৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব৷

(২) আয়োগৰ অধ্যক্ষক বা এনে কোনো সদস্যক যাৰ সম্বন্ধত খণ্ড (১)ৰ অধীনত উচ্চতম ন্যায়ালয়লৈ নিৰ্দেশিত কৰা হয়, তেনে নিৰ্দেশৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ পৰা প্ৰতিবেদন পাই ৰাষ্ট্ৰপতিয়ে আদেশ নিদিয়ালৈকে সংঘ আয়োগ বা কোনো সংযুক্ত আয়োগৰ বেলিকা ৰাষ্ট্ৰপতিয়ে আৰু কোনো ৰাজ্য-আয়োগৰ বেলিকা ৰাজ্যপালে পদৰ পৰা নিলম্বন কৰিব পাৰে৷  

(৩) খণ্ড (১) ত যিকোনো কথা থকা সত্ত্বেও ৰাষ্ট্ৰপতিয়ে আদেশৰ দ্বাৰা কোনো লোকসেৱা আয়োগৰ অধ্যক্ষক বা কোনো সদস্যক পদৰ পৰা অপসাৰণ কৰিব পাৰিব যদিহে যথাস্থিতি মতে, সেই অধ্যক্ষ বা তেনে সদস্য—

(ক) দেউলীয়া বুলি ন্যায়নির্ণীত হয়; বা

(খ) তেওঁৰ পদাবধিৰ ভিতৰত নিজৰ পদৰ কৰ্ত্তব্যৰ বাহিৰত তেওঁ কোনো বেতন ভোগী নিযুক্তিত থাকে; বা

(গ) ৰাষ্ট্ৰপতিৰ ৰায় মতে মন বা শৰীৰৰ দূৰ্বলতাৰ কাৰণে কাম চলাই থকাৰ অযোগ্য হয়।

(৪) ভাৰত চৰকাৰৰ দ্বাৰা বা ওৰফে অথবা কোনো ৰাজ্যৰ চৰকাৰৰ দ্বাৰা বা ওৰফে কৰা হোৱা কোনো সংবিদা বা কৰাৰত কিবা প্ৰকাৰে সংশ্লিষ্ট বা স্বার্থ জড়িত থাকিলে বা তাৰ পৰা পোৱা লাভৰ বা তাৰ পৰা উদ্ভৱ হোৱা উপকাৰ বা উপলব্ধিৰ বিষয়ত, কোনো নিগমিত কোম্পানীৰ সদস্য হিচাপে আৰু আন সদস্য সকলৰ লগত উমৈহতীয়া ভাবে অংশ গ্ৰহণ কৰাৰ বাহিৰে আন কিবা প্ৰকাৰে লোক সেৱা আয়োগৰ অধ্যক্ষই বা আন কোনো সদস্যই কিবা অংশ গ্ৰহণ কৰিলে খণ্ড (১) ৰ প্রয়োজন সমূহৰ কাৰণে তেওঁ কদাচাৰৰ বাবে দোষী বুলি গণ্য হ’ব।

(৩১৮) আয়োগৰ সদস্যসকলৰ আৰু কৰ্মচাৰীবৃন্দৰ সেৱাৰ চৰ্তসমূহৰ বিষয়ে বিনিয়ম প্ৰণয়নৰ ক্ষমতা- 

সংঘ আয়োগ বা সংযুক্ত আয়োগৰ সম্বন্ধত ৰাষ্ট্ৰপতিয়ে আৰু ৰাজ্য-আয়োগৰ সম্বন্ধত সেই ৰাজ্যৰ ৰাজ্যপালে বিনিয়মৰ দ্বাৰা–

(ক) আয়োগৰ সদস্যৰ সংখ্যা আৰু তেওঁলোকৰ সেৱাৰ চৰ্ত্ত সমূহ নিৰ্দ্ধাৰণ কৰিব পাৰে; আৰু

(খ) আয়োগৰ কৰ্ম্মচাৰী বৃন্দৰ সংখ্যা আৰু তেওঁলোকৰ সেৱাৰ চৰ্ত সমূহৰ সম্বন্ধত উপবন্ধ কৰিব পাৰে।

পৰন্তু, কোনো লোক সেৱা আয়োগৰ কোনো সদস্যৰ সেৱাৰ চৰ্ত্ত সমূহ তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ প্ৰতিকূলে কোনো পৰিৱৰ্তন কৰা নহব।

(৩১৯) আয়োগৰ সদস্যসকলে তেনে সদস্য পদৰ সমাপ্তিত আন কোনো পদ ধাৰণ কৰা নিষেধ- 

পদ ধাৰণৰ সমাপ্তি হ’লে–

(ক) সংঘ লোক সেৱা আয়োগৰ অধ্যক্ষ ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত পুনৰ নিযুক্তিৰ পাত্র হ’ব;

(খ) কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষ, সংঘ লোক সেৱা আয়োগৰ অধ্যক্ষ বা আন কোনো সদস্য হিচাপে নাইবা আন কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাত্ৰ হব, কিন্তু ভাৰত চৰকাৰ বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত আন কোনো নিযুক্তিৰ বাবে পাত্র হব নোৱাৰিব;

(গ) সংঘ লোক সেৱা আয়োগৰ অধ্যক্ষৰ বাহিৰে আন কোনো সদস্য সংঘ লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে বা আন কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাত্ৰ হব, কিন্তু ভাৰত চৰকাৰ নাইবা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত আন কোনো নিযুক্তি পাবৰ কাৰণে পাত্ৰ হব নোৱাৰিব।  

(ঘ) কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষৰ বাহিৰে আন কোনো সদস্য সংঘৰ লোক সেৱা আয়োগৰ অধ্যক্ষ বা আন যিকোনো সদস্যৰূপে অথবা সেই ৰাজ্যৰ বা আন কোনো ৰাজ্যৰ লোক সেৱা আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্ত হোৱাৰ পাত্ৰ হব, কিন্তু ভাৰত চৰকাৰ বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত আন কোনো নিযুক্তিৰ বাবে পাত্ৰ হব নোৱাৰিব।

(৩২০) লোক-সেৱা আয়োগসমূহৰ কৃত্যসমূহ- 

(১) সংঘৰ আৰু ৰাজ্যৰ লোক সেৱা আয়োগ সমুহৰ কৰ্ত্তব্য হব যথাক্রমে সংঘ আৰু ৰাজ্যৰ সেৱা সমূহত নিযুক্তিৰ কাৰণে পৰীক্ষা সমূহ লোৱা।

(২) যদি দুই বা ততোধিক ৰাজ্যই তেনে কৰিবলৈ অনুৰোধ জনায়, তেনেহলে যিবোৰ সেৱাৰ কাৰণে বিশেষ অৰ্হতা সম্পন্ন প্ৰাৰ্থীসকলৰ আৱশ্যক হয় তেনেবোৰ সেৱাৰ কাৰণে যুটীয়া ভৰ্ত্তিৰ বাবে আচঁনি প্রস্তুত কৰা আৰু প্ৰৱৰ্ত্তন কৰাত সেইবোৰ ৰাজ্যক সহায় কৰাটোও সংঘ লোক সেৱা আয়োগৰ কৰ্ত্তব্য হব।

(৩) যথাস্থিতি মতে, সংঘ লোক সেৱা আয়োগ বা ৰাজ্য লোক সেৱা আয়োগৰ লগত  (ক) অসামৰিক সেৱা আৰু অসামৰিক পদৰ কাৰণে ভৰ্ত্তি কৰাৰ প্ৰণালী সম্পৰ্কীয় সকলো বিষয়ত;

(খ) অসামৰিক সেৱা আৰু পদত নিযুক্তি দিওঁতে আৰু এটা সেৱাৰ পৰা আনটোলৈ পদোন্নতি বা স্থানান্তৰ কৰোতে আৰু এনে নিযুক্তি, পদোন্নতি বা স্থানান্তৰৰ বাবে প্ৰাৰ্থী সকলৰ উপযুক্ততা সম্পৰ্কে অনুসৰণ কৰিব লগীয়া নীতি সম্পর্কে;

(গ) ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত অসামৰিক সামর্থ্যৰে সেৱা কৰা কোনো ব্যক্তিৰ ওপৰত প্ৰভাৱ পেলোৱা অনুশাসনমূলক সকলো বিষয়ত আৰু সেই সম্পৰ্কত দিয়া স্মাৰক পত্ৰ আৰু দৰ্খাস্তৰ বিষয়ত;

(ঘ) নিজৰ কৰ্ত্তব্য সম্পাদন কৰোতে কৰা হোৱা বা কৰা বুলি অভিপ্রেত কোনো কাৰ্য্যৰ সম্বন্ধত তেওঁৰ বিৰুদ্ধে অনা বিধিক কাৰ্য্যবাহী সমূহত প্ৰতিৰক্ষা কৰোতে তেওঁ বহন কৰা কোনো খৰচ যথাস্থিতি মতে, ভাৰতৰ সঞ্চিত নিধিৰ পৰা বা সেই ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা শোধ কৰিব লাগে বুলি ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত বা সম্ৰাটৰ অধীনত ভাৰতত বা কোনো ভাৰতীয় ৰাজ্য চৰকাৰৰ অধীনত অসামৰিক সামর্থ্যৰে সেৱা কৰি থকা বা পূৰ্বে সেৱা কৰা কোনো ব্যক্তিৰ দ্বাৰা বা সম্বন্ধত তোলা কোনো দাবীৰ বিষয়;

(ঙ) ভাৰত চৰকাৰৰ অধীনত বা কোনো ৰাজ্যৰ চৰকাৰৰ অধীনত বা সম্ৰাটৰ অধীনত ভাৰতত বা কোনো ভাৰতীয় ৰাজ্যৰ চৰকাৰৰ অধীনত অসামৰিক সামর্থ্যৰে সেৱা কৰি থাকোতে কোনো ব্যক্তিয়ে পোৱা আঘাতৰ সম্বন্ধত অৱসৰ বেতন পাবৰ কাৰণে কৰা কোনো দাবীৰ বিষয়ে আৰু এনে কোনো অৱসৰ বেতনৰ পৰিমাণ বিষয়ক কোনো প্ৰশ্নৰ বিষয়ত, পৰামৰ্শ কৰিব লাগিব আৰু এনেদৰে আয়োগলৈ নির্দেশিত কৰা কোনো বিষয়ত আৰু যথাস্থিতি মতে, ৰাষ্ট্ৰপতিয়ে বা সেই ৰাজ্যৰ ৰাজ্যপালে আয়োগলৈ নিৰ্দেশিত কৰা আন যিকোনো বিষয়ত মন্ত্রণা দিয়াটো লোক সেৱা আয়োগৰ কৰ্ত্তব্য হব- 

পৰন্তু, সর্বভাৰতীয় সেৱাৰ সম্বন্ধত আৰু সংঘৰ কামৰ লগত জড়িত থকা অন্যান্য সেৱা আৰু পদৰ সম্বন্ধত ৰাষ্ট্ৰপতিয়ে আৰু আন কোনো ৰাজ্যৰ কামৰ লগত জড়িত থকা অন্যান্য সেৱা আৰু পদৰ সম্বন্ধত, ৰাজ্যপালে সাধাৰণতে কোনবোৰ বিষয়ত বা কোনবোৰ বিশেষ শ্ৰেণীৰ বিষয়ত নাইবা কোনবোৰ বিশেষ অৱস্থাত কোনো লোক সেৱা আয়োগৰ লগত মন্ত্রণা কৰিবৰ আৱশ্যক নকৰে সেই  বিষয়বোৰ বিনিৰ্দ্দিষ্ট কৰি বিনিয়ম প্রস্তুত কৰিব পাৰে।

(৪) খণ্ড (৩) ৰ কোনো কথাৰ দ্বাৰা এইটো অপেক্ষিত নহয় যে কি ৰীতিত অনুচ্ছেদ ১৬ৰ খণ্ড (৪) ত নিৰ্দ্দেশিত কোনো উপবন্ধ প্রস্তুত কৰিব লাগিলে সেই সম্বন্ধে অথবা কি ৰীতিৰে অনুচ্ছেদ ৩৩৫ ৰ উপবন্ধ সমূহ কাৰ্য্যকৰী কৰিব লাগিব সেই সম্বন্ধে লোক সেৱা আয়োগব লগত পৰামৰ্শ কৰিব লাগিব৷

(৫) খণ্ড (৩) ৰ উপবন্ধৰ অধীনত ৰাষ্ট্ৰপতিয়ে বা কোনো ৰাজ্যৰ ৰাজ্যপালে কৰা সকলো বিনিয়ম, সেইবোৰ কৰাৰ পিচত যথা সম্ভৱ শীঘ্ৰে, সংসদৰ প্ৰত্যেক সদনৰ আগত  বা যথাস্থিতি মতে, সেই ৰাজ্যৰ বিধান মণ্ডলৰ সদনৰ আগত বা প্রত্যেক সদনৰ আগত ন্যূনতম চৈধ্য দিনৰ বাবে ৰাখিব আৰু সেই বিনিয়মসমূহ তেনে ভাবে ৰখা অধিবেশনৰ ভিতৰতে সংসদৰ দুয়োখন সদনে বা সেই ৰাজ্যৰ বিধান মণ্ডলৰ সদনে বা দুয়োখন সদনে নিৰসনৰ বা সংশোধনৰ দ্বাৰা কৰা পৰিবৰ্ত্তন সাপেক্ষ হ’ব।

(৩২১) লোকসেৱা আয়োগৰ কৃত্যসমূহৰ বিস্তাৰ কৰাৰ ক্ষমতা- 

যথাস্থিতি, সংসদৰ দ্বাৰা বা কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো অধিনিয়মে সংঘ বা ৰাজ্যৰ সেৱাৰ সম্বন্ধত আৰু তদুপৰি কোনো স্থানীয় প্ৰাধিকাৰী বা বিধিযোগে গঠিত হোৱা আন নিগম নিকায় বা কোনো সার্বজনিক সংস্থাৰ সম্বন্ধত সংঘ লোকসেৱা আয়োগৰ দ্বাৰা বা ৰাজ্য লোকসেৱা আয়োগৰ দ্বাৰা অতিৰিক্ত কৃত্য নিৰ্বহন কৰিবলৈ উপবন্ধ কৰিব পাৰে।

(৩২২) লোকসেৱা আয়োগসমূহৰ ব্যয়- 

আয়োগৰ সদস্য সকলক বা কৰ্ম্মচাৰী বৃন্দক বা তেওঁলোকৰ সম্বন্ধত শোধ কৰিবলগীয়া কোনো বেতন, ভাত্তা আৰু অৱসৰ বেতনকে ধৰি সংঘ বা কোনো ৰাজ্য-লোক সেৱা আয়োগৰ ব্যয়ৰ ভাৰ যথাস্থিতি মতে, ভাৰতৰ সঞ্চিত নিধি বা সেই ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত আৰোপিত হব।

(৩২৩) লোকসেৱা আয়োগসমূহৰ প্ৰতিবেদনসমূহ- 

(১) সংঘ আয়োগে কৰা কামৰ বিষয়ে ৰাষ্ট্ৰপতিৰ ওচৰত বছৰি একোখন প্রতিবেদন দাখিল কৰাটো সংঘ-আয়োগৰ কৰ্ত্তব্য হ’ব আৰু তেনে প্রতিবেদন পোৱাৰ পিচত ৰাষ্ট্ৰপতিয়ে সংসদৰ প্রত্যেক সদনতে তাৰ একোটা প্রতিলিপি আৰু তাৰ লগতে যদিহে কেতিয়াবা আয়োগৰ মন্ত্ৰণা গ্রহণ কৰা হোৱা নাই তেনেহলে তেনে বিষয়ত কিয় গ্ৰহণ কৰা নহ’ল তাৰ কাৰণ ব্যাখ্যা কৰি একোখন জ্ঞাপন দাখিল কৰাব।  

(২) ৰাজ্য-আয়োগৰ কামৰ বিষয়ে সেই ৰাজ্যৰ ৰাজ্যপালৰ ওচৰত বছৰি একোখন প্রতিবেদন দাখিল কৰাটো কোনো ৰাজ্য-আয়োগৰ কৰ্ত্তব্য হব আৰু যুটীয়া আয়োগে যিবোৰ ৰাজ্যৰ আৱশ্যকতাৰ সেৱা কৰিছে তেনে প্রত্যেকখন ৰাজ্যৰ ৰাজ্য ওচৰত আয়োগে সেই ৰাজ্যৰ সম্পৰ্কত কৰা কামৰ বিষয়ে বার্ষিক প্রতিবেদন একোখন দাখিল কৰাটো যুটীয়া আয়োগৰ কৰ্ত্তব্য হব আৰু এই দুয়োটা ক্ষেত্ৰতে, ৰাজ্যপালে তেনে প্রতিবেদন পোৱাৰ পিচত সেই ৰাজ্যৰ বিধান মণ্ডলত তাৰে প্রতিলিপি একোটা আৰু তাৰ লগতে, যদিহে কেতিয়াবা আয়োগৰ মন্ত্ৰণা গ্ৰহণ কৰা হোৱা নাই, তেনেহলে তেনে বিষয়ত কিয় গ্ৰহণ কৰা নহ’ল তাৰ কাৰণ ব্যাখ্যা কৰি একোখন জ্ঞাপন দাখিল কৰাব।

আৰু পঢ়ক – আহোম যুগৰ বুৰঞ্জী সাহিত্য সম্পৰ্কে

0 0 votes
Article Rating
Subscribe
Notify of
guest
7 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
wellnesstous
2 years ago

I really love your Blog. This one in particular really caught my interest. Thanks for sharing nice information on hongo. Thanks for this. 

XOXO
WellnessToUs

Last edited 2 years ago by wellnesstous
trackback

[…] আৰু পঢ়ক – সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ […]

HealthStay
7 months ago

I just like the helpful information you provide in your articles

free temp mail
7 months ago

very informative articles or reviews at this time.

WonderFix Glycogen Support Ingredients

Awesome! Its genuinely remarkable post, I have got much clear idea regarding from this post

desposibel mail
6 months ago

In addition, I had a wonderful time with that. In spite of the fact that both the narration and the images are of a very high level, you realise that you are anxiously expecting what will happen next. Regardless of whether you choose to defend this stroll or not, it will be essentially the same every time.

tempmalil
6 months ago

Nice blog here Also your site loads up very fast What host are you using Can I get your affiliate link to your host I wish my site loaded up as quickly as yours lol

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

7
0
Would love your thoughts, please comment.x
()
x