আহোম স্বৰ্গদেউসকলতথ্যকোষসাময়িকী

স্বৰ্গদেউ চাওলুং চুকাফা – প্ৰথম আহোম স্বৰ্গদেউ

স্বৰ্গদেউ চাওলুং চুকাফা আছিল অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা আৰু বৰঅসমৰ ভেঁটি গঢ়োতা। এখন সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ এজন নায়কৰ যি গুণ থাকিব লাগিছিল চুকাফাৰ সেই সকলো গুণেই আছিল। চুকাফা অত্যন্ত কষ্টসহিষ্ণু,বীৰ আৰু সাহসী যোদ্ধা আছিল যাক কোনো বিপদেই কোনো কালেই টলাব নোৱাৰিছিল। চুকাফাই নিজ ৰাজ্য পৰিত্যাগ কৰি নিজৰ ভাগ্যক ধিয়াই অসম মুলুকত প্ৰৱেশ কৰিছিলহি আৰু চুকাফাৰ অসমত প্ৰৱেশে অসম বুৰঞ্জীৰ ধাৰাই সলাই পেলাইছিল। চাওলুং চুকাফা আছিল বীৰত্ব আৰু সাহসৰ প্ৰতীক আৰু অনৈক্যৰ মাজত ঐক্যৰ প্ৰতীক। 

চাওলুং চুকাফাই জন্মগ্ৰহণ কৰিছিল আনুমানিক ১১৯০ খ্ৰীষ্টাব্দত মুংখুমুংজাও ৰাজ্যত। চুকাফাৰ পিতৃ আছিল মুংখুমুংজাও ৰাজ্যৰ ৰজা চাওচাংন্যেও আৰু মাতৃ আছিল মুংমাও ৰাজ্যৰ ৰজা পামেওপুংৰ ভগ্নী। বিভিন্ন আখ্যান অনুসৰি চুকাফাক স্বৰ্গৰ ৰজা লেংডন বা ইন্দ্ৰৰ নাতি খুনলুং আৰু খুনলাইৰ বংশধৰ বুলি কোৱা হয়। 

জন্মৰ পাছতে চুকাফা নিজ মাতুল ৰাজ্য মুংমাওত থাকিবলৈ লয় কিয়নো সেইসময়ত চুকাফাৰ মোমায়েক পামেওপুংৰ কোনো পুত্ৰ সন্তান নাছিল সেয়ে তেওঁ চুকাফাকে নিজ উত্তৰাধিকাৰী কৰিম বুলি ভাবিছিল আৰু অশেষ যত্নেৰে চুকাফাক তুলি-তালি ডাঙৰ-দীঘল কৰিছিল। কিন্তু কিছুদিন পাছতেই পামেওপুংৰ চুখানফা নামেৰে এটা পুত্ৰ সন্তানৰ জন্ম হয় আৰু তাৰ লগে লগেই চুকাফাৰ মুংমাওৰ সিংহাসনত বহাৰ আশা নিৰ্বাপিত হয়। 

১২১৫ খ্ৰীষ্টাব্দত মুংমাওৰ ৰজা পামেওপুংৰ মৃত্যু ঘটাত তেওঁৰ পুত্ৰ চুখানফা মুংমাওৰ সিংহাসনত আৰোহণ কৰে আৰু চুকাফাই মনৰ দুখতে আৰু নিজ এনায়েক(আইতা)ৰ উপদেশ আৰু নিৰ্দেশত মুংমাও ৰাজ্য ত্যাগ কৰে। চুকাফাৰ এনায়েকে তেওঁক উপদেশ দিছিল “এটা চোংত যেনেকৈ দুটা বাঘ নাথাকে এখন ৰাজ্যত কেতিয়াও দুটা ৰজা নাথাকে। তই যা আৰু কৰবাত এখন নতুন ৰাজ্য প্ৰতিষ্ঠা কৰ” এনেদৰে চুকাফাক তেওঁৰ এনায়েকে বিদায় দিয়ে। 

তাৰপাছতেই চাওলুং চুকাফাই নিজৰ ভাগ্যক ধিয়াই ১২১৫ খ্ৰীষ্টাব্দত  মুংমাওৰ ৰাজধানী মাওলুং ত্যাগ কৰে আৰু লগত তিনিগৰাকী পত্নী, নহাজাৰ সৈন্য,বুঢ়াগোঁহাই,বৰগোঁহাই সহিতে ১৫ জন ডা-ডাঙৰীয়া,৩০০ ঘোঁৰা আৰু এটা দঁতাল হাতী আৰু এজনী মাখুন্দি হাতীসহ লৈ এখন নতুন ৰাজ্য প্ৰতিষ্ঠাৰ বাবে সুচল ভূমিৰ সন্ধান কৰিবলৈ যাত্ৰা আৰম্ভ কৰে। তাৰপাছত বাটতে সম্বন্ধীয় নৰা ৰাজ্য পাই তাতে কিছুদিন থাকে আৰু তাৰ পৰা চুকাফাই চোমদেওক চুৰ কৰি আনে যি টাইসকলৰ প্ৰধান উপাস্য দেৱতা। (কিছুমান আখ্যানৰ মতে চোমদেওৰ মূৰ্তি চুকাফাৰ এনায়েকে লুকুৱাই মুংমাও ৰাজ্যৰ পৰাই দি পঠিয়াইছিল। 

চুকাফাই ১৩ বছৰকাল পৰ্বতে-কন্দৰে ঘূৰি ফুৰি ডই কাও ৰঙ্গ অৰ্থাৎ পাটকাই পৰ্বতত থকা নগা সকলক পৰাস্ত কৰি ১২২৮ খ্ৰীষ্টাব্দৰ ১৬ আঘোণৰ দিনা সৌমাৰপীঠত চুকাফাই পদাৰ্পণ কৰে। অসম মুলুকত ভৰি দিয়েই অসমখন দেখি চুকাফাৰ মুখৰ স্বতঃস্ফূৰ্তভাৱে এটা বাক্য ফুটে “মুং ডুন চূণ খাম” অৰ্থাৎ সোণৰ বাগিছাৰে পূৰ্ণ দেশ। 

সৌমাৰপীঠত উপস্থিত হৈয়েই চুকাফাই নিজ ৰাজ্য স্থাপনৰ বাবে প্ৰথম পদক্ষেপ হিচাপে ৰাজধানী স্থাপনৰ যো-জা চলাই আৰু অভয়পুৰত চুকাফাই প্ৰথম অস্থায়ীভাৱে ৰাজধানী স্থাপন কৰি থাকিবলৈ লয়। সেইসময়ত অভয়পুৰক টাই ভাষাত মুং ক্লাং চেখ্ৰু বুলি চুকাফাই নামাকৰণ কৰিছিল। কিন্তু বানপানী সহিতে নানা সমস্যাৰ বাবে হাবুঙত ৰাজধানী স্থাপন কৰে। পুনৰ হাবুঙতো একেবিলাক সমস্যাৰ সন্মুখীন হোৱাত চুকাফাই দিখৌ নদীয়েদি উজাই গৈ লিগিৰা গাঁৱত নিজ ৰাজধানী স্থাপন কৰে। কিন্তু তাতো কিছুমান অসুবিধাৰ সন্মুখীন হোৱাত চুকাফাই শিমলুগুৰিলৈ নিজ ৰাজধানী স্থানান্তৰ কৰে। আৰু অৱশেষত চুকাফাই ১২৫৩ খ্ৰীষ্টাব্দত চে-ৰাই-দৈত অৰ্থাৎ চৰাইদেউত এটা শুকুলা ঘোঁৰা বলি দি ৰাজধানী স্থাপন কৰে। এই চৰাইদেউৱেই হ’ল আহোমৰ প্ৰথম স্থায়ী ৰাজধানী। 

চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি মাওলুংৰ আৰ্হিত আহোম ৰাজ্যৰ প্ৰশাসন আৰম্ভ কৰিলে। চুকাফাই তেওঁৰ লগত মাওলুংৰ পৰা অহা টাইপুংক “থাওমুংক্লিংলুংমাংৰায়” নাম দি বুঢ়াগোঁহাই বাব দিলে আৰু দেঙকংক “থাওমুংকানঙ্গ” নাম দি বৰগোঁহাই বাব দিলে।

চৰাইদেউত ৰাজধানী স্থাপন কৰাৰ কিছুদিন পাছতেই চুকাফাই দুটা সমস্যাৰ সন্মুখীন হয়। আৰু এই সমস্যাটো আছিল কাষৰীয়া মৰাণ আৰু বৰাহী ৰাজ্যৰে হোৱা সংঘৰ্ষ। সেইসময়ত মৰাণৰ ৰজা আছিল বদৌছা আৰু বৰাহী ৰজা আছিল থাকুমথা(থামিথুমা বুলিও কয়)। চুকাফাৰ আহোম সেনা সেইসময়ত মৰাণ আৰু বৰাহীতকৈ যথেষ্ট শক্তিশালী আছিল যদিও চুকাফাই নিজৰ দূৰদৰ্শী চিন্তাৰে মৰাণ আৰু বৰাহীৰ লগত মিত্ৰতা কৰিবলৈহে চিন্তা কৰিলে। আৰু চুকাফাই অতিশীঘ্ৰে মৰাণ আৰু বৰাহীৰ লগত মিত্ৰতাপাশত আবদ্ধ হ’ল। লগতে চুকাফাই মৰাণ আৰু বৰাহী কুঁৱৰীৰ লগত বিবাহপাশত আবদ্ধ হ’ল। কালক্ৰমত মৰাণ আৰু বৰাহী ৰাজ্য আহোম ৰাজ্যৰ লগতে চামিল হ’ল আৰু তেওঁলোকেও নিজকে আহোম বুলিয়েই চিনাকি দিবলৈ ল’লে। এনেদৰেই চুকাফাই প্ৰথমটো খোজতে এক বিশাল সাম্ৰাজ্য প্ৰতিষ্ঠাৰ হকে এটা সুদৃঢ় ভেঁটি স্থাপন কৰি থৈ গ’ল। 

চাওলুং চুকাফাই সুদূৰ মাওলুংৰ পৰা অসমলৈ আহি ছশ বছৰীয়া আহোম ৰাজ্যৰ ভেঁটি স্থাপন কৰিলে। তেওঁৰ আছিল দুৰ্বাৰ সাহস,অদম্য স্পৃহা আৰু অপৰাজেয় মনোভাৱ। এক অজান মুলুকৰ পৰা হাজাৰ হাজাৰ মাইল দূৰত্ব অতিক্ৰম কৰি আহি চুকাফাই অসম দেশত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰি থৈ গ’ল। চুকাফা এজন দুধৰ্ষ আৰু দূৰদৰ্শী বীৰ যোদ্ধা আছিল। এখন ৰাজ্য শাসন কৰিবলৈ কোনসময়ত কি ব্যৱস্থা ল’ব লাগে সেই কথা চুকাফাই ভালদৰেই জানিছিল। চুকাফাৰ ৰাজনৈতিক,প্ৰশাসনিক তথা কূটনৈতিক জ্ঞান প্ৰচুৰ আছিল। সেয়ে তেওঁ এফালে নগাসকলক বৰ্বৰতাৰে বশ কৰিছিল আনহাতেদি আকৌ মৰাণ আৰু বৰাহীক তেওঁ নিজৰ মিত্ৰতাৰ কৌশলেৰে বশ কৰিছিল। কঠোৰ পৰিশ্ৰমৰ দ্বাৰা বৰঅসমৰ ভেঁটি স্থাপন কৰি চুকাফাই ১১৯০ শক অৰ্থাৎ ১২৬৮ খ্ৰীষ্টাব্দত মৃত্যুক সাৱটি লয়। চুকাফাই প্ৰতিষ্ঠাকালৰে পৰা ১২৬৮ খ্ৰীষ্টাব্দলৈ প্ৰায় চল্লিছ(৪০) বছৰ চাৰি(৪) মাহ পোন্ধৰ(১৫) দিন আহোম ৰাজ্য শাসন কৰে। আৰু চুকাফাৰ মৃত্যুৰ পাছত তেওঁৰ বৰপুত্ৰ চুতেওফা আহোম ৰাজ্যৰ ৰজা হয়।

আৰু পঢ়কঃ ইতিহাসে সুঁঁৱৰিব আহোম শাসনৰ ছশটা স্বৰ্ণিল বছৰ 

সহায়ক গ্ৰন্থপঞ্জী –

১। ইতিহাসে সোঁৱৰা ছশটা বছৰসৰ্বানন্দ ৰাজকুমাৰ

২। আহোমৰ দিনহিতেশ্বৰ বৰবৰুৱা

2.5 2 votes
Article Rating
Subscribe
Notify of
guest
2 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] আৰু পঢ়ক- প্ৰথমজন আহোম স্বৰ্গদেউ চাওলুং চুকাফা […]

trackback

[…] সঁজুলি আৰু এবিধ খাৰ-বাৰুদৰ হিলৈ সহিতে স্বৰ্গদেউ চ্যাওলুং চ্যুকাফাই ১২২৮ খ্ৰীষ্টাব্দত সৌমাৰ পীঠত ভৰি […]

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

2
0
Would love your thoughts, please comment.x
()
x