প্ৰাক-শংকৰী যুগৰ অসমীয়া সাহিত্য

অসমীয়া সাহিত্যৰ সোণালী যুগ বুলি কোৱা হয় শংকৰদেৱৰ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰৰ সময়খিনিক আৰু শংকৰদেৱৰ এই সাহিত্য চৰ্চাৰ সময়খিনিক ভিত্তি কৰিয়েই যিটো যুগৰ সৃষ্টি হৈছিল তাকেই অসমীয়া সাহিত্যৰ মধ্য যুগ বুলি সাহিত্যৰ পণ্ডিতসকলে নামাকৰণ কৰিছে। সেই অনুসৰিয়েই শংকৰদেৱৰ পূৰ্বৱৰ্তী সময়ছোৱাক প্ৰাক-শংকৰী যুগ বুলি অভিহিত কৰিব পাৰি। প্ৰাক-শংকৰী যুগৰ সময় নিৰ্ধাৰণ কৰা হয় ১৩০০-১৪৯০ খ্ৰীষ্টাব্দ। প্ৰাক-শংকৰী অসমীয়া কবিতা আৰু সাহিত্যৰ ভেটি প্ৰতিষ্ঠাৰ সময়। এই যুগটোত প্ৰধানকৈ পাঁচগৰাকী কবিয়ে কাব্য সাধনা কৰিছিল।

তেওঁলোক হ’ল- (১) হেম সৰস্বতী (২) ৰুদ্ৰ কন্দলী (৩) হৰিহৰ বিপ্ৰ (৪) কবিৰত্ন সৰস্বতী আৰু (৫) মাধৱ কন্দলী।

হেম সৰস্বতী –

হেম সৰস্বতীয়ে কমতাৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত সাহিত্য চৰ্চা কৰিছিল বুলি ইতিহাসবিদ সকলে মতপোষণ কৰিছে। অৱশ্যে তেওঁৰ পৰিচয় সূচক ভনিতাৰ পৰা এই তথ্য সম্পৰ্কত নিশ্চিত হ’ব নোৱাৰি। এইজনা কবিৰ জন্ম সময় আনুমানিক ত্ৰয়োদশ শতিকাৰ অন্তিম ভাগ অথবা চতুৰ্দশ শতিকাৰ প্ৰথম ভাগ বুলি ঠাৱৰ কৰা হৈছে। তেওঁৰ কাব্যকৃতি হ’ল এশটা খণ্ডত সমাপ্ত ‘প্ৰহ্লাদ চৰিত’ আৰু ৮৯৯ টা পদযুক্ত ‘হৰগৌৰী সংবাদ’। কোৱা হয় হেম সৰস্বতীৰ ‘প্ৰহ্লাদ চৰিত’খনেই প্ৰথম অসমীয়া কাব্য।

প্ৰহ্লাদ চৰিত এখনি সৰু বৰ্ণনাত্মক কাব্য। দানৱৰাজ হিৰণ্যকশিপুৰে পুতেক প্ৰহ্লাদক বিষ্ণুভক্তি আচৰণ কৰা কাৰণে কৰা উৎপীড়ন আৰু শেষত নৰ-সিংহৰূপী বিষ্ণুৰ হাতত হিৰণ্যকশিপু বধৰ বিৱৰণ পোৱা যায়।
‘প্ৰহ্লাদ চৰিত’ত সূক্ষ্ম কলাবোধ আৰু সুদূৰ প্ৰসাৰী কল্পনাৰ পৰিচয় পোৱা নগ’লেও পৰিস্থিতি আৰু ঘটনাৰ সহজসাধ্য বিৱৰণ আছে। পাঠকৰ আগ্ৰহৰ প্ৰতি লক্ষ্য ৰাখি হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিতৰ এটি কাব্য চানেকি তুলি ধৰা হ’ল –
হেন দেখি নাৰায়ণে গুণে মনে মনে
মাকে যে এনুৱা চোটে আন সহে কুনে।।
গিৰি গিৰি শৱদে লৰিলা ভূমিচাল।
ঘনে ঘনে কাপন্ত পৃথিৱী সাত তাল।।
চোৱাৱে দন অতি তেজয় আটাস।
সর্গ মর্ত পাতালত লাগিল তৰাস।।
থলে যেবে যুজে থল যাই ৰসাতল।
জলে যেবে যুজে জল সুখাই সকল।।
গিৰিত যুজয় গিৰি খণ্ড খণ্ড হয়।
দেৱাসুৰে নৰে বোলে মিলিল প্রলয়।।

কবিৰত্ন সৰস্বতী

কমতাৰ ৰজা দুৰ্লভনাৰায়ণৰ পুত্ৰ ইন্দ্ৰনাৰায়ণৰ পৃষ্ঠপোষকতাত কবিৰত্ন সৰস্বতীয়ে কাব্য চৰ্চা কৰিছিল। গতিকে তেওঁ হেম সৰস্বতীৰ কিছুকাল পাছৰ বুলি ভাবিবৰ থল আছে। কবিয়ে মহাভাৰতৰ দ্ৰোণ পৰ্বৰ জয়দ্ৰথ বধ কাহিনীটো কবিতা আকাৰে বৰ্ণনা কৰিছে। অসমীয়া সাহিত্যৰ চানেকীৰ প্ৰথম খণ্ডত উদ্ধৃত কৰা ‘কৈলাস বৰ্ণনা’ অংশটোৰ পৰা কবিৰত্ন সৰস্বতীৰ কবি- প্ৰতিভাৰ কিছু আভাস পাব পাৰি। কৈলাসৰ ফল-ফুলৰ শোভা, শিৱৰ অনুচৰবোৰৰ বিস্ময়জনক বৰ্ণনা, নাগৰিকসকলৰ ৰূপ-যৌৱন আৰু মদন চঞ্চল হৱ-ভাবৰ সুন্দৰ বিৱৰণ কৈলাস বৰ্ণনাত পোৱা যায়।

ৰুদ্ৰ কন্দলী

কমতাৰ ৰজা দুৰ্লভনাৰায়ণৰ সমসাময়িক তথা প্ৰতিদ্বন্দ্বী ধৰ্মনাৰায়ণৰ পুত্ৰ শ্ৰীমন্ত তাম্ৰধ্বজৰ পৃষ্ঠপোষকতাত ৰুদ্ৰ কন্দলীয়ে কাব্য সাধনা কৰিছিল। কন্দলীয়ে মহাভাৰতৰ দ্ৰোণ পৰ্বৰ ‘জয়দ্ৰথ বধ’ৰ অন্তৰ্গত সাত্যকিৰ যুদ্ধ যাত্ৰা আৰু বীৰত্বৰ কথা বৰ্ণনা কৰি ‘সাত্যকি প্ৰৱেশ’ নামেৰে পদ ৰচনা কৰিছিল। কাব্যখনৰ অংশ বিশেষত ঘৰুৱা যতুৱা ঠাঁচৰ প্ৰয়োগ দেখা যায়। ই কাব্যখনক মনোমোহা ৰূপ প্ৰদান কৰিছে।

হৰিহৰ বিপ্ৰ

কমতাপুৰৰ ৰজা দুৰ্লভনাৰায়ণৰ পৃষ্ঠপোষকতাত কাব্য চৰ্চা কৰা কবি কেইজনৰ ভিতৰত হৰিহৰ বিপ্ৰও এজন। কবিয়ে জৈমিনীয়শ্বমেধ পৰ্বৰ বিষয়বস্তুৰ আধাৰত তিনিখন যুদ্ধকাব্য ৰচনা কৰি থৈ যায়। কাব্য কেইখন হ’ল লৱ-কুশৰ যুদ্ধ, বব্ৰুবাহনৰ যুদ্ধ আৰু তাম্ৰধ্বজৰ যুদ্ধ। কবিয়ে আত্ম পৰিচয় প্ৰসংগত এইদৰে লিখিছে-
জয় জয় নৃপবৰ দুর্লভনাৰায়ণ ৰাজা
কমতাপুৰে ভৈলা বীৰবৰ।
সপুত্রবান্ধবে যেবে সুখে ৰাজ্য কৰন্তোক
জীৱন্তোক সহস্র বৎসৰ।।
তাহান ৰাজ্যত থিত সর্বজন মনোনীত
অশ্বমেধ পর্ব মধ্যে সাৰ।
বিপ্ৰ হৰিবৰ কবি হৰিৰ (গৌৰীৰ?) চৰণ সেৱি পদবন্ধে কৰিলা প্ৰচাৰ।।

মাধৱ কন্দলী

মাধৱ কন্দলী প্ৰাক-শংকৰী যুগৰ শ্ৰেষ্ঠ কবি। আনকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও তেওঁক ‘অপ্ৰমাদী কবি’ আখ্যা দি গৈছে। তেওঁৰ আত্ম-পৰিচয়মূলক বৰ্ণনাৰ পৰা তেওঁ বৰাহী ৰজা মহামানিক্যৰ পৰা পৃষ্ঠপোষকতা লাভ কৰিছিল বুলি জানিব পৰা যায়। বৰাহী ৰজা মহামানিক্যই ডিমাপুৰ-কাছাৰ সামৰি নগাঁৱৰ পশ্চিম অঞ্চলত ৰাজত্ব কৰিছিল বুলি ইতিহাসবিদসকলে কয়।

মাধৱ কন্দলীয়ে তেওঁৰ অসাধাৰণ পাণ্ডিত্যৰে বাল্মিকী ৰামায়ণৰ অসমীয়া অনুবাদ কৰিছিল। তেওঁ সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো বুলি উল্লেখ কৰি গৈছে যদিও বৰ্তমানলৈকে ইয়াৰ পাঁচটা কাণ্ডহে উদ্ধাৰ কৰিব পৰা গৈছে। উল্লেখযোগ্য যে, আধুনিক ভাৰতীয় ভাষাসমূহৰ ভিতৰত তামিল ভাষাৰ ৰামায়ণৰ অনুবাদৰ পাছতেই কন্দলীৰ ৰামায়ণখন হৈছে সংস্কৃত ৰামায়ণৰ দ্বিতীয় অনুবাদ। ৰামায়ণৰ উপৰিও কন্দলীয়ে ৰচনা কৰা আন এখন কাব্য হ’ল ‘দেৱজিৎ’।

মাধৱ কন্দলীৰ ৰামায়ণখন হৈছে অসমীয়া সাহিত্যৰ এটি উজ্জ্বল ৰত্ন। তেওঁ মূল বাল্মিকী ৰামায়ণৰ কাহিনী ভাগক যথাযথ ৰূপত অসমীয়ালৈ ভাঙণি কৰিছে যদিও কাহিনীৰ বৰ্ণনাত নিজা ভাৱ-ভাষাৰ লগতে অসমৰ স্থানীয় ফল-ফুল, গছ- লতিকা, চৰাই-চিৰিকটি আৰু প্ৰাকৃতিক পৰিৱেশৰ সংযোগ ঘটাই অসমীয়া পাঠকৰ আপোন কৰি তুলিছিল।

কন্দলীৰ কবিতাৰ এটা উল্লেখযোগ্য দিশ আছিল শব্দমালাৰ প্ৰয়োগ। তেওঁ চতুৰ্দশ শতিকাতেই অসমীয়া ভাষা আৰু সাহিত্যৰ বাবে এটি উন্নতমানৰ শব্দৰ ভঁৰাল তৈয়াৰ কৰি গৈছে। শব্দ সম্ভাৰৰ লগতে তেওঁৰ কবিতাৰ আন এটা মন কৰিবলগীয়া বিশেষত্ব হ’ল বিভিন্ন অলংকাৰৰ যোগেদি প্ৰকাশ কৰা চিত্ৰসমূহ। একো একোটা পৰিস্থিতি বুজাবলৈ তেওঁ ধাৰাবাহিক উপমা, ৰূপক,উৎপ্ৰেক্ষাদি অলংকাৰ প্ৰয়োগ কৰা দেখা যায়।

মাধৱ কন্দলিৰ নামত “দেবজিৎ” নামৰ আৰু এখন কাব্য পোৱা যায়। এই কাব্যখনত অৰ্জুন আৰু কৃষ্ণৰ মাহাত্ম্য বৰ্ণনা কৰা হৈছে। ইয়াত কৃষ্ণৰ সহায়ত অৰ্জুনে কেনেকৈ স্বৰ্গৰ দেৱতাসকলক জিনিবলৈ সক্ষম হৈছিল তাৰ বৰ্ণনা পোৱা যায়।

গতিকে দেখা যায় যে, প্ৰাক-শংকৰী যুগত এইকেইজন কবিয়ে কাব্যসাধনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। বিশেষকৈ মাধৱ কন্দলিৰ যিখন অনূদিত ৰামায়ণ তাৰ প্ৰাসংগিকতা বৰ্তমান সমাজতো দেখিবলৈ পোৱা যায়। গতিকে অসমীয়া সাহিত্যৰ ইতিহাসত এই যুগটোৰ ঐতিহ্য আৰু যথেষ্ট গুৰুত্ব আছে।

সহায়ক গ্ৰন্থপঞ্জীঃ

১) অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, সত্যেন্দ্ৰনাথ শৰ্মা।

আৰু পঢ়ক – অসমীয়া ভ্ৰমণ সাহিত্য

4 1 vote
Article Rating
Subscribe
Notify of
guest
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
trackback

[…] লগতে পঢ়ক- প্ৰাক্-শংকৰী যুগৰ অসমীয়া সাহিত্য […]

1
0
Would love your thoughts, please comment.x
()
x