পৰ্যালোচনাসাময়িকী

অসমীয়া ব্লগিং আৰু সাৰথিৰ দুবছৰীয়া যাত্ৰা

অসমীয়া ব্লগিং উদ্যোগ

অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে ব্লগিং উদ্যোগটোৰ বিকাশ সাধন আৰম্ভ হৈছিল প্ৰায় ২০০৫ চনৰ পৰা। ইয়াৰ আগৰ সময়ছোৱাত ৯০ৰ দশকত ব্লগিঙৰ ধাৰণাটো উন্নত দেশবিলাকত প্ৰচলিত হৈছিল যদিও অতি চালুকীয়া অৱস্থাত আছিল। অৱশ্যে ইন্টাৰনেটৰ উপলদ্ধতাও ইয়াৰ এক কাৰণ। ইন্টাৰনেট, ব্লগিং সম্পৰ্কীয় মানুহৰ ধাৰণা আৰু ইন্টাৰনেটত ইয়াৰ ব্যৱহাৰৰ সীমাবদ্ধতাৰ বাবে প্ৰায় ২০১৫ চনমানলৈকে অসমীয়া ভাষাত ব্লগৰ সংখ্যা প্ৰায় আঙুলিৰ মূৰত গণিব পৰা আছিল। JIO ৰ দৰে উন্নত ইন্টাৰনেটৰ সুবিধা হোৱাৰ পাছত অসমীয়া ভাষাত এই উদ্যোগটোৱে প্ৰসাৰ লাভ কৰিবলৈ সক্ষম হৈছে। বিগত তিনিটা বছৰত ক’ভিড মহামাৰীৰ প্ৰভাৱতো ব্লগিঙৰ ক্ষেত্ৰখন বিশেষভাৱে সমৃদ্ধ হৈছে। এক সমীক্ষাত প্ৰকাশিত তথ্য অনুসৰি সম্প্ৰতি ভাৰতীয় ভাষাত থকা মুঠৰ ব্লগৰ সংখ্যা ১০,০০০ ৰ ভিতৰত।

ব্লগিঙৰ বিশাল সাম্ৰাজ্যখনত স্থান লাভ কৰিবলৈ বা ইয়াক জনপ্ৰিয় কৰিবলৈ আজিও অসমীয়া ভাষাত ব্লগৰ সংখ্যা তুলনামূলকভাৱে কম বুলিয়ে ক’ব পাৰি। বজাৰ এখনৰ জনপ্ৰিয়তা তথা সমাদৰ বৃদ্ধি পাবলৈ যিদৰে বস্তুৰ উপলদ্ধতা আৰু নিৰ্বাচন কৰাৰ বিকল্পসমূহে প্ৰভাৱ পেলায় ঠিক তেনেদৰেই কোনো এটা ভাষাত ব্লগিঙক জনপ্ৰিয় কৰিবলৈ সেই ভাষাৰ এক নিৰ্দিষ্ট পৰিমাণৰ সমল তথা ব্লগ ইন্টাৰনেটত উপলদ্ধ হোৱা প্ৰয়োজন। এইক্ষেত্ৰত দেখা যায় যে ইংৰাজী ভাষাত ব্লগিঙত Competition বা প্ৰতিযোগিতা আজিৰ সময়ত অত্যন্ত বেছি। ইংৰাজী ভাষাত ব্লগৰ সংখ্যা বেছি হোৱাটোৱেই ইয়াৰ কাৰণ। হিন্দী ভাষাৰ ক্ষেত্ৰত দেখা যায় যে ২০০৫ চনৰ পৰা ২০১০ চনলৈকে বিশেষ প্ৰতিযোগিতা হোৱা নাছিল। ফলত এই ভাষাত পঢ়ুৱৈৰ সংখ্যাও নাছিল আৰু কোনো সমল তথা ব্লগৰ ৰেংক(চাৰ্চ ইঞ্জিনত উপলদ্ধ হোৱা) হোৱাটো বিশেষ অসুবিধা হোৱা নাছিল। যাৰ ফলত ইন্টাৰনেটত হিন্দী ভাষাই মুঠেও জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাছিল। উল্লেখযোগ্য যে পৰৱৰ্তী সময়ত হিন্দী সংবাদগোষ্ঠীসমূহে ব্লগিঙৰ জৰিয়তে ভাষাটোক ইন্টাৰনেটত প্ৰতিষ্ঠা কৰাত বিশেষ ভূমিকা পালন কৰে।

অসমীয়া ব্লগিঙৰ ইতিহাস

অসমীয়া ভাষাত ব্লগিঙৰ ইতিহাস মেলি চালে দেখা যায় যে মাত্ৰ এমুঠিমান জাতীয় চেতনাৰে উদ্বুদ্ধ অসমীয়া ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে এই উদ্যোগটোক আগবঢ়াই আনিছিল। তাৰ ভিতৰত আমি প্ৰথমেই নাম ল’ব লাগিব অসমীয়া ৱিকিপিডিয়াৰ। ২০০৬ চনতেই ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ মুকলি কৰি স্বেচ্ছাসেৱকসকলে নিজা উদ্যোগত আজিৰ সময়লৈকে প্ৰায় ১০,১৬৬ টা প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰিছে। ইয়াৰ উপৰিও অসম বিষয়ক অথবা অসমীয়া সাহিত্য-সংগীত আৰু সংস্কৃতি বিষয়ক প্ৰায় শতাধিক অসমীয়া ব্লগে এই উদ্যোগটোক চহকী কৰিছে। যাৰ ফলত অসমীয়া ভাষাৰ যথেষ্ট সমল ইন্টাৰনেটত উপলদ্ধ হৈছে। ই কেৱল ভাষাটোৱেই নহয়, জাতিটোৰ বাবেও এটা আশাৰ খবৰ। সময় বাগৰি যোৱাৰ লগে লগে বাতৰি-কাকত আলোচনীৰ উপলদ্ধতা আৰু সহজলভ্যতাৰ ক্ষেত্ৰত দেখা দিয়া সীমাবদ্ধতাৰ বাবে মানুহে ইন্টাৰনেটত অসমীয়া ই-আলোচনী আৰু ই-সংবাদপত্ৰক আদৰি লৈছে। বহুকেইটা অসমীয়া ব্লগে ই-আলোচনী প্ৰকাশ কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা গৈছে।

ইন্টাৰনেটত অসমীয়া ভাষা

অসমীয়া ভাষা ইন্টাৰনেটৰ বহল পৃথিৱীখনত পিছ পৰি থকাৰ কাৰণবোৰ ফঁহিয়াই চালে দেখা যায় যে বৰ্তমানৰ আটাইতকৈ বেছি জনপ্ৰিয় চাৰ্চ ইঞ্জিন গুগলে অসমীয়া ভাষাক বিশেষ গুৰুত্ব দিয়া দেখা পোৱা নাযায়। যদিও কিছুমান ক্ষেত্ৰত অসমীয়া ভাষা নিৰ্বাচন কৰিব পাৰি, ব্লগিঙৰ ক্ষেত্ৰত ভাষা হিচাপে অসমীয়াক বিশেষ স্বীকৃতি দিয়া নাই। তদুপৰি Google Translator ৰ দৰে শক্তিশালী ভাষান্তৰকত অসমীয়াক গ্ৰহণ নকৰে। যাৰ বাবে ভাষাটোৱে পৰ্যাপ্ত সমল থকাৰ পাছতো ইন্টাৰনেটত বহুক্ষেত্ৰত উপেক্ষিত হ’বলগীয়া হৈছে। বিশেষ সূত্ৰযোগে জানিব পৰা অনুসৰি গুগলৰ বাণিজ্যিক লাভালাভৰ বাবে অসমীয়া ভাষাক আজিও বিশ্বাসত ল’ব পৰা অৱস্থা হোৱা নাই। মাত্ৰ কেইলক্ষমান অসমীয়া ইন্টাৰনেট ব্যৱহাৰকাৰীৰ পৰা তেওঁলোকৰ হ’বপৰা লাভালাভ সম্পৰ্কে আজিও সন্দিহান। আনকি Google Translator ত কিমান অসমীয়া শব্দ আছে বা কিমান অসমীয়া শব্দই গুগলত স্থান পাইছে সেই তথ্যও তেওঁলোকে ৰাজহুৱা কৰিব নোখোজে। আনহাতে Microsoft য়ে বিগত বছৰত অসমীয়া ভাষাক স্বীকৃতি দিছে আৰু তেওঁলোকৰ ভাষান্তৰকত অসমীয়াক স্থান দিছে। এই সুবিধা অসমীয়া ইন্টাৰনেট ব্যৱহাৰকাৰীয়ে গ্ৰহণ কৰিব পাৰে।

সম্প্ৰতি ইন্টাৰনেটত অসমীয়া ভাষাৰ বহুল প্ৰচলনৰ সময়তো অসমীয়াত ব্লগিং আশানুৰূপ ধৰণে নোহোৱাৰ কাৰণ কেইবাটাও আঙুলিয়াব পাৰি। আমাৰ দৃষ্টিত ধৰা পৰা কিছুমান কাৰণ হৈছে-

  • ১) অসমীয়া ব্লগসমূহ জনপ্ৰিয় তথা বহুল প্ৰচাৰিত কৰিব পৰাকৈ উন্নত SEO ৰ অভাৱ। যিহেতু অসমীয়া ভাষাটো গুগল ক্ৰাউলাৰে বুজি পোৱাত অসুবিধা হয়, সেয়েহে অসমীয়া ভাষাৰ সমলসমূহ কি মানদণ্ডৰ বা ইয়াৰ উপযোগিতা কেনেধৰণৰ সেয়া গুগলে নিৰ্ধাৰণ কৰিব নোৱাৰে। যাৰ ফলত আনুমানিকভাৱে গুগলে মাত্ৰ কেইটামান অপ্টিমাইজেছন্ ফৰ্মূলা ব্যৱহাৰ কৰি ৰেংক কৰাব লগা হয়। আৰু এইক্ষেত্ৰত অসমীয়া ৱেব অপ্টিমাইজেছনত সহায় কৰিব পৰা কাৰিকৰীভাৱে অভিজ্ঞ ব্যক্তিৰ অভাৱ। তদুপৰি অসমীয়া ভাষাত ব্লগসমূহৰ প্ৰতিযোগিতা খুব কম হোৱা হেতুকে ইন্টাৰনেটত অসমীয়া ভাষাত যিকোনো তথ্যৰ সন্ধান কৰিলে সহজতে পোৱা নাযায়।
  • ২) উইনিক’ডত অসমীয়া ভাষাৰ ব্লগৰ বাবে ব্যৱহাৰ কৰিবলগা বহুবোৰ Tool আজিও উপলদ্ধ নহয়। Keyword Research, Plagiarism Checker আদিৰ সুবিধা উপলদ্ধ নহয়। কেইটামান ৱেবচাইটৰ জৰিয়তে এই সুবিধা আদায় কৰিব পাৰি যদিও অসমীয়া ভাষাত ইয়াৰ ব্যৱহাৰ তেনেই সীমিত। যাৰ ফলত বহু সময়ত নতুন ব্লগাৰসকলে পূৰ্বতে ইন্টাৰনেটত উপলদ্ধ বহু সমল পুনৰাই ব্লগত ব্যৱহাৰ কৰা দেখা যায়। ফলশ্ৰুতিত এনেবোৰ ব্লগে কোনোদিনে গুগলৰ প্ৰথম পৃষ্ঠাত অৱতীৰ্ণ হ’ব নোৱাৰে আৰু বিজ্ঞাপন লাভ কৰিবলৈ সক্ষম নহয়। ফলত ব্লগাৰজনে এটা সময়ত হতাশাত ব্লগিঙক কেৰিয়াৰ হিচাপে বা সমাজসেৱাৰ মাধ্যম হিচাপে ভাবিবলৈ অসমৰ্থ হয়।
  • ৩) বিজ্ঞাপনৰ অভাৱতো বহুসংখ্যক ব্লগাৰে অসমীয়াত ব্লগিং কৰিবলৈ আগ্ৰহী নহয়। গুগলৰ বিজ্ঞাপন শাখা গুগল এডচেঞ্চ ৰ এপ্ৰভেল পোৱাৰ বাবে প্ৰয়োজনীয় যোগ্যতাখিনিৰ কাৰণে অসমীয়া ব্লগাৰসকলে আজিও বহু কষ্ট কৰিবলগীয়া হয়। সকলোবোৰ ঠিকে থকাৰ পাছতো ব্যৱহাৰকাৰীৰ সংখ্যা তেনেই কম হোৱাৰ বাবে অসমীয়া ব্লগসমূহে বিজ্ঞাপন পোৱাৰ পৰা বঞ্চিত হোৱা দেখা যায়। আজিৰ তাৰিখত অসমীয়া ব্লগিঙক কেৰিয়াৰ হিচাপে লৈ বিজ্ঞাপনৰ জৰিয়তে উপাৰ্জন কৰিব পৰা অসমীয়া ব্লগৰ সংখ্যা তুলনামূলকভাৱে তেনেই কম। আকৌ বিজ্ঞাপন লাভ কৰা ব্লগসমূহেও অতি কম হাৰত টকা পোৱাৰ বাবেও ব্লগিঙৰ প্ৰতি আগ্ৰহী নহয়।

গতিকে দেখা যায় যে অসমীয়া ব্লগিঙত অতি কম CPC আৰু CPM লাভ কৰি ইয়াক জীৱিকা বা সমাজসেৱাৰ মাধ্যম হিচাপে গ্ৰহণ কৰিবলৈ গ’লে বহুখিনি সময় ব্যয় কৰিবলগীয়া হয়। CPC কম হোৱাৰ কাৰণ হ’ল অসমীয়া ভাষাত ব্যৱহাৰকাৰীৰ সংখ্যা কম আৰু অসমীয়া সমলৰ মানদণ্ড পৰীক্ষণত গুগলৰ বিফলতা। এনে পৰিস্থিতিত অদূৰ ভৱিষ্যতে অসমীয়া ব্লগিঙৰ সম্ভাৱনাময় জগতখন সফল কৰি তুলিবলৈ আজিৰ অসমীয়া ব্লগাৰসকলৰ তথা অসমীয়া ভাষাৰ পাঠকসকলৰ বিশেষ ভূমিকা আছে। অসমীয়া ভাষাটোক ইন্টাৰনেটত জনপ্ৰিয়কৰণত চৰকাৰৰ ফালৰ পৰাও বিশেষ কোনো সম্ভাৱনাপূৰ্ণ উদ্যোগ লোৱা দেখা নাযায়। গতিকে ভাষাটোৰ স্বাৰ্থত আমি ইংৰাজী বা হিন্দী ভাষাৰ ব্লগিং ৰ জগতখনৰ দৰে তথ্যসম্পূৰ্ণ আৰু প্ৰতিযোগিতাৰ ব্লগিং উদ্যোগ গঢ় দিয়া অতিকে প্ৰয়োজন। তথ্য প্ৰযুক্তিৰ দৌৰত আমি যিমানেই আগুৱাই যাম কিতাপ কাগজৰ পৰা আতৰি ডিজিটেল পৃথিৱীখন সিমানেই আগুৱাই যাব। এনে পৰিস্থিতিত ভাষাটোক নতুন প্ৰজন্মৰ হাতত তুলি দিয়াৰ ইয়েই একমাত্ৰ সহজ আৰু সুৰক্ষিত মাধ্যম এই কথা আমি অনুধাৱন কৰা উচিত।       

দুবছৰীয়া সাৰথিৰ বৃত্তান্ত

সাৰথি আমাৰ সপোন। অসমীয়া নৱবৰ্ষৰ প্ৰথম দিনটোত আমাৰ সাৰথি আজি দুবছৰীয়া হ’ল। অসমীয়া ভাষাক ইণ্টাৰনেটত আৰু অধিক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে আমি আৰম্ভ কৰিছিলোঁ সাৰথি। আমি সপোন দেখিছিলোঁ সাৰথিক অসমীয়া মানুহ তথা অসমীয়া ভাষাৰ সাৰথি কৰাৰ। ‘ব্লগিং’ ত আমি বৰ অভিজ্ঞ নাছিলোঁ। কিন্তু যিখিনি জানিছিলোঁ সেইখিনিৰেই আমি আৰম্ভ কৰিছিলোঁ সাৰথি। পোনপ্ৰথমে আমি কেৱল দৈনন্দিন বাতৰি আৰু নিয়োগ বাৰ্তাৰে আৰম্ভ কৰিছিলো আমাৰ সাৰথি। দৈনিক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় তিনিটা শিতানত আমি অসমীয়াত বাতৰিসমূহ লিখিছিলো আৰু ইয়াৰ লগতে নিয়োগৰ বাৰ্তাসমূহো অসমীয়াত লিখি প্ৰচাৰ কৰিছিলোঁ। ইয়াৰ লগতে আমি সপ্তাহে-পষেকে কিছুমান ঘটি থকা ঘটনাৰ বিশ্লেষণো আগবঢ়াইছিলোঁ।

ইণ্টাৰনেটত আমাৰ প্ৰয়োজন হোৱা তথ্যৰ যোগান ধৰা ব্লগিং চাইটৰ সংখ্যা প্ৰায় নগণ্য আৰু আছে যদিও কিছুমানত তথ্যৰ বিসংগতি পৰিলক্ষিত হয়। সময়ৰ পাৰ হৈ যোৱাৰ লগে লগে অসমীয়া ব্লগিং জগতত আমাৰ দায়িত্ব বাঢ়ি গৈছে বুলি আমি উপলব্ধি কৰিছিলোঁ আৰু আমি ভাবিছিলোঁ আমি আনে নকৰা কামবোৰ কৰিম। ইয়াৰ লগতে আমি পাঠকক নির্ভুল তথ্য যোগান ধৰাৰ সংকল্প গ্ৰহণ কৰিছিলোঁ। আমি লেখাসমূহ লিখিবলৈ প্ৰাসংগিক পুথিৰ সহায় ল’বলৈ আৰম্ভ কৰিছিলো যাতে আমি উল্লেখ কৰা তথ্যসমূহ নির্ভুল হয় আৰু পাঠক সমাজে সাহিত্যিক সোৱাদৰ লগতে প্ৰকৃত তথ্যৰ সোৱাদ লাভ কৰে।

এইখিনিতে উল্লেখ কৰিবলৈ ভাল পাম যে আমি সাৰথিত দুটামান চিৰিজৰ আৰম্ভণি কৰিছিলোঁ আৰু বৰ্তমানো সেই চিৰিজ চলাই গৈ আছোঁ। অসমত ৬০০ বছৰ ৰাজত্ব কৰা ৪০ গৰাকী আহোম স্বৰ্গদেউৰ বিষয়ে লিখিবলৈ আমি আৰম্ভ কৰিছিলোঁ আৰু আজি পৰ্যন্ত ২২ জন স্বৰ্গদেউৰ বিষয়ে লিখি সমাপ্ত হৈছে। আহোম স্বৰ্গদেউসমূহৰ ৰাজত্বৰ প্ৰতিটো ঘটনা আমি সাঙুৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ বাবে আমি ঐতিহাসিক সমলযুক্ত ভালেমান অসমৰ ইতিহাসৰ গ্ৰন্থ অধ্যয়ন কৰিছোঁ আৰু তাৰ পৰা নির্ভুল তথ্য যোগান ধৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াৰ সমান্তৰালকৈ আমি চলাই নিছোঁ ভাৰতৰ সংবিধান শীৰ্ষক এটা চিৰিজ। ইয়াত সংবিধানৰ ভাগসমূহৰ বিষয়ে উল্লেখ কৰি তাৰ ব্যাখ্যা আগবঢ়োৱা হৈছে। বৰ্তমানলৈ সংবিধানৰ চতুৰ্দশ ভাগলৈকে  আমি সন্নিৱিষ্ট কৰিছোঁ।

আমি এই চিৰিজ দুটাৰ লগতে আৰু এটা চিৰিজ আৰম্ভ কৰিছোঁ আৰু সেইটো হৈছে এশজন আধুনিক অসমীয়া। আমি এই চিৰিজৰ ভালেকেইজন অসমীয়াৰ বিষয়ে অধ্যয়নপুষ্ট তথ্যসমৃদ্ধ লেখা আগবঢ়াইছোঁ আৰু ভৱিষ্যতৰ দিনত আৰু আগবঢ়াই নিবলৈ চেষ্টা কৰিম। এই চিৰিজসমূহৰ উপৰিও আমি চলিত কিছুমান ঘটনাৰ বিষয়ে নিৰ্মোহ বিশ্লেষণ আগবঢ়াও সেয়া লাগিলে বাঘজানেই হওঁক বা ৰাছিয়া-ইউক্ৰেইন সংঘাতেই হওঁক। ইয়াৰোপৰি বিভিন্ন অসমীয়া জাতি-জনগোষ্ঠী, উৎসৱ-পাৰ্বন, বিভিন্ন দিৱস আদিৰ বিষয়েও আমি লেখা আগবঢ়াই আহিছোঁ যাতে পাঠক সমাজ লাভৱান হয়। লগতে আমি কিছুমান চলচ্চিত্ৰৰ সমালোচনা, বিখ্যাত অসমীয়া কবিতাৰ ব্যাখ্যা, অসমীয়া ভাষা, সাহিত্যৰ সম্পৰ্কে বিভিন্ন লেখা লিখি আহিছোঁ।

আমাৰ এই যাত্ৰাত সহযাত্ৰী হোৱা সকলোকে ধন্যবাদ। যিসকল সুহৃদ লেখক-লেখিকাই আমাক মাজে-সময়ে লেখাৰ যোগান ধৰি আহিছে তেওঁলোকক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ অৱদান অবিহনে হয়তো আমি ইমানখিনি কৰিবলৈ সক্ষম নহলোহেঁতেন। তেওঁলোকে আমাক প্ৰতিটো মুহূৰ্ততে দিয়া সাহসবোৰ আমাৰ সদায় মনত থাকিব। তেওঁলোকৰ এই সাহসে আমাক অনাগত দিনত আগুৱাই যোৱাত উৎসাহ যোগাব।

চাওঁতে চাওঁতে আমাৰ সাৰথি নামৰ এই সপোনটোৰ দুবছৰ হ’ল আৰু আমি ভবামতে কিছুক্ষেত্ৰত আমি সফল হৈছোঁ বুলি ভাব হয় কিয়নো আজিকালি দিনকদিনে গুগলত অসমীয়াত চাৰ্চৰ পৰিমাণ বৃদ্ধি পাই আহিছে। আমাৰ এই সপোনটোৱে কিন্তু পূৰ্ণতা লাভ কৰা নাই। আমাৰ সপোনটোৱে তেতিয়াহে পূৰ্ণতা লাভ কৰিব যেতিয়া অসমীয়া ভাষাই গুগলত স্বীকৃতি লাভ কৰিব। তাৰ বাবে আমি নিৰন্তৰ প্ৰয়াস কৰি আহিছোঁ আৰু কৰি গৈ থাকিম। গুগলত আমি অসমীয়া ভাষাৰ লেখাৰ সংখ্যা বৃদ্ধি কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু সকলোকে আহ্বান জনাওঁ যাতে তেওঁলোকেও অসমীয়া ভাষাক গুগলত স্বীকৃতি দিয়াত অৱদান আগবঢ়ায়।

আমাৰ সাৰথিৰ এই যাত্ৰা কিন্তু বৰ সহজ নাছিল আৰু আগন্তুক দিনতো সহজ নহয়। আমি এটা অনিশ্চয়তাৰ বাটেৰে আগুৱাই আহিছিলোঁ কিয়নো আমাক বাট দেখাওঁতা কোনো নাছিল। ইয়াৰ লগতে কিছুমান ক্ষেত্ৰত প্ৰকৃত তথ্য বিচাৰি উলিয়াবলৈ বহুতো গ্ৰন্থ অধ্যয়ন কৰিব লাগে আৰু এই গ্ৰন্থসমূহ গোটোৱাও বৰ সহজ কাম নহয়। আমি চেষ্টা কৰিছিলো আৰু কষ্ট কৰি সকলো তথ্য উদ্ঘাটন কৰি আমাৰ লেখাসমূহত সন্নিৱিষ্ট কৰাৰ চেষ্টা কৰিছিলো আৰু আমি এই ক্ষেত্ৰত বহুলাংশে সফল হৈছো।

সাৰথিৰ ভৱিষ্যত পৰিকল্পনা

সাৰথিৰ মূল লক্ষ্য হৈছে- আপোন ভাষাত হাতৰ টিপতেই বিশ্ব। ইয়াৰ বাবে সাৰথিৰ তৰফৰ পৰা কেইবাটাও দীৰ্ঘম্যাদী আঁচনি লোৱা হৈছে। পোনপ্ৰথমে অসম বিষয়ক এলানি গৱেষণামূলক প্ৰবন্ধৰে ইন্টাৰনেটৰ জগতত থকা অভাৱসমূহ দূৰ কৰিবলৈ লোৱা হৈছে। ইয়াত আমি কেইবাটাও বিষয় সামৰি লৈছো, যেনে- এশজন আধুনিক অসমীয়া, এশজন ইতিহাস প্ৰসিদ্ধ অসমীয়া, অসমৰ জনগোষ্ঠী সমূহ, অসমৰ উৎসৱ-পাৰ্ৱণ, অসমৰ সংগীত, অসমৰ লোক-শিল্প, অসমৰ লোক-নৃত্য, অসমৰ বিখ্যাত ঠাইসমূহ ইত্যাদি। ইয়াৰ পাছত পৰ্যায়ক্ৰমে ভাৰত বিষয়ক আৰু বিশ্ব বিষয়ক বিষয়সমূহ সামৰি সাৰথিক এখন পূৰ্ণাংগ বিশ্বকোষৰ ৰূপত গঢ়ি তোলা হব।

ইয়াৰ উপৰিও সাৰথিৰ এটা জনপ্ৰিয় শিতান ‘পৰ্যালোচনা’ক অপোনালোকৰ কাষলৈ অধিক সক্ৰিয় ৰূপত লৈ যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰা হ’ব। যাৰ উদ্দেশ্য হৈছে অসমৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ঘটনাৱলীৰ এটা বস্তুনিষ্ঠ বিৱৰণ আপোনালোকৰ আগত দাঙি ধৰি আপোনালোকৰ জ্ঞানৰ পৰিধিক এটা নতুন সীমা প্ৰদান কৰা।

জন্মলগ্নৰে পৰা সাৰথিক অনন্য মাত্ৰা প্ৰদান কৰি অহা সাৰথিৰ দুটা উল্লেখযোগ্য শিতান অথবা সংগ্ৰহালয় হৈছে-অসমীয়া ই-বুক আৰু অসমীয়া চিনেমা। আগন্তক দিনত এই দুটি শিতানকো অধিক সমৃদ্ধ কৰি তুলি আপোনাসৱৰ জ্ঞান আৰু মনোৰঞ্জনক সমৃদ্ধ কৰি তোলাৰ বাবে আমাৰ সম্পূৰ্ণ চেষ্টা অব্যাহত থাকিব। আমাৰ এই যাত্ৰাত প্ৰয়োজন হ’ব আপোনালোকৰ সহায়-সহযোগৰ। আশাকৰোঁ আপোনালোক আমাৰ সাহস হৈ থাকিব আৰু আমাৰ ভুলবোৰ আঙুলিয়াই দি দিহা-পৰামৰ্শ দি যাব। আমাৰ সকলো সুহৃদ পাঠকবৃন্দলৈ আমাৰ এয়াই প্ৰণাম। 

ধন্যবাদেৰে,

সাৰথি পৰিয়াল

পহিলা বহাগ, ২০২২ খ্ৰীষ্টাব্দ

আৰু পঢ়ক – ৰাছিয়া ইউক্ৰেইন সংঘাত

5 1 vote
Article Rating
Subscribe
Notify of
guest
10 Comments
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Restore CBD Gummies Reviews

There is definately a lot to find out about this subject. I like all the points you made

WonderFix Glycogen Support capsules

very informative articles or reviews at this time.

alpilean pills reviews
6 months ago

Wow superb blog layout How long have you been blogging for you make blogging look easy The overall look of your site is magnificent as well as the content

apple cider vinegar weight loss gummies

Just want to say your article is as surprising. The clearness in your post is just awesome and i could assume youre an expert on this subject Fine with your permission let me get your RSS feed to be updated with forthcoming post Thanks a million and please keep up the good

temproary email
6 months ago

This is my first brief visit, and I’m delighted to have everything in one location.

Puravive scam
6 months ago

Wonderful web site Lots of useful info here Im sending it to a few friends ans additionally sharing in delicious And obviously thanks to your effort

Organicore CBD Formula
6 months ago

Wow amazing blog layout How long have you been blogging for you made blogging look easy The overall look of your web site is magnificent as well as the content

GlucoSlim
5 months ago

I happily found this incredible website a few days ago with wonderful content for readers. The site owner has a knack for engaging fans. I’m thrilled and hope they persist in creating excellent content.

GlucoRelief fda approved

I’m often to blogging and i really appreciate your content. The article has actually peaks my interest. I’m going to bookmark your web site and maintain checking for brand spanking new information.

puravive capsules
4 months ago

This website page is unbelievable. The brilliant substance reveals the essayist’s interest. I’m awestruck and anticipate further such mind blowing entries.

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

indibet login

10cric login

bc game download

dream11 download

1win login

fun88 login

rummy online

rs7 sports

rummy online

https://iplwin-login.in/

betvisa casino

betvisa app download

crickex cricket betting

crickex app download

ipl win

dafabet app

rummy

rummy

raja 567

rummy circle

my 11 circle

mostbet app

paripesa login

dafabet login

iplwin download

rummy joy apk

rummy mate apk

yono rummy apk

rummy star apk

rummy best apk

ipl win

ipl win

dafabet login

apna ludo

rummy mars apk

rummy most apk

rummy deity apk

rummy tour apk

dafabet app

gullybet

Crazy Time

Crazy Time

https://jeetbuzz-in.org/

https://lotus365-in.org/

https://91club-in.org/

https://winbuzz-in.org/

https://mahadevbook-in.com/

jeetbuzz

iplwin

yono rummy

rummy deity

rummy app

betvisa

lotus365

betvisa login

10
0
Would love your thoughts, please comment.x
()
x