তথ্যকোষভাৰতীয় সংবিধানসাময়িকী

ভাৰতৰ সংসদ : ভাৰতীয় সংবিধান(৫-খ)

(ভাৰতীয় সংবিধানৰ পঞ্চম ভাগৰ এই অধ্যায়টোত ভাৰতৰ দুখন সংসদ ৰাজ্যসভা আৰু লোকসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। লগতে ইয়াত আন এটা অধ্যায়ো সংযোজন কৰা হৈছে য’ত ৰাষ্ট্ৰপতিৰ বিধায়িনী ক্ষমতাসমূহ আলোচনা কৰা হৈছে।)

দ্বিতীয় অধ্যায়

সংসদ 

সাধাৰণ 

অনুচ্ছেদ ৭৯- সংসদৰ গঠন: 

সংঘৰ বাবে ৰাষ্ট্রপতি আৰু যথাক্রমে ৰাজ্য সভা আৰু লােক সভা নামৰ দুটি সদনেৰে গঠিত এখন সংসদ থাকিব ।

অনুচ্ছেদ ৮০- ৰাজ্য সভাৰ গঠন: 

(১)  ৰাজ্য সভা–

(ক) খণ্ড (৩) ৰ উপবন্ধ অনুযায়ী ৰাষ্ট্রপতিৰ দ্বাৰ মনােননীত বাৰ জন সদস্য; আৰু

(খ) ৰাজ্য সমূহৰ আৰু সংঘ-ৰাজ্যক্ষেত্র সমূহৰ অনধিক দুশ আঠত্রিশ জন প্রতিনিধিক লৈ গঠিত হ’ব। 

(২) ৰাজ্য সভাত ৰাজ্য সমূহৰ আৰু সংঘ-ৰাজ্যক্ষেত্র সমূহৰ প্রতিনিধি বৰ্গৰ দ্বাৰা পূর্ণ কৰিবলগীয়া আসনৰ বণ্টন চতুর্থ অনুসূচীত সন্নিবিষ্ট কৰা উপবন্ধাবলী অনুযায়ী হ’ব। 

(৩) খণ্ড (১) ৰ উপখণ্ড (ক)ৰ অধীনত ৰাষ্ট্ৰপতিয়ে মনােনীত কৰিব লগা সদস্যসকল নিম্নলিখিত বিষয় সমূহৰ সম্বন্ধে বিশেষ জ্ঞান বা ব্যৱহাৰিক অভিজ্ঞতা থকা ব্যক্তি হ’ব লাগিব, 

যেনে- সাহিত্য, বিজ্ঞান, কলা আৰু সমাজ-সেৱা ।

( ৪ ) ৰাজ্য সভাৰ কাৰণে প্রত্যেকখন ৰাজ্যৰ প্রতিনিধি সেই ৰাজ্যৰ বিধান সভাৰ নির্বাচিত সদস্য সমূহৰ দ্বাৰা আনুপাতিক প্রতিনিধিত্ব পদ্ধতি অনুসাৰে একল সংক্রমণীয় ভােটৰ দ্বাৰা নির্বাচিত হ’ব ।

(৫) ৰাজ্য সভাৰ কাৰণে সংঘ-ৰাজ্যক্ষেত্র সমূহৰ প্রতিনিধি বর্গক সংসদে বিধিৰ দ্বাৰা যি ৰীতি বিহিত কৰি দিয়ে সেই ৰীতিৰে বাছি লােৱা হ’ব । 

অনুচ্ছেদ ৮১- লোকসভাৰ গঠন- 

(১) অনুচ্ছেদ ৩৩১ ৰ উপবন্ধ সমূহৰ সাপেক্ষে– 

(ক) ৰাজ্য সমূহৰ প্রাদেশিক নির্বাচন সমষ্টি সমূহৰ পৰা প্রত্যক্ষ নির্বাচনৰ দ্বাৰা নির্বাচিত অনধিক পাঁচশ পঁচিশজন সদস্য আৰু 

(খ) সংঘ ৰাজ্যক্ষেত্র সমূহক প্রতিনিধিত্ব কৰিবলৈ সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰা ৰীতি অনুসৰি নির্বাচিত অনধিক বিশ জন সদস্যক লৈ লােক সভা গঠিত হ’ব । 

(২) খণ্ড (১) ৰ উপখণ্ড (ক)ৰ প্ৰয়ােজনৰ বাবে-  

(ক) প্রত্যেক ৰাজ্যৰ কাৰণে লােকসভাৰ আসনৰ সংখ্যা এনে ধৰণৰে বণ্টন কৰা হ’ব যাতে সেই সংখ্যা আৰু ৰাজ্যখনৰ জনসংখ্যাৰ মাজৰ অনুপাত সকলাে ৰাজ্যৰ বাবে যথাসাধ্য একে হয়; আৰু 

( খ ) প্রত্যেকখন ৰাজ্যকে এনে ধৰণেৰে প্রাদেশিক নির্বাচন সমষ্টিত ভাগ কৰা হ’ব যাতে প্রত্যেক সমষ্টিৰ জনসংখ্যা আৰু তাৰ বাবে আবন্টিত আসন সংখ্যাৰ মাজৰ অনুপাত সমস্ত ৰাজ্যতে যথাসাধ্য একে হয় : 

পৰন্তু, কোনাে ৰাজ্যৰ জনসংখ্যা ষাঠি লাখৰ অধিক নােহােৱা পর্যন্ত সেই ৰাজ্যৰ বাবে লােকসভাৰ আসন আবন্টনৰ প্ৰয়ােজনৰ বাবে এই খণ্ডৰ (ক) উপখণ্ডৰ উপবন্ধ সমূহ প্রযােজ্য নহ’ব।

(৩) এই অনুচ্ছেদত ‘জনসংখ্যা’ পদে এনে অন্তিম পূর্বৱর্তী জন-গণনাত অভিনিশ্চিত জনসংখ্যাক বুজাব যাৰ প্রাসঙ্গিক সংখ্যাসমূহ প্রকাশিত হৈছে। 

পৰন্তু, এই খণ্ডত প্রাসঙ্গিক সংখ্যা সমূহ প্রকাশিত হােৱা অন্তিম পূর্বৱর্তী জনগণনাৰ প্ৰতি থকা নির্দেশে , ২০০০ চনৰ পিচত অনুষ্ঠিত প্রথম জনগণনাৰ প্রাসঙ্গিক সংখ্যা সমূহ প্রকাশিত নােহোৱা পর্যন্ত , ১৯৭১ চনৰ জনগণনাৰ প্ৰতি কৰা নির্দেশ বুলি অর্থ কৰা হব।

অনুচ্ছেদ ৮২- প্ৰত্যেক জনগনাৰ পাছত পুনঃসমাযোজন: 

প্রত্যেক জনগণনাৰ সমাপ্তিৰ অন্তত লােক সভাত ৰাজ্যসমূহৰ আসনৰ আবন্টনৰ আৰু প্রত্যেক ৰাজ্যক প্রাদেশিক নির্বাচন সমষ্টিত বিভাজনৰ, এনে প্ৰাধিকাৰীৰ দ্বাৰা আৰু এনে ৰীতিত পুনঃ সমাযোজন কৰা হ’ব যিটোনেকি সংসদে বিধিৰ দ্বাৰা নিৰ্ধাৰিত কৰে:

পৰন্তু, এনে পুনঃ সমাযােজনে তৎকালীন বিদ্যমান সদনৰ বিঘটন নােহােৱা পর্যন্ত লােক সভাত থকা প্রতিনিধিৰ ওপৰত প্ৰভাৱ নেপেলাব:  

উপৰন্তু, ৰাষ্ট্রপতিয়ে আদেশৰ দ্বাৰা যথা বিনিৰ্দিষ্ট কৰি দিয়া তাৰিখৰ পৰাহে এনে পুনঃ সমাযােজন কাৰ্যকৰী হ’ব আৰু এনে পুনঃ সমাযােজন কাৰ্যকৰী নােহােৱা পৰ্যন্ত সদনলৈ হ’বলগীয়া কোনাে নির্বাচন এনে পুনঃ সমাযােজনৰ পূর্বে থকা প্রাদেশিক সমষ্টি সমূহৰ ভিত্তিত অনুষ্ঠিত হব পাৰিব :

অধিকন্তু , ২০০০ চনৰ পিচত অনুষ্ঠিত প্রথম জন-গণনাৰ প্রাসঙ্গিক সংখ্যা সমূহ প্রকাশ নকৰা পৰ্যন্ত এই অনুচ্ছেদৰ অধীনত ৰাজ্যসমূহক লােক সভাৰ আসন আবন্টনৰ পুনঃ সমযােজন কৰা আৰু প্রত্যেক ৰাজ্যক প্রাদেশিক সমষ্টিত বিভাজন কৰাটো আৱশ্যক নহ’ব ।

অনুচ্ছেদ ৮৩- সংসদৰ সদনদ্বয়ৰ কালৱধি :

(১) ৰাজ্য সভাৰ বিঘটন নহ’ব, কিন্তু ইয়াৰ যথাসম্ভৱ নিকটতম এক তৃতীয়াংশ সদস্যই, সংসদৰ দ্বাৰা প্ৰণীত বিধিৰ দ্বাৰা সেই মর্মে কৰা উপবন্ধ অনুসাৰে, প্রত্যেক দ্বিতীয় বছৰৰ সমাপ্তিত যথাসম্ভৱ শীঘ্ৰে অৱসৰ গ্ৰহণ কৰিব । 

(২) আগতীয়াকৈ বিঘটিত নহ’লে লোক সভা ইয়াৰ প্ৰথম বৈঠকৰ বাবে নিযুক্ত তাৰিখৰ পৰা পাঁচ বছৰ কালৰ কাৰণে বৰ্তি থাকিব আৰু ইয়াতকৈ অধিক কাল নেথাকিব আৰু পাঁচ বছৰৰ উক্ত কালৰ সমাপ্তিত লােক সভাৰ বিঘটন ঘটিব । 

পৰন্তু, যেতিয়া কোনাে সংকটকালীন অৱস্থাৰ ঘােষণা প্রৱর্তিত হৈ থাকে তেতিয়া এবাৰত এবছৰ কাল অতিক্রম নকৰাকৈ আৰু কোনাে প্রকাৰে উক্ত ঘােষণাৰ ক্রিয়া সমাপ্তিৰ পিচত ছমাহ কালাৱধিৰ অধিক বিস্তৃত নকৰাকৈ সংসদে বিধিৰ দ্বাৰা উক্ত কালাবধি বঢ়াই দিব পাৰে।

অনুচ্ছেদ ৮৪- সংসদৰ সদস্য পদৰ বাবে অৰ্হতা:

কোনাে ব্যক্তি সংসদৰ কোনাে আসন পূর্ণ কৰিবৰ  অৰ্হতা নাথাকিব, যদিহে-

(ক) ভাৰতৰ নাগৰিক নহয়, আৰু নির্বাচন আয়ােগৰ দ্বাৰা এই নিমিত্তে প্রাধিকৃত কোনাে ব্যক্তিৰ আগত তৃতীয় অনুসূচীত এই প্রয়ােজনৰ বাবে দিয়া প্রপত্র অনুসাৰে শপত গ্রহণ বা প্রতিজ্ঞান নকৰে আৰু তাত হস্তাক্ষৰ নকৰে; 

(খ) ৰাজ্য সভাৰ আসনৰ ক্ষেত্ৰত নুন্যতম ত্রিশ বছৰ আৰু লােক সভাৰ আসনৰ ক্ষেত্ৰত নুন্যতম পঁচিশ বছৰ বয়স প্রাপ্ত নহয়; আৰু

(গ) সংসদৰ দ্বাৰা প্ৰস্তুত কোনাে বিধিৰ দ্বাৰা বা অধীনত এই মর্মে বিহিত কৰি দিয়া অন্যান্য তেনে অৰ্হতা সম্পন্ন নহয় ।

অনুচ্ছেদ ৮৫- সংসদৰ অধিৱেশন সমূহৰ সত্ৰাৱসান আৰু বিঘটন- 

(১) ৰাষ্ট্রপতিয়ে সময়ে সময়ে সংসদৰ প্রত্যেক সদনকে, তেওঁ যি সময়ত আৰু স্থানত উচিত বুলি ভাবে তেনে সময়ত আৰু স্থানত বৈঠকৰ বাবে আহ্বান কৰিব, কিন্তু ইয়াৰ কোনাে অধিবেশনৰ অন্তিম বৈঠক আৰু তাৰ পৰবৰ্তী অধিবেশনৰ প্রথম বৈঠকৰ বাবে নির্দিষ্ট তাৰিখৰ মাজৰ ব্যবধান ছমাহতকৈ বেছি হ’ব নােবাৰিব । 

(২) ৰাষ্ট্রপতিয়ে সময়ে সময়ে – 

(ক)উভয় সদনৰ বা যিকোনাে সদনৰ সত্ৰাৱসান কৰিব পাৰে ; 

(খ) লােক সভা বিঘটন কৰিব পাৰে ।

অনুচ্ছেদ ৮৬- সদনত অভিভাষণ দিবলৈ আৰু বাণী পঠাবলৈ ৰাষ্ট্ৰপতিৰ অধিকাৰ : 

(১) ৰাষ্ট্ৰপতিয়ে সংসদৰ যিকোনােটো সদনত বা একেলগে সমবেত হােৱা উভয় সদনতে অভিভাষণ দিব পাৰে আৰু সেই উদ্দেশ্যে সদস্য সকলৰ উপস্থিতি বিচাৰিব পাৰে ।

(২) সংসদত তৎকালীন বিবেচনাধীন কোনাে বিধেয়কৰ বিষয়েই হওক বা আন বিষয়েই হওক ৰাষ্ট্রপতিয়ে সংসদৰ যিকোনােটো সদনলৈ বাণী প্ৰেৰণ কৰিব পাৰে আৰু যিটো সদনলৈ কোনাে বাণী এনে প্রকাৰে প্রেৰিত হয়, সেই সদনে যিমান শীঘ্ৰে সুবিধা হয় সিমান শীঘ্ৰে সেই বাণী অনুযায়ী বিচাৰৰ বাবে অপেক্ষিত যিকোনাে বিষয়ৰ বিচাৰ কৰিব । 

অনুচ্ছেদ ৮৭- ৰাষ্ট্ৰপতিৰ দ্বাৰা বিশেষ অভিভাষণ: 

(১) লােক সভাৰ বাবে হোৱা প্রত্যেকটো সাধাৰণ নিৰ্বাচনৰ পিচত বহা প্রথম অধিবেশনৰ প্ৰাৰম্ভণিতে আৰু প্রত্যেক বছৰৰ প্ৰথম অধিবেশনৰ প্ৰাৰম্ভণিতে একেলগে সমবেত হােৱা সংসদৰ উভয় সদনত ৰাষ্ট্ৰপতিয়ে অভিভাষণ দিব আৰু সংসদ আহ্বান কৰাৰ কাৰণ সমূহ সংসদক জনাব।

(২) যিকোনাে সদনৰ প্ৰক্ৰিয়াৰ বিনিয়ামক নিয়মাবলীৰ দ্বাৰা এনে অভিভাষণত নির্দেশিত বিষয় সমূহৰ আলােচনাৰ বাবে সময় ৰাখিবৰ কাৰণে উপবন্ধ কৰিব লাগিব। 

অনুচ্ছেদ ৮৮- সদনৰ সম্পৰ্কত মন্ত্ৰীবৰ্গ আৰু মহান্যায়বাদীৰ অধিকাৰ-

যিকোনােটো সদনত, দুয়ােটা সদনৰ যুটীয়া বৈঠকত আৰু সংসদৰ যি কমিটিৰ সদস্য হিচাপে তেওঁৰ নাম দিয়া হয় সেই কমিটিৰ প্ৰত্যেকজন মন্ত্ৰীৰ আৰু ভাৰতৰ মহান্যায়বাদীৰ কথা কবৰ বা আন প্ৰকাৰে কাৰ্যবাহীত অংশ গ্ৰহণ কৰিবৰ অধিকাৰ থাকিব, কিন্তু এই অনুচ্ছেদৰ বলত ভােট দিবলৈ তেওঁৰ অধিকাৰ নাথাকিব । 

সংসদৰ পদাধিকাৰীসকল 

নুচ্ছেদ ৮৯- ৰাজ্যসভাৰ সভাপতি আৰু উপ-সভাপতি: 

(১) ভাৰতৰ উপ-ৰাষ্ট্রপতি ৰাজ্যসভাৰ পদেন সভাপতি হ’ব ।

(২) ৰাজ্য সভাই, যথা সম্ভৱ শীঘ্ৰে ৰাজ্য সভাৰ সদস্য এজনক তাৰ উপ-সভাপতি ৰূপে বাছি ল’ব আৰু উপ- সভাপতি পদ যেতিয়াই ৰিক্ত হয় তেতিয়াই আন এজন সদস্যক ইয়াৰ উপ-সভাপতি ৰূপে বাছি লব।

অনুচ্ছেদ ৯০-ৰাজ্যভাৰ উপ-সভাপতি পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ- 

ৰাজ্য সভাৰ উপ-সভাপতি পদ ধাৰণ কৰা সদস্য জনে— 

(ক) যদি তেওঁৰ ৰাজ্য সভাৰ সদস্য পদ নােহােৱা হয় তেনেহ’লে তেওঁৰ পদ ৰিক্ত কৰি দিব ; 

(খ) যিকোনাে সময়তে সভাপতিক সম্বােধন কৰি স্বহস্তাক্ষৰেৰে লিখি দি পদত্যাগ কৰিব পাৰে ; আৰু  

(গ) ৰাজ্য সভাৰ তৎকালীন সমূহ সদস্যৰ সংখ্যাধিক্যৰ দ্বাৰা পাৰিত কোনাে সংকল্প দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব: 

পৰন্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্রায় জনাই অন্ততঃ চৈধ্য দিনৰ আগতে সূচনা নিদিয়াকৈ উপখণ্ড 

(গ)ৰ প্রয়ােজনৰ বাবে তেনে কোনাে সংকল্প উপস্থাপিত কৰিব নােৱাৰিব।

অনুচ্ছেদ ৯১- সভাপতি পদৰ কৰ্তব্যসমূহ পালন কৰিবলৈ অথবা সভাপতি ৰূপে কাৰ্য চলাবলৈ উপ-সভাপতি বা আন কোনো ব্যক্তিৰ ক্ষমতা-  

(১) যেতিয়ানেকি সভাপতিৰ পদ ৰিক্ত হৈ থাকে বা যি সময়ছােৱাত উপ-ৰাষ্ট্রপতিয়ে ৰাষ্ট্ৰপতিৰূপে কার্যনির্বাহ কৰে কিম্বা ৰাষ্ট্ৰপতিৰ কাৰ্যাৱলী নির্বহন কৰে তেতিয়া সভাপতি পদৰ কর্তব্য সমূহ উপ-সভাপতিয়ে পালন কৰিব আৰু যদি উপ-সভাপতিৰ পদটোও ৰিক্ত হৈ থাকে তেতিয়া ৰাষ্ট্রপতিয়ে সেই প্রয়ােজনৰ নিমিত্তে নিযুক্ত কৰা ৰাজ্য সভাৰ যিকোনাে সদস্যই সভাপতি পদৰ কৰ্তব্য সমূহ পালন কৰিব। 

(২) ৰাজ্য সভাৰ কোনাে বৈঠকত সভাপতি অনুপস্থিত থাকিলে উপ-সভাপতিয়ে বা তেৱো যদি অনুপস্থিত থাকে তেনেহলে ৰাজ্য সভাৰ প্ৰক্ৰিয়াৰ নিয়মাবলীৰ দ্বাৰা যথা নির্ধাৰিত আন কোনাে ব্যক্তিয়ে বা যদি এনে কোনাে ব্যক্তি উপস্থিত নাথাকে তেনেহলে ৰাজ্য সভাৰ দ্বাৰা যথা নিৰ্ধাৰিত কোনাে ব্যক্তিয়ে সভাপতিৰূপে কার্য কৰিব ।

অনুচ্ছেদ ৯২- সভাপতি বা উপ-সভাপতিক পদৰ পৰা অপসাৰণ কৰাৰ সংকল্প বিচাৰাধীন হৈ থকা কালত সভাপতি বা উপসভাপতিয়ে সভাপতিত্ব নকৰিব:

(১) ৰাজ্য সভাৰ কোনাে বৈঠকত যেতিয়া উপ-ৰাষ্ট্রপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনাে সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া সভাপতিয়ে বা উপ-সভাপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনাে সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপ সভাপতিয়ে উপস্থিত থাকিলেও সভাপতিত্ব নকৰিব, আৰু স্থান বিশেষে সভাপতি বা উপ সভাপতি অনুপস্থিত থকা বৈঠকত অনুচ্ছেদ ৯১ ৰ খণ্ড (২) ৰ উপবন্ধসমূহ যেনেকৈ প্রযােজ্য হয় এনে প্রত্যেক বৈঠকৰ সম্পৰ্কত সেই উপবন্ধ সমূহ তেনেকৈ প্রযােজ্য হ’ব ।

(২) উপ-ৰাষ্ট্রপতিক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনাে সংকল্প বিচাৰাধীন হৈ থকা কালত ৰাজ্য সভাত কথা কবলৈ কিম্বা আন প্ৰকাৰে ইয়াৰ কাৰ্যবাহীত অংশ গ্রহণ কৰিবলৈ সভাপতিৰ ক্ষমতা থাকিব, কিন্তু অনুচ্ছেদ ১০০ ত যিকোনাে কথা থকা সত্ত্বেও এনে সংকল্প কিম্বা এনে কাৰ্যবাহীৰ কালত আন কোনাে বিষয়ত ভােট দিবলৈ তেওঁৰ অধিকাৰ নাথাকিব।

অনুচ্ছেদ ৯৩- লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ:

লােক সভাই যথা সম্ভব শীঘ্ৰে সদনৰ দুজন সদস্যক যথাক্রমে ইয়াৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বাছি ল’ব, আৰু যেতিয়াই অধ্যক্ষ বা উপাধ্যক্ষৰ পদ ৰিক্ত হয় তেতিয়াই সদনে আন এজন সদস্যক অধ্যক্ষ বা স্থানবিশেষে উপাধ্যক্ষ বাছি লব । 

অনুচ্ছেদ ৯৪- লোকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ:

লােক সভাৰ অধ্যক্ষ বা উপাধ্যক্ষ ৰূপে পদ ধাৰণ কৰি থকা সদস্যই-

(ক) যদি তেওঁৰ লােক সভাৰ সদস্য পদ নােহাৱা হয় তেনেহ’লে তেওঁৰ পদ ৰিক্ত কৰি দিব । 

(খ) যদি তেওঁ অধ্যক্ষ হয় তেনেহলে উপাধ্যক্ষলৈ , আৰু যদি উপাধ্যক্ষ হয় তেনেহ’লে অধ্যক্ষলৈ সম্বােধন কৰি যিকোনাে সময়তে স্বহস্তাক্ষৰেৰে লিখিত ভাবে নিজৰ পদত্যাগ কৰিব পাৰে, আৰু 

(গ) লােক সভাৰ তৎকালীন সমূহ সদস্যৰ সংখ্যাধিক্যৰ দ্বাৰা গৃহীত কোনাে সংকল্প দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব:

পৰন্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্রায় জনাই অন্ততঃ চৈধ্য দিনৰ আগতে সূচনা নিদিয়াকৈ খণ্ড (গ)ৰ প্ৰয়ােজনৰ বাবে তেনে কোনাে সংকল্প উপস্থাপিত কৰিব নােৱাৰিব:

অধিকন্তু, লােক সভাৰ যেতিয়াই বিঘটন হয় তেতিয়াই বিঘটনৰ পৰবৰ্তী লােক সভাৰ প্রথম বৈঠক বহাৰ ঠিক পূর্ব কাললৈকে অধ্যক্ষই তেওঁৰ পদ ৰিক্ত নকৰিব । 

অনুচ্ছেদ ৯৫- অধ্যক্ষ ৰূপে কাৰ্য চলাবলৈ বা সেই পদৰ কৰ্তব্য পালন কৰিবলৈ উপাধক্ষ বা আন লোকৰ ক্ষমতা:

(১) যেতিয়াই অধ্যক্ষ পদ ৰিক্ত হয় তেতিয়াই সেই পদৰ কৰ্তব্য সমূহ উপাধ্যক্ষই বা যদি উপাধ্যক্ষ পদো ৰিক্ত হয় তেতিয়া ৰাষ্ট্রপতিয়ে সেই উদ্দেশ্যে নিযুক্ত বা লােক সভাৰ আন কোনাে সদস্যই পালন কৰিব । 

(২) লােক সভাৰ কোনাে বৈঠকত অধ্যক্ষ অনুপস্থিত থাকিলে উপাধ্যক্ষই, বা তেৱো যদি অনুপস্থিত থাকে তেনেহ’লে সদনৰ প্ৰক্ৰিয়াৰ নিয়মাবলীৰ দ্বাৰা যথা নির্ধাৰিত আন কোনাে ব্যক্তিয়ে, বা যদি এনে কোনাে ব্যক্তি উপস্থিত নেথাকে তেনেহলে সদনৰ দ্বাৰা যথা নিৰ্ধাৰিত আন কোনাে ব্যক্তিয়ে অধ্যক্ষ ৰূপে কাৰ্য্য চলাব ।

অনুচ্ছেদ ৯৬- পদৰ পৰা অপসাৰণৰ বাবে কোনো সংকল্প বিচাৰাধীন হৈ থকা কালত অধ্যক্ষ বা উপাধক্ষই সভাপতিত্ব নকৰিব: 

(১) লােক সভাৰ কোনাে বৈঠকত যেতিয়া অধ্যক্ষক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনাে সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া অধ্যক্ষই, বা যেতিয়া উপাধ্যক্ষক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনাে সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপাধ্যক্ষই উপস্থিত থাকিলেও সভাপতিত্ব নকৰিব, আৰু স্থান বিশেষে অধ্যক্ষ বা উপাধ্যক্ষ অনুপস্থিত থকা বৈঠক অনুচ্ছেদ ৯৫ খণ্ড (২) ৰ উপবন্ধ সমূহ যেনেকৈ প্রযােজ্য হয় এনে প্রত্যেক বৈঠক সম্পৰ্কত সেই উপবন্ধ সমূহ তেনেকৈ প্রযােজ্য হব । 

(২) অধ্যক্ষক তেওঁৰ পদৰ পৰা অপসাৰণ কৰাৰ কোনাে সংকল্প বিচাৰাধীন হৈ থকা কালত লোক সভাত কথা কবলৈ বা আন প্ৰকাৰে ইয়াৰ কাৰ্যবাহীত অংশ গ্ৰহণ কৰিবলৈ অধ্যক্ষৰ অধিকাৰ থাকিব কিন্তু অনুচ্ছেদ ১০০ ত যিকোনাে কথা থকা সত্ত্বেও এনে সংকল্পত কিম্বা কাৰ্যবাহীৰ কালত আন কোনাে বিষয়ত কেৱল প্রথমতঃ তেওঁৰ ভােট দানৰ অধিকাৰ থাকিব; কিন্তু ভােটৰ সমতাৰ ক্ষেত্ৰত এনে অধিকাৰ নেথাকিব ।

অনুচ্ছেদ ৯৭- সভাপতি আৰু উপ-সভাপতি আৰু অধ্যক্ষ আৰু উপাধক্ষৰ বেতন আৰু ভাত্তা:

ৰাজ্য সভাৰ সভাপতি আৰু উপ-সভাপতিক আৰু লােক সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষক সংসদে বিধিৰ দ্বাৰা যথাক্রমে যথা নির্দিষ্ট কৰা অনুসৰি বেতন আৰু ভাত্তা সমূহ দিয়া হব আৰু সেই মর্মে উপবন্ধ প্রস্তুত নকৰালৈকে দ্বিতীয় অনুসূচীত বিনির্দিষ্ট কৰা বেতন আৰু ভাত্তা সমূহ দিয়া হব । 

অনুচ্ছেদ ৯৮- সংসদৰ সচিবালয়: 

(১) সংসদৰ প্রত্যেক সদনৰে পৃথক সাচিবিক কর্মচাৰীবৃন্দ থাকিব। 

পৰন্তু, সংসদৰ উভয় সদনৰ নিমিত্তে উমৈহতীয়া পদ সৃষ্টি কৰাৰ পৰা বাৰণ কৰা হৈছে বুলি এই খণ্ডৰ কোনাে কথাই অর্থ নকৰিব ।

(২) সংসদে বিধিৰ দ্বাৰা সংসদৰ যিকোনােটো সদনৰ সাচিবিক কৰ্মচাৰীবৃন্দৰ ভৰ্ত্তি আৰু নিযুক্ত ব্যক্তি সমূহৰ সেৱাৰ চৰ্তসমূহ বিনিয়মন কৰিব পাৰে ।

(৩) সংসদৰ দ্বাৰা খণ্ড (২) ৰ অধীনত উপবন্ধ প্রস্তুত নকৰা পর্যন্ত ৰাষ্ট্রপতিয়ে ক্ষেত্রবিশেষে লোকসভাৰ অধ্যক্ষ বা ৰাজ্য সভাৰ সভাপতিৰ সৈতে পৰামৰ্শ কৰি লােক সভাৰ বা ৰাজ্য সভাৰ সাচিবিক কর্মচাৰীবৃন্দৰ ভৰ্ত্তি আৰু নিযুক্ত ব্যক্তি সমূহৰ সেৱাৰ চর্তসমূহ বিনিয়মন কৰি নিয়ম কৰিব পাৰিব আৰু উক্ত খণ্ডৰ অধীনত কৰা কোনাে বিধিৰ উপবন্ধাৱলীৰ সাপেক্ষে , সেই নিয়মাৱলী প্রভাবী হ’ব । 

কাৰ্য্য পৰিচালনা 

অনুচ্ছেদ ৯৯- সদস্যসকলৰ দ্বাৰা শপত বা প্ৰতিজ্ঞান- 

সংসদৰ প্ৰতিটো সদনৰ প্রত্যেক সদস্যই নিজ আসন গ্রহণ কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ আগত বা সেই মর্মে তেওঁৰ দ্বাৰা নিযুক্ত কোনাে ব্যক্তিৰ আগত,তৃতীয় অনুসূচীত সেই প্রয়ােজনৰ বাবে দিয়া প্রপত্র অনুযায়ী শপত লব বা প্রতিজ্ঞান গ্ৰহণ কৰিব আৰু তাত চহী কৰিব । 

অনুচ্ছেদ ১০০- সদনত ভোটদান,আসন ৰিক্ত থকা স্বত্বেও সদনৰ কাৰ্য কৰাৰ ক্ষমতা আৰু থূল-

(১) এই সংবিধানত অন্যথা উপবন্ধিত অৱস্থাৰ বাহিৰে কোনাে সদনৰ কোনাে বৈঠকত বা দুয়ােটা সদনৰ যুটীয়া বৈঠকত উত্থাপিত সকলাে প্রশ্ন, অধ্যক্ষ অথবা অধ্যক্ষ বা সভাপতি ৰূপে কাৰ্য চলােবা ব্যক্তিৰ বাহিৰে উপস্থিত থকা আৰু ভােট দিয়া সদস্য সকলৰ সংখ্যাধিক্য ভােটৰ দ্বাৰা নিৰ্ধাৰিত কৰা হ’ব। 

সভাপতিয়ে বা অধ্যক্ষই, অথবা তেনে ৰূপে কাৰ্য কৰা ব্যাক্তিয়ে প্রথমতঃ ভােট নিদিব, কিন্তু ভােট সমান সমান হলে তেওঁ এটা নির্ণায়ক ভােট পাব আৰু সেইটো প্ৰয়ােগ কৰিব । 

(২) সদস্য পদৰ কোনাে ৰিক্ততা থকা সত্ত্বেও সংসদৰ যিকোনােটো সদনৰে ইয়াৰ কাৰ্য্য চলাবলৈ ক্ষমতা থাকিব আৰ অধিকাৰ নথকা কোনাে ব্যক্তি কাৰ্য্যবাহীত উপস্থিত আছিল বা ভােট দিছিল বা আন প্ৰকাৰে তাত তেওঁ অংশ গ্রহণ কৰিছিল বুলি পিচত ধৰা পৰিলেও সংসদৰ কাৰ্যবাহী বিধিমান্য হ’ব । 

(৩) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত নকৰিলে, সংসদৰ যিকোনােটো সদনৰ কোনাে বৈঠক গঠন কৰিবৰ কাৰণে সেই সদনৰ সদস্য সকলৰ মুঠ সংখ্যাৰ এক-দশমাংশৰে থূল হ’ব । 

(৪) কোনাে সদনৰ কোনাে বৈঠকত কোনাে সময়ত যদি থূল পূর্ণ নহয়, তেনেহ’লে থূল হৈ নুঠা পর্যন্ত বৈঠক স্থগিত ৰখাটো বা নিলম্বিত কৰাটো সভাপতি বা অধ্যক্ষৰ অথবা সেই ৰূপে কাৰ্য্য কৰা ব্যক্তিৰ কৰ্তব্য হ’ব । 

সদস্যসকলৰ অনৰ্হতসমূহ

অনুচ্ছেদ ১০১- আসনৰ ৰিক্ততা- 

(১) কোনাে ব্যক্তিয়েই সংসদৰ উভয় সদনৰ সদস্য নহ’ব আৰু কোনাে ব্যক্তি উভয় সদনৰ সদস্য হ’লে ইটো বা সিটো সদনত তেওঁৰ আসন ৰিক্ত কৰাৰ কাৰণে সংসদে বিধিৰ দ্বাৰা উপবন্ধ কৰিব ।

(২) কোনাে ব্যক্তি একেসময়তে সংসদৰ আৰু কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ কোনােটো সদনৰ সদস্য হব নােৱাৰিব আৰু কোনাে ব্যক্তি যদি সংসদৰ আৰু কোনাে ৰাজ্যৰ বিধান মণ্ডলৰ কোনােটো সদনৰ সদস্য বাছি লােৱা হয় তেনেহ’লে ৰাষ্ট্রপতিয়ে প্রণয়ন কৰা নিয়মত যথা বিনির্দিষ্ট কালছােৱাৰ সমাপ্তিত সেই ব্যক্তিৰ সংসদত আসন ৰিক্ত হ’ব যদিহে তেওঁ ইতিপূর্বে ৰাজ্যৰ বিধান মণ্ডলত তেওঁৰ আসন ৰিক্ত কৰা নাই । 

(৩) যদি সংসদৰ কোনােটো সদনৰ সদস্য–

(ক) অনুচ্ছেদ ১০২ ৰ খণ্ড(১) বা খণ্ড (২)ত উল্লিখিত অনৰ্হতা সমূহৰ কোনােটোৰ অধীনস্থ হয়, কিম্বা 

(খ) যথাস্থিতি সভাপতি বা অধ্যক্ষক সম্বােধন কৰি স্বহস্তাক্ষৰে লিখিত ভাবে তেওঁৰ আসন ত্যাগ কৰে, আৰু যথাস্থিতি সভাপতি বা অধ্যক্ষৰ দ্বাৰা তেওঁৰ পদত্যাগ গৃহীত হয়, 

তেওঁৰ আসন তেতিয়া ৰিক্ত হব । 

পৰন্তু, উপখণ্ড (খ)ত উল্লিখিত কোনাে পদত্যাগৰ ক্ষেত্ৰত, যদি প্রাপ্ত সংবাদৰ পৰা বা আন প্ৰকাৰে আৰু উপযুক্ত বুলি বিবেচনা কৰা তেনে কোনাে তদন্তৰ পিচত, যথাস্থিতি সভাপতি বা অধ্যক্ষ, এই বুলি সন্তুষ্ট হয় যে তেনে পদত্যাগ স্বেচ্ছাকৃত বা প্রকৃত নহয় তেনেহ’লে তেওঁ তেনে পদত্যাগ গ্রহণ নকৰিব । 

(৪) যদি সংসদৰ যিকোনােটো সদনৰ কোনাে সদস্যই অনুজ্ঞা নােলােৱাকৈ ষাঠি দিন ধৰি সদনৰ সকলোবােৰ বৈঠকত অনুপস্থিত থাকে তেনেহ’লে তেওঁৰ আসন ৰিক্ত হােৱা বুলি সদনে ঘােষণা কৰিব পাৰিব। 

পৰন্তু, উক্ত ষাঠি দিনৰ কালছােৱাৰ গণনা কৰােতে যি কালছােৱাত সদনৰ সত্ৰাৱসান হয় বা একে লেঠাৰিয়ে চাৰি দিনতকৈও অধিক সদন স্থগিত হয় সেই কালছােৱা লেখত লােৱা নহ’ব । 

অনুচ্ছেদ ১০২- সদস্য পদৰ কাৰণে অনৰ্হতাসমূহ-

(১) কোনাে ব্যক্তি সংসদৰ কোনােটো সদনৰ সদস্য ৰূপে বাছনি পাবলৈ বা সদস্য হ’বৰ কাৰণে অযোগ্য হ’ব—(ক) যদি তেওঁ, সংসদে বিধিৰ দ্বাৰা পদধাৰীক অযোগ্য নকৰে বুলি ঘােষণা কৰা পদৰ বাহিৰে, ভাৰত চৰকাৰৰ বা কোনাে ৰাজ্য চৰকাৰৰ অধীনত কোনাে লাভৰ পদ ধাৰণ কৰি থাকে

(খ) যদি তেওঁ বিকৃত চিত্তৰ হয় আৰু কোনাে সক্ষম ন্যায়ালয়ৰ দ্বাৰা এনেদৰে ঘােষিত হয়;

(গ) যদি তেওঁ অমুক্ত দেউলীয়া হয় ।

(ঘ) যদি তেওঁ ভাৰতৰ নাগৰিক নহয় বা কোনাে বিদেশী ৰাজ্যৰ নাগৰিকত্ব স্বেচ্ছাই অর্জন কৰিছে বা কোনাে বিদেশী ৰাজ্যৰ প্রতি নিষ্ঠা বা অনুষক্তিৰ অভিস্বীকাৰৰ অধীনত আছে ;

(ঙ) যদি তেওঁক সংসদে প্রণয়ন কৰা কোনাে বিধিৰ দ্বাৰা বা অধীনত তেনেদৰে অযোগ্য কৰি দিয়া হৈছে । 

স্পষ্টীকৰণ — এই খণ্ডৰ প্ৰয়ােজনৰ বাবে,কোনাে ব্যক্তিক সংঘৰ বা কোনাে ৰাজ্যৰ মন্ত্রী হ’ল বুলিয়েই ভাৰত চৰকাৰৰ অথবা কোনাে ৰাজ্য চৰকাৰৰ অধীনত লাভৰ পদ ধাৰণ কৰা বুলি গণ্য কৰা নহ’ব ।

(২) কোনাে ব্যক্তি সংসদৰ যিকোনোটো সদনৰ সদস্য হ’বলৈ অযোগ্য হব যদিহে তেওঁ দশম অনুসূচীৰ অধীনত এনেদৰে অযোগ্য হয় । 

অনুচ্ছেদ ১০৩- সদস্যসকলৰ অনৰ্হতা বিষয়ক প্ৰশ্নৰ ওপৰত বিনিশ্চয়-

(১) যদি সংসদৰ কোনােটো সদনৰ কোনাে সদস্য অনুচ্ছেদ ১০২ ৰ খণ্ড (১) ত উল্লিখিত অনৰ্হতাৰ কোনােটোৰ অধীনস্থ হোৱা বা নােহোৱা সম্পর্কে কোনাে প্রশ্ন উঠে তেনেহ’লে সেই প্রশ্ন ৰাষ্ট্ৰপতিৰ বিনিশ্চয়ৰ কাৰণে পঠোৱা হব আৰু ৰাষ্ট্ৰপতিৰ বিনিশ্চয়ই চূড়ান্ত হব ।

(২) এনে কোনাে প্রশ্নৰ ওপৰত বিনিশ্চয় দিয়াৰ পূৰ্বে ৰাষ্ট্রপতিয়ে নির্বাচন আয়ােগৰ মতামত ল’ব আৰু এনে মতামত অনুসাৰে কাৰ্য্য কৰিব ।

অনুচ্ছেদ ১০৪- অনুচ্ছেদ ৯৯ ৰ অধীনত শপত লোৱাৰ বা প্ৰতিজ্ঞান কৰাৰ পূৰ্বে কিম্বা অৰ্হতা নোহোৱাকৈ সদস্যৰ স্থানত বহা আৰু ভোট দিয়াৰ কাৰণে দণ্ড- 

যদি কোনাে ব্যক্তিয়ে অনুচ্ছেদ ৯৯ ৰ প্ৰয়ােজনীয়তা সমূহ পূর্ণ কৰাৰ পূর্বে সংসদৰ, যিকোনােটো সদনৰ সদস্যৰূপে বহে বা ভােট দিয়ে অথবা যেতিয়া তেওঁ সংসদৰ যিকোনােটো সদনৰ সদস্যৰ বাবে যোগ্য নহয় বা অযোগ্য হয় বুলি জানিও, অথবা সংসদৰ দ্বাৰা প্রস্তুত কোনাে বিধিৰ উপবন্ধৰ দ্বাৰা তেওঁক তেনেকৈ বহিবলৈ বা ভােট দিবলৈ প্ৰতিষেধ কৰা হােৱা বুলি জানিও তেনে কৰে , তেনেহ’লে তেওঁ তেনেকৈ বহা বা ভােট দিয়া প্রত্যেক দিনৰ বাবে পাঁচশ টকাৰ দণ্ডৰে দণ্ডনীয় হব আৰু সেই টকা সংঘক দিবলগীয়া ঋণ হিচাপে উচলযােগ্য হ’ব । 

সংসদৰ আৰু তাৰ সদস্যসকলৰ ক্ষমতা, বিশেষাধিকাৰ আৰু উন্মুক্তি সমূহ 

অনুচ্ছেদ ১০৫- সংসদৰ সদন দুখন আৰু তাৰ সদস্যসকলৰ আৰু সমিতি বিলাকৰ ক্ষমতা,বিশেষাধিকাৰ ইত্যাদি-

(১) এই সংবিধানৰ উপবন্ধাৱলী, আৰু সংসদৰ প্রক্রিয়া বিনিয়মিত কৰা নিয়মাৱলী আৰু স্থায়ী আদেশবােৰৰ সাপেক্ষে সংসদত বাক-স্বতন্ত্রতা থাকিব। 

(২) সংসদত বা তাৰ কোনাে সমিতিত কোৱা কোনাে কথা বা দিয়া কোনাে ভােটৰ সম্বন্ধত সংসদৰ কোনাে সদস্যৰ বিৰুদ্ধে কোনাে ন্যায়ালয়ত কোনাে কাৰ্যবাহী নচলিব আৰু সংসদৰ যিকোনােটো সদনৰ প্ৰাধিকাৰৰ দ্বাৰা বা অধীনত কোনাে প্রতিবেদন, পত্র, ভােট বা কাৰ্যবাহীৰ প্ৰকাশনৰ সম্বন্ধতাে কোনাে ব্যক্তি তেনে ধৰণে দায়ী নহব ।

(৩) অন্যান্য বিষয়ত সংসদৰ প্রত্যেক সদনৰ আৰু প্রত্যেক সদনৰ সদস্য সকলৰ, আৰ ইয়াৰ সমিতিবােৰৰ ক্ষমতা, বিশেষাধিকাৰ আৰু উন্মুক্তিবােৰ সংসদে বিধিৰ দ্বাৰা সময়ে সময়ে পৰিভাষিত কৰি দিয়া অনুসাৰে হ’ব ; আৰু তেনে প্ৰকাৰে পৰিভাষিত নােহোৱা পর্যন্ত সংবিধানৰ চতুঃচত্বাৰিংশ সংশােধন  অধিনিয়ম, ১৯৭৮ ৰ ধাৰা ১৫ বলবৎ হােৱাৰ অব্যবহিত পূর্বে সেই সদনৰ আৰু তাৰ সদস্য সকলৰ তথা সমিতিবােৰৰ যিবিলাক ক্ষমতা, বিশেষাধিকাৰ আৰু উন্মুক্তি থাকে সেই বিলাকেই হ’ব । 

( ৪ ) এই সংবিধানৰ আধাৰত যিসকল ব্যক্তিয়ে সংসদৰ কোনাে সদনত বা তাৰ কোনাে সমিতিত কথা কবৰ বা আন প্ৰকাৰে তাৰ কাৰ্যবাহীত অংশ গ্রহণ কৰিবৰ অধিকাৰ পায় তেনে ব্যক্তিৰ সম্বন্ধত সংসদৰ সদস্য সকলৰ সম্বন্ধত প্রয়ােগ হােৱাৰ নিচিনাকৈ খণ্ড (১), (২) আৰু (৩) ৰ উপবন্ধাৱলী প্রয়ােগ হ’ব । 

অনুচ্ছেদ ১০৬- সদস্যসকলৰ বেতন আৰু ভাত্তা: সংসদে বিধিৰ দ্বাৰা সময়ে সময়ে নিৰ্দ্ধাৰণ কৰি দিয়া অনুসৰি বেতন আৰু ভাত্তা পাবলৈ আৰু সেই সম্বন্ধত তেনে উপবন্ধ প্রস্তুত নােহােৱা পর্যন্ত এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূর্বে ভাৰত ডমিনিয়নৰ সংবিধান সভাৰ সদস্য সকলৰ প্রতি প্রযােজ্য নিৰিখত আৰু চৰ্তত ভাত্তা পাবলৈ সংসদৰ যিকোনােটো সদনৰ সদস্য সকল অধিকাৰী হব ।

বিধান প্রক্রিয়া

অনুচ্ছেদ ১০৭- বিধেয়ক উত্থাপন আৰু পাৰিতকৰণ সম্বন্ধীয় উপবন্ধাৱলী :

(১) ধন সম্পৰ্কীয় বিধেয়ক আৰু অন্যান্য বিত্তীয় বিধেয়কৰ বিষয়ত থকা অনুচ্ছেদ ১০৯ আৰু ১১৭ ৰ উপবন্ধাৱলী সাপেক্ষে, কোনাে বিধেয়কৰ উৎপত্তি সংসদৰ যি কোনােটো সদনতে হ’ব পাৰে ।

(২) অনুচ্ছেদ ১০৮ আৰু ১০৯ ৰ উপবন্ধাৱলী সাপেক্ষে উভয় সদনৰ দ্বাৰা বিনা সংশােধনেৰে অথবা উভয় সদনৰ দ্বাৰা কেৱল যথা স্বীকৃত সংশােধন সহ, স্বীকৃত নােহােৱা পর্যন্ত কোনাে বিধেয়ক সংসদৰ সদন কেইটাৰ দ্বাৰা পাৰিত হােৱা বুলি গণ্য নহ’ব ।

(৩) সদন কেইটাৰ সত্ৰাৱসান  হােৱা হেতু সংসদত বিবেচনাধীন কোনাে বিধেয়ক কালাতিগত নহব । 

(৪) ৰাজ্য সভাত বিবেচনাধীন হৈ থকা কিন্তু লােক সভাৰ দ্বাৰা পাৰিত নােহােৱা কোনাে বিধেয়ক লােক সভাৰ বিঘটন হলে কালাতিগত নহ’ব।

(৫) লােক সভাৰ বিবেচনাধীন বা লােক সভাৰ দ্বাৰা পাৰিত হৈ ৰাজ্য সভাত বিবেচনাধীন হৈ থকা কোনাে বিধেয়ক অনুচ্ছেদ ১০৮ ৰ উপবন্ধাৱলী সাপেক্ষে, লােক সভাৰ বিঘটন হ’লে কালাতিগত হব । 

অনুচ্ছেদ ১০৮- কোনো কোনো অৱস্থাত উভয় সদনৰ যুটীয়া বৈঠক: 

(১) যদি কোনাে বিধেয়ক এটা সদনৰ দ্বাৰা পাৰিত হৈ আনটো সদনলৈ অভিপ্রেৰিত হােৱাৰ পিচত — 

(ক) আনটো সদনৰ দ্বাৰা বিধেয়কখন অগ্রাহ্য কৰা হয়; বা 

(খ) বিধেয়কখনত কৰিবলগা সংশােধন সম্পর্কে দুয়ােটা সদন চূড়ান্ত ভাবে বিমত হয় ; বা 

(গ) আনটো সদনৰ দ্বাৰা বিধেয়কখন প্রাপ্তিৰ তাৰিখৰ পৰা বিধেয়কখন পাৰিত নােহােৱাকৈয়ে ছয় মাহতকৈও অধিক কাল অতিবাহিত হয় ; 

তেনেহ’লে ৰাষ্ট্ৰপতিয়ে, লােক সভাৰ বিঘটন হেতুকে বিধেয়কখন কালাতিগত নহ’লে বিধেয়কৰ ওপৰত পর্যালােচনা আৰু ভােট দান কৰাৰ উদ্দেশ্যে যুটীয়া বৈঠকত সন্মিলিত হ’ব কাৰণে উভয় সদনক, যদি বৈঠকত থাকে তেনেহলে বাৰ্তাৰ দ্বাৰা আৰু যদি বৈঠকত নাথাকে তেনেহলে সার্বজনিক অধিসূচনাৰ দ্বাৰা, আহ্বান কৰিবলৈ তেওঁৰ অভিপ্রায় অধিসূচিত কৰিব পাৰে :

পৰন্তু, এই খণ্ডৰ কোনাে কথা ধন সম্পৰ্কীয় বিধেয়কত প্রযােজ্য নহ’ব।

(২) খণ্ড (১)ত যথা নির্দেশিত ছমাহৰ কালছােবা সংগণনা কৰােতে যি কালছােৱাত উক্ত খণ্ডৰ উপখণ্ড (গ)ত নির্দেশিত সদনৰ সত্ৰাৱসান হয় বা একে লেঠাৰিয়ে চাৰি দিনতকৈও অধিক সদন স্থগিত ৰখা হয়, সেই কালছােৱা লেখত লােৱা নহ’ব।

(৩) যেতিয়া ৰাষ্ট্রপতিয়ে খণ্ড (১) ৰ অধীনত যুটীয়া বৈঠকত সন্মিলিত হ’বৰ কাৰণে সদন কেইখনক আহ্বান কৰাৰ অভিপ্রায় অধিসূচিত কৰে, তেতিয়া কোনােটো সদনেই বিধেয়ক খনৰ কাৰ্য্যবাহীত আৰু আগ নেবাঢ়িব; কিন্তু ৰাষ্ট্রপতিয়ে তেওঁৰ অধিসূচনাৰ তাৰিখৰ পিচত যি কোনাে সময়তে অধিসূচনাত বিনিৰ্দিষ্ট উদ্দেশ্যৰ বাবে যুটীয়া বৈঠকত সন্মিলিত হ’বৰ কাৰণে সদন কেইটাক আহ্বান কৰিব পাৰে আৰু যদি তেওঁ তেনে কৰে তেতিয়া সদনকেইটা সেই অনুসাৰে সন্মিলিত হ’ব ।

(৪) যদি দুয়ােটা সদনৰ যুটীয়া বৈঠকত, বিধেয়কখনৰ কোনাে সংশােধনী থাকিলে সেই যুটীয়া বৈঠকত স্বীকৃত হােৱা এনে সংশােধন সহ, বিধেয়কখন উভয় সদনৰ উপস্থিত থকা আৰু ভােট দিয়া সদস্যসকলৰ মুঠ সংখ্যাৰ সংখ্যাগৰিষ্ঠতাৰ দ্বাৰা পাৰিত হয়, তেনেহ’লে এই সংবিধানৰ প্রয়ােজনৰ বাবে সেই বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হােৱা বুলি গণ্য কৰা হ’ব :

পৰন্তু, যুটীয়া বৈঠকত (ক) যদি বিধেয়কখন এটা সদনৰ দ্বাৰা পাৰিত হৈ আনটো সদনৰ দ্বাৰা সংশােধন সহ পাৰিত নহয় আৰু যিটো সদনত ইয়াৰ উৎপত্তি হৈছিল সেই সদনলৈ পুনঃ প্রেৰিত নহয়, তেনেহ’লে বিধেয়কখনৰ পালনত পলম হােৱাৰ বাবে আৱশ্যক হৈ উঠা সংশােধনৰ (যদিহে থাকে) বাহিৰে বিধেয়কত আন কোনাে সংশােধন প্রস্তাৱিত হ’ব; 

(খ) যদি বিধেয়কখন সেই প্রকাৰে পাৰিত হয় আৰু পুনঃ প্রেৰিত হয়, তেনেহলে কেৱল পূর্বোক্ত প্রকাৰৰ সংশােধন আৰু সদনকেইটা সন্মত হ’ব নােৱাৰা বিষয়ৰ লগত সুসঙ্গত হােৱা আন এনে সংশােধনহে বিধেয়কখনত প্রস্তাৱিত হ’ব।

আৰু এই খণ্ডৰ অধীনত কোনবােৰ সংশােধন গ্রাহ্য হ’ব সেই সম্পর্কে বৈঠকত অধ্যক্ষতা কৰা ব্যক্তিৰ বিনিশ্চয়েই চূড়ান্ত হ’ব ।

(৫) যুটীয়া বৈঠকত সন্মিলিত হােৱাৰ কাৰণে সদন কেইটাক আহ্বান কৰাৰ অভিপ্রায় ৰাষ্ট্রপতিয়ে অধিসূচিত কৰাৰ পিচত লোক সভাৰ বিঘটনে ব্যাহত কৰা সত্ত্বেও এই অনুচ্ছেদৰ অধীনত যুটীয়া বৈঠক হ’ব পাৰে আৰু তাত কোনাে বিধেয়ক পাৰিত হ’ব পাৰে ।

অনুচ্ছেদ ১০৯- ধন সম্পৰ্কীয় বিধেয়ক সম্বন্ধত বিশেষ প্ৰক্ৰিয়া:

(১) ধন সম্পকীয় বিধেয়ক ৰাজ্য সভাত উত্থাপিত নকৰিব । 

(২) লােক সভাই ধন সম্পর্কীয় বিধেয়ক এখন পাৰিত কৰাৰ পিচত তাক ৰাজ্য সভালৈ চুপাৰিছৰ অৰ্থে প্ৰেৰণ কৰা হ’ব আৰু ৰাজ্য সভাই বিধেয়কখন পোৱা তাৰিখৰ চৈধ্য দিনৰ কালাৱধিৰ ভিতৰত নিজৰ চুপাৰিছ সহ বিধেয়কখন লােক সভালৈ ঘূৰাই পঠাব আৰু তেতিয়া লােক সভাই ৰাজ্য সভাৰ চুপাৰিছ সমূহৰ সকলোবােৰ বা যিকোনােটো গ্রহণ বা প্রত্যাখ্যান কৰিব পাৰে ।

(৩) যদি লােক সভাই ৰাজ্য সভাৰ চুপাৰিছ সমূহৰ কোনােটো গ্ৰহণ কৰে, তেনেহলে ৰাজ্য সভাই চুপাৰিছ কৰা আৰু লােক সভাই গ্ৰহণ কৰা সংশােধন সহ ধন সম্পর্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হৈছে বুলি গণ্য হ’ব । 

(৪) যদি লােক সভাই ৰাজ্য সভাৰ চুপাৰিছ সমূহৰ কোনটোকে গ্রহণ নকৰে, তেনেহ’লে ৰাজ্য সভাই চুপাৰিছ কৰা কোনাে সংশােধন বিনা লোক সভাই যি ৰূপত ইয়াক পাৰিত কৰে, সেই ৰূপতে ধন সম্পর্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হৈছে বুলি গণ্য হ’ব । 

(৫) যদি লােক সভাৰ দ্বাৰা পাৰিত কৰা তথা ৰাজ্য সভালৈ চুপাৰিছৰ অৰ্থে প্রেৰিত কৰা ধন সম্পর্কীয় বিধেয়কখন চৈধ্য দিনৰ উক্ত কালাৱধিৰ ভিতৰত লােক সভালৈ পুনৰ প্ৰেৰিত নহয়, তেনেহলে উক্ত কালাৱধিৰ সমাপ্তিত যি ৰূপত লােক সভাৰ দ্বাৰা ইয়াক পাৰিত কৰা হৈছিল, সেই ৰূপতেই ই উভয় সদনৰ দ্বাৰা পাৰিত হােৱা বুলি গণ্য হ’ব ।

অনুচ্ছেদ ১১০- ধন সম্পৰ্কীয় বিধেয়কৰ পৰিভাষা:

(১) এই অধ্যায়ৰ প্রয়ােজনৰ কাৰণে কোনাে বিধেয়কক ধন সম্পর্কীয় বিধেয়ক বুলি গণ্য কৰা হ’ব যদি ইয়াত কেৱল নিম্নলিখিত বিষয় সমূহৰ সকলোবােৰ বা যিকোনােটোৰ লগত সম্বন্ধ থকা উপবন্ধ অন্তর্বিষ্ট থাকে, যেনে-

(ক) কোনাে কৰৰ আৰােপন, বিলােপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিয়মন; 

(খ) ভাৰত চৰকাৰৰ দ্বাৰা ধনৰ ঋণ গ্রহণ বা কোনাে প্রত্যাভূতি দিয়াৰ বিনিয়মন কিম্বা ভাৰত চৰকাৰৰ দ্বাৰা লােৱা বা ল’ব খােজা কোনাে বিত্তীয় বাধ্যবাধকতা সম্বন্ধত বিধিৰ সংশােধন;

(গ) ভাৰতৰ সঞ্চিত নিধি বা আকস্মিকতা নিধিৰ অভিক্ষা, এনেকুৱা কোনাে নিধিলৈ ধন আদায় দিয়া বা তাৰ পৰা ধন উলিওৱা ।

(ঘ) ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধনৰ বিনিয়ােজন 

(ঙ) কোনাে ব্যয় ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় বুলি ঘােষণা কৰা বা এনে কোনাে ব্যয়ৰ পৰিমাণ বৃদ্ধি কৰা; 

(চ) ভাৰতৰ সঞ্চিত নিধি বা ভাৰতৰ লােক লেখাৰ 

( পাব্লিক একাউন্ট ) বাবদ ধন প্রাপ্তি কৰা বা এনে ধনৰ অভিৰক্ষা বা নিষ্কর্ষণ বা সংঘ বা ৰাজ্যৰ লেখাৰ লেখা-পৰীক্ষণ, বা 

(ছ) (ক) ৰ পৰা (চ) লৈকে এই উপখণ্ড কেইটাত বিনির্দিষ্ট বিষয় সমূহৰ যিকোনটোৰ আনুষঙ্গিক কোনাে বিষয়। 

( ২ ) কেৱল জৰিমনা বা আন আর্থিক দণ্ড আৰােপণৰ অৰ্থে বা অনুজ্ঞাপ্তিৰ অথবা কৃত সেৱাৰ বাবে ফিজ দাবী কৰাৰ বাবে উপবন্ধ কৰিছে বুলিয়েই কিম্বা কেৱল কোনাে স্থানীয় প্রাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্রয়ােজনৰ কাৰণে কোনাে কৰৰ আৰােপন, বিলােপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিয়মনৰ উপবন্ধ কৰিছে বুলিয়েই কোনাে বিধেয়ক ধন সম্পর্কীয় বিধেয়ক বুলি গণ্য নহ’ব । 

(৩) কোনাে বিধেয়ক ধন সম্পৰ্কীয় বিধেয়ক হয়নে নহয় সেই সম্পর্কে কোনাে প্রশ্নৰ উদ্ভৱ হলে সেই বিষয়ত লােক সভাৰ অধ্যক্ষৰ বিনিশ্চয়েই চূড়ান্ত হ’ব । 

(৪) অনুচ্ছেদ ১০৯ ৰ অধীনত ৰাজ্য সভালৈ প্ৰেৰিত কৰােতে আৰু অনুচ্ছেদ ১১১ ৰ অধীনত ৰাষ্ট্ৰপতিৰ ওচৰত সন্মতি লাভৰ বাবে নিবেদন কৰােতে প্রত্যেক ধন সম্পর্কীয় বিধেয়কৰ ওপৰত সেইখন ধন সম্পর্কীয় বিধেয়ক বুলি লােক সভাৰ অধ্যক্ষ স্বাক্ষৰ সহ প্রমাণ পত্ৰ পৃষ্ঠাংকিত হ’ব লাগিব । 

অনুচ্ছেদ  ১১১- বিধেয়কত সন্মতি প্ৰদান:

সংসদৰ সদন কেইটাৰ দ্বাৰা কোনাে বিধেয়ক পাৰিত হ’লে সেই বিধেয়কখন ৰাষ্ট্ৰপতিৰ ওচৰত নিবেদন কৰা হ’ব, আৰু ৰাষ্ট্রপতিয়ে হয় তেওঁ সেই বিধেয়কত সন্মতি দিছে, নহয় তাত সন্মতি দিয়াৰ পৰা বিৰত হৈছে বুলি ঘােষণা কৰিব : 

পৰন্তু, সন্মতিৰ কাৰণে বিধেয়কখন নিবেদিত কৰাৰ পিচত ৰাষ্ট্রপতিয়ে যদিহে ই ধন সম্পর্কীয় বিধেয়ক নহয়, তেনেহ’লে সেই বিধেয়কৰ বা তাৰ কোনাে বিশেষ উপবন্ধৰ পুনৰ বিচাৰ কৰিবলৈ আৰু বিশেষকৈ তেওঁৰ নিজ বাণীত চুপাৰিছ কৰি দিয়া তেনে কোনাে সংশােধন উত্থাপন কৰাৰ বাঞ্ছনীয়তাৰ বিচাৰ কৰিবলৈ অনুৰােধ কৰি বাণীসহ যথাসম্ভৱ শীঘ্ৰে বিধেয়কখন সদন কেইটালৈ ঘূৰাই পঠাব পাৰে আৰু যেতিয়া বিধেয়কখন তেনেকৈ ঘূৰাই পঠোৱা হয় তেতিয়া সদন কেইটাই তদানুসাৰে বিধেয়কখনৰ পুনৰ বিচাৰ কৰিব আৰু যদি বিধেয়কখন সংশােধন সহ বা বিনা সংশােধনেৰে সদন কেইটাৰ দ্বাৰা পুনৰ পাৰিত হয় আৰু সন্মতিৰ কাৰণে ৰাষ্ট্ৰপতিৰ ওচৰত নিবেদন কৰা হয়, তেনেহ’লে ৰাষ্ট্রপতিয়ে তাত সন্মতি দিয়াৰ পৰা বিৰত নহ’ব । 

বিত্তীয় বিষয় সম্পর্কে প্রক্রিয়া 

অনুচ্ছেদ ১১২-বাৰ্ষিক বিত্তীয় বিবৰণ: 

(১) প্রত্যেক বিত্তীয় বছৰৰ সম্বন্ধত এই ভাগত ‘বার্ষিক বিত্তীয় বিৱৰণ’ নামে উল্লিখিত সেই বছৰৰ নিমিত্তে ভাৰত চৰকাৰৰ প্রাক্ কলিত আয় আৰু ব্যয়ৰ বিৱৰণ এখন ৰাষ্ট্রপতিয়ে সংসদৰ উভয় সদনতে দিয়াব ।

(২) বার্ষিক বিত্তীয় বিৱৰণত সন্নিবিষ্ট থকা ব্যয়ৰ প্রাক কলনত – 

(ক) এই সংবিধানৰ দ্বাৰা ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় বুলি বর্ণিত হােৱা ব্যয় পূৰণৰ বাবে প্রয়ােজনীয় ধন ৰাশি; আৰু 

(খ) ভাৰতৰ সঞ্চিত নিধিৰ পৰা ব্যয় কৰিবলৈ প্রস্তাৱিত অন্য ব্যয় পূৰণৰ কাৰণে প্রয়ােজনীয় ধনৰাশি, পৃথককৈ দেখুৱাব আৰু ৰাজস্ব লেখাৰ ব্যয় আন ব্যয়ৰ পৰা প্ৰভেদ কৰি দেখুৱাব ।

(৩) নিম্নোক্ত ব্যয় সমূহ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় হ’ব- 

(ক) ৰাষ্ট্ৰপতিৰ বেতন আৰু ভাত্তা সমূহ আৰু তেওঁৰ পদ সম্পর্কীয় আন ব্যয় ; 

(খ) ৰাজ্য সভাৰ সভাপতি আৰু উপ-সভাপতি আৰু লােকসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ বেতন আৰু ভাত্তা সমূহ; 

(গ) সুদ, নিক্ষেপ-নিধি ভাৰ আৰু বিমােচন ভাৰ অন্তৰ্গত কৰি ভাৰত চৰকাৰৰ দায়িত্বধীন ঋণ ভাৰ সমূহ আৰু ধাৰ গ্ৰহণ আৰু ঋণ সেৱা আৰু ঋণ বিমােচন সম্পর্কীয় অন্য ব্যয় সমূহ । 

(ঘ) (i) উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সকলক বা ন্যায়াধীশ সকলৰ সম্বন্ধত দিব লগা বেতন,ভাত্তা আৰু অৱসৰ বেতন ; 

(ii) ফেডাৰেল ন্যায়ালয়ৰ ন্যায়াধীশ সকলক বা ন্যায়াধীশ সকলৰ সম্বন্ধত দিব লগা অৱসৰ বেতন ; 

(iii) যি উচ্চ ন্যায়ালয়ে ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ অন্তর্ভুক্ত কোনাে ক্ষেত্র সম্পর্কে ক্ষেত্ৰাধিকাৰ প্রয়ােগ কৰে অথবা এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে যিকোনাে সময়ত ভাৰত ডমিনিয়নৰ কোনাে ৰাজ্যপালৰ প্ৰদেশৰ অন্তর্ভুক্ত কোনাে ক্ষেত্র সম্পর্কে ক্ষেত্ৰাধিকাৰ প্ৰয়ােগ কৰিছিল, সেই উচ্চ ন্যায়ালয় সমূহৰ ন্যায়াধীশ সকলক বা ন্যায়াধীশ সকলৰ সম্বন্ধত দিব লগা অৱসৰ বেতন; 

(ঙ) ভাৰতৰ নিয়ন্ত্রক-মহালেখা পৰীক্ষকক বা তেওঁৰ সম্বন্ধত দিব লগা বেতন, ভাত্তা আৰু অৱসৰ বেতন; 

(চ) কোনাে ন্যায়ালয় অথবা মধ্যস্থ ন্যায়াধিকৰণৰ কোনাে নির্ণয়, ডিক্রী বা ৰায়ৰ তুষ্টিৰ অর্থে প্রয়ােজনীয় কোনাে ধনৰাশি ; 

(ছ) এই সংবিধানৰ দ্বাৰা অথবা সংসদে বিধিৰ দ্বাৰা এনে ভাবে ভাৰিত হ’ব বুলি ঘােষণা কৰা আন কোনাে ব্যয় । 

অনুচ্ছেদ ১১৩-সংসদত প্ৰাক-কলন সম্পৰ্কীয় প্ৰক্ৰিয়া- 

(১) প্রাক কলনত ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয় সম্পর্কীয় যিখিনি ব্যয় থাকে সেইখিনি সংসদৰ ভােটৰ বাবে দিয়া নহ’ব, কিন্তু এই খণ্ডৰ কোনাে কথাই সেই প্রাক কলন সমূহৰ কোনােটোক সংসদৰ যিকোনােটো সদনত আলােচনা কৰাৰ পৰা নিবাৰণ কৰা বুলি অর্থ কৰা নহ’ব।

(২) উক্ত প্রাক কলনৰ যিমানখিনি অন্য ব্যয় সম্পর্কীয় হয় সেই পৰিমাণে অনুদান অভিযাচনাৰ ৰূপত লােক সভাত দাঙি ধৰিব আৰু যিকোনাে অভিযাচনাত অনুমতি দিবলৈ বা অনুমতি অস্বীকাৰ কৰিবলৈ অথবা তাত বিনিৰ্দিষ্ট ৰাশিৰ হ্ৰাসকৰণ সাপেক্ষে কোনাে অভিযাচনাত অনুমতি দিবলৈ লােক সভাৰ ক্ষমতা থাকিব ।

(৩) ৰাষ্ট্ৰপতিৰ চুপাৰিছ বিনা কোনাে অনুদানৰ অভিযাচনা(মঞ্জুৰী) কৰা নহ’ব।

অনুচ্ছেদ ১১৪- বিনিয়োজন বিধেয়ক :

(১) লােক সভাই অনুচ্ছেদ ১১৩ ৰ অধীনত অনুদান সমূহ মঞ্জুৰী কৰাৰ পিচত যথাশীঘ্ৰে নিম্নোক্ত ব্যয় সমূহ পুৰণার্থে আৱশ্যক হােৱা সকলাে ধন ভাৰতৰ সঞ্চিত নিধিৰ পৰা বিনিয়ােজন কৰাৰ উপবন্ধ কৰি বিধেয়ক উত্থাপিত কৰিব।

(ক) লােক সভাৰ দ্বাৰা এনেকৈ মঞ্জুৰী কৰা অনুদান সমূহ; আৰু 

(খ) ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত ব্যয়, কিন্তু কোনাে ক্ষেত্রতে সংসদৰ আগত পূৰ্বে দাঙি ধৰা বিৱৰণত দর্শোৱা ৰাশিতকৈ এই ব্যয় অধিক হ’ব নােৱাৰিব। 

(২) সংসদৰ কোনাে সদনতে এনে বিধেয়কৰ ওপৰত এনে সংশােধনৰ প্ৰস্তাৱ নকৰিব যাৰ ফলত এনেকৈ মঞ্জুৰী কৰা কোনাে অনুদানৰ ধনৰ ৰাশিৰ হেৰফেৰ অথবা লক্ষ্যৰ পৰিৱৰ্তন অথবা ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভাৰিত কোনাে ব্যয়ৰ ৰাশিৰ হেৰফেৰ হয় , আৰু এই খণ্ডৰ অধীনত কোনাে সংশােধন অগ্রাহ্য হয় নে নহয় সেই বিষয়ে পীঠাসীন ব্যক্তিৰ বিনিশ্চয়েই চূড়ান্ত হ’ব ।

(৩) অনুচ্ছেদ ১১৫ আৰু ১১৬ ৰ উপবন্ধাৱলীৰ সাপেক্ষে এই অনুচ্ছেদৰ উপবন্ধ অনুসৰি পাৰিত বিধিৰ দ্বাৰা কৰা বিনিয়ােজনৰ অধীন ব্যতিৰেকে ভাৰতৰ সঞ্চিত নিধিৰ পৰা কোনাে ধন উলিয়াব নােৱাৰিব । 

অনুচ্ছেদ ১১৫- অনুপূৰক,উপৰুৱা অথবা অতিৰিক্ত অনুদান

(১) ৰাষ্ট্রপতিয়ে –

(ক) যদি অনুচ্ছেদ ১১৪ ৰ উপবন্ধাৱলী অনুসৰি কৰা কোনাে বিধিৰ দ্বাৰা চলিত বিত্তীয় বছৰত কোনাে বিশেষ সেৱাৰ কাৰণে ব্যয় কৰিবলৈ প্ৰাধিকৃত ধনৰাশি সেই বছৰৰ প্রয়ােজনৰ বাবে পৰ্য্যাপ্ত নহয় অথবা যেতিয়া চলিত বিত্তীয় বছৰত উক্ত বছৰৰ বার্ষিক বিত্তীয় বিৱৰণত অচিন্তিত কোনাে নতুন সেৱাৰ কাৰণে অনুপূৰক বা উপৰুৱা ব্যয়ৰ আৱশ্যকতাৰ উদ্ভৱ হয় , অথবা 

(খ) যদি কোনাে বিত্তীয় বছৰত কোনাে সেৱাৰ কাৰণে সেই সেৱাত উক্ত বছৰত কৰা অনুদানৰ ৰাশিতকৈ অতিৰিক্ত ধন ব্যয় কৰা হয়, সেই ব্যয়ৰ প্রাক কলিত ৰাশি দৰ্শাই স্থান বিশেষে সংসদৰ উভয় সদনত আন এটা বিৱৰণ দিয়াব অথবা লােক সভাত এনে অতিৰিক্ততাৰ অভিযাচনা উত্থাপিত কৰােৱাব। 

(২) বার্ষিক বিত্তীয় বিৱৰণ আৰু তাত বর্ণিত ব্যয় অথবা অনুদানৰ কোনাে অভিযাচনা আৰু ভাৰতৰ সঞ্চিত নিধিৰ পৰা এনে কোনাে ব্যয় বা অনুদান পূৰণৰ নিমিত্তে ধনৰ বিনিয়ােজন প্রাধিকৃত কৰিবলৈ প্ৰস্তুত কৰিব লগীয়া বিধিৰ সম্পৰ্কত অনুচ্ছেদ ১১২,১১৩ আৰু ১১৪ ৰ উপবন্ধ সমূহ যেনেকৈ প্ৰভাৱী হয়, এনে কোনাে বিৱৰণ আৰু ব্যয় বা অভিযাচনাৰ সম্পৰ্কত তথা ভাৰতৰ সঞ্চিত নিধিৰ পৰা এনে ব্যয় অথবা এনে অভিযাচনা সম্বন্ধীয় অনুদান পূৰণৰ নিমিত্তে ধনৰ বিনিয়ােজন প্রাধিকৃত কৰাৰ অৰ্থে কৰা কোনাে বিধিৰ সম্পৰ্কতাে সেই উপবন্ধসমূহ তেনেকৈয়ে প্রভাৱী হ’ব । 

অনুদান ১১৬- লেখা অনুদান, ঋণ অনুদান, ব্যতিক্ৰমী অনুদান:

 (১) এই অধ্যায়ৰ পূৰ্বৱৰ্ত্তী উপবন্ধ সমুহত কোনাে কথা থকা সত্ত্বেও

 (ক) তেনে অনুদানত ভােটদানৰ কাৰণে অনুচ্ছেদ ১১৩ ত বিহিত প্রক্রিয়া আৰু সেই ব্যয়ৰ সম্পৰ্কত অনুচ্ছেদ ১১৪ ৰ উপবন্ধাৱলী অনুযায়ী বিধি পাৰিত হােৱাৰ সাপেক্ষে কোনাে বিত্তীয় বছৰৰ এছােৱাৰ কাৰণে প্রাক কলিত ব্যয় সম্পর্কে অগ্রিম কোনাে অনুদান দিবলৈ;

(খ) যেতিয়া সেৱাৰ গুৰুত্ব বা অনিশ্চিত লক্ষণৰ কাৰণে বছৰেকীয়া বিত্তীয় বিৱৰণীত সাধাৰণতে দিয়া বিস্তৃত কথাৰে অভিযাচনাটো বর্ণিত কৰিব নােৱাৰে তেতিয়া ভাৰতৰ সম্পদ ৰাজিৰ ওপৰত অপ্রত্যাশিত অভিযাচনা পূৰণৰ অৰ্থে অনুদান দিবলৈ;

(গ) কোনাে বিত্তীয় বছৰৰ চলিত সেৱাৰ অংগীভূত নােহােৱা ব্যতিক্রম অনুদান দিবলৈ লােক সভাৰ ক্ষমতা থাকিব, আৰু উপৰােক্ত অনুদান সমূহ যি প্রয়ােজনৰ বাবে দিয়া হয় তাৰ বাবে ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধন উলিওৱাৰ কাৰণে বিধিৰ দ্বাৰা প্রাধিকৃত কৰিবলৈ সংসদৰ ক্ষমতা থাকিব।

(২) বার্ষিক বিত্তীয় বিৱৰণত উল্লিখিত ব্যয়ৰ সম্বন্ধত অনুদান দিয়াৰ সম্পর্কে আৰু তেনে ব্যয় পূৰণার্থে ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধন বিনিয়ােজনৰ প্ৰাধিকাৰ দিয়াৰ অৰ্থে বিধি প্রণয়নৰ সম্পৰ্কত অনুচ্ছেদ ১১৩ আৰু ১১৪ ৰ উপবন্ধাৱলীৰ যি প্ৰভাৱ হয় খণ্ড (১) ৰ অধীনত দিয়া কোনাে অনুদান আৰু সেই খণ্ডৰ অধীনত প্রণয়ন কৰিব লগীয়া কোনাে বিধিৰ সম্পর্কতাে তাৰ সেই একেই প্ৰভাৱ হ’ব।

অনুদান ১১৭- বিত্তীয় বিধেয়ক সম্পৰ্কে বিশেষ উপবন্ধাৱলী :

(১) অনুচ্ছেদ ১১০ ৰ খণ্ড (১) ৰ (ক) ৰ পৰা (চ) লৈকে উপখণ্ড সমূহত বিনির্দিষ্ট কোনাে বিষয়ৰ অৰ্থে উপবন্ধ কৰা কোনাে বিধেয়ক অথবা সংশােধন ৰাষ্ট্ৰপতিৰ চুপাৰিছ বিনা উত্থাপিত অথবা প্রস্তাৱিত কৰিব নােৱাৰিব; আৰু এনে উপবন্ধ থকা কোনা বিধেয়ক ৰাজ্যসভাত উত্থাপিত কৰিব নােৱাৰিব ।

পৰন্তু, কোনাে কৰ হ্ৰাস কৰিবলৈ বা উঠাই দিবলৈ উপবন্ধ কৰি কৰা কোনাে সংশােধন প্রস্তাৱ কৰিবলৈ এই খণ্ডৰ অধীনত চুপাৰিছৰ প্ৰয়ােজন নহ’ব। 

(২) কেৱল কোনাে অর্থদণ্ড বা আন আর্থিক দণ্ড আৰোপৰ অর্থে বা লাইচেন্সৰ বাবে অথবা কৃত সেৱাৰ বাবে ফিজ দাবী কৰাৰ বা দিয়াৰ বাবে উপবন্ধ কৰিছে বুলিয়েই কিম্বা কেৱল কোনাে স্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্রয়ােজনৰ নিমিত্তে কোনাে কৰৰ আৰােপণ, বিলােপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিয়মনৰ উপবন্ধ কৰিছে বুলিয়েই কোনাে বিধেয়ক বা সংশােধন উপৰােক্ত বিষয় সমূহৰ কোনােটোৰ বাবে উপবন্ধ কৰা বুলি গণ্য নহ’ব । 

(৩) কোনাে বিধেয়ক অধিনিয়মিত আৰু প্ৰৱৰ্তিত হ’লে যদি ভাৰতৰ সঞ্চিত নিধিৰ পৰা ব্যয় কৰিব লগা হয় তেনেহলে তেনে বিধেয়ক বিচাৰৰ কাৰণে ৰাষ্ট্রপতিয়ে সদনলৈ চুপাৰিছ নকৰিলে, সংসদৰ কোনাে সদনৰ দ্বাৰা তাক পাৰিত কৰিব নােৱাৰিব ।

প্রক্রিয়া সাধাৰণতঃ

অনুচ্ছেদ ১১৮- প্ৰক্ৰিয়াৰ নিয়মাৱলী 

(১) এই সংবিধানৰ উপবন্ধাৱলীৰ সাপেক্ষে সংসদৰ প্রত্যেক সদনে নিজ প্রক্রিয়া আৰু কাৰ্য্য পৰিচালনাৰ বিনিয়মনৰ নিমিত্তে নিয়মাৱলী প্রস্তুত কৰিব পাৰে।

(২) খণ্ড (১) ৰ অধীনত নিয়মাৱলী প্রস্তুত নকৰা পৰ্য্যন্ত, এই সংবিধানৰ প্ৰাৰম্ভণিৰ অব্যৱহিত পূৰ্ব্বে ভাৰত ডমিনিয়নৰ বিধান মণ্ডলৰ সম্বন্ধত বলবৎ থকা প্ৰক্ৰিয়াৰ নিয়মাৱলী আৰু স্থায়ী আদেশবােৰ, স্থান বিশেষে ৰাজ্য সভাৰ সভাপতি অথবা লােকসভাৰ অধ্যক্ষই তাত কৰা তেনে ৰূপভেদ আৰু অনুকূলন সাপেক্ষে সংসদৰ সম্পৰ্কত প্ৰভাৱী হব । 

(৩) ৰাজ্য সভাৰ সভাপতি আৰু লােকসভাৰ অধ্যক্ষৰ সৈতে পৰামৰ্শ কৰাৰ পাচত ৰাষ্ট্রপতিয়ে উভয় সদনৰ যুটীয়া বৈঠক সম্বন্ধীয় আৰু দুয়ােটা সদনৰ মাজত পৰস্পৰ যােগাযােগ সম্বন্ধীয় প্রক্রিয়াৰ নিয়মাৱলী প্রস্তুত কৰিব পাৰে । 

( ৪ ) দুয়ােটা সদনৰ যুটীয়া বৈঠকত লােক সভাৰ অধ্যক্ষ অথবা তেওঁৰ অনুপস্থিতিত খণ্ড (৩) ৰ অধীনত প্রস্তুত প্রক্রিয়াৰ নিয়মাৱলী অনুসাৰে নিৰ্ধাৰিত কোনো ব্যক্তিয়ে অধ্যক্ষ কৰিব । 

অনুচ্ছেদ ১১৯- সংসদৰ বিত্তীয় কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াৰ বিধিৰ দ্বাৰা বিনিয়মন :

বিত্তীয় কাৰ্যবিলাক ঠিক সময়ত সমাপ্ত কৰিবৰ প্রয়ােজনীয়তাৰ বাবে কোনাে বিত্তীয় বিষয়ৰ সম্পৰ্কত অথবা ভাৰতৰ সঞ্চিত নিধিৰ পৰা ধনৰ বিনিয়ােজন কৰা কোনাে বিধেয়কৰ সম্পৰ্কত সংসদে বিধিৰ দ্বাৰা ইয়াৰ প্রত্যেক সদনৰ প্ৰক্ৰিয়া আৰু কাৰ্য্য-পৰিচালনা বিনিয়মিত কৰিব পাৰে আৰু এনেকৈ কৰা কোনাে বিধিৰ কোনাে উপবন্ধ সংসদৰ কোনাে সদনে অনুচ্ছেদ ১১৮ ৰ খণ্ড (১) ৰ অধীনত কৰা কোনাে নিয়ম অথবা সেই অনুচ্ছেদৰ খণ্ড (২) ৰ অধীনত সংসদৰ সম্পৰ্কত প্ৰভাৱী হােৱা কোনাে নিয়ম বা স্থায়ী আদেশৰ সৈতে যদি অসংগত হয় তেনেহ’লে যি পৰ্য্যন্ত এনে অসংগতি হয়, সেই পৰ্য্যন্ত সেই উপবন্ধই বাহাল থাকিব ।

অনুচ্ছেদ ১২০-সংসদত প্ৰয়োগ হ’ব লগীয়া ভাষা

(১) সপ্তদশ ভাগত যিকোনাে কথা থাকিলেও, অনুচ্ছেদ ৩৪৮ ৰ উপবন্ধাৱলীৰ সাপেক্ষে সংসদৰ কাৰ্য হিন্দী অথবা ইংৰাজীত সম্পাদন কৰিব লাগিব। 

পৰন্তু, স্থানবিশেষে ৰাজ্য সভাৰ সভাপতিয়ে বা লােক সভাৰ অধ্যক্ষই, অথবা তেনে স্বৰূপে কাৰ্য্য নিৰ্বাহক ব্যক্তিয়ে এনে যিকোনাে সদস্যক যি হিন্দী অথবা ইংৰাজীত পৰ্য্যাপ্তৰূপে নিজক অভিব্যক্ত কৰিব নােৱাৰে, তেওঁৰ মাতৃভাষাৰে সদনক সম্বােধন কৰিবলৈ অনুমতি দিব পাৰে ।

(২) সংসদে বিধিৰ দ্বাৰা অন্যথা উপবন্ধিত নকৰিলে , এই সংবিধানৰ প্ৰাৰম্ভণিৰ পৰা পােন্ধৰ বছৰ কাল সমাপ্তিৰ পাছত এই অনুচ্ছেদত “বা ইংৰাজীত” এই শব্দ দুটা লােপ হােৱাৰ নিচিনাকৈ এই অনুচ্ছেদ প্ৰভাৱী হ’ব।

অনুচ্ছেদ ১২১-সংসদত আলোচনাৰ ওপৰত নিৰ্বন্ধন: ইয়াৰ পিছত উপবন্ধিত কৰা অনুসাৰে কোনো ন্যায়াধীশক অপসাৰণ কৰিবৰ কাৰণে প্রার্থনা কৰি ৰাষ্ট্রপতিক সমাবেদন জনােৱা প্ৰস্তাৱৰ ওপৰত হােৱা আলােচনাৰ বাহিৰে উচ্চতম ন্যায়ালয়ৰ বা উচ্চ ন্যায়ালয়ৰ কোনাে ন্যায়াধীশে নিজ কর্তব্য পালন কৰােতে কৰা আচৰণ সম্পর্কে সংসদত কোনাে আলােচনা হ’ব নােৱাৰিব । 

অনুচ্ছেদ ১২২-সংসদৰ কাৰ্যবাহীৰ সম্পৰ্কত ন্যায়লয়ে তদন্ত নকৰিব:

(১) প্রক্রিয়াৰ কোনাে অভিকথিত অনিয়মিতাৰ কাৰণত সংসদৰ কোনাে কাৰ্যবাহীৰ মান্যতাৰ সম্পর্কে কোনাে আপত্তি কৰিব নােৱাৰিব। 

(২) সংসদৰ এনে কোনাে পদাধিকাৰী বা সদস্য যাৰ ওপৰত এই সংবিধানৰ দ্বাৰা অথবা অধীনত সংসদৰ প্ৰক্ৰিয়াৰ বা কাৰ্য্য-পৰিচালনাৰ বিনিয়মন কৰিবলৈ অথবা শৃঙ্খলা ৰক্ষা কৰিবলৈ ক্ষমতা ন্যস্ত কৰা হয় তেওঁ সেই ক্ষমতাবিলাক নিজে প্রয়ােগ কৰাৰ সম্পৰ্কত কোনাে ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ অধীন নহ’ব । 

তৃতীয় অধ্যায়

ৰাষ্ট্ৰপতিৰ বিধায়িনী ক্ষমতা 

অনুচ্ছেদ ১২৩- সংসদৰ বিশ্ৰান্তি কালত ৰাষ্ট্ৰপতিৰ অধ্যাদেশ প্ৰখ্যাপন কৰাৰ ক্ষমতা:

 (১) সংসদৰ উভয় সদনৰ অধিবেশন চলি থকা সময়ৰ বাহিৰে যদি কোনাে সময়ত ততালিকে কাৰ্য কৰিবলৈ প্রয়ােজন হােৱা পৰিস্থিতি বিদ্যমান বুলি ৰাষ্ট্রপতি পতিয়ন হয়, তেনেহ’লে তেওঁ এনে অধ্যাদেশ প্রখ্যাপন কৰিব পাৰে যিটোনেকি সেই পৰিস্থিতিত আৱশ্যকীয় বুলি প্রতীত হয় ।

(২) এই অনুচ্ছেদৰ অধীনত প্রখ্যাপন কৰা অধ্যাদেশ, সংসদ অধিনিয়মৰ সৈতে একে বল আৰু প্ৰভাৱ হ’ব, কিন্তু এনে প্রত্যেক অধ্যাদেশ — 

(ক) সংসদৰ উভয় সদনৰ আগত দাঙি ধৰা হ’ব আৰু সংসদ পুনঃ সমবেত হােৱাৰ ছয় সপ্তাহৰ অন্তত অথবা, সেই কাল সমাপ্তিৰ পূৰ্ব্বে উভয় সদনে ইয়াক অনুমােদন কৰি সংকল্প পাৰণ কৰিলে, তেনে সংকল্পৰ দ্বিতীয়টো পাৰিত হ’লেই প্ৰৱৰ্তনৰ সমাপ্তি ঘটিব; 

(খ) ৰাষ্ট্ৰপতিৰ দ্বাৰা যিকোনাে সময়তে প্রত্যাহৃত হ’ব পাৰিব । 

স্পষ্টীকৰণ, যেতিয়া সংসদৰ সদন কেইটা পৃথক পৃথক তাৰিখত পুনঃ সমবেত হ’বৰ কাৰণে আহৃত হয়, এই খণ্ডৰ প্রয়ােজনৰ নিমিত্তে ছয় সপ্তাহ কাল সেই তাৰিখ দুটাৰ পিচৰ তাৰিখটোৰ পৰা গণনা কৰা হ’ব । 

(৩) এই অনুচ্ছেদৰ অধীনত কৰা কোনাে অধ্যাদেশে যদি আৰু যি পৰিমাণে এনে কোনাে উপবন্ধ কৰে, যিটোনেকি এই সংবিধানৰ অধীনত সংসদে অধিনিয়মিত কৰিবলৈ সক্ষম নহয়, তেনেহ’লে সেই অধ্যাদেশ সেই পৰ্য্যন্ত বাতিল হ’ব ।

1 2 votes
Article Rating
Subscribe
Notify of
guest
0 Comments
Inline Feedbacks
View all comments

slot bet 100

rajbet

rajbet

lottoland

lottoland

dafabet

dafabet

4rabet

khelo24bet

my 11 circle apk

betway app

dafabet app

rummy gold apk

rummy wealth apk

rummy online

ipl win

0
Would love your thoughts, please comment.x
()
x